Browsing Category
অসম
তেজপুৰৰ বাণ থিয়েটাৰত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাৰ দুটি মনপৰশা গীত উন্মোচন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩০ ছেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত শুভ মুক্তি লভিলে ৰাজ্যখনৰ বিশিষ্ট গীতিকাৰ - সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দুটিকৈ জনপ্ৰিয় গীত। উল্লেখ্য যে, বিগত সময়ৰ লকডাউনৰ সময়চোৱাত ঘৰতে আৱদ্ধ হৈ থকা প্ৰবীণ গীতিকাৰ গৰাকীয়ে ৰচনা কৰা "নিৰিবিলি সন্ধিয়া" আৰু "উদাসীন মন" শীৰ্ষক অতি মনপৰশা গীত দুটি আনুষ্ঠানিক ভাবে উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ড০ স্বাধীনতা মহন্তই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক…
কৃষি বিভাগৰ ৪০ খন বীজ পাম অসম বীজ নিগমক হস্তান্তৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ ৰাজ্যৰ কৃষি খণ্ডৰ বাবে আজি এক ঐতিহাসিক দিন। আজি কৃষক আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ মাজত উৎকৃষ্ট মানৰ বীজ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি। চুক্তি অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কৃষি বিভাগৰ অধীনত থকা ৪০ খন বীজ পামক সদ্ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৃষি বিভাগে অসম বীজ নিগমক হস্তান্তৰ কৰে। লগতে চুক্তিমৰ্মে এই ৪০ খন বীজ পামক "ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব" প্ৰক্ৰিয়াৰে পৰিচালনা কৰাৰো সিদ্ধান্ত লোৱা হয়। আজি…
ভিক্টৰ দাসে লাভ কৰিলে পূৰ্ণাংগ জামিন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ অৱশেষত পূৰ্ণাংগ জামিন লাভ কৰিলে ভিক্টৰ দাসে। গোচৰৰ কেচ ডায়েৰী চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ভিক্টৰ দাসৰ পূৰ্ণাংগ জামিন। কেচ ডায়েৰী চাই আৰক্ষীয়ে কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰিলে ন্যায়ালয়ে। ভিক্টৰ দাসৰ বিৰুদ্ধে 153(A) ধাৰা প্ৰযোজ্য নহয় বুলি অধিবক্তাই দিয়া যুক্তিক ন্যায্যতা প্ৰদান কৰিলে ন্যায়ালয়ে। উল্লেখ যে পূৰ্বে ২৯ ছেপ্টেম্বৰ পৰ্যন্ত ন্যায়ালয়ে অন্তৱৰ্তী জামিন দিছিল ভিক্টৰ দাসক। উল্লেখ যে অসম চৰকাৰে আয়োজন কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ…
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূপেন বৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এন এইচ পি চিৰ প্ৰকল্পস্থলীত সংঘটিত হোৱা সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত উচ্ছ স্তৰীয় কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ সবিশেষ ৰাইজক জনোৱাৰ ব্যৱস্থা কৰক৷ ৰাইজক যদি এই বিষয়ে অৱগত নকৰে তেনেহলে অনাগত সময়ত পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাব৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ ঘটনাৰ বুজ লৈ এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই৷ তেওঁ এইক্ষেত্ৰত ৰাজ্য চৰকাৰক তৎকালেই কেন্দ্ৰৰ সৈতে কথা পাতি উদ্ভৱ হোৱা সমস্যাৰাজি সমাধানৰ ব্যৱস্থ্য কৰিব লাগে বুলি…
লখিমপুৰত ১৪৪ ধাৰা বলবৎ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত আগন্তুক দূৰ্গোৎসৱ শান্তিপূৰ্ণ ভাৱে উদযাপনৰ লক্ষ্যৰে লখিমপুৰ জিলা দণ্ডাধীশে একাদেশ যোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা অধীনত সমগ্ৰ জিলাতে তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে৷ এই আইনৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে৷ সেই মৰ্মে ৰাজহুৱা স্থানত প্তজন বা তাতোধিক লোকৰ সমাৱেশৰ ওপৰত নিশেধাজ্ঞা আৰোপ কৰিছে৷ তদুপৰি জিলা দণ্ডাধীশৰ বিনা অনুমতিত চৰকাৰী কাৰ্যালয় সন্মুখত শোভাযাত্ৰা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ধৰ্মঘট, ধৰ্ণা, দান-বৰঙনি তোলা আদি কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ…
তেজপুৰত চি আৰ পি এফৰ উদ্যোগত হিন্দী পষেক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ছেপ্তেম্বৰঃ হিন্দী প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় হিন্দী পষেক কাৰ্যসূচীৰ। যোৱা ১৪ চেপ্তেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ তেজপুৰস্থিত চি আৰ পি এফ ৩০ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি হিন্দী টাইপিং, নোটিং ড্ৰাফটিং প্ৰতিযোগিতাৰ লগতে হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশ লৈ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে কমাণ্ডেন্ট অৰুণ কুমাৰ মীনাই। তেওঁ ভাষণ…
বৃদ্ধ নাগৰিকক নিৰ্যাতনৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বিত কৰা হৈছে পিতৃ-পুত্ৰৰ যুটিক মদ্যপান কৰি নিৰ্যাতন চলোৱাৰ অভিযোগত। স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছতে অসম চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ ছেপ্টেম্বৰৰ নিশা হোজাইৰ উপায়ুক্ত অনুপম চৌধাৰী আৰু এডিচি ৰক্তিম বৰুৱাক নিলম্বনৰ নিৰ্দেশ দিয়ে। খবৰ অনুসৰি পিতৃ-পুত্ৰ যুটিটোক আক্ৰমণ কৰাৰ সময়ত দুয়োজনেই মদ্যপান কৰিছিল যদিও প্ৰথমতে কেনেকৈ এই কাণ্ড আৰম্ভ হৈছিল তাৰ…
লখিমপুৰত ড্ৰিংকিং ৱাটাৰৰ নামত বৰবিহ বিক্ৰী
শতাব্দ , লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া বিশুদ্ধ খোৱা পানীৰ নামত ৰাইজে একপ্ৰকাৰে বৰবিহ সেৱন কৰি আহিছে৷ জিলা খাদ্য সুৰক্ষা বিভাগৰ অভিযানত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাত অবৈধ ভাৱে চলি থকা ৫টা খোৱাপানী উদ্যোগ ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে চীল কৰি দিছে৷ প্ৰয়োজনীয় নথি পত্ৰ তথা বি আই এচ চাৰ্টিফিকেট অবিহনেই এই উদ্যোগ তথা পেকেজ ড্ৰিংকিং ৱাটাৰৰ ইউনিটসমূহ চলি আছিল৷ খাদ্য সুৰক্ষা বিভাগে এনে অবৈধ উদ্যোগৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ বিহপুৰীয়াত ২ টা, লালুকত ২টা আৰু লখিমপুৰ সদৰত ১টা এনে ইউনিট চীল কৰে৷…
সীমা সমস্যাঃডিব্ৰুগড়ৰ অৰুণাচল ভৱনত অসম-অৰুণাচল আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক
শতাব্দ প্ৰতনিধি, তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰঃ "নামচাই ঘোষণা পত্ৰ" অনুসৰি আৰু শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলসমূহৰ যুটীয়া পৰিদৰ্শনৰ পাছত আজি ডিব্ৰুগড়স্থিত অৰুণাচল ভৱনত তিনিচুকীয়া, নামচাই, নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ বাবে গঠিত অসম আৰু অৰুণাচল আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ক দাখিল কৰিবলগীয়া আঞ্চলিক সমিতিৰ চূড়ান্ত প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা হয়৷ ইয়াৰোপৰি আগন্তুক ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন আঞ্চলিক সমিতিয়ে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ক যুটীয়া…
ধুবুৰী চিকিৎসা মহাবিদ্যালয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ অহা ১২ অক্টোবৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ধুবুৰী মেডিকেল কলেজ হ’ব অসমৰ নৱমখন মেডিকেল কলেজ। গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি অসমৰ ধুবুৰী মেডিকেল কলেজখন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ২৮ ছেপ্টেম্বৰত নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উদ্বোধনৰ বাবে প্ৰস্তুতিৰ বুজ লয়। চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী…
