Browsing Category

অসম

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গৌৰীপুৰ, যোৰহাট আৰু মৰাণ শাখালৈ শ্ৰেষ্ঠ শাখাৰ স্বীকৃতি শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ ছেপ্টেম্বৰ : মাজুলী জিলা, ধেমাজি জিলা আৰু দৰং জিলাক শ্ৰেষ্ঠ জিলা হিচাপে ঘোষণা কৰিছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে। একেদৰে ধুবুৰী জিলাৰ গৌৰীপুৰ শাখা, যোৰহাট জিলাৰ যোৰহাট শাখা আৰু শিৱসাগৰ জিলাৰ মৰাণ শাখাক বিগত বৰ্ষৰ শ্ৰেষ্ঠ শাখা হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জিলা আৰু শাখা সমূহৰ কাম-কাজৰ পাৰদৰ্শিতা বিচাৰ কৰি শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ শাখাক পাৰদৰ্শিতাৰ প্ৰমাণ পত্র প্ৰদান কৰি অহাৰ পিছত এইবাৰো প্ৰদান কৰাৰ পূৰ্বে…

লখিমপুৰত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৬ ছেপ্টেম্বৰ : হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় বীৰ লাচিত বৰফুকনৰ পূণ্য তিথি 'লাচিত দিৱস'দিৱস অহা ২৪ নবেম্বৰত কেন্দ্ৰীয়ভাৱে লখিমপুৰত অনুষ্ঠিত হব। বীৰ যোদ্ধা গৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত অসমক সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল। ঔৰংজেৱৰ দ্বাৰা প্ৰেৰিত মোগল সেনাৰ বিৰুদ্ধে লাচিত বৰফুকনৰ অভূতপূৰ্ব বিজয়,দেশভক্তি,সততা আৰু বীৰত্বৰ কীৰ্তি স্মৰণ কৰাৰ লগতে উঠি অহা নৱ প্ৰজন্মক বীৰজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ আয়োজন কৰাই এই দিৱসটিৰ উদ্দেশ্য। এই মহান কাৰ্যসূচী ভাগ উদযাপনৰ…

সুৰাৰ পৰা অধিক ৰাজহ সংগ্ৰহৰ লক্ষ্য: সুৰা ব্যৱসায়ীক হেঁচা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ছেপ্টেম্বৰ: ঋণৰ বোজাত পোতযোৱা চৰকাৰে যিকোনো প্ৰকাৰে ৰাজহ সংগ্ৰহ কৰাত গুৰুত্ব প্ৰদান কৰিছে৷উল্লেখযোগ্য যে,বিদ্যুত, ৰন্ধন গেছ, ঔষধৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰাৰ বিপৰীতে ৰাজ্যচৰকাৰ ১৭হেজাৰ কোটি টকাৰ ঋণত ডুব যোৱাৰ সময়তে এইবাৰ সুৰাৰ দ্বাৰাও ব্যাপক পৰিমাণে ৰাজহ সংগ্ৰহৰ চেষ্টা চলাইছে৷উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যত সুৰাৰ বিপনী বৃদ্ধি পোৱাৰ সময়তে জিলা সমূহত সুৰাৰ ৰাজহ অধিক বৃদ্ধিৰ বাবেও হেঁচা দিয়া হৈছে৷উল্লেখযোগ্য যে,প্ৰায় এসপ্তাহ পূৰ্বে…

চাহ জনগোষ্ঠীয় ৩০ শতাংশ হিতাধিকাৰীৰ ৰেচন কাৰ্ড কৰ্তনৰ সিদ্ধান্ত : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) তিনিচুকীয়া জিলা সমিতিয়ে আজি তেওঁলোকৰ ৪ দফীয়া দাবীত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ বহুসংখ্যক প্ৰতিবাদকাৰীয়ে ৬ ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় ৷ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক আৰু সম্পাদক অনুজ তাঁতীৰ দ্বাৰা…

ৰাজ্যত নিযুক্তিৰ চিণ্ডিকেট চলিছে: তেজপুৰত লুৰীণ জ্যোতি গগৈ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৬ছেপ্টেম্বৰ: ৰাজ্যত নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰি হৈছে৷দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাটো এক চৰকাৰী প্ৰহনশীলতাৰ বাহিৰে আন একো নহয়৷আজি তেজপুৰত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই দৰে মন্তব্য কৰে৷নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ভিক্তৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰাচাৰি স্বৰূপটো উদঙাই দিছে বুলি গগৈয়ে মন্তব্য কৰি লগতে কয় যে ইয়াৰ বিৰুদ্ধে ৰাজ্যত তথা সামাজিক মাধ্যমত প্ৰবল প্ৰতিবাদ সাব্যস্ত হৈছে৷অসম জাতীয় পৰিষদৰ সভাপতিজনে লগতে কয়…

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিঃ থানাত এজাহাৰ

লখিমপুৰৰ চৌদিশে উত্তাল প্ৰতিবাদঃ সঘনাই জ্বলিছে মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকাঃ মেডিকেল কলেজ চৌহদত ভূমিদাতা পৰিয়ালৰ প্ৰতিবাদশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ সদ্যঘোষিত লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিয়ে কঁপাইছে লখিমপুৰ৷ আজি এনে কেলেংকাৰিৰ বিৰুদ্ধে লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে৷ উল্লেখ্য যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ অঙহী বঙহী তথা গাড়ীচালক, ৰান্ধনী, ঘনিষ্ঠ আদিয়ে তালিকাত স্থান লাভ কৰা কাৰ্যই লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ…

সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটনঃ ভূমিস্খলনত বহি গ’ল ডাইভাৰ্চন টাৰ্নেলৰ মুখ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ নামনিবাসী ৰাইজ আৰু দল-সংগঠনৰ ব্যাপক প্ৰতিবাদক ভেঙুচালি কৰি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মাণ কৰি থকা অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱানিশা ভয়ানক ভূমিস্খলন সংঘটিত হয়৷ ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে তৎপৰ হোৱা প্ৰকল্পটোত শেহতীয়াকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰিছে৷ আজি এই সন্দৰ্ভত এন এইছ পি চিৰ কনচালটেণ্ট এ এন মহম্মদে জানিবলৈ দিয়া মতে- গেৰুকামুখত নিৰ্মিয়মান সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সোঁপাৰে থকা ডাইভাৰ্চন সুৰঙ্গৰ পানী…

জনজাতিকৰণৰ পৰা বঞ্চিত ছয় জনগোষ্ঠী : প্ৰতিবাদত উত্তাল তিনিচুকীয়া

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰাৰ পাছতে বঞ্চিত অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তিনিচুকীয়া ৷ আজি পুৱাৰ ভাগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যু্ৱ-ছাত্ৰ সন্মিলনে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ…

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ বুধবাৰে ঘোষণা কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ব্যাপক বিসংগতি আৰু অনিয়মৰ মাজেৰে প্ৰকাশ পোৱা তালিকাক লৈ সৰ্বত্ৰ প্ৰতিবাদৰ ঢৌ উঠিছে৷ উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ১০০ শতাংশ লখিমপুৰৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব৷ কিন্তু…

লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত অসমৰ বাদে বিভিন্ন ৰাজ্যৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ লখিমপুৰ নগৰৰ মাজমজিয়াত লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠী ক্ৰমে- কোচ…