Browsing Category

অসম

তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া তথা সামাজিক উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষাব্ৰতী প্ৰয়াত কুতুবউদ্দীন আহমদক জন্ম শতবৰ্ষত সোঁৱৰণ কৰাৰ অৰ্থে স্থানীয় গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰত আয়োজিত এই বক্তৃতানুষ্ঠানত বক্তৃতাৰ বিষয় আছিল ’বৰ্তমান শিক্ষা ব্যৱস্থা আৰু…

তেজপুৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩অক্টোবৰ: তেজপুৰ বিধানসভা সমষ্টিৰ ডেকাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাড়ীগাঁৱত সমষ্টিত স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কালি জল জীৱন মিছনৰ এখন খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ এক নম্বৰ সংমণ্ডলৰ অধীনত নিৰ্মিত দুই নম্বৰ হাড়ীগাঁও খোৱাপানী যোগান আঁচনিখন উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই জল জীৱন মিছনৰ সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷কিয়নো বিশুদ্ধ খোৱাপানীৰ সেৱনে হাড়ীগাঁওবাসীক পানীৰ পৰা হোৱা ৰোগৰ পৰা…

শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান

শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ

ভাষা এটাৰ ওপৰত আইন আধিপত্যবাদী আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয় – শংকৰ শইকীয়া

১৮৩৬ চনৰ পৰা ১৮৬ বছৰে মাত মতা অসমীয়াই নিজৰ ভাষা ৰক্ষাৰ বাবে মাত মাতিবলৈ সংকোচ কৰা উচিত নহয় উঠি অহা প্ৰজন্মক সঠিক পথ নিৰ্দেশনাৰে ভাষাৰ সুৰক্ষাৰ বাবে একত্ৰিত ভাবে আগবঢ়াই নিব লাগিব - বৃন্দাবন গোস্বামী বিশিষ্ট শিক্ষাবিদ-লেখক উত্তম চন্দ্ৰ চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়াক স্মৰণ শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৩ অক্টোবৰঃ ভাষা শিক্ষা আৰু শিক্ষাৰ মাধ্যম দুটা সম্পূৰ্ণ পৃঠক বিষয়। অন্যথা জকাইচুকীয়া অসমীয়া মাধ্যমৰ বিদ্যালয় শিক্ষা লাভ কৰি বহু কৃত্যবিদ্য অসমীয়াই ইংৰাজী ভাষাত শ্ৰেষ্ঠ গ্ৰন্হসমূহ সৃষ্টি কৰিব পাৰিলেহেঁতেন নে বুলি আজি তেজপুৰত…

দেৱালীঃ মাটিয়ে য’ত চাকি- কালীৰ ৰূপ লয়…. (ফটো সংবাদ)

দেৱালী আৰু কালীপূজাৰ প্ৰাকক্ষণত  কালী মূৰ্তিত শেষ স্পৰ্শ মৃন্ময় শিল্পীৰ, মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মহিলা শিল্পী। এই দৃশ্য বজালীৰ দেনাৰটাৰিৰ পালপাৰাৰ...আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান

গুৱাহাটী, ২২ অক্টোবৰ : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। আজি এক শোকবাৰ্তাত মন্ত্ৰী মহন্তই উল্লেখ কৰে, 'শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ বশিষ্ঠ দেৱশৰ্মাদেৱৰ বিয়োগৰ খবৰে আমাক মৰ্মাহত কৰি তুলিছে। আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক দেৱশৰ্মাদেৱে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে। অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা বিভিন্ন…

৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ “হাতীবন্ধু”

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২২ অক্টোবৰ : দেশৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু" । অহা নবেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা গোৱাত এই মহোৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে হাতী বন্ধু তথ্য চিত্ৰখন বিশ্বৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ সুখ্যাতি অৰ্জন কৰিছে। মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-MIFF, কেৰালাৰ আন্তৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ-IDSFFK , লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেল-LIFF, ৰাছিয়াৰ…

গৃহৰক্ষীৰ  ৬ মহীয়া চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক  আহ্বান

লখিমপুৰত জোৱানৰ সংবাদমেল ঃশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ অক্টোবৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ চলিত মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী জোৱানসকলৰ দৰমহা ৯০০০ টকাৰ পৰা ২৩০১০ টকালৈ বৃদ্ধি কৰাত চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই জোৱানসকলে আদৰণি আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইফালে জিলা সভাপতি ক্ষীৰোদ দত্ত, যুটীয়া সম্পাদক ডিম্বেশ্বৰ বৰা আদিয়ে সংবাদমেলত কয় যে চৰকাৰে গৃহৰক্ষী জোৱানসকলৰ চাকৰি ছমহীয়া কাৰ্যকালৰ পৰিৱৰ্তে…

তেজপুৰৰ বিহগুৰিত গঁড়ৰ চফৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি অঞ্চলত এটা গঁড়ৰ আৱিৰ্ভাৱে বৃহত্তৰ বিহগুৰি অঞ্চলত হুৱাদুৱাৰ সৃষ্টি কৰে৷ আজি দিনৰ প্ৰায় ১১বজাত ভালুকেখোৱা অঞ্চলৰ প্ৰয়াত লক্ষেশ্বৰ নাথৰ ঘৰৰ পিছফালে এটা মেৰত গঁড়টোৱে আশ্ৰয় লৈ থকা দেখা পাই পৰিয়ালটোৰ দুগৰাকী মহিলা সদস্যাই৷এই বিষয়ে বন বিভাগক খবৰ দিয়া হয়৷ ইপিনে গঁড়টোৰ অৱস্হিতিৰ বিষয়ে বিয়পি পৰাত গঁড়টো চাবলৈ বহুসংখ্যক লোকো সেই স্হানত উপস্থিত হয়৷এই পৰিস্থিতিৰ মাজতে সমীপৰে মুছলিম চুবুৰীৰ কেইজনমান যুৱক গঁড়টো চাবলৈ উপস্থিত হোৱাৰ সময়তে গঁড়টোৱে চোচা লয়৷ জনাঞ্চলত প্ৰৱেশ কৰি…

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ ফাইনেল খেল কাইলৈ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত চলি থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত খেল নিশা অনুষ্ঠিত হয় অসম ৰাইফলছ চকাৰ ফুটবল একাদশ বনাম অইল ইণ্ডিয়া দুলীয়াজানৰ মাজত।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধতে অসম ৰাইফলছ চকাৰ ফুটবল একাদশে দুলীয়াজান ফুটবল একাদশক তিনিটাকৈ গল কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ।অসম ৰাইফলছ দলৰহৈ গলকেইটা কৰে ডেভিদ লালৰিন চানাই দুটা আৰু ৰাজেন সিঙে এটা গল কৰে।বিজিত দলৰ হৈ একমাত্ৰ গলটো কৰে আক্রাং নাৰ্জাৰীয়ে। খেলখনত…