Browsing Category
অসম
বিষ্ণুজ্যোতি ফুটবল:সঞ্জীৱন সমাজ নগাঁও ফাইনেলত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭অক্টোবৰ: সঞ্জীৱন সমাজ নগাঁও দলে ছিলঙৰ আমস্নিং ইউনাইটেড ফুটবল ক্লাৱক পৰাস্ত কৰি তেজপুৰত অনুষ্ঠিত হৈ থকা বিষ্ণু জ্যোতি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা ছিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত দুয়োটা দলেই মৰণপন যুঁজ দিয়ে৷ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন গলশূন্য ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় লোৱা হয় আৰু এই পদ্ধতিৰ সহায়ত সঞ্জীৱন সমাজ নগাঁও ফুটবল একাদশে আমস্নিং ফুটবল ক্লাৱক…
তিনিচুকীয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটালে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ অক্টোবৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে আজি লাংকাচি, বজালনী আৰু নগাজানবাসী ৰাইজে একগোট হৈ ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা কিছু পৰিমাণৰ সন্দেহজনক ড্ৰাগছ, ছিৰিঞ্জ আৰু নগদ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীকেইজন ক্ৰমে ডুমডুমাৰ ৰূপাই বিজয় নগৰৰ গীত ৰঞ্জন গগৈ (১৯),…
নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি অভিনেতাজনৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক, নট সৈনিক আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ অভিনেতাজনৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি হ’ল বুলি ৰাজু সিংহ, ধনমনি দত্ত, কুকিল ৰঞ্জন হাজৰিকা আৰু…
চৰকাৰৰ বিৰুদ্ধে টিউটৰ শিক্ষকঃ শীঘ্ৰে আন্দোলনত নামিব
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ লখিমপুৰ নগৰৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উজনি অসমৰ টিউটৰ, কৰ্মচাৰীসকলৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ এই সভাতে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এই টিউটৰ শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই আন্দোলনত নমাৰ হুংকাৰ দিয়ে৷ একেদৰে শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিতো এনে শিক্ষকে এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে উজনি অসমৰ ধেমাজি, মাজুলী, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথকে ধৰি বিভিন্ন জিলাৰ টিউটৰ সকলৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰা আজিৰ এই সভাত চৰকাৰৰ বিৰুদ্ধে…
বৰেণ্য অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোকস্তব্ধ জন্মভূমি তেজপুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ অক্টোবৰঃ ৰাজ্যক চলচ্চিত্ৰ জগতৰ এগৰাকী চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যখনৰ লগতে ওপজা স্হান, সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪২ চনৰ ২ছেপ্তেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু অসমীয়া চলচ্চিত্ৰজগতৰ মহীৰূহ সদৃশ অতি জনপ্ৰিয় অভিনেতা গৰাকীয়ে জন্ম সূত্ৰেই পিতৃ মঞ্চকোঁৱৰ চন্দ্রধৰ গোস্বামীৰ জৰিয়তে যেন এক দূৰন্ত অভিনয় প্ৰতিভা লৈহে জন্ম গ্ৰহণ কৰিছিল। ৭ - ৮ বছৰ বয়সতে "লাচিত বৰফুকন" নামৰ নাটকত অভিনয় কৰি দক্ষতাৰ পৰিচয় দিয়াৰ পিছৰ পৰা যেন আৰু পিছলৈ উভতি চাব…
জীয়াভৰলীৰ প্ৰৱল খহনীয়াত জাহ গ’ল তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষাৰ জিঅ’ বেগ আঁচনি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬অক্টোবৰ: ৰঙাপৰা বিধানসভা সমষ্টিৰ চামধৰা গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত জীয়াভৰলী নৈৰ প্ৰৱল খহনীয়াই কাষৰীয়া অঞ্চল সমূহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে৷ ধাৰাবাহিকভাবে গৰাখহনীয়া অব্যাহত থকাত কোৰকানি, বিহিয়াগাঁও, চামধৰা আৰু নতুন বস্তি অঞ্চল জীয়াভৰলীত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানলৈকে ইয়াত কোনো প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ এই অঞ্চলত অব্যাহত গৰাখহনীয়াক লৈ স্হানীয় বিধায়ক কৃষ্ণ কমল তাঁতিয়েও উদাসীন ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ প্ৰনিধানযোগ্য যে,যোৱা সময়চোৱাত অব্যাহত এই খহনীয়া কালিৰে পৰা বৃদ্ধি…
বিষ্ণু-জ্যোতি সোঁৱৰণী ফুটবল কেৰালাৰ লুক্কাচকাৰ ফাইনেলত
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৬অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিঞ্চুজ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত কেৰালাৰ লুক্কা চকাৰ ক্লাৱে দমনীয় খেল প্ৰদৰ্শনৰে ফাইনেলত প্ৰৱেশ কৰিছে৷ দলটোৱে আজি ঢেকিয়াজুলি টাউন ক্লাৱক ৪-০গলৰ ব্যৱধানত পৰাভূত কৰে৷প্ৰথমাৰ্ধত দুটা আৰু দ্বিতীয়াৰ্ধত দুটাকৈ গলৰে চূড়ান্ত খেলত স্হান নিশ্চিত কৰা কেৰালাৰ লুক্কা চকাৰৰ হৈ চাহিৰ, য়াহিয়া, যশোৱা আৰু চাজ্জাদে একোটাকৈ গল স্কৰ কৰিবলৈ সক্ষম হয়
তিনিচুকীয়াত জুৱাৰীৰ আক্ৰমণত আহত আৰক্ষী : বাহন ক্ষতিগ্ৰস্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ অক্টোবৰ : এফালে অবৈধ সুৰা, নিষিদ্ধ ড্ৰাগছৰ অবাধ পয়োভৰ আৰু আনফালে দুষ্কৃতিকাৰীৰ তাণ্ডৱ ৷ অৰাজক তিনিচুকীয়া বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ নিষেধাজ্ঞা উলংঘা কৰি আতচবাজীৰ বিকট শব্দই কঁপাই থকা তিনিচুকীয়া চহৰৰ মাজমজিয়াত সৌসিদিনা হাজাৰজনৰ চকুৰ সন্মুখত অনাঅসমীয়াৰ হাতত খোদ আৰক্ষী বিষয়া চূড়ান্তভাৱে অপদস্থ হোৱাৰ পাছত এইবাৰ দেৱালীৰ নিশা জুৱাৰীৰ আক্ৰমণৰ সন্মুখীন হ’ল আৰক্ষীৰ তহলদাৰী দ’ল ৷ জানিব পৰা মতে মঙ্গলবাৰে নিশা চান্দমাৰী চাহ বাগিচাৰ পথেৰে গৈ থকাৰ সময়তে গেলাপুখুৰী আৰক্ষী…
বগীনদী উন্নয়ন খণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত এতিয়া অবাধ দু্ৰ্নীতি চলিছে৷ চৰকাৰে আগবঢ়োৱা উন্নয়নৰ ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকৈ নদীৰ কাষত গছপুলি ৰোপণৰ নামত অস্তিত্বহীন কামেৰে ইতিমধ্যে ১ লাখ ৯১ হাজাৰ টকা সৰকাই নিয়াৰ লগতে বাকী আৱণ্টিত ধন কৌশলেৰে উলিয়াই নিয়াৰ কচৰৎ অব্যাহত আছে৷ গাঁও পঞ্চায়তখনৰ অন্তৰ্গত এমৰেগা আঁচনিত এতিয়া এনে দুৰ্নীতি তথা…
তেজপুৰত নটসূৰ্য্যৰ ওপজা দিনত সমাধিত আকৰ্ষণীয় “স্মৃতি সৌধ” উদ্বোধন
তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত পৰিয়ালৰ কৃতজ্ঞতা শোণিতপুৰ জিলা প্ৰশাসনক
ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল - ঐশ্বৰ্য্য কাকতি
এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতা আৰু ফুটবল খেলুৱৈ ফণী শৰ্মাকো বিশেষ ভাবে স্মৰণ কৰিব লাগিব - পৃথ্বিৰাজ ৰাভা
সমাধিক্ষেত্ৰৰ বহুমুখী প্ৰকল্পৰ বাকী নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি সাংসদ পল্লৱলোচন দাসৰ
উত্তৰ প্ৰজন্মক অনুভৱ - অনুভূতিৰ সৈতে সংপৃক্ত হ'বলৈ এই "স্মৃতি সৌধ" বিশেষ সহায় কৰিব বুলি মন্তব্য জ্যেষ্ঠ পুত্ৰ…
