Browsing Category
অসম
সংবাদমেলত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ৰণজিত কুমাৰ দাস
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ সময়সীমা শেষ হ’ল যদিও ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ল। চলিত বৰ্ষৰ ধান ক্ৰয়ৰ সময়সীমা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ লগে লগে আজিৰ পৰা আৰম্ভ হৈছে পুনৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া। এই সন্দৰ্ভত আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ৰণজিত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যত ধান ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে।…
তেজপুৰত কিশোৰ হৰ্ষজিতে গঢ়া দশভূজাৰ মৃন্ময় প্ৰতিমাই আকৰ্ষণ কৰিছে সহস্ৰজনক
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বাবে এক আনন্দমুখৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ৰাজ্যৰ লগতে তেজপুৰতো৷ ইতিমধ্যে পূজাৰ মণ্ডপত অধীষ্ঠিত হৈছে মহিষমৰ্দিনীৰ মৃন্ময় প্ৰতিমা৷ নানা ৰঙী বেলুন,পুতলা আৰু বিভিন্ন খাদ্য সম্ভাৰৰ বিপনীৰে ভৰি পৰিছে তেজপুৰৰ পথৰ দাঁতি তথা পদপথ সমূহ৷ শাৰদীয় দুৰ্গোৎসৱ বুলিলেই শিশু সকলৰ মন ভৰি পৰে দুগুণ উৎসাহ আৰু হৰ্ষৰে৷ পৰিৱেশ নতুবা পৰিস্হিতিৰ উৰ্দ্ধত শিশুসকল বুৰ যায় বেলুনৰ ৰং তথা সুহুৰিকে ধৰি পেঁপা, বাজনাৰ শব্দৰ মাজত৷ ইয়াৰ মাজতে তেজপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই এইবাৰ নিজহাতে গঢ় দিয়া…
মৰমেৰে সজোৱা এটি দিন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ অক্টোবৰঃ আজি শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় তথা জিলাৰ সমাজ কল্যাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তেজপুৰ আৱৰ্ত ভৱনত আয়োজন কৰা এক অনুষ্ঠানত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয় ৷ আজিৰ কার্যসূচীত ৭০ বছৰৰ ওপৰৰ প্রায় ৬০ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি উপস্থিত আছিল৷ আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা প্রশাসনে তিনিজন ১০০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ ক্ৰমে হৰেণ বৰদলৈ (১০১ বছৰ), আব্বাছ আলী (১০২ বছৰ) আৰু কালিচৰণ ৰুহী দাস (১০১ বছৰ)ক প্ৰতি বছৰে ভোটদান…
চতিয়াত মঙ্গলবৰীয়াত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰ
শতাব্দ প্ৰতনিধি, জামুগুৰিহাট, ৩০ ছেপ্টেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মঙ্গলবৰীয়া সামুহিক মঞ্চত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত নদুৱাৰ খণ্ডৰ সৌজন্যত, মদন হোমিঅ'ৰ দ্বাৰা উত্তৰ মুঢ়াদল মণ্ডলৰ সহযোগত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়৷ বিশেষজ্ঞ চিকিৎসকসকলৰ দ্বাৰা অনুষ্ঠিত কৰা এই চিকিৎসা শিৱিৰটো আনুষ্ঠানিকভাৱে পূৱা শুভ উদ্ধোধন কৰি মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে কয়- এনেধৰণৰ চিকিৎসা ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজ উপকৃত হ'ব৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই যি ব্যৱস্থা হাতত লৈছে সেইয়া প্ৰশংসনীয়৷…
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতানুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ছেপ্টেম্বৰঃ গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩০ ছেপ্টেম্বৰত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্র বিষ্ণু প্ৰকাশ মেধি আৰু সিদাৰ্থ বৰা। তেওঁলোকে ভাৰতত পেটেণ্ট দাখিলৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে তাৰ বিষয়ে ব্যাখ্যা কৰে। উল্লেখযোগ্য যে,…
বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াতো আছুৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ উল্লেখ্য যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই আখৰে আখৰে ফলিয়াবলৈ আৰম্ভ কৰিছে ৷ সেয়েহে অসমৰ মূৰৰ ওপৰত জলবোমা সদৃশ এই নদীবান্ধৰ বিৰোধিতাৰে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰা এই প্ৰতিবাী কাৰ্যসূচীত…
ৰাইজৰ বাবে মুকলি হ’ল গুৱাহাটীৰ আৰ্য নগৰ উৰণীয়া সেতু
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে মহানগৰৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখন আজি উদ্বোধন কৰা হয়। উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী ভাষণত মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীবাসীৰ বাবে এই স্থানত এখন উৰণীয়া সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া। ২০২১ চনৰ ফেব্ৰুৱাৰীত এই সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। ২০২৩ চনৰ আগষ্টত অৰ্থাৎ ৩০ মাহৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল।…
সোৱণশিৰিৰ বুকুৰে সৰবৰাহ হোৱা ১ হাজাৰ চেপ্টি চোৰাং শিমলু কাঠ জব্দ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ যি সময়ত চৰকাৰে শিমলু কাঠৰ ব্যৱসায় বন্ধ কৰি ৰাখিছে তেনে সময়তে লখিমপুৰ জিলাত সোৱণশিৰিৰ বক্ষৰে নিতৌ চোৰাং কাঠৰ অবাধ বেহা অব্যাহত আছে৷ যোৱা নিশা লখিমপুৰৰ বন বিভাগে অতৰ্কিতে অভিযান চলাই নিষিদ্ধ ঘোষিত প্ৰায় ১ হাজাৰ চেপ্টি চোৰাং শিমলু কাঠ জব্দ কৰা ঘটনাই এই তথ্য পোহৰলৈ আনিছে৷ সোৱণশিৰি নদীৰ বক্ষৰে বিভিন্ন সময়ত শিমলু কাঠৰ বৃহৎ বৃহৎ বীম সমূহৰ ভূৰ বান্ধি নিতৌ চোৰাং ব্যৱসায়ীয়ে লখিমপুৰ নগৰৰ বিভিন্ন কাঠৰ ডিপুলৈ সৰবৰাহ কৰি আছে৷ বৃহস্পতিবাৰে সন্ধিয়া জিলা বন সংমণ্ডল প্ৰাধিকাৰী এ কে দেৱচৌধুৰীৰ নিৰ্দেশত…
কৰ্ম আৰু সততাৰ প্ৰতিভূ তেজপুৰৰ ৰবীন্দ্ৰ চন্দ্ৰ দে
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০ছেপ্টেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজহিতৈষী ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’৷ ৰাজ্যখনৰ জাতি গঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভৰ পাছত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক হৈ পৰে৷ এক বৰ্ণিল, সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া জাতীয়তাবাদ তথা জাতীয় অস্তীত্ব ৰক্ষাৰ আন্দোলনৰে জড়িত হৈ চাকৰি জীৱনৰ অৱসৰৰ দিনটোতো অন্যায়ৰ বলি…
লখিমপুৰত জিলাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বাটৰ নাট প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ২ অক্টোবৰত লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত উপনীত হ’ব৷ তদুপলক্ষে লখিমপুৰ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সেই অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত ঢকুৱাখনাত বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ বিশেষকৈ ‘পথ সুৰক্ষা জীৱন সুৰক্ষা’ নামৰ বাটৰ নাটখনি ঢকুৱাখনা মহাবিদ্যালয়, ঢকুৱাখনা চাৰিআলি, ঘিলামৰা চাৰিআলি আদিত মঞ্চস্থ কৰা হয়৷ এই বাটৰ নাটে স্থানীয় ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বাটৰ নাটখনিত অভিনয় কৰে- শিক্ষয়িত্ৰী…
