Browsing Category
অসম
বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা- তোৰণ মুকলি
বিশ্বনাথ চাৰিআলি, ২৬ ছেপ্টেম্বৰঃ বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাখন যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ সহধৰ্মিনী নিৰু বৰুৱাই উদঘাটন কৰে আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰুৱাই বৃক্ষৰোপণ কৰে। অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তন্ময় শইকীয়া। আনহাতে ২৫ ছেপ্টেম্বৰত…
ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানীৰ ওপৰত একাধিক কৰৰ এনে আক্ৰমণৰ পৰা অসমৰ জনসাধাৰণক উদ্ধাৰ কৰিবলৈ আহ্বান।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ ছেপ্টেম্বৰঃ পানীৰ নামত কেন্দ্ৰীয় চৰকাৰে জনতাৰ ওপৰত ৰামটাঙোন শোধোৱাৰ ব্যৱস্থা কৰিছে। চৰকাৰে পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। এইক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে জাৰি…
আঠ নৱেম্বৰত “দিছপুৰ যাত্ৰা” চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ আজি দিনৰ দুই বজাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ একনম্বৰ গেলাৰীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে সংস্হাৰ ৰাজ্যিক সভাপতি তথা শোণিতপুৰ জিলা সমিতিৰ সভাপতি ড° মনোজ কুমাৰ হাজৰিকাই। সভাত তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু পৰিষদৰ সাধাৰণ সম্পাদক ফখৰুদ্দিন আহমেদ, তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্হাৰ সাধাৰণ সম্পাদক প্ৰসন্ন ৰাভা, তেজপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী সভাৰ সাধাৰণ…
শাৰদীয় বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱনঃ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত কালি বিয়লি বিভিন্ন কবিৰ কবিতাৰে সিক্ত হ'ল তেজপুৰ সাহিত্য সভা ভৱন ।তেজপুৰ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত বিশেষ কাব্যানুষ্ঠানটিত বিভিন্ন কবি তথা লেখক - লেখিকাৰ কাব্যিক অনুভূতিৰে জীপাল হৈ পৰে। সন্মিলনৰ সভাপতি ড° অনন্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শাৰদীয় কবিতাৰ অনুষ্ঠানটিত শেখৰ বৰুৱা, মৃদুল কুমাৰ চহৰীয়া, দীপালী মহন্ত গোস্বামী, অনুপ অসমীয়া,পল্লৱ ভট্টাচাৰ্য, বিপ্লৱ শৰ্মা,ৰাণু হাজৰীকা,কল্পনা কলিতা,অনু দেবী মহন্ত,প্ৰতাপ চন্দ্ৰ বৰা,চিনু পাঠক,মিনতি শৰ্মা,নিভা…
জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীৰ বাধা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি লখিমপুৰত সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ সন্ধিয়া ৬ বজাত চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকৰ কাৰ্যালয়ৰ পৰা হাতে হাতে জোঁৰ লৈ সমদল উলিওৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰি প্ৰতিবাদী সমদলকাৰী হাতৰ পৰা আৰক্ষীয়ে জলন্ত অগ্নিশিখাসমূহ কাঢ়ি লৈ নিৰ্বাপিত কৰে৷ অৱশ্যে আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদী সমদলকাৰীসকলে বিভিন্ন শ্ল’গান দি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়ায়৷ আমাৰ দাবী…
সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নিশালৈ এনে পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ইফালে ভূমিস্খলনত ব্যৱহৃত এখন অত্যাধুনিক এছকাভেটৰ পাহাৰৰ মাটিয়ে পুতি পেলোৱাৰ খবৰ পোৱা গৈছে৷ উল্লেখ্য যে ২০০০ মেগাৱটৰ এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ অহাৰ সময়তে নিতৌ অথন্তৰ ঘটিব লাগিছে৷ শেহতীয়াকৈ নামনি…
তেজপুৰত কবি অমূল্য বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতা সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৪ ছেপ্তেম্বৰঃ অমূল্য বৰুৱাই অসমীয়া আধুনিক কবিতাৰ নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁৰ কবিতা মানেই বহু পঠিত কবিতা। অমূল্য বৰুৱাই প্ৰচলিত ৰমন্যাসবাদৰ ধাৰাটোৰ পৰা আঁতৰি প্ৰগতিশীল আধুনিক কবিতাৰ পথ প্ৰশস্ত কৰি তুলিছিল বুলি আজি তেজপুৰত মন্তব্য কৰে ৰাজ্যখনৰ বৰ্তমান সময়ৰ আন এগৰাকী প্ৰগতিশীল কবি, লেখক শংকৰ শইকীয়াই ।উল্লেখ্য যে, কবি অমূল্য বৰুৱাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি আজি তেজপুৰত জনসাংস্কৃতিক পৰিষদে আয়োজন কৰা "অসমীয়া প্ৰগতিশীল কবিতাৰ অন্যতম বাটকটীয়া কৰি অমূল্য বৰুৱা" শীৰ্ষক এক মননশীল বক্তৃতানুষ্ঠানত অংশ…
গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনত খহি পৰিল পাহাৰঃ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ছেপ্টেম্বৰঃ পুনৰ যেন প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ যোৱা নিশা প্ৰচণ্ড বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন ঘটিছে গেৰুকামুখত৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা পাহাৰ খহি পৰিছে৷ ইফালে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত প্ৰকৃতিয়ে ধাৰাবাহিক ভাৱে ৰুষ্ট হৈ অহাত প্ৰকল্প নিৰ্মাণত যথেষ্ট বাধাৰ সৃষ্টি হৈছে৷ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে পূৰ্বে দুটাকৈ ডাইভাৰ্চেন টাৰ্নেল বন্ধ…
কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ: উদ্বোধনৰ বাবে সাজু
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ছেপ্টেম্বৰঃ তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে৷ অহা মাহত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,গেমন আৰু ছিংলা নামৰ নিৰ্মাতা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা দলংখনৰ সকলো কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ নগাঁৱৰ কলিয়াবৰৰ পৰা তেজপুৰৰ দোলাবাৰী পৰ্যন্ত নিৰ্মীয়মাণ চাৰিশৰীয়া পথৰ ৩.০৪ কিলোমিটাৰৰ এক অংশ এই দলংখনৰ নিৰ্মাণত ব্যয় হৈছে ৪১৩কোটি টকা৷ আজি এই দলংখন পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰী কিৰণ…
ঘোষণাতে সীমাবদ্ধ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ঃ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ ছেপ্টেম্বৰঃ উত্তৰ পাৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ ঘটোৱাৰ মানসেৰে নাৰায়ণপুৰৰ ঐতিহাসিক মাধৱদেৱ মহাবিদ্যালয়ক বিজেপি চৰকাৰে তিনিবছৰ পূৰ্বেই উন্নীত কৰিছিল বিশ্ববিদ্যালয়লৈ। কিন্তু দুৰ্ভাগ্যজনক ভাবে বৰ্তমান চাৰিটাকৈ বৰ্ষত ভৰি দিয়া বিশ্ববিদ্যালয়খনত আজিকোপতি নহল স্নাতকোত্তৰ পাঠ্যক্ৰম, নাই উপযুক্ত শিক্ষক আৰু অন্যান্য কৰ্মচাৰী। যাৰ বাবে উপায়ন্তৰ হৈ অৱশেষত আজি ছাত্ৰ-ছাত্ৰী নামিল প্ৰতিবাদত। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৰাকীৰ অমনোযোগিতা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ অৱহেলাৰ অভিযোগ তুলি আজি ছাত্ৰ-ছাত্ৰী…
