Browsing Category
অসম
নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা তেজপুৰৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ অক্টোবৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী অভিনেতা নিপন গোস্বামীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰা, পুৰোধা শিল্পী গৰাকীৰ বাসগৃহৰ কাষৰে কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থীয়ে আজি বিদ্যালয়খনতে একালৰ প্ৰাক্তন ছাত্ৰ গৰাকীক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে স্মৰণ কৰে। একালৰ ছাত্ৰ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধান শিক্ষয়িত্ৰী মামণি বৰুৱা সমন্বিতে ছয়গৰাকীকৈ শিক্ষক - শিক্ষয়িত্ৰী আৰু ৯৩ গৰাকী শিক্ষাৰ্থীৰ লগতে স্থানীয়…
তিনিচুকীয়াত নিপন গোস্বামী, নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ অক্টোবৰ : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা তিনিচুকীয়াৰ অন্যান্য সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আজি সন্ধিয়া চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এক কাৰ্য্যসূচী গ্ৰহণ কৰা হয়৷ চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তিস্থলীত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰে তিনিচুুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাই ৷ কাৰ্য্যসূচীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ,…
টেমচুলা আওৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২৮ অক্টোবৰঃ বিশিষ্ট লেখিকা, কবি তথা উ.পূ. পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী ড° টেমচুলা আওক আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ তৰফৰ পৰা স্মৰণ কৰা হয়। সেই অনুষ্ঠানৰ বাবে ইংৰাজী বিভাগৰ সৌজন্যত মহাবিদ্যালয়খনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইংৰাজী ভাষাৰ সহকাৰী অধ্যাপক ড° সত্যনাথ পেগুৱে। সভাত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড° হৰিণী পাটোৱাৰী দাসে…
তেজপুৰৰ পদুমপুখুৰীৰ দলঙৰ পৰা পানীলৈ জাঁপ মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৮অক্টোবৰ: তেজপুৰ চহৰত থকা ঐতিহ্যমণ্ডিত পদুমপুখু্ৰীৰ মাজত থকা তথা দৰ্শনাৰ্থী ফুৰিব পৰা দলংখনৰ মাজৰ পৰা আজি এগৰাকী মহিলাই পুখুৰীটোৰ পানীত জাঁপ দিয়ে৷ অৱশ্যে প্ৰত্যক্ষদৰ্শীৰ বাবে মহিলাগৰাকীৰ প্ৰাণ কোনোমতে ৰক্ষা পৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তেজপুৰৰ নেপালীপট্টিৰ বাসিন্দা মহিলাগৰাকী কিছু মানসিক উদ্বিগ্নতাত ভূগি আছে৷ ইতিমধ্যে স্বামীৰ পৰা পৃথকে থকা মহিলাগৰাকীৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকা বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে ঘৰুৱা অশান্তিৰ বাবেই তেনে পন্থা লোৱা বুলি সন্দেহ ব্যক্ত কৰে৷ উল্লেখযোগ্য যে,আজি…
নীলপৱন বৰুৱাৰ বিয়োগত তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ শোক প্ৰকাশ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৮অক্টোবৰ: অসমৰ স্বনামধন্য চিত্ৰশিল্পী তথা অদম্য প্ৰেমিক নীলপৱন বৰুৱাৰ মহাপ্ৰয়াণত তেজপুৰ আৰ্টিষ্টছ্ ফ'ৰামৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷তেজপুৰ আৰ্টিষ্টছ ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাসে গভীৰ শোক প্ৰকাশ কৰি কয় যে,দূৰন্ত প্ৰেমিক মানুহজন এগৰাকী দূৰন্ত প্ৰতিভাৰ আকৰ আছিল৷প্ৰয়াত শিল্পীজন অতি সৰলমনৰ আছিল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,জ্যেষ্ঠ আৰু নবীন সকলৰ প্ৰতি সদায়েই সুপৰামৰ্শ আগবঢ়োৱা অতি সংবেদনশীল শিল্পীজনৰ সমগ্ৰ জীৱন এক ব্যতিক্ৰম আছিল আৰু এনে ব্যতিক্ৰম কেৱল অতিমানৱৰ বাবেহে সম্ভৱ৷ অনুজ শিল্পীসকলক…
তেজপুৰত অহা ১২ নবেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৮ অক্টোবৰঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১২ নবেম্বৰত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্ৰহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক ঋণ গোচৰ, বি এচ এন এল, বিদ্যুত বিলৰ গোচৰ, শ্ৰমিক সৰ্ম্পকীয় গোচৰ ইত্যাদি গোচৰসমূহ নিষ্পত্তি কৰা হ’ব৷ উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাজত আগতীয়াকৈ আলোচনাত বহি গোচৰ নিষ্পত্তিৰ…
বিষ্ণুজ্যোতি ফুটবল:সঞ্জীৱন সমাজ নগাঁও ফাইনেলত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭অক্টোবৰ: সঞ্জীৱন সমাজ নগাঁও দলে ছিলঙৰ আমস্নিং ইউনাইটেড ফুটবল ক্লাৱক পৰাস্ত কৰি তেজপুৰত অনুষ্ঠিত হৈ থকা বিষ্ণু জ্যোতি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা ছিনিয়ৰ মাদ্ৰাছা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত দুয়োটা দলেই মৰণপন যুঁজ দিয়ে৷ তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন গলশূন্য ভাবে সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় লোৱা হয় আৰু এই পদ্ধতিৰ সহায়ত সঞ্জীৱন সমাজ নগাঁও ফুটবল একাদশে আমস্নিং ফুটবল ক্লাৱক…
তিনিচুকীয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটালে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ অক্টোবৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে আজি লাংকাচি, বজালনী আৰু নগাজানবাসী ৰাইজে একগোট হৈ ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা কিছু পৰিমাণৰ সন্দেহজনক ড্ৰাগছ, ছিৰিঞ্জ আৰু নগদ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীকেইজন ক্ৰমে ডুমডুমাৰ ৰূপাই বিজয় নগৰৰ গীত ৰঞ্জন গগৈ (১৯),…
নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত শোক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি অভিনেতাজনৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক, নট সৈনিক আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ অভিনেতাজনৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি হ’ল বুলি ৰাজু সিংহ, ধনমনি দত্ত, কুকিল ৰঞ্জন হাজৰিকা আৰু…
চৰকাৰৰ বিৰুদ্ধে টিউটৰ শিক্ষকঃ শীঘ্ৰে আন্দোলনত নামিব
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ লখিমপুৰ নগৰৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উজনি অসমৰ টিউটৰ, কৰ্মচাৰীসকলৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ এই সভাতে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এই টিউটৰ শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই আন্দোলনত নমাৰ হুংকাৰ দিয়ে৷ একেদৰে শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিতো এনে শিক্ষকে এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে উজনি অসমৰ ধেমাজি, মাজুলী, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথকে ধৰি বিভিন্ন জিলাৰ টিউটৰ সকলৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰা আজিৰ এই সভাত চৰকাৰৰ বিৰুদ্ধে…
