Browsing Category
অসম
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত বিশেষ অনুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত "Journalist Safety Session" নামেৰে এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এইচ পি ৰিস্ক মেনেজমেণ্টৰ সঞ্চালক তথা সাংবাদিক সুৰক্ষা সমিতিৰ পৰামৰ্শদাতা ,কলিন পেৰেইৰা আৰু সাংবাদিক সুৰক্ষা সমিতিৰ ভাৰতৰ প্ৰতিনিধি কুণাল মজুমদাৰ । ইয়াৰোপৰি তেজপুৰ জিলাৰ অন্য বহুকেইজন সাংবাদিক অনুষ্ঠানটোত উপস্থিত থাকে।উল্লেখ্য যে, সাংবাদিক সুৰক্ষা সমিতি (CPJ: Committee to Protect…
তেজপুৰৰ নিকটৱৰ্তী বৰঘাট গাৱঁত ভূমি কেন্দ্ৰীক সংঘাত সন্দৰ্ভত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ অক্টোবৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট গাঁৱৰ পট্টা নং ৪৮ আৰু দাগ নং-৩৪৭,৩৪৮,৩৪৯ ভূমি সম্পৰ্কীয় বিবাদৰ ফলত দুটা ফৈদৰ মাজত হিংসাত্মক ঘটনাৰ উদ্ভৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই সন্দৰ্ভত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত উক্ত অঞ্চলত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত আৰু অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেই অনুসৰি ঝাৰণি প্ৰাথমিক বিদ্যালয়ৰ পৰা ফকৰুদ্দিন আলি আদমেদ উচ্চ…
গুজৰাটৰ সদ্য সমাপ্ত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত সোণৰ পদক লাভ কৰা তানিয়া চৌধুৰীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৩ছেপ্তেম্বৰঃ গুজৰাটত সদ্য সমাপ্ত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰা অসমৰ লন বল খেলুৱৈ তানিয়া চৌধুৰীক আজি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা জনায়। আজি লোক নিৰ্মাণ (পথ) বিভাগয তেজপুৰ, চতিয়া আৰু ৰঙাপৰা গ্ৰাম্য পথ সংমণ্ডলত সহকাৰী অভিযন্তা হিচাপে যোগদান কৰাত শোণিতপুৰ জিলা প্ৰশাসনে তেখেতক জিলাখনলৈ উষ্ম আদৰণি জনায়।মন কৰিবলগীয়া যে এইবাৰ তৃতীয়বাৰৰ বাবে তেখেতে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে আৰু ইয়াৰ পূৰ্বে ২০১১ আৰু ২০১৫ চনতো অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি পদক…
ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল আৰম্ভ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আজিৰে পৰা তেজপুৰৰ পলফিল্ডত আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী মেছত সঞ্জীৱন সমাজ নগাঁও একাদশ দলে মৰাণ টাউন ক্লাৱ ক ৫-৩গলৰ ব্যৱধানত পৰাস্ত কৰে৷বিজয়ী দলৰ হৈ হেট্ৰিক কৰিবলৈ সক্ষম হয় টিকলি দাসে৷ আন দুটা গল কৰে লক্ষ্যজ্যোতি দাস আৰু অনন্ত ৰাভাই৷ আনহাতে বিজিত দলৰ হৈ কল্যাণজ্যোতি মৰাণ, যুৱৰাজ বৰগোহাঁই আৰু কেশব দাসে তিনিটা গল পৰিশোধ কৰে৷ বিজয়ী দলৰ টিকলি দাস আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়৷ উল্লেখযোগ্য যে,…
তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ অক্টোবৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা সম্পত্তিৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ, সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ উপৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল তথা জিলাখনৰ অন্তৰ্গত ১১…
তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি স্পেইনৰ যুৱকে
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ অক্টোবৰঃ যুদ্ধ কেতিয়াও কাম্য নহয়। যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে, বৰ্তমান সময়ত ইউৰোপৰ দুখন দেশৰ ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত চলি থকা যুদ্ধৰ বাবে দয়োখন দেশৰ ৰাষ্ট্ৰপতিক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই এই মন্তব্য কৰে এগৰাকী স্পেইনৰ Pedro নামৰ নৱ প্ৰজন্মৰ যুৱকৰ। আনহাতে জাপানৰ Iroha নামৰ যুৱতী গৰাকীয়ে কয় মই প্ৰথমবাৰৰ বাবে ভাৰতত আহিছো আৰু ইয়াত ইজনে সিজনৰ লগত সম্পৰ্কৰ সমিলমিল দেখি আপ্লুত হৈছোঁ, কিন্তু যুদ্ধ কাৰো বাবে সমাধান নহয় বুলি তেওঁ মন্তব্য কৰে। আনহাতে ব্ৰাজিলৰ যুৱতী Juliya ই অসমৰ সংস্কৃতিৰ…
কোটি কোটি টকীয়া আঁচনি ৰূপায়ণৰ নামত বিষয়া-ঠিকাদাৰে মিলি শৰাধ কৰিছে ধনঃ আছু
সৰব আছু-নিবনুৱা সন্থাঃ ঘনচৰাইত সোৱণশিৰিৰ বান-খহনীয়াত অবৰ্ণনীয় পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহী আৰু অকৰ্মণ্য়তাৰ বাবেই সোৱণশিৰিয়ে যোৱা ১০ অক্টোবৰত ঘনচৰাইত মথাউৰি ছিঙি এক অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা কৰিছে৷ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সময়মতে আঁচনি ৰূপায়ণ নকৰাৰ বাবেই সমগ্ৰ তেলাহী অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই অভিযোগ সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ লগতে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ৷ এক বিবৃতিত আছুৰ জিলা…
লভিতাৰ শুধৰণিৰ বাবে ১০দিনৰ সময়সীমা লাচিত সেনাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি "লভিতা" নাটকখন বিকৃত ৰূপ দি উপস্থাপন কৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে বীৰ লাচিত সেনা অসম৷ আৱাহন থিয়েটাৰক এই ভুলৰ শুধৰণি কৰিবলৈ ১০ দিনৰ সময় সীমা বান্ধি দিছে সংগঠনটোৱে৷অন্যথা আৱাহন থিয়েটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো সতৰ্কবাণী শুনাইছে সংগঠনটোৱে৷আজি তেজপুৰত এক সংবাদমেলত এই বিষয়ে সদৰি কৰে বীৰ লাচিত সেনাই৷তেজপুৰস্হিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত আজি দুপৰীয়া অনুষ্ঠিত এক সংবাদ মেলত বীৰ লাচিত সেনা অসমৰ সংস্কৃতিক সম্পাদক নবদ্বীপ…
উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা যুৱ উৎসৱ
লখিমপুৰ,১২অক্টোবৰঃ আজি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা পৰ্যায়ৰ যুৱ উৎসৱটি অনুষ্ঠিত হৈ যায়।লখিমপুৰ জিলাৰ আহুচাউল গাঁৱৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা যুৱ উৎসৱৰ লগত সংগতি ৰাখি জিলাখনৰ যুৱক-যুৱতীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা,কবিতা লিখা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা,দলীয় নৃত্য প্ৰতিযোগিতাকে আদি কৰি মুঠ ছটাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।উক্ত প্ৰতিযোগিতাসমূহত জিলাখনৰ বিভিন্ন…
এন পি এছ বাতিলৰ দাবীত তিনিচুকীয়াত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ৬ ঘন্টীয়া ধৰ্মঘট
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ অন্যতম হঠকাৰী নীতি এন পি এছ বাতিলৰ দাবীত আজি তিনিচুকীয়াত অল ইণ্ডিয়া ৰে’লৱমেনছ ফেডাৰেচনৰ আহ্বানক্ৰমে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে ৬ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । দেশজোৰা এই ধৰ্মঘটত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডলৰ নিউ তিনিচুকীয়া, তিনিচুকীয়া, লিডু, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিঙৰ লগতে লামডিঙ, আগৰতলা, শিলচৰ, ধৰ্মনগৰ, বদৰপুৰ, মালিগাঁও, গোৱালপাৰা, ৰঙিয়া, উত্তৰ লখিমপুৰ, বঙাইগাঁও, আলিপুৰদুৱাৰ, নিউ জলপাইগুৰি, শিলিগুৰি, কাটিহাৰ…
