Browsing Category

অসম

গেৰুকামুখত তৃতীয় দিনাও স্তব্ধ নদীবান্ধ প্ৰকল্পৰ কাম-কাজ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কেবাখনো গেটৰ লগতে মূল বান্ধৰ ওপৰেৰে পানী বাগৰা কাৰ্য আজি তৃতীয় দিনাও অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ দুৰ্গম এলেকাত হোৱা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষৰে পানী বাগৰি অহাৰ ফলত এন এইচ পি চি চৌহদৰ লগতে নামনিতো একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈ আহিছে৷ প্ৰকল্পস্থলীৰ পৰা শ্ৰমিক-কৰ্মচাৰী সকলক আঁতৰাই নিয়াৰ পিছত আজিও…

তেজপুৰত নকল সোণ সহ প্ৰৱঞ্চক আটক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ছেপ্টেম্বৰঃ সেনাৰ চতুৰ্থ ক’ৰৰ চোৰাংচোৱা সূত্ৰৰ তথ্যৰ ভিত্তিত আজি তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত নকল সোন সহ এক প্ৰৱঞ্চকক কৰায়ত্ত কৰা হয়৷ আৰক্ষীয়ে ভালুকঝাৰণি  অঞ্চলৰ হবিবুৰ ৰহমান নামৰ প্ৰৱঞ্চকক কৰায়ত্ত কৰাৰ লগতে ২১৫গ্ৰাম ওজনৰ নকল সোনৰ বিস্কুটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান হবিবুৰক শানিবাৰী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

মাৰ যোৱা নাই তিনিচুকীয়াৰ পৌৰপতিক মন্ত্ৰী কিষাণে শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰঃ একাধিক বিতৰ্কিত কৰ্মকাণ্ড আৰু অভব্য আচৰণৰ দ্বাৰা নিজৰ পদমর্যাদা ভুলুণ্ঠিত কৰি অহা তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে ৩ ছেপ্তেম্বৰৰ দিনা তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই৷ আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই উক্ত ঘটনাৰ বিৰুদ্ধে তথা তেওঁলোকৰ কেইবাটাও দাবীত আধা ঘণ্টাৰ বাবে ’পে’ন ডাউন’ কার্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কার্যসূচীৰ পাছত পৌৰ নিকায় কৰ্মচাৰী…

তেজপুৰত ৩২ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ জিলা শিক্ষা বিভাগ আৰু শিক্ষক সংগঠন সমূহৰ সহযোগত আজি পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শোণিতপুৰ জিলা কেন্দ্ৰীয় ৬১ সংখ্যক শিক্ষক দিৱসৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ৩২ গৰাকীকৈ  সম্বৰ্ধিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ শতাব্দী ভৱনত অনুষ্ঠিত এই কেন্দ্ৰীয় শিক্ষক দিৱসৰ দিনটোত পুৱাই উদযাপন সমিতিয়ে তেজপুৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ…

তিনিচুকীয়াৰ শিক্ষা বিভাগৰ উদ্যোগত পানীতোলাত কেন্দ্ৰীয়ভাৱে উদযাপন শিক্ষক দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে জিলাখনৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদযাপন কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব ধনদেৱ মহন্তই ৷ বিশিষ্ট দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আজিৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বন্তি প্ৰজ্বলন অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মদন শৰ্মা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, জিলা…

কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱা আৰু বিশিষ্ট চিত্ৰ ভাষ্কৰ্যৰ শিল্পী জয়চন্দ্ৰ দাসৰ জীৱনী গ্ৰন্থ আজি তেজপুৰত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়৷ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ আজি তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাগৃহত সম্পন্ন হয়৷ অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে সভাপতিত্ব কৰা তথা সম্পাদক অনু দেৱী মহন্তই আদৰণি…

লখিমপুৰৰ ঘনচৰাইত যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ আশংকাত আতংকিত ৰাইজ

শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সস্তম হৈ থকাৰ লগতে ঘনচৰাইত মথাউৰিৰ ওপৰত এছ ডি আৰ এফ বাহিনী, আৰক্ষী আদি মোতায়ন কৰি সম্ভাৱ্য বিপদৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ইফালে জলসম্পদ বিভাগে ঘনচৰাই মথাউৰিটো ৰক্ষা কৰাৰ বাবে সকলো প্ৰস্তুতি চলোৱাৰ লগতে দিনে নিশাই মথাউৰিৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নদীখনে কালৰূপ…

শোণিতপুৰৰ বৰছলাত ৪০০ মহিলাৰে “জয়মতী”ৰ নতুন ৰূপ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৫ছেপ্টেম্বৰ: “মহিলা সকলৰ কৰ্মস্পৃহা পুৰুষতকৈ অধিক৷ বিশ্বৰ যিসমূহ দেশত মহিলা সকলে সামাজিক, অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি আহিছে সেই সমূহ দেশ বিশ্বৰ আনদেশৰ তুলনাত যথেষ্ট আগবঢ়া৷” আজি বৰছলা বিধান সভা সমষ্টিৰ পুঠিমাৰি বাপুভেটি অঞ্চলত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে৷ তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যৰ মহিলা সকলৰ কৰ্মস্পৃহাও পুৰুষতকৈ অধিক দেখা পোৱা গৈছে আৰু মহিলা সকলৰ মাজত অধ্যয়ন অধিক হোৱাৰ লগতে শৈক্ষিক তথা প্ৰশাসনীয় দিশতো তেওঁলোক অধিক আগবাঢ়িছে৷বিধায়ক লিম্বুৱে লগতে কয়…

সোৱণশিৰি প্ৰকল্পত পানীৰ প্ৰচণ্ড ঢলৰ শব্দই কঁপাইছে গেৰুকামুখ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত প্ৰায় সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰিবলৈ ধৰাত সমগ্ৰ গেৰুকামুখ অঞ্চলত আতংকময় পৰিস্থিতিৰ সূচনা হৈছে৷ যাৰ ফলত যোৱা দুদিন ধৰি প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছে৷ অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম অঞ্চলৰ লগতে গেৰুকামুখ পাহাৰত যোৱা দুই-তিনিদিন ধৰি মূষলধাৰে হৈ থকা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষ উফন্দি উঠাৰ লগতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ…

ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজনঃ জলসম্পদ মন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি থকা সকলো কাম-কাজৰ বুজ লয় । দুদিনীয়া কৰ্মশালাখনৰ প্ৰথম দিনাৰ আৰম্ভণি অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ তথা মাগদৰ্শনত জলসম্পদ বিভাগৰ সকলো কাৰীকৰি বিষয়াৰ সৈতে দুদিনীয়াকৈ আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাতে ৰাজ্যখনৰ বান…