Browsing Category
অসম
নৰ্থ লখিমপুৰ কলেজত গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ ছেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগেন তামুলী স্মাৰক কবিতা প্ৰতিযোগিতাৰ বঁটাসমূহ আজি প্ৰদান কৰা হয়৷ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ বৰাই৷ অধ্যাপক যোগেন তামুলীৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উচ্ছ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে দিব্যলক্ষী সেনাপতি (নৰ্থ লখিমপুৰ কলেজ), ডিম্পল…
১৩অক্টোবৰৰ পৰা তেজপুৰত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১২ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৩ অক্টোবৰৰ পৰা ক্ৰীড়া সন্থাৰ খেলপথাৰ পলফিল্ডত আৰম্ভ হ’ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ডুগৰ শ্বিল্ড প্ৰতিযোগিতাৰ বিকল্প হিচাপে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তথা দ্বিতীয় শ্ৰেণীৰ ফুটবল ৰেফাৰী প্ৰয়াত ৰাজেন বৰঠাকুৰৰ তৎপৰতাত আৰম্ভ হৈছিল তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ৷ কিন্তু যোৱা দুবছৰে ক’ভিদৰ বাবে এই প্ৰতিযোগিতাখন স্হগিত আছিল৷ আজি তেজপুৰ জিলা ক্ৰীড়া…
জৰাজীৰ্ণ হৈ পৰিছে কলকতাৰ টালিগঞ্জত থকা ড০ ভূপেন হাজৰিকাৰ বাসগৃহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ছেপ্তেম্বৰঃ উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহতো অসম চৰকাৰে উৰিষ্যা চৰকাৰৰ সহযোগত বিশেষ ভাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলে যদিও অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন, বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জত থকা সেই ঐতিহাসিক বাসগৃহতো সংৰক্ষণ কৰাটো দূৰৰে কথা সুধাকণ্ঠ গৰাকীৰ বহু কালজয়ী সৃষ্টিৰ অন্যতম সাক্ষী, ৰাজ্যখনৰ আৰু দেশৰ বহু ক্ষণজন্মা ব্যক্তিৰ পদধূলাৰ স্মৃতিৰে বিজড়িত বাসগৃহতো সম্প্ৰতি জহী খহি যোৱাৰ উপক্ৰম হৈছে। যোৱা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ তথা…
তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১২ছেপ্টেম্বৰঃ তেজপুৰ সদৰ আৰক্ষী থানা অধীনস্থ শালনিবাৰী আৰক্ষী চকী অন্তৰ্গত ঘোৰামাৰী ঢেকিদ’লত যোৱা নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড৷ সুৰাৰ ৰাগীত পিতা পুত্ৰই মিলি চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে পঞ্চাশোৰ্ধৰ ভগৱান ওৰাং নামৰ এজন লোকক৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ৮-৩০বজাত ঢেকিদলত সংঘটিত এই ঘটনাৰ বিষয়ে স্হানীয় শালনিবাৰী আৰক্ষীয়ে জানিব পাৰে৷ উল্লেখযোগ্য যে অঞ্চলটোত মুৰ্গী চুৰ হোৱাৰ ঘটনা ঘটিছে আৰু কালি ওৰাঙে ইয়াকে লৈ গালি গালাজ কৰি আছিল৷ সেই সময়তে সুৰামত্ত ভগৱানৰ প্ৰতিৱেশী তথা…
শোণিতপুৰৰ কাৱৈমাৰীত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন জ্বৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ছেপ্টেম্বৰঃ শোণিতপুৰৰ ঢেকিয়াজুলিৰ কাৱৈমাৰীৰ দুই নম্বৰ বামুণ পুখুৰীত আফ্ৰিকান ছোৱাইন জ্বৰত গাহৰি আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে পশুপালন বিভাগে আজি এনে আঠটা গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰিছে৷ গাহৰিৰ এই ৰোগকলৈ গাহৰি পালকসকল চিন্তিত হৈ পৰাৰ সময়তে শোণিতপুৰ প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে আৰু প্ৰশাসনৰ নিৰ্দেশতে আক্ৰান্ত গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, কাৱৈমাৰীৰ অঞ্চলসমূহ নিষিদ্ধ এলেকা হিচাপে ফলক আৰি জাননী জাৰী কৰিছে প্ৰশাসনে। উল্লেখযোগ্য যে কালি ধৰা পৰা গই ৰোগত এইপৰ্যন্ত…
সংকল্প অনুসৰি নিজে সজা মন্দিৰত সাত বছৰৰ পাছত প্ৰৱেশ কৰিলে ৰাইজে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: বিগত সাতবছৰে নিজে স্হাপন কৰা মন্দিৰলৈ নোযোৱাকৈ আছিল তেজপুৰৰ একাংশ লোক৷তেজপুৰৰ তিনিমাইলৰ চটাই চাপৰি অঞ্চলৰ এইসকল লোকে এই আৱাসিক অঞ্চলত সাতবছৰ পূৰ্বে স্হাপন কৰা এখন সুৰাৰ বিপনীৰ বাবেই এনেদৰে আনকি নিজে স্হাপন কৰা লোকনাথ বাবাৰ মন্দিৰো দৰ্শন কৰা নাছিল৷তেওঁলোকৰ এটাই সংকল্প আছিল যে যেতিয়া এই আৱাসিক অঞ্চলৰ পৰা সুৰাৰ বিপনীখন স্হানান্তৰিত হ’ব তেতিয়াহে তেওঁলোকে প্ৰৱেশ কৰিব এই মন্দিৰত৷ উল্লেখযোগ্য যে, সাত বছৰ পূৰ্বে ইয়াত স্হাপন হৈছিল ৰংগীলা নামৰ এক সুৰা বিপনী৷ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা…
তেজপুৰত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে মনোজ্ঞ অনুষ্ঠান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ ছেপ্টেম্বৰঃ এখন সুস্থ সমাজ, একোগৰাকী সুস্থ মনৰ অধিকাৰী ব্যক্তিত্বৰ সন্ধান, নিজস্ব দৰ্শন আৰু পৰম আধ্যাত্মিক চিন্তা- চেতনাৰে ওৰেটো জীৱন নিজকে উৎসৰ্গিত কৰি বিশ্ব মানৱতাবাদী গুৰুলৈ পৰ্যৱসিত হোৱা স্বামী বিবেকানন্দৰ সেই বিশ্ব বন্দিত চিকাগো ভাষণৰ মৰ্মাৰ্থ উপভোগ কৰিলে একাংশ তেজপুৰীয়া ৰাইজে। ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে চিকাগোত স্বামী বিবেকানন্দৰ সেই মননশীল ভাষণৰ পিছত বহু সময় ধৰি হাজাৰ হাজাৰ ৰাইজে হাত চাপৰিৰে সেই ভাষণৰ মহত্বক চিৰকালৰ বাবে প্ৰাসঙ্গিক কৰি তোলাই নহয়, সেই দিনটোক স্বৰ্ণময় দিন…
তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যুত ক্ষোভ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: যোৱা নিশা প্ৰায় ৭-৪৫বজাত তেজপুৰত এজন যুৱকৰ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,কালি তেজপুৰ মহাবিদ্যালয়ৰ সমীপৰ এছ এছ বিৰ কাৰ্যালয়ত এই শোকাবহ ঘটনাটো সংঘটিত হয়৷ইয়াৰ বিদ্যুৎ সংযোগৰ মেৰামতিৰ কাম চলি থকাৰ সময়ত কালি নিশা ঠিকাদাৰ দিগন্ত সেনগুপ্তাই ফোন কৰি মাতি নি কামত লগোৱা শ্ৰমিক সকলৰ ভিতৰত তেজপুৰৰ লালমাটি হাজৰিকা চুকৰ গোপাল শইকীয়াৰ বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয়।অভিযোগ অনুসৰি ঠিকাদাৰে যথেষ্ট হুৰমূৰকৈ কাম কৰিবলৈ কোৱাত শ্ৰমিক সকলে খৰধৰকৈ কাম…
নৈথী মংগলবাৰ (গল্প)
শিখাজ্যোতি কোঁৱৰ
'বিশ্ব দৰবাৰত ভাৰতৰ নাম উজলালে অসমীয়াই।'
ব্ৰেকিং নিউজটো বাজি উঠিছে। সবিশেষ বাতৰিটো ইতিমধ্যে জ্ঞাত। তথাপি ডাঠ ফ্ৰেমত আবদ্ধ সেই জলমলীয়া দৃষ্টি টি ভিৰ পৰ্দাতে ন্যস্ত। উৎসাহৰ কোৰ্হালৰ মাজতো বুকুৰভৰা মৌনতাই বিৰাজ কৰিছে সেই স্থান। মৌনতাৰো ভাষা আছে। ভাষা থাকিলে কাহিনীও থাকে। শ্ৰোতা অনুসৰি উপস্থাপন শৈলী ভিন্ন। কাহিনীটোৱে প্ৰকাশৰ বাট বিচাৰি কাহিনীকাৰৰ কাষ চাপে।
স'মায়না গ'ল।
পুৱাৰ জুইৰ উম লৈ থকাতে মানুহবোৰে খবৰটো পালে। নৈথী মংগলবাৰৰ পুৱাৰ ব্যস্ততা এৰি চুবুৰীৰ মানুহবোৰ স'মায়নাহঁতৰ চোতালত থূপ খালে। তাইৰ আবৈয়েকে…
চতিয়াৰ মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱালৈ তেজপুৰৰ “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ ছেপ্টেম্বৰ : ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা বহুমুখী প্ৰতিভাৰ মেধাৱী ছাত্ৰী তেজপুৰৰ গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চতিয়াৰ আৰ্থিক ভাবে পিছপৰা মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱাক "গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, ছাত্ৰী অৱস্থাৰ বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ সমান্তৰাল ভাবে কুইজ, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, গীত - নৃত্য - চিত্ৰাংকন আদিত ৰাজ্যিক - ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতাৰ পৰিচয় দি অহা গংগোত্ৰীৰ সোঁৱৰণত…
