Browsing Category
অসম
ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত অসম ৰাইফলছ চকাৰ দল বিজয়ী
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত অসম ৰাইফলছ চকাৰ দলে বঙাই গাঁও ইলেভেন ষ্টাৰ ক্লাবক ০-১ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ২৯ মিনিটত ষ্টাইকাৰ এছ ৰমৰ সিঙৰ এটা পাছত সমূজ্বল ৰাভাই স্কৰ কৰি গলটো দিয়ে। অহা ১৬ অক্টোবৰত অনুষ্ঠিত হব লগা খেলখনত সঞ্জীৱন সমাজ নগাঁও আৰু এ এচ বি ৰ দলে অংশ গ্ৰহণ কৰিব
জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰাৰ সাহস কেনেকৈ হ’ল অভিজিৎ ভট্টাচাৰ্য্যৰঃ ঠংচি
অসম - অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা
অৰুণাচলত প্ৰকৃতিগত ভাবেই নদী বান্ধৰ বাবে সুৰক্ষিত নহয় - মই সদায় নদী বান্ধৰ বিৰোধিতা কৰি আহিছোঁ - য়েছে দৰজে ঠংচি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ অক্টোবৰ : অসম-অৰুণাচল প্ৰদেশৰ মাজত সমন্বয়ৰ সেঁতু গঢ়োতা, প্ৰসিদ্ধ সাহিত্যিক, "শৱ কটা মানুহ"ৰ স্ৰষ্টা য়েছে দৰজে ঠংছিয়েও আজি তেজপুৰত ৰূপকোঁৱৰৰ অমৰ সৃষ্টি "লভিতা" আৱাহন থিয়েটাৰৰ মঞ্চত বিকৃত ৰূপত প্ৰদৰ্শন কৰা গৰ্হিত কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে অসম - অৰুণাচলৰ সীমা - সমস্যা, নদী বান্ধৰ ওপৰত মন্তব্যৰ উপৰি…
তিনিচুকীয়াত সন্ধানহীন শিশুৰ কংকাল উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰ : তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নখৰাই চাহ বাগিছাৰ কাষৰীয়া এক হাবিতলীয়া অঞ্চলত বৃহস্পতিবাৰে এটা নৰকংকাল উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে কালি নৰকংকাল উদ্ধাৰ হোৱাৰ পাছত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ জানিব পৰা মতে স্থানীয় লোকে উক্ত স্থানত নৰকংকালটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ পাছত গুইজান আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত নৰকংকালটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে…
মহিলাৰ ওপৰত আক্ৰমণ:শোণিতপুৰ জিলা গোৰ্খা সন্মিলন আৰু গোৰ্খা ছাত্ৰ সন্হাৰ যৌথ বিবৃতি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৪অক্টোবৰ: যোৱা ছয় অক্টোবৰত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট অঞ্চলত বসবাস কৰা একমাত্ৰ গোৰ্খা সম্প্ৰদায়ৰ ঘৰৰ জীয়ৰী বোৱাৰীৰ ওপৰত চলা আক্ৰমণৰ বাবে অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ক্ষোভ প্ৰকট কৰিছে।আজি দুয়োটা সংগঠনে প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই কথা কোৱা হৈছে৷উল্লেখযোগ্য যে, এই সন্দৰ্ভত আক্ৰমণকাৰীক তৎকালীনভাৱে কৰায়ত্ত কৰি দৃষ্টান্তমুলক কঠোৰ শাস্তি বিহাৰ দাবীৰে শোণিতপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠন দুটাই…
আই আই টিত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰঃ আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি দুপৰীয়াৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ লোকে লাভ কৰে যদিও কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷ ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালৰ লোকে খবৰ পোৱাৰ পাছতে আজি গুৱাহাটী অভিমুখে ৰাওনা হৈছে ৷ শনিবাৰে তেওঁলোক গুৱাহাটীৰ পৰা বিমানযোগে খড়গপুৰলৈ ৰাওনা হ’ব৷ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চল নিবাসী মৃত ফাইজানৰ পিতৃ চেলিম আহমেদে…
অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত আঞ্চলিকতাবাদী শক্তি বৃদ্ধি কৰিবলৈ সংকল্প তেজপুৰ জিলা অগপৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৪ অক্টোবৰঃ অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ পুনৰ তেজপুৰৰ পৰা সৰব হৈ পৰিল অগপৰ তেজপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা দলীয় নেতা-কৰ্মীসকল। এসময়ৰ অগপৰ দুৰ্গ স্বৰূপ তেজপুৰত আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠান আৰম্ভ হয় তেজপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথৰ দ্বাৰা দলীয় পতাকা উত্তোলনৰে। জিলা সম্পাদক দাদুল বৰাই আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত শ্বহীদ তৰ্পণ কাৰ্যসূচী মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত বিশেষ অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত "Journalist Safety Session" নামেৰে এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এইচ পি ৰিস্ক মেনেজমেণ্টৰ সঞ্চালক তথা সাংবাদিক সুৰক্ষা সমিতিৰ পৰামৰ্শদাতা ,কলিন পেৰেইৰা আৰু সাংবাদিক সুৰক্ষা সমিতিৰ ভাৰতৰ প্ৰতিনিধি কুণাল মজুমদাৰ । ইয়াৰোপৰি তেজপুৰ জিলাৰ অন্য বহুকেইজন সাংবাদিক অনুষ্ঠানটোত উপস্থিত থাকে।উল্লেখ্য যে, সাংবাদিক সুৰক্ষা সমিতি (CPJ: Committee to Protect…
তেজপুৰৰ নিকটৱৰ্তী বৰঘাট গাৱঁত ভূমি কেন্দ্ৰীক সংঘাত সন্দৰ্ভত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ অক্টোবৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট গাঁৱৰ পট্টা নং ৪৮ আৰু দাগ নং-৩৪৭,৩৪৮,৩৪৯ ভূমি সম্পৰ্কীয় বিবাদৰ ফলত দুটা ফৈদৰ মাজত হিংসাত্মক ঘটনাৰ উদ্ভৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই সন্দৰ্ভত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত উক্ত অঞ্চলত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত আৰু অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেই অনুসৰি ঝাৰণি প্ৰাথমিক বিদ্যালয়ৰ পৰা ফকৰুদ্দিন আলি আদমেদ উচ্চ…
গুজৰাটৰ সদ্য সমাপ্ত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত সোণৰ পদক লাভ কৰা তানিয়া চৌধুৰীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৩ছেপ্তেম্বৰঃ গুজৰাটত সদ্য সমাপ্ত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰা অসমৰ লন বল খেলুৱৈ তানিয়া চৌধুৰীক আজি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা জনায়। আজি লোক নিৰ্মাণ (পথ) বিভাগয তেজপুৰ, চতিয়া আৰু ৰঙাপৰা গ্ৰাম্য পথ সংমণ্ডলত সহকাৰী অভিযন্তা হিচাপে যোগদান কৰাত শোণিতপুৰ জিলা প্ৰশাসনে তেখেতক জিলাখনলৈ উষ্ম আদৰণি জনায়।মন কৰিবলগীয়া যে এইবাৰ তৃতীয়বাৰৰ বাবে তেখেতে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে আৰু ইয়াৰ পূৰ্বে ২০১১ আৰু ২০১৫ চনতো অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি পদক…
ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল আৰম্ভ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আজিৰে পৰা তেজপুৰৰ পলফিল্ডত আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী মেছত সঞ্জীৱন সমাজ নগাঁও একাদশ দলে মৰাণ টাউন ক্লাৱ ক ৫-৩গলৰ ব্যৱধানত পৰাস্ত কৰে৷বিজয়ী দলৰ হৈ হেট্ৰিক কৰিবলৈ সক্ষম হয় টিকলি দাসে৷ আন দুটা গল কৰে লক্ষ্যজ্যোতি দাস আৰু অনন্ত ৰাভাই৷ আনহাতে বিজিত দলৰ হৈ কল্যাণজ্যোতি মৰাণ, যুৱৰাজ বৰগোহাঁই আৰু কেশব দাসে তিনিটা গল পৰিশোধ কৰে৷ বিজয়ী দলৰ টিকলি দাস আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়৷ উল্লেখযোগ্য যে,…
