Browsing Category

অসম

অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’বঃ অসমীয়া যুৱ মঞ্চ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত শনিবাৰে অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ আজি সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটো। সংগঠনটোৱে আজি বিয়লি অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ নাওবৈচাৰ ভিতৰিপামৰ শুকান নদীৰ বক্ষত নামি অৰ্ধ উলংগ হৈ অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ'ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ এক ইঞ্চি মাটিতো হাত নিদিবলৈ অৰুণাচলী লোকক সকীয়াই দিয়ে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতা অনুপম শইকীয়াই । প্ৰয়োজন অনুসৰি অসমীয়া যুৱ মঞ্চই হাতত হেংদাং লৈয়ো অৰুণাচলীক…

গুৱাহাটীত উপস্থিত সৰ্বানন্দ সোণোৱাল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে দলীয় নেতা-কৰ্মীসকলে তেওঁক উষ্ণ আদৰণি জনায়। মন্ত্ৰী বিমল বড়াকে ধৰি দলৰ ৰাজ্যিক নেতৃত্ব আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা সকলে তেওঁক আদৰণি জনায়। বিমানবন্দৰৰ পৰা তেওঁ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়ত উপস্থিত হয়। তেওঁ নতুন কাৰ্যালয় ভৱনটো পৰিদৰ্শন কৰি কয় যে…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উদযাপন

উত্তৰ লখিমপুৰঃ ৪ আগষ্টঃ অসমৰ উত্তৰ পাৰৰ প্ৰথম উচ্চ শিক্ষাৰ বাণিজ্যিক প্ৰতিষ্ঠান লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ আজি উত্তৰ লখিমপুৰত উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন হোৱা এই অনুষ্ঠানৰ আজি পুৱা আৰম্ভণিতে পতাকা উত্তোলন কৰে মহাবিদ্যালয়খৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠানত নেতৃত্বত দিয়ে উপাধ্যক্ষ গোপাল চেত্ৰীয়ে। মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত সোণালী জয়ন্তী আৰম্ভণীৰ মুকলি সভা উদ্বোধন কৰে মহাবিদ্যালয়খৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। অধিবেশনৰ…

প্ৰসিদ্ধ নাট্যশিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লালৈ ২০২২ বৰ্ষৰ “চাতক সন্মান”

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৪ আগষ্টঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ "চাতক সন্মান"। উল্লেখ্য যে, তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "চাতক"এ ধাৰাবাহিক ভাবে প্ৰতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰাম প্ৰসাদ ভূঞা-ফুলেশ্বৰী ভূঞা সোঁৱৰণী আৰু জীতেন্দ্ৰনাথ নাথ ভট্টাচাৰ্য-বিমলা ভট্টাচাৰ্য সোঁৱৰণী" চাতক…

মন্ত্ৰী সঞ্জয় কিষাণৰ হাতত শাৰীৰিকভাৱে অপদস্থ তিনিচুকীয়াৰ পৌৰপতি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ ছেপ্টেম্বৰ : ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ ক্ষমতাৰ ৰাগীত মতলীয়া মন্ত্ৰী কিষাণৰ দৰে বিতৰ্কিত জনপ্ৰতিনিধিৰ কেতবোৰ অভব্য আচৰণে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰি পেলাইছে ৷ নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ (স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কৰযোৰে ক্ষমা খুজি নিজৰ পদমৰ্য্যাদা ভুলুণ্ঠিত কৰা মন্ত্ৰী কিষাণ এইবাৰ চৰ্চালৈ আহিছে তিনিচুকীয়াৰ প্ৰথমজন নাগৰিকৰ ওপৰত হাত উঠাই পথৰ গুণ্ডাৰ দৰে আচৰণ প্ৰদৰ্শন কৰি ৷ বিজেপি দলে ৰাজ্যত দ্বিতীয়বাৰ চৰকাৰ গঠনৰ…

অসম-উত্তৰ পূবৰ প্ৰথমজন পৰ্বতাৰোহী-স্বীয়াৰ খগেন্দ্ৰ নাথ বৰাৰে অন্তৰংগ আলাপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰ, সময় পুৱা ৯.২৫ বজা।সেই দিনটোৰ সেই মাহেন্দ্ৰ ক্ষণটো আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতাৰোহণৰ ইতিহাসৰ এখিলা সোণালী পৃষ্ঠা।সেইদিনটোতে অসমৰ পৰা যোৱা প্ৰথমটো ৬ জনীয়া পৰ্বতাৰোহীৰ  দলৰ দুজনে বেথাৰতলী শৃংগ আৰোহণ কৰিছিল। সেইদিনা পুৱা ৯.২৫ বজাত শৃংগটোত প্রথমে ভৰি দিছিল খগেন্দ্ৰ নাথ বৰাই। লগে লগে পিছৰজন পৰ্বতাৰোহী ৰোহিনী কুমাৰ ভূঞাই বেথাৰতলী শৃংগ আৰোহণ কৰাৰ লগে লগেই ৰচিত হৈছিল অসমৰ প্ৰথম পৰ্বতাৰোহণ ইতিহাস। ৫০ বছৰ পূৰ্বে সেই পৰ্বতাৰোহণ বাট কাটি দিয়া প্ৰসিদ্ধ পৰ্বতাৰোহী…

৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,৩ছেপ্টেম্বৰঃ আজি লখিমপুৰ জিলাৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক টিউটৰ শিক্ষক সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰ জিলাৰ টিউটৰ সকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত চিনিয়ৰ চেকেণ্ডৰী আৰু উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ সকল উপস্থিত থাকে। সন্থাৰ সভাপতি হেমন্ত শ‍ইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভা জিলাখনৰ শতাধিক টিউটৰ শিক্ষক উপস্থিত থাকে। সভাত শিক্ষক সকলে ক্ষোভ প্রকাশ কৰে যে প্ৰায় ২৫ বছৰ কাল অসমৰ শিক্ষা খণ্ডলৈ শৈক্ষিক দিশত ৪০% বৰঙণি আগবঢ়াই বহু আন্দোলন আৰু অপেক্ষাৰ অন্তত টিউটৰ হিচাবে…

তেজপুৰ কলা-বীথিকাৰ দ্বিতীয় বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩ ছেপ্টেম্বৰ: তেজপুৰৰ অসমীয়া ক্লাবৰ সভা কক্ষত তেজপুৰ কলা-বীথিকাৰ পঞ্চম প্রতিষ্ঠা দিৱস উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ এখন চিত্ৰকলাৰ প্ৰদৰ্শনী আৰম্ভ হয় |শোণিতপুৰ জিলাৰ উদীয়মান চিত্রশিল্পীসকলক উৎসাহ যোগোৱাৰ অৰ্থে ক্রমাগতভাবে দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত এই প্রদর্শনীখন আনুষ্ঠানিকভাবে মুকলি কৰে অসমীয়া ক্লাবৰ সভাপতি তথা প্রাক্তন বিচাৰপতি অৰুণা দেৱীয়ে |উদ্বোধনী ভাষণত ক্লাবটোৰ সভাপতিগৰাকীয়ে কয় যে অসম অধিকাৰ কৰাৰ পাছত বৃটিছ শাসকসকলৰ দিনত চিত্ৰশিল্পৰ আদৰ কমি যোৱা পৰিলক্ষিত হৈছিল কিন্তু পিছৰ পৰ্য্যায়ত…

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা

গুৱাহাটী,৩ ছেপ্টেম্বৰ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত আজি দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা । ড° বুঢ়াগোহাঁয়ে হাইস্কুল…

আলফাৰ সক্ৰিয়তাত উদ্বিগ্ন : তিনিচুকীয়াৰ ৬ স্থান, শদিয়াৰ বিভিন্ন ঠাইত এন আই এৰ ৰেইড

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ : আলফাৰ (স্বাঃ) শেহতীয়া গতিবিধি সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দলে শুকুৰবাৰে তিনিচুকীয়াৰ ৬ টা নিৰ্দিষ্ট স্থানত অভিযান চলায় ৷ তিনিচুকীয়া আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা মতে তিনিচুকীয়া আৰক্ষী জিলাৰ ৬ স্থানত আকস্মিকভাৱে চলোৱা এই অভিযানত এন আই এৰ দলে কেতবোৰ নথিপত্ৰ জব্দ কৰে ৷ ইফালে শদিয়া আৰক্ষী জিলাৰ বিভিন্ন স্থানটো এন আই এৰ অভিযান চলা বুলি প্ৰকাশ ৷ সূত্ৰমতে এই অভিযানৰ সময়ত সজীৱ গুলীও জব্দ কৰে…