Browsing Category
অসম
ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা আৰম্ভ
ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল ইয়াৰ কোনো গেটকিপাৰ আৰু সীমা নাই যদিও ইয়াৰ সীমাহীন প্ৰসাৰ আছে ৷ কিন্তু কেৱল ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তিয়ে সাংবাদিকতাৰ নিয়ম আৰু নীতি-নিয়মৰ মাজত বান্ধ খাই নিজকে সাংবাদিক বুলি দাবী কৰিব নোৱাৰে ৷ছেকেণ্ড্ৰাবাদৰ পৰা কমল তালুকদাৰ
দক্ষিণ ভাৰতৰ এখন ৰাজ্য তেলেংগানাৰ ঐতিহাসিক তথা অন্যতম চহৰ ছেকেণ্ড্ৰাবাদত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (আই এফ ডব্লিউ জে)ৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা ৷ ইয়াৰ পদ্মশালী কল্যাণ মণ্ডপত (ওৱেষ্ট মাৰেদু) অনুষ্ঠিত…
দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “শ্বহীদ কনকলতা বঁটা”
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ ছেপ্টেম্বৰঃ নিষ্ঠাবান সমাজকৰ্মী, মানৱসেৱী, শন্তিদূত দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আগবঢ়াইছে" শ্বহীদ কনকলতা বঁটা । উল্লেখ যে, স্বাধীনতা সংগ্ৰামী, ৪২ ৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ২০ ছেপ্টেম্বৰৰ মৃত্যু তিথিৰ দিনটোৰ লগত সংগতি ৰাখি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০১২ চনৰ পৰা ৰাজ্যখনৰ একোগৰাকী মহিলা মুক্তিযোদ্ধাক এই বঁটা প্ৰদান কৰি আহিছে। ২০ ছেপ্টেম্বৰৰ দিনটো "জাতীয় চেতনা দিৱস" হিচাপে উদযাপন কৰি এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও অনিবাৰ্য্য কাৰণবশতঃ এইবাৰ ২০ ছেপ্টেম্বৰত এই অনুষ্ঠান…
কিমান সাৰ্থক হ’ব বিশৃংখল তিনিচুকীয়াৰ ১৩০.৬৫ বর্গ কি.মি. এলেকাত মাষ্টৰ প্লেন ৰূপায়ণৰ প্ৰস্তুতি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ : তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা, ২০৪১ (তিনিচুকীয়া মাষ্টৰ প্লেন, ২০৪১) সন্দৰ্ভত আলোচনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) হিতাধিকাৰীৰ মাজত সজাগতাৰ বাবে আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এখন সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰাকৃতিক গেছ, পেট্ৰ’লিয়াম, শ্ৰম ও নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ মুখ্য অতিথি ৰূপে উপস্থিত থকা সভাখনত উপায়ুক্ত নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত…
সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ অসমৰ ১৫ জনীয়া সাংবাদিকৰ দল ৰাওনা
গুৱাহাটী, ২২ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট) ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত তেলেঙ্গনা ৰাজ্যৰ হাইদৰাবাদত অনুষ্ঠিত হব। তেলেঙ্গনা জাৰ্নেলিষ্ট ইউনিয়নৰ আহবান মৰ্মে দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া সভাখনত দেশৰ প্ৰতিখন ৰাজ্যৰ সভাপতি সম্পাদক সকলৰ লগতে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সকলে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় সভাপতি বি ভি মল্লিকাৰজুনাইয়ে আৰু জ্যেষ্ঠ উপ-সভাপতি হেমন্ত তিৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাত সংসদে নতুনকৈ প্ৰণয়ন কৰা আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সন্মতি দিয়া…
মডেলিঙৰ ক্ষেত্ৰখনত উজলিছে আৰক্ষী জোৱান তেজপুৰৰ মানস কেওঁট
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২ছেপ্টেম্বৰ: অসম আৰক্ষীৰ এজন জোৱান তথা তেজপুৰৰ মানস কেওঁটে নিজা দায়িত্ব পালনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁৰ প্ৰতিভাৰ জৰিয়তে৷তেজপুৰৰ ডেকাৰগাঁও বৰুৱাচুবুৰীৰ মানস কেওঁটে সম্প্ৰতি মডেলিঙৰ ক্ষেত্ৰত খনত জড়িত থাকি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমান্বয়ে উজলি উঠাৰ লগতে সম্প্ৰতি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিযোগিতাত অৱত্তীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে সোন্তি কেওঁট আৰু মঞ্জু কেওঁটৰ পুত্ৰ মানস সৰুৰে পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত আছিল৷সুদৰ্শন যুৱকজনে ইতিমধ্যেই…
ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদানৰ দৃশ্য ( ফটো সংবাদ)
অৰুণোদয় সাহিত্য সভা আৰু ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদানৰ দৃশ্য।ফটো-আব্দুল মতিন শিৱসাগৰ
তেজপুৰৰ ফাৰ্মাচীত অবৈধ চিকিৎসা:যুৱকৰ মৃত্যুকলৈ প্ৰতিক্ৰিয়া
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১ছেপ্টেম্বৰঃ তেজপুৰৰ এখন ফাৰ্মাচীত কালি সন্ধিয়া ভিতৰ পৰোৱাৰ খোকন দেৱনাথ(৩০) নামৰ এজন যুৱকক চিকিৎসকৰ নিদান পত্ৰ অবিহনেই চিকিৎসা কৰাৰ কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু ঘটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত অবৈধ ভাবে চিকিৎসা প্ৰদান কৰা ফাৰ্মাচীৰ গৰাকীৰ বিৰুদ্ধে যুৱকজনৰ পৰিয়ালে স্হানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷উল্লেখযোগ্য যে,ভিতৰ পৰোৱা নিবাসী যুৱকজন পেটৰ বিষত আক্ৰান্ত হৈছিল আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে পৰোৱা স্হিত ৰঞ্জিত নেৱাৰ মালিকানাধীন ফাৰ্মাচীলৈ লৈ আহে৷ইয়াত চিকিৎসকৰ…
মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননত জড়িত শাসকীয় দলৰ নেতাঃ এ আই টি ইউ চি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে কৰুণভাৱে মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনাইছে অ’ল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে (এ আই টি ইউ চি) ৷ আজি এক বিবৃতিত এ আই টি ইউ চিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰঞ্জন চৌধুৰীয়ে ৰাজ্য চৰকাৰক এই দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠনৰ বাবেও দাবী জনায় ৷ বিবৃতিটোত চৌধুৰীয়ে অভিযোগ কৰে যে জিলা প্ৰশাসনৰ…
তেজপুৰত “কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ” শীৰ্ষক গ্ৰন্থ উন্মোচন
দেশত বিলুপ্ত হ'ল ৪৫০ প্ৰজাতিৰ উদ্ভিদ আৰু ১৫০ প্ৰজাতিৰ প্ৰাণী - ড° ভূপেন শইকীয়াঃ সাধনাই একোজন লেখকক অগ্নি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই - পূৰ্ণেশ্বৰ নাথঃ প্ৰত্যেক মানুহৰ আনুভূতিক তাগিদাৰ পৰা সৃষ্টি হয় ভাল গ্ৰন্থ - মাণিক বড়াশতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোৰ ওপৰত বিশ্লেষণাত্মক তথ্য আগবঢ়াই তেজপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই ৰচনা কৰা "কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ" শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি…
জনজাতি কৰণৰ দাবীত লখিমপুৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ছেপ্টেম্বৰঃ অসমৰ অন্যতম ভূমি পুত্ৰ চুতীয়াসকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসনৰ মৰ্য্যদা প্ৰদানৰ দাবীত আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত সদৌ লখিমপুৰ জিলাৰ চুতীয়া ছাত্ৰ সন্থাই অবস্থান ধর্মঘট কাৰ্য্যসূচী পালন কৰে। প্ৰতিবাদ স্থলিত ছাত্ৰৰ প্ৰতিনিধি সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে লখিমপুৰ আকাশ বতাহ কপাই তোলে। চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতি মৰ্য্যদা প্ৰদান কৰক, জনজাতি আমাৰ জন্মগত অধিকাৰ, জনজাতি মৰ্য্যদা আমাক লাগিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায়…
