Browsing Category
অসম
বৰেণ্য অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোকস্তব্ধ জন্মভূমি তেজপুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ অক্টোবৰঃ ৰাজ্যক চলচ্চিত্ৰ জগতৰ এগৰাকী চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যখনৰ লগতে ওপজা স্হান, সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪২ চনৰ ২ছেপ্তেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু অসমীয়া চলচ্চিত্ৰজগতৰ মহীৰূহ সদৃশ অতি জনপ্ৰিয় অভিনেতা গৰাকীয়ে জন্ম সূত্ৰেই পিতৃ মঞ্চকোঁৱৰ চন্দ্রধৰ গোস্বামীৰ জৰিয়তে যেন এক দূৰন্ত অভিনয় প্ৰতিভা লৈহে জন্ম গ্ৰহণ কৰিছিল। ৭ - ৮ বছৰ বয়সতে "লাচিত বৰফুকন" নামৰ নাটকত অভিনয় কৰি দক্ষতাৰ পৰিচয় দিয়াৰ পিছৰ পৰা যেন আৰু পিছলৈ উভতি চাব…
জীয়াভৰলীৰ প্ৰৱল খহনীয়াত জাহ গ’ল তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষাৰ জিঅ’ বেগ আঁচনি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬অক্টোবৰ: ৰঙাপৰা বিধানসভা সমষ্টিৰ চামধৰা গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত জীয়াভৰলী নৈৰ প্ৰৱল খহনীয়াই কাষৰীয়া অঞ্চল সমূহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে৷ ধাৰাবাহিকভাবে গৰাখহনীয়া অব্যাহত থকাত কোৰকানি, বিহিয়াগাঁও, চামধৰা আৰু নতুন বস্তি অঞ্চল জীয়াভৰলীত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও বৰ্তমানলৈকে ইয়াত কোনো প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ এই অঞ্চলত অব্যাহত গৰাখহনীয়াক লৈ স্হানীয় বিধায়ক কৃষ্ণ কমল তাঁতিয়েও উদাসীন ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ প্ৰনিধানযোগ্য যে,যোৱা সময়চোৱাত অব্যাহত এই খহনীয়া কালিৰে পৰা বৃদ্ধি…
বিষ্ণু-জ্যোতি সোঁৱৰণী ফুটবল কেৰালাৰ লুক্কাচকাৰ ফাইনেলত
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৬অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিঞ্চুজ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত কেৰালাৰ লুক্কা চকাৰ ক্লাৱে দমনীয় খেল প্ৰদৰ্শনৰে ফাইনেলত প্ৰৱেশ কৰিছে৷ দলটোৱে আজি ঢেকিয়াজুলি টাউন ক্লাৱক ৪-০গলৰ ব্যৱধানত পৰাভূত কৰে৷প্ৰথমাৰ্ধত দুটা আৰু দ্বিতীয়াৰ্ধত দুটাকৈ গলৰে চূড়ান্ত খেলত স্হান নিশ্চিত কৰা কেৰালাৰ লুক্কা চকাৰৰ হৈ চাহিৰ, য়াহিয়া, যশোৱা আৰু চাজ্জাদে একোটাকৈ গল স্কৰ কৰিবলৈ সক্ষম হয়
তিনিচুকীয়াত জুৱাৰীৰ আক্ৰমণত আহত আৰক্ষী : বাহন ক্ষতিগ্ৰস্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ অক্টোবৰ : এফালে অবৈধ সুৰা, নিষিদ্ধ ড্ৰাগছৰ অবাধ পয়োভৰ আৰু আনফালে দুষ্কৃতিকাৰীৰ তাণ্ডৱ ৷ অৰাজক তিনিচুকীয়া বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ নিষেধাজ্ঞা উলংঘা কৰি আতচবাজীৰ বিকট শব্দই কঁপাই থকা তিনিচুকীয়া চহৰৰ মাজমজিয়াত সৌসিদিনা হাজাৰজনৰ চকুৰ সন্মুখত অনাঅসমীয়াৰ হাতত খোদ আৰক্ষী বিষয়া চূড়ান্তভাৱে অপদস্থ হোৱাৰ পাছত এইবাৰ দেৱালীৰ নিশা জুৱাৰীৰ আক্ৰমণৰ সন্মুখীন হ’ল আৰক্ষীৰ তহলদাৰী দ’ল ৷ জানিব পৰা মতে মঙ্গলবাৰে নিশা চান্দমাৰী চাহ বাগিচাৰ পথেৰে গৈ থকাৰ সময়তে গেলাপুখুৰী আৰক্ষী…
বগীনদী উন্নয়ন খণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ চিয়াজুলি গাঁও পঞ্চায়তত এতিয়া অবাধ দু্ৰ্নীতি চলিছে৷ চৰকাৰে আগবঢ়োৱা উন্নয়নৰ ধন একাংশ পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ চিয়াজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকৈ নদীৰ কাষত গছপুলি ৰোপণৰ নামত অস্তিত্বহীন কামেৰে ইতিমধ্যে ১ লাখ ৯১ হাজাৰ টকা সৰকাই নিয়াৰ লগতে বাকী আৱণ্টিত ধন কৌশলেৰে উলিয়াই নিয়াৰ কচৰৎ অব্যাহত আছে৷ গাঁও পঞ্চায়তখনৰ অন্তৰ্গত এমৰেগা আঁচনিত এতিয়া এনে দুৰ্নীতি তথা…
তেজপুৰত নটসূৰ্য্যৰ ওপজা দিনত সমাধিত আকৰ্ষণীয় “স্মৃতি সৌধ” উদ্বোধন
তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত পৰিয়ালৰ কৃতজ্ঞতা শোণিতপুৰ জিলা প্ৰশাসনক
ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল - ঐশ্বৰ্য্য কাকতি
এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতা আৰু ফুটবল খেলুৱৈ ফণী শৰ্মাকো বিশেষ ভাবে স্মৰণ কৰিব লাগিব - পৃথ্বিৰাজ ৰাভা
সমাধিক্ষেত্ৰৰ বহুমুখী প্ৰকল্পৰ বাকী নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি সাংসদ পল্লৱলোচন দাসৰ
উত্তৰ প্ৰজন্মক অনুভৱ - অনুভূতিৰ সৈতে সংপৃক্ত হ'বলৈ এই "স্মৃতি সৌধ" বিশেষ সহায় কৰিব বুলি মন্তব্য জ্যেষ্ঠ পুত্ৰ…
লখিমপুৰত ভোৰতাল, দেওধনিৰ চাৰিদিনীয়া প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ , ২৬ অক্টোবৰ : লখিমপুৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ে ভোৰতাল আৰু দেওধনি নৃত্যৰ সকলোৰে বাবে মুকলি চাৰিদিনীয়া এটি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে নতুন শিক্ষাবৰ্ষত এটি নতুন শাখা শ্ৰেণীৰ মুকলি কৰিছে বিদ্যালয়খনিয়ে। সত্ৰীয়া সঙ্গীত শিক্ষাৰ ৪১টা বছৰ অতিক্ৰম কৰা নগৰৰ কমলাবাৰী পথস্থিত বিদ্যালয়খনিত অহা ৩০ অক্টোবৰত বিদ্যাৰম্ভেৰে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ সঙ্গতি ৰাখি এই কথা প্ৰকাশ। শনি আৰু ৰবিবাৰৰ নিয়মীয়া পাঠ গ্ৰহণত অপাৰগ আগ্ৰহী সকল উপকৃত হোৱাকৈ শুক্ৰবাৰে বিয়লি ৪:৩০ বজাৰ পৰা 'খ' শাখাৰ নতুন এই নিয়মীয়া শ্ৰেণী চলিত…
ৰঙানদীত নীপকোৱে এৰা পানীয়ে উটুৱাই নিলে ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দুখনকৈ দলং
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পানীগাঁও অঞ্চলৰ নিচেই সমীপৱৰ্তী আমতলাত এতিয়া ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ নীপকোৱে ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিৰ বাবেই এই সমগ্ৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কালি নীপকোৱে ৰঙানদীত বুজন পৰিমাণৰ পানী এৰি দিয়াৰ পিছত মঙ্গলবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত খাৰকাটি-ফটাসুঁতি ঘাটৰ কাঠৰ দলংখনৰ লগতে ইয়াৰ সমীপৱৰ্তী দোৱাৰপাৰ, চেঙামাৰী, শান্তিপুৰ, খাৰকাটি আদি অঞ্চলত ৰঙানদীৰ ওপৰত থকা বহুকেইখন বাঁহৰ দলং উটুৱাই নিয়াত সমগ্ৰ অঞ্চলটোত যোগাযোগ বিছিন্ন হৈ পৰিছে৷…
বিঞ্চু জ্যোতি সোঁৱৰণী ফুটবল:সঞ্জীৱনী নগাঁও ছেমিত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেল পথাৰত অনুষ্ঠিত ২৮সংখ্যক বিষ্ণু জ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা অন্তিম খন কোৱাৰ্টাৰ ফাইনেল খেলত সঞ্জীৱন সমাজ নগাঁও একাদশে ওদালগুৰি নিউ মডেল ক্লাৱক ট্ৰাইবেকাৰৰ সহায়ত ৪-১গলৰ ব্যৱধানত পৰাস্ত কৰে৷নিৰ্দ্ধাৰিত সময়ত প্ৰতিদ্বন্দিতামূলক খেলখন ১-১গলত অমীমাংসিত ভাবে সমাপ্ত হৈছিল৷
কতীয়া বৰষুণে উৎপাদন হ্ৰাস কৰিব ধানৰ:তেজপুৰত কৃষকৰ দুচিন্তা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে পুনৰ এবাৰ বিপদত পেলাইছে ৰাজ্যৰ কৃষক সকলক৷ ৰাজ্যত অধিক পৰিমাণত হোৱা ৰঞ্জিত ধানৰ খেতি কাতি মাহৰ বৰষুণৰ ফলত ইতিমধ্যেই ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ বিভিন্ন অঞ্চলত এইবাৰ পানীৰ অভাৱতে বহু পথাৰত ধান খেতি কৰিব নোৱাৰিলে খেতিয়কে৷ ফলত বহু পথাৰ এইবাৰ ছন পৰি ৰ’ল৷ এনে অৱস্হাত যি পথাৰত কিছু ধান খেতি কৰা হৈছিল তাকে লৈ আশাত থকা খেতিয়কৰ ওপৰত ৰামটাঙোন সোধাই কালীপূজা আৰু দীপাৱলীত হোৱা নেৰানেপেৰা বৰষুণত বহুপৰিমাণৰ ধান গছ দো খাই পৰি গৈছে৷ তেজপুৰৰ এজন আদৰ্শ যুৱ…
