Browsing Category

অসম

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত চেনিটেৰী নেপকিন নিষ্কাশন যন্ত্ৰ মহিলা কাৰাবন্দীলৈ মুকলি 

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২অক্টোবৰঃ গান্ধী জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ আন পাঁচখন কেন্দ্ৰীয় কাৰাগাৰৰ সতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কাৰাবন্দীসকলৰ বাবে  চেনিটেৰী নেপকিন নিষ্কাশনৰ কৰা এক যন্ত্ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়৷  শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱাই আজি এই আনুষ্ঠানিকতা ৰুপায়ণ কৰে৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়ধীশৰ পৰিকল্পনা অনুসৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম কাৰাগাৰ মুখ্যালয়ৰ সহযোগত চেনিটেৰী নেপকিন নিষ্কাশনৰ আধুনিক প্ৰযুক্তিৰ এই যন্ত্ৰ তেজপুৰ…

১৮৮৭ চনৰ পৰা তেজপুৰৰ দুৰ্গা পূজাৰ ইতিহাস

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমীৰ দিনটোত তেজপুৰৰ বিভিন্ন পূজা মণ্ডপত পুৱাৰ পৰাই  এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। পূজাৰ জাকজমকতাৰ পৰিৱেশক একাষৰীয়া কৰি তেজপুৰৰ বহুকেইখন ঐতিহাসিক পূজা মণ্ডপত আজি দিনৰ ভাগত এক সাত্ত্বিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। দুৰ্গা প্ৰতিমাৰ সন্মুখত ধূপ চাকি নৈৱেদ্য আগবঢ়াই ভক্তপ্ৰাণ ৰাইজে মাহ প্ৰসাদৰ পৰা খিচিৰি ভোগৰ বাবে হেতাওপৰা কৰা দেখা যায়। উল্লেখ্য যে, ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে তেজপুৰতো দুৰ্গা পূজাই সাৰ্বজনীন ৰূপ ধাৰণ কৰে যদিও বৰ্তমানেও তেজপুৰৰ বহু পুৰণি পূজা…

তেজপুৰ বিহগুৰিৰ বাটচ’ৰা নাট্য সমাজৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২অক্টোবৰঃ বিগত ১৭বছৰে অৰ্থাৎ ২০০৫ ৰে পৰা অবিৰত ভাবে নাট্যচৰ্চা আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াই আহিছে তেজপুৰৰ বিহগুৰিস্থিত “বাটচ’ৰা নাট্য সমাজে৷ এ ভৱ সাগৰে, আতুৰ ভৈলো অপাৰ, জিৰাঙত এটি অপৰাহ্ণ, মহাপ্ৰস্থান আদিৰ দৰে উন্নত মানৰ নাট প্ৰদৰ্শনৰে সমগ্ৰ ৰাজ্যতে পৰিচিতি লাভ কৰা অনুষ্ঠানটোৱে এইবাৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত নিবেদন কৰিলে বাটচ’ৰাৰ প্ৰতিস্থাপক তথা প্ৰতিস্থিত নাট্যকাৰ-পৰিচালক গণেশ দাসৰ নাট্যৰূপ আৰু পৰিচালনাৰে "কৌন্তেয়-এক অভিশপ্ত মহাৰথী"শীৰ্ষক পূৰ্ণাংগ নাটখন৷ কালি সন্ধিয়া ৬-৩০বজাত অঞ্চলটোৰ ১৮…

সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত ফেৰী সেৱা বিকলঃ যাত্ৰীৰ হাহাকাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাগৰ ঘাটত আজি ফেৰী সেৱা বিকল হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ লখিমপুৰ নগৰৰ লগত একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে সোৱণশিৰি নদীৰ বক্ষৰে নাৱৰ জৰিয়তে লখিমপুৰৰ লগত যোগাযোগ কৰি অহা লোকসকলে আজি বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হয়৷ সোৱণশিৰি নদীত ঘাগৰ ঘাট আৰু হাতীয়েমৰা ঘাটৰ লগত সংযোগ কৰা এনে ফেৰীসেৱা বিকল হোৱা কাৰ্যই আজি স্থানীয় নাওযাত্ৰীসকলক ক্ষোভিত কৰি তোলে৷ উল্লেখ্য যে পূৰ্বতে ঘাগৰ ঘাটত দুখনকৈ নাও দিয়া হৈছিল যদিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন নাও কেতিয়াবাই বিকল হৈ পৰাত…

ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসৰ অনুষ্ঠানত থেলাচেমিয়া সাহায্য আঁচনি মুকলি মন্ত্রী অতুল বৰাৰ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ৰক্তদান মহান দান আৰু আপোনাৰ ৰক্তই বচাব পাৰে আন দহজনৰ জীৱন। ৰক্তদানৰ সৈতে ধন-সম্পত্তি একোৰেই তুলনা নহয়। সকলোৱে মানৱ কল্যাণ সাধনৰ উদ্দেশ্যে ৰক্তদান কৰা উচিত। এই আহ্বান মন্ত্রী অতুল বৰাৰ। আজি গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰা "ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস" অনুষ্ঠানত ভাগ লৈ মন্ত্রীগৰাকীয়ে ৰক্তদানৰ মহানতাৰ বিষয়ে উল্লেখ কৰে। উল্লেখ যে দেশৰ লগতে অসমতো ১৯৭৫ চনৰ পৰাই প্ৰতি বছৰে ১ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস পালন কৰি…

অসম আৰক্ষীত ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ সংযোজন হ’ল ‘অসম আৰক্ষী মহিলা বেণ্ড’

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ 'অসম আৰক্ষী অসমৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য্য অংগ। নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভিকতা অসম আৰক্ষীৰ মূল চালিকা শক্তি। বিগত দিনবোৰত আৰক্ষীৰ বহুলোকে ৰাজ্যবাসীৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ পৰ্যন্ত উছৰ্গা কৰিছে৷' - এই মন্তব্য ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ। আজি গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্ৰাউণ্ড’ত আয়োজিত “অসম আৰক্ষী দিৱস”ৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি এই মন্তব্য কৰে মুখ্য সচিবগৰাকীয়ে। ভাষণ প্রসংগত তেওঁ কয় যে অসম আৰক্ষী দেশৰ…

সংবাদমেলত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ৰণজিত কুমাৰ দাস

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ সময়সীমা শেষ হ’ল যদিও ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ল। চলিত বৰ্ষৰ ধান ক্ৰয়ৰ সময়সীমা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ লগে লগে আজিৰ পৰা আৰম্ভ হৈছে পুনৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া। এই সন্দৰ্ভত আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ৰণজিত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যত ধান ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে।…

তেজপুৰত কিশোৰ হৰ্ষজিতে গঢ়া দশভূজাৰ মৃন্ময় প্ৰতিমাই আকৰ্ষণ কৰিছে সহস্ৰজনক

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বাবে এক আনন্দমুখৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ৰাজ্যৰ লগতে তেজপুৰতো৷ ইতিমধ্যে পূজাৰ মণ্ডপত অধীষ্ঠিত হৈছে মহিষমৰ্দিনীৰ মৃন্ময় প্ৰতিমা৷ নানা ৰঙী বেলুন,পুতলা আৰু বিভিন্ন খাদ্য সম্ভাৰৰ বিপনীৰে ভৰি পৰিছে তেজপুৰৰ পথৰ দাঁতি তথা পদপথ সমূহ৷ শাৰদীয় দুৰ্গোৎসৱ বুলিলেই শিশু সকলৰ মন ভৰি পৰে দুগুণ উৎসাহ আৰু হৰ্ষৰে৷ পৰিৱেশ নতুবা পৰিস্হিতিৰ উৰ্দ্ধত শিশুসকল বুৰ যায় বেলুনৰ ৰং তথা সুহুৰিকে ধৰি পেঁপা, বাজনাৰ শব্দৰ মাজত৷ ইয়াৰ মাজতে তেজপুৰৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই এইবাৰ নিজহাতে গঢ় দিয়া…

মৰমেৰে সজোৱা এটি দিন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ অক্টোবৰঃ আজি শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় তথা জিলাৰ সমাজ কল্যাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তেজপুৰ আৱৰ্ত ভৱনত আয়োজন কৰা এক অনুষ্ঠানত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয় ৷ আজিৰ কার্যসূচীত ৭০ বছৰৰ ওপৰৰ প্রায় ৬০ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি উপস্থিত আছিল৷ আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা প্রশাসনে তিনিজন ১০০ বছৰৰ উৰ্দ্ধৰ ভোটাৰ ক্ৰমে হৰেণ বৰদলৈ (১০১ বছৰ), আব্বাছ আলী (১০২ বছৰ) আৰু কালিচৰণ ৰুহী দাস (১০১ বছৰ)ক প্ৰতি বছৰে ভোটদান…

চতিয়াত মঙ্গলবৰীয়াত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰ

শতাব্দ প্ৰতনিধি, জামুগুৰিহাট, ৩০ ছেপ্টেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মঙ্গলবৰীয়া সামুহিক মঞ্চত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত নদুৱাৰ খণ্ডৰ সৌজন্যত, মদন হোমিঅ'ৰ দ্বাৰা উত্তৰ মুঢ়াদল মণ্ডলৰ সহযোগত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়৷ বিশেষজ্ঞ চিকিৎসকসকলৰ দ্বাৰা অনুষ্ঠিত কৰা এই চিকিৎসা শিৱিৰটো আনুষ্ঠানিকভাৱে পূৱা শুভ উদ্ধোধন কৰি মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে   কয়- এনেধৰণৰ চিকিৎসা ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজ উপকৃত হ'ব৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই যি ব্যৱস্থা হাতত লৈছে সেইয়া প্ৰশংসনীয়৷…