Browsing Category

অসম

বণাৰ্ঢ্য কাৰ্যসূচীৰে বিহগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ অক্টোবৰঃ তেজপুৰ মহকুমাৰ অগ্ৰণী মাধ্যমিক শিক্ষাৰ অনুষ্ঠান বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ৷ বালিকা বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আজি এক বৰ্ণাঢ্য, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে সমগ্ৰ বিহগুৰি অঞ্চল৷ উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচী আজি পুৱা ৫০খন পতাকা উত্তোলনৰে শুভাৰম্ভ হয়৷ বিদ্যালয়খনৰ ৫০ টা বছৰৰ গৰিমা স্মৰণ কৰি এই পতাকাসমূহ উত্তোলন কৰে…

কাইলৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ ১২ অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় পল’ফিল্ডত অহা ১৩ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ ১১ দিনীয়াকৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷ তেজপুৰৰ পল’ফিল্ডত  কাইলৈৰ পৰা হ’বলগা এই ফুটবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক বঁটা হিচাপে তাৰিণী ভূঞা সোঁৱৰণী চেম্পিয়ন হিচাপে ১ লাখ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক ৰাণাৰ্চ আপ ট্ৰফীৰ লগত ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব৷ উল্লেখ্য যে, প্ৰতিযোগিতাৰ প্ৰত্যেকখন খেলত প্ৰেম ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান…

বৃহস্পতিবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ধুবুৰী, ১২ অক্টোবৰ : অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৰূপে কাইলৈ আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে। গুৱাহাটীৰ আইআইটি চৌহদত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ চৰকাৰী অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ 'ভাৰ্চুৱেল' পদ্ধতিৰে ৰাজ্যৰ এই নৱতম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰিব। এই ভাৰ্চুৱেল উদ্বোধনী পৰ্বৰে সংগতি ৰাখি কাইলৈ দুপৰীয়া ধুবুৰী চিকিৎসা মহাবিদ্যালয় চৌহদতো এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ আৰু চিকিৎসা…

লখিমপুৰত তিনি দুবৃৰ্ত্তই মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত মঙ্গলবাৰে সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই ধৰ্ষণ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ লীলাবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লীলাবাৰী আৰক্ষী সূত্ৰে জানিবপৰা অনুসৰি চিনাতলীয়া বাগানৰ নিবাসী এগৰাকী ২৮ বছৰীয়া বিবাহিত মহিলাক তিনি দুবৃৰ্ত্তই অজ্ঞাত স্থানত দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত কদম বাগানত পেলাই থৈ যায়৷ আৰক্ষীয়ে সন্ধিয়া খবৰ লাভ কৰি মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত আজি আৰক্ষীয়ে অসহায় মহিলাগৰাকীক…

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হোৱা এজনী হাতীৰ মংগলবাৰে নিশা  গিবনত মৃত্যু ঘটে ( ফটো সংবাদ)

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হোৱা এজনী হাতীৰ মংগলবাৰে নিশা  গিবনত মৃত্যু ঘটে ( ফটো সংবাদ)

তিনিচুকীয়াৰ আদালতত নিষিদ্ধ হ’ল গোটকা, ধপাত, চিগাৰেট, তামোলপাণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ অক্টোবৰ : জনস্বাস্থ্যৰ সুৰক্ষা তথা জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু আদালত চৌহদৰ চাফচাফচিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে ফৌজদাৰী কাৰ্য্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ উপায়ুক্ত কাৰ্য্যালয় তথা জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত গোটকা, ধপাত, চিগাৰেট আৰু তামোল-পাণৰ সেৱন নিষিদ্ধ কৰিছে ৷ ইয়াৰোপৰি নিষিদ্ধ একক ব্যৱহাৰ্য্য প্লাষ্টিকৰ ব্যৱহাৰ, কাৰ্যালয় চৌহদত আৱৰ্জনা পেলোৱা আৰু মুকলি ঠাইত প্ৰস্ৰাৱ কৰা সন্দৰ্ভত সঘনাই দাখিল কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত…

“বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ” শীৰ্ষক আলোচনা সত্ৰ সম্পন্ন

গুৱাহাটী, ১১ অক্টোবৰ: গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ(Career opportunities after B.Tech)” শীৰ্ষক এখন আলোচনা সত্ৰ ১১ অক্টোবৰ, ২০২২ তাৰিখে অনুষ্ঠিত হয় । যান্ত্রিক অভিযান্ত্রিক বিভাগৰ অধ্যাপক লীনা এইছ নেমাদে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰা আলোচনা সত্ৰখনৰ সমল ব্যক্তি আই আই টি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ গৱেষক-পিএমআৰএফ ধনঞ্জয় কুমাৰে শিক্ষাৰ্থীসকলৰ সৈতে ‘গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test…

লখিমপুৰত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ এ এছ আই ডম্বৰুধৰ দত্তই আজি এজন অভিযোগকাৰীৰ পৰা গোচৰৰ নামত ধন লোৱাৰ সময়তে ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী বিষয়াজনে চিলনীবাৰী আৰক্ষীচকীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ পানীগাঁও চাৰিআলিত এনেদৰে ঘোচ লবলৈ যোৱাৰ সময়তে ভিজিলেঞ্চ- দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বহু বিতৰ্কিত ডম্বৰুধৰ দত্তই চাকৰিৰ সময়ত বিভিন্নজনক দাবী ধমকিৰে ধন সংগ্ৰহ কৰি আহিছিল৷ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ দৌলপতাৰ নিবাসী ডম্বৰুধৰ দত্তই…

তাচ পাতৰ দৰে খহিছে গেৰুকামুখ পাহাৰ

থৰকাছুটি হেৰুৱাইছে এন এইচ পিচিয়ে শতাব্দ প্ৰতিনিধি,লখিমপুৰ,১১অক্টোবৰঃ এন এইচ পিচিত ধাৰাবাহিক খহনীয়া অব্যাহত আছে।তাচপাতৰ দৰে খহিবলৈ ধৰিছে এন এইচ পিচিৰ গেৰুকামুখৰ পাহাৰ।প্ৰথমে গাৰ্ড ৱাল,তাৰ পাছত টাৰ্নেল আৰু শেহতীয়াকৈ হুৰাহুৰে খহিছে এন এইচ পিচিৰ সুৰংগ।এন এইচ পিচিত হৈ থকা এনে খহনীয়াই এতিয়া নিদ্ৰা হৰিছে বান্ধ নিৰ্মাণ কোম্পানীটোৰ।১১৬ মিটাৰ উচ্চতাৰে নিৰ্মাণ সম্পুৰ্ণ কৰিবলৈ তৎপৰতা চলোৱা এন এইচ পিচিৰ ২০০০মেগাৱট শক্তি সম্পন্ন বৃহৎ বান্ধটো যদিহে ভাঙি পৰে তেনে হলে উত্তৰ পাৰৰ চাৰিখন জিলা যে ভয়াৱহভাবে ক্ষতিগ্ৰস্ত হব সেই কথা এতিয়া সকলোৰে…

চাহ বাগিচা অঞ্চলত সুলভ মূল্যৰ সামগ্ৰী যোগানৰ অনুজ্ঞাপত্ৰ বাগিচা কৰ্তৃপক্ষক প্ৰদানৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ

 মুখ্যমন্ত্ৰীক জনোৱা আহ্বানো অসাৰ শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০অক্টোবৰঃ ৰাজ্যৰ চাহ বাগিচা অঞ্চলত স্হানীয় এজেন্টৰ দ্বাৰা পৰিচালিত সুলভ মূল্যৰ দোকান সমূহ শীঘ্ৰেই বন্ধ হৈ পৰিব৷ ইয়াৰ বিপৰীতে চাহ বাগিছা কৰ্তৃপক্ষই এনে সুলভ মূল্যৰ সামগ্ৰী বিতৰণৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিব৷ সম্প্ৰতি এই বিষয়কলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাই।উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ স’তে চাহ বাগিছা কৰ্তৃপক্ষ, অসম চাহ মজদূৰ সংঘৰ যোৱা ১০ আগষ্টত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত সভাত সুলভ মূল্যৰ সামগ্ৰী বাগিচা…