Browsing Category
অসম
কয়লা মাফিয়াক নাকী লগোৱাৰ চেষ্টা অৰুণাচলৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লাখনিত চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত খনন চলাবলৈ গৈ নিৰীহ শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ অহাৰ পাছতো অসম চৰকাৰ, জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বিপৰীতে কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে অৰুণাচলৰ প্ৰশাসন ৷ কয়লাৰ অবৈধ খনন আৰু চোৰাং বেহা ৰোধ কৰাৰ বাবে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলা প্ৰশাসনে এক নিৰ্দেশযোগে কলা হীৰাৰ চোৰাং খনন আৰু সৰবৰাহত সাধাৰণতে ব্যৱহাৰ হোৱা এক্সকেভেটৰ, পকলেণ্ড,…
তেজপুৰত মাংগলিক পৰিৱেশত ৰাসোৎসৱৰ নাটমেলা
পৰম্পৰাগত ভাবে লক্ষ্মী পূজাৰ নিশা "কেলী গোপাল" নাটৰ শুভাৰম্ভণি ঐতিহ্যমণ্ডিত মিলন বাকৰি আৰু বিহগুৰি কলিতা গাওঁ আঞ্চলিক ৰাসোৎসৱৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০অক্টোবৰঃ "শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন /ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন" পুনৰ সন্মুখত আহি পৰিছে শাৰদীয় স্নিগ্ধ জোনাকৰ সেই ৰাসোৎসৱৰ বতৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ দৰ্শন পৰম্পৰাগত ভাবে প্ৰদৰ্শন কৰিবৰ বাবে সত্ৰ নগৰী মাজুলীৰ লগতে ৰাজ্যখনৰ চৌদিশে কালি লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই ৰাস ভাওনাৰ "কেলী গোপাল" নাট মেলাৰে সাজু হৈ পৰিছে…
তিনিচুকীয়াৰ পৰা সন্ধানহীন কিশোৰী বিহাৰত উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : বিগত ৫ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা তিনিচুকীয়াৰ নপুখুৰী অঞ্চলৰ এগৰাকী কিশোৰী বিহাৰত উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ জ্যোতি নগৰ নিবাসী জনৈক জয় প্ৰকাশ আগৰৱালাৰ নাবালিক কন্যাই ৫ অক্টোবৰৰ ৰাতিপুৱা বিস্কুট আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু বহু দেৰিলৈকে কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত ঘৰত হুৱাদুৱা লাগে ৷ পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰি কিশোৰীগৰাকীৰ কোনো সন্ধান নোপোৱাত নপুখুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত…
লংডিঙত সন্দেহজনক নগা বিদ্ৰোহীৰ গুলীত নিহত বৃদ্ধ ব্যৱসায়ী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ শক্তিশালী ঘাটিৰূপে পৰিচিত অৰুণাচল প্ৰদেশৰ লংডিং চহৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অজ্ঞাত আততায়ীয়ে এজন বয়োজ্যেষ্ঠ ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ লংডিং চহৰত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷ নিহত ব্যৱসায়ীজন হৈছে ৭০ বছৰ বয়সীয়া আটাৰ সিং শৰ্মা ৷ হাৰিয়ানাৰ পৰা প্ৰায় ৪০ বছৰ পূৰ্বে লংডিঙলৈ অহা আটাৰ সিং শৰ্মা তেওঁৰ গেলামালৰ দোকানত থকাৰ সময়তে আততায়ীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ৷ সেইসময়ত নিহত আটাৰ সিং শৰ্মাৰ পুত্ৰ অৰুণ কুমাৰ শৰ্মা আৰু পত্নী…
আহিনমহীয়া লখিমপুৰত সোৱণশিৰিয়ে ছিঙিলে ভীমপৰা মথাউৰি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ অৱশেষত সকলোৱে আশংকা কৰাৰ দৰেই আজি সোৱণশিৰিয়ে ভীমপৰা মথাউৰিৰ ন-আলি ঘনচৰাইত মথাউৰি ছিঙে ৷ মথাউৰিৰ ছিগা অংশৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত আজি বিয়লি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ প্ৰবল সোঁত আৰু ঢলে নিমিষতে নিকটৱৰ্তী গাঁৱৰ ঘৰ-বাৰী, খেতি-পথাৰ বুৰাই পেলোৱাত সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সূচনা হয়৷ উল্লেখ্য যে আজি দিনৰ প্ৰায় ৩ বজাত সোৱণশিৰি নদীয়ে ভীমপৰা মথাউৰিটোৰ এক বৃহৎ অংশ বিছিন্ন কৰি বৃহত্তৰ তেলাহী অঞ্চলটোৰ বহু গাঁও জলমগ্ন কৰে৷ আজি সোৱণশিৰিৰ নদীৰ প্ৰচণ্ড সোঁতে…
চৰকাৰী ঘোষণাৰ বিপৰীতে শোণিতপুৰত চিকিৎসাৰ পয়ালগা অৱস্থা
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ৯অক্টোবৰঃ বৃহৎ অট্টালিকাৰে চিকিৎসালয় নতুবা চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ হ’লেও ৰাজ্যত সম্প্ৰতি চিকিৎসালয়ৰ অৱস্হা তেনেই পয়ালগা অৱস্হাতে আছে৷ উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত একেই অৱস্হা বিৰাজ কৰিছে৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’নাৰ সময়ত ততাতৈয়াকৈ অতিৰিক্ত ভাবে আই চি ইউ কক্ষ নিৰ্মাণৰে ৰাজ্যৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাহ বাহ ল’লেও সেই কাম কৰা ঠিকাদাৰে আজিলৈকে বিল লাভ নকৰিলে বুলি জানিব…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ অভিনেতা, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ অক্টোবৰঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিল্পী পেঞ্চনাৰ, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ শিল্পী, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, দা ধৰা বামুণ চুবুৰী নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ আজি পুৱা নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, বিগত কিছু দিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৯২ বছৰীয়া নিষ্ঠাবান সমাজকৰ্মী আৰু শিল্পী গৰাকীৰ শেহতীয়াকৈ শৰীৰৰ দ্ৰুত অৱনতি ঘটাত পৰিয়ালৰ লোকে প্ৰথমে তেজপুৰৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত তেজপুৰ চিকিৎসা…
এন এইচ পি চিত পুনৰ ভয়াৱহ ভূমিস্খলন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ অক্টোবৰঃ পুনৰ ভয়াৱহ ভূমিস্ফলনৰ ঘটনা সংঘটিত হৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত৷ যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ এন এইচ পি চিত অঘটন ঘটিছে৷ জলবিদ্যুৎ প্ৰকল্পটোৰ ২ নং ডাইভাৰ্চন টাৰ্নেলৰ ওপৰত পাহাৰৰ পৰা খহি অহা মাটিয়ে প্ৰকল্পটোত বিভীষিকাৰ সৃষ্টি কৰিছে৷ অত্যধিক বৰষুণৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সঘনাই ভূমিস্ফলন ঘটাৰ ফলত প্ৰকল্পটোৰ কাম কাজ স্থবিৰ হৈ পৰাৰ লগতে ইতিপূৰ্বে খহি পৰা গাৰ্ড ৱালেৰে সোমোৱা পানীয়ে এন এইচ পি চিৰ পাৱাৰ হাউচ এতিয়াও জলমগ্ন কৰি ৰাখিছে৷ অৱশ্যে দিনে…
ৰাজ্যিক কাৰাটেত শোণিতপুৰৰ সফলতা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ অক্টোবৰঃ অহা নৱেম্বৰত শ্বলিঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট অলিম্পিকত অংশ গ্ৰহণৰ বাবে শোণিতপুৰৰ তিনিজন কাৰাটে খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে৷ উল্লেখযোগ্য যে, ৬ আৰু ৭ অক্টোবৰত গুৱাহাটী খানাপাৰাত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত স্হানীয় গণেশ মন্দিৰ ইণ্ড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত শোণিতপুৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে৷ ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ১২শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত শোণিতপুৰ জিলা দলৰ প্ৰশিক্ষক দিগন্ত দাস, ৰাজীৱ হাজৰিকা আৰু টিম মেনেজাৰৰ ভূপেন বৰা…
লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ অক্টোবৰঃ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অহা ১৪ অক্টোবৰত এহেজাৰ দম্পতীয়ে একেলগে বহিব সামূহিক বিবাহত৷ ইতিমধ্যে এই দম্পতীসকলে বিবাহ সংস্কাৰ সমিতিৰ ওচৰত নিজৰ নাম পঞ্জীয়ন কৰিছে৷ এই কথা জানিবলৈ দিছে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিয়ে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দুপৰীয়া অনুষ্ঠিত হোৱা এখন সংবাদমেলত লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ হৈ কাৰ্যালয় প্ৰমুখ তপন কুমাৰ বেজবৰুৱা, প্ৰচাৰ প্ৰমুখ মজিন সোণোৱাল আৰু জিলা বিবাহ সংস্কাৰ সমিতিৰ সাধাৰণ সম্পাদক ভৱ বুঢ়াগোঁহায়ে কয় যে ইতিপূৰ্বে তেওঁলোকে চলিত বৰ্ষত বগীনদী,…
