Browsing Category
অসম
গাড়ীচোৰ,ফকিৰ আব্দুলৰ গৃহত মাটিত পুতিথোৱা অৱস্থাতউদ্ধাৰ১৫লাখঃ তেজপুৰত চাঞ্চল্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকীৰ অন্তগত এক ভিতৰুৱা অঞ্চল আলিচিঙা উৰিয়ামগুৰিত এটা বাসগৃত পুতি থোৱা অৱস্থাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, যোৱা নিশা শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস,উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত তথা তেজপুৰ সদৰ থানা ভাৰ প্ৰাপ্ত বিষয়া মিন্টু বড়োৰ আৰু স্হানীয় বৰঘাট আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত আব্দুল কৰিম নামৰ ফকিৰ তথা গাড়ী চোৰৰ লগত জড়িত লোক জনৰ বাস গৃহত এটা ট্ৰাংকত মাটিৰ তলত পুতি…
৩৯ তম শোণিতপুৰ জিলা ভাৰ উত্তোলনত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ
জুনিয়ৰ মহিলা বেষ্ট লিফ্টাৰ বৃষ্টি ৰেখা হাজৰিকা - পুৰুষৰ বেষ্ট লিফ্টাৰ খিতাপ জয়ন্ত কোঁচলৈ
ছিনিয়ৰ মহিলা শাখাত বেষ্ট লিফ্টাৰ আমিনা খাতুন আৰু পুৰুষ শাখাত নীলম নাথ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬,ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু শোণিতপুৰ জিলা ভাৰ উত্তোলন সন্থাৰ ৩৯ তম জিলা ভাৰত্তোলন প্ৰতিযোগিতাখন কালি ঢেকিয়াজুৰি অগ্ৰণী শৰীৰ চৰ্চা অনুষ্ঠান ‘ফিট এণ্ড শ্লিম" উদ্যোগত সফলতাৰে সামৰণি পৰে৷ জিলা শৰীৰ চৰ্চা সন্থাৰ পতাকা উত্তোলন কৰে বিশিষ্ট ক্ৰীড়াবিদ তথা জিলা শৰীৰ চৰ্চা সন্হাৰ কাৰ্যকৰী সভাপতি পংকজ বৰাই আৰু জিলা ভাৰউত্তোলন…
আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰৰ লিচুৱে ২০১৫ বৰ্ষত জি আই টেগ পোৱাৰ লগতে চলিত বছৰৰ জুন মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত তেজপুৰৰ লিচুৰ বিভিন্ন প্ৰজাতি ক্ৰমে বোম্বায়া,বিলাতী আৰু চাহি লিচুৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰাৰ পাছত শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা পৰিষদ, কৃষি বিজ্ঞান কেন্দ্ৰ,…
সোৱণশিৰি প্ৰকল্পত চৌদিশে ঐ পলা পলা চিঞৰ
শনিবাৰে নিশা এন এইচ পি চিত হাহাকাৰঃ আজি তৃতীয় দিনাও আতংক অব্যাহতঃ সত্যৰ দিশে আগবাঢ়িছে বিশেষজ্ঞৰ প্ৰতিবেদনঃ গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ফলশ্ৰুতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যে কোনো কাৰণতে ৰাইজৰ হিতৰ বাবে হ’ব নোৱাৰে সেই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে৷ ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি কৰা অথন্তৰে ইয়াৰ সত্যতা প্ৰতিপন্ন কৰিছে৷ উল্লেখ্য যে শুক্ৰবাৰে ভূমিস্খলনৰ ফলত মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ পিছত শনিবাৰে নিশা ১২ বজাত পাৱাৰ…
বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা- তোৰণ মুকলি
বিশ্বনাথ চাৰিআলি, ২৬ ছেপ্টেম্বৰঃ বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাখন যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ সহধৰ্মিনী নিৰু বৰুৱাই উদঘাটন কৰে আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰুৱাই বৃক্ষৰোপণ কৰে। অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তন্ময় শইকীয়া। আনহাতে ২৫ ছেপ্টেম্বৰত…
ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানীৰ ওপৰত একাধিক কৰৰ এনে আক্ৰমণৰ পৰা অসমৰ জনসাধাৰণক উদ্ধাৰ কৰিবলৈ আহ্বান।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ ছেপ্টেম্বৰঃ পানীৰ নামত কেন্দ্ৰীয় চৰকাৰে জনতাৰ ওপৰত ৰামটাঙোন শোধোৱাৰ ব্যৱস্থা কৰিছে। চৰকাৰে পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। এইক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে জাৰি…
আঠ নৱেম্বৰত “দিছপুৰ যাত্ৰা” চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ আজি দিনৰ দুই বজাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ একনম্বৰ গেলাৰীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে সংস্হাৰ ৰাজ্যিক সভাপতি তথা শোণিতপুৰ জিলা সমিতিৰ সভাপতি ড° মনোজ কুমাৰ হাজৰিকাই। সভাত তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু পৰিষদৰ সাধাৰণ সম্পাদক ফখৰুদ্দিন আহমেদ, তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্হাৰ সাধাৰণ সম্পাদক প্ৰসন্ন ৰাভা, তেজপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী সভাৰ সাধাৰণ…
শাৰদীয় বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱনঃ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত কালি বিয়লি বিভিন্ন কবিৰ কবিতাৰে সিক্ত হ'ল তেজপুৰ সাহিত্য সভা ভৱন ।তেজপুৰ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত বিশেষ কাব্যানুষ্ঠানটিত বিভিন্ন কবি তথা লেখক - লেখিকাৰ কাব্যিক অনুভূতিৰে জীপাল হৈ পৰে। সন্মিলনৰ সভাপতি ড° অনন্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শাৰদীয় কবিতাৰ অনুষ্ঠানটিত শেখৰ বৰুৱা, মৃদুল কুমাৰ চহৰীয়া, দীপালী মহন্ত গোস্বামী, অনুপ অসমীয়া,পল্লৱ ভট্টাচাৰ্য, বিপ্লৱ শৰ্মা,ৰাণু হাজৰীকা,কল্পনা কলিতা,অনু দেবী মহন্ত,প্ৰতাপ চন্দ্ৰ বৰা,চিনু পাঠক,মিনতি শৰ্মা,নিভা…
জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীৰ বাধা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি লখিমপুৰত সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ সন্ধিয়া ৬ বজাত চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ কাৰ্যালয়ৰ পৰা হাতে হাতে জোঁৰ লৈ সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰি প্ৰতিবাদী সমদলকাৰী হাতৰ পৰা আৰক্ষীয়ে জলন্ত অগ্নিশিখাসমূহ কাঢ়ি লৈ নিৰ্বাপিত কৰে৷ অৱশ্যে আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদী সমদলকাৰীসকলে বিভিন্ন শ্ল’গান দি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়ায়৷ আমাৰ দাবী…
সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নিশালৈ এনে পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইফালে ভূমিস্খলনত ব্যৱহৃত এখন অত্যাধুনিক এছকাভেটৰ পাহাৰৰ মাটিয়ে পুতি পেলোৱাৰ খবৰ পোৱা গৈছে৷ উল্লেখ্য যে ২০০০ মেগাৱটৰ এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ অহাৰ সময়তে নিতৌ অথন্তৰ ঘটিব লাগিছে৷ শেহতীয়াকৈ নামনি…
