Browsing Category

অসম

তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ অক্টোবৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা সম্পত্তিৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ, সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ উপৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল তথা জিলাখনৰ অন্তৰ্গত ১১…

তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি স্পেইনৰ যুৱকে

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ অক্টোবৰঃ যুদ্ধ কেতিয়াও কাম্য নহয়। যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে, বৰ্তমান সময়ত ইউৰোপৰ দুখন দেশৰ ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত চলি থকা যুদ্ধৰ বাবে দয়োখন দেশৰ ৰাষ্ট্ৰপতিক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই এই মন্তব্য কৰে এগৰাকী স্পেইনৰ Pedro নামৰ নৱ প্ৰজন্মৰ যুৱকৰ। আনহাতে জাপানৰ Iroha নামৰ যুৱতী গৰাকীয়ে কয় মই প্ৰথমবাৰৰ বাবে ভাৰতত আহিছো আৰু ইয়াত ইজনে সিজনৰ লগত সম্পৰ্কৰ সমিলমিল দেখি আপ্লুত হৈছোঁ, কিন্তু যুদ্ধ কাৰো বাবে সমাধান নহয় বুলি তেওঁ মন্তব্য কৰে। আনহাতে ব্ৰাজিলৰ যুৱতী Juliya ই অসমৰ সংস্কৃতিৰ…

কোটি কোটি টকীয়া আঁচনি ৰূপায়ণৰ নামত বিষয়া-ঠিকাদাৰে মিলি শৰাধ কৰিছে ধনঃ আছু

সৰব আছু-নিবনুৱা সন্থাঃ ঘনচৰাইত সোৱণশিৰিৰ বান-খহনীয়াত অবৰ্ণনীয় পৰিস্থিতি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহী আৰু অকৰ্মণ্য়তাৰ বাবেই সোৱণশিৰিয়ে যোৱা ১০ অক্টোবৰত ঘনচৰাইত মথাউৰি ছিঙি এক অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা কৰিছে৷ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সময়মতে আঁচনি ৰূপায়ণ নকৰাৰ বাবেই সমগ্ৰ তেলাহী অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই অভিযোগ সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ লগতে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ৷ এক বিবৃতিত আছুৰ জিলা…

লভিতাৰ শুধৰণিৰ বাবে ১০দিনৰ সময়সীমা লাচিত সেনাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি "লভিতা" নাটকখন বিকৃত ৰূপ দি উপস্থাপন কৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে বীৰ লাচিত সেনা অসম৷ আৱাহন থিয়েটাৰক এই ভুলৰ শুধৰণি কৰিবলৈ ১০ দিনৰ সময় সীমা বান্ধি দিছে সংগঠনটোৱে৷অন্যথা আৱাহন থিয়েটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো সতৰ্কবাণী শুনাইছে সংগঠনটোৱে৷আজি তেজপুৰত এক সংবাদমেলত এই বিষয়ে সদৰি কৰে বীৰ লাচিত সেনাই৷তেজপুৰস্হিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত আজি দুপৰীয়া অনুষ্ঠিত এক সংবাদ মেলত বীৰ লাচিত সেনা অসমৰ সংস্কৃতিক সম্পাদক নবদ্বীপ…

উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা যুৱ উৎসৱ

লখিমপুৰ,১২অক্টোবৰঃ আজি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা পৰ্যায়ৰ যুৱ উৎসৱটি অনুষ্ঠিত হৈ যায়।লখিমপুৰ জিলাৰ আহুচাউল গাঁৱৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ ৰঙ্গমঞ্চত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা যুৱ উৎসৱৰ লগত সংগতি ৰাখি জিলাখনৰ যুৱক-যুৱতীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা,কবিতা লিখা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা,দলীয় নৃত্য প্ৰতিযোগিতাকে আদি কৰি মুঠ ছটাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।উক্ত প্ৰতিযোগিতাসমূহত জিলাখনৰ বিভিন্ন…

এন পি এছ বাতিলৰ দাবীত তিনিচুকীয়াত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ৬ ঘন্টীয়া ধৰ্মঘট

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ অন্যতম হঠকাৰী নীতি এন পি এছ বাতিলৰ দাবীত আজি তিনিচুকীয়াত অল ইণ্ডিয়া ৰে’লৱমেনছ ফেডাৰেচনৰ আহ্বানক্ৰমে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে ৬ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । দেশজোৰা এই ধৰ্মঘটত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডলৰ নিউ তিনিচুকীয়া, তিনিচুকীয়া, লিডু, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিঙৰ লগতে লামডিঙ, আগৰতলা, শিলচৰ, ধৰ্মনগৰ, বদৰপুৰ, মালিগাঁও, গোৱালপাৰা, ৰঙিয়া, উত্তৰ লখিমপুৰ, বঙাইগাঁও, আলিপুৰদুৱাৰ, নিউ জলপাইগুৰি, শিলিগুৰি, কাটিহাৰ…

বণাৰ্ঢ্য কাৰ্যসূচীৰে বিহগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ অক্টোবৰঃ তেজপুৰ মহকুমাৰ অগ্ৰণী মাধ্যমিক শিক্ষাৰ অনুষ্ঠান বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ৷ বালিকা বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আজি এক বৰ্ণাঢ্য, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে সমগ্ৰ বিহগুৰি অঞ্চল৷ উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচী আজি পুৱা ৫০খন পতাকা উত্তোলনৰে শুভাৰম্ভ হয়৷ বিদ্যালয়খনৰ ৫০ টা বছৰৰ গৰিমা স্মৰণ কৰি এই পতাকাসমূহ উত্তোলন কৰে…

কাইলৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ ১২ অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় পল’ফিল্ডত অহা ১৩ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ ১১ দিনীয়াকৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷ তেজপুৰৰ পল’ফিল্ডত  কাইলৈৰ পৰা হ’বলগা এই ফুটবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলক বঁটা হিচাপে তাৰিণী ভূঞা সোঁৱৰণী চেম্পিয়ন হিচাপে ১ লাখ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক ৰাণাৰ্চ আপ ট্ৰফীৰ লগত ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব৷ উল্লেখ্য যে, প্ৰতিযোগিতাৰ প্ৰত্যেকখন খেলত প্ৰেম ডেকা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান…

বৃহস্পতিবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ধুবুৰী, ১২ অক্টোবৰ : অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৰূপে কাইলৈ আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে। গুৱাহাটীৰ আইআইটি চৌহদত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ চৰকাৰী অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ 'ভাৰ্চুৱেল' পদ্ধতিৰে ৰাজ্যৰ এই নৱতম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰিব। এই ভাৰ্চুৱেল উদ্বোধনী পৰ্বৰে সংগতি ৰাখি কাইলৈ দুপৰীয়া ধুবুৰী চিকিৎসা মহাবিদ্যালয় চৌহদতো এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ আৰু চিকিৎসা…

লখিমপুৰত তিনি দুবৃৰ্ত্তই মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত মঙ্গলবাৰে সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই ধৰ্ষণ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ লীলাবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লীলাবাৰী আৰক্ষী সূত্ৰে জানিবপৰা অনুসৰি চিনাতলীয়া বাগানৰ নিবাসী এগৰাকী ২৮ বছৰীয়া বিবাহিত মহিলাক তিনি দুবৃৰ্ত্তই অজ্ঞাত স্থানত দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত কদম বাগানত পেলাই থৈ যায়৷ আৰক্ষীয়ে সন্ধিয়া খবৰ লাভ কৰি মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত আজি আৰক্ষীয়ে অসহায় মহিলাগৰাকীক…