Browsing Category

অসম

তিনিচুকীয়াৰ বাৰেকুৰিত ৰাছিয়াৰ ৩ পৰ্যটকৰ উপস্থিতিত হলৌ দিৱসৰ লাইখুঁটা স্থাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ অক্টোবৰ : বিশ্বৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস ৷ সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা এই হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ ২৪ অক্টোবৰত পালন কৰা এই হলৌ দিৱস এইবাৰ বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত…

অইল ইণ্ডিয়াই পৰাস্ত কৰিলে চিৰাঙক

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা চতুৰ্থ খন কোৱাটাৰ ফাইনেল খেল অইল ইণ্ডিয়া দুলীয়াজান বনাম চিৰাং ফেৰেংগা ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। আজি খেল খনত দুয়োটা দলে সুন্দৰ আৰাম্ভণি কৰিছিল যাদিও অইলৰ নিখুঁট পাছৰ বাবেই ৬--০ গলত চিৰাঙক পৰাজিত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। আজিৰ খেল অইলৰ হৈ গলকেইটা কৰে ক্রমে জে,এন কুকীয়ে দুটা গল কৰাৰ লগতে টুকু ব্ৰহ্ম, সিৰনদীপ মৰণা, মিলন বসুমতাৰী আৰু উইলিয়াম…

তেজপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চিপিআই এম দলৰ মুকলি সভা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৯অক্টোবৰ: য’দিহে দেশ তথা ৰাজ্যৰ শাসনৰ পৰা বিজেপিক ২০২৪আৰু ২০২৬ ত উৎখাত কৰা নহয় তেনেহলে দেশ আৰু ৰাজ্য ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব৷ বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আইনখন বাতিল কৰা কাৰ্যই সৰ্বসাধাৰণক মাধমাৰ সোধাইছে৷ তদুপৰি সংস্হাপনৰ নামত বিজেপি চৰকাৰে গ্ৰহণ কৰা নীতি কোনোকাৰণতে সমৰ্থন যোগ্য নহয়৷ এই বক্তব্য চি পি আই(এম) বিধায়ক মনোৰঞ্জন তালুকদাৰৰ৷ উল্লেখযোগ্য যে, ভাৰতৰ কমিউনিষ্ট পার্টি (মার্ক্সবাদীৰ) অৰ্থাৎ চিপিআই এমৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰ স্হিত হেম বৰুৱা ভৱন চৌহদত…

লখিমপুৰত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

উত্তৰ লখিমপুৰ, ১৯অক্টোৱৰঃ সমগ্ৰ জিলা খনৰ লগতে আজি লখিমপুৰ জিলাৰ পহুমৰাত ৰঙানদীৰ দলঙৰ সমীপত ভাৰত চৰকাৰে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান-২.০ৰ অংশস্বৰূপে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ.গোট আৰু লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এন.এছ.এছ. গোটৰ সহযোগত আজি এক চাফাই কাৰ্যসূচী ৰূপায়ন কৰা হয় ।তেওঁলোকে ৰঙা নদীৰ পাৰত প্ৰদূষিত প্লাষ্টিক জাতীয় সামগ্ৰীৰ লগতে জাৱৰ সমূহ পৰিষ্কাৰ কৰে।আজি উক্ত স্বচ্ছ ভাৰত অভিযান-২.০ কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত স্বচ্ছতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় ।উত্তৰ…

লখিমপুৰত মহিলাক দলবদ্ধ বলাৎকাৰৰ ঘটনাঃ গ্ৰেপ্তাৰ- ৩ 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত যোৱা ১১ অক্টোবৰৰ সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই বলাৎকাৰ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাৰ লগত জড়িত দুবৃৰ্ত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনি দুবৃৰ্ত্তৰ ঘৰ হৈছে লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বেহেৰাবস্তি আৰু জালোৱা বস্তিৰ৷ উল্লেখ্য যে চিনাতলীয়া বাগানৰ নিবাসী এগৰাকী ৩০ বছৰীয়া বিবাহিত মহিলাক সেইদিনা তিনি দুবৃৰ্ত্তই অজ্ঞাত স্থানত দলবদ্ধ বলাৎকাৰ কৰি মুমূৰ্ষু অৱস্থাত সন্ধিয়া এখন কদম…

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৫ বৰ্ষপুতিত ব্ৰহ্মপুত্ৰত নৌকা চালনা অভিযান

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৯ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৪৯ নং অসম নৌ বাহিনী, শিৱসাগৰ; দলীয় মুখ্য কাৰ্যালয়, ডিব্ৰুগড় তথা উত্তৰ -পূৱ সঞ্চালকালয়, শ্বিলঙৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে "ব্ৰহ্মপুত্ৰ নৌকা চালনা অভিযান-২০২২" যোৱা ১৭ অক্টোবৰত বিশ্বনাথ ঘাটত আৰম্ভ হয় । এই অভিযানত সহযোগ কৰিছে ৪৮ ক নৌবাহিনী, গুৱাহাটী গ্ৰুপে। উল্লেখ্য যে, এই অভিযান ৰ মুখ্য উদ্দেশ্য হৈছে কেডেটসকলৰ মাজত ব্ৰহ্মপুত্ৰৰ দৰে নদীত নৌকা চালনা প্ৰশিক্ষণ, দুঃসাহসিক অভিযানৰ প্ৰতি আকৰ্ষিত কৰা, নৌবাহিনীৰ বিভিন্ন…

শোণিতপুৰৰ শিঙৰী তিনিআলিত উচ্ছেদিত ব্যৱসায়ীৰ ক্ষতিপূৰণৰ দাবীৰে মৌন প্ৰতিবাদ 

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৮অক্টোবৰঃ বৰছলা বিধানসভা সমষ্টিৰ শিঙৰী তিনিআলিত প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীসকলে আজি ক্ষতিপূৰণ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ পুণৰ স্থাপনৰ দাবীত মৌন প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অসম মালাৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা পথৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে যোৱা ১৬ অক্টোবৰত শিঙৰী আৰক্ষী চকী এলেকাৰ শিঙৰী তিনিআলিত পথৰ দাঁতিত থকা বিপুল দাস, অমৃত ছেত্ৰী, কালা দাস, নৃপেন দাস, ৰামলাল দাস, মাধৱ দাস, গোলক সৰকাৰ, পংকজ দাস, ফণিন্দ্ৰ দাস, টংকেশ্বৰ শৰ্মা, তাপস ভট্টাচাৰ্য, বাবলু ঠাকুৰ, গোপেশ্বৰ দাস, জগদীশ…

শোণিতপুৰ জিলা কৃষি বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ অক্টোবৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি দিনৰ ২ বজাৰ পৰা তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ নামঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য  কার্যসূচীৰে‍ কাতি বিহু উদযাপন কৰা হয়। অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসী তলত চাকিৰ পোহৰেৰে আলোকিত কৰাৰ লগতে কৃষকৰ পথাৰত আকাশ বন্তি জ্বলোৱা কার্যসূচীও ৰূপায়ণ কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকি কৃষি বিভাগে চৰকাৰী ভাবে ৰাইজৰ মাজত কাতি বিহুক প্ৰাসংগিক কৰি তোলাৰ এনে প্ৰয়াসৰ শলাগ লয়। আনহাতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰইও এই আয়োজনত উপস্থিত থাকি জিলাখনৰ…

তেজপুৰত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৮অক্টোবৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তেজপুৰ জিলা প্ৰশাসনে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা এই মাৰাথনৰ উদ্দেশ্য হৈছে সকলোৱে যাতে নিজকে ফিট আৰু সুস্থ কৰি ৰাখিব পাৰে। তেজপুৰ নেহৰু ময়দানত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যিক ক্ৰিয়া আৰু য়ুৱ কল্যাণ বিভাগৰ সদস্য সচিব গিতাৰ্থ গোস্বামী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে ক্ৰীড়া জগতৰ কেইবা…

সুৰীয়া – সাংগীতিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰৰ বাণ থিয়েটাৰৰ মঞ্চ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ অক্টোবৰঃ "মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণা জনী বিচাৰি নেপালোঁ মই," মোৰ স্বপ্ন মৌ প্ৰেমত নন ক্ৰেম, "তুমি দুচকুত কাজল ল'লে ডাৱৰে ডাৱৰে বিজুলী খেলে," ৰাতি বাঁহী বাই-আদি অতি মনপৰশা গীত, জনতাৰ শিল্পী দিলীপ চৌধুৰীৰ কন্ঠৰ এনে একাংশ গীতৰ আধাৰত আবৃত্তিৰ অনুষ্ঠান, দৃষ্টিনন্দন নৃত্যৰ অনুষ্ঠান, প্ৰয়াত চৌধুৰী ৰচিত - পৰিচালিত গীতি নৃত্য - নাটিকা, নাটকৰ কিয়দাংশৰে কালি নিশা এসময়ৰ তেজপুৰৰ অতি জনপ্ৰিয় তথা আদৰৰ শিল্পী গৰাকীক তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত এক সাংগীতিক-সুৰীয়া, সুমধুৰ অনুষ্ঠানেৰে স্মৰণ কৰিলে তেজপুৰৰ…