Browsing Category
অসম
তিনিচুকীয়াৰ শিক্ষা বিভাগৰ উদ্যোগত পানীতোলাত কেন্দ্ৰীয়ভাৱে উদযাপন শিক্ষক দিৱস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে জিলাখনৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদযাপন কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব ধনদেৱ মহন্তই ৷ বিশিষ্ট দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আজিৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বন্তি প্ৰজ্বলন অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মদন শৰ্মা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, জিলা…
কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱা আৰু বিশিষ্ট চিত্ৰ ভাষ্কৰ্যৰ শিল্পী জয়চন্দ্ৰ দাসৰ জীৱনী গ্ৰন্থ আজি তেজপুৰত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়৷ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ আজি তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাগৃহত সম্পন্ন হয়৷ অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে সভাপতিত্ব কৰা তথা সম্পাদক অনু দেৱী মহন্তই আদৰণি…
লখিমপুৰৰ ঘনচৰাইত যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ আশংকাত আতংকিত ৰাইজ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সস্তম হৈ থকাৰ লগতে ঘনচৰাইত মথাউৰিৰ ওপৰত এছ ডি আৰ এফ বাহিনী, আৰক্ষী আদি মোতায়ন কৰি সম্ভাৱ্য বিপদৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ইফালে জলসম্পদ বিভাগে ঘনচৰাই মথাউৰিটো ৰক্ষা কৰাৰ বাবে সকলো প্ৰস্তুতি চলোৱাৰ লগতে দিনে নিশাই মথাউৰিৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নদীখনে কালৰূপ…
শোণিতপুৰৰ বৰছলাত ৪০০ মহিলাৰে “জয়মতী”ৰ নতুন ৰূপ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৫ছেপ্টেম্বৰ: “মহিলা সকলৰ কৰ্মস্পৃহা পুৰুষতকৈ অধিক৷ বিশ্বৰ যিসমূহ দেশত মহিলা সকলে সামাজিক, অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি আহিছে সেই সমূহ দেশ বিশ্বৰ আনদেশৰ তুলনাত যথেষ্ট আগবঢ়া৷” আজি বৰছলা বিধান সভা সমষ্টিৰ পুঠিমাৰি বাপুভেটি অঞ্চলত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে৷ তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যৰ মহিলা সকলৰ কৰ্মস্পৃহাও পুৰুষতকৈ অধিক দেখা পোৱা গৈছে আৰু মহিলা সকলৰ মাজত অধ্যয়ন অধিক হোৱাৰ লগতে শৈক্ষিক তথা প্ৰশাসনীয় দিশতো তেওঁলোক অধিক আগবাঢ়িছে৷বিধায়ক লিম্বুৱে লগতে কয়…
সোৱণশিৰি প্ৰকল্পত পানীৰ প্ৰচণ্ড ঢলৰ শব্দই কঁপাইছে গেৰুকামুখ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত প্ৰায় সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰিবলৈ ধৰাত সমগ্ৰ গেৰুকামুখ অঞ্চলত আতংকময় পৰিস্থিতিৰ সূচনা হৈছে৷ যাৰ ফলত যোৱা দুদিন ধৰি প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছে৷ অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম অঞ্চলৰ লগতে গেৰুকামুখ পাহাৰত যোৱা দুই-তিনিদিন ধৰি মূষলধাৰে হৈ থকা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষ উফন্দি উঠাৰ লগতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ…
ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজনঃ জলসম্পদ মন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি থকা সকলো কাম-কাজৰ বুজ লয় । দুদিনীয়া কৰ্মশালাখনৰ প্ৰথম দিনাৰ আৰম্ভণি অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ তথা মাগদৰ্শনত জলসম্পদ বিভাগৰ সকলো কাৰীকৰি বিষয়াৰ সৈতে দুদিনীয়াকৈ আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাতে ৰাজ্যখনৰ বান…
অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’বঃ অসমীয়া যুৱ মঞ্চ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত শনিবাৰে অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ আজি সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটো। সংগঠনটোৱে আজি বিয়লি অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ নাওবৈচাৰ ভিতৰিপামৰ শুকান নদীৰ বক্ষত নামি অৰ্ধ উলংগ হৈ অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ'ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ এক ইঞ্চি মাটিতো হাত নিদিবলৈ অৰুণাচলী লোকক সকীয়াই দিয়ে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতা অনুপম শইকীয়াই । প্ৰয়োজন অনুসৰি অসমীয়া যুৱ মঞ্চই হাতত হেংদাং লৈয়ো অৰুণাচলীক…
গুৱাহাটীত উপস্থিত সৰ্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে দলীয় নেতা-কৰ্মীসকলে তেওঁক উষ্ণ আদৰণি জনায়। মন্ত্ৰী বিমল বড়াকে ধৰি দলৰ ৰাজ্যিক নেতৃত্ব আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা সকলে তেওঁক আদৰণি জনায়। বিমানবন্দৰৰ পৰা তেওঁ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়ত উপস্থিত হয়। তেওঁ নতুন কাৰ্যালয় ভৱনটো পৰিদৰ্শন কৰি কয় যে…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উদযাপন
উত্তৰ লখিমপুৰঃ ৪ আগষ্টঃ অসমৰ উত্তৰ পাৰৰ প্ৰথম উচ্চ শিক্ষাৰ বাণিজ্যিক প্ৰতিষ্ঠান লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ আজি উত্তৰ লখিমপুৰত উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন হোৱা এই অনুষ্ঠানৰ আজি পুৱা আৰম্ভণিতে পতাকা উত্তোলন কৰে মহাবিদ্যালয়খৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠানত নেতৃত্বত দিয়ে উপাধ্যক্ষ গোপাল চেত্ৰীয়ে। মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত সোণালী জয়ন্তী আৰম্ভণীৰ মুকলি সভা উদ্বোধন কৰে মহাবিদ্যালয়খৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। অধিবেশনৰ…
প্ৰসিদ্ধ নাট্যশিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লালৈ ২০২২ বৰ্ষৰ “চাতক সন্মান”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ আগষ্টঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ "চাতক সন্মান"। উল্লেখ্য যে, তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "চাতক"এ ধাৰাবাহিক ভাবে প্ৰতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰাম প্ৰসাদ ভূঞা-ফুলেশ্বৰী ভূঞা সোঁৱৰণী আৰু জীতেন্দ্ৰনাথ নাথ ভট্টাচাৰ্য-বিমলা ভট্টাচাৰ্য সোঁৱৰণী" চাতক…
