Browsing Category
অসম
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতানুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ছেপ্টেম্বৰঃ গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩০ ছেপ্টেম্বৰত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্র বিষ্ণু প্ৰকাশ মেধি আৰু সিদাৰ্থ বৰা। তেওঁলোকে ভাৰতত পেটেণ্ট দাখিলৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে তাৰ বিষয়ে ব্যাখ্যা কৰে। উল্লেখযোগ্য যে,…
বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াতো আছুৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ উল্লেখ্য যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই আখৰে আখৰে ফলিয়াবলৈ আৰম্ভ কৰিছে ৷ সেয়েহে অসমৰ মূৰৰ ওপৰত জলবোমা সদৃশ এই নদীবান্ধৰ বিৰোধিতাৰে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰা এই প্ৰতিবাী কাৰ্যসূচীত…
ৰাইজৰ বাবে মুকলি হ’ল গুৱাহাটীৰ আৰ্য নগৰ উৰণীয়া সেতু
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে মহানগৰৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখন আজি উদ্বোধন কৰা হয়। উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী ভাষণত মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীবাসীৰ বাবে এই স্থানত এখন উৰণীয়া সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া। ২০২১ চনৰ ফেব্ৰুৱাৰীত এই সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। ২০২৩ চনৰ আগষ্টত অৰ্থাৎ ৩০ মাহৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল।…
সোৱণশিৰিৰ বুকুৰে সৰবৰাহ হোৱা ১ হাজাৰ চেপ্টি চোৰাং শিমলু কাঠ জব্দ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ যি সময়ত চৰকাৰে শিমলু কাঠৰ ব্যৱসায় বন্ধ কৰি ৰাখিছে তেনে সময়তে লখিমপুৰ জিলাত সোৱণশিৰিৰ বক্ষৰে নিতৌ চোৰাং কাঠৰ অবাধ বেহা অব্যাহত আছে৷ যোৱা নিশা লখিমপুৰৰ বন বিভাগে অতৰ্কিতে অভিযান চলাই নিষিদ্ধ ঘোষিত প্ৰায় ১ হাজাৰ চেপ্টি চোৰাং শিমলু কাঠ জব্দ কৰা ঘটনাই এই তথ্য পোহৰলৈ আনিছে৷ সোৱণশিৰি নদীৰ বক্ষৰে বিভিন্ন সময়ত শিমলু কাঠৰ বৃহৎ বৃহৎ বীম সমূহৰ ভূৰ বান্ধি নিতৌ চোৰাং ব্যৱসায়ীয়ে লখিমপুৰ নগৰৰ বিভিন্ন কাঠৰ ডিপুলৈ সৰবৰাহ কৰি আছে৷ বৃহস্পতিবাৰে সন্ধিয়া জিলা বন সংমণ্ডল প্ৰাধিকাৰী এ কে দেৱচৌধুৰীৰ নিৰ্দেশত…
কৰ্ম আৰু সততাৰ প্ৰতিভূ তেজপুৰৰ ৰবীন্দ্ৰ চন্দ্ৰ দে
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০ছেপ্টেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজহিতৈষী ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’৷ ৰাজ্যখনৰ জাতি গঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভৰ পাছত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক হৈ পৰে৷ এক বৰ্ণিল, সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া জাতীয়তাবাদ তথা জাতীয় অস্তীত্ব ৰক্ষাৰ আন্দোলনৰে জড়িত হৈ চাকৰি জীৱনৰ অৱসৰৰ দিনটোতো অন্যায়ৰ বলি…
লখিমপুৰত জিলাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বাটৰ নাট প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ২ অক্টোবৰত লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত উপনীত হ’ব৷ তদুপলক্ষে লখিমপুৰ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সেই অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত ঢকুৱাখনাত বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ বিশেষকৈ ‘পথ সুৰক্ষা জীৱন সুৰক্ষা’ নামৰ বাটৰ নাটখনি ঢকুৱাখনা মহাবিদ্যালয়, ঢকুৱাখনা চাৰিআলি, ঘিলামৰা চাৰিআলি আদিত মঞ্চস্থ কৰা হয়৷ এই বাটৰ নাটে স্থানীয় ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বাটৰ নাটখনিত অভিনয় কৰে- শিক্ষয়িত্ৰী…
তেজপুৰৰ বাণ থিয়েটাৰত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাৰ দুটি মনপৰশা গীত উন্মোচন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩০ ছেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত শুভ মুক্তি লভিলে ৰাজ্যখনৰ বিশিষ্ট গীতিকাৰ - সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দুটিকৈ জনপ্ৰিয় গীত। উল্লেখ্য যে, বিগত সময়ৰ লকডাউনৰ সময়চোৱাত ঘৰতে আৱদ্ধ হৈ থকা প্ৰবীণ গীতিকাৰ গৰাকীয়ে ৰচনা কৰা "নিৰিবিলি সন্ধিয়া" আৰু "উদাসীন মন" শীৰ্ষক অতি মনপৰশা গীত দুটি আনুষ্ঠানিক ভাবে উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ড০ স্বাধীনতা মহন্তই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক…
কৃষি বিভাগৰ ৪০ খন বীজ পাম অসম বীজ নিগমক হস্তান্তৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ ৰাজ্যৰ কৃষি খণ্ডৰ বাবে আজি এক ঐতিহাসিক দিন। আজি কৃষক আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ মাজত উৎকৃষ্ট মানৰ বীজ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি। চুক্তি অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কৃষি বিভাগৰ অধীনত থকা ৪০ খন বীজ পামক সদ্ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষি বিভাগে অসম বীজ নিগমক হস্তান্তৰ কৰে। লগতে চুক্তিমৰ্মে এই ৪০ খন বীজ পামক "ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব" প্ৰক্ৰিয়াৰে পৰিচালনা কৰাৰো সিদ্ধান্ত লোৱা হয়। আজি…
ভিক্টৰ দাসে লাভ কৰিলে পূৰ্ণাংগ জামিন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ অৱশেষত পূৰ্ণাংগ জামিন লাভ কৰিলে ভিক্টৰ দাসে। গোচৰৰ কেচ ডায়েৰী চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ভিক্টৰ দাসৰ পূৰ্ণাংগ জামিন। কেচ ডায়েৰী চাই আৰক্ষীয়ে কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰিলে ন্যায়ালয়ে। ভিক্টৰ দাসৰ বিৰুদ্ধে 153(A) ধাৰা প্ৰযোজ্য নহয় বুলি অধিবক্তাই দিয়া যুক্তিক ন্যায্যতা প্ৰদান কৰিলে ন্যায়ালয়ে। উল্লেখ যে পূৰ্বে ২৯ ছেপ্টেম্বৰ পৰ্যন্ত ন্যায়ালয়ে অন্তৱৰ্তী জামিন দিছিল ভিক্টৰ দাসক। উল্লেখ যে অসম চৰকাৰে আয়োজন কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ…
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূপেন বৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এন এইচ পি চিৰ প্ৰকল্পস্থলীত সংঘটিত হোৱা সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত উচ্ছ স্তৰীয় কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ সবিশেষ ৰাইজক জনোৱাৰ ব্যৱস্থা কৰক৷ ৰাইজক যদি এই বিষয়ে অৱগত নকৰে তেনেহলে অনাগত সময়ত পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাব৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ ঘটনাৰ বুজ লৈ এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই৷ তেওঁ এইক্ষেত্ৰত ৰাজ্য চৰকাৰক তৎকালেই কেন্দ্ৰৰ সৈতে কথা পাতি উদ্ভৱ হোৱা সমস্যাৰাজি সমাধানৰ ব্যৱস্থ্য কৰিব লাগে বুলি…
