Browsing Category

অসম

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪ অক্টোবৰঃ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত যোৱা নিশা প্ৰায় ১১-৩০বজাত তিনিটা বনৰীয়া হাতীৰ আৱিৰ্ভাৱে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে৷ বিহগুৰিৰ কমাৰচুবুৰী আৰু পিঠাখোৱা অঞ্চলত প্ৰবেশ কৰে হাতী তিনিটাই৷ পিঠাখোৱা বৰনামঘৰ সংযোগী পথৰে প্ৰৱেশ কৰা হাতী তিনিটাই স্হানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফেঞ্চিং বেকা কৰি অতিক্ৰম কৰাৰ পিছতে দুটা আৰিমৰা চাপৰিৰ দিশে আৰু আন এটা আন দিশে গতি কৰে৷ইয়াৰ উপৰি হাতী তিনিটাই অঞ্চলটোৰ এটা পৰিয়ালৰ ঘৰৰ চৌহদৰ এখন পকী দেৱালৰ এচোৱা ভাঙে৷ উল্লেখযোগ্য যে,সোণাইৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা মুঠ ১১টা…

বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী-অভিনেতা গুণাকৰ দেৱগোস্বামীক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ…

উন্মোচন হ'ব বৃহৎ কলেবৰৰ সোঁৱৰণী গ্ৰন্থ - "সব্যসাচী" শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ :তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, লেখক, অভিনেতা, সুবক্তা, অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ অহা ২৯ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰীয়া তথা জিলাখনৰ ৰাইজে স্মৰণ কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ ২৯ অক্টোবৰৰ দিনটোত কৰনাত আক্ৰান্ত হৈ তেজপুৰ তথা ৰাজ্যখনৰ জনসাধাৰণক শোকাহত কৰি কায়িক ভাবে আঁতৰি যোৱা তেজপুৰৰ সমাজ - সাংস্কৃতিক আৰু ৰাজহুৱা জীৱনৰ জনপ্ৰিয় তথা বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱাক প্ৰতি বছৰেই স্মৰণ…

মুক্তিৰ পূৰ্বেই তেজপুৰৰ শিৱম ক্ৰিয়েশ্যনৰ দ্বাৰা নিবেদিত চলচ্চিত্ৰ “অনুৰ” এ কঢ়িয়ালে বিশেষ সন্মান

মঞ্জুল বৰুৱা পৰিচালিত মুম্বাইৰ প্ৰসিদ্ধ ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম অভিনিত চলচ্চিত্ৰখনৰ সকলো কুশীলৱলৈ শুভেচ্ছাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্ৰিয়েচনৰ ডাঃ গোপেন্দ্ৰ মোহন দাসৰ দ্বাৰা প্ৰযোজিত বহুল চৰ্চিত "অনুৰ'ৰ এইবাৰ অফিচিয়েল চিলেকচন হৈছে ভাৰতৰ বিখ্যাত 'কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022 (International Film Festival of Kerela -IFFK2022) ত। উল্লেখ্য যে IndianCinemaNow শাখাত ভাৰতৰ বছৰটোৰ শ্ৰেষ্ঠ ৭ খন চিনেমাৰ ভিতৰত 'অনুৰ'…

অসম ৰাইফলছ চেম্পিয়ন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪অক্টোবৰ: অসম ৰাইফলচ একাদশে ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিছে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ দ্বাৰা পৰিচালিত যোৱা ১৩অক্টোবৰৰ পৰা তেজপুৰ পল' গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ যোৱা নিশা চূড়ান্ত খেলখনত অসম ৰাইফলছে প্ৰত্যয়জনক বিজয় সাব্যস্ত কৰে৷ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পাঁচ সহস্ৰাধিক ফুটবল প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলখনত অসম ৰাইফলছ ফুটবল একাদশে সঞ্জীৱন সমাজ নগাওঁ ফুটবল একাদশক ৪-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন…

উত্তৰ লখিমপুৰত দেৱালীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি তৈয়াৰ কৰিব সূতা-সাৰ

উত্তৰ লখিমপুৰ, ২৪ অক্টোবৰঃ দীপাৱলীৰ উপলক্ষে বেছিভাগ হিন্দু পৰিয়ালে নিজৰ ঘৰ, কাৰ্যালয়, দোকান ফুল, চাকি, কল আৰু কলৰ পাতেৰে সজাই তোলে। দোকানৰ সন্মুখত আৰু ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কল গছ ৰখাটো উৎসৱৰ বতৰত শুভ বুলি বিবেচনা কৰা হয়। তাৰ বাবে মানুহে বহু মূল্য দি কল গছ কিনা দেখা যায়। কিন্তু পিছদিনাখনেই এই কলগছ জাবৰ-জোঁথৰৰ লগত পেলাই দিয়া হয় । প্ৰথমবাৰৰ বাবে AInA Welfare Foundation য়ে এই কলৰ আৱৰ্জনা সংগ্ৰহ কৰি ফাইবাৰ (আঁহ বা সূতা), জৈৱ সাৰ আদিলৈ ৰূপান্তৰিত কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টিৰ বাবে কিছু ব্যৱস্থা…

 তেজপুৰত “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” কেন্দ্ৰৰ শুভাৰম্ভ

সজাগতাৰ অভাবৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে - মৃন্ময়ী বৰুৱা, সচিব, দ্বীপশিখা এই কেন্দ্ৰই শোণিতপুৰৰ লগতে উত্তৰ পাৰ আৰু অৰুণাচলৰ কৰ্কটৰোগীকো উপকৃত কৰিব - দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্তশতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৩ অক্টোবৰঃ তেজপুৰত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ উদ্যোগত অচিৰেই মুকলি হ'ব "দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন" ৰ এটি কেন্দ্ৰ। উল্লেখ্য যে, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সভানেত্ৰী তথা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীৰ বিশেষ তৎপৰতাত অচিৰেই শুভাৰম্ভ হ'ব…

তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া তথা সামাজিক উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষাব্ৰতী প্ৰয়াত কুতুবউদ্দীন আহমদক জন্ম শতবৰ্ষত সোঁৱৰণ কৰাৰ অৰ্থে স্থানীয় গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰত আয়োজিত এই বক্তৃতানুষ্ঠানত বক্তৃতাৰ বিষয় আছিল ’বৰ্তমান শিক্ষা ব্যৱস্থা আৰু…

তেজপুৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩অক্টোবৰ: তেজপুৰ বিধানসভা সমষ্টিৰ ডেকাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাড়ীগাঁৱত সমষ্টিত স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কালি জল জীৱন মিছনৰ এখন খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ এক নম্বৰ সংমণ্ডলৰ অধীনত নিৰ্মিত দুই নম্বৰ হাড়ীগাঁও খোৱাপানী যোগান আঁচনিখন উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই জল জীৱন মিছনৰ সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷কিয়নো বিশুদ্ধ খোৱাপানীৰ সেৱনে হাড়ীগাঁওবাসীক পানীৰ পৰা হোৱা ৰোগৰ পৰা…

শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান

শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ

ভাষা এটাৰ ওপৰত আইন আধিপত্যবাদী আক্ৰমণ চলি থাকিলে ভাষাৰ বিলুপ্তি ত্বৰান্বিত হয় – শংকৰ শইকীয়া

১৮৩৬ চনৰ পৰা ১৮৬ বছৰে মাত মতা অসমীয়াই নিজৰ ভাষা ৰক্ষাৰ বাবে মাত মাতিবলৈ সংকোচ কৰা উচিত নহয় উঠি অহা প্ৰজন্মক সঠিক পথ নিৰ্দেশনাৰে ভাষাৰ সুৰক্ষাৰ বাবে একত্ৰিত ভাবে আগবঢ়াই নিব লাগিব - বৃন্দাবন গোস্বামী বিশিষ্ট শিক্ষাবিদ-লেখক উত্তম চন্দ্ৰ চেতিয়া আৰু পূণ্যপ্ৰভা চেতিয়াক স্মৰণ শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৩ অক্টোবৰঃ ভাষা শিক্ষা আৰু শিক্ষাৰ মাধ্যম দুটা সম্পূৰ্ণ পৃঠক বিষয়। অন্যথা জকাইচুকীয়া অসমীয়া মাধ্যমৰ বিদ্যালয় শিক্ষা লাভ কৰি বহু কৃত্যবিদ্য অসমীয়াই ইংৰাজী ভাষাত শ্ৰেষ্ঠ গ্ৰন্হসমূহ সৃষ্টি কৰিব পাৰিলেহেঁতেন নে বুলি আজি তেজপুৰত…