Browsing Category
অসম
ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২১ ছেপ্টেম্বৰ : সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি আগন্তুক ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিলত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব। সমাৰোহ উদযাপন সমিতিৰ সম্পাদক নৱজ্যোতি দত্ত আৰু কার্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোঁহায়ে আজি ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধনৰে এই কথা সদৰি কৰে ৷ উল্লেখ্য যে ধেমাজি জিলা মইনা পাৰিজাতৰ আহ্বান মৰ্মে ২০১৯ চনৰ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি…
ৰেচন কাৰ্ড থকা পৰিয়ালে পাঁচ লাখ টকাকৈ বছৰি বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব– তেজপুৰত মুখ্যমন্ত্ৰী
শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ছেপ্টেম্বৰ: তেজপুৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ কেন্দ্ৰীয়ভাবে আজি শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত দিনৰ ১১ বজাত আৰম্ভ হয় এই অনুষ্ঠানৰ৷ এই আঁচনিৰ অধীনত ১৮ বছৰৰ উৰ্ধৰ বিধবা মহিলাক মাহিলী পেঞ্চন আগবঢ়োৱা হয়৷ মাহিলী পেঞ্চনৰ উপৰি ১৮-৪৫ বছৰ বয়সৰ বিধৱা মহিলাক এককালীন ভাবে ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয় আজিৰ অনুষ্ঠানত।২০২২ ৰ পহিলা এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই এই আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব বুলি সভাত…
তেজপুৰত আত্মবলিদান দিৱস পালন
শতাব্দ প্ৰতিনিধি তেজপুৰ,২০ছেপ্টেম্বৰ: দেশৰ স্বাধীনতা আন্দোলনৰ অমৰ ছহিদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ছাত্ৰ সংগঠন ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ আদালত পাচঁ আলিত আত্মবলিদান দিৱস পালন কৰা হয়।আজি পুৱা ১০•৩০ বজাত সংগঠনটোৰ কৰ্মী আৰু বিদ্যালয়,মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক ছাত্ৰ -ছাত্ৰী উপস্থিত হৈ ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দিনজুৰি ছাত্ৰ- ছাত্ৰীসকলে পথৰ দাঁতিত থিয় হৈ পথাচাৰী সকলৰ মাজত কনকলতা স্মাৰক বেজ বিতৰণ তথা পৰিধান কৰায়।সংগঠনটোৰ বিষয় ববীয়া সকলে এই…
লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে সোৱণশিৰিৰ পাৰ৷ লখিমপুৰ জিলাৰ বধাকৰাত ১ নং হৰিদাসত সোৱণশিৰিৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু খহনীয়াৰ স্থায়ী সমাধানৰ দাবীতৱ এনেদৰে অঞ্চলটোৰ শ শ পুৰুষ মহিলাই নদীৰ পাৰত সমবেত হৈ তীব্ৰ প্ৰতিবাদ জনায়৷ নদীখনৰ ভয়ংকৰ গৰা-খহনীয়া শীঘ্ৰে প্ৰতিৰোধ নকৰিলে সোৱণশিৰিৰ বুকুত জাপ দিয়াৰ হুংকাৰ দিয়ে কেবাগৰাকী মহিলাই৷…
তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ সহায়ত অবৈধভাবে বালি খনন চলাই থকাৰ বিষয়ে জানিব পাৰি শোণিতপুৰ পশ্চিম বনসংমণ্ডলৰ বিষয়াৰ নিৰ্দেশত এই অভিযান চলাই তেজপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে৷ বিয়লি প্ৰায় পাঁচ বজাত চলা এই অভিযানৰ সময়ত অবৈধ বালি খননৰে জড়িত সকলে পলায়ন কৰে যদিও খননত ব্যৱহাৰ হোৱা যন্ত্ৰটো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী…
তেজপুৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০ছেপ্টেম্বৰ: তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এইবাৰ অনাথ আশ্ৰমৰ নাম লৈ তিনি মহিলাই আৰম্ভ কৰিছে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ৷ উল্লেখযোগ্য যে,অচিনাক্ত তিনি মহিলাৰ এনে অপকাণ্ডৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বহুসংখ্যক লোকে মন্তব্য প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে,তেজপুৰৰ কেতেকীবাৰীৰ নৱপ্ৰভাত অনাথ আশ্ৰমৰ নামত আভূৱাভাৰি ধন সংগ্ৰহ কৰি থকা এই তিনিগৰাকী অচিনাক্ত মহিলাই পুনৰ কোনো মানুহৰ ঘৰত আশ্ৰমখনৰ নামত ধন সংগ্ৰহ কৰিবলৈ গ’লেই এই বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে অনাথ আশ্ৰমখনৰ পৰিচালিকা তৃঞ্চামণি লস্কৰে৷…
লখিমপুৰ চক্ৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক-কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ব্যাপক অনিয়ম
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চক্ৰৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ লগতে কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত এতিয়া ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে৷ লখিমপুৰ চক্ৰৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ এজন কাৰ্যালয় সহায়কৰ জালিয়াতি ধৰা পৰাৰ পিছত আজি অনন্ত দাস নামৰ এইজন কৰ্মচাৰীক জিলা উপায়ুক্ত কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰা হয়৷ উল্লেখ্য যে ঠিকাদাৰৰ পঞ্জীয়ন, নবীকৰণ, বিষয়া কৰ্মচাৰীৰ পদোন্নতি আদিৰ নামত এতিয়া এই কাৰ্যালয় দুটাত ব্যাপক ৰূপত ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি কাৰ্যবাহী অভিযন্তা…
বিদ্যুত বিভাগৰ বিলৰ ক্ষেত্ৰত সৰব মুখা মন্ত্ৰী
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিদ্যুৎ বিভাগে এই অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিলৰ বাবে এক বিজ্ঞাপন মুকলি কৰিব । যি সকল লোকৰ বিদ্যুৎ বিল বৃদ্ধি পাইছে তেওঁলোকে বিভাগৰ কাৰ্য্যালয়ত অভিযোগ দাখিল কৰিব পাৰিব। আনহাতে প্ৰায় ৪০০ লোকৰ মাজত এই বিষয়ে পৰ্যালোচনা কৰাত চৰকাৰে জানিব পাৰে যে যোৱা মাহত প্ৰচুৰ গৰমৰ বাবে অত্যাধিক বিদ্যুৎ ব্যৱহাৰ হোৱাৰ বাবেও এই বিল বৃদ্ধি পাইছে আৰু ইয়াৰ মাজত ৯০ জন লোকৰ বিল অধিক আহিছে আৰু সেয়া বিভাগে গ্ৰাহকৰ মিটাৰ পৰীক্ষা কৰি এই বিল…
উদ্ধাৰ হ’ল মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত নিহত ৩ শ্ৰমিকৰ মৃতদেহ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে পুনৰ মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ মৃতদেহ ৷ উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধ খনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দেওবাৰে ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩জন শ্ৰমিকৰ ৷ অবৈধ কয়লা খনি বা ’খাদান’ত (ৰেট হ’ল মাইনিং) কাম কৰাৰ বাবে শ্ৰমিক…
