Browsing Category

অসম

নীপকোৱে ডিক্ৰঙত এৰিলে ১২শ এম এম পানী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে যোৱা ৪ ছেপ্টেম্বৰৰ পৰা লখিমপুৰ জিলাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অৰুণাচল পাহাৰত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বিভিন্ন নদ-নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাত ঠায়ে ঠায়ে আবতৰীয়া বানৰ সৃষ্টি হয়৷ আজি ডিক্ৰং নদীত নীপকোৱে অৰুণাচল প্ৰদেশৰ পাৰে বস্তিৰে প্ৰায় ১২শ এম এম পানী এৰি দিয়াৰ ফলত ডিক্ৰং নদীৰ বক্ষ অভাৱনীয় হাৰত বাঢ়ি অহাত কাষৰীয়া লোকসকল আতংকিত হৈ পৰিছে৷ বিয়লি ৩ বজাত পাৰে বস্তিৰে এই বৃহৎ জলৰাশি ডিক্ৰং নদীত নীপকোৱে এৰি দিয়াত লখিমপুৰ জিলাৰ বিশেষকৈ বিহপুৰীয়া ৰাজহ…

তেজপুৰত ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতি‍

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬অক্টোবৰঃ আজি তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত জাৰণিত  দিনৰ প্ৰায় ১২বজাত অঞ্চলটোৰ ৰেখা ৰাণা নামৰ মহিলা গৰাকীক মহিৰুদ্দিন , মজিবুৰ, চদৰ আলী, নিজাম আলী আৰু চৰিফুদ্দিন নামৰ লোককেইজনৰ নেতৃত্বত একাংশ লোকে আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ঘটনাৰে আক্ৰমণকাৰী দলটোৰ পৰিয়ালৰ একাংশ মহিলাও জড়িত থকা বুলি অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে, নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ ২০বিঘাৰ অধিক মাটি আক্ৰমণকাৰী দলটোৰ একাংশই দীৰ্ঘদিনে বেদখল কৰি অহা বুলি অভিযোগ উঠি আহিছে৷ আনহাতে আক্ৰমণকাৰীসকলে এই ভূমি প্ৰকৃততে তেওঁলোকৰহে বুলি দাবী…

তেজপুৰত যুৱকক হত্যা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ অক্টোবৰঃ শাৰদীয় উৎসৱৰ আনন্দ উছাহৰ মাজতে যোৱা দুই অক্টোবৰৰৰ বিয়লি তেজপুৰৰ পক্ষীয়াঝাৰত এক হত্যাকাণ্ড সংঘটিত হয়৷পথৰ দাঁতিৰ খাৱৈত স্হানীয় উজ্বল বৰা(২৩)নামৰ যুৱকজনৰ মৃতদেহ স্হানীয় লোকে গৰু আনিবলৈ যোৱাৰ সময়ত দেখাপাই স্হানীয় বেবেজীয়া আৰক্ষীক খবৰ দিয়ে৷ইপিনে,যুৱকজনৰ পৰিয়ালে এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াই কৰা তদন্তৰ অন্তত তিনিজন যুৱকক আটক কৰি সোধপোছ কৰাৰ সময়তে এই ঘটনাই নতুন মোৰ লয়৷ উল্লেখযোগ্য যে, টেন্ট হাউচৰ হাজিৰা কাম…

টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬অক্টোবৰঃ ভাৰত-চীন সীমান্তৰ তথা অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সমীপত আকাশত আজি পুৱা দেশৰ সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়৷ এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ এজন পাইলত লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ গুৰুতৰ ভাবে আহত হয় আৰু তেওঁৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বিপৰীতে আনজন সম্প্ৰতি চিকিৎসাধীন আৱস্হাত আছে৷ শোকাৱহ দুৰ্ঘটনাটোৰ বিষয়ে তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য আৰু জনসংযোগ বিষয়াই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি সেনাৰ চিতা হেলিকপ্তাৰখনৰ নিয়মীয়া উৰণৰ সময়তে টাৱাঙৰ সমীপতে দুৰ্ঘটনাটো সংঘটিত হয়৷ টাৱাঙৰ আগৰ অঞ্চলত…

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত চেনিটেৰী নেপকিন নিষ্কাশন যন্ত্ৰ মহিলা কাৰাবন্দীলৈ মুকলি 

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২অক্টোবৰঃ গান্ধী জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ আন পাঁচখন কেন্দ্ৰীয় কাৰাগাৰৰ সতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কাৰাবন্দীসকলৰ বাবে  চেনিটেৰী নেপকিন নিষ্কাশনৰ কৰা এক যন্ত্ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়৷  শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাই আজি এই আনুষ্ঠানিকতা ৰুপায়ণ কৰে৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়ধীশৰ পৰিকল্পনা অনুসৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম কাৰাগাৰ মুখ্যালয়ৰ সহযোগত চেনিটেৰী নেপকিন নিষ্কাশনৰ আধুনিক প্ৰযুক্তিৰ এই যন্ত্ৰ তেজপুৰ…

১৮৮৭ চনৰ পৰা তেজপুৰৰ দুৰ্গা পূজাৰ ইতিহাস

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমীৰ দিনটোত তেজপুৰৰ বিভিন্ন পূজা মণ্ডপত পুৱাৰ পৰাই  এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। পূজাৰ জাকজমকতাৰ পৰিৱেশক একাষৰীয়া কৰি তেজপুৰৰ বহুকেইখন ঐতিহাসিক পূজা মণ্ডপত আজি দিনৰ ভাগত এক সাত্ত্বিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। দুৰ্গা প্ৰতিমাৰ সন্মুখত ধূপ চাকি নৈৱেদ্য আগবঢ়াই ভক্তপ্ৰাণ ৰাইজে মাহ প্ৰসাদৰ পৰা খিচিৰি ভোগৰ বাবে হেতাওপৰা কৰা দেখা যায়। উল্লেখ্য যে, ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে তেজপুৰতো দুৰ্গা পূজাই সাৰ্বজনীন ৰূপ ধাৰণ কৰে যদিও বৰ্তমানেও তেজপুৰৰ বহু পুৰণি পূজা…

তেজপুৰ বিহগুৰিৰ বাটচ’ৰা নাট্য সমাজৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২অক্টোবৰঃ বিগত ১৭বছৰে অৰ্থাৎ ২০০৫ ৰে পৰা অবিৰত ভাবে নাট্যচৰ্চা আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াই আহিছে তেজপুৰৰ বিহগুৰিস্থিত “বাটচ’ৰা নাট্য সমাজে৷ এ ভৱ সাগৰে, আতুৰ ভৈলো অপাৰ, জিৰাঙত এটি অপৰাহ্ণ, মহাপ্ৰস্থান আদিৰ দৰে উন্নত মানৰ নাট প্ৰদৰ্শনৰে সমগ্ৰ ৰাজ্যতে পৰিচিতি লাভ কৰা অনুষ্ঠানটোৱে এইবাৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত নিবেদন কৰিলে বাটচ’ৰাৰ প্ৰতিস্থাপক তথা প্ৰতিস্থিত নাট্যকাৰ-পৰিচালক গণেশ দাসৰ নাট্যৰূপ আৰু পৰিচালনাৰে "কৌন্তেয়-এক অভিশপ্ত মহাৰথী"শীৰ্ষক পূৰ্ণাংগ নাটখন৷ কালি সন্ধিয়া ৬-৩০বজাত অঞ্চলটোৰ ১৮…

সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত ফেৰী সেৱা বিকলঃ যাত্ৰীৰ হাহাকাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাগৰ ঘাটত আজি ফেৰী সেৱা বিকল হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ লখিমপুৰ নগৰৰ লগত একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে সোৱণশিৰি নদীৰ বক্ষৰে নাৱৰ জৰিয়তে লখিমপুৰৰ লগত যোগাযোগ কৰি অহা লোকসকলে আজি বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হয়৷ সোৱণশিৰি নদীত ঘাগৰ ঘাট আৰু হাতীয়েমৰা ঘাটৰ লগত সংযোগ কৰা এনে ফেৰীসেৱা বিকল হোৱা কাৰ্যই আজি স্থানীয় নাওযাত্ৰীসকলক ক্ষোভিত কৰি তোলে৷ উল্লেখ্য যে পূৰ্বতে ঘাগৰ ঘাটত দুখনকৈ নাও দিয়া হৈছিল যদিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন নাও কেতিয়াবাই বিকল হৈ পৰাত…

ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসৰ অনুষ্ঠানত থেলাচেমিয়া সাহায্য আঁচনি মুকলি মন্ত্রী অতুল বৰাৰ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ৰক্তদান মহান দান আৰু আপোনাৰ ৰক্তই বচাব পাৰে আন দহজনৰ জীৱন। ৰক্তদানৰ সৈতে ধন-সম্পত্তি একোৰেই তুলনা নহয়। সকলোৱে মানৱ কল্যাণ সাধনৰ উদ্দেশ্যে ৰক্তদান কৰা উচিত। এই আহ্বান মন্ত্রী অতুল বৰাৰ। আজি গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰা "ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস" অনুষ্ঠানত ভাগ লৈ মন্ত্রীগৰাকীয়ে ৰক্তদানৰ মহানতাৰ বিষয়ে উল্লেখ কৰে। উল্লেখ যে দেশৰ লগতে অসমতো ১৯৭৫ চনৰ পৰাই প্ৰতি বছৰে ১ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস পালন কৰি…

অসম আৰক্ষীত ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ সংযোজন হ’ল ‘অসম আৰক্ষী মহিলা বেণ্ড’

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ 'অসম আৰক্ষী অসমৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য্য অংগ। নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভিকতা অসম আৰক্ষীৰ মূল চালিকা শক্তি। বিগত দিনবোৰত আৰক্ষীৰ বহুলোকে ৰাজ্যবাসীৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ পৰ্যন্ত উছৰ্গা কৰিছে৷' - এই মন্তব্য ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ। আজি গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্ৰাউণ্ড’ত আয়োজিত “অসম আৰক্ষী দিৱস”ৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি এই মন্তব্য কৰে মুখ্য সচিবগৰাকীয়ে। ভাষণ প্রসংগত তেওঁ কয় যে অসম আৰক্ষী দেশৰ…