Browsing Category
অসম
লখিমপুৰলৈ ৰেলেৰে সৰবৰাহ হয় ড্ৰাগছ-গাঞ্জা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাই চৌদিশ ছানি ধৰিছে৷ এনে বৰবিহৰ কবলত পৰি অকালতে বহু নৱ প্ৰজন্ম যুৱকে প্ৰাণ হেৰুৱাৰ লগতে বহু পৰিয়ালৰ জীৱনলৈ অমানিশা নমাই আনিছে৷ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰখনতো এনে বৰবিহে ছানি ধৰিছে৷ ইমানৰ পিছতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাতো লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে৷ ড্ৰাগছ আসক্ত যুৱকৰ সন্ত্ৰাসে লখিমপুৰ নগৰৰ বিভিন্ন পৰিয়াললৈ অশান্তি কঢিয়াই অনাৰ বিষয়ে জানিব পৰা গৈছে৷ এনে দুৰ্ভগীয়া অভিভাৱকে এতিয়া…
ওপজা দিনত নিজে গঢ়ি তোলা অনুষ্ঠানক সভাকক্ষ প্ৰদান কৰি বদান্যতাৰ পৰিচয় বিশিষ্ট লেখিকা – শিক্ষাবিদ ড° স্বাধীনতা মহন্তৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ অক্টোবৰ , ২১ অক্টোবৰ : বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক, লেখিকা ড° স্বাধীনতা মহন্তৰ ৭২ সংখ্যক ওপজা দিনত লেখিকা গৰাকীয়ে বদান্যতাৰ পৰিচয় দি নিজে গঢ় দিয়া তেজপুৰৰ সামাজিক - সংস্কৃতিক আৰু সাহিত্যৰ অনুষ্ঠান "সুদৰ্শন অসম"ৰ বাবে এক সভাগৃহ অৰ্পণ কৰে কালি ওপজা দিনৰ বৰ্ণাঢ্য এক অনুষ্ঠানত। উল্লেখ্য যে, কালি বিশিষ্ট সাহিত্যিক গৰাকীৰ ওপজা দিনটোতে 'সুদৰ্শন অসম'ৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি নৱনিৰ্মিত এই সভাঘৰটি শুভাৰম্ভ কৰা হয়। তেজপুৰৰ প্ৰায়সমূহ অনুষ্ঠানৰে মাৰ্গদৰ্শনকাৰী স্বৰূপা, বহু দৰঙিয়ানৰ…
ব্ৰজাৱলী ভাষাৰ সন্দৰ্ভত কৰ্মশালাৰ প্ৰস্তুতি
গুৱাহাটী,২১ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২০ আৰু ২১ নৱেম্বৰত শংকৰী সংস্কৃতিত শুদ্ধৰূপত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদেও এই কৰ্মশালাত সহযোগিতা আগবঢ়াব। পূৰ্বে কৰ্মশালাখন জুলাই মাহত অনুষ্ঠিত কৰা কথা আছিল । কৰ্মশালাত ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ…
লখিমপুৰ মেডিকেল কলেজত পাৰ্কিং মাছুল সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ সম্পূৰ্ণ অগণতান্ত্ৰিক ভাৱে জনবিৰোধী নীতিৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতাল চৌহদত পাৰ্কিং কৰ সংগ্ৰহ কৰা কাৰ্যই লখিমপুৰবাসীক স্তম্ভিত কৰি তুলিছে৷ যাৰ বাবে বৃহস্পতিবাৰ আৰু আজি শুক্ৰবাৰে মেডিকেল কলেজ চৌহদত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়৷ উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজ কতৃৰ্পক্ষই চিকিৎসা মহাবিদ্যালয়খনত পাৰ্কিঙৰ বাবে প্ৰতিঘণ্টাত গধুৰ যানবাহনৰ বিপৰীতে ৩০ টকা, সৰু চাৰিচকীয়া বাহনৰ বিপৰীতে ২০ টকা, টেম্পু, ই ৰিস্কা আদিৰ বিপৰীতে ১০ টকা, মটৰ চাইকেলৰ বিপৰীতে ৫টকা ধাৰ্য কৰি কৰ সংগ্ৰহ কৰা কাৰ্যত জাঙোৰ…
দেশৰ বিভিন্ন আই আই টিত লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড শিক্ষানুষ্ঠানৰ সাতজনকৈ ছাত্ৰৰ স্থান লাভঃ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰৰ অন্যতম শিক্ষানুষ্ঠান ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবাৰ সাতজনকৈ ছাত্ৰই দেশৰ আগশাৰীৰ বিভিন্ন আই আই টি শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আনন্দ উল্লাসৰ সৃষ্টি হয়৷ যাৰবাবে নগৰখনৰ খেলমাটিস্থ শিক্ষানুষ্ঠানখনত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে ড° গোলোক চন্দ্ৰ দত্তই৷ বিদ্যালয়খনৰ অধ্যক্ষ উদয় গগৈয়ে সৰ্বাংগ সুন্দৰকৈ আঁতধৰা আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ…
গৰ্ভতে মৃত্যু হৈছে ৪৯টা শিশুৰ: স্বাস্থ্য ক্ষণ্ডৰ উন্নয়নৰ বিপৰীত ছবি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০অক্টোবৰ: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা দুটা মাহত ৪৯টা মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩টা নৱজাতকৰ জন্মৰ পাছতে মৃত্যু ঘটিছে৷ উল্লেখযোগ্য যে,দুটা মাহত এই ৬২টা নৱজাতকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মৃত্যু হোৱাৰ সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই প্ৰকাশ কৰা মন্তব্যই ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে৷ উল্লেখযোগ্য যে,চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভৰ্তি হোৱা ৪৯গৰাকী প্ৰসূতিৰ সন্তানৰ গৰ্ভতে মৃত্যু হৈছিল বুলি কয় হাজৰিকাই৷এই…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সংহতি দিৱস পালন
উত্তৰ লখিমপুৰঃ ২০ অক্টোবৰঃ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ ঘটনাৰ উপলক্ষে ৰাষ্ট্ৰীয় সংহতি দিৱস আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ সমন্বয়ক অধ্যাপক পংকজ লোচন দাসে। সভাত ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত প্ৰাণ ত্যাগ কৰা সৈনিক সকলৰ সন্মানৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ১৯৬২ চনৰ যুদ্ধৰ এখন তথ্যচিত্ৰও সেই উপলক্ষে মহাবিদ্যালয়খনত প্ৰদৰ্শন কৰা…
লখিমপুৰত দিব্যাংগ শিশুৱে প্ৰস্তুত কৰিছে মম, চাকি, ফুলদানি
উত্তৰ লখিমপুৰ ২০ অক্টোবৰঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলৰ বাবে ৭দিনীয়া এক প্ৰাক কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়।উক্ত প্ৰশিক্ষণত ২০ জন দিব্যাঙ্গ শিশুক মমবাটি প্ৰস্তুত,মাটিৰ চাকি প্ৰস্তুত ,ফুলদানি প্ৰস্তুত আদি প্ৰশিক্ষণ প্ৰদান কৰা হয়।দিনৰ ১বজাত অনুস্থিত উদ্বোধনী সভাখনি কৰে বিদালয় সমূহৰ সহ পৰিদৰ্শক ইজাজুল হুছেইনে ।অতিথি হিচাপে উপস্থিত থাকি জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়া,জিলা প্ৰৱন্ধক…
শীঘ্ৰেই পুনৰ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি
তেজপুৰ,২০অক্টোবৰ: “লাচিত বৰফুকনেই এগৰাকী বীৰ, যি গৰাকী বীৰৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। যি গৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে৷ সাহস দিছে জীৱন যুদ্ধত৷ প্ৰত্যাহবানৰ আগত থিয় হ'বলৈ আমাক সাহস দিছে৷ তেনে এগৰাকী বীৰৰ প্ৰাসংগিকতা সমগ্ৰ দেশতে আছে, তাক আমি তুলি ধৰিবলৈ অসম চৰকাৰৰ উদ্যোগত লাচিতৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত আয়োজন কৰা হৈছে।--”এই মন্তব্য ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণসূচী লৈ তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে লগতে কয় যে - ছাত্ৰ ছাত্ৰী সকলে যাতে…
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেজপুৰৰ খেলুৱৈৰ ৰূপৰ পদক
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ নতুন দিল্লীৰ খেলগাওঁ শ্রীফট ষ্টেডিয়ামত মোৱা ১৭ অক্টোবৰৰ পৰা চলি থকা কেন্দ্রীয় বিদ্যালয় (কে ভি) ৰাষ্ট্রীয় প্রতিযোগিতাত গুৱাহাটী মণ্ডলৰ পৰা অংশ গ্রহণ কৰা এভিলিন ভড়ালী আৰু ত্রিভায়ান ৰাজ বৰাই অনুৰ্ধ ১৭ বছৰ বিভাগৰ দলগত শাখাত((বডমিণ্টন) ৰূপৰ পদক পাবলৈ সক্ষম হয়। দুয়োগৰাকী খেলুৱৈ তেজপুৰস্থিত কেন্দ্রীয় বিদ্যালয় (১নং)ৰ ছাত্র আৰু তেজপুৰ জিলা ক্রীড়া সন্থাৰ নিয়মীয়া খেলুৱৈ।
