Browsing Category

অসম

খড়গপুৰ আই আই টিত ফাইজানৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ আই আই টি, খড়গপুৰত অধ্যয়নৰত মেধাৱী ছাত্ৰজনৰ হোষ্টেলত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত মৃত ফাইজানৰ পৰিয়ালে এই দাবী উত্থাপন কৰে ৷ ফাইজানৰ পিতৃ চেলিম আহমেদ, মাতৃ ৰেহানা বেগম, মাহীয়েক চালমা বেগমৰ উপৰি অন্যান্য আত্মীয় উপস্থিত থকা সংবাদমেলখনত তেওঁলোকে ৰাজ্যৰ সকলো দল, সংগঠনক বৰ্হিৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানত ফাইজানৰ দৰে অসমৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মাত মাতিবলৈ আহ্বান জনায় ৷…

অসম ৰাইফলছ চকাৰ ফুট বল একাদশ ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৮অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি তৃতীয় খন কোৱাটাৰ ফাইনেল খেল  অসম লাইফলছ চকাৰ ফুট বল একাদশ বনাম গ্ৰীণভেলী ফুট বল একাদশৰ মাজত অনুষ্ঠিত হয়। আজি খেল খন তীব্ৰ উত্তেজনা পূৰ্ণ আছিল দুয়োটা দলে সুন্দৰ প্ৰদশন কৰিছিল যাৰ ফলত খেল খন ১--১ গলত অমীমাংসিত হয়। ফলত ট্ৰাইবেকাৰৰ সহায় ল'বলগীয়া হয় আৰু ৫--৪ গলত অসম ৰাইফলছ চকাৰ দলে গ্ৰীণভেলী ফুট বল একাদশক পৰাজিত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। আজিৰ খেল খনত প্ৰয়াত প্ৰেম…

তিনিচুকীয়াত চি এম ই টিৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি কিদৰে ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্যোগৰ নতুন সুযোগ সৃষ্টি কৰিব পৰা যাই তাৰ ওপৰত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মহানিৰ্দেশক ড° ভাৰত বি. কালে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ড° কালেই তেখেতৰ বক্তব্যত ন-ন প্ৰযুক্তিৰ কথা উল্লেখ কৰে যাৰ ব্যৱহাৰে উদ্যোগীসকলৰ বাবে…

ঘাৰমৰা সৰু সত্ৰৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ক্ষীৰকৃষ্ণ গোস্বামীৰ সহধৰ্মিনী চিত্ৰাৱতী গোস্বামীৰ যোৱা নিশা দেহাৱসান ঘটে৷ অঞ্চলটোৰ ধৰ্মপ্ৰাণা তথা সমাজসেৱিকা গোস্বামীয়ে মৃত্যুৰ সময়ত ৬ পুত্ৰ-বোৱাৰী, দুই জী-জোঁৱাই সহ বহু নাতি-নাতিনীক এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত ঘাৰমৰা সৰু সত্ৰৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

ৰাজ্যিক যোগাসনত শোণিতপুৰ জিলা দ্বিতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: ১৪-১৬অক্টোবৰত তিনিদনীয়াকৈ ২৫ সংখ্যক প্ৰবীণ পুৰুষ আৰু মহিলাৰ অসম ৰাজ্যিক যোগাসন খেল প্ৰতিযোগিতাখন ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷প্ৰতিযোগিতাত শোণিতপুৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় । শোণিতপুৰ জিলাৰ ৰাষ্ট্ৰীয় বিচাৰক মামু বায়নে বিচাৰকৰ দায়িত্ব ভাৰ বহন কৰে। প্ৰতিযোগিতাত স্হান প্ৰাপ্ত সকল ক্ৰমে-শিৱানী শইকীয়াই ১৮ বছৰ ৰ পৰা ৩৫বছৰ ভিতৰত আৰ্টিষ্টিক যুৰিয়া যোগাসন প্ৰতিযোগিতাত প্ৰথম স্হান প্ৰাপ্ত কৰে, আৰ্টিষ্টিক একক যোগাসন প্ৰতিযোগিতাত দ্বিতীয় স্হান প্ৰাপ্ত…

চিকিম ফুটবল একাডেমী ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন কোৱাটাৰ ফাইনেল খেলত সুজাচেন ফুটবল অকাডেমী চিকিমে কেৰেলাৰ লুক্কা চকাৰ ফুটবল ক্লাবক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে।চিকিম দলৰ হৈ বিজয় সূচক গলটো দিয়ে ৰবীন মগৰে। আজিৰ খেল খনত প্ৰয়াত প্ৰেম কান্ত ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বটাঁ লাভ কৰে চিকিমৰ সুছা চেন ফুটবল অকাডেমীৰ ৰবীন মগৰে।

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ ১০ নৱেম্বৰ গণনা

মনোনয়ন দিবলৈ অহা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰত লখিমপুৰত তীব্ৰ যান-জঁট শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত লখিমপুৰ জিলাৰ মুঠ ৮টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ পৰা আজি ৬জন প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে৷ ইয়াৰে এজন প্ৰাৰ্থীয়ে দুটা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে৷ যোৱা ১১ অক্টোবৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত যোৱা ১৫ অক্টোবৰৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ দিন ধাৰ্য কৰাৰ পিছত আজি তৃতীয় দিনা লখিমপুৰৰ ৭টা সমষ্টিৰ বাবে ৬জনে…

অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তক অপ্ৰাকৃতিক আৰু অ বিজ্ঞান সন্মত আখ্যা বিশিষ্ট বুদ্ধিজীৱীৰ

তৰুণ অসম সংঘৰ "অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা আৰু সমাধান" শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰঃ চৰকাৰে ক'লেই নহ'ব সত্যটোক আমি দাঙি ধৰিব লাগিব -ড° অৱনী কুমাৰ ভাগৱতীঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক শিক্ষাত গুৰুত্ব দিয়াৰ পিছত অসম চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য হ'ব নোৱাৰে - ড০ সুস্মিতা প্রিয়দর্শিনীশতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ অক্টোবৰ: অসমত ৰাজ্য চৰকাৰখনে পৰিকল্পিত ভাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহক গুৰুত্বহীন কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাৰ ক্ষেত্ৰত বহুতে এক ৰহস্যৰ উমান…

 কিশোৰৰ ৰং তুলিকাৰে মুখৰিত চিত্ৰলেখাৰ নগৰী তেজপুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ  , ১৬ অক্টোবৰ : সংকল্প অসম শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ সমষ্টি সমিতিৰ উদ্যোগত  জিলা সংগ্ৰহালয়ত, তেজপুৰ প্ৰাংগনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি সুকলমে সম্পন্ন হৈ যায় । তলা বন্ধৰ সময় চোৱাৰ পিছত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই  চিত্ৰাংকন প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চিত্ৰশিল্পী ৰাতুমনি দাস, আৰু চিত্ৰ শিল্পী নৱনীতা শৰ্মা।। লগতে সংকল্প অসম  পৰিকল্পনা সমিতিৰ সচিৱ হেমন্তকিশোৰ পাঠক,কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভূৱন, গোস্বামী,সভাপতি হিমাংশু ডেকা,…