Browsing Category

অসম

লখিমপুৰত ১৪৪ ধাৰা বলবৎ

শতাব্দ প্ৰতিনিধি,  লখিমপুৰ ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত আগন্তুক দূৰ্গোৎসৱ শান্তিপূৰ্ণ ভাৱে উদযাপনৰ লক্ষ্যৰে লখিমপুৰ জিলা দণ্ডাধীশে একাদেশ যোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা অধীনত সমগ্ৰ জিলাতে তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে৷ এই আইনৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে৷ সেই মৰ্মে ৰাজহুৱা স্থানত প্তজন বা তাতোধিক লোকৰ সমাৱেশৰ ওপৰত নিশেধাজ্ঞা আৰোপ কৰিছে৷ তদুপৰি জিলা দণ্ডাধীশৰ বিনা অনুমতিত চৰকাৰী কাৰ্যালয় সন্মুখত শোভাযাত্ৰা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ধৰ্মঘট, ধৰ্ণা, দান-বৰঙনি তোলা আদি কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ…

তেজপুৰত চি আৰ পি এফৰ উদ্যোগত হিন্দী পষেক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ছেপ্তেম্বৰঃ হিন্দী প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় হিন্দী পষেক কাৰ্যসূচীৰ। যোৱা ১৪ চেপ্তেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ তেজপুৰস্থিত চি আৰ পি এফ ৩০ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি হিন্দী টাইপিং, নোটিং ড্ৰাফটিং প্ৰতিযোগিতাৰ লগতে হিন্দী কৰ্মশালাৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশ লৈ বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে কমাণ্ডেন্ট অৰুণ কুমাৰ মীনাই। তেওঁ ভাষণ…

বৃদ্ধ নাগৰিকক নিৰ্যাতনৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বিত কৰা হৈছে পিতৃ-পুত্ৰৰ যুটিক মদ্যপান কৰি নিৰ্যাতন চলোৱাৰ অভিযোগত। স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছতে অসম চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ ছেপ্টেম্বৰৰ নিশা হোজাইৰ উপায়ুক্ত অনুপম চৌধাৰী আৰু এডিচি ৰক্তিম বৰুৱাক নিলম্বনৰ নিৰ্দেশ দিয়ে। খবৰ অনুসৰি পিতৃ-পুত্ৰ যুটিটোক আক্ৰমণ কৰাৰ সময়ত দুয়োজনেই মদ্যপান কৰিছিল যদিও প্ৰথমতে কেনেকৈ এই কাণ্ড আৰম্ভ হৈছিল তাৰ…

লখিমপুৰত ড্ৰিংকিং ৱাটাৰৰ নামত বৰবিহ বিক্ৰী

শতাব্দ , লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া বিশুদ্ধ খোৱা পানীৰ নামত ৰাইজে একপ্ৰকাৰে বৰবিহ সেৱন কৰি আহিছে৷ জিলা খাদ্য সুৰক্ষা বিভাগৰ অভিযানত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাত অবৈধ ভাৱে চলি থকা ৫টা খোৱাপানী উদ্যোগ ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে চীল কৰি দিছে৷ প্ৰয়োজনীয় নথি পত্ৰ তথা বি আই এচ চাৰ্টিফিকেট অবিহনেই এই উদ্যোগ তথা পেকেজ ড্ৰিংকিং ৱাটাৰৰ ইউনিটসমূহ চলি আছিল৷ খাদ্য সুৰক্ষা বিভাগে এনে অবৈধ উদ্যোগৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ বিহপুৰীয়াত ২ টা, লালুকত ২টা আৰু লখিমপুৰ সদৰত ১টা এনে ইউনিট চীল কৰে৷…

সীমা সমস্যাঃডিব্ৰুগড়ৰ অৰুণাচল ভৱনত অসম-অৰুণাচল আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

শতাব্দ প্ৰতনিধি‍, তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰঃ "নামচাই ঘোষণা পত্ৰ" অনুসৰি আৰু শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলসমূহৰ যুটীয়া পৰিদৰ্শনৰ পাছত আজি ডিব্ৰুগড়স্থিত অৰুণাচল ভৱনত তিনিচুকীয়া, নামচাই, নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ বাবে গঠিত অসম আৰু অৰুণাচল আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ক দাখিল কৰিবলগীয়া আঞ্চলিক সমিতিৰ চূড়ান্ত প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা হয়৷ ইয়াৰোপৰি আগন্তুক ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন আঞ্চলিক সমিতিয়ে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ক যুটীয়া…

ধুবুৰী চিকিৎসা মহাবিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ অহা ১২ অক্টোবৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ধুবুৰী মেডিকেল কলেজ হ’ব অসমৰ নৱমখন মেডিকেল কলেজ। গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি অসমৰ ধুবুৰী মেডিকেল কলেজখন উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ২৮ ছেপ্টেম্বৰত নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উদ্বোধনৰ বাবে প্ৰস্তুতিৰ বুজ লয়। চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী…

প্ৰায় ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত ডুব যায় এখন নাও। প্ৰায় ১০০ জন যাত্ৰী থকা নাওখন হঠাতে লুটি খাই পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। প্ৰথমে স্থানীয় লোকে আৰু তাৰ পিছত চৰকাৰী উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও চৰকাৰী বিষয়া, ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাজনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। স্থানীয় ৰাইজে দাবী কৰিছে যে নাওখনত প্ৰায় ১০০ জন যাত্ৰী আৰু কমেও ১০খন মটৰচাইকেল আছিল। অসম এছডিআৰএফৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ধুবুৰীত ব্ৰহ্মপুত্ৰত ডুব যোৱা নাওখনৰ বিষয়ে সদৰী…

তেজপুৰত এগৰাকী অসহায় মহিলাক উদ্ধাৰ কৰিলে আন এগৰাকী মহিলাই

 শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ কটন মিলটো বন্ধ হৈ যোৱাৰ পাছত ইয়াত এসময়ত কৰ্মৰত শ্ৰমিকৰ কেনে শোকাৱহ পৰিণতি হৈছে তাৰ শেহতীয়া নিদৰ্শন এগৰাকী পৌঢ়া মহিলা৷ গহপুৰৰ ৰেজিয়া বেগম নামৰ মহিলা গৰাকীয়ে গহপুৰৰ পৰা আহি এসময়ত কটন মিলত কাম কৰিছিলহি৷ বহু বছৰ এই মিলত কাম কৰাৰ পাছত হঠাৎ এই মিলটো বন্ধ হৈ যোৱাত তেওঁ তেজপুৰৰ বিভিন্নজনৰ ঘৰত কাম বন কৰি জীৱন নিৰ্বাহ কৰিছিল৷ ইয়াৰ মাজতে এদিন তেওঁ শাৰিৰীক ভাবে অসুস্থ হৈ পৰাত চতিয়াৰ স্বামীগৃহলৈ উভতি যায় যদিও তাতো তেওঁ আশ্ৰয় লাভ নকৰিলে৷ প্ৰৱল আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত আৰু…

লখিমপুৰত নিশা দুৰ্বৃত্তই জ্বলালে ২খন ডাম্পাৰ, ২খন ট্ৰাক আৰু ১খন জে চি বি সহ প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তিঃ গ্ৰেপ্তাৰ- ১

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ খেলমাটিত যোৱা নিশা এক অভাৱনীয় কাণ্ড সংঘটিত হয়৷ এজন চালকে নিজৰ আখেজ পুৰাবলৈ গৈ নগৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জ্যোতি প্ৰসাদ হাজৰিকাৰ কেবাখনো মূল্যবান বাহন জ্বলাই দিয়া ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ২৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১০ বজাত জ্যোতিপ্ৰসাদ হাজৰিকাৰ খেলমাটিত থকা এম এছ ৰবিন শ্ব’ মিলৰ চৌহদত ৰাখি থোৱা দুখন ডাম্পাৰ, দুখন ট্ৰাক আৰু এখন জেচিবি দুবৃৰ্ত্তই জ্বলাই দিয়ে৷ পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে যদিও উক্ত বাহনকেইখন জ্বলাই…

লখিমপুৰত এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জাতীয় যুৱবাহিনী ,অসমীয়া যুৱ মঞ্চৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ দলৰ জাতীয় যুব বাহিনী লখিমপুৰ জিলা সমিতিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নামনি জলবিদ্যুৎ প্রকল্প জলবোমা নিৰ্মানৰ পক্ষত থকা ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিকৃতি দাহ কৰি জাতীয় যুৱ বাহিনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। । এই কাৰ্য্যসূচীত প্ৰতিবাদ জনাই ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক…