Browsing Category

অসম

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সংহতি দিৱস পালন

উত্তৰ লখিমপুৰঃ ২০ অক্টোবৰঃ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ ঘটনাৰ উপলক্ষে ৰাষ্ট্ৰীয় সংহতি দিৱস আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ সমন্বয়ক অধ্যাপক পংকজ লোচন দাসে। সভাত ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত প্ৰাণ ত্যাগ কৰা সৈনিক সকলৰ সন্মানৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ১৯৬২ চনৰ যুদ্ধৰ এখন তথ্যচিত্ৰও সেই উপলক্ষে মহাবিদ্যালয়খনত প্ৰদৰ্শন কৰা…

লখিমপুৰত দিব্যাংগ শিশুৱে প্ৰস্তুত কৰিছে মম, চাকি, ফুলদানি

উত্তৰ লখিমপুৰ ২০ অক্টোবৰঃ  লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলৰ বাবে ৭দিনীয়া এক প্ৰাক কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়।উক্ত প্ৰশিক্ষণত ২০ জন দিব্যাঙ্গ শিশুক মমবাটি প্ৰস্তুত,মাটিৰ চাকি প্ৰস্তুত ,ফুলদানি প্ৰস্তুত আদি প্ৰশিক্ষণ প্ৰদান কৰা হয়।দিনৰ ১বজাত অনুস্থিত উদ্বোধনী সভাখনি কৰে বিদালয় সমূহৰ সহ পৰিদৰ্শক ইজাজুল হুছেইনে ।অতিথি হিচাপে উপস্থিত থাকি জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়া,জিলা প্ৰৱন্ধক…

শীঘ্ৰেই পুনৰ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি

তেজপুৰ,২০অক্টোবৰ: “লাচিত বৰফুকনেই এগৰাকী বীৰ, যি গৰাকী বীৰৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। যি গৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে৷ সাহস দিছে জীৱন যুদ্ধত৷ প্ৰত্যাহবানৰ আগত থিয় হ'বলৈ আমাক সাহস দিছে৷ তেনে এগৰাকী বীৰৰ প্ৰাসংগিকতা সমগ্ৰ দেশতে আছে, তাক আমি তুলি ধৰিবলৈ অসম চৰকাৰৰ উদ্যোগত লাচিতৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত আয়োজন কৰা হৈছে।--”এই মন্তব্য ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণসূচী লৈ তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে লগতে কয় যে - ছাত্ৰ ছাত্ৰী সকলে যাতে…

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেজপুৰৰ খেলুৱৈৰ ৰূপৰ পদক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ নতুন দিল্লীৰ খেলগাওঁ শ্রীফট ষ্টেডিয়ামত মোৱা ১৭ অক্টোবৰৰ পৰা চলি থকা কেন্দ্রীয় বিদ্যালয় (কে ভি) ৰাষ্ট্রীয় প্রতিযোগিতাত গুৱাহাটী মণ্ডলৰ পৰা অংশ গ্রহণ কৰা এভিলিন ভড়ালী আৰু ত্রিভায়ান ৰাজ বৰাই অনুৰ্ধ ১৭ বছৰ বিভাগৰ দলগত শাখাত((বডমিণ্টন) ৰূপৰ পদক পাবলৈ সক্ষম হয়। দুয়োগৰাকী খেলুৱৈ তেজপুৰস্থিত কেন্দ্রীয় বিদ্যালয় (১নং)ৰ ছাত্র আৰু তেজপুৰ জিলা ক্রীড়া সন্থাৰ নিয়মীয়া খেলুৱৈ।

আই আই টিত মৃত্যু তিনিচুকীয়াৰ ফাইজানৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ সন্থা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক স্মাৰক-পত্ৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাই সমগ্ৰ ঘটনাটো ৰহস্যজনক বুলি উল্লেখ কৰাৰ লগতে মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে ফাদিল কৰি তেওঁক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় ৷ উল্লেখ্য যে খড়গপুৰ আই আই টিৰ কম্পিউটাৰ ছায়েঞ্চ বিভাগৰ তৃতীয়…

তিনিচুকীয়াত ড্ৰাগছসহ ধৃত সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : তিনিচুকীয়া আৰক্ষীয়ে আজি গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত এক অভিযান চলাই চহৰখনৰ পৰ্বতীয়া অঞ্চলৰ পৰা মনোজ মল্লিক (৩৫) নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ সন্দেহত আটক কৰে । ধৃত সৰবৰাহকাৰী মল্লিকৰ পৰা অভিযানকাৰী আৰক্ষীয়ে প্ৰায় ১৬.৫ গ্ৰাম সন্দেহজনক ড্ৰাগছসহ নগদ ১২,৫০০ টকা, সোণ আৰু ৰূপৰ দুডাল চেইন জব্দ কৰে । ড্ৰাগছ ক্ৰয় কৰাৰ বিনিময়ত কোনো লোকে সৰবৰাহকাৰী মল্লিকক সোণ আৰু ৰূপৰ চেইন দুডাল দিয়া বুলি সন্দেহ কৰা হৈছে । সম্প্ৰতি তিনিচুকীয়া সদৰ আৰক্ষীয়ে ধৃত মল্লিকক অধিক তথ্যৰ বাবে জেৰা চলাই আছে ।

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

জামুগুৰিহাট : ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰণৰ গোচৰত অভিযুক্ত জাগিৰ আলি ৷ চতিয়াৰ চৰাইজনীয়া গাঁৱৰ এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত জাগিৰ ৷ দীৰ্ঘদিন ধৰি পলাই আছিল জাগিৰ ৷ আৰক্ষীয়ে গুলী চালনা কৰাৰ বাবেই অৱশেষত নিজকে ধৰা দিয়ে জাগিৰে ৷

আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয় বিজয়ী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ২০ অক্টোবৰ : টি এম পি কে লখিমপুৰ জিলা সমিতিৰ কাঙ্কিন কেবাং উদযাপনৰ সোণালী জয়ন্তী উপলক্ষে উত্তৰ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত যোৱা ১৮ অক্টোবৰ মঙ্গলবাৰে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ লখিমপুৰ খগাস্থিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ে বিজয়ী সন্মান বুটলিবলৈ সক্ষম হৈছে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত চূড়ান্ত প্ৰতিযোগিতাখনত নাওবৈছা মহাবিদ্যালয়ক ২-১গলত পৰাস্ত কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত তেলাহী তুৱাৰাম নাথ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহক লৈ ব্যাপক প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২০ অক্টোবৰ ; লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিংৰ নামত হাস্পতালৰ চৌহদৰ বিভিন্ন এলেকাত গুৱাহাটীস্থিত চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীয়ে মাচুল সংগ্ৰহক কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত কোম্পানীটোৰ জৰিয়তে অসম চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদৰ গেটৰ সন্মুখত হাস্পতাললৈ অহা যোৱা কৰা ৰোগী আৰু ৰোগী কঢ়িওৱা গাড়ীৰ পৰা পাৰ্কিঙৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে । চিকিৎসালয়ত এনেদৰে মাছুল সংগ্ৰহ কৰা কাৰ্যক অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সচিব অনুপম শইকীয়াই গৰিহণা…

বিষ্ণু জ্যোতি ফুটবল

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নাম ছামধৰা ছিনিয়া মাদ্রাছা হাইস্কুল খেল পথাৰ চলি থকা বিষ্ণু জ্যোতি প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত দ্বিতীয়খন কোৱাটাৰ ফাইনেল খেলত ঢেকিয়াজুলি ফুটবল একাদশে মৰিগাঁৱৰ জালুগুটি ফুটবল একাদশক ২-০ গলত পৰাস্ত কৰি ছেমি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। ঢেকিয়াজুলী দलৰ হৈ গল দুটা কৰে ক্রমে প্রসেন দৈমাৰী আৰু জেহেরুল ইছলামে।