Browsing Category

অসম

ৰাজ্যৰ ২২,৬০১ গৰ‍াকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শত‍াংশ বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ ২২,৬০১ গৰ‍াকী শিক্ষাৰ্থীক আজি আনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰ‍া হয়। উল্লেখ যে পূৰ্বতে এই বঁটাত কম্পিউটাৰ দিয়া হৈছিল। এইবাৰ এই বঁটাত কৃতী শিক্ষাৰ্থীসকলক ১৬ হাজাৰকৈ টকা প্ৰদ‍ান কৰা হয়। বঁটাৰ বাবদ ৰাজ্যৰ ২২,৬০১ গৰাকী ছাত্র-ছাত্রীক মুঠ ৩৬,১৬,১৬,০০০ টকা প্ৰদান কৰা হয়। গুৱাহাটীত আজি কেন্দ্ৰীয়ভাৱে কামৰূপ আৰু কামৰূপ মহ‍ানগৰ জিলাৰ শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষ্যে কলাক্ষেত্রৰ শ্ৰীমন্ত…

বৃদ্ধি পাব পৌৰ এলেকাৰ সম্পত্তি কৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ঋণত ডুব গৈ থকা অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ জনতাৰ ওপৰত। মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে এইবাৰ অসম চৰকাৰে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ নাগৰিকৰ সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱ লৈছে। ইয়াৰ বাবে ৰাজ্যৰ চহৰ আৰু নগৰ এলেকাত বসবাস কৰা প্ৰতিটো পৰিয়ালক নিজৰ নিজৰ সম্পত্তিৰ হিচাপ ১০ ছেপ্টেম্বৰৰ ভিতৰত পৌৰ নিগম বা পৌৰসভাৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অসম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে…

গুৱাহাটীত দুটাকৈ বিলাসী বাহনৰ শ্ব’ৰুম ভস্মীভূত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বেলতলাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত জাহ যায় বিলাসী বাহনৰ দুটাকৈ শ্ব'ৰুম। জানিব পৰা মতে সঞ্জীৱ নাৰায়ণ মালিকানাধীন ইছুজু (ISUZU) আৰু বেনিলি (Benili) নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান দুয়োটা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত জাহ যায় শ্ব'ৰুমত থকা কেইবাখনো বাহন। আনহাতে শ্ব'ৰুমত থকা থকা ছিলিণ্ডাৰো ব্লাষ্ট হয়। প্ৰতিষ্ঠানটোৰ ভিতৰত থকা গাড়ী সমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় অগ্নিকাণ্ডৰ ফলত। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ১০ খনকৈ…

চৰকাৰে বিদ্যালয় বন্ধ কৰি শিক্ষানুষ্ঠানসমূহ ধবংস কৰিব বিচাৰিছেঃ আপ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলৰ সন্তানৰ বাবে শিক্ষা ব্যৱস্থাক দুৰ্লভ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতে কচৰৎ আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁ সেই ষড়যন্ত্ৰৰ সফল ৰূপ দিবলৈ আৰম্ভ কৰিছে৷ এই অভিযোগ আম আদমি পাটি, লখিমপুৰ জিলা সমিতিৰ৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আম আদমি পাৰ্টিৰ হৈ জিলা সাধাৰণ সম্পাদক মুকুট গগৈ, জিলা সমন্বয়ক স্বপ্না বৰুৱা আৰু জিলা সংখ্যালঘু কোষৰ সমন্বয়ক ইউচুফ আলিয়ে এখন সংবাদমেল সম্বোধন কৰি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তেওঁলোকে কয়…

পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসনৰ কঠোৰ উচ্ছেদ জাননী লাভ কৰি অৱশেষত পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা বে-দখলকাৰীয়ে ঘৰ বাৰী এৰি আঁতৰি যাবলৈ বাধ্য হৈছে৷ কেবা দশক ধৰি সন্দেহযুক্ত নাগৰিকে ভৰি পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ গৰিষ্ঠ সংখ্যক ভূমি এতিয়া প্ৰশাসনে মুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি লখিমপুৰ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে বেদখলকাৰীক সেই স্থান এৰিবলৈ অন্তিম সকীয়নি দিয়াৰ পাছত ইয়াৰে গৰিষ্ঠ সংখ্যক পৰিয়ালে ঘৰ বাৰী এৰি যাবলৈ বাধ্য হোৱাৰ বিপৰীতে একাংশই এতিয়াও বনাঞ্চলৰ ভূমিতে আছে৷ উল্লেখনীয় কথা যে এসময়ৰ…

ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিলে আছুৱে

 শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন মীন বিভাগৰ “ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ” আঁচনিহে ৰূপায়ণ হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ৷ চৰ্মৰোগ হোৱাৰ হোৱাৰ দৰেই বখলা-বখলে এৰি যোৱাৰ উপৰি পুখুৰীসদৃশ দ গাঁতৰ সৃষ্টি হোৱাত পথচাৰীয়ে চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ সেয়ে আজি সংশ্লিষ্ট বিভাগলৈ বাট নাচাই ধেমাজিৰ আছু কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ধেমাজি নগৰৰ একাংশ মেৰামতি কৰে ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে হাতে হাতে কোৰ-বেলচা-টুকুৰী লৈ ছেণ্ডগ্ৰেভেল ছটিয়াই পথটো মসৃণ কৰাৰ চেষ্টা কৰে…

শোণিতপুৰৰ খনামুখত হেৰইন সহ দুজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ ছেপ্টেম্বৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি জিলাখনৰ খানামুখ অঞ্চলৰ কেকোকলি নেপালী গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আধাৰত চলোৱা এই অভিযানত মান্নাচ আলি(৩০) আৰু আচিকুল ইছলাম(২০)নামৰ দুই যুৱকক ১৫টা প্লাষ্টিকৰ কন্টেনাৰত মুঠ ২১গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ কেতবোৰ অঞ্চলত ড্ৰাগছ আৰু গাঞ্জাৰ সৰবৰাহ আৰু প্ৰচলন ইমানেই বৃদ্ধি পাইছে যে, প্ৰায় দৈনিক আৰক্ষীয়ে এনে নিষিদ্ধ দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে৷কিন্তু ইমানৰ পাছতো এই…

কন্যা সন্তানৰ বিপৰীতে পুত্ৰ সন্তান বুলি দাবী

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬ছেপ্টেম্বৰঃ তেজপুৰৰ পৰোৱাস্হিত  মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত যোৱা নিশা এটি নৱজাতকক লৈ এক হুলস্থূলীয়া পৰিস্হিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, যোৱা নিশা প্ৰায় ৮-৪০বজাত ভোজখোৱা চাপৰিৰ চাহাবুদ্দিন আহমেদ নামৰ লোকজনৰ পত্নীয়ে এটি সন্তান জন্ম দিয়ে৷ সেই সময়ত পানীৰ বটল ক্ৰয় কৰিবলৈ যোৱা আহমেদ উভটি অহাৰ পাছত এগৰাকী ধাত্ৰীয়ে আহমেদক তেওঁৰ নৱজাতক কন্যাক দেখুৱাই যদিও প্ৰায় একে সময়তে জন্ম হোৱা এটা ল’ৰা সন্তানকহে নিজৰ সন্তান বুলি দাবী কৰে আহমেদে৷ তেওঁৰ মতে কন্যা নৱজাতকটি পৰিস্কাৰ অৱস্থাত থকাৰ বিপৰীতে সদ্যজাতৰ…

এন এইচ পি চিত তৃতীয় দিনাও স্তব্ধ কাম-কাজ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কেবাখনো গেটৰ লগতে মূল বান্ধৰ ওপৰেৰে পানী বাগৰা কাৰ্য আজি তৃতীয় দিনাও অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ দুৰ্গম এলেকাত হোৱা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষৰে পানী বাগৰি অহাৰ ফলত এন এইচ পি চি চৌহদৰ লগতে নামনিতো একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈ আহিছে৷ প্ৰকল্পস্থলীৰ পৰা শ্ৰমিক কৰ্মচাৰীসকলক আঁতৰাই নিয়াৰ পিছত আজিও…

৮৭ বছৰত ভৰি দিলে তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব ডাঃ লক্ষ্মী গোস্বামীয়ে

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ ছেপ্টেম্বৰ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে আজিৰ দিনটোত ৮৬ বছৰ অতিক্ৰম কৰি ৮৭ বছৰত ভৰি দিয়াৰ দিনটোত তেজপুৰত ওপজা দিনৰ এক বাৰেৰহণীয়া অনুষ্ঠানত বিশিষ্টজনে ওলগ জ্ঞাপন কৰিলে প্ৰচুৰ অধ্যয়নপুষ্ট, প্ৰবীণ চিকিৎসক তথা সমাজকৰ্মী গৰাকীক ।উল্লেখ্য যে, ১৯৩৬ চনৰ ৬ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা ডাঃ লক্ষ্মী গোস্বামীয়ে চিকিৎসা বৃত্তিৰ সমান্তৰাল ভাবে এক আলোকসন্ধানী মন লৈ সমাজৰ সাৰ্বিক বিকাশ আৰু উত্তৰণৰ বাবে বৰ্তমানলৈকে যিকোনো ব্যক্তি আৰু অনুষ্ঠানক মাৰ্গদৰ্শন প্ৰদান কৰি…