Browsing Category

অসম

চিকিম ফুটবল একাডেমী ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন কোৱাটাৰ ফাইনেল খেলত সুজাচেন ফুটবল অকাডেমী চিকিমে কেৰেলাৰ লুক্কা চকাৰ ফুটবল ক্লাবক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে।চিকিম দলৰ হৈ বিজয় সূচক গলটো দিয়ে ৰবীন মগৰে। আজিৰ খেল খনত প্ৰয়াত প্ৰেম কান্ত ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বটাঁ লাভ কৰে চিকিমৰ সুছা চেন ফুটবল অকাডেমীৰ ৰবীন মগৰে।

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ ১০ নৱেম্বৰ গণনা

মনোনয়ন দিবলৈ অহা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰত লখিমপুৰত তীব্ৰ যান-জঁট শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত লখিমপুৰ জিলাৰ মুঠ ৮টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ পৰা আজি ৬জন প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে৷ ইয়াৰে এজন প্ৰাৰ্থীয়ে দুটা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে৷ যোৱা ১১ অক্টোবৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত যোৱা ১৫ অক্টোবৰৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ দিন ধাৰ্য কৰাৰ পিছত আজি তৃতীয় দিনা লখিমপুৰৰ ৭টা সমষ্টিৰ বাবে ৬জনে…

অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তক অপ্ৰাকৃতিক আৰু অ বিজ্ঞান সন্মত আখ্যা বিশিষ্ট বুদ্ধিজীৱীৰ

তৰুণ অসম সংঘৰ "অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা আৰু সমাধান" শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰঃ চৰকাৰে ক'লেই নহ'ব সত্যটোক আমি দাঙি ধৰিব লাগিব -ড° অৱনী কুমাৰ ভাগৱতীঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক শিক্ষাত গুৰুত্ব দিয়াৰ পিছত অসম চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য হ'ব নোৱাৰে - ড০ সুস্মিতা প্রিয়দর্শিনীশতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ অক্টোবৰ: অসমত ৰাজ্য চৰকাৰখনে পৰিকল্পিত ভাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহক গুৰুত্বহীন কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাৰ ক্ষেত্ৰত বহুতে এক ৰহস্যৰ উমান…

 কিশোৰৰ ৰং তুলিকাৰে মুখৰিত চিত্ৰলেখাৰ নগৰী তেজপুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ  , ১৬ অক্টোবৰ : সংকল্প অসম শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ সমষ্টি সমিতিৰ উদ্যোগত  জিলা সংগ্ৰহালয়ত, তেজপুৰ প্ৰাংগনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি সুকলমে সম্পন্ন হৈ যায় । তলা বন্ধৰ সময় চোৱাৰ পিছত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই  চিত্ৰাংকন প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চিত্ৰশিল্পী ৰাতুমনি দাস, আৰু চিত্ৰ শিল্পী নৱনীতা শৰ্মা।। লগতে সংকল্প অসম  পৰিকল্পনা সমিতিৰ সচিৱ হেমন্তকিশোৰ পাঠক,কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভূৱন, গোস্বামী,সভাপতি হিমাংশু ডেকা,…

“ভূপেন হাজৰিকা কলাভূমি” ত সুৰীয়া আৰু সাংগীতিক অনুষ্ঠান “আমি একেখন নাৱৰে যাত্ৰী” – “কৃষ্ণ অমৃত…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ :শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ "মাধৱদেৱ কলা নিকেতন" ৰ সহযোগত তেজপুৰৰ "ভূপেন হাজৰিকা কলাভূমি" ত অহা ৫ নবেম্বৰত সুধাকণ্ঠ, বিশ্ববন্দিত তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত হ'ব লগা "আমি একেখন নাৱৰে যাত্ৰী" শীৰ্ষক সাংগীতিক - সুৰীয়া বিশেষ অনুষ্ঠানৰ লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৬ নবেম্বৰৰ সন্ধিয়া অনুষ্ঠিত হ'ব লগা" কৃষ্ণ অমৃত কথা " শীৰ্ষক গীতি নৃত্য নাটিকাৰ কালি সন্ধিয়া মিলনপুৰত এক মাংগলিক পৰিৱেশত শুভ মহুৰত সম্পন্ন হয়।"মাধৱদেৱ কলা…

তেজপুৰৰ বিন্দুকুৰিত যাত্ৰীবাহী ৰে’লক আগচিলে বন্যহস্তীয়ে

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত এটা প্ৰকাণ্ড বন্যহস্তীয়ে আগচি ধৰিছে ৰে’ল৷ ৰে’ল লাইনৰ ওপৰত আকোৰগোঁজ ভাবে অৱস্থান গ্ৰহণ কৰি যাত্ৰীবাহী ৰে’ল ৰখাই থোৱা গজৰাজে পাছত বিন্দুকুৰি অঞ্চলত এটা পৰিয়ালৰ বাসগৃহ ভাঙে৷ শীত কালিৰ আৰম্ভণিতেই বনাঞ্চলৰ পৰা ওলাই আহি খেতি পথাৰ আৰু জনাঞ্চলত বন্যহস্তীৰ বিচৰণ শোণিতপুৰ ৰঙাপৰা, চাৰিদুৱাৰ, বিন্দুকুৰি, ডিপোটা, বাঁহবাৰী, মোৱামাৰী, বিহুগুৰি আদি অঞ্চলৰ লগতে সমীপৱৰ্তী চাপৰি অঞ্চলৰ বাবে এক নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ বৰ্তমান ৰঙাপৰা আৰু তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত বন্যহস্তীৰ…

ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা ( ফটো সংবাদ)

শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত বিশিষ্ট কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ

ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে নিৰুদিষ্ট কিশোৰীক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: শোণিতপুৰৰ ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি আনিলে ঢেকিয়াজুলিৰ ডিব্ৰুদৰং হাটখলাৰ পৰা নিৰুদিষ্ট হৈ থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক৷ উল্লেখ্য যে যোৱা ছয় অক্টোবৰত অঞ্জনা কিষাণ ৰঙাপৰাস্থিত বায়েকৰ ঘৰলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিল৷সেই সংক্ৰান্তত কিশোৰীগৰাকীৰ মাতৃ মিনতি কিষাণে সাত অক্টোবৰত ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল কৰে৷এই এজাহাৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে আৰু তেনে অৱস্থাতে সন্ধানহীন কিশোৰী গৰাকীয়ে সহায় বিচাৰি মাতৃলৈ ফোন কৰে৷…

গীত-মাত-কথাৰে জীপাল তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ন-পুৰণি ছাত্ৰৰ সমাহাৰ আৰু সামাজিক-সাংস্কৃতিক বিষয়ৰ বৌদ্ধিক চিন্তাৰ প্ৰকাশে আজি তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দূৰ-দূৰণিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগ, মহাবিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত ‘আমি ২০২২’ নামৰে এখন তথ্যসমৃদ্ধ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰৰ স্মৃতি ৰোমন্থনেৰে নষ্টালজিক হৈ পৰা অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি…

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ:অসম ৰাইফলছ চকাৰ দল কোৱাৰ্টাৰ ফাইনেলত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা খেলত অসম ৰাইফলছ চকাৰ দলে বঙাইগাঁও ইলেভেন ষ্টাৰ ক্লাৱক একমাত্ৰ গলৰ ব্যৱধানত পৰাভূত কৰে৷প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনৰ দ্বিতীয়াৰ্দ্ধৰ ২৯মিনিটত ৰাইফলছৰ এছ ৰমণ সিঙে বিজয়সূচক গলটো স্কৰ কৰে৷ উল্লেখযোগ্য যে, বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাৱৰ গলকীপাৰৰ দৰ্শনীয় প্ৰদৰ্শনে ৰাইফলছৰ বিজয় ব্যৱধানৰ পথ ৰুদ্ধ কৰে৷আজিৰ বিজয়ৰে ৰাইফলছে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত স্হান নিশ্চিত…