Browsing Category
অসম
শোণিতপুৰৰ কাৱৈমাৰীত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন জ্বৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ছেপ্টেম্বৰঃ শোণিতপুৰৰ ঢেকিয়াজুলিৰ কাৱৈমাৰীৰ দুই নম্বৰ বামুণ পুখুৰীত আফ্ৰিকান ছোৱাইন জ্বৰত গাহৰি আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে পশুপালন বিভাগে আজি এনে আঠটা গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰিছে৷ গাহৰিৰ এই ৰোগকলৈ গাহৰি পালকসকল চিন্তিত হৈ পৰাৰ সময়তে শোণিতপুৰ প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে আৰু প্ৰশাসনৰ নিৰ্দেশতে আক্ৰান্ত গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, কাৱৈমাৰীৰ অঞ্চলসমূহ নিষিদ্ধ এলেকা হিচাপে ফলক আৰি জাননী জাৰী কৰিছে প্ৰশাসনে। উল্লেখযোগ্য যে কালি ধৰা পৰা গই ৰোগত এইপৰ্যন্ত…
সংকল্প অনুসৰি নিজে সজা মন্দিৰত সাত বছৰৰ পাছত প্ৰৱেশ কৰিলে ৰাইজে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: বিগত সাতবছৰে নিজে স্হাপন কৰা মন্দিৰলৈ নোযোৱাকৈ আছিল তেজপুৰৰ একাংশ লোক৷তেজপুৰৰ তিনিমাইলৰ চটাই চাপৰি অঞ্চলৰ এইসকল লোকে এই আৱাসিক অঞ্চলত সাতবছৰ পূৰ্বে স্হাপন কৰা এখন সুৰাৰ বিপনীৰ বাবেই এনেদৰে আনকি নিজে স্হাপন কৰা লোকনাথ বাবাৰ মন্দিৰো দৰ্শন কৰা নাছিল৷তেওঁলোকৰ এটাই সংকল্প আছিল যে যেতিয়া এই আৱাসিক অঞ্চলৰ পৰা সুৰাৰ বিপনীখন স্হানান্তৰিত হ’ব তেতিয়াহে তেওঁলোকে প্ৰৱেশ কৰিব এই মন্দিৰত৷ উল্লেখযোগ্য যে, সাত বছৰ পূৰ্বে ইয়াত স্হাপন হৈছিল ৰংগীলা নামৰ এক সুৰা বিপনী৷ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা…
তেজপুৰত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে মনোজ্ঞ অনুষ্ঠান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ ছেপ্টেম্বৰঃ এখন সুস্থ সমাজ, একোগৰাকী সুস্থ মনৰ অধিকাৰী ব্যক্তিত্বৰ সন্ধান, নিজস্ব দৰ্শন আৰু পৰম আধ্যাত্মিক চিন্তা- চেতনাৰে ওৰেটো জীৱন নিজকে উৎসৰ্গিত কৰি বিশ্ব মানৱতাবাদী গুৰুলৈ পৰ্যৱসিত হোৱা স্বামী বিবেকানন্দৰ সেই বিশ্ব বন্দিত চিকাগো ভাষণৰ মৰ্মাৰ্থ উপভোগ কৰিলে একাংশ তেজপুৰীয়া ৰাইজে। ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে চিকাগোত স্বামী বিবেকানন্দৰ সেই মননশীল ভাষণৰ পিছত বহু সময় ধৰি হাজাৰ হাজাৰ ৰাইজে হাত চাপৰিৰে সেই ভাষণৰ মহত্বক চিৰকালৰ বাবে প্ৰাসঙ্গিক কৰি তোলাই নহয়, সেই দিনটোক স্বৰ্ণময় দিন…
তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যুত ক্ষোভ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: যোৱা নিশা প্ৰায় ৭-৪৫বজাত তেজপুৰত এজন যুৱকৰ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,কালি তেজপুৰ মহাবিদ্যালয়ৰ সমীপৰ এছ এছ বিৰ কাৰ্যালয়ত এই শোকাবহ ঘটনাটো সংঘটিত হয়৷ইয়াৰ বিদ্যুৎ সংযোগৰ মেৰামতিৰ কাম চলি থকাৰ সময়ত কালি নিশা ঠিকাদাৰ দিগন্ত সেনগুপ্তাই ফোন কৰি মাতি নি কামত লগোৱা শ্ৰমিক সকলৰ ভিতৰত তেজপুৰৰ লালমাটি হাজৰিকা চুকৰ গোপাল শইকীয়াৰ বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয়।অভিযোগ অনুসৰি ঠিকাদাৰে যথেষ্ট হুৰমূৰকৈ কাম কৰিবলৈ কোৱাত শ্ৰমিক সকলে খৰধৰকৈ কাম…
নৈথী মংগলবাৰ (গল্প)
শিখাজ্যোতি কোঁৱৰ
'বিশ্ব দৰবাৰত ভাৰতৰ নাম উজলালে অসমীয়াই।'
ব্ৰেকিং নিউজটো বাজি উঠিছে। সবিশেষ বাতৰিটো ইতিমধ্যে জ্ঞাত। তথাপি ডাঠ ফ্ৰেমত আবদ্ধ সেই জলমলীয়া দৃষ্টি টি ভিৰ পৰ্দাতে ন্যস্ত। উৎসাহৰ কোৰ্হালৰ মাজতো বুকুৰভৰা মৌনতাই বিৰাজ কৰিছে সেই স্থান। মৌনতাৰো ভাষা আছে। ভাষা থাকিলে কাহিনীও থাকে। শ্ৰোতা অনুসৰি উপস্থাপন শৈলী ভিন্ন। কাহিনীটোৱে প্ৰকাশৰ বাট বিচাৰি কাহিনীকাৰৰ কাষ চাপে।
স'মায়না গ'ল।
পুৱাৰ জুইৰ উম লৈ থকাতে মানুহবোৰে খবৰটো পালে। নৈথী মংগলবাৰৰ পুৱাৰ ব্যস্ততা এৰি চুবুৰীৰ মানুহবোৰ স'মায়নাহঁতৰ চোতালত থূপ খালে। তাইৰ আবৈয়েকে…
চতিয়াৰ মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱালৈ তেজপুৰৰ “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ ছেপ্টেম্বৰ : ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা বহুমুখী প্ৰতিভাৰ মেধাৱী ছাত্ৰী তেজপুৰৰ গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চতিয়াৰ আৰ্থিক ভাবে পিছপৰা মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱাক "গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, ছাত্ৰী অৱস্থাৰ বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ সমান্তৰাল ভাবে কুইজ, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, গীত - নৃত্য - চিত্ৰাংকন আদিত ৰাজ্যিক - ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতাৰ পৰিচয় দি অহা গংগোত্ৰীৰ সোঁৱৰণত…
ৰাজ্যৰ ৫ সহস্ৰাধিক অস্থায়ী বিদ্যুৎ কৰ্মীয়ে শীঘ্ৰে লব আন্দোলনৰ পথ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৫ হেজাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে শীঘ্ৰে নামিব আন্দোলনত আৰু যাৰ বাবে সমগ্ৰ অসমতে স্তব্ধ হৈ পৰিব বিদ্যুৎ সেৱা । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে আউটচ'ৰ্চ পাৱাৰ ৱৰ্কাৰচ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কৃষ্ণ শৰ্মা, সম্পাদক দেৱৰাম টায়ে কেন্দ্ৰীয় নেতা পুতুল বৰুৱা , উত্তৰ লখিমপুৰ বিদ্যুৎ চক্ৰৰ সভাপতি সুনীল ফুকন ,আৰু যতীন দেউৰীয়ে । তেওঁলোকৰ অভিযোগ ৰাজ্যখনত ৫ হেজাৰ অস্থায়ী কৰ্মীয়ে শক্তি খণ্ডত কাম কৰি আছে যদিও ৰাজ্য চৰকাৰে এই সকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি…
ৰাজ্যৰ ভিতৰতে ধেমাজি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ শ্ৰেষ্ঠ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত যোৱা ৭-৯ ছেপ্টেম্বৰত,(২০২২) গুৱাহাটী আই আই টিত অনুস্থিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহত অসমৰ ৩৫ খন জিলাৰ ২১৯ টা ব্লকৰ মাজত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ধেমাজি খণ্ডক শ্ৰেষ্ঠ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ হিচাপে পুৰস্কৃত কৰা হয় ।সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ধেমাজি খণ্ডৰ সমন্বয়ক…
বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০চেপ্তেম্বৰঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি উদযাপন কৰা হয় বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস। এই দিৱস তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ "য়ুথ ৱেলনেছ হাব" উদ্যোগত উদযাপিত হয়। সেই উদ্দেশ্য কমিউনিটি চাইকিয়াট্ৰিৰ অধীনত তেজপুৰৰ পাছমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ১০০ ৰো অধিক ছাত্র ছাত্ৰীৰ উপস্থিতত আত্ম হত্যা প্ৰতিৰোধ সজাগতা সম্পৰ্কে বিভিন্ন অনুষ্ঠান ৰূপায়ন কৰা হয়। মানসিক চিকিৎসা প্ৰতিষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্র…
আমছুৱে জেহাদীৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছেঃ হিন্দু যুৱ-ছাত্ৰ পৰিষদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ জেহাদীৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে আমছু৷ ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে আৰক্ষীয়ে অভিযান চলাই অহাৰ সময়ত আমছুৰ লগতে একাংশ বুদ্ধিজীৱীয়ে হেঙাৰ হৈ থিয় দিছে৷- এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যৰ৷ এক বিবৃতিত সভাপতি বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে জেহাদীয়ে অসমত ৯০ দশকৰ পৰাই খোপনি পুতিছিল আৰু এই ক্ষেত্ৰত একাংশ মাদ্ৰাছাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছিল৷ মাদ্ৰাছা সমূহত শিশু সকলক প্ৰকৃত মানুহ কৰাৰ বিপৰীতে দুধৰ্ষ জেহাদীহে কৰি তোলা হয় বুলি সংগঠনটোহে…
