Browsing Category
অসম
বিশ্বত সমাদৃত তেজপুৰৰ লিচু পুখুৰী
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭চেপ্তেম্বৰঃ ‘লিচু পুখুৰী’ নামৰ তেজপুৰৰ ঐতিহাসিক এটা পুখুৰীয়েও এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ চৌপাশৰ শাৰী শাৰী সুস্বাদু লিচু গছৰ বাবেই ‘লিচু পুখুৰী’ নামেৰে বৰ্তমান পৰিচিত হৈ ৰোৱা প্ৰায় ৯.৫ বিঘা মাটিকালিৰ এই ঐতিহাসিক পুখুৰীটোৰ সামগ্ৰিক উন্নয়নত মনোনিৱেশ কৰি ১ কোটি ৮ লাখ টকা ব্যয়সাপেক্ষ এক সৌন্দৰ্যবদ্ধৰ্নৰ আঁচনিৰ ৰূপায়নেই সেই সম্ভাৱনা প্ৰকট কৰি তুলিছে৷ উল্লেখ্য যে লিচুক কেন্দ্ৰ কৰি বৰ্তমান ‘লিচু পুখুৰী’ বুলি নামাঙ্কিত হলেও চহৰখনৰ প্ৰায় মাজমজিয়াত থকা বিখ্যাত…
তেজপুৰত অসুৰৰ ৰূপত এপিডিচিএল
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ছেপ্টেম্বৰঃ চৰকাৰৰ মানসিক সন্তুলন হেৰাইছেনে, এপিডিচি এলৰ হেৰাইছে? এইসকলক ঠিক কৰিবলৈ তেজপুৰত মানসিক চিকিৎসালয় আছে৷ গতিকে তেজপুৰতে এইসকলক চিকিৎসা আৰম্ভ কৰিব লাগিব৷ আজি তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰেই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শোণিতপুৰ জিলা কংগ্ৰেছে৷ বৰ্দ্ধিত বিদ্যুৎ বিল আৰু হঠাৎ অভাৱনীয় পৰিমানৰ বিদ্যুৎ বিলৰে সৰ্বসাধাৰণক হাৰাশাস্তি কৰা এপিডিচিএল আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে আজি বিদ্যুত সংমণ্ডলটোৰ সন্মূখত তথা পদুম পুখুৰীৰ পাৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাম প্ৰসাদ শৰ্মা, অসম…
অসমত পুনৰ গ্ৰেপ্তাৰ পি এফ আইৰ ২৫ নেতা-কৰ্মী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ ছেপ্টেম্বৰঃ ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান। অসমতো অব্যাহত আছে ব্যাপক অভিযান। অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত আৰক্ষীৰ জালত পৰিল ২৫ জন পি এফ আইৰ নেতা-সদস্য। আৰক্ষীৰ সূত্রই জনোৱা মতে নতুনকৈ গ্ৰেপ্তাৰ কৰা পি এফ আইৰ ২৫ জন সদস্যৰ ভিতৰত আছে কামৰূপ ৫ জন, গোৱালপাৰাৰ ১০ জন, কৰিমগঞ্জৰ এজন, ওদালগুৰিৰ এজন, দৰঙৰ এজন, ধুবুৰীৰ ৩ জন, বৰপেটাৰ দুজন আৰু বাক্সাৰ দুজন। আঠখন জিলাত চলোৱা অভিযানত পি এফ…
তেজপুৰত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ ছেপ্টেম্বৰঃ ইতিহাসৰ সমলৰে ভৰপুৰ তেজপুৰ৷ এই ইতিহাসে মহিয়ান কৰি ৰখা তেজপুৰতেই আছে বৃহৎ শিৱলিঙ্গ মহাভৈৰৱ মন্দিৰত৷ এই মন্তব্য প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিৱেক দেৱৰয়ৰ৷ কাজিৰঙা অনুষ্ঠিত হোৱা চিন্তন বৈঠকত অংশ লোৱাৰ পিছতে আজি তেজপুৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে অধ্যক্ষ গৰাকীয়ে৷ মহাভৈৰৱ মন্দিৰৰ শিৱলিঙ্গ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ হয়নে নহয় সেই বিষয়ে বিশেষ উল্লেখ নকৰি বাৰানসী আৰু ভূপালতো বৃহৎ শিৱলিঙ্গৰ শিৱমন্দিৰ থকা বুলি উল্লেখ কৰে তেও৷ ভাৰতৰ অৰ্থনৈতিক অৱস্থা বা অৰ্থনীতিক আৰু…
লখিমপুৰত প্ৰধানমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্য মন্ত্ৰী, এন এইছ পি চিৰ প্ৰতিকৃতি দাহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ানক ভূমিস্খলনৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ । ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দম্ভালি মৰা প্ৰকল্পটোত শেহতীয়াকৈ এটাৰ পাছত এটাকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰাৰ সমান্তৰালকৈ বান্ধ বিৰোধী সন্থা সংগঠন সমূহ ক্ষোভিত হৈ পৰিছে । ইতিমধ্যে সোৱণশিৰিৰ ভয়াবহ ৰূপ দেখি এন এইছ পি চিয়ে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ সমান্তৰালকৈ বান্ধ নিৰ্মাণৰ কামত…
লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি চিঙাৰ উপক্ৰম
বিপন্ন মথাউৰিত কেন্দ্ৰীয় জল আয়োগৰ দল, সাংসদ, জিলা উপায়ুক্ত ঃ যুদ্ধকালীন তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ আজি উক্ত খহনীয়াগ্ৰস্ত অঞ্চলটোত কেন্দ্ৰীয় জল আয়োগৰ দলৰ লগতে সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ জিলা উপায়ুক্ত উপস্থিত হৈ মথাউৰিটো পৰিদৰ্শন কৰি যিকোনো প্ৰকাৰে মথাউৰি ৰক্ষাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে বিগত এসপ্তাহ ধৰি ব্যাপক ৰূপত খহনীয়া…
গাড়ীচোৰ,ফকিৰ আব্দুলৰ গৃহত মাটিত পুতিথোৱা অৱস্থাতউদ্ধাৰ১৫লাখঃ তেজপুৰত চাঞ্চল্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকীৰ অন্তগত এক ভিতৰুৱা অঞ্চল আলিচিঙা উৰিয়ামগুৰিত এটা বাসগৃত পুতি থোৱা অৱস্থাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, যোৱা নিশা শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস,উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত তথা তেজপুৰ সদৰ থানা ভাৰ প্ৰাপ্ত বিষয়া মিন্টু বড়োৰ আৰু স্হানীয় বৰঘাট আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত আব্দুল কৰিম নামৰ ফকিৰ তথা গাড়ী চোৰৰ লগত জড়িত লোক জনৰ বাস গৃহত এটা ট্ৰাংকত মাটিৰ তলত পুতি…
৩৯ তম শোণিতপুৰ জিলা ভাৰ উত্তোলনত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ
জুনিয়ৰ মহিলা বেষ্ট লিফ্টাৰ বৃষ্টি ৰেখা হাজৰিকা - পুৰুষৰ বেষ্ট লিফ্টাৰ খিতাপ জয়ন্ত কোঁচলৈ
ছিনিয়ৰ মহিলা শাখাত বেষ্ট লিফ্টাৰ আমিনা খাতুন আৰু পুৰুষ শাখাত নীলম নাথ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬,ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু শোণিতপুৰ জিলা ভাৰ উত্তোলন সন্থাৰ ৩৯ তম জিলা ভাৰত্তোলন প্ৰতিযোগিতাখন কালি ঢেকিয়াজুৰি অগ্ৰণী শৰীৰ চৰ্চা অনুষ্ঠান ‘ফিট এণ্ড শ্লিম" উদ্যোগত সফলতাৰে সামৰণি পৰে৷ জিলা শৰীৰ চৰ্চা সন্থাৰ পতাকা উত্তোলন কৰে বিশিষ্ট ক্ৰীড়াবিদ তথা জিলা শৰীৰ চৰ্চা সন্হাৰ কাৰ্যকৰী সভাপতি পংকজ বৰাই আৰু জিলা ভাৰউত্তোলন…
আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰৰ লিচুৱে ২০১৫ বৰ্ষত জি আই টেগ পোৱাৰ লগতে চলিত বছৰৰ জুন মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত তেজপুৰৰ লিচুৰ বিভিন্ন প্ৰজাতি ক্ৰমে বোম্বায়া,বিলাতী আৰু চাহি লিচুৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰাৰ পাছত শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা পৰিষদ, কৃষি বিজ্ঞান কেন্দ্ৰ,…
সোৱণশিৰি প্ৰকল্পত চৌদিশে ঐ পলা পলা চিঞৰ
শনিবাৰে নিশা এন এইচ পি চিত হাহাকাৰঃ আজি তৃতীয় দিনাও আতংক অব্যাহতঃ সত্যৰ দিশে আগবাঢ়িছে বিশেষজ্ঞৰ প্ৰতিবেদনঃ গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ফলশ্ৰুতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যে কোনো কাৰণতে ৰাইজৰ হিতৰ বাবে হ’ব নোৱাৰে সেই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে৷ ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি কৰা অথন্তৰে ইয়াৰ সত্যতা প্ৰতিপন্ন কৰিছে৷ উল্লেখ্য যে শুক্ৰবাৰে ভূমিস্খলনৰ ফলত মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ পিছত শনিবাৰে নিশা ১২ বজাত পাৱাৰ…
