Browsing Category
অসম
লখিমপুৰত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি মুকলি কৃষি মন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িব৷ একেদৰে সীমা সমস্যাটোও ইতিমধ্যে সমাধানৰ দিশে আগবাঢ়িছে৷ লখিমপুৰৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ লখিমপুৰলৈ আহি এনেদৰে ব্যক্ত কৰে কৃষি, পশুপালন আৰু পশু চিকিৎসা দপ্তৰৰ মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰীগৰাকীয়ে আজি লখিমপুৰ জিলা পুথিভঁৰালত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান আঁচনিৰ…
অসম গণিত শিক্ষায়তন,শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ছেপ্টেম্বৰঃ অসম গণিত শিক্ষায়তন, শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ ৰিমনি নেওগ বৰাৰ সভাপতিত্বত আজি অনুস্থিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী মাধ্যমিক কন্যা বিদ্যালয়ৰ ছাত্ৰী সকলে অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে সভাখন আৰম্ভ কৰে । সভাৰ উদ্দেশ্য ব্যাখা কৰাৰ লগতে অসম গণিত শিক্ষায়তন জন্মৰ বিষয়ে অবগত কৰে শশী উপাধ্যায়ে । প্ৰতিষ্ঠা দিৱসৰ প্ৰথম বক্তৃতানুষ্ঠান “ জ্যামিতিৰ সাধাৰণ কথা” শীর্ষক আলোচনা ড° ৰামচৰন ডেকাই সকলোৰে মনোগ্ৰাহী হোৱাকৈ বক্তব্য দাঙি…
শোণিতপুৰ ন বিলত চাৰিশ মহিলাৰ সেউজ বিপ্লৱ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৯ ছেপ্টেম্বৰ: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিহগুৰিৰ পুঠিমাৰীত চাৰিশৰো অধিক উদ্যমী মহিলাৰে গঠিত জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ । বিহগুৰিৰ পুঠিমাৰী, বাপুভেটি, ন-বিলকে ধৰি ২৫খন গাঁৱৰ উদ্যমী মহিলাসকলে কৃষিৰ জড়িয়তে গঢ়ি তুলিছে অন্যন্য নিদৰ্শন । সোমবাৰে জিলা কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান আঁচনিৰ অধীনত আৰু জয়মতী কৃষি উৎপাদক গোটৰ সহযোগত প্ৰায় ৩৫০ বিঘা মাটিত মাটিমাহৰ বীজ সিঁচাৰ শুভাৰম্ভণী কৰা হয় । জিলা কৃষি বিষয়া পংকজ শইকীয়া, এপাৰ্ট ৰ বিষয়ববীয়াসকলৰ উপস্থিতিত জয়মতী কৃষি উৎপাদক…
মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনিত পুনৰ ৩ শ্ৰমিক নিহত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যুমুখত পৰিছে ৩ জন শ্ৰমিক ৷ জানিব পৰা মতে মালো গাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধ ’খাদান’ত (ৰেট হ’ল মাইনিং) দেওবাৰে খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ৩ জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো শ্ৰমিক আহত হয় ৷ নিহত শ্ৰমিক ৩ জন ক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী বুলি প্ৰকাশ ৷ সূত্ৰমতে প্ৰায় এমাহ পূৰ্বে তেওঁলোকে লিডুৰ…
চি আৰ পি এফৰ উদ্যোগত তেজপুৰত ৰক্তদান কাৰ্যসূচী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ছেপ্টেম্বৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি কালি তেজপুৰস্থিত ৩০ নং চি আৰ পি এফৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ৰক্তদান কাৰ্যসূচী। অখিল ভাৰতীয় টেৰাপন্থ যুৱ পৰিষদৰ আহ্বানত দেশজুৰি সফলতাৰে আয়োজিত হয় এই ৰক্তদান কাৰ্যসূচী। এই ৰক্তদান কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়ায় অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, মাৰোৱাৰী যুৱ মঞ্চ, তেজপুৰ ৰাউণ্ড টেবুল ৩৫১ নামৰ সংস্থাকেইটাই। মাৰোৱাৰী পঞ্চায়তী ধৰ্মশালাত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰত চি আৰ পি এফৰ অৰ্দ্ধ শতাধিক জোৱানৰ লগতে বহ কেইজন ব্যক্তিয়ে ৰক্তদান কৰে। উল্লেখ্য যে,…
সোৱণশিৰিৰ পাৰত খহনীয়াৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদৰ প্ৰস্তুতি
ভীম পৰা মথাউৰি সহ কুৰিখন গাঁৱলৈ ভাবুকি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বধাকৰাৰ হৰিদাসত সোৱণশিৰি নদীয়ে এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ ১ নং হৰিদাসত নদীখনে ধেনুভিৰিয়াকৈ তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিচতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ…
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
গৌৰীপুৰ, যোৰহাট আৰু মৰাণ শাখালৈ শ্ৰেষ্ঠ শাখাৰ স্বীকৃতি
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ ছেপ্টেম্বৰ : মাজুলী জিলা, ধেমাজি জিলা আৰু দৰং জিলাক শ্ৰেষ্ঠ জিলা হিচাপে ঘোষণা কৰিছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে। একেদৰে ধুবুৰী জিলাৰ গৌৰীপুৰ শাখা, যোৰহাট জিলাৰ যোৰহাট শাখা আৰু শিৱসাগৰ জিলাৰ মৰাণ শাখাক বিগত বৰ্ষৰ শ্ৰেষ্ঠ শাখা হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জিলা আৰু শাখা সমূহৰ কাম-কাজৰ পাৰদৰ্শিতা বিচাৰ কৰি শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ শাখাক পাৰদৰ্শিতাৰ প্ৰমাণ পত্র প্ৰদান কৰি অহাৰ পিছত এইবাৰো প্ৰদান কৰাৰ পূৰ্বে…
লখিমপুৰত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৬ ছেপ্টেম্বৰ : হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় বীৰ লাচিত বৰফুকনৰ পূণ্য তিথি 'লাচিত দিৱস'দিৱস অহা ২৪ নবেম্বৰত কেন্দ্ৰীয়ভাৱে লখিমপুৰত অনুষ্ঠিত হব। বীৰ যোদ্ধা গৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত অসমক সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল। ঔৰংজেৱৰ দ্বাৰা প্ৰেৰিত মোগল সেনাৰ বিৰুদ্ধে লাচিত বৰফুকনৰ অভূতপূৰ্ব বিজয়,দেশভক্তি,সততা আৰু বীৰত্বৰ কীৰ্তি স্মৰণ কৰাৰ লগতে উঠি অহা নৱ প্ৰজন্মক বীৰজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ আয়োজন কৰাই এই দিৱসটিৰ উদ্দেশ্য। এই মহান কাৰ্যসূচী ভাগ উদযাপনৰ…
সুৰাৰ পৰা অধিক ৰাজহ সংগ্ৰহৰ লক্ষ্য: সুৰা ব্যৱসায়ীক হেঁচা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ছেপ্টেম্বৰ: ঋণৰ বোজাত পোতযোৱা চৰকাৰে যিকোনো প্ৰকাৰে ৰাজহ সংগ্ৰহ কৰাত গুৰুত্ব প্ৰদান কৰিছে৷উল্লেখযোগ্য যে,বিদ্যুত, ৰন্ধন গেছ, ঔষধৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰাৰ বিপৰীতে ৰাজ্যচৰকাৰ ১৭হেজাৰ কোটি টকাৰ ঋণত ডুব যোৱাৰ সময়তে এইবাৰ সুৰাৰ দ্বাৰাও ব্যাপক পৰিমাণে ৰাজহ সংগ্ৰহৰ চেষ্টা চলাইছে৷উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যত সুৰাৰ বিপনী বৃদ্ধি পোৱাৰ সময়তে জিলা সমূহত সুৰাৰ ৰাজহ অধিক বৃদ্ধিৰ বাবেও হেঁচা দিয়া হৈছে৷উল্লেখযোগ্য যে,প্ৰায় এসপ্তাহ পূৰ্বে…
চাহ জনগোষ্ঠীয় ৩০ শতাংশ হিতাধিকাৰীৰ ৰেচন কাৰ্ড কৰ্তনৰ সিদ্ধান্ত : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) তিনিচুকীয়া জিলা সমিতিয়ে আজি তেওঁলোকৰ ৪ দফীয়া দাবীত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ বহুসংখ্যক প্ৰতিবাদকাৰীয়ে ৬ ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় ৷ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক আৰু সম্পাদক অনুজ তাঁতীৰ দ্বাৰা…
