Browsing Category

অসম

তেজপুৰত হেৰ’ইন সহ এজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ২১ অক্টোবৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি সন্ধিয়া বাৰঘাট থানাৰ অন্তৰ্গত ৰূপকুৰীয়া গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ এজন লোকক গ্ৰেপ্তাৰ কৰে৷ স্হানীয় বৰঘাট আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত উমৰ আলি(৩০) নামৰ  যুৱকজনৰ ঘৰত অভিযান চলাই খেৰৰ মেজিৰ তলত গোপনে ৰখা ১৮ টা হেৰ’ইন সহ প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উমৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

তেজপুৰত ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” আৰু কলাগুৰুৰ সমাধি “সমন্বয় ক্ষেত্ৰ” পৰ্যবেক্ষণ সাংস্কৃতিক মন্ত্ৰী বিমল…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱা আদি জাতীয় জীৱনৰ পুৰোধা শিল্পীসকলৰ অনুভৱ-অনুভূতি আৰু জীৱনাদৰ্শক সকলো লোকে হৃদয়ংগম কৰিব পৰাকৈ বৰ্তমানৰ চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এনে লোকসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ চৰকাৰে কোনো কাৰণে ধনৰ কথা নভবাকৈ সকলো ক্ষেত্ৰতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰে অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণ সূচীৰে কালিয়েই তেজপুৰত উপস্থিত…

তেজপুৰত গণিত শিক্ষায়তনৰ বিশেষ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ অসম  গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সহযোগত অসম গণিত শিক্ষানুষ্ঠানে ‘গণিত প্ৰসাৰ অভিযান’ৰ কালি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় প্ৰাঙ্গনত শুভাৰম্ভ কৰে৷ বিদ্যালয়ৰ অধ্যক্ষা ভাৰতী দাসে ‘গণিত প্ৰসাৰ অভিযান’ উদ্বোধন কৰি এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল গণিত বিষয়ৰ প্ৰতি বিশেষভাবে আকৰ্ষিত হ’ব বুলি কয়৷ গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সম্পাদিকা অনামিকা গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে- ‘গণিত প্ৰসাৰ অভিযান’ এই বিদ্যালয়ত আৰম্ভ কৰি ক্ৰমান্বয়ে জিলাখনৰ প্ৰতিখন…

তেজপুৰৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনত চিণ্ডিকেট

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১অক্টোবৰ: তেজপুৰৰ ডেকাৰগাঁও ৰে’লষ্টেচনত যোৱা দীঘলীয়া সময়চোৱাত চলি আহিছে এক চিণ্ডিকেট৷একোখন ছয় চকীয়া ট্ৰাকে প্ৰতিবাৰ সামগ্ৰী কঢ়িওৱাৰ সময়ত এই চিণ্ডিকেট চক্ৰটোক আদায় দিব লাগে এহেজাৰ টকা আৰু সৰু সৰু বাহন সমূহে এবাৰত আদায় দিব লাগে তিনিশ টকা৷ আনহাতে এইদৰে অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰ পথ সুগম কৰিবৰ বাবেই এই চক্ৰটোৱে আনকি ইয়াত বাধা আৰোপ কৰা লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাই নহয় আৰক্ষীৰ সহায়ত তেনে লোকক বিপদত পেলোৱাৰো ফন্দী কৰাৰ অভিযোগ উঠি আহিছে৷ উল্লেখযোগ্য যে,ডেকাৰ গাঁও ৰে’ল ষ্টেচনত চলা এই অবাধ চিণ্ডিকেটৰ আঁৰত তেজপুৰ…

লখিমপুৰলৈ ৰেলেৰে সৰবৰাহ হয় ড্ৰাগছ-গাঞ্জা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাই চৌদিশ ছানি ধৰিছে৷ এনে বৰবিহৰ কবলত পৰি অকালতে বহু নৱ প্ৰজন্ম যুৱকে প্ৰাণ হেৰুৱাৰ লগতে বহু পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিছে৷ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰখনতো এনে বৰবিহে ছানি ধৰিছে৷ ইমানৰ পিছতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাতো লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে৷ ড্ৰাগছ আসক্ত যুৱকৰ সন্ত্ৰাসে লখিমপুৰ নগৰৰ বিভিন্ন পৰিয়াললৈ অশান্তি কঢিয়াই অনাৰ বিষয়ে জানিব পৰা গৈছে৷ এনে দুৰ্ভগীয়া অভিভাৱকে এতিয়া…

ওপজা দিনত নিজে গঢ়ি তোলা অনুষ্ঠানক সভাকক্ষ প্ৰদান কৰি বদান্যতাৰ পৰিচয় বিশিষ্ট লেখিকা – শিক্ষাবিদ ড° স্বাধীনতা মহন্তৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ অক্টোবৰ , ২১ অক্টোবৰ : বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক, লেখিকা ড° স্বাধীনতা মহন্তৰ ৭২ সংখ্যক ওপজা দিনত লেখিকা গৰাকীয়ে বদান্যতাৰ পৰিচয় দি নিজে গঢ় দিয়া তেজপুৰৰ সামাজিক - সংস্কৃতিক আৰু সাহিত্যৰ অনুষ্ঠান "সুদৰ্শন অসম"ৰ বাবে এক সভাগৃহ অৰ্পণ কৰে কালি ওপজা দিনৰ বৰ্ণাঢ্য এক অনুষ্ঠানত। উল্লেখ্য যে, কালি বিশিষ্ট সাহিত্যিক গৰাকীৰ ওপজা দিনটোতে 'সুদৰ্শন অসম'ৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি নৱনিৰ্মিত এই সভাঘৰটি শুভাৰম্ভ কৰা হয়। তেজপুৰৰ প্ৰায়সমূহ অনুষ্ঠানৰে মাৰ্গদৰ্শনকাৰী স্বৰূপা, বহু দৰঙিয়ানৰ…

ব্ৰজাৱলী ভাষাৰ সন্দৰ্ভত কৰ্মশালাৰ প্ৰস্তুতি 

গুৱাহাটী,২১ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২০ আৰু ২১ নৱেম্বৰত শংকৰী সংস্কৃতিত শুদ্ধৰূপত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদেও এই কৰ্মশালাত সহযোগিতা আগবঢ়াব। পূৰ্বে কৰ্মশালাখন জুলাই মাহত অনুষ্ঠিত কৰা কথা আছিল । কৰ্মশালাত ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ…

লখিমপুৰ মেডিকেল কলেজত পাৰ্কিং মাছুল সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ  সম্পূৰ্ণ অগণতান্ত্ৰিক ভাৱে জনবিৰোধী নীতিৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল চৌহদত পাৰ্কিং কৰ সংগ্ৰহ কৰা কাৰ্যই লখিমপুৰবাসীক স্তম্ভিত কৰি তুলিছে৷ যাৰ বাবে বৃহস্পতিবাৰ আৰু আজি শুক্ৰবাৰে মেডিকেল কলেজ চৌহদত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়৷ উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজ কতৃৰ্পক্ষই চিকিৎসা মহাবিদ্যালয়খনত পাৰ্কিঙৰ বাবে প্ৰতিঘণ্টাত গধুৰ যানবাহনৰ বিপৰীতে ৩০ টকা, সৰু চাৰিচকীয়া বাহনৰ বিপৰীতে ২০ টকা, টেম্পু, ই ৰিস্কা আদিৰ বিপৰীতে ১০ টকা, মটৰ চাইকেলৰ বিপৰীতে ৫টকা ধাৰ্য কৰি কৰ সংগ্ৰহ কৰা কাৰ্যত জাঙোৰ…

দেশৰ বিভিন্ন আই আই টিত লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড শিক্ষানুষ্ঠানৰ সাতজনকৈ ছাত্ৰৰ স্থান লাভঃ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰৰ অন্যতম শিক্ষানুষ্ঠান ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবাৰ সাতজনকৈ ছাত্ৰই দেশৰ আগশাৰীৰ বিভিন্ন আই আই টি শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আনন্দ উল্লাসৰ সৃষ্টি হয়৷ যাৰবাবে নগৰখনৰ খেলমাটিস্থ শিক্ষানুষ্ঠানখনত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে ড° গোলোক চন্দ্ৰ দত্তই৷ বিদ্যালয়খনৰ অধ্যক্ষ উদয় গগৈয়ে সৰ্বাংগ সুন্দৰকৈ আঁতধৰা আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ…

গৰ্ভতে মৃত্যু হৈছে ৪৯টা শিশুৰ: স্বাস্থ্য ক্ষণ্ডৰ উন্নয়নৰ বিপৰীত ছবি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০অক্টোবৰ: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা দুটা মাহত ৪৯টা মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩টা নৱজাতকৰ জন্মৰ পাছতে মৃত্যু ঘটিছে৷ উল্লেখযোগ্য যে,দুটা মাহত এই ৬২টা নৱজাতকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মৃত্যু হোৱাৰ সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই প্ৰকাশ কৰা মন্তব্যই ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে৷ উল্লেখযোগ্য যে,চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভৰ্তি হোৱা ৪৯গৰাকী প্ৰসূতিৰ সন্তানৰ গৰ্ভতে মৃত্যু হৈছিল বুলি কয় হাজৰিকাই৷এই…