Browsing Category
অসম
সৌন্দৰ্য্য প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰৰ স্নেহা বৰুৱাৰ কৃতিত্ব
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২০ অক্টোবৰ : তেজপুৰ হজৰাপাৰ নিবাসী স্নেহা বৰুৱাই স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া ২০২২ প্ৰতিযোগিতাত দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ লাভ কৰি তেজপুৰ তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেজপুৰৰ হজৰাপাৰ নিবাসী উপেন বৰুৱাৰ কন্যা স্নেহাই বিদ্যালয়ত অধ্যায়ন কৰি থকা অৱস্থাৰ পৰাই সৌন্দৰ্য চৰ্চাত মনোনিবেশ কৰি অহা পিছত স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে যোৱা ৩১ জুলাইত তেজপুৰত আয়োজন কৰা প্ৰথমলানি প্ৰতিযোগিতাত স্পাৰ্ক গ্লেম উইনাৰ হোৱাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত "আমাৰ প্ৰতিভা" শীৰ্ষক…
লখিমপুৰৰ দ্ৰোপাং-মধুপুৰত গজৰাজৰ সন্ত্ৰাস
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাং-মধুপুৰ আদি অঞ্চলত এতিয়া নিতৌ ধাননি পথাৰত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকলে মূৰে কপালে হাত দিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ পাহাৰৰ দাঁতি কাষৰীয়া তথা হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দ্ৰোপাং, মধুপুৰ, শান্তিপুৰ, তৰাজুলি আদিত অৰুণাচল পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে পকিবলৈ ধৰা ধান খাই, গছকি তহিলং কৰি আহিছে যদিও বন বিভাগে এনে কাৰ্য ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ মাজে সময়ে বন বিভাগৰ দুই এজন কৰ্মচাৰী গৈ ৰাইজক হাতীৰ…
আজিৰে পৰা আৰম্ভ বিষ্ণু জ্যোতি প্ৰাইজমানি ফুটবল
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নপাম ছিনিয়ৰ মাদ্ৰাছা হাইস্কুলৰ খেলপথাৰ আজিৰে পৰা অনুষ্ঠিত হোৱা ২৯ সংখ্যক বিষ্ণু জ্যোতি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই।পতাকা উত্তোলন কৰে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কেৰালাকে ধৰি ৰাজ্য খনৰ দহটা ফুট বল দলে অংশ গ্ৰহণ কৰা আজিৰ খেল খনত চাৰিদুৱাৰ চানজাৰং ফুটবল একাদশ আৰু পূবাঞ্চল ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।চাৰিদুৱাৰ চানজাৰং ফুটবল একাদশে পূবাঞ্চল ফুটবল একাদশক ৪--১গলৰ…
ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা মিনাক্ষী গোস্বামীক অসমীয়া ক্লাবৰ বিশেষ অভিনন্দন জ্ঞাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ অক্টোবৰ : তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবে আজি সন্ধিয়া ক্লাবৰ সদস্যা মিনাক্ষী গোস্বামীক ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰি ক্লাবৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত উষ্ম অভিনন্দন জ্ঞাপন কৰে ।অসমীয়া ক্লাবৰ উপ সভাপতি পংকজ বৰাৰ পৌৰোহিত্যত জ্যেষ্ঠ সদস্য ভূপেন শৰ্মাই আঁত ধৰা এই বিশেষ অনুষ্ঠানটিৰ আৰম্ভণিতে সম্পাদক অনু দেৱী মহন্তই আদৰণী ভাষণ দিয়াৰ পিছত ক্লাবৰ প্ৰাক্তন সভাপতি যতীন কোঁচ, উপসভাপতি পংকজ বৰা আৰু সম্পাদক অনু দেৱী মহন্তই গামোচা, অংগ বস্ত্ৰ, গ্ৰন্থৰ টোপোলা, অভিনন্দন পত্ৰৰে…
তিনিচুকীয়াৰ বাৰেকুৰিত ৰাছিয়াৰ ৩ পৰ্যটকৰ উপস্থিতিত হলৌ দিৱসৰ লাইখুঁটা স্থাপন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ অক্টোবৰ : বিশ্বৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস ৷ সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা এই হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ ২৪ অক্টোবৰত পালন কৰা এই হলৌ দিৱস এইবাৰ বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত…
অইল ইণ্ডিয়াই পৰাস্ত কৰিলে চিৰাঙক
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা চতুৰ্থ খন কোৱাটাৰ ফাইনেল খেল অইল ইণ্ডিয়া দুলীয়াজান বনাম চিৰাং ফেৰেংগা ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। আজি খেল খনত দুয়োটা দলে সুন্দৰ আৰাম্ভণি কৰিছিল যাদিও অইলৰ নিখুঁট পাছৰ বাবেই ৬--০ গলত চিৰাঙক পৰাজিত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। আজিৰ খেল অইলৰ হৈ গলকেইটা কৰে ক্রমে জে,এন কুকীয়ে দুটা গল কৰাৰ লগতে টুকু ব্ৰহ্ম, সিৰনদীপ মৰণা, মিলন বসুমতাৰী আৰু উইলিয়াম…
তেজপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চিপিআই এম দলৰ মুকলি সভা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: য’দিহে দেশ তথা ৰাজ্যৰ শাসনৰ পৰা বিজেপিক ২০২৪আৰু ২০২৬ ত উৎখাত কৰা নহয় তেনেহলে দেশ আৰু ৰাজ্য ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব৷ বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আইনখন বাতিল কৰা কাৰ্যই সৰ্বসাধাৰণক মাধমাৰ সোধাইছে৷ তদুপৰি সংস্হাপনৰ নামত বিজেপি চৰকাৰে গ্ৰহণ কৰা নীতি কোনোকাৰণতে সমৰ্থন যোগ্য নহয়৷ এই বক্তব্য চি পি আই(এম) বিধায়ক মনোৰঞ্জন তালুকদাৰৰ৷ উল্লেখযোগ্য যে, ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদীৰ) অৰ্থাৎ চিপিআই এমৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰ স্হিত হেম বৰুৱা ভৱন চৌহদত…
লখিমপুৰত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
উত্তৰ লখিমপুৰ, ১৯অক্টোৱৰঃ সমগ্ৰ জিলা খনৰ লগতে আজি লখিমপুৰ জিলাৰ পহুমৰাত ৰঙানদীৰ দলঙৰ সমীপত ভাৰত চৰকাৰে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান-২.০ৰ অংশস্বৰূপে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ.গোট আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এন.এছ.এছ. গোটৰ সহযোগত আজি এক চাফাই কাৰ্যসূচী ৰূপায়ন কৰা হয় ।তেওঁলোকে ৰঙা নদীৰ পাৰত প্ৰদূষিত প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে জাৱৰ সমূহ পৰিষ্কাৰ কৰে।আজি উক্ত স্বচ্ছ ভাৰত অভিযান-২.০ কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত স্বচ্ছতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় ।উত্তৰ…
লখিমপুৰত মহিলাক দলবদ্ধ বলাৎকাৰৰ ঘটনাঃ গ্ৰেপ্তাৰ- ৩
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত যোৱা ১১ অক্টোবৰৰ সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই বলাৎকাৰ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাৰ লগত জড়িত দুবৃৰ্ত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনি দুবৃৰ্ত্তৰ ঘৰ হৈছে লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বেহেৰাবস্তি আৰু জালোৱা বস্তিৰ৷ উল্লেখ্য যে চিনাতলীয়া বাগানৰ নিবাসী এগৰাকী ৩০ বছৰীয়া বিবাহিত মহিলাক সেইদিনা তিনি দুবৃৰ্ত্তই অজ্ঞাত স্থানত দলবদ্ধ বলাৎকাৰ কৰি মুমূৰ্ষু অৱস্থাত সন্ধিয়া এখন কদম…
ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৫ বৰ্ষপুতিত ব্ৰহ্মপুত্ৰত নৌকা চালনা অভিযান
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৯ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৪৯ নং অসম নৌ বাহিনী, শিৱসাগৰ; দলীয় মুখ্য কাৰ্যালয়, ডিব্ৰুগড় তথা উত্তৰ -পূৱ সঞ্চালকালয়, শ্বিলঙৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে "ব্ৰহ্মপুত্ৰ নৌকা চালনা অভিযান-২০২২" যোৱা ১৭ অক্টোবৰত বিশ্বনাথ ঘাটত আৰম্ভ হয় । এই অভিযানত সহযোগ কৰিছে ৪৮ ক নৌবাহিনী, গুৱাহাটী গ্ৰুপে। উল্লেখ্য যে, এই অভিযান ৰ মুখ্য উদ্দেশ্য হৈছে কেডেটসকলৰ মাজত ব্ৰহ্মপুত্ৰৰ দৰে নদীত নৌকা চালনা প্ৰশিক্ষণ, দুঃসাহসিক অভিযানৰ প্ৰতি আকৰ্ষিত কৰা, নৌবাহিনীৰ বিভিন্ন…
