Browsing Category
অসম
মন্ত্ৰী সঞ্জয় কিষাণৰ হাতত শাৰীৰিকভাৱে অপদস্থ তিনিচুকীয়াৰ পৌৰপতি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ ছেপ্টেম্বৰ : ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ ক্ষমতাৰ ৰাগীত মতলীয়া মন্ত্ৰী কিষাণৰ দৰে বিতৰ্কিত জনপ্ৰতিনিধিৰ কেতবোৰ অভব্য আচৰণে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰি পেলাইছে ৷ নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ (স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কৰযোৰে ক্ষমা খুজি নিজৰ পদমৰ্য্যাদা ভুলুণ্ঠিত কৰা মন্ত্ৰী কিষাণ এইবাৰ চৰ্চালৈ আহিছে তিনিচুকীয়াৰ প্ৰথমজন নাগৰিকৰ ওপৰত হাত উঠাই পথৰ গুণ্ডাৰ দৰে আচৰণ প্ৰদৰ্শন কৰি ৷ বিজেপি দলে ৰাজ্যত দ্বিতীয়বাৰ চৰকাৰ গঠনৰ…
অসম-উত্তৰ পূবৰ প্ৰথমজন পৰ্বতাৰোহী-স্বীয়াৰ খগেন্দ্ৰ নাথ বৰাৰে অন্তৰংগ আলাপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰ, সময় পুৱা ৯.২৫ বজা।সেই দিনটোৰ সেই মাহেন্দ্ৰ ক্ষণটো আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতাৰোহণৰ ইতিহাসৰ এখিলা সোণালী পৃষ্ঠা।সেইদিনটোতে অসমৰ পৰা যোৱা প্ৰথমটো ৬ জনীয়া পৰ্বতাৰোহীৰ দলৰ দুজনে বেথাৰতলী শৃংগ আৰোহণ কৰিছিল। সেইদিনা পুৱা ৯.২৫ বজাত শৃংগটোত প্রথমে ভৰি দিছিল খগেন্দ্ৰ নাথ বৰাই। লগে লগে পিছৰজন পৰ্বতাৰোহী ৰোহিনী কুমাৰ ভূঞাই বেথাৰতলী শৃংগ আৰোহণ কৰাৰ লগে লগেই ৰচিত হৈছিল অসমৰ প্ৰথম পৰ্বতাৰোহণ ইতিহাস। ৫০ বছৰ পূৰ্বে সেই পৰ্বতাৰোহণ বাট কাটি দিয়া প্ৰসিদ্ধ পৰ্বতাৰোহী…
৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,৩ছেপ্টেম্বৰঃ আজি লখিমপুৰ জিলাৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক টিউটৰ শিক্ষক সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰ জিলাৰ টিউটৰ সকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত চিনিয়ৰ চেকেণ্ডৰী আৰু উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ সকল উপস্থিত থাকে। সন্থাৰ সভাপতি হেমন্ত শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভা জিলাখনৰ শতাধিক টিউটৰ শিক্ষক উপস্থিত থাকে। সভাত শিক্ষক সকলে ক্ষোভ প্রকাশ কৰে যে প্ৰায় ২৫ বছৰ কাল অসমৰ শিক্ষা খণ্ডলৈ শৈক্ষিক দিশত ৪০% বৰঙণি আগবঢ়াই বহু আন্দোলন আৰু অপেক্ষাৰ অন্তত টিউটৰ হিচাবে…
তেজপুৰ কলা-বীথিকাৰ দ্বিতীয় বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩ ছেপ্টেম্বৰ: তেজপুৰৰ অসমীয়া ক্লাবৰ সভা কক্ষত তেজপুৰ কলা-বীথিকাৰ পঞ্চম প্রতিষ্ঠা দিৱস উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ এখন চিত্ৰকলাৰ প্ৰদৰ্শনী আৰম্ভ হয় |শোণিতপুৰ জিলাৰ উদীয়মান চিত্রশিল্পীসকলক উৎসাহ যোগোৱাৰ অৰ্থে ক্রমাগতভাবে দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত এই প্রদর্শনীখন আনুষ্ঠানিকভাবে মুকলি কৰে অসমীয়া ক্লাবৰ সভাপতি তথা প্রাক্তন বিচাৰপতি অৰুণা দেৱীয়ে |উদ্বোধনী ভাষণত ক্লাবটোৰ সভাপতিগৰাকীয়ে কয় যে অসম অধিকাৰ কৰাৰ পাছত বৃটিছ শাসকসকলৰ দিনত চিত্ৰশিল্পৰ আদৰ কমি যোৱা পৰিলক্ষিত হৈছিল কিন্তু পিছৰ পৰ্য্যায়ত…
অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা
গুৱাহাটী,৩ ছেপ্টেম্বৰ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত আজি দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা । ড° বুঢ়াগোহাঁয়ে হাইস্কুল…
আলফাৰ সক্ৰিয়তাত উদ্বিগ্ন : তিনিচুকীয়াৰ ৬ স্থান, শদিয়াৰ বিভিন্ন ঠাইত এন আই এৰ ৰেইড
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ : আলফাৰ (স্বাঃ) শেহতীয়া গতিবিধি সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দলে শুকুৰবাৰে তিনিচুকীয়াৰ ৬ টা নিৰ্দিষ্ট স্থানত অভিযান চলায় ৷ তিনিচুকীয়া আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা মতে তিনিচুকীয়া আৰক্ষী জিলাৰ ৬ স্থানত আকস্মিকভাৱে চলোৱা এই অভিযানত এন আই এৰ দলে কেতবোৰ নথিপত্ৰ জব্দ কৰে ৷ ইফালে শদিয়া আৰক্ষী জিলাৰ বিভিন্ন স্থানটো এন আই এৰ অভিযান চলা বুলি প্ৰকাশ ৷ সূত্ৰমতে এই অভিযানৰ সময়ত সজীৱ গুলীও জব্দ কৰে…
লখিমপুৰ-পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত- অৰুণাচলৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰ
উত্তৰ লখিমপুৰ, ৩ ছেপ্টেম্বৰ: আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা-সমস্যাৰ স্থায়ী সমাধান-সূত্ৰ নিৰূপণৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা শেহতীয়া যৌথ উদ্যোগৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমা পৰ্যবেক্ষণ সমিতিয়ে আজি লখিমপুৰ আৰু পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন কৰে। অৰুণাচলৰ শিক্ষামন্ত্ৰী তেবা টেডিৰ আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ যৌথ নেতৃত্বত দুয়োখন ৰাজ্যক প্ৰতিনিধিত্বকাৰী সীমান্ত পৰ্যবেক্ষণ সমিতিৰ সদস্যসকলে শণিবাৰে অসম-অৰুণাচল সীমান্তৰ ১নং গুমটো, ২নং গুমটো, ৰঙাদি, বগলী,…
ম্যাদ উকলা বিস্কুট ভক্ষণ কৰি তেজপুৰত বিষক্ৰিয়াত আক্ৰান্ত শিশুসহ পাঁচজন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰত ম্যাদ উকলা বিস্কুট খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছে এটা পৰিয়ালৰ শিশুসহ পাঁচজন সদস্য৷ উল্লেখযোগ্য যে, পাঁচমাইল চামধৰাৰ পৰিয়ালটোৰ সদস্যসকলে সমীপৰ দোকানৰ পৰা কালি সন্ধিয়া অনা বিস্কুটৰ স’তে আজি পুৱা চাহ পান কৰাৰ পাছতে আহমদ আলি, নুৰজাহান বেগম, ৰূপজান বিবি,সাতবছৰীয়া মুকচিদুল ইছলাম আৰু নবছৰীয়া অনিচা বেগম অত্যাধিক বমি, মূৰৰ বিষত আক্ৰান্ত হয়৷ এনে অৱস্থাত ততাতৈয়াকৈ আক্ৰান্ত আটাইকে প্ৰথমতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ইয়াৰ পৰা মিছনচাৰিআলিস্হিত…
অভিভাৱক মন্ত্রীৰ নতুন তালিকাত কোনে কোন জিলাৰ দায়িত্ব পালে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ ছেপ্টেম্বৰঃ অৱশেষত সলনি হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী। একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যি উদ্দেশ্যৰে মন্ত্রীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল সেই উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছিল একাংশ মন্ত্রী। যাৰ বাবে মুখ্যমন্ত্রীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশেষত অভিভাৱক মন্ত্রীৰ নতুন তালিকা প্ৰকাশ কৰা হ'ল। সেই অনুসৰি মন্ত্রী অতুল বৰাক কামৰূপ মহানগৰ আৰু লখিমপুৰৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু…
তেজপুৰত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তল কলিবাৰি অঞ্চলত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, জিনছ, টি চাৰ্ট আৰু জোতা পৰিধান কৰা যুৱতীগৰাকীৰ বয়স আনুমানিক ২২বছৰ বুলি প্ৰকাশ কৰি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে আজি বিয়লি প্ৰায় ৪-৩০বজাত স্হানীয় লোকে মৃতদেহটো ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে। পিছত নদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ…
