Browsing Category

অসম

আই আই টিত মৃত্যু তিনিচুকীয়াৰ ফাইজানৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ সন্থা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক স্মাৰক-পত্ৰত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাই সমগ্ৰ ঘটনাটো ৰহস্যজনক বুলি উল্লেখ কৰাৰ লগতে মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ ৰহস্য শীঘ্ৰে ফাদিল কৰি তেওঁক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় ৷ উল্লেখ্য যে খড়গপুৰ আই আই টিৰ কম্পিউটাৰ ছায়েঞ্চ বিভাগৰ তৃতীয়…

তিনিচুকীয়াত ড্ৰাগছসহ ধৃত সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : তিনিচুকীয়া আৰক্ষীয়ে আজি গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত এক অভিযান চলাই চহৰখনৰ পৰ্বতীয়া অঞ্চলৰ পৰা মনোজ মল্লিক (৩৫) নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ সন্দেহত আটক কৰে । ধৃত সৰবৰাহকাৰী মল্লিকৰ পৰা অভিযানকাৰী আৰক্ষীয়ে প্ৰায় ১৬.৫ গ্ৰাম সন্দেহজনক ড্ৰাগছসহ নগদ ১২,৫০০ টকা, সোণ আৰু ৰূপৰ দুডাল চেইন জব্দ কৰে । ড্ৰাগছ ক্ৰয় কৰাৰ বিনিময়ত কোনো লোকে সৰবৰাহকাৰী মল্লিকক সোণ আৰু ৰূপৰ চেইন দুডাল দিয়া বুলি সন্দেহ কৰা হৈছে । সম্প্ৰতি তিনিচুকীয়া সদৰ আৰক্ষীয়ে ধৃত মল্লিকক অধিক তথ্যৰ বাবে জেৰা চলাই আছে ।

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

জামুগুৰিহাট : ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰণৰ গোচৰত অভিযুক্ত জাগিৰ আলি ৷ চতিয়াৰ চৰাইজনীয়া গাঁৱৰ এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত জাগিৰ ৷ দীৰ্ঘদিন ধৰি পলাই আছিল জাগিৰ ৷ আৰক্ষীয়ে গুলী চালনা কৰাৰ বাবেই অৱশেষত নিজকে ধৰা দিয়ে জাগিৰে ৷

আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয় বিজয়ী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ২০ অক্টোবৰ : টি এম পি কে লখিমপুৰ জিলা সমিতিৰ কাঙ্কিন কেবাং উদযাপনৰ সোণালী জয়ন্তী উপলক্ষে উত্তৰ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত যোৱা ১৮ অক্টোবৰ মঙ্গলবাৰে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ লখিমপুৰ খগাস্থিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ে বিজয়ী সন্মান বুটলিবলৈ সক্ষম হৈছে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুস্থিত চূড়ান্ত প্ৰতিযোগিতাখনত নাওবৈছা মহাবিদ্যালয়ক ২-১গলত পৰাস্ত কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত তেলাহী তুৱাৰাম নাথ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহক লৈ ব্যাপক প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২০ অক্টোবৰ ; লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিংৰ নামত হাস্পতালৰ চৌহদৰ বিভিন্ন এলেকাত গুৱাহাটীস্থিত চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীয়ে মাচুল সংগ্ৰহক কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত কোম্পানীটোৰ জৰিয়তে অসম চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদৰ গেটৰ সন্মুখত হাস্পতাললৈ অহা যোৱা কৰা ৰোগী আৰু ৰোগী কঢ়িওৱা গাড়ীৰ পৰা পাৰ্কিঙৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে । চিকিৎসালয়ত এনেদৰে মাছুল সংগ্ৰহ কৰা কাৰ্যক অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সচিব অনুপম শইকীয়াই গৰিহণা…

বিষ্ণু জ্যোতি ফুটবল

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নাম ছামধৰা ছিনিয়া মাদ্রাছা হাইস্কুল খেল পথাৰ চলি থকা বিষ্ণু জ্যোতি প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত দ্বিতীয়খন কোৱাটাৰ ফাইনেল খেলত ঢেকিয়াজুলি ফুটবল একাদশে মৰিগাঁৱৰ জালুগুটি ফুটবল একাদশক ২-০ গলত পৰাস্ত কৰি ছেমি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। ঢেকিয়াজুলী দलৰ হৈ গল দুটা কৰে ক্রমে প্রসেন দৈমাৰী আৰু জেহেরুল ইছলামে।

সৌন্দৰ্য্য প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰৰ স্নেহা বৰুৱাৰ কৃতিত্ব

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২০ অক্টোবৰ : তেজপুৰ হজৰাপাৰ নিবাসী স্নেহা বৰুৱাই স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া ২০২২ প্ৰতিযোগিতাত দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ লাভ কৰি তেজপুৰ তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেজপুৰৰ হজৰাপাৰ নিবাসী উপেন বৰুৱাৰ কন্যা স্নেহাই বিদ্যালয়ত অধ্যায়ন কৰি থকা অৱস্থাৰ পৰাই সৌন্দৰ্য চৰ্চাত মনোনিবেশ কৰি অহা পিছত স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে যোৱা ৩১ জুলাইত তেজপুৰত আয়োজন কৰা প্ৰথমলানি প্ৰতিযোগিতাত স্পাৰ্ক গ্লেম উইনাৰ হোৱাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত "আমাৰ প্ৰতিভা" শীৰ্ষক…

লখিমপুৰৰ দ্ৰোপাং-মধুপুৰত গজৰাজৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাং-মধুপুৰ আদি অঞ্চলত এতিয়া নিতৌ ধাননি পথাৰত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকলে মূৰে কপালে হাত দিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ পাহাৰৰ দাঁতি কাষৰীয়া তথা হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দ্ৰোপাং, মধুপুৰ, শান্তিপুৰ, তৰাজুলি আদিত অৰুণাচল পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে পকিবলৈ ধৰা ধান খাই, গছকি তহিলং কৰি আহিছে যদিও বন বিভাগে এনে কাৰ্য ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ মাজে সময়ে বন বিভাগৰ দুই এজন কৰ্মচাৰী গৈ ৰাইজক হাতীৰ…

 আজিৰে পৰা আৰম্ভ বিষ্ণু জ্যোতি প্ৰাইজমানি ফুটবল

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নপাম ছিনিয়ৰ মাদ্ৰাছা হাইস্কুলৰ খেলপথাৰ আজিৰে পৰা অনুষ্ঠিত হোৱা ২৯ সংখ্যক বিষ্ণু জ্যোতি  প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই।পতাকা উত্তোলন কৰে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কেৰালাকে ধৰি ৰাজ্য খনৰ দহটা ফুট বল দলে অংশ গ্ৰহণ কৰা  আজিৰ খেল খনত চাৰিদুৱাৰ চানজাৰং ফুটবল একাদশ আৰু পূবাঞ্চল ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।চাৰিদুৱাৰ চানজাৰং ফুটবল একাদশে পূবাঞ্চল ফুটবল একাদশক ৪--১গলৰ…

ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা মিনাক্ষী গোস্বামীক অসমীয়া ক্লাবৰ বিশেষ অভিনন্দন জ্ঞাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ অক্টোবৰ : তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবে আজি সন্ধিয়া ক্লাবৰ সদস্যা মিনাক্ষী গোস্বামীক ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰি ক্লাবৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উষ্ম অভিনন্দন জ্ঞাপন কৰে ।অসমীয়া ক্লাবৰ উপ সভাপতি পংকজ বৰাৰ পৌৰোহিত্যত জ্যেষ্ঠ সদস্য ভূপেন শৰ্মাই আঁত ধৰা এই বিশেষ অনুষ্ঠানটিৰ আৰম্ভণিতে সম্পাদক অনু দেৱী মহন্তই আদৰণী ভাষণ দিয়াৰ পিছত ক্লাবৰ প্ৰাক্তন সভাপতি যতীন কোঁচ, উপসভাপতি পংকজ বৰা আৰু সম্পাদক অনু দেৱী মহন্তই গামোচা, অংগ বস্ত্ৰ, গ্ৰন্থৰ টোপোলা, অভিনন্দন পত্ৰৰে…