Browsing Category
অসম
অৰুণাচলত তিনিচুকীয়া আৰক্ষীৰ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ অক্টোবৰঃ তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানা এলেকাত অভিযান চলাই তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে বাইক চুৰিৰ অভিযোগত ৩ ব্যক্তিক আটক কৰে৷ ধৃত ব্যক্তিত্ৰয় ক্ৰমে তিনিচুকীয়াৰ নপুখুৰীৰ ২ নং পটীয়াপথাৰৰ হীৰেণ নম:শূদ্ৰ (২৬), ধিং ভকতগাঁৱৰ দেবাশীষ দেৱনাথ আৰু অৰুণাচলৰ মহাদেৱপুৰৰ ডুমচী গাঁৱৰ উত্তম ফুকন (২৫) বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। অভিযানকাৰী আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা এ এছ ২৩ পি ৪২৩৩ নম্বৰৰ এখন বাইকৰ লগতে দুখন নম্বৰপ্লেট নথকা বাইক জব্দ কৰে। তিনিচুকীয়া আৰক্ষীৰ…
তেজপুৰত মহিলাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰঃ কালি তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত জাৰণিত একাংশ দুৰ্বৃত্তই ৰেখা ৰাণা নামৰ মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অঞ্চলটোৰ অতি পুৰণা এটা পৰিয়ালৰ জীয়ৰী ৰাণাৰ ওপৰত আক্ৰমণকাৰীয়ে চলোৱা এই আক্ৰমণক স্হানীয় সকলো শ্ৰেণীৰ লোকে গৰিহণা দিয়াৰ সমান্তৰাল ভাবে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ সময়তে আজি দিনৰ প্ৰায় দুই বজাত শোণিতপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই ঘটনাত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত অসম গোৰ্খা সন্মিলন আৰু…
তেজপুৰত ২খন গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৭ অক্টোবৰঃ তেজপুৰৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ উপস্থিতিত উন্মোচিত হয় "প্ৰজ্ঞা ভাৰতী মৃণালী চেতিয়া অভিনন্দন গ্ৰন্থ"।উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৭৪ চনৰে প্ৰতিষ্ঠা লগ্নৰ অন্যতম কাণ্ডাৰী, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি মৃণালী চেতিয়াৰ বৰ্ণাঢ্য জীৱন-কৃতীক আলোকপাত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথৰ…
৮ অক্টোম্বৰত কলিকতাত ফুলবাৰীৰ অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ”
লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ৮ অক্টোম্বৰত কলিকতাৰ যোগেশ মাইম থিয়েটাৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব৷ কলিকতাৰ থিয়েটাৰ চাইন নাট্য দলৰ দ্বাৰা আয়োজন কৰা এক ৰাষ্ট্ৰীয় নাট মহোৎসৱত এই নাটকখন মঞ্চস্থৰ বাবে নিমন্ত্ৰন লাভ কৰিছে৷ দয়াল কৃষ্ণ নাথৰ পৰিচালনা ও পৰিকল্পনাৰে কুশল ডেকাৰ ৰচিত নাটক “কড়োৱা চচ” নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি…
মিছামাৰীত গাভৰু নৈৰ ভয়ংকৰ ৰূপ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬অক্টোবৰঃ কালি বিয়লি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ বিসৰ্জন পৰ্ব চলি থকাৰ সময়তে শোণিতপুৰৰ গাভৰু নৈৰ পাৰত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়৷ বিয়লি দুৰ্গা প্ৰতিমা বিসৰ্জনৰ লগতে সমীপত দছেৰা উপলক্ষে ৰাৱন দাহৰ কাৰ্যসূচী চলি থকাৰ সময়তে গাভৰু নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পায় আৰু পলকতে প্ৰায় একুৰি লোক উটি যায়৷ এই ঘটনাৰ সময়ত এৰাল দি থোৱা গৰু নিবলৈ আহি আকস্মিক বানত উটি যোৱা এজন লোকৰ মৃতদেহ আজি উদ্ধাৰ হৈছে৷ উল্লেখযোগ্য যে, মিছামাৰীৰ তাতশাল গাঁৱত ৰাজহুৱা ভাবে ৰাৱন দাহৰ কাৰ্যসূচী চলি থকাৰ সময়তে কালি বিয়লি সংঘটিত হয় এই…
লখিমপুৰত জল জীৱন আঁচনিৰ ঠিকাদৰৰ নাম তালিকা বিধায়কে অনুমোদনৰ বাবে মন্ত্ৰীলৈ প্ৰেৰণ কৰাক লৈ লখিমপুৰত প্ৰতিক্ৰিয়া
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ লখিমপুৰত জল জীৱন আঁচনিৰ কাম আৱন্টনৰ নামত শেহতীয়াকৈ সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰি৷ শেহতীয়াকৈ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি বিধায়ক ডেকাই নিজৰ পচন্দৰ একাংশ বচা বচা ঠিকাদাৰৰ নাম জল জীৱন আঁচনিৰ কামৰ আৱন্টনৰ বাবে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰেৰণ কৰা বুলি আজি এখন তালিকা সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হয়৷ যাৰ বাবে নিজা দলৰ নেতা-পালিনেতাই অসন্তুষ্ট হোৱাৰ সমান্তৰালকৈ থলুৱা নিবনুৱা যুৱকসকল ক্ষুব্ধ হৈ পৰিছে৷ বিশেষকৈ বিভাগীয় কাৰ্যবাহী…
নীপকোৱে ডিক্ৰঙত এৰিলে ১২শ এম এম পানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে যোৱা ৪ ছেপ্টেম্বৰৰ পৰা লখিমপুৰ জিলাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অৰুণাচল পাহাৰত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বিভিন্ন নদ-নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাত ঠায়ে ঠায়ে আবতৰীয়া বানৰ সৃষ্টি হয়৷ আজি ডিক্ৰং নদীত নীপকোৱে অৰুণাচল প্ৰদেশৰ পাৰে বস্তিৰে প্ৰায় ১২শ এম এম পানী এৰি দিয়াৰ ফলত ডিক্ৰং নদীৰ বক্ষ অভাৱনীয় হাৰত বাঢ়ি অহাত কাষৰীয়া লোকসকল আতংকিত হৈ পৰিছে৷ বিয়লি ৩ বজাত পাৰে বস্তিৰে এই বৃহৎ জলৰাশি ডিক্ৰং নদীত নীপকোৱে এৰি দিয়াত লখিমপুৰ জিলাৰ বিশেষকৈ বিহপুৰীয়া ৰাজহ…
তেজপুৰত ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬অক্টোবৰঃ আজি তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত জাৰণিত দিনৰ প্ৰায় ১২বজাত অঞ্চলটোৰ ৰেখা ৰাণা নামৰ মহিলা গৰাকীক মহিৰুদ্দিন , মজিবুৰ, চদৰ আলী, নিজাম আলী আৰু চৰিফুদ্দিন নামৰ লোককেইজনৰ নেতৃত্বত একাংশ লোকে আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ঘটনাৰে আক্ৰমণকাৰী দলটোৰ পৰিয়ালৰ একাংশ মহিলাও জড়িত থকা বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে, নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ ২০বিঘাৰ অধিক মাটি আক্ৰমণকাৰী দলটোৰ একাংশই দীৰ্ঘদিনে বেদখল কৰি অহা বুলি অভিযোগ উঠি আহিছে৷ আনহাতে আক্ৰমণকাৰীসকলে এই ভূমি প্ৰকৃততে তেওঁলোকৰহে বুলি দাবী…
তেজপুৰত যুৱকক হত্যা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ অক্টোবৰঃ শাৰদীয় উৎসৱৰ আনন্দ উছাহৰ মাজতে যোৱা দুই অক্টোবৰৰৰ বিয়লি তেজপুৰৰ পক্ষীয়াঝাৰত এক হত্যাকাণ্ড সংঘটিত হয়৷পথৰ দাঁতিৰ খাৱৈত স্হানীয় উজ্বল বৰা(২৩)নামৰ যুৱকজনৰ মৃতদেহ স্হানীয় লোকে গৰু আনিবলৈ যোৱাৰ সময়ত দেখাপাই স্হানীয় বেবেজীয়া আৰক্ষীক খবৰ দিয়ে৷ইপিনে,যুৱকজনৰ পৰিয়ালে এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াই কৰা তদন্তৰ অন্তত তিনিজন যুৱকক আটক কৰি সোধপোছ কৰাৰ সময়তে এই ঘটনাই নতুন মোৰ লয়৷ উল্লেখযোগ্য যে, টেন্ট হাউচৰ হাজিৰা কাম…
টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬অক্টোবৰঃ ভাৰত-চীন সীমান্তৰ তথা অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপত আকাশত আজি পুৱা দেশৰ সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়৷ এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ এজন পাইলত লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ গুৰুতৰ ভাবে আহত হয় আৰু তেওঁৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে আনজন সম্প্ৰতি চিকিৎসাধীন আৱস্হাত আছে৷ শোকাৱহ দুৰ্ঘটনাটোৰ বিষয়ে তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য আৰু জনসংযোগ বিষয়াই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি সেনাৰ চিতা হেলিকপ্তাৰখনৰ নিয়মীয়া উৰণৰ সময়তে টাৱাঙৰ সমীপতে দুৰ্ঘটনাটো সংঘটিত হয়৷ টাৱাঙৰ আগৰ অঞ্চলত…
