Browsing Category
অসম
“ভূপেন হাজৰিকা কলাভূমি” ত সুৰীয়া আৰু সাংগীতিক অনুষ্ঠান “আমি একেখন নাৱৰে যাত্ৰী” – “কৃষ্ণ অমৃত…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ :শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ "মাধৱদেৱ কলা নিকেতন" ৰ সহযোগত তেজপুৰৰ "ভূপেন হাজৰিকা কলাভূমি" ত অহা ৫ নবেম্বৰত সুধাকণ্ঠ, বিশ্ববন্দিত তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত হ'ব লগা "আমি একেখন নাৱৰে যাত্ৰী" শীৰ্ষক সাংগীতিক - সুৰীয়া বিশেষ অনুষ্ঠানৰ লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৬ নবেম্বৰৰ সন্ধিয়া অনুষ্ঠিত হ'ব লগা" কৃষ্ণ অমৃত কথা " শীৰ্ষক গীতি নৃত্য নাটিকাৰ কালি সন্ধিয়া মিলনপুৰত এক মাংগলিক পৰিৱেশত শুভ মহুৰত সম্পন্ন হয়।"মাধৱদেৱ কলা…
তেজপুৰৰ বিন্দুকুৰিত যাত্ৰীবাহী ৰে’লক আগচিলে বন্যহস্তীয়ে
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত এটা প্ৰকাণ্ড বন্যহস্তীয়ে আগচি ধৰিছে ৰে’ল৷ ৰে’ল লাইনৰ ওপৰত আকোৰগোঁজ ভাবে অৱস্থান গ্ৰহণ কৰি যাত্ৰীবাহী ৰে’ল ৰখাই থোৱা গজৰাজে পাছত বিন্দুকুৰি অঞ্চলত এটা পৰিয়ালৰ বাসগৃহ ভাঙে৷ শীত কালিৰ আৰম্ভণিতেই বনাঞ্চলৰ পৰা ওলাই আহি খেতি পথাৰ আৰু জনাঞ্চলত বন্যহস্তীৰ বিচৰণ শোণিতপুৰ ৰঙাপৰা, চাৰিদুৱাৰ, বিন্দুকুৰি, ডিপোটা, বাঁহবাৰী, মোৱামাৰী, বিহুগুৰি আদি অঞ্চলৰ লগতে সমীপৱৰ্তী চাপৰি অঞ্চলৰ বাবে এক নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ বৰ্তমান ৰঙাপৰা আৰু তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত বন্যহস্তীৰ…
ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা ( ফটো সংবাদ)
শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত বিশিষ্ট কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ
ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে নিৰুদিষ্ট কিশোৰীক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: শোণিতপুৰৰ ঢেকিয়াজুলি আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি আনিলে ঢেকিয়াজুলিৰ ডিব্ৰুদৰং হাটখলাৰ পৰা নিৰুদিষ্ট হৈ থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক৷ উল্লেখ্য যে যোৱা ছয় অক্টোবৰত অঞ্জনা কিষাণ ৰঙাপৰাস্থিত বায়েকৰ ঘৰলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিল৷সেই সংক্ৰান্তত কিশোৰীগৰাকীৰ মাতৃ মিনতি কিষাণে সাত অক্টোবৰত ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল কৰে৷এই এজাহাৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে আৰু তেনে অৱস্থাতে সন্ধানহীন কিশোৰী গৰাকীয়ে সহায় বিচাৰি মাতৃলৈ ফোন কৰে৷…
গীত-মাত-কথাৰে জীপাল তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ন-পুৰণি ছাত্ৰৰ সমাহাৰ আৰু সামাজিক-সাংস্কৃতিক বিষয়ৰ বৌদ্ধিক চিন্তাৰ প্ৰকাশে আজি তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দূৰ-দূৰণিৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগ, মহাবিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত ‘আমি ২০২২’ নামৰে এখন তথ্যসমৃদ্ধ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰৰ স্মৃতি ৰোমন্থনেৰে নষ্টালজিক হৈ পৰা অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি…
ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ:অসম ৰাইফলছ চকাৰ দল কোৱাৰ্টাৰ ফাইনেলত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা খেলত অসম ৰাইফলছ চকাৰ দলে বঙাইগাঁও ইলেভেন ষ্টাৰ ক্লাৱক একমাত্ৰ গলৰ ব্যৱধানত পৰাভূত কৰে৷প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনৰ দ্বিতীয়াৰ্দ্ধৰ ২৯মিনিটত ৰাইফলছৰ এছ ৰমণ সিঙে বিজয়সূচক গলটো স্কৰ কৰে৷ উল্লেখযোগ্য যে, বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাৱৰ গলকীপাৰৰ দৰ্শনীয় প্ৰদৰ্শনে ৰাইফলছৰ বিজয় ব্যৱধানৰ পথ ৰুদ্ধ কৰে৷আজিৰ বিজয়ৰে ৰাইফলছে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত স্হান নিশ্চিত…
সদৌ অসম পথ চাইকেলিং:শোণিতপুৰ জিলা দল ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫অক্টোবৰ: অহা ১৭অক্টোবৰৰ পৰা দুদিনীয়াকৈ উত্তৰ লখিমপুৰৰ বাইপাছ ৰ’ডত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় বাৰ্ষিক সদৌ অসম ৰাজ্যিক পথ চাইকেলিং চেম্পিয়নশ্বিপত অংশ ল’ব শোণিতপুৰ দলে৷শোণিতপুৰ জিলা চাইকেলিং সন্হাই ইতিমধ্যে কাইলৈ প্ৰতিযোগিতাখনৰ বাবে দল প্ৰেৰণ কৰিব৷জিলা দলটোৰ বাবে ইতিমধ্যে মিছ দৃষ্টি বৰা,ৰূপশিখা সাহা,পৰিশ্মিতা বৈশ্য,দীপজ্যোতি ডেকা, নিৰূপম তামুলী, উদীপ্ত বৰা আৰু জয় সাহাক নিৰ্বাচিত কৰিছে৷দলটোৰ স’তে শোণিতপুৰ জিলা চাইকেলিং সন্হাৰ সভানেত্ৰী ললিতা বৰাই কাইলৈ তেজপুৰৰ পৰা প্ৰতিযোগিতাখনলৈ যাত্ৰা কৰিব৷
গেৰুকামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মানৱ শৃংখলেৰে আছুৰ বিশাল প্ৰতিবাদ
গেৰুকামুখৰ পৰা এন এইচ পি চিক খেদি পঠোৱা হ’বঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ প্ৰতাৰকঃ সদৌ অসম ছাত্ৰ সন্থা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ অক্টোবৰঃ গেৰুকামুখত এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰাৰ সময়তে প্ৰকল্পস্থলী ধ্বংসস্তুপ সদৃশ হোৱাৰ পিছত বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিছে৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰৱেশদ্বাৰত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সোৱণশিৰি প্ৰকল্প বন্ধ কৰি দিয়াৰ দাবী জনায়৷…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্লেছমেণ্ট বিষয়ক অভিযান
উত্তৰ লখিমপুৰ: ১৫ অক্টোবৰঃ কোম্পানীত কৰ্পৰেট নিযুক্তিৰ বাবে আদিত্য বিৰলা কেপিটেলছ লিমিটেড (এবিচিএল)ৰ দ্বাৰা লখিমপুৰ কমাৰ্চ কলেজত আজি প্লেচমেণ্ট অভিযানৰ অনুষ্ঠিত কৰা হয়। এই প্লেচমেণ্ট পদক্ষেপৰ আয়োজন কৰে মহাবিদ্যালয়খনৰ কেৰিয়াৰ গাইডেন্স চেলে। কোষৰ সমন্বয়ক ড০ বিভা দত্তই এবিচিএলৰ প্লেচমেণ্ট অভিযানলৈ ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়। এই কাৰ্যসূচীত এবিচিএলৰ উত্তৰ লখিমপুৰৰ জেনেৰেল মেনেজাৰ, কবিন্দ্ৰ শইকীয়া, আঞ্চলিক প্ৰবন্ধক-প্ৰশিক্ষণ, শংকৰ জ্যোতি শইকীয়া আৰু সহযোগী অংশীদাৰ ইফটিকাৰ আহমেদে অনুষ্ঠানত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ গোট…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক ছাত্ৰ দিৱস পালন
উত্তৰ লখিমপুৰঃ ১৫ অক্টোবৰঃ আন্তৰ্জাতিক ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উদযাপন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অচ্যুত কুমাৰ গগৈয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ইংৰাজী বিভাগৰ মুৰব্বী তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। ভাষণত অধ্যাপক হুছেইনে ড০ কালামৰ জীৱন আৰু কৰ্মৰাজি আৰু শিক্ষক হিচাপে তেওঁৰ বিভিন্ন…
