Browsing Category

অসম

তেজপুৰত কবি অমূল্য বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতা সম্পন্ন

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৪ ছেপ্তেম্বৰঃ অমূল্য বৰুৱাই অসমীয়া আধুনিক কবিতাৰ নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁৰ কবিতা মানেই বহু পঠিত কবিতা। অমূল্য বৰুৱাই প্ৰচলিত ৰমন্যাসবাদৰ ধাৰাটোৰ পৰা আঁতৰি প্ৰগতিশীল আধুনিক কবিতাৰ পথ প্ৰশস্ত কৰি তুলিছিল বুলি আজি তেজপুৰত মন্তব্য কৰে ৰাজ্যখনৰ বৰ্তমান সময়ৰ আন এগৰাকী প্ৰগতিশীল কবি, লেখক শংকৰ শইকীয়াই ।উল্লেখ্য যে, কবি অমূল্য বৰুৱাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি আজি তেজপুৰত জনসাংস্কৃতিক পৰিষদে আয়োজন কৰা "অসমীয়া প্ৰগতিশীল কবিতাৰ অন্যতম বাটকটীয়া কৰি অমূল্য বৰুৱা" শীৰ্ষক এক মননশীল বক্তৃতানুষ্ঠানত অংশ…

গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনত খহি পৰিল পাহাৰঃ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ছেপ্টেম্বৰঃ পুনৰ যেন প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ যোৱা নিশা প্ৰচণ্ড বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন ঘটিছে গেৰুকামুখত৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা পাহাৰ খহি পৰিছে৷ ইফালে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত প্ৰকৃতিয়ে ধাৰাবাহিক ভাৱে ৰুষ্ট হৈ অহাত প্ৰকল্প নিৰ্মাণত যথেষ্ট বাধাৰ সৃষ্টি হৈছে৷ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে পূৰ্বে দুটাকৈ ডাইভাৰ্চেন টাৰ্নেল বন্ধ…

কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ: উদ্বোধনৰ বাবে সাজু

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ছেপ্টেম্বৰঃ তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে৷ অহা মাহত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,গেমন আৰু ছিংলা নামৰ নিৰ্মাতা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা দলংখনৰ সকলো কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ নগাঁৱৰ কলিয়াবৰৰ পৰা তেজপুৰৰ দোলাবাৰী পৰ্যন্ত নিৰ্মীয়মাণ চাৰিশৰীয়া পথৰ ৩.০৪ কিলোমিটাৰৰ এক অংশ এই দলংখনৰ নিৰ্মাণত ব্যয় হৈছে ৪১৩কোটি টকা৷ আজি এই দলংখন পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰী কিৰণ…

ঘোষণাতে সীমাবদ্ধ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ঃ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ ছেপ্টেম্বৰঃ উত্তৰ পাৰৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত উত্তৰণ ঘটোৱাৰ মানসেৰে নাৰায়ণপুৰৰ ঐতিহাসিক মাধৱদেৱ মহাবিদ্যালয়ক বিজেপি চৰকাৰে তিনিবছৰ পূৰ্বেই উন্নীত কৰিছিল বিশ্ববিদ্যালয়লৈ। কিন্তু দুৰ্ভাগ্যজনক ভাবে বৰ্তমান চাৰিটাকৈ বৰ্ষত ভৰি দিয়া বিশ্ববিদ্যালয়খনত আজিকোপতি নহল স্নাতকোত্তৰ পাঠ্যক্ৰম, নাই উপযুক্ত শিক্ষক আৰু অন্যান্য কৰ্মচাৰী। যাৰ বাবে উপায়ন্তৰ হৈ অৱশেষত আজি ছাত্ৰ-ছাত্ৰী নামিল প্ৰতিবাদত। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৰাকীৰ অমনোযোগিতা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ অৱহেলাৰ অভিযোগ তুলি আজি ছাত্ৰ-ছাত্ৰী…

ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা আৰম্ভ

ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল ইয়াৰ কোনো গেটকিপাৰ আৰু সীমা নাই যদিও ইয়াৰ সীমাহীন প্ৰসাৰ আছে ৷ কিন্তু কেৱল ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তিয়ে সাংবাদিকতাৰ নিয়ম আৰু নীতি-নিয়মৰ মাজত বান্ধ খাই নিজকে সাংবাদিক বুলি দাবী কৰিব নোৱাৰে ৷ছেকেণ্ড্ৰাবাদৰ পৰা কমল তালুকদাৰ দক্ষিণ ভাৰতৰ এখন ৰাজ্য তেলেংগানাৰ ঐতিহাসিক তথা অন্যতম চহৰ ছেকেণ্ড্ৰাবাদত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (আই এফ ডব্লিউ জে)ৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা ৷ ইয়াৰ পদ্মশালী কল্যাণ মণ্ডপত (ওৱেষ্ট মাৰেদু) অনুষ্ঠিত…

দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “শ্বহীদ কনকলতা বঁটা”

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ ছেপ্টেম্বৰঃ নিষ্ঠাবান সমাজকৰ্মী, মানৱসেৱী, শন্তিদূত দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আগবঢ়াইছে" শ্বহীদ কনকলতা বঁটা । উল্লেখ যে, স্বাধীনতা সংগ্ৰামী, ৪২ ৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ২০ ছেপ্টেম্বৰৰ মৃত্যু তিথিৰ দিনটোৰ লগত সংগতি ৰাখি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০১২ চনৰ পৰা ৰাজ্যখনৰ একোগৰাকী মহিলা মুক্তিযোদ্ধাক এই বঁটা প্ৰদান কৰি আহিছে। ২০ ছেপ্টেম্বৰৰ দিনটো "জাতীয় চেতনা দিৱস" হিচাপে উদযাপন কৰি এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও অনিবাৰ্য্য কাৰণবশতঃ এইবাৰ ২০ ছেপ্টেম্বৰত এই অনুষ্ঠান…

কিমান সাৰ্থক হ’ব বিশৃংখল তিনিচুকীয়াৰ ১৩০.৬৫ বর্গ কি.মি. এলেকাত মাষ্টৰ প্লেন ৰূপায়ণৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ : তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা, ২০৪১ (তিনিচুকীয়া মাষ্টৰ প্লেন, ২০৪১) সন্দৰ্ভত আলোচনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) হিতাধিকাৰীৰ মাজত সজাগতাৰ বাবে আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এখন সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰাকৃতিক গেছ, পেট্ৰ’লিয়াম, শ্ৰম ও নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ মুখ্য অতিথি ৰূপে উপস্থিত থকা সভাখনত উপায়ুক্ত নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত…

সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ অসমৰ ১৫ জনীয়া সাংবাদিকৰ দল ৰাওনা

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট) ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত তেলেঙ্গনা ৰাজ্যৰ হাইদৰাবাদত অনুষ্ঠিত হব। তেলেঙ্গনা জাৰ্নেলিষ্ট ইউনিয়নৰ আহবান মৰ্মে দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া সভাখনত দেশৰ প্ৰতিখন ৰাজ্যৰ সভাপতি সম্পাদক সকলৰ লগতে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সকলে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় সভাপতি বি ভি মল্লিকাৰজুনাইয়ে আৰু জ্যেষ্ঠ উপ-সভাপতি হেমন্ত তিৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাত সংসদে নতুনকৈ প্ৰণয়ন কৰা আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সন্মতি দিয়া…

মডেলিঙৰ ক্ষেত্ৰখনত উজলিছে আৰক্ষী জোৱান তেজপুৰৰ মানস কেওঁট

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২ছেপ্টেম্বৰ: অসম আৰক্ষীৰ এজন জোৱান তথা তেজপুৰৰ মানস কেওঁটে নিজা দায়িত্ব পালনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁৰ প্ৰতিভাৰ জৰিয়তে৷তেজপুৰৰ ডেকাৰগাঁও বৰুৱাচুবুৰীৰ মানস কেওঁটে সম্প্ৰতি মডেলিঙৰ ক্ষেত্ৰত খনত জড়িত থাকি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমান্বয়ে উজলি উঠাৰ লগতে সম্প্ৰতি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিযোগিতাত অৱত্তীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে সোন্তি কেওঁট আৰু মঞ্জু কেওঁটৰ পুত্ৰ মানস সৰুৰে পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত আছিল৷সুদৰ্শন যুৱকজনে ইতিমধ্যেই…

ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদানৰ দৃশ্য ( ফটো সংবাদ)

অৰুণোদয় সাহিত্য সভা আৰু ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদানৰ দৃশ্য।ফটো-আব্দুল মতিন শিৱসাগৰ