Browsing Category

অসম

তিনিচুকীয়াৰ ৰাজপথত বহিৰাগত বিজেপি পালিনেতাৰ গুণ্ডাগিৰি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ ক্ষমতাৰ ৰাগীত মতলীয়া শাসকীয় বিজেপি দলৰ একাংশ অনাঅসমীয়া পালিনেতাৰ গুণ্ডাগিৰিয়ে তিনিচুকীয়াত এতিয়া সকলো সীমা অতিক্ৰম কৰিছে ৷ পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে সৰ্বসাধাৰণ লোকৰ কথা বাদেই, বহিৰাগত এই বিজেপিৰ পালিনেতাসৱৰ গুণ্ডামিত খোদ আৰক্ষীৰ লোকেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ যোৱা ৫ অক্টোবৰত বিজয়া দশমীৰ দিনা সামান্য অজুহাতত বিজেপিৰ কেইজনমান পালিনেতাই সহস্ৰাধিক লোকৰ সন্মুখতে কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ কৰাৰ ঘটনাই তিনিচুকীয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ‌ সৃষ্টি কৰিছে ৷ অভিযোগ…

তেজপুৰত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ এটা তহলদাৰী দলে পাঁচ অক্টোবৰত এজন যুৱকক কাৰণবিহীন ভাবে বৰ্বৰোচিত ভাবে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দোলাবাৰীৰ এজন বন্ধুৰ নিমন্ত্ৰণ ক্ৰমে বিজয়া দশমীৰ দিনা বন্ধুজনৰ ঘৰত ভাত খাই উভিত অহাৰ সময়ত দিনৰ প্ৰায় তিনিবজাত আৰক্ষীৰ বাহনে খুন্দিয়াই তেজপুৰৰ ৰঙামাটিৰ প্ৰকাশ ডেকা নামৰ  যুৱকজনক৷ ইয়াকে লৈ যুৱকজনৰে সতে আৰক্ষীৰ কথা কটাকটি হোৱাত তেওঁক সেই স্হানতে প্ৰহাৰ কৰা আৰক্ষীয়ে যুৱকজনক সমীপৱৰ্তী আৰক্ষীচকীলৈ আনে৷ উল্লেখযোগ্য যে, যুৱকজনে দোলাবাৰীত সংঘটিত এক কাজিয়াৰ…

শোণিতপুৰৰ মইনাজুলিত বন্যহস্তীয়ে ভাঙিলে দুটা বাসগৃহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে যোৱা নিশা ৰঙাপৰাৰ দুই নম্বৰ মইনাজুলিৰ জোচেফ তপ্ন আৰু লৰেঞ্চ তপ্নৰ বাসগৃহ দুটা ভাঙি খাদ্যৰ সন্ধান চলায়৷ সেই সময়ত বাসগৃহতে থকা পৰিয়ালদুটাৰ সদস্যসকলৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে৷ উল্লেখযোগ্য যে, অৰণ্যৰ পৰা ওলাই অহা ১১টা হাতীয়ে ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছে৷ আমাৰিবাৰী আৰু তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত বিচৰণ কৰা এই হাতীৰ জাকটো সম্প্ৰতি তিনিটা ভাগত বিভক্ত হৈ পৰিছে৷ ইয়াৰে ভিতৰত সাতটা হাতী ধূলাপাদুং আৰু…

অৰুণাচলত তিনিচুকীয়া আৰক্ষীৰ অভিযান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানা এলেকাত অভিযান চলাই তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে বাইক চুৰিৰ অভিযোগত ৩ ব্যক্তিক আটক কৰে৷ ধৃত ব্যক্তিত্ৰয় ক্ৰমে তিনিচুকীয়াৰ নপুখুৰীৰ ২ নং পটীয়াপথাৰৰ হীৰেণ নম:শূদ্ৰ (২৬), ধিং ভকতগাঁৱৰ দেবাশীষ দেৱনাথ আৰু অৰুণাচলৰ মহাদেৱপুৰৰ ডুমচী গাঁৱৰ উত্তম ফুকন (২৫) বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। অভিযানকাৰী আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এ এছ ২৩ পি ৪২৩৩ নম্বৰৰ এখন বাইকৰ লগতে দুখন নম্বৰপ্লেট নথকা বাইক জব্দ কৰে। তিনিচুকীয়া আৰক্ষীৰ…

তেজপুৰত মহিলাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ কালি তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত জাৰণিত একাংশ দুৰ্বৃত্তই ৰেখা ৰাণা নামৰ মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অঞ্চলটোৰ অতি পুৰণা এটা পৰিয়ালৰ জীয়ৰী ৰাণাৰ ওপৰত আক্ৰমণকাৰীয়ে চলোৱা এই আক্ৰমণক স্হানীয় সকলো শ্ৰেণীৰ লোকে গৰিহণা দিয়াৰ সমান্তৰাল ভাবে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ সময়তে আজি দিনৰ প্ৰায় দুই বজাত শোণিতপুৰৰ উপায়ুক্ত আৰু  আৰক্ষী অধীক্ষকক এই ঘটনাত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত অসম গোৰ্খা সন্মিলন আৰু…

তেজপুৰত ২খন গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৭ অক্টোবৰঃ তেজপুৰৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ উপস্থিতিত  উন্মোচিত হয় "প্ৰজ্ঞা ভাৰতী মৃণালী চেতিয়া অভিনন্দন গ্ৰন্থ"।উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৭৪ চনৰে প্ৰতিষ্ঠা লগ্নৰ অন্যতম কাণ্ডাৰী, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি মৃণালী চেতিয়াৰ বৰ্ণাঢ্য জীৱন-কৃতীক আলোকপাত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথৰ…

৮ অক্টোম্বৰত কলিকতাত ফুলবাৰীৰ অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ”

লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ৮ অক্টোম্বৰত কলিকতাৰ যোগেশ মাইম থিয়েটাৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব৷ কলিকতাৰ থিয়েটাৰ চাইন নাট্য দলৰ দ্বাৰা আয়োজন কৰা এক ৰাষ্ট্ৰীয় নাট মহোৎসৱত এই নাটকখন  মঞ্চস্থৰ বাবে নিমন্ত্ৰন লাভ কৰিছে৷ দয়াল কৃষ্ণ নাথৰ পৰিচালনা ও পৰিকল্পনাৰে কুশল ডেকাৰ ৰচিত নাটক “কড়োৱা চচ”  নাটকৰ  হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি…

মিছামাৰীত গাভৰু নৈৰ ভয়ংকৰ ৰূপ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬অক্টোবৰঃ কালি বিয়লি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ বিসৰ্জন পৰ্ব চলি থকাৰ সময়তে শোণিতপুৰৰ গাভৰু নৈৰ পাৰত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়৷ বিয়লি দুৰ্গা প্ৰতিমা বিসৰ্জনৰ লগতে সমীপত দছেৰা উপলক্ষে ৰাৱন দাহৰ কাৰ্যসূচী চলি থকাৰ সময়তে গাভৰু নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পায় আৰু পলকতে প্ৰায় একুৰি লোক উটি যায়৷ এই ঘটনাৰ সময়ত এৰাল দি থোৱা গৰু নিবলৈ আহি আকস্মিক বানত উটি যোৱা এজন লোকৰ মৃতদেহ আজি উদ্ধাৰ হৈছে৷ উল্লেখযোগ্য যে, মিছামাৰীৰ তাতশাল গাঁৱত ৰাজহুৱা ভাবে ৰাৱন দাহৰ কাৰ্যসূচী চলি থকাৰ সময়তে কালি  বিয়লি সংঘটিত হয় এই…

লখিমপুৰত জল জীৱন আঁচনিৰ ঠিকাদৰৰ নাম তালিকা বিধায়কে অনুমোদনৰ বাবে মন্ত্ৰীলৈ প্ৰেৰণ কৰাক লৈ লখিমপুৰত প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰত জল জীৱন আঁচনিৰ কাম আৱন্টনৰ নামত শেহতীয়াকৈ সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰি৷ শেহতীয়াকৈ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি বিধায়ক ডেকাই নিজৰ পচন্দৰ একাংশ বচা বচা ঠিকাদাৰৰ নাম জল জীৱন আঁচনিৰ কামৰ আৱন্টনৰ বাবে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰেৰণ কৰা বুলি আজি এখন তালিকা সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হয়৷ যাৰ বাবে নিজা দলৰ নেতা-পালিনেতাই অসন্তুষ্ট হোৱাৰ সমান্তৰালকৈ থলুৱা নিবনুৱা যুৱকসকল ক্ষুব্ধ হৈ পৰিছে৷ বিশেষকৈ বিভাগীয় কাৰ্যবাহী…