Browsing Category

অসম

সদৌ অসম পথ চাইকেলিং:শোণিতপুৰ জিলা দল ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: অহা ১৭অক্টোবৰৰ পৰা দুদিনীয়াকৈ উত্তৰ লখিমপুৰৰ বাইপাছ ৰ’ডত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় বাৰ্ষিক সদৌ অসম ৰাজ্যিক পথ চাইকেলিং চেম্পিয়নশ্বিপত অংশ ল’ব শোণিতপুৰ দলে৷শোণিতপুৰ জিলা চাইকেলিং সন্হাই ইতিমধ্যে কাইলৈ প্ৰতিযোগিতাখনৰ বাবে দল প্ৰেৰণ কৰিব৷জিলা দলটোৰ বাবে ইতিমধ্যে মিছ দৃষ্টি বৰা,ৰূপশিখা সাহা,পৰিশ্মিতা বৈশ্য,দীপজ্যোতি ডেকা, নিৰূপম তামুলী, উদীপ্ত বৰা আৰু জয় সাহাক নিৰ্বাচিত কৰিছে৷দলটোৰ স’তে শোণিতপুৰ জিলা চাইকেলিং সন্হাৰ সভানেত্ৰী ললিতা বৰাই কাইলৈ তেজপুৰৰ পৰা প্ৰতিযোগিতাখনলৈ যাত্ৰা কৰিব৷

গেৰুকামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মানৱ শৃংখলেৰে আছুৰ বিশাল প্ৰতিবাদ

 গেৰুকামুখৰ পৰা এন এইচ পি চিক খেদি পঠোৱা হ’বঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ প্ৰতাৰকঃ সদৌ অসম ছাত্ৰ সন্থা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ অক্টোবৰঃ গেৰুকামুখত এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰাৰ সময়তে প্ৰকল্পস্থলী ধ্বংসস্তুপ সদৃশ হোৱাৰ পিছত বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিছে৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰৱেশদ্বাৰত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সোৱণশিৰি প্ৰকল্প বন্ধ কৰি দিয়াৰ দাবী জনায়৷…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্লেছমেণ্ট বিষয়ক অভিযান

উত্তৰ লখিমপুৰ: ১৫ অক্টোবৰঃ কোম্পানীত কৰ্পৰেট নিযুক্তিৰ বাবে আদিত্য বিৰলা কেপিটেলছ লিমিটেড (এবিচিএল)ৰ দ্বাৰা লখিমপুৰ কমাৰ্চ কলেজত আজি প্লেচমেণ্ট অভিযানৰ অনুষ্ঠিত কৰা হয়। এই প্লেচমেণ্ট পদক্ষেপৰ আয়োজন কৰে মহাবিদ্যালয়খনৰ কেৰিয়াৰ গাইডেন্স চেলে।  কোষৰ সমন্বয়ক ড০ বিভা দত্তই এবিচিএলৰ প্লেচমেণ্ট অভিযানলৈ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়।  এই কাৰ্যসূচীত এবিচিএলৰ উত্তৰ লখিমপুৰৰ জেনেৰেল মেনেজাৰ,  কবিন্দ্ৰ শইকীয়া, আঞ্চলিক প্ৰবন্ধক-প্ৰশিক্ষণ, শংকৰ জ্যোতি শইকীয়া আৰু সহযোগী অংশীদাৰ ইফটিকাৰ আহমেদে অনুষ্ঠানত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ গোট…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক ছাত্ৰ দিৱস পালন

উত্তৰ লখিমপুৰঃ ১৫ অক্টোবৰঃ আন্তৰ্জাতিক ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উদযাপন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অচ্যুত কুমাৰ গগৈয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ইংৰাজী বিভাগৰ মুৰব্বী তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। ভাষণত অধ্যাপক হুছেইনে ড০ কালামৰ জীৱন আৰু কৰ্মৰাজি আৰু শিক্ষক হিচাপে তেওঁৰ বিভিন্ন…

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত অসম ৰাইফলছ চকাৰ দল বিজয়ী

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত অসম ৰাইফলছ চকাৰ দলে বঙাই গাঁও ইলেভেন ষ্টাৰ ক্লাবক ০-১ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ২৯ মিনিটত ষ্টাইকাৰ এছ ৰমৰ সিঙৰ এটা পাছত সমূজ্বল ৰাভাই স্কৰ কৰি গলটো দিয়ে। অহা ১৬ অক্টোবৰত অনুষ্ঠিত হব লগা খেলখনত সঞ্জীৱন সমাজ নগাঁও আৰু এ এচ বি ৰ দলে অংশ গ্ৰহণ কৰিব

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰাৰ সাহস কেনেকৈ হ’ল অভিজিৎ ভট্টাচাৰ্য্যৰঃ ঠংচি

অসম - অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা অৰুণাচলত প্ৰকৃতিগত ভাবেই নদী বান্ধৰ বাবে সুৰক্ষিত নহয় - মই সদায় নদী বান্ধৰ বিৰোধিতা কৰি আহিছোঁ - য়েছে দৰজে ঠংচি শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ অক্টোবৰ : অসম-অৰুণাচল প্ৰদেশৰ মাজত সমন্বয়ৰ সেঁতু গঢ়োতা, প্ৰসিদ্ধ সাহিত্যিক, "শৱ কটা মানুহ"ৰ স্ৰষ্টা য়েছে দৰজে ঠংছিয়েও আজি তেজপুৰত ৰূপকোঁৱৰৰ অমৰ সৃষ্টি "লভিতা" আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত প্ৰদৰ্শন কৰা গৰ্হিত কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে অসম - অৰুণাচলৰ সীমা - সমস্যা, নদী বান্ধৰ ওপৰত মন্তব্যৰ উপৰি…

তিনিচুকীয়াত সন্ধানহীন শিশুৰ কংকাল উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰ : তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নখৰাই চাহ বাগিছাৰ কাষৰীয়া এক হাবিতলীয়া অঞ্চলত বৃহস্পতিবাৰে এটা নৰকংকাল উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে কালি নৰকংকাল উদ্ধাৰ হোৱাৰ পাছত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ জানিব পৰা মতে স্থানীয় লোকে উক্ত স্থানত নৰকংকালটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ পাছত গুইজান আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত নৰকংকালটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে…

মহিলাৰ ওপৰত আক্ৰমণ:শোণিতপুৰ জিলা গোৰ্খা সন্মিলন আৰু গোৰ্খা ছাত্ৰ সন্হাৰ যৌথ বিবৃতি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৪অক্টোবৰ: যোৱা ছয় অক্টোবৰত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট অঞ্চলত বসবাস কৰা একমাত্ৰ গোৰ্খা সম্প্ৰদায়ৰ ঘৰৰ জীয়ৰী বোৱাৰীৰ ওপৰত চলা আক্ৰমণৰ বাবে অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ক্ষোভ প্ৰকট কৰিছে।আজি দুয়োটা সংগঠনে প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই কথা কোৱা হৈছে৷উল্লেখযোগ্য যে, এই সন্দৰ্ভত আক্ৰমণকাৰীক তৎকালীনভাৱে কৰায়ত্ত কৰি দৃষ্টান্তমুলক কঠোৰ শাস্তি বিহাৰ দাবীৰে শোণিতপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠন দুটাই…

আই আই টিত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰঃ আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি দুপৰীয়াৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ লোকে লাভ কৰে যদিও কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷ ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালৰ লোকে খবৰ পোৱাৰ পাছতে আজি গুৱাহাটী অভিমুখে ৰাওনা হৈছে ৷ শনিবাৰে তেওঁলোক গুৱাহাটীৰ পৰা বিমানযোগে খড়গপুৰলৈ ৰাওনা হ’ব৷ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চল নিবাসী মৃত ফাইজানৰ পিতৃ চেলিম আহমেদে…

অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত আঞ্চলিকতাবাদী শক্তি বৃদ্ধি কৰিবলৈ সংকল্প তেজপুৰ জিলা অগপৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৪ অক্টোবৰঃ অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ পুনৰ তেজপুৰৰ পৰা সৰব হৈ পৰিল অগপৰ তেজপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা দলীয় নেতা-কৰ্মীসকল। এসময়ৰ অগপৰ দুৰ্গ স্বৰূপ তেজপুৰত আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠান আৰম্ভ হয় তেজপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথৰ দ্বাৰা দলীয় পতাকা উত্তোলনৰে। জিলা সম্পাদক দাদুল বৰাই আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত শ্বহীদ তৰ্পণ কাৰ্যসূচী মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ…