Browsing Category

অসম

মোবাইল ষ্ট্ৰোক ইউনিট চিটি স্কেন প্ৰকল্পই উপকৃত কৰিছে সৰ্বসাধাৰণক

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৪ ছেপ্টেম্বৰ: দেশ তথা ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ এক বিশেষ পদক্ষেপ হিচাপে ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে মোবাইল ষ্ট্ৰক ইউনিট আৰু চিটি স্কেন প্ৰকল্প শোণিতপুৰত কাৰ্যকৰী কৰা হৈছে৷ শোণিতপুৰৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰৰ ব্যাপ্তিষ্ট মিছন হাস্পতালৰ যৌথ সহযোগত এই প্ৰকল্প ২০২০ৰ ২৫ছেপ্টেম্বৰত আৰম্ভ কৰা হয় জিলাখনত৷ শোণিতপুৰ জিলাৰ ভিতৰত এই ভ্ৰাম্যমাণ অত্যাধুনিক এম্বুলেন্স খনৰ জৰিয়তে ষ্ট্ৰোকত আক্ৰান্ত লোক সকল উপকৃত হৈছে।উল্লেখযোগ্য যে গুৰুতৰ ষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিক আক্ৰান্ত হোৱাৰ চাৰেচাৰি ঘন্টাৰ…

তেজপুৰত “অসীম সাগৰৰ ঢৌ” উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৪ ছেপ্টেম্বৰ: ভ্ৰমণৰ অভিজ্ঞতাকে ধৰি ভিন্ন বিষয় বস্তু সামৰি লিখা এখন পুথি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূলত উন্মোচন কৰা হয়৷অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা মাজগাঁও নিকামূল নিবাসী হিমকৰ্ণ চেত্ৰীৰ দ্বাৰা ৰচিত এই প্ৰথমখন নিৱন্ধ সংকলন “অসীম সাগৰৰ ঢৌ” আজি বিয়লি চাৰি বজাত লেখকজনৰ বাসভৱনৰ চৌহদত আয়োজিত এক সভাত আনুষ্ঠানিক ভাবে উন্মোচন কৰে সাহিত্যিক দিলীপ ফুকনে৷ গ্ৰন্থখন উন্মোচন কৰি ফুকনে কয় যে হিমালয়ৰ পাদদেশৰ গোৰ্খাসকলে অসমৰ বতাহ পানীৰে সবল হৈ অসমীয়া ভাষা সাহিত্যৰে লীন যোৱাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈয়ো যথেষ্ট অৱদান…

তেজপুৰৰ বিহগুৰিত মৃৎ শিল্পীৰ ব্যস্ততা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩ছেপ্টেম্বৰ: বৰ্তমান আৰম্ভ হৈছে পূজাৰ পৰিৱেশ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ তিনিটা দিন৷ একে সময়তে অনুষ্ঠিত হ’ব মনসা পূজাও৷ ইয়াৰ মাত্ৰ এটা পষেকৰ পাছতেই উলহমালহেৰে অনুষ্ঠিত হ’ব দশভূজা দুৰ্গা পূজা৷এনে অৱস্হাত সম্প্ৰতি প্ৰতিমা সজা খনিকৰ সকল অতি ব্যস্ত হৈ পৰিছে৷তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰি মেকনৰ চুবুৰীৰ মৃৎশিল্পী টংকেশ্বৰ কলিতাও ব্যস্ত প্ৰতিমা সজা কামত৷সহযোগী কাৰিকৰ সকলক লগত লৈ এইজন শিল্পীয়ে সাজি গৈছে বিশ্বকৰ্মা,মনসা আৰু দশভূজাৰ মৃন্ময় প্ৰতিমা৷ইয়াৰ পূৰ্বে ভালেসংখ্যক গণেশ মূৰ্ত্তিও সাজিছিল…

তিনিচুকীয়াৰ বিধ্বস্ত বাটপথ মেৰামতিৰ দাবীত আছুৰ মানৱ শৃংখল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য বিধ্বস্ত বাটপথসমূহ মেৰামতিৰ দাবীত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ নেতৃত্বত চহৰখনৰ এছ কে এফ পুলিচ পইণ্টৰ অভাৰ ব্ৰীজৰ সমীপত ৰূপায়িত এই মানৱ শৃংখল কাৰ্য্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁইৰ উপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি  শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷…

অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত পৰীক্ষামূলক ভাবে ড্ৰোণৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগ

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৩ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন' ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ APART, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উত্তৰ পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান, IFFCO আৰু বি চি এছ ৰ…

বিশিষ্ট নাট্যশিল্পী, সত্ৰীয়া শিল্পী গুণাকৰ দেৱগোস্বামীলৈ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ ছেপ্টেম্বৰঃ নিজৰ বহুমুখী প্ৰতিভাৰে তেজপুৰ তথা ৰাজ্যবাসীৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ লগতে জিলাখনৰ সাহিত্য-সংস্কৃতি জগতৰ সব্যসাচী ব্যক্তি হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেজপুৰবাসীয়ে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। হেমন্ত কুমাৰ বৰুৱা প্ৰত্যক্ষ ভাবে জড়িত থকা তেজপুৰৰ অনুষ্ঠান সমূহৰ প্ৰতিনিধিৰে গঠিত "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"য়ে গ্ৰহণ কৰা বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অহা ২৯ অক্টোবৰত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক বৰ্ণাঢ্য…

কলকাতাত গীতে-মাতে ভূপেন হাজৰিকাক স্মৰণ

কলকাতা, ১২ ছেপ্টেম্বৰঃ অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ যৌথ উদ্যোগত যোৱা ১০ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অতি আড়ম্বৰতাৰে পালন কৰা হয়। সুধাকণ্ঠৰ কলকাতাৰ সংযোগক সুঁৱৰি অনুষ্ঠিত হোৱা আলোচনা সত্ৰত অসম তথা বংগৰ বহু কেইজন সাহিত্যিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে অসমীয়া, মণিপুৰী, বঙালী আৰু ইংৰাজী ভাষাৰ বহুকেইখন গ্ৰন্থ উন্মোচিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সভাপতি দীপকানন্দ ভৰালীয়ে সভাপতিত্ব কৰা তথা অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব…

বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বাৰেকুৰিত এইবাৰো বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই উপলক্ষে তৰাজান-ডেংকা সন্মিলিত যুৱক সংঘৰ খেলপথাৰত দেওবাৰে অসম মৰাণ সভাৰ তৰাজান-ডেংকা শাখা আৰু বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বিভিন্ন দল-সংগঠন, স্থানীয় ভালেসংখ্যক সচেতন ৰাইজৰ উপস্থিতিত সভাত সৰ্বসন্মতিক্ৰমে ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব হলৌ দিৱস-২০২২ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়…

জিঅ’ৰ বিৰুদ্ধে গ্ৰাহকক ঠগি কোটি কোটি লু্‌ণ্ঠনৰ অভিযোগ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১২ ছেপ্টেম্বৰঃ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স কোম্পানীয়ে জিঅ’ ম’বাইল সেৱা প্ৰৱৰ্তনৰ নামত গ্ৰাহকক ৰামঠগন দি কোটি কোটি টকা লু্‌ণ্ঠন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ তিনিচুকীয়াৰ একাংশ ভুক্তভোগী গ্ৰাহকে এই অভিযোগ উত্থাপন কৰাৰ লগতে ফ’ৰ জি সেৱাৰ নামত কোম্পানীটোৱে গ্ৰাহকক আভুৱা ভাৰি কেৱল লুণ্ঠন চলাই থকাৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হোৱাৰ প্ৰস্তুতি চলাইছে৷ অভিযোগ অনুসৰি বিগত প্ৰায় এটা পষেক ধৰি অতি নিম্নমানৰ সেৱাৰ বাবে ফ’ন বা ইণ্টাৰনেট ব্যৱহাৰ কৰাটো একপ্ৰকাৰে দুৰূহ হৈ…

নিৰ্মাণৰ পূৰ্বেই গৃহ নিৰ্মাণৰ ম্যাদ উকলিল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা ভূমি সংৰক্ষণ সংমণ্ডল কাৰ্যালয়টোত নতুনকৈ গৃহ নিৰ্মাণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰক গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ পিছতো এই পৰ্যন্ত গৃহতো নিৰ্মাণ কৰি উলিয়াব পৰা নাই৷ ভূমি সংৰক্ষণ বিভাগৰ তথ্য অনুসৰি যোৱা জুলাই মাহতে ৱৰ্ক অৰ্ডাৰৰ গৃহ নিৰ্মাণৰ কাৰ্যকাল শেষ হ’ল যদিও এই পৰ্যন্ত গৃহটোৰ নিৰ্মাণ কাৰ্য ২০ শতাংশও সম্পূৰ্ণ নহল৷ যাৰ বাবে অদ্যাপি এটি জৰাজীৰ্ণ, পানীপৰা গৃহত সংমণ্ডল কাৰ্যালয়টোৰ কামকাজ চলাই থাকিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২১ বৰ্ষৰ ১৪…