Browsing Category
অসম
ৰাজ্যত নিযুক্তিৰ চিণ্ডিকেট চলিছে: তেজপুৰত লুৰীণ জ্যোতি গগৈ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৬ছেপ্টেম্বৰ: ৰাজ্যত নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰি হৈছে৷দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাটো এক চৰকাৰী প্ৰহনশীলতাৰ বাহিৰে আন একো নহয়৷আজি তেজপুৰত এক সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই দৰে মন্তব্য কৰে৷নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ভিক্তৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে তেওঁলোকৰ স্বৈৰাচাৰি স্বৰূপটো উদঙাই দিছে বুলি গগৈয়ে মন্তব্য কৰি লগতে কয় যে ইয়াৰ বিৰুদ্ধে ৰাজ্যত তথা সামাজিক মাধ্যমত প্ৰবল প্ৰতিবাদ সাব্যস্ত হৈছে৷অসম জাতীয় পৰিষদৰ সভাপতিজনে লগতে কয়…
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিঃ থানাত এজাহাৰ
লখিমপুৰৰ চৌদিশে উত্তাল প্ৰতিবাদঃ সঘনাই জ্বলিছে মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকাঃ মেডিকেল কলেজ চৌহদত ভূমিদাতা পৰিয়ালৰ প্ৰতিবাদশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ সদ্যঘোষিত লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিয়ে কঁপাইছে লখিমপুৰ৷ আজি এনে কেলেংকাৰিৰ বিৰুদ্ধে লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে৷ উল্লেখ্য যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ অঙহী বঙহী তথা গাড়ীচালক, ৰান্ধনী, ঘনিষ্ঠ আদিয়ে তালিকাত স্থান লাভ কৰা কাৰ্যই লখিমপুৰৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ…
সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটনঃ ভূমিস্খলনত বহি গ’ল ডাইভাৰ্চন টাৰ্নেলৰ মুখ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ নামনিবাসী ৰাইজ আৰু দল-সংগঠনৰ ব্যাপক প্ৰতিবাদক ভেঙুচালি কৰি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মাণ কৰি থকা অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱানিশা ভয়ানক ভূমিস্খলন সংঘটিত হয়৷ ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে তৎপৰ হোৱা প্ৰকল্পটোত শেহতীয়াকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰিছে৷ আজি এই সন্দৰ্ভত এন এইছ পি চিৰ কনচালটেণ্ট এ এন মহম্মদে জানিবলৈ দিয়া মতে- গেৰুকামুখত নিৰ্মিয়মান সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সোঁপাৰে থকা ডাইভাৰ্চন সুৰঙ্গৰ পানী…
জনজাতিকৰণৰ পৰা বঞ্চিত ছয় জনগোষ্ঠী : প্ৰতিবাদত উত্তাল তিনিচুকীয়া
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰাৰ পাছতে বঞ্চিত অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তিনিচুকীয়া ৷ আজি পুৱাৰ ভাগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যু্ৱ-ছাত্ৰ সন্মিলনে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ…
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ বুধবাৰে ঘোষণা কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ব্যাপক বিসংগতি আৰু অনিয়মৰ মাজেৰে প্ৰকাশ পোৱা তালিকাক লৈ সৰ্বত্ৰ প্ৰতিবাদৰ ঢৌ উঠিছে৷ উল্লেখ্য যে লখিমপুৰ মেডিকেল কলেজৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ১০০ শতাংশ লখিমপুৰৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব৷ কিন্তু…
লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত অসমৰ বাদে বিভিন্ন ৰাজ্যৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ লখিমপুৰ নগৰৰ মাজমজিয়াত লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠী ক্ৰমে- কোচ…
মোবাইল ষ্ট্ৰোক ইউনিট চিটি স্কেন প্ৰকল্পই উপকৃত কৰিছে সৰ্বসাধাৰণক
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৪ ছেপ্টেম্বৰ: দেশ তথা ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ এক বিশেষ পদক্ষেপ হিচাপে ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে মোবাইল ষ্ট্ৰক ইউনিট আৰু চিটি স্কেন প্ৰকল্প শোণিতপুৰত কাৰ্যকৰী কৰা হৈছে৷ শোণিতপুৰৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰৰ ব্যাপ্তিষ্ট মিছন হাস্পতালৰ যৌথ সহযোগত এই প্ৰকল্প ২০২০ৰ ২৫ছেপ্টেম্বৰত আৰম্ভ কৰা হয় জিলাখনত৷ শোণিতপুৰ জিলাৰ ভিতৰত এই ভ্ৰাম্যমাণ অত্যাধুনিক এম্বুলেন্স খনৰ জৰিয়তে ষ্ট্ৰোকত আক্ৰান্ত লোক সকল উপকৃত হৈছে।উল্লেখযোগ্য যে গুৰুতৰ ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিক আক্ৰান্ত হোৱাৰ চাৰেচাৰি ঘন্টাৰ…
তেজপুৰত “অসীম সাগৰৰ ঢৌ” উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৪ ছেপ্টেম্বৰ: ভ্ৰমণৰ অভিজ্ঞতাকে ধৰি ভিন্ন বিষয় বস্তু সামৰি লিখা এখন পুথি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূলত উন্মোচন কৰা হয়৷অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা মাজগাঁও নিকামূল নিবাসী হিমকৰ্ণ চেত্ৰীৰ দ্বাৰা ৰচিত এই প্ৰথমখন নিৱন্ধ সংকলন “অসীম সাগৰৰ ঢৌ” আজি বিয়লি চাৰি বজাত লেখকজনৰ বাসভৱনৰ চৌহদত আয়োজিত এক সভাত আনুষ্ঠানিক ভাবে উন্মোচন কৰে সাহিত্যিক দিলীপ ফুকনে৷ গ্ৰন্থখন উন্মোচন কৰি ফুকনে কয় যে হিমালয়ৰ পাদদেশৰ গোৰ্খাসকলে অসমৰ বতাহ পানীৰে সবল হৈ অসমীয়া ভাষা সাহিত্যৰে লীন যোৱাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈয়ো যথেষ্ট অৱদান…
তেজপুৰৰ বিহগুৰিত মৃৎ শিল্পীৰ ব্যস্ততা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩ছেপ্টেম্বৰ: বৰ্তমান আৰম্ভ হৈছে পূজাৰ পৰিৱেশ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ তিনিটা দিন৷ একে সময়তে অনুষ্ঠিত হ’ব মনসা পূজাও৷ ইয়াৰ মাত্ৰ এটা পষেকৰ পাছতেই উলহমালহেৰে অনুষ্ঠিত হ’ব দশভূজা দুৰ্গা পূজা৷এনে অৱস্হাত সম্প্ৰতি প্ৰতিমা সজা খনিকৰ সকল অতি ব্যস্ত হৈ পৰিছে৷তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ মৃৎশিল্পী টংকেশ্বৰ কলিতাও ব্যস্ত প্ৰতিমা সজা কামত৷সহযোগী কাৰিকৰ সকলক লগত লৈ এইজন শিল্পীয়ে সাজি গৈছে বিশ্বকৰ্মা,মনসা আৰু দশভূজাৰ মৃন্ময় প্ৰতিমা৷ইয়াৰ পূৰ্বে ভালেসংখ্যক গণেশ মূৰ্ত্তিও সাজিছিল…
তিনিচুকীয়াৰ বিধ্বস্ত বাটপথ মেৰামতিৰ দাবীত আছুৰ মানৱ শৃংখল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য বিধ্বস্ত বাটপথসমূহ মেৰামতিৰ দাবীত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ নেতৃত্বত চহৰখনৰ এছ কে এফ পুলিচ পইণ্টৰ অভাৰ ব্ৰীজৰ সমীপত ৰূপায়িত এই মানৱ শৃংখল কাৰ্য্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁইৰ উপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷…
