Browsing Category
অসম
অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত পৰীক্ষামূলক ভাবে ড্ৰোণৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৩ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন' ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা এই পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প চমুকৈ APART, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উত্তৰ পূৱ আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান, IFFCO আৰু বি চি এছ ৰ…
বিশিষ্ট নাট্যশিল্পী, সত্ৰীয়া শিল্পী গুণাকৰ দেৱগোস্বামীলৈ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ ছেপ্টেম্বৰঃ নিজৰ বহুমুখী প্ৰতিভাৰে তেজপুৰ তথা ৰাজ্যবাসীৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ লগতে জিলাখনৰ সাহিত্য-সংস্কৃতি জগতৰ সব্যসাচী ব্যক্তি হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেজপুৰবাসীয়ে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। হেমন্ত কুমাৰ বৰুৱা প্ৰত্যক্ষ ভাবে জড়িত থকা তেজপুৰৰ অনুষ্ঠান সমূহৰ প্ৰতিনিধিৰে গঠিত "হেমন্ত কুমাৰ বৰুৱা স্মৃতি ৰক্ষা সমিতি"য়ে গ্ৰহণ কৰা বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অহা ২৯ অক্টোবৰত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক বৰ্ণাঢ্য…
কলকাতাত গীতে-মাতে ভূপেন হাজৰিকাক স্মৰণ
কলকাতা, ১২ ছেপ্টেম্বৰঃ অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ যৌথ উদ্যোগত যোৱা ১০ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অতি আড়ম্বৰতাৰে পালন কৰা হয়। সুধাকণ্ঠৰ কলকাতাৰ সংযোগক সুঁৱৰি অনুষ্ঠিত হোৱা আলোচনা সত্ৰত অসম তথা বংগৰ বহু কেইজন সাহিত্যিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে অসমীয়া, মণিপুৰী, বঙালী আৰু ইংৰাজী ভাষাৰ বহুকেইখন গ্ৰন্থ উন্মোচিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সভাপতি দীপকানন্দ ভৰালীয়ে সভাপতিত্ব কৰা তথা অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব…
বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বাৰেকুৰিত এইবাৰো বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই উপলক্ষে তৰাজান-ডেংকা সন্মিলিত যুৱক সংঘৰ খেলপথাৰত দেওবাৰে অসম মৰাণ সভাৰ তৰাজান-ডেংকা শাখা আৰু বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ বিভিন্ন দল-সংগঠন, স্থানীয় ভালেসংখ্যক সচেতন ৰাইজৰ উপস্থিতিত সভাত সৰ্বসন্মতিক্ৰমে ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব হলৌ দিৱস-২০২২ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়…
জিঅ’ৰ বিৰুদ্ধে গ্ৰাহকক ঠগি কোটি কোটি লু্ণ্ঠনৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ ছেপ্টেম্বৰঃ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স কোম্পানীয়ে জিঅ’ ম’বাইল সেৱা প্ৰৱৰ্তনৰ নামত গ্ৰাহকক ৰামঠগন দি কোটি কোটি টকা লু্ণ্ঠন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ তিনিচুকীয়াৰ একাংশ ভুক্তভোগী গ্ৰাহকে এই অভিযোগ উত্থাপন কৰাৰ লগতে ফ’ৰ জি সেৱাৰ নামত কোম্পানীটোৱে গ্ৰাহকক আভুৱা ভাৰি কেৱল লুণ্ঠন চলাই থকাৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হোৱাৰ প্ৰস্তুতি চলাইছে৷ অভিযোগ অনুসৰি বিগত প্ৰায় এটা পষেক ধৰি অতি নিম্নমানৰ সেৱাৰ বাবে ফ’ন বা ইণ্টাৰনেট ব্যৱহাৰ কৰাটো একপ্ৰকাৰে দুৰূহ হৈ…
নিৰ্মাণৰ পূৰ্বেই গৃহ নিৰ্মাণৰ ম্যাদ উকলিল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা ভূমি সংৰক্ষণ সংমণ্ডল কাৰ্যালয়টোত নতুনকৈ গৃহ নিৰ্মাণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰক গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ পিছতো এই পৰ্যন্ত গৃহতো নিৰ্মাণ কৰি উলিয়াব পৰা নাই৷ ভূমি সংৰক্ষণ বিভাগৰ তথ্য অনুসৰি যোৱা জুলাই মাহতে ৱৰ্ক অৰ্ডাৰৰ গৃহ নিৰ্মাণৰ কাৰ্যকাল শেষ হ’ল যদিও এই পৰ্যন্ত গৃহটোৰ নিৰ্মাণ কাৰ্য ২০ শতাংশও সম্পূৰ্ণ নহল৷ যাৰ বাবে অদ্যাপি এটি জৰাজীৰ্ণ, পানীপৰা গৃহত সংমণ্ডল কাৰ্যালয়টোৰ কামকাজ চলাই থাকিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২১ বৰ্ষৰ ১৪…
নৰ্থ লখিমপুৰ কলেজত গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ ছেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগেন তামুলী স্মাৰক কবিতা প্ৰতিযোগিতাৰ বঁটাসমূহ আজি প্ৰদান কৰা হয়৷ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ বৰাই৷ অধ্যাপক যোগেন তামুলীৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উচ্ছ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে দিব্যলক্ষী সেনাপতি (নৰ্থ লখিমপুৰ কলেজ), ডিম্পল…
১৩অক্টোবৰৰ পৰা তেজপুৰত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১২ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৩ অক্টোবৰৰ পৰা ক্ৰীড়া সন্থাৰ খেলপথাৰ পলফিল্ডত আৰম্ভ হ’ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ডুগৰ শ্বিল্ড প্ৰতিযোগিতাৰ বিকল্প হিচাপে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তথা দ্বিতীয় শ্ৰেণীৰ ফুটবল ৰেফাৰী প্ৰয়াত ৰাজেন বৰঠাকুৰৰ তৎপৰতাত আৰম্ভ হৈছিল তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ৷ কিন্তু যোৱা দুবছৰে ক’ভিদৰ বাবে এই প্ৰতিযোগিতাখন স্হগিত আছিল৷ আজি তেজপুৰ জিলা ক্ৰীড়া…
জৰাজীৰ্ণ হৈ পৰিছে কলকতাৰ টালিগঞ্জত থকা ড০ ভূপেন হাজৰিকাৰ বাসগৃহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ছেপ্তেম্বৰঃ উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহতো অসম চৰকাৰে উৰিষ্যা চৰকাৰৰ সহযোগত বিশেষ ভাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলে যদিও অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন, বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জত থকা সেই ঐতিহাসিক বাসগৃহতো সংৰক্ষণ কৰাটো দূৰৰে কথা সুধাকণ্ঠ গৰাকীৰ বহু কালজয়ী সৃষ্টিৰ অন্যতম সাক্ষী, ৰাজ্যখনৰ আৰু দেশৰ বহু ক্ষণজন্মা ব্যক্তিৰ পদধূলাৰ স্মৃতিৰে বিজড়িত বাসগৃহতো সম্প্ৰতি জহী খহি যোৱাৰ উপক্ৰম হৈছে। যোৱা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ তথা…
তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১২ছেপ্টেম্বৰঃ তেজপুৰ সদৰ আৰক্ষী থানা অধীনস্থ শালনিবাৰী আৰক্ষী চকী অন্তৰ্গত ঘোৰামাৰী ঢেকিদ’লত যোৱা নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড৷ সুৰাৰ ৰাগীত পিতা পুত্ৰই মিলি চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে পঞ্চাশোৰ্ধৰ ভগৱান ওৰাং নামৰ এজন লোকক৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ৮-৩০বজাত ঢেকিদলত সংঘটিত এই ঘটনাৰ বিষয়ে স্হানীয় শালনিবাৰী আৰক্ষীয়ে জানিব পাৰে৷ উল্লেখযোগ্য যে অঞ্চলটোত মুৰ্গী চুৰ হোৱাৰ ঘটনা ঘটিছে আৰু কালি ওৰাঙে ইয়াকে লৈ গালি গালাজ কৰি আছিল৷ সেই সময়তে সুৰামত্ত ভগৱানৰ প্ৰতিৱেশী তথা…
