Browsing Category
অসম
লখিমপুৰত ভোৰতাল, দেওধনিৰ চাৰিদিনীয়া প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ , ২৬ অক্টোবৰ : লখিমপুৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ে ভোৰতাল আৰু দেওধনি নৃত্যৰ সকলোৰে বাবে মুকলি চাৰিদিনীয়া এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে নতুন শিক্ষাবৰ্ষত এটি নতুন শাখা শ্ৰেণীৰ মুকলি কৰিছে বিদ্যালয়খনিয়ে। সত্ৰীয়া সঙ্গীত শিক্ষাৰ ৪১টা বছৰ অতিক্ৰম কৰা নগৰৰ কমলাবাৰী পথস্থিত বিদ্যালয়খনিত অহা ৩০ অক্টোবৰত বিদ্যাৰম্ভেৰে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সঙ্গতি ৰাখি এই কথা প্ৰকাশ। শনি আৰু ৰবিবাৰৰ নিয়মীয়া পাঠ গ্ৰহণত অপাৰগ আগ্ৰহী সকল উপকৃত হোৱাকৈ শুক্ৰবাৰে বিয়লি ৪:৩০ বজাৰ পৰা 'খ' শাখাৰ নতুন এই নিয়মীয়া শ্ৰেণী চলিত…
ৰঙানদীত নীপকোৱে এৰা পানীয়ে উটুৱাই নিলে ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দুখনকৈ দলং
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পানীগাঁও অঞ্চলৰ নিচেই সমীপৱৰ্তী আমতলাত এতিয়া ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ নীপকোৱে ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিৰ বাবেই এই সমগ্ৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কালি নীপকোৱে ৰঙানদীত বুজন পৰিমাণৰ পানী এৰি দিয়াৰ পিছত মঙ্গলবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত খাৰকাটি-ফটাসুঁতি ঘাটৰ কাঠৰ দলংখনৰ লগতে ইয়াৰ সমীপৱৰ্তী দোৱাৰপাৰ, চেঙামাৰী, শান্তিপুৰ, খাৰকাটি আদি অঞ্চলত ৰঙানদীৰ ওপৰত থকা বহুকেইখন বাঁহৰ দলং উটুৱাই নিয়াত সমগ্ৰ অঞ্চলটোত যোগাযোগ বিছিন্ন হৈ পৰিছে৷…
বিঞ্চু জ্যোতি সোঁৱৰণী ফুটবল:সঞ্জীৱনী নগাঁও ছেমিত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেল পথাৰত অনুষ্ঠিত ২৮সংখ্যক বিষ্ণু জ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা অন্তিম খন কোৱাৰ্টাৰ ফাইনেল খেলত সঞ্জীৱন সমাজ নগাঁও একাদশে ওদালগুৰি নিউ মডেল ক্লাৱক ট্ৰাইবেকাৰৰ সহায়ত ৪-১গলৰ ব্যৱধানত পৰাস্ত কৰে৷নিৰ্দ্ধাৰিত সময়ত প্ৰতিদ্বন্দিতামূলক খেলখন ১-১গলত অমীমাংসিত ভাবে সমাপ্ত হৈছিল৷
কতীয়া বৰষুণে উৎপাদন হ্ৰাস কৰিব ধানৰ:তেজপুৰত কৃষকৰ দুচিন্তা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে পুনৰ এবাৰ বিপদত পেলাইছে ৰাজ্যৰ কৃষক সকলক৷ ৰাজ্যত অধিক পৰিমাণত হোৱা ৰঞ্জিত ধানৰ খেতি কাতি মাহৰ বৰষুণৰ ফলত ইতিমধ্যেই ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ বিভিন্ন অঞ্চলত এইবাৰ পানীৰ অভাৱতে বহু পথাৰত ধান খেতি কৰিব নোৱাৰিলে খেতিয়কে৷ ফলত বহু পথাৰ এইবাৰ ছন পৰি ৰ’ল৷ এনে অৱস্হাত যি পথাৰত কিছু ধান খেতি কৰা হৈছিল তাকে লৈ আশাত থকা খেতিয়কৰ ওপৰত ৰামটাঙোন সোধাই কালীপূজা আৰু দীপাৱলীত হোৱা নেৰানেপেৰা বৰষুণত বহুপৰিমাণৰ ধান গছ দো খাই পৰি গৈছে৷ তেজপুৰৰ এজন আদৰ্শ যুৱ…
তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪ অক্টোবৰঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত যোৱা নিশা প্ৰায় ১১-৩০বজাত তিনিটা বনৰীয়া হাতীৰ আৱিৰ্ভাৱে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে৷ বিহগুৰিৰ কমাৰচুবুৰী আৰু পিঠাখোৱা অঞ্চলত প্ৰবেশ কৰে হাতী তিনিটাই৷ পিঠাখোৱা বৰনামঘৰ সংযোগী পথৰে প্ৰৱেশ কৰা হাতী তিনিটাই স্হানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফেঞ্চিং বেকা কৰি অতিক্ৰম কৰাৰ পিছতে দুটা আৰিমৰা চাপৰিৰ দিশে আৰু আন এটা আন দিশে গতি কৰে৷ইয়াৰ উপৰি হাতী তিনিটাই অঞ্চলটোৰ এটা পৰিয়ালৰ ঘৰৰ চৌহদৰ এখন পকী দেৱালৰ এচোৱা ভাঙে৷ উল্লেখযোগ্য যে,সোণাইৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা মুঠ ১১টা…
বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী-অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ…
উন্মোচন হ'ব বৃহৎ কলেবৰৰ সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী"
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ :তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, লেখক, অভিনেতা, সুবক্তা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ অহা ২৯ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰীয়া তথা জিলাখনৰ ৰাইজে স্মৰণ কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ ২৯ অক্টোবৰৰ দিনটোত কৰনাত আক্ৰান্ত হৈ তেজপুৰ তথা ৰাজ্যখনৰ জনসাধাৰণক শোকাহত কৰি কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ সমাজ - সাংস্কৃতিক আৰু ৰাজহুৱা জীৱনৰ জনপ্ৰিয় তথা বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক প্ৰতি বছৰেই স্মৰণ…
মুক্তিৰ পূৰ্বেই তেজপুৰৰ শিৱম ক্ৰিয়েশ্যনৰ দ্বাৰা নিবেদিত চলচ্চিত্ৰ “অনুৰ” এ কঢ়িয়ালে বিশেষ সন্মান
মঞ্জুল বৰুৱা পৰিচালিত মুম্বাইৰ প্ৰসিদ্ধ ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম অভিনিত চলচ্চিত্ৰখনৰ সকলো কুশীলৱলৈ শুভেচ্ছাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্ৰিয়েচনৰ ডাঃ গোপেন্দ্ৰ মোহন দাসৰ দ্বাৰা প্ৰযোজিত বহুল চৰ্চিত "অনুৰ'ৰ এইবাৰ অফিচিয়েল চিলেকচন হৈছে ভাৰতৰ বিখ্যাত 'কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022 (International Film Festival of Kerela -IFFK2022) ত। উল্লেখ্য যে IndianCinemaNow শাখাত ভাৰতৰ বছৰটোৰ শ্ৰেষ্ঠ ৭ খন চিনেমাৰ ভিতৰত 'অনুৰ'…
অসম ৰাইফলছ চেম্পিয়ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪অক্টোবৰ: অসম ৰাইফলচ একাদশে ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিছে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ দ্বাৰা পৰিচালিত যোৱা ১৩অক্টোবৰৰ পৰা তেজপুৰ পল' গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ যোৱা নিশা চূড়ান্ত খেলখনত অসম ৰাইফলছে প্ৰত্যয়জনক বিজয় সাব্যস্ত কৰে৷ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পাঁচ সহস্ৰাধিক ফুটবল প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলখনত অসম ৰাইফলছ ফুটবল একাদশে সঞ্জীৱন সমাজ নগাওঁ ফুটবল একাদশক ৪-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন…
উত্তৰ লখিমপুৰত দেৱালীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি তৈয়াৰ কৰিব সূতা-সাৰ
উত্তৰ লখিমপুৰ, ২৪ অক্টোবৰঃ দীপাৱলীৰ উপলক্ষে বেছিভাগ হিন্দু পৰিয়ালে নিজৰ ঘৰ, কাৰ্যালয়, দোকান ফুল, চাকি, কল আৰু কলৰ পাতেৰে সজাই তোলে। দোকানৰ সন্মুখত আৰু ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কল গছ ৰখাটো উৎসৱৰ বতৰত শুভ বুলি বিবেচনা কৰা হয়। তাৰ বাবে মানুহে বহু মূল্য দি কল গছ কিনা দেখা যায়। কিন্তু পিছদিনাখনেই এই কলগছ জাবৰ-জোঁথৰৰ লগত পেলাই দিয়া হয় । প্ৰথমবাৰৰ বাবে AInA Welfare Foundation য়ে এই কলৰ আৱৰ্জনা সংগ্ৰহ কৰি ফাইবাৰ (আঁহ বা সূতা), জৈৱ সাৰ আদিলৈ ৰূপান্তৰিত কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টিৰ বাবে কিছু ব্যৱস্থা…
তেজপুৰত “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” কেন্দ্ৰৰ শুভাৰম্ভ
সজাগতাৰ অভাবৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে - মৃন্ময়ী বৰুৱা, সচিব, দ্বীপশিখা
এই কেন্দ্ৰই শোণিতপুৰৰ লগতে উত্তৰ পাৰ আৰু অৰুণাচলৰ কৰ্কটৰোগীকো উপকৃত কৰিব - দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্তশতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৩ অক্টোবৰঃ তেজপুৰত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ উদ্যোগত অচিৰেই মুকলি হ'ব "দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন" ৰ এটি কেন্দ্ৰ। উল্লেখ্য যে, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সভানেত্ৰী তথা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীৰ বিশেষ তৎপৰতাত অচিৰেই শুভাৰম্ভ হ'ব…
