Browsing Category

অসম

আহিনমহীয়া লখিমপুৰত সোৱণশিৰিয়ে ছিঙিলে ভীমপৰা মথাউৰি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ অৱশেষত সকলোৱে আশংকা কৰাৰ দৰেই আজি সোৱণশিৰিয়ে ভীমপৰা মথাউৰিৰ ন-আলি ঘনচৰাইত মথাউৰি ছিঙে ৷ মথাউৰিৰ ছিগা অংশৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত আজি বিয়লি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ প্ৰবল সোঁত আৰু ঢলে নিমিষতে নিকটৱৰ্তী গাঁৱৰ ঘৰ-বাৰী, খেতি-পথাৰ বুৰাই পেলোৱাত সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সূচনা হয়৷ উল্লেখ্য যে আজি দিনৰ প্ৰায় ৩ বজাত সোৱণশিৰি নদীয়ে ভীমপৰা মথাউৰিটোৰ এক বৃহৎ অংশ বিছিন্ন কৰি বৃহত্তৰ তেলাহী অঞ্চলটোৰ বহু গাঁও জলমগ্ন কৰে৷ আজি সোৱণশিৰিৰ নদীৰ প্ৰচণ্ড সোঁতে…

চৰকাৰী ঘোষণাৰ বিপৰীতে শোণিতপুৰত চিকিৎসাৰ পয়ালগা অৱস্থা

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৯অক্টোবৰঃ বৃহৎ অট্টালিকাৰে চিকিৎসালয় নতুবা চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ হ’লেও ৰাজ্যত সম্প্ৰতি চিকিৎসালয়ৰ অৱস্হা তেনেই পয়ালগা অৱস্হাতে আছে৷ উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত একেই অৱস্হা বিৰাজ কৰিছে৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’নাৰ সময়ত ততাতৈয়াকৈ অতিৰিক্ত ভাবে আই চি ইউ কক্ষ নিৰ্মাণৰে ৰাজ্যৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাহ বাহ ল’লেও  সেই কাম কৰা ঠিকাদাৰে আজিলৈকে বিল লাভ নকৰিলে বুলি জানিব…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ অভিনেতা, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ অক্টোবৰঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিল্পী পেঞ্চনাৰ, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ শিল্পী, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, দা ধৰা বামুণ চুবুৰী নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ আজি পুৱা নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, বিগত কিছু দিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৯২ বছৰীয়া নিষ্ঠাবান সমাজকৰ্মী আৰু শিল্পী গৰাকীৰ শেহতীয়াকৈ শৰীৰৰ দ্ৰুত অৱনতি ঘটাত পৰিয়ালৰ লোকে প্ৰথমে তেজপুৰৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছত তেজপুৰ চিকিৎসা…

এন এইচ পি চিত পুনৰ ভয়াৱহ ভূমিস্খলন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৯ অক্টোবৰঃ পুনৰ ভয়াৱহ ভূমিস্ফলনৰ ঘটনা সংঘটিত হৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত৷ যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ এন এইচ পি চিত অঘটন ঘটিছে৷ জলবিদ্যুৎ প্ৰকল্পটোৰ ২ নং ডাইভাৰ্চন টাৰ্নেলৰ ওপৰত পাহাৰৰ পৰা খহি অহা মাটিয়ে প্ৰকল্পটোত বিভীষিকাৰ সৃষ্টি কৰিছে৷ অত্যধিক বৰষুণৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সঘনাই ভূমিস্ফলন ঘটাৰ ফলত প্ৰকল্পটোৰ কাম কাজ স্থবিৰ হৈ পৰাৰ লগতে ইতিপূৰ্বে খহি পৰা গাৰ্ড ৱালেৰে সোমোৱা পানীয়ে এন এইচ পি চিৰ পাৱাৰ হাউচ এতিয়াও জলমগ্ন কৰি ৰাখিছে৷ অৱশ্যে দিনে…

ৰাজ্যিক কাৰাটেত শোণিতপুৰৰ সফলতা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ অক্টোবৰঃ অহা নৱেম্বৰত শ্বলিঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট অলিম্পিকত অংশ গ্ৰহণৰ বাবে শোণিতপুৰৰ তিনিজন কাৰাটে খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে৷ উল্লেখযোগ্য যে, ৬ আৰু ৭ অক্টোবৰত গুৱাহাটী খানাপাৰাত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত স্হানীয় গণেশ মন্দিৰ ইণ্ড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত  ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত শোণিতপুৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে৷ ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ১২শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত শোণিতপুৰ জিলা দলৰ প্ৰশিক্ষক দিগন্ত দাস, ৰাজীৱ হাজৰিকা আৰু টিম মেনেজাৰৰ ভূপেন বৰা…

লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮  অক্টোবৰঃ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অহা ১৪ অক্টোবৰত এহেজাৰ দম্পতীয়ে একেলগে বহিব সামূহিক বিবাহত৷ ইতিমধ্যে এই দম্পতীসকলে বিবাহ সংস্কাৰ সমিতিৰ ওচৰত নিজৰ নাম পঞ্জীয়ন কৰিছে৷ এই কথা জানিবলৈ দিছে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিয়ে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত দুপৰীয়া অনুষ্ঠিত হোৱা এখন সংবাদমেলত লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ হৈ কাৰ্যালয় প্ৰমুখ তপন কুমাৰ বেজবৰুৱা, প্ৰচাৰ প্ৰমুখ মজিন সোণোৱাল আৰু জিলা বিবাহ সংস্কাৰ সমিতিৰ সাধাৰণ সম্পাদক ভৱ বুঢ়াগোঁহায়ে কয় যে ইতিপূৰ্বে তেওঁলোকে চলিত বৰ্ষত বগীনদী,…

তিনিচুকীয়াৰ ৰাজপথত বহিৰাগত বিজেপি পালিনেতাৰ গুণ্ডাগিৰি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৭ অক্টোবৰঃ ক্ষমতাৰ ৰাগীত মতলীয়া শাসকীয় বিজেপি দলৰ একাংশ অনাঅসমীয়া পালিনেতাৰ গুণ্ডাগিৰিয়ে তিনিচুকীয়াত এতিয়া সকলো সীমা অতিক্ৰম কৰিছে ৷ পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে সৰ্বসাধাৰণ লোকৰ কথা বাদেই, বহিৰাগত এই বিজেপিৰ পালিনেতাসৱৰ গুণ্ডামিত খোদ আৰক্ষীৰ লোকেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ যোৱা ৫ অক্টোবৰত বিজয়া দশমীৰ দিনা সামান্য অজুহাতত বিজেপিৰ কেইজনমান পালিনেতাই সহস্ৰাধিক লোকৰ সন্মুখতে কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ কৰাৰ ঘটনাই তিনিচুকীয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ‌ সৃষ্টি কৰিছে ৷ অভিযোগ…

তেজপুৰত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ এটা তহলদাৰী দলে পাঁচ অক্টোবৰত এজন যুৱকক কাৰণবিহীন ভাবে বৰ্বৰোচিত ভাবে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দোলাবাৰীৰ এজন বন্ধুৰ নিমন্ত্ৰণ ক্ৰমে বিজয়া দশমীৰ দিনা বন্ধুজনৰ ঘৰত ভাত খাই উভিত অহাৰ সময়ত দিনৰ প্ৰায় তিনিবজাত আৰক্ষীৰ বাহনে খুন্দিয়াই তেজপুৰৰ ৰঙামাটিৰ প্ৰকাশ ডেকা নামৰ  যুৱকজনক৷ ইয়াকে লৈ যুৱকজনৰে সতে আৰক্ষীৰ কথা কটাকটি হোৱাত তেওঁক সেই স্হানতে প্ৰহাৰ কৰা আৰক্ষীয়ে যুৱকজনক সমীপৱৰ্তী আৰক্ষীচকীলৈ আনে৷ উল্লেখযোগ্য যে, যুৱকজনে দোলাবাৰীত সংঘটিত এক কাজিয়াৰ…

শোণিতপুৰৰ মইনাজুলিত বন্যহস্তীয়ে ভাঙিলে দুটা বাসগৃহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে যোৱা নিশা ৰঙাপৰাৰ দুই নম্বৰ মইনাজুলিৰ জোচেফ তপ্ন আৰু লৰেঞ্চ তপ্নৰ বাসগৃহ দুটা ভাঙি খাদ্যৰ সন্ধান চলায়৷ সেই সময়ত বাসগৃহতে থকা পৰিয়ালদুটাৰ সদস্যসকলৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে৷ উল্লেখযোগ্য যে, অৰণ্যৰ পৰা ওলাই অহা ১১টা হাতীয়ে ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছে৷ আমাৰিবাৰী আৰু তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত বিচৰণ কৰা এই হাতীৰ জাকটো সম্প্ৰতি তিনিটা ভাগত বিভক্ত হৈ পৰিছে৷ ইয়াৰে ভিতৰত সাতটা হাতী ধূলাপাদুং আৰু…