Browsing Category

অসম

দেৱালীঃ মাটিয়ে য’ত চাকি- কালীৰ ৰূপ লয়…. (ফটো সংবাদ)

দেৱালী আৰু কালীপূজাৰ প্ৰাকক্ষণত  কালী মূৰ্তিত শেষ স্পৰ্শ মৃন্ময় শিল্পীৰ, মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মহিলা শিল্পী। এই দৃশ্য বজালীৰ দেনাৰটাৰিৰ পালপাৰাৰ...আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান

গুৱাহাটী, ২২ অক্টোবৰ : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। আজি এক শোকবাৰ্তাত মন্ত্ৰী মহন্তই উল্লেখ কৰে, 'শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ বশিষ্ঠ দেৱশৰ্মাদেৱৰ বিয়োগৰ খবৰে আমাক মৰ্মাহত কৰি তুলিছে। আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক দেৱশৰ্মাদেৱে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে। অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা বিভিন্ন…

৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ “হাতীবন্ধু”

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২২ অক্টোবৰ : দেশৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু" । অহা নবেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা গোৱাত এই মহোৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে হাতী বন্ধু তথ্য চিত্ৰখন বিশ্বৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ সুখ্যাতি অৰ্জন কৰিছে। মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-MIFF, কেৰালাৰ আন্তৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ-IDSFFK , লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেল-LIFF, ৰাছিয়াৰ…

গৃহৰক্ষীৰ  ৬ মহীয়া চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক  আহ্বান

লখিমপুৰত জোৱানৰ সংবাদমেল ঃশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ অক্টোবৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ চলিত মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী জোৱানসকলৰ দৰমহা ৯০০০ টকাৰ পৰা ২৩০১০ টকালৈ বৃদ্ধি কৰাত চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই জোৱানসকলে আদৰণি আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইফালে জিলা সভাপতি ক্ষীৰোদ দত্ত, যুটীয়া সম্পাদক ডিম্বেশ্বৰ বৰা আদিয়ে সংবাদমেলত কয় যে চৰকাৰে গৃহৰক্ষী জোৱানসকলৰ চাকৰি ছমহীয়া কাৰ্যকালৰ পৰিৱৰ্তে…

তেজপুৰৰ বিহগুৰিত গঁড়ৰ চফৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি অঞ্চলত এটা গঁড়ৰ আৱিৰ্ভাৱে বৃহত্তৰ বিহগুৰি অঞ্চলত হুৱাদুৱাৰ সৃষ্টি কৰে৷ আজি দিনৰ প্ৰায় ১১বজাত ভালুকেখোৱা অঞ্চলৰ প্ৰয়াত লক্ষেশ্বৰ নাথৰ ঘৰৰ পিছফালে এটা মেৰত গঁড়টোৱে আশ্ৰয় লৈ থকা দেখা পাই পৰিয়ালটোৰ দুগৰাকী মহিলা সদস্যাই৷এই বিষয়ে বন বিভাগক খবৰ দিয়া হয়৷ ইপিনে গঁড়টোৰ অৱস্হিতিৰ বিষয়ে বিয়পি পৰাত গঁড়টো চাবলৈ বহুসংখ্যক লোকো সেই স্হানত উপস্থিত হয়৷এই পৰিস্থিতিৰ মাজতে সমীপৰে মুছলিম চুবুৰীৰ কেইজনমান যুৱক গঁড়টো চাবলৈ উপস্থিত হোৱাৰ সময়তে গঁড়টোৱে চোচা লয়৷ জনাঞ্চলত প্ৰৱেশ কৰি…

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ ফাইনেল খেল কাইলৈ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত চলি থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত খেল নিশা অনুষ্ঠিত হয় অসম ৰাইফলছ চকাৰ ফুটবল একাদশ বনাম অইল ইণ্ডিয়া দুলীয়াজানৰ মাজত।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধতে অসম ৰাইফলছ চকাৰ ফুটবল একাদশে দুলীয়াজান ফুটবল একাদশক তিনিটাকৈ গল কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ।অসম ৰাইফলছ দলৰহৈ গলকেইটা কৰে ডেভিদ লালৰিন চানাই দুটা আৰু ৰাজেন সিঙে এটা গল কৰে।বিজিত দলৰ হৈ একমাত্ৰ গলটো কৰে আক্রাং নাৰ্জাৰীয়ে। খেলখনত…

তেজপুৰত হেৰ’ইন সহ এজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ২১ অক্টোবৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি সন্ধিয়া বাৰঘাট থানাৰ অন্তৰ্গত ৰূপকুৰীয়া গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ এজন লোকক গ্ৰেপ্তাৰ কৰে৷ স্হানীয় বৰঘাট আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত উমৰ আলি(৩০) নামৰ  যুৱকজনৰ ঘৰত অভিযান চলাই খেৰৰ মেজিৰ তলত গোপনে ৰখা ১৮ টা হেৰ’ইন সহ প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উমৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

তেজপুৰত ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” আৰু কলাগুৰুৰ সমাধি “সমন্বয় ক্ষেত্ৰ” পৰ্যবেক্ষণ সাংস্কৃতিক মন্ত্ৰী বিমল…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱা আদি জাতীয় জীৱনৰ পুৰোধা শিল্পীসকলৰ অনুভৱ-অনুভূতি আৰু জীৱনাদৰ্শক সকলো লোকে হৃদয়ংগম কৰিব পৰাকৈ বৰ্তমানৰ চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এনে লোকসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ চৰকাৰে কোনো কাৰণে ধনৰ কথা নভবাকৈ সকলো ক্ষেত্ৰতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰে অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণ সূচীৰে কালিয়েই তেজপুৰত উপস্থিত…

তেজপুৰত গণিত শিক্ষায়তনৰ বিশেষ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ অসম  গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সহযোগত অসম গণিত শিক্ষানুষ্ঠানে ‘গণিত প্ৰসাৰ অভিযান’ৰ কালি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় প্ৰাঙ্গনত শুভাৰম্ভ কৰে৷ বিদ্যালয়ৰ অধ্যক্ষা ভাৰতী দাসে ‘গণিত প্ৰসাৰ অভিযান’ উদ্বোধন কৰি এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল গণিত বিষয়ৰ প্ৰতি বিশেষভাবে আকৰ্ষিত হ’ব বুলি কয়৷ গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে- ‘গণিত প্ৰসাৰ অভিযান’ এই বিদ্যালয়ত আৰম্ভ কৰি ক্ৰমান্বয়ে জিলাখনৰ প্ৰতিখন…

তেজপুৰৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনত চিণ্ডিকেট

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১অক্টোবৰ: তেজপুৰৰ ডেকাৰগাঁও ৰে’লষ্টেচনত যোৱা দীঘলীয়া সময়চোৱাত চলি আহিছে এক চিণ্ডিকেট৷একোখন ছয় চকীয়া ট্ৰাকে প্ৰতিবাৰ সামগ্ৰী কঢ়িওৱাৰ সময়ত এই চিণ্ডিকেট চক্ৰটোক আদায় দিব লাগে এহেজাৰ টকা আৰু সৰু সৰু বাহন সমূহে এবাৰত আদায় দিব লাগে তিনিশ টকা৷ আনহাতে এইদৰে অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰ পথ সুগম কৰিবৰ বাবেই এই চক্ৰটোৱে আনকি ইয়াত বাধা আৰোপ কৰা লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাই নহয় আৰক্ষীৰ সহায়ত তেনে লোকক বিপদত পেলোৱাৰো ফন্দী কৰাৰ অভিযোগ উঠি আহিছে৷ উল্লেখযোগ্য যে,ডেকাৰ গাঁও ৰে’ল ষ্টেচনত চলা এই অবাধ চিণ্ডিকেটৰ আঁৰত তেজপুৰ…