Browsing Category
অসম
প্ৰায় ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত ডুব যায় এখন নাও। প্ৰায় ১০০ জন যাত্ৰী থকা নাওখন হঠাতে লুটি খাই পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। প্ৰথমে স্থানীয় লোকে আৰু তাৰ পিছত চৰকাৰী উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও চৰকাৰী বিষয়া, ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাজনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। স্থানীয় ৰাইজে দাবী কৰিছে যে নাওখনত প্ৰায় ১০০ জন যাত্ৰী আৰু কমেও ১০খন মটৰচাইকেল আছিল। অসম এছডিআৰএফৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ধুবুৰীত ব্ৰহ্মপুত্ৰত ডুব যোৱা নাওখনৰ বিষয়ে সদৰী…
তেজপুৰত এগৰাকী অসহায় মহিলাক উদ্ধাৰ কৰিলে আন এগৰাকী মহিলাই
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ কটন মিলটো বন্ধ হৈ যোৱাৰ পাছত ইয়াত এসময়ত কৰ্মৰত শ্ৰমিকৰ কেনে শোকাৱহ পৰিণতি হৈছে তাৰ শেহতীয়া নিদৰ্শন এগৰাকী পৌঢ়া মহিলা৷ গহপুৰৰ ৰেজিয়া বেগম নামৰ মহিলা গৰাকীয়ে গহপুৰৰ পৰা আহি এসময়ত কটন মিলত কাম কৰিছিলহি৷ বহু বছৰ এই মিলত কাম কৰাৰ পাছত হঠাৎ এই মিলটো বন্ধ হৈ যোৱাত তেওঁ তেজপুৰৰ বিভিন্নজনৰ ঘৰত কাম বন কৰি জীৱন নিৰ্বাহ কৰিছিল৷ ইয়াৰ মাজতে এদিন তেওঁ শাৰিৰীক ভাবে অসুস্থ হৈ পৰাত চতিয়াৰ স্বামীগৃহলৈ উভতি যায় যদিও তাতো তেওঁ আশ্ৰয় লাভ নকৰিলে৷ প্ৰৱল আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত আৰু…
লখিমপুৰত নিশা দুৰ্বৃত্তই জ্বলালে ২খন ডাম্পাৰ, ২খন ট্ৰাক আৰু ১খন জে চি বি সহ প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তিঃ গ্ৰেপ্তাৰ- ১
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ খেলমাটিত যোৱা নিশা এক অভাৱনীয় কাণ্ড সংঘটিত হয়৷ এজন চালকে নিজৰ আখেজ পুৰাবলৈ গৈ নগৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জ্যোতি প্ৰসাদ হাজৰিকাৰ কেবাখনো মূল্যবান বাহন জ্বলাই দিয়া ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ২৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০ বজাত জ্যোতিপ্ৰসাদ হাজৰিকাৰ খেলমাটিত থকা এম এছ ৰবিন শ্ব’ মিলৰ চৌহদত ৰাখি থোৱা দুখন ডাম্পাৰ, দুখন ট্ৰাক আৰু এখন জেচিবি দুবৃৰ্ত্তই জ্বলাই দিয়ে৷ পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে যদিও উক্ত বাহনকেইখন জ্বলাই…
লখিমপুৰত এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জাতীয় যুৱবাহিনী ,অসমীয়া যুৱ মঞ্চৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ দলৰ জাতীয় যুব বাহিনী লখিমপুৰ জিলা সমিতিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নামনি জলবিদ্যুৎ প্রকল্প জলবোমা নিৰ্মানৰ পক্ষত থকা ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিকৃতি দাহ কৰি জাতীয় যুৱ বাহিনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। । এই কাৰ্য্যসূচীত প্ৰতিবাদ জনাই ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক…
বিশ্বত সমাদৃত তেজপুৰৰ লিচু পুখুৰী
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭চেপ্তেম্বৰঃ ‘লিচু পুখুৰী’ নামৰ তেজপুৰৰ ঐতিহাসিক এটা পুখুৰীয়েও এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ চৌপাশৰ শাৰী শাৰী সুস্বাদু লিচু গছৰ বাবেই ‘লিচু পুখুৰী’ নামেৰে বৰ্তমান পৰিচিত হৈ ৰোৱা প্ৰায় ৯.৫ বিঘা মাটিকালিৰ এই ঐতিহাসিক পুখুৰীটোৰ সামগ্ৰিক উন্নয়নত মনোনিৱেশ কৰি ১ কোটি ৮ লাখ টকা ব্যয়সাপেক্ষ এক সৌন্দৰ্যবদ্ধৰ্নৰ আঁচনিৰ ৰূপায়নেই সেই সম্ভাৱনা প্ৰকট কৰি তুলিছে৷ উল্লেখ্য যে লিচুক কেন্দ্ৰ কৰি বৰ্তমান ‘লিচু পুখুৰী’ বুলি নামাঙ্কিত হলেও চহৰখনৰ প্ৰায় মাজমজিয়াত থকা বিখ্যাত…
তেজপুৰত অসুৰৰ ৰূপত এপিডিচিএল
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ছেপ্টেম্বৰঃ চৰকাৰৰ মানসিক সন্তুলন হেৰাইছেনে, এপিডিচি এলৰ হেৰাইছে? এইসকলক ঠিক কৰিবলৈ তেজপুৰত মানসিক চিকিৎসালয় আছে৷ গতিকে তেজপুৰতে এইসকলক চিকিৎসা আৰম্ভ কৰিব লাগিব৷ আজি তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰেই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শোণিতপুৰ জিলা কংগ্ৰেছে৷ বৰ্দ্ধিত বিদ্যুৎ বিল আৰু হঠাৎ অভাৱনীয় পৰিমানৰ বিদ্যুৎ বিলৰে সৰ্বসাধাৰণক হাৰাশাস্তি কৰা এপিডিচিএল আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে আজি বিদ্যুত সংমণ্ডলটোৰ সন্মূখত তথা পদুম পুখুৰীৰ পাৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাম প্ৰসাদ শৰ্মা, অসম…
অসমত পুনৰ গ্ৰেপ্তাৰ পি এফ আইৰ ২৫ নেতা-কৰ্মী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ ছেপ্টেম্বৰঃ ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান। অসমতো অব্যাহত আছে ব্যাপক অভিযান। অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল ২৫ জন পি এফ আইৰ নেতা-সদস্য। আৰক্ষীৰ সূত্রই জনোৱা মতে নতুনকৈ গ্ৰেপ্তাৰ কৰা পি এফ আইৰ ২৫ জন সদস্যৰ ভিতৰত আছে কামৰূপ ৫ জন, গোৱালপাৰাৰ ১০ জন, কৰিমগঞ্জৰ এজন, ওদালগুৰিৰ এজন, দৰঙৰ এজন, ধুবুৰীৰ ৩ জন, বৰপেটাৰ দুজন আৰু বাক্সাৰ দুজন। আঠখন জিলাত চলোৱা অভিযানত পি এফ…
তেজপুৰত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ ছেপ্টেম্বৰঃ ইতিহাসৰ সমলৰে ভৰপুৰ তেজপুৰ৷ এই ইতিহাসে মহিয়ান কৰি ৰখা তেজপুৰতেই আছে বৃহৎ শিৱলিঙ্গ মহাভৈৰৱ মন্দিৰত৷ এই মন্তব্য প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিৱেক দেৱৰয়ৰ৷ কাজিৰঙা অনুষ্ঠিত হোৱা চিন্তন বৈঠকত অংশ লোৱাৰ পিছতে আজি তেজপুৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে অধ্যক্ষ গৰাকীয়ে৷ মহাভৈৰৱ মন্দিৰৰ শিৱলিঙ্গ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ হয়নে নহয় সেই বিষয়ে বিশেষ উল্লেখ নকৰি বাৰানসী আৰু ভূপালতো বৃহৎ শিৱলিঙ্গৰ শিৱমন্দিৰ থকা বুলি উল্লেখ কৰে তেও৷ ভাৰতৰ অৰ্থনৈতিক অৱস্থা বা অৰ্থনীতিক আৰু…
লখিমপুৰত প্ৰধানমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্য মন্ত্ৰী, এন এইছ পি চিৰ প্ৰতিকৃতি দাহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ানক ভূমিস্খলনৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ । ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দম্ভালি মৰা প্ৰকল্পটোত শেহতীয়াকৈ এটাৰ পাছত এটাকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰাৰ সমান্তৰালকৈ বান্ধ বিৰোধী সন্থা সংগঠন সমূহ ক্ষোভিত হৈ পৰিছে । ইতিমধ্যে সোৱণশিৰিৰ ভয়াবহ ৰূপ দেখি এন এইছ পি চিয়ে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ সমান্তৰালকৈ বান্ধ নিৰ্মাণৰ কামত…
লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি চিঙাৰ উপক্ৰম
বিপন্ন মথাউৰিত কেন্দ্ৰীয় জল আয়োগৰ দল, সাংসদ, জিলা উপায়ুক্ত ঃ যুদ্ধকালীন তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ আজি উক্ত খহনীয়াগ্ৰস্ত অঞ্চলটোত কেন্দ্ৰীয় জল আয়োগৰ দলৰ লগতে সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ জিলা উপায়ুক্ত উপস্থিত হৈ মথাউৰিটো পৰিদৰ্শন কৰি যিকোনো প্ৰকাৰে মথাউৰি ৰক্ষাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে বিগত এসপ্তাহ ধৰি ব্যাপক ৰূপত খহনীয়া…
