Browsing Category

অসম

শোণিতপুৰৰ শিঙৰী তিনিআলিত উচ্ছেদিত ব্যৱসায়ীৰ ক্ষতিপূৰণৰ দাবীৰে মৌন প্ৰতিবাদ 

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৮অক্টোবৰঃ বৰছলা বিধানসভা সমষ্টিৰ শিঙৰী তিনিআলিত প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীসকলে আজি ক্ষতিপূৰণ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ পুণৰ স্থাপনৰ দাবীত মৌন প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অসম মালাৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা পথৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে যোৱা ১৬ অক্টোবৰত শিঙৰী আৰক্ষী চকী এলেকাৰ শিঙৰী তিনিআলিত পথৰ দাঁতিত থকা বিপুল দাস, অমৃত ছেত্ৰী, কালা দাস, নৃপেন দাস, ৰামলাল দাস, মাধৱ দাস, গোলক সৰকাৰ, পংকজ দাস, ফণিন্দ্ৰ দাস, টংকেশ্বৰ শৰ্মা, তাপস ভট্টাচাৰ্য, বাবলু ঠাকুৰ, গোপেশ্বৰ দাস, জগদীশ…

শোণিতপুৰ জিলা কৃষি বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ অক্টোবৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি দিনৰ ২ বজাৰ পৰা তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ নামঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য  কার্যসূচীৰে‍ কাতি বিহু উদযাপন কৰা হয়। অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসী তলত চাকিৰ পোহৰেৰে আলোকিত কৰাৰ লগতে কৃষকৰ পথাৰত আকাশ বন্তি জ্বলোৱা কার্যসূচীও ৰূপায়ণ কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকি কৃষি বিভাগে চৰকাৰী ভাবে ৰাইজৰ মাজত কাতি বিহুক প্ৰাসংগিক কৰি তোলাৰ এনে প্ৰয়াসৰ শলাগ লয়। আনহাতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰইও এই আয়োজনত উপস্থিত থাকি জিলাখনৰ…

তেজপুৰত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৮অক্টোবৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তেজপুৰ জিলা প্ৰশাসনে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা এই মাৰাথনৰ উদ্দেশ্য হৈছে সকলোৱে যাতে নিজকে ফিট আৰু সুস্থ কৰি ৰাখিব পাৰে। তেজপুৰ নেহৰু ময়দানত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যিক ক্ৰিয়া আৰু য়ুৱ কল্যাণ বিভাগৰ সদস্য সচিব গিতাৰ্থ গোস্বামী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে ক্ৰীড়া জগতৰ কেইবা…

সুৰীয়া – সাংগীতিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰৰ বাণ থিয়েটাৰৰ মঞ্চ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ অক্টোবৰঃ "মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণা জনী বিচাৰি নেপালোঁ মই," মোৰ স্বপ্ন মৌ প্ৰেমত নন ক্ৰেম, "তুমি দুচকুত কাজল ল'লে ডাৱৰে ডাৱৰে বিজুলী খেলে," ৰাতি বাঁহী বাই-আদি অতি মনপৰশা গীত, জনতাৰ শিল্পী দিলীপ চৌধুৰীৰ কন্ঠৰ এনে একাংশ গীতৰ আধাৰত আবৃত্তিৰ অনুষ্ঠান, দৃষ্টিনন্দন নৃত্যৰ অনুষ্ঠান, প্ৰয়াত চৌধুৰী ৰচিত - পৰিচালিত গীতি নৃত্য - নাটিকা, নাটকৰ কিয়দাংশৰে কালি নিশা এসময়ৰ তেজপুৰৰ অতি জনপ্ৰিয় তথা আদৰৰ শিল্পী গৰাকীক তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত এক সাংগীতিক-সুৰীয়া, সুমধুৰ অনুষ্ঠানেৰে স্মৰণ কৰিলে তেজপুৰৰ…

খড়গপুৰ আই আই টিত ফাইজানৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ আই আই টি, খড়গপুৰত অধ্যয়নৰত মেধাৱী ছাত্ৰজনৰ হোষ্টেলত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত মৃত ফাইজানৰ পৰিয়ালে এই দাবী উত্থাপন কৰে ৷ ফাইজানৰ পিতৃ চেলিম আহমেদ, মাতৃ ৰেহানা বেগম, মাহীয়েক চালমা বেগমৰ উপৰি অন্যান্য আত্মীয় উপস্থিত থকা সংবাদমেলখনত তেওঁলোকে ৰাজ্যৰ সকলো দল, সংগঠনক বৰ্হিৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানত ফাইজানৰ দৰে অসমৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মাত মাতিবলৈ আহ্বান জনায় ৷…

অসম ৰাইফলছ চকাৰ ফুট বল একাদশ ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি তৃতীয় খন কোৱাটাৰ ফাইনেল খেল  অসম লাইফলছ চকাৰ ফুট বল একাদশ বনাম গ্ৰীণভেলী ফুট বল একাদশৰ মাজত অনুষ্ঠিত হয়। আজি খেল খন তীব্ৰ উত্তেজনা পূৰ্ণ আছিল দুয়োটা দলে সুন্দৰ প্ৰদশন কৰিছিল যাৰ ফলত খেল খন ১--১ গলত অমীমাংসিত হয়। ফলত ট্ৰাইবেকাৰৰ সহায় ল'বলগীয়া হয় আৰু ৫--৪ গলত অসম ৰাইফলছ চকাৰ দলে গ্ৰীণভেলী ফুট বল একাদশক পৰাজিত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। আজিৰ খেল খনত প্ৰয়াত প্ৰেম…

তিনিচুকীয়াত চি এম ই টিৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি কিদৰে ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্যোগৰ নতুন সুযোগ সৃষ্টি কৰিব পৰা যাই তাৰ ওপৰত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মহানিৰ্দেশক ড° ভাৰত বি. কালে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ড° কালেই তেখেতৰ বক্তব্যত ন-ন প্ৰযুক্তিৰ কথা উল্লেখ কৰে যাৰ ব্যৱহাৰে উদ্যোগীসকলৰ বাবে…

ঘাৰমৰা সৰু সত্ৰৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ক্ষীৰকৃষ্ণ গোস্বামীৰ সহধৰ্মিনী চিত্ৰাৱতী গোস্বামীৰ যোৱা নিশা দেহাৱসান ঘটে৷ অঞ্চলটোৰ ধৰ্মপ্ৰাণা তথা সমাজসেৱিকা গোস্বামীয়ে মৃত্যুৰ সময়ত ৬ পুত্ৰ-বোৱাৰী, দুই জী-জোঁৱাই সহ বহু নাতি-নাতিনীক এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত ঘাৰমৰা সৰু সত্ৰৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

ৰাজ্যিক যোগাসনত শোণিতপুৰ জিলা দ্বিতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: ১৪-১৬অক্টোবৰত তিনিদনীয়াকৈ ২৫ সংখ্যক প্ৰবীণ পুৰুষ আৰু মহিলাৰ অসম ৰাজ্যিক যোগাসন খেল প্ৰতিযোগিতাখন ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷প্ৰতিযোগিতাত শোণিতপুৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় । শোণিতপুৰ জিলাৰ ৰাষ্ট্ৰীয় বিচাৰক মামু বায়নে বিচাৰকৰ দায়িত্ব ভাৰ বহন কৰে। প্ৰতিযোগিতাত স্হান প্ৰাপ্ত সকল ক্ৰমে-শিৱানী শইকীয়াই ১৮ বছৰ ৰ পৰা ৩৫বছৰ ভিতৰত আৰ্টিষ্টিক যুৰিয়া যোগাসন প্ৰতিযোগিতাত প্ৰথম স্হান প্ৰাপ্ত কৰে, আৰ্টিষ্টিক একক যোগাসন প্ৰতিযোগিতাত দ্বিতীয় স্হান প্ৰাপ্ত…