Browsing Category

অসম

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হোৱা এজনী হাতীৰ মংগলবাৰে নিশা  গিবনত মৃত্যু ঘটে ( ফটো সংবাদ)

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হোৱা এজনী হাতীৰ মংগলবাৰে নিশা  গিবনত মৃত্যু ঘটে ( ফটো সংবাদ)

তিনিচুকীয়াৰ আদালতত নিষিদ্ধ হ’ল গোটকা, ধপাত, চিগাৰেট, তামোলপাণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ অক্টোবৰ : জনস্বাস্থ্যৰ সুৰক্ষা তথা জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু আদালত চৌহদৰ চাফচাফচিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে ফৌজদাৰী কাৰ্য্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ উপায়ুক্ত কাৰ্য্যালয় তথা জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত গোটকা, ধপাত, চিগাৰেট আৰু তামোল-পাণৰ সেৱন নিষিদ্ধ কৰিছে ৷ ইয়াৰোপৰি নিষিদ্ধ একক ব্যৱহাৰ্য্য প্লাষ্টিকৰ ব্যৱহাৰ, কাৰ্যালয় চৌহদত আৱৰ্জনা পেলোৱা আৰু মুকলি ঠাইত প্ৰস্ৰাৱ কৰা সন্দৰ্ভত সঘনাই দাখিল কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত…

“বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ” শীৰ্ষক আলোচনা সত্ৰ সম্পন্ন

গুৱাহাটী, ১১ অক্টোবৰ: গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ(Career opportunities after B.Tech)” শীৰ্ষক এখন আলোচনা সত্ৰ ১১ অক্টোবৰ, ২০২২ তাৰিখে অনুষ্ঠিত হয় । যান্ত্রিক অভিযান্ত্রিক বিভাগৰ অধ্যাপক লীনা এইছ নেমাদে সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰা আলোচনা সত্ৰখনৰ সমল ব্যক্তি আই আই টি গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ গৱেষক-পিএমআৰএফ ধনঞ্জয় কুমাৰে শিক্ষাৰ্থীসকলৰ সৈতে ‘গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test…

লখিমপুৰত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ এ এছ আই ডম্বৰুধৰ দত্তই আজি এজন অভিযোগকাৰীৰ পৰা গোচৰৰ নামত ধন লোৱাৰ সময়তে ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী বিষয়াজনে চিলনীবাৰী আৰক্ষীচকীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ পানীগাঁও চাৰিআলিত এনেদৰে ঘোচ লবলৈ যোৱাৰ সময়তে ভিজিলেঞ্চ- দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বহু বিতৰ্কিত ডম্বৰুধৰ দত্তই চাকৰিৰ সময়ত বিভিন্নজনক দাবী ধমকিৰে ধন সংগ্ৰহ কৰি আহিছিল৷ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ দৌলপতাৰ নিবাসী ডম্বৰুধৰ দত্তই…

তাচ পাতৰ দৰে খহিছে গেৰুকামুখ পাহাৰ

থৰকাছুটি হেৰুৱাইছে এন এইচ পিচিয়ে শতাব্দ প্ৰতিনিধি,লখিমপুৰ,১১অক্টোবৰঃ এন এইচ পিচিত ধাৰাবাহিক খহনীয়া অব্যাহত আছে।তাচপাতৰ দৰে খহিবলৈ ধৰিছে এন এইচ পিচিৰ গেৰুকামুখৰ পাহাৰ।প্ৰথমে গাৰ্ড ৱাল,তাৰ পাছত টাৰ্নেল আৰু শেহতীয়াকৈ হুৰাহুৰে খহিছে এন এইচ পিচিৰ সুৰংগ।এন এইচ পিচিত হৈ থকা এনে খহনীয়াই এতিয়া নিদ্ৰা হৰিছে বান্ধ নিৰ্মাণ কোম্পানীটোৰ।১১৬ মিটাৰ উচ্চতাৰে নিৰ্মাণ সম্পুৰ্ণ কৰিবলৈ তৎপৰতা চলোৱা এন এইচ পিচিৰ ২০০০মেগাৱট শক্তি সম্পন্ন বৃহৎ বান্ধটো যদিহে ভাঙি পৰে তেনে হলে উত্তৰ পাৰৰ চাৰিখন জিলা যে ভয়াৱহভাবে ক্ষতিগ্ৰস্ত হব সেই কথা এতিয়া সকলোৰে…

চাহ বাগিচা অঞ্চলত সুলভ মূল্যৰ সামগ্ৰী যোগানৰ অনুজ্ঞাপত্ৰ বাগিচা কৰ্তৃপক্ষক প্ৰদানৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ

 মুখ্যমন্ত্ৰীক জনোৱা আহ্বানো অসাৰ শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০অক্টোবৰঃ ৰাজ্যৰ চাহ বাগিচা অঞ্চলত স্হানীয় এজেন্টৰ দ্বাৰা পৰিচালিত সুলভ মূল্যৰ দোকান সমূহ শীঘ্ৰেই বন্ধ হৈ পৰিব৷ ইয়াৰ বিপৰীতে চাহ বাগিছা কৰ্তৃপক্ষই এনে সুলভ মূল্যৰ সামগ্ৰী বিতৰণৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিব৷ সম্প্ৰতি এই বিষয়কলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাই।উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ স’তে চাহ বাগিছা কৰ্তৃপক্ষ, অসম চাহ মজদূৰ সংঘৰ যোৱা ১০ আগষ্টত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত সভাত সুলভ মূল্যৰ সামগ্ৰী বাগিচা…

কয়লা মাফিয়াক নাকী লগোৱাৰ চেষ্টা অৰুণাচলৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লাখনিত চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত খনন চলাবলৈ গৈ নিৰীহ শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ অহাৰ পাছতো অসম চৰকাৰ, জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বিপৰীতে কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে অৰুণাচলৰ প্ৰশাসন ৷ কয়লাৰ অবৈধ খনন আৰু চোৰাং বেহা ৰোধ কৰাৰ বাবে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলা প্ৰশাসনে এক নিৰ্দেশযোগে কলা হীৰাৰ চোৰাং খনন আৰু সৰবৰাহত সাধাৰণতে ব্যৱহাৰ হোৱা এক্সকেভেটৰ, পকলেণ্ড,…

তেজপুৰত মাংগলিক পৰিৱেশত ৰাসোৎসৱৰ নাটমেলা

পৰম্পৰাগত ভাবে লক্ষ্মী পূজাৰ নিশা "কেলী গোপাল" নাটৰ শুভাৰম্ভণি ঐতিহ্যমণ্ডিত মিলন বাকৰি আৰু বিহগুৰি কলিতা গাওঁ আঞ্চলিক ৰাসোৎসৱৰ শতাব্দ প্ৰতিনিধি তেজপুৰ,১০অক্টোবৰঃ "শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন /ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন" পুনৰ সন্মুখত আহি পৰিছে শাৰদীয় স্নিগ্ধ জোনাকৰ সেই ৰাসোৎসৱৰ বতৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ দৰ্শন পৰম্পৰাগত ভাবে প্ৰদৰ্শন কৰিবৰ বাবে সত্ৰ নগৰী মাজুলীৰ লগতে ৰাজ্যখনৰ চৌদিশে কালি লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই ৰাস ভাওনাৰ "কেলী গোপাল" নাট মেলাৰে সাজু হৈ পৰিছে…

তিনিচুকীয়াৰ পৰা সন্ধানহীন কিশোৰী বিহাৰত উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : বিগত ৫ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা তিনিচুকীয়াৰ নপুখুৰী অঞ্চলৰ এগৰাকী কিশোৰী বিহাৰত উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ জ্যোতি নগৰ নিবাসী জনৈক জয় প্ৰকাশ আগৰৱালাৰ নাবালিক কন্যাই ৫ অক্টোবৰৰ ৰাতিপুৱা বিস্কুট আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু বহু দেৰিলৈকে কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত ঘৰত হুৱাদুৱা লাগে ৷ পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰি কিশোৰীগৰাকীৰ কোনো সন্ধান নোপোৱাত নপুখুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত…

লংডিঙত সন্দেহজনক নগা বিদ্ৰোহীৰ গুলীত নিহত বৃদ্ধ ব্যৱসায়ী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ শক্তিশালী ঘাটিৰূপে পৰিচিত অৰুণাচল প্ৰদেশৰ লংডিং চহৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অজ্ঞাত আততায়ীয়ে এজন বয়োজ্যেষ্ঠ ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ লংডিং চহৰত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ নিহত ব্যৱসায়ীজন হৈছে ৭০ বছৰ বয়সীয়া আটাৰ সিং শৰ্মা ৷ হাৰিয়ানাৰ পৰা প্ৰায় ৪০ বছৰ পূৰ্বে লংডিঙলৈ অহা আটাৰ সিং শৰ্মা তেওঁৰ গেলামালৰ দোকানত থকাৰ সময়তে আততায়ীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ৷ সেইসময়ত নিহত আটাৰ সিং শৰ্মাৰ পুত্ৰ অৰুণ কুমাৰ শৰ্মা আৰু পত্নী…