Browsing Category

অসম

তেজপুৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ

 শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০ছেপ্টেম্বৰ: তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এইবাৰ অনাথ আশ্ৰমৰ নাম লৈ তিনি মহিলাই আৰম্ভ কৰিছে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ৷ উল্লেখযোগ্য যে,অচিনাক্ত তিনি মহিলাৰ এনে অপকাণ্ডৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বহুসংখ্যক লোকে মন্তব্য প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে,তেজপুৰৰ কেতেকীবাৰীৰ নৱপ্ৰভাত অনাথ আশ্ৰমৰ নামত আভূৱাভাৰি ধন সংগ্ৰহ কৰি থকা এই তিনিগৰাকী অচিনাক্ত মহিলাই পুনৰ কোনো মানুহৰ ঘৰত আশ্ৰমখনৰ নামত ধন সংগ্ৰহ কৰিবলৈ গ’লেই এই বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে অনাথ আশ্ৰমখনৰ পৰিচালিকা তৃঞ্চামণি লস্কৰে৷…

লখিমপুৰ চক্ৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক-কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ব্যাপক অনিয়ম

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চক্ৰৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ লগতে কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত এতিয়া ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে৷ লখিমপুৰ চক্ৰৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ এজন কাৰ্যালয় সহায়কৰ জালিয়াতি ধৰা পৰাৰ পিছত আজি অনন্ত দাস নামৰ এইজন কৰ্মচাৰীক জিলা উপায়ুক্ত কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰা হয়৷ উল্লেখ্য যে ঠিকাদাৰৰ পঞ্জীয়ন, নবীকৰণ, বিষয়া কৰ্মচাৰীৰ পদোন্নতি আদিৰ নামত এতিয়া এই কাৰ্যালয় দুটাত ব্যাপক ৰূপত ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি কাৰ্যবাহী অভিযন্তা…

বিদ্যুত বিভাগৰ বিলৰ ক্ষেত্ৰত সৰব মুখা মন্ত্ৰী

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিদ্যুৎ বিভাগে এই অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিলৰ বাবে এক বিজ্ঞাপন মুকলি কৰিব । যি সকল লোকৰ বিদ্যুৎ বিল বৃদ্ধি পাইছে তেওঁলোকে বিভাগৰ কাৰ্য্যালয়ত অভিযোগ দাখিল কৰিব পাৰিব। আনহাতে প্ৰায় ৪০০ লোকৰ মাজত এই বিষয়ে পৰ্যালোচনা কৰাত চৰকাৰে জানিব পাৰে যে যোৱা মাহত প্ৰচুৰ গৰমৰ বাবে অত্যাধিক বিদ্যুৎ ব্যৱহাৰ হোৱাৰ বাবেও এই বিল বৃদ্ধি পাইছে আৰু ইয়াৰ মাজত ৯০ জন লোকৰ বিল অধিক আহিছে আৰু সেয়া বিভাগে গ্ৰাহকৰ মিটাৰ পৰীক্ষা কৰি এই বিল…

উদ্ধাৰ হ’ল মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত নিহত ৩ শ্ৰমিকৰ মৃতদেহ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে পুনৰ মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ মৃতদেহ ৷ উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধ খনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দেওবাৰে ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩জন শ্ৰমিকৰ ৷ অবৈধ কয়লা খনি বা ’খাদান’ত (ৰেট হ’ল মাইনিং) কাম কৰাৰ বাবে শ্ৰমিক…

লখিমপুৰত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি মুকলি কৃষি মন্ত্ৰী অতুল বৰাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িব৷ একেদৰে সীমা সমস্যাটোও ইতিমধ্যে সমাধানৰ দিশে আগবাঢ়িছে৷ লখিমপুৰৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ লখিমপুৰলৈ আহি এনেদৰে ব্যক্ত কৰে কৃষি, পশুপালন আৰু পশু চিকিৎসা দপ্তৰৰ মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰীগৰাকীয়ে আজি লখিমপুৰ জিলা পুথিভঁৰালত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান আঁচনিৰ…

অসম গণিত শিক্ষায়তন,শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ছেপ্টেম্বৰঃ অসম গণিত শিক্ষায়তন, শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ ৰিমনি নেওগ বৰাৰ সভাপতিত্বত আজি অনুস্থিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী মাধ্যমিক কন্যা বিদ্যালয়ৰ ছাত্ৰী সকলে অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে সভাখন আৰম্ভ কৰে । সভাৰ উদ্দেশ্য ব্যাখা কৰাৰ লগতে অসম গণিত শিক্ষায়তন জন্মৰ বিষয়ে অবগত কৰে শশী উপাধ্যায়ে । প্ৰতিষ্ঠা দিৱসৰ প্ৰথম বক্তৃতানুষ্ঠান “ জ্যামিতিৰ সাধাৰণ কথা” শীর্ষক আলোচনা ড° ৰামচৰন ডেকাই সকলোৰে মনোগ্ৰাহী হোৱাকৈ বক্তব্য দাঙি…

শোণিতপুৰ ন বিলত চাৰিশ মহিলাৰ সেউজ বিপ্লৱ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৯ ছেপ্টেম্বৰ: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিহগুৰিৰ পুঠিমাৰীত চাৰিশৰো অধিক উদ্যমী মহিলাৰে গঠিত জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ । বিহগুৰিৰ পুঠিমাৰী, বাপুভেটি, ন-বিলকে ধৰি ২৫খন গাঁৱৰ উদ্যমী মহিলাসকলে কৃষিৰ জড়িয়তে গঢ়ি তুলিছে অন্যন্য নিদৰ্শন । সোমবাৰে জিলা কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান আঁচনিৰ অধীনত আৰু জয়মতী কৃষি উৎপাদক গোটৰ সহযোগত প্ৰায় ৩৫০ বিঘা মাটিত মাটিমাহৰ বীজ সিঁচাৰ শুভাৰম্ভণী কৰা হয় । জিলা কৃষি বিষয়া পংকজ শইকীয়া, এপাৰ্ট ৰ বিষয়ববীয়াসকলৰ উপস্থিতিত জয়মতী কৃষি উৎপাদক…

মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনিত পুনৰ ৩ শ্ৰমিক নিহত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যুমুখত পৰিছে ৩ জন  শ্ৰমিক ৷ জানিব পৰা মতে মালো গাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধ ’খাদান’ত (ৰেট হ’ল মাইনিং) দেওবাৰে খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ৩ জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো শ্ৰমিক আহত হয় ৷ নিহত শ্ৰমিক ৩ জন ক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী বুলি প্ৰকাশ ৷ সূত্ৰমতে প্ৰায় এমাহ পূৰ্বে তেওঁলোকে লিডুৰ…

চি আৰ পি এফৰ উদ্যোগত তেজপুৰত ৰক্তদান কাৰ্যসূচী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ছেপ্টেম্বৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি কালি তেজপুৰস্থিত ৩০ নং চি আৰ পি এফৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ৰক্তদান কাৰ্যসূচী। অখিল ভাৰতীয় টেৰাপন্থ যুৱ পৰিষদৰ আহ্বানত দেশজুৰি সফলতাৰে আয়োজিত হয় এই ৰক্তদান কাৰ্যসূচী। এই ৰক্তদান কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়ায় অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, মাৰোৱাৰী যুৱ মঞ্চ, তেজপুৰ ৰাউণ্ড টেবুল ৩৫১ নামৰ সংস্থাকেইটাই। মাৰোৱাৰী পঞ্চায়তী ধৰ্মশালাত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰত চি আৰ পি এফৰ অৰ্দ্ধ শতাধিক জোৱানৰ লগতে বহ কেইজন ব্যক্তিয়ে ৰক্তদান কৰে। উল্লেখ্য যে,…

সোৱণশিৰিৰ পাৰত খহনীয়াৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদৰ প্ৰস্তুতি

 ভীম পৰা মথাউৰি সহ কুৰিখন গাঁৱলৈ ভাবুকি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বধাকৰাৰ হৰিদাসত সোৱণশিৰি নদীয়ে এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ ১ নং হৰিদাসত নদীখনে ধেনুভিৰিয়াকৈ তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিচতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ…