Browsing Category
অসম
বনকৰ্মীক মাৰপিট কৰা বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডুমডুমাৰ ডি এফ অ’ কাৰ্য্যালয় : গোচৰ ৰুজু
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ : কাঠৰ চোৰাং বেপাৰীৰ হাতত হৈ থকা বনাঞ্চল ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হোৱা তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াজনে (ডি এফ অ') নিজ বিভাগৰে ফৰেষ্ট গাৰ্ডক বেয়াকৈ মাৰপিট কৰা ঘটনাৰ প্ৰতিবাদত আজি ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয় উত্তপ্ত হৈ পৰে ৷ বনদস্যুৰ পৰা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ ডুমডুমাৰ বিতৰ্কিত ডি এফ অ' ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে এজন বিভাগীয় ফৰেষ্ট গাৰ্ডক আক্ৰমণ কৰি গুণ্ডাগিৰি প্ৰদৰ্শন কৰাৰ অভিযোগত আজি…
নদীবান্ধ আন্দোলনৰ সুফল- ২৭১ মিটাৰলৈ বাঢ়িল মূলবান্ধৰ প্ৰস্থ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ প্ৰকল্পঃ সোৱণশিৰি নদীতে উৎপাদন হ’ব ৫৮০০ মেগাৱাট বিদ্যুৎ শক্তিপ্ৰকল্পস্থলীৰ পৰা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখৰ সোৱণশিৰি নদীৰ ওপৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় ইয়াৰ বুকুত শীঘ্ৰে নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ ৷ সোৱণশিৰি নদীৰ নামনিৰ লগতে উজনি আৰু মধ্যত এই প্ৰকল্প নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণত বৰ্তমান পাঁচ…
সাধনাৰ স্থলী তেজপুৰত বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনৰ স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনটোৰ পুৱাই আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ ৰাইজে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাৰত ৰত্ন গৰাকীৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উপায়ুক্ত গৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সমান্তৰাল ভাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ…
দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশ গ্ৰহণেৰে তেজপুৰত অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত “সাহিত্য উৎসৱ”
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ ছেপ্টেম্বৰ : উঠি অহা প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি বা কিতাপ পঢ়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ জনপ্ৰিয় লেখক-সাহিত্যিকৰ উপস্থিতিত "মেজমেল", লেখকৰ স'তে মুখামুখি", "সৃজনীমূলক লেখাৰ কৰ্মশালা", "বহুভাষিক গদ্য-কবিতা", "থিতাতে কবিতা ৰচনা", "লেখকৰ সৈতে কথোপকথন", শ্লেম কবিতা বা দৃশ্য-শ্ৰব্য কবিতা আদি আকৰ্ষণীয় কাৰ্যসূচীৰে অহা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব "সাহিত্য উৎসৱ"। তেজপুৰৰ সাহিত্য আৰু শৈক্ষিক অনুষ্ঠান "টেল" (Tezpur Academy of…
নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ নাটকৰ ছয় হাত মাথোঁ মহুৰত সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ ৭ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী প্ৰবীন নাট্যকাৰ,পৰিচালক তথা অভিনেতা ঐশ্বৰ্য কাকতিৰ জন্ম দিনটো তেওঁ ব্যতিক্ৰমী ধৰণে পালন কৰি আহিছে।নিজৰ ওপজা দিনত কাকতিয়ে ৰাইজলৈ উপহাৰ দিয়ে একোখনকৈ নতুন নাটক।এইবাৰো অহা দুই নবেম্বৰত তেজপুৰত এখন ভিন্ন ৰুচিৰ মননশীল নাটক উপহাৰ দিবলৈ সাজু হৈছে বিশিষ্ট নাটকাৰ গৰাকী।কালি সন্ধিয়া এইসন্দৰ্ভত তেজপুৰ সাহিত্য সভা ভৱনত নাট্যকাৰ গৰাকীৰ ৰচিত নাটক “ছয় হাত মাথোঁ” নাটকখনৰ এক মাঙ্গলিক পৰিবেশত শুভ মহুৰত সম্পন্ন কৰে।এই বিশেষ অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ অধ্যাপক পূৰ্ণেশ্বৰ নাথে ভাষণ প্ৰদান কৰি কয়…
সঞ্জয় কিষাণ উদ্ধাৰ অভিযানত নামিল একাংশ ৱাৰ্ড কমিছনাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ ছেপ্টেম্বৰ : যোৱা ৩ ছেপ্টেম্বৰত তিনিচুকীয়া পৌৰসভাৰ এক ব'ৰ্ড মিটিঙৰ অন্তত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে পৌৰপতি জয়ন্ত বৰুৱাক গালি-গালাজ কৰাৰ লগতে শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনা সন্দৰ্ভত আজি তিনিদিনৰ পাছত সংবাদমেলযোগে স্পষ্টীকৰণ দিলে পৌৰসভাৰ একাংশ ৱাৰ্ড কমিছনাৰে ৷ মন্ত্ৰী কিষাণে তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰিৰীকভাৱে অপদস্থ কৰাৰ ঘটনাই কাকতৰ শিৰোনাম দখল কৰাৰ উপৰি দিছপুৰলৈকে খলকনি তোলাৰ পাছত মন্ত্ৰীৰ ঘনিষ্ঠ তথা অনুগত বুলি পৰিচিত একাংশ ৱাৰ্ড কমিছনাৰে আজি এক…
ৰাজ্যৰ ২২,৬০১ গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ ২২,৬০১ গৰাকী শিক্ষাৰ্থীক আজি আনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। উল্লেখ যে পূৰ্বতে এই বঁটাত কম্পিউটাৰ দিয়া হৈছিল। এইবাৰ এই বঁটাত কৃতী শিক্ষাৰ্থীসকলক ১৬ হাজাৰকৈ টকা প্ৰদান কৰা হয়। বঁটাৰ বাবদ ৰাজ্যৰ ২২,৬০১ গৰাকী ছাত্র-ছাত্রীক মুঠ ৩৬,১৬,১৬,০০০ টকা প্ৰদান কৰা হয়। গুৱাহাটীত আজি কেন্দ্ৰীয়ভাৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষ্যে কলাক্ষেত্রৰ শ্ৰীমন্ত…
বৃদ্ধি পাব পৌৰ এলেকাৰ সম্পত্তি কৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ ঋণত ডুব গৈ থকা অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ জনতাৰ ওপৰত। মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে এইবাৰ অসম চৰকাৰে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ নাগৰিকৰ সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱ লৈছে। ইয়াৰ বাবে ৰাজ্যৰ চহৰ আৰু নগৰ এলেকাত বসবাস কৰা প্ৰতিটো পৰিয়ালক নিজৰ নিজৰ সম্পত্তিৰ হিচাপ ১০ ছেপ্টেম্বৰৰ ভিতৰত পৌৰ নিগম বা পৌৰসভাৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অসম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে…
গুৱাহাটীত দুটাকৈ বিলাসী বাহনৰ শ্ব’ৰুম ভস্মীভূত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বেলতলাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত জাহ যায় বিলাসী বাহনৰ দুটাকৈ শ্ব'ৰুম। জানিব পৰা মতে সঞ্জীৱ নাৰায়ণ মালিকানাধীন ইছুজু (ISUZU) আৰু বেনিলি (Benili) নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান দুয়োটা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত জাহ যায় শ্ব'ৰুমত থকা কেইবাখনো বাহন। আনহাতে শ্ব'ৰুমত থকা থকা ছিলিণ্ডাৰো ব্লাষ্ট হয়। প্ৰতিষ্ঠানটোৰ ভিতৰত থকা গাড়ী সমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় অগ্নিকাণ্ডৰ ফলত। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ১০ খনকৈ…
চৰকাৰে বিদ্যালয় বন্ধ কৰি শিক্ষানুষ্ঠানসমূহ ধবংস কৰিব বিচাৰিছেঃ আপ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলৰ সন্তানৰ বাবে শিক্ষা ব্যৱস্থাক দুৰ্লভ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতে কচৰৎ আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁ সেই ষড়যন্ত্ৰৰ সফল ৰূপ দিবলৈ আৰম্ভ কৰিছে৷ এই অভিযোগ আম আদমি পাটি, লখিমপুৰ জিলা সমিতিৰ৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আম আদমি পাৰ্টিৰ হৈ জিলা সাধাৰণ সম্পাদক মুকুট গগৈ, জিলা সমন্বয়ক স্বপ্না বৰুৱা আৰু জিলা সংখ্যালঘু কোষৰ সমন্বয়ক ইউচুফ আলিয়ে এখন সংবাদমেল সম্বোধন কৰি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তেওঁলোকে কয়…
