Browsing Category
অসম
ৰাজ্যৰ ৫ সহস্ৰাধিক অস্থায়ী বিদ্যুৎ কৰ্মীয়ে শীঘ্ৰে লব আন্দোলনৰ পথ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৫ হেজাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে শীঘ্ৰে নামিব আন্দোলনত আৰু যাৰ বাবে সমগ্ৰ অসমতে স্তব্ধ হৈ পৰিব বিদ্যুৎ সেৱা । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে আউটচ'ৰ্চ পাৱাৰ ৱৰ্কাৰচ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কৃষ্ণ শৰ্মা, সম্পাদক দেৱৰাম টায়ে কেন্দ্ৰীয় নেতা পুতুল বৰুৱা , উত্তৰ লখিমপুৰ বিদ্যুৎ চক্ৰৰ সভাপতি সুনীল ফুকন ,আৰু যতীন দেউৰীয়ে । তেওঁলোকৰ অভিযোগ ৰাজ্যখনত ৫ হেজাৰ অস্থায়ী কৰ্মীয়ে শক্তি খণ্ডত কাম কৰি আছে যদিও ৰাজ্য চৰকাৰে এই সকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি…
ৰাজ্যৰ ভিতৰতে ধেমাজি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ শ্ৰেষ্ঠ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত যোৱা ৭-৯ ছেপ্টেম্বৰত,(২০২২) গুৱাহাটী আই আই টিত অনুস্থিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহত অসমৰ ৩৫ খন জিলাৰ ২১৯ টা ব্লকৰ মাজত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ধেমাজি খণ্ডক শ্ৰেষ্ঠ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ হিচাপে পুৰস্কৃত কৰা হয় ।সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, ধেমাজি খণ্ডৰ সমন্বয়ক…
বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০চেপ্তেম্বৰঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি উদযাপন কৰা হয় বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস। এই দিৱস তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ "য়ুথ ৱেলনেছ হাব" উদ্যোগত উদযাপিত হয়। সেই উদ্দেশ্য কমিউনিটি চাইকিয়াট্ৰিৰ অধীনত তেজপুৰৰ পাছমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ১০০ ৰো অধিক ছাত্র ছাত্ৰীৰ উপস্থিতত আত্ম হত্যা প্ৰতিৰোধ সজাগতা সম্পৰ্কে বিভিন্ন অনুষ্ঠান ৰূপায়ন কৰা হয়। মানসিক চিকিৎসা প্ৰতিষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্র…
আমছুৱে জেহাদীৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছেঃ হিন্দু যুৱ-ছাত্ৰ পৰিষদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ জেহাদীৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে আমছু৷ ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে আৰক্ষীয়ে অভিযান চলাই অহাৰ সময়ত আমছুৰ লগতে একাংশ বুদ্ধিজীৱীয়ে হেঙাৰ হৈ থিয় দিছে৷- এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যৰ৷ এক বিবৃতিত সভাপতি বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে জেহাদীয়ে অসমত ৯০ দশকৰ পৰাই খোপনি পুতিছিল আৰু এই ক্ষেত্ৰত একাংশ মাদ্ৰাছাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছিল৷ মাদ্ৰাছা সমূহত শিশু সকলক প্ৰকৃত মানুহ কৰাৰ বিপৰীতে দুধৰ্ষ জেহাদীহে কৰি তোলা হয় বুলি সংগঠনটোহে…
বনকৰ্মীক মাৰপিট কৰা বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডুমডুমাৰ ডি এফ অ’ কাৰ্য্যালয় : গোচৰ ৰুজু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ : কাঠৰ চোৰাং বেপাৰীৰ হাতত হৈ থকা বনাঞ্চল ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হোৱা তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াজনে (ডি এফ অ') নিজ বিভাগৰে ফৰেষ্ট গাৰ্ডক বেয়াকৈ মাৰপিট কৰা ঘটনাৰ প্ৰতিবাদত আজি ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয় উত্তপ্ত হৈ পৰে ৷ বনদস্যুৰ পৰা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ ডুমডুমাৰ বিতৰ্কিত ডি এফ অ' ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে এজন বিভাগীয় ফৰেষ্ট গাৰ্ডক আক্ৰমণ কৰি গুণ্ডাগিৰি প্ৰদৰ্শন কৰাৰ অভিযোগত আজি…
নদীবান্ধ আন্দোলনৰ সুফল- ২৭১ মিটাৰলৈ বাঢ়িল মূলবান্ধৰ প্ৰস্থ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ প্ৰকল্পঃ সোৱণশিৰি নদীতে উৎপাদন হ’ব ৫৮০০ মেগাৱাট বিদ্যুৎ শক্তিপ্ৰকল্পস্থলীৰ পৰা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখৰ সোৱণশিৰি নদীৰ ওপৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় ইয়াৰ বুকুত শীঘ্ৰে নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ ৷ সোৱণশিৰি নদীৰ নামনিৰ লগতে উজনি আৰু মধ্যত এই প্ৰকল্প নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণত বৰ্তমান পাঁচ…
সাধনাৰ স্থলী তেজপুৰত বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনৰ স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনটোৰ পুৱাই আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ ৰাইজে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাৰত ৰত্ন গৰাকীৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উপায়ুক্ত গৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সমান্তৰাল ভাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ…
দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশ গ্ৰহণেৰে তেজপুৰত অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত “সাহিত্য উৎসৱ”
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ ছেপ্টেম্বৰ : উঠি অহা প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি বা কিতাপ পঢ়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ জনপ্ৰিয় লেখক-সাহিত্যিকৰ উপস্থিতিত "মেজমেল", লেখকৰ স'তে মুখামুখি", "সৃজনীমূলক লেখাৰ কৰ্মশালা", "বহুভাষিক গদ্য-কবিতা", "থিতাতে কবিতা ৰচনা", "লেখকৰ সৈতে কথোপকথন", শ্লেম কবিতা বা দৃশ্য-শ্ৰব্য কবিতা আদি আকৰ্ষণীয় কাৰ্যসূচীৰে অহা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব "সাহিত্য উৎসৱ"। তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "টেল" (Tezpur Academy of…
নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ নাটকৰ ছয় হাত মাথোঁ মহুৰত সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ ৭ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী প্ৰবীন নাট্যকাৰ,পৰিচালক তথা অভিনেতা ঐশ্বৰ্য কাকতিৰ জন্ম দিনটো তেওঁ ব্যতিক্ৰমী ধৰণে পালন কৰি আহিছে।নিজৰ ওপজা দিনত কাকতিয়ে ৰাইজলৈ উপহাৰ দিয়ে একোখনকৈ নতুন নাটক।এইবাৰো অহা দুই নবেম্বৰত তেজপুৰত এখন ভিন্ন ৰুচিৰ মননশীল নাটক উপহাৰ দিবলৈ সাজু হৈছে বিশিষ্ট নাটকাৰ গৰাকী।কালি সন্ধিয়া এইসন্দৰ্ভত তেজপুৰ সাহিত্য সভা ভৱনত নাট্যকাৰ গৰাকীৰ ৰচিত নাটক “ছয় হাত মাথোঁ” নাটকখনৰ এক মাঙ্গলিক পৰিবেশত শুভ মহুৰত সম্পন্ন কৰে।এই বিশেষ অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যাপক পূৰ্ণেশ্বৰ নাথে ভাষণ প্ৰদান কৰি কয়…
সঞ্জয় কিষাণ উদ্ধাৰ অভিযানত নামিল একাংশ ৱাৰ্ড কমিছনাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ ছেপ্টেম্বৰ : যোৱা ৩ ছেপ্টেম্বৰত তিনিচুকীয়া পৌৰসভাৰ এক ব'ৰ্ড মিটিঙৰ অন্তত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে পৌৰপতি জয়ন্ত বৰুৱাক গালি-গালাজ কৰাৰ লগতে শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনা সন্দৰ্ভত আজি তিনিদিনৰ পাছত সংবাদমেলযোগে স্পষ্টীকৰণ দিলে পৌৰসভাৰ একাংশ ৱাৰ্ড কমিছনাৰে ৷ মন্ত্ৰী কিষাণে তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰিৰীকভাৱে অপদস্থ কৰাৰ ঘটনাই কাকতৰ শিৰোনাম দখল কৰাৰ উপৰি দিছপুৰলৈকে খলকনি তোলাৰ পাছত মন্ত্ৰীৰ ঘনিষ্ঠ তথা অনুগত বুলি পৰিচিত একাংশ ৱাৰ্ড কমিছনাৰে আজি এক…
