Browsing Category
অসম
তেজপুৰৰ ফাৰ্মাচীত অবৈধ চিকিৎসা:যুৱকৰ মৃত্যুকলৈ প্ৰতিক্ৰিয়া
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১ছেপ্টেম্বৰঃ তেজপুৰৰ এখন ফাৰ্মাচীত কালি সন্ধিয়া ভিতৰ পৰোৱাৰ খোকন দেৱনাথ(৩০) নামৰ এজন যুৱকক চিকিৎসকৰ নিদান পত্ৰ অবিহনেই চিকিৎসা কৰাৰ কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু ঘটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত অবৈধ ভাবে চিকিৎসা প্ৰদান কৰা ফাৰ্মাচীৰ গৰাকীৰ বিৰুদ্ধে যুৱকজনৰ পৰিয়ালে স্হানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷উল্লেখযোগ্য যে,ভিতৰ পৰোৱা নিবাসী যুৱকজন পেটৰ বিষত আক্ৰান্ত হৈছিল আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে পৰোৱা স্হিত ৰঞ্জিত নেৱাৰ মালিকানাধীন ফাৰ্মাচীলৈ লৈ আহে৷ইয়াত চিকিৎসকৰ…
মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননত জড়িত শাসকীয় দলৰ নেতাঃ এ আই টি ইউ চি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে কৰুণভাৱে মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনাইছে অ’ল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে (এ আই টি ইউ চি) ৷ আজি এক বিবৃতিত এ আই টি ইউ চিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰঞ্জন চৌধুৰীয়ে ৰাজ্য চৰকাৰক এই দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠনৰ বাবেও দাবী জনায় ৷ বিবৃতিটোত চৌধুৰীয়ে অভিযোগ কৰে যে জিলা প্ৰশাসনৰ…
তেজপুৰত “কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ” শীৰ্ষক গ্ৰন্থ উন্মোচন
দেশত বিলুপ্ত হ'ল ৪৫০ প্ৰজাতিৰ উদ্ভিদ আৰু ১৫০ প্ৰজাতিৰ প্ৰাণী - ড° ভূপেন শইকীয়াঃ সাধনাই একোজন লেখকক অগ্নি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই - পূৰ্ণেশ্বৰ নাথঃ প্ৰত্যেক মানুহৰ আনুভূতিক তাগিদাৰ পৰা সৃষ্টি হয় ভাল গ্ৰন্থ - মাণিক বড়াশতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোৰ ওপৰত বিশ্লেষণাত্মক তথ্য আগবঢ়াই তেজপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই ৰচনা কৰা "কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ" শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি…
জনজাতি কৰণৰ দাবীত লখিমপুৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ছেপ্টেম্বৰঃ অসমৰ অন্যতম ভূমি পুত্ৰ চুতীয়াসকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসনৰ মৰ্য্যদা প্ৰদানৰ দাবীত আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত সদৌ লখিমপুৰ জিলাৰ চুতীয়া ছাত্ৰ সন্থাই অবস্থান ধর্মঘট কাৰ্য্যসূচী পালন কৰে। প্ৰতিবাদ স্থলিত ছাত্ৰৰ প্ৰতিনিধি সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে লখিমপুৰ আকাশ বতাহ কপাই তোলে। চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতি মৰ্য্যদা প্ৰদান কৰক, জনজাতি আমাৰ জন্মগত অধিকাৰ, জনজাতি মৰ্য্যদা আমাক লাগিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায়…
ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২১ ছেপ্টেম্বৰ : সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি আগন্তুক ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিলত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব। সমাৰোহ উদযাপন সমিতিৰ সম্পাদক নৱজ্যোতি দত্ত আৰু কার্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোঁহায়ে আজি ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধনৰে এই কথা সদৰি কৰে ৷ উল্লেখ্য যে ধেমাজি জিলা মইনা পাৰিজাতৰ আহ্বান মৰ্মে ২০১৯ চনৰ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি…
ৰেচন কাৰ্ড থকা পৰিয়ালে পাঁচ লাখ টকাকৈ বছৰি বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব– তেজপুৰত মুখ্যমন্ত্ৰী
শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ছেপ্টেম্বৰ: তেজপুৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ কেন্দ্ৰীয়ভাবে আজি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত দিনৰ ১১ বজাত আৰম্ভ হয় এই অনুষ্ঠানৰ৷ এই আঁচনিৰ অধীনত ১৮ বছৰৰ উৰ্ধৰ বিধবা মহিলাক মাহিলী পেঞ্চন আগবঢ়োৱা হয়৷ মাহিলী পেঞ্চনৰ উপৰি ১৮-৪৫ বছৰ বয়সৰ বিধৱা মহিলাক এককালীন ভাবে ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয় আজিৰ অনুষ্ঠানত।২০২২ ৰ পহিলা এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই এই আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব বুলি সভাত…
তেজপুৰত আত্মবলিদান দিৱস পালন
শতাব্দ প্ৰতিনিধি তেজপুৰ,২০ছেপ্টেম্বৰ: দেশৰ স্বাধীনতা আন্দোলনৰ অমৰ ছহিদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ছাত্ৰ সংগঠন ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ আদালত পাচঁ আলিত আত্মবলিদান দিৱস পালন কৰা হয়।আজি পুৱা ১০•৩০ বজাত সংগঠনটোৰ কৰ্মী আৰু বিদ্যালয়,মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক ছাত্ৰ -ছাত্ৰী উপস্থিত হৈ ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দিনজুৰি ছাত্ৰ- ছাত্ৰীসকলে পথৰ দাঁতিত থিয় হৈ পথাচাৰী সকলৰ মাজত কনকলতা স্মাৰক বেজ বিতৰণ তথা পৰিধান কৰায়।সংগঠনটোৰ বিষয় ববীয়া সকলে এই…
লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে সোৱণশিৰিৰ পাৰ৷ লখিমপুৰ জিলাৰ বধাকৰাত ১ নং হৰিদাসত সোৱণশিৰিৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু খহনীয়াৰ স্থায়ী সমাধানৰ দাবীতৱ এনেদৰে অঞ্চলটোৰ শ শ পুৰুষ মহিলাই নদীৰ পাৰত সমবেত হৈ তীব্ৰ প্ৰতিবাদ জনায়৷ নদীখনৰ ভয়ংকৰ গৰা-খহনীয়া শীঘ্ৰে প্ৰতিৰোধ নকৰিলে সোৱণশিৰিৰ বুকুত জাপ দিয়াৰ হুংকাৰ দিয়ে কেবাগৰাকী মহিলাই৷…
তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ সহায়ত অবৈধভাবে বালি খনন চলাই থকাৰ বিষয়ে জানিব পাৰি শোণিতপুৰ পশ্চিম বনসংমণ্ডলৰ বিষয়াৰ নিৰ্দেশত এই অভিযান চলাই তেজপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে৷ বিয়লি প্ৰায় পাঁচ বজাত চলা এই অভিযানৰ সময়ত অবৈধ বালি খননৰে জড়িত সকলে পলায়ন কৰে যদিও খননত ব্যৱহাৰ হোৱা যন্ত্ৰটো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী…
