Browsing Category

অসম

পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ৭ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা প্ৰশাসনৰ কঠোৰ উচ্ছেদ জাননী লাভ কৰি অৱশেষত পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা বে-দখলকাৰীয়ে ঘৰ বাৰী এৰি আঁতৰি যাবলৈ বাধ্য হৈছে৷ কেবা দশক ধৰি সন্দেহযুক্ত নাগৰিকে ভৰি পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ গৰিষ্ঠ সংখ্যক ভূমি এতিয়া প্ৰশাসনে মুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি লখিমপুৰ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে বেদখলকাৰীক সেই স্থান এৰিবলৈ অন্তিম সকীয়নি দিয়াৰ পাছত ইয়াৰে গৰিষ্ঠ সংখ্যক পৰিয়ালে ঘৰ বাৰী এৰি যাবলৈ বাধ্য হোৱাৰ বিপৰীতে একাংশই এতিয়াও বনাঞ্চলৰ ভূমিতে আছে৷ উল্লেখনীয় কথা যে এসময়ৰ…

ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিলে আছুৱে

 শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন মীন বিভাগৰ “ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ” আঁচনিহে ৰূপায়ণ হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ৷ চৰ্মৰোগ হোৱাৰ হোৱাৰ দৰেই বখলা-বখলে এৰি যোৱাৰ উপৰি পুখুৰীসদৃশ দ গাঁতৰ সৃষ্টি হোৱাত পথচাৰীয়ে চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ সেয়ে আজি সংশ্লিষ্ট বিভাগলৈ বাট নাচাই ধেমাজিৰ আছু কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ধেমাজি নগৰৰ একাংশ মেৰামতি কৰে ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে হাতে হাতে কোৰ-বেলচা-টুকুৰী লৈ ছেণ্ডগ্ৰেভেল ছটিয়াই পথটো মসৃণ কৰাৰ চেষ্টা কৰে…

শোণিতপুৰৰ খনামুখত হেৰইন সহ দুজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ ছেপ্টেম্বৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি জিলাখনৰ খানামুখ অঞ্চলৰ কেকোকলি নেপালী গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আধাৰত চলোৱা এই অভিযানত মান্নাচ আলি(৩০) আৰু আচিকুল ইছলাম(২০)নামৰ দুই যুৱকক ১৫টা প্লাষ্টিকৰ কন্টেনাৰত মুঠ ২১গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ কেতবোৰ অঞ্চলত ড্ৰাগছ আৰু গাঞ্জাৰ সৰবৰাহ আৰু প্ৰচলন ইমানেই বৃদ্ধি পাইছে যে, প্ৰায় দৈনিক আৰক্ষীয়ে এনে নিষিদ্ধ দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে৷কিন্তু ইমানৰ পাছতো এই…

কন্যা সন্তানৰ বিপৰীতে পুত্ৰ সন্তান বুলি দাবী

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬ছেপ্টেম্বৰঃ তেজপুৰৰ পৰোৱাস্হিত  মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত যোৱা নিশা এটি নৱজাতকক লৈ এক হুলস্থূলীয়া পৰিস্হিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, যোৱা নিশা প্ৰায় ৮-৪০বজাত ভোজখোৱা চাপৰিৰ চাহাবুদ্দিন আহমেদ নামৰ লোকজনৰ পত্নীয়ে এটি সন্তান জন্ম দিয়ে৷ সেই সময়ত পানীৰ বটল ক্ৰয় কৰিবলৈ যোৱা আহমেদ উভটি অহাৰ পাছত এগৰাকী ধাত্ৰীয়ে আহমেদক তেওঁৰ নৱজাতক কন্যাক দেখুৱাই যদিও প্ৰায় একে সময়তে জন্ম হোৱা এটা ল’ৰা সন্তানকহে নিজৰ সন্তান বুলি দাবী কৰে আহমেদে৷ তেওঁৰ মতে কন্যা নৱজাতকটি পৰিস্কাৰ অৱস্থাত থকাৰ বিপৰীতে সদ্যজাতৰ…

এন এইচ পি চিত তৃতীয় দিনাও স্তব্ধ কাম-কাজ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কেবাখনো গেটৰ লগতে মূল বান্ধৰ ওপৰেৰে পানী বাগৰা কাৰ্য আজি তৃতীয় দিনাও অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ দুৰ্গম এলেকাত হোৱা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষৰে পানী বাগৰি অহাৰ ফলত এন এইচ পি চি চৌহদৰ লগতে নামনিতো একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈ আহিছে৷ প্ৰকল্পস্থলীৰ পৰা শ্ৰমিক কৰ্মচাৰীসকলক আঁতৰাই নিয়াৰ পিছত আজিও…

৮৭ বছৰত ভৰি দিলে তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব ডাঃ লক্ষ্মী গোস্বামীয়ে

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৬ ছেপ্টেম্বৰ : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে আজিৰ দিনটোত ৮৬ বছৰ অতিক্ৰম কৰি ৮৭ বছৰত ভৰি দিয়াৰ দিনটোত তেজপুৰত ওপজা দিনৰ এক বাৰেৰহণীয়া অনুষ্ঠানত বিশিষ্টজনে ওলগ জ্ঞাপন কৰিলে প্ৰচুৰ অধ্যয়নপুষ্ট, প্ৰবীণ চিকিৎসক তথা সমাজকৰ্মী গৰাকীক ।উল্লেখ্য যে, ১৯৩৬ চনৰ ৬ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা ডাঃ লক্ষ্মী গোস্বামীয়ে চিকিৎসা বৃত্তিৰ সমান্তৰাল ভাবে এক আলোকসন্ধানী মন লৈ সমাজৰ সাৰ্বিক বিকাশ আৰু উত্তৰণৰ বাবে বৰ্তমানলৈকে যিকোনো ব্যক্তি আৰু অনুষ্ঠানক মাৰ্গদৰ্শন প্ৰদান কৰি…

গেৰুকামুখত তৃতীয় দিনাও স্তব্ধ নদীবান্ধ প্ৰকল্পৰ কাম-কাজ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কেবাখনো গেটৰ লগতে মূল বান্ধৰ ওপৰেৰে পানী বাগৰা কাৰ্য আজি তৃতীয় দিনাও অব্যাহত আছে৷ অৰুণাচল প্ৰদেশৰ দুৰ্গম এলেকাত হোৱা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষৰে পানী বাগৰি অহাৰ ফলত এন এইচ পি চি চৌহদৰ লগতে নামনিতো একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈ আহিছে৷ প্ৰকল্পস্থলীৰ পৰা শ্ৰমিক-কৰ্মচাৰী সকলক আঁতৰাই নিয়াৰ পিছত আজিও…

তেজপুৰত নকল সোণ সহ প্ৰৱঞ্চক আটক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ছেপ্টেম্বৰঃ সেনাৰ চতুৰ্থ ক’ৰৰ চোৰাংচোৱা সূত্ৰৰ তথ্যৰ ভিত্তিত আজি তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত নকল সোন সহ এক প্ৰৱঞ্চকক কৰায়ত্ত কৰা হয়৷ আৰক্ষীয়ে ভালুকঝাৰণি  অঞ্চলৰ হবিবুৰ ৰহমান নামৰ প্ৰৱঞ্চকক কৰায়ত্ত কৰাৰ লগতে ২১৫গ্ৰাম ওজনৰ নকল সোনৰ বিস্কুটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান হবিবুৰক শানিবাৰী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

মাৰ যোৱা নাই তিনিচুকীয়াৰ পৌৰপতিক মন্ত্ৰী কিষাণে শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰঃ একাধিক বিতৰ্কিত কৰ্মকাণ্ড আৰু অভব্য আচৰণৰ দ্বাৰা নিজৰ পদমর্যাদা ভুলুণ্ঠিত কৰি অহা তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে ৩ ছেপ্তেম্বৰৰ দিনা তিনিচুকীয়াৰ পৌৰপতি তথা চহৰখনৰ প্ৰথমজন নাগৰিক জয়ন্ত বৰুৱাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই৷ আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই উক্ত ঘটনাৰ বিৰুদ্ধে তথা তেওঁলোকৰ কেইবাটাও দাবীত আধা ঘণ্টাৰ বাবে ’পে’ন ডাউন’ কার্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কার্যসূচীৰ পাছত পৌৰ নিকায় কৰ্মচাৰী…

তেজপুৰত ৩২ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ জিলা শিক্ষা বিভাগ আৰু শিক্ষক সংগঠন সমূহৰ সহযোগত আজি পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শোণিতপুৰ জিলা কেন্দ্ৰীয় ৬১ সংখ্যক শিক্ষক দিৱসৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ৩২ গৰাকীকৈ  সম্বৰ্ধিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ শতাব্দী ভৱনত অনুষ্ঠিত এই কেন্দ্ৰীয় শিক্ষক দিৱসৰ দিনটোত পুৱাই উদযাপন সমিতিয়ে তেজপুৰৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ…