Browsing Category
অসম
লখিমপুৰ-পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত- অৰুণাচলৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰ
উত্তৰ লখিমপুৰ, ৩ ছেপ্টেম্বৰ: আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা-সমস্যাৰ স্থায়ী সমাধান-সূত্ৰ নিৰূপণৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা শেহতীয়া যৌথ উদ্যোগৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমা পৰ্যবেক্ষণ সমিতিয়ে আজি লখিমপুৰ আৰু পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন কৰে। অৰুণাচলৰ শিক্ষামন্ত্ৰী তেবা টেডিৰ আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ যৌথ নেতৃত্বত দুয়োখন ৰাজ্যক প্ৰতিনিধিত্বকাৰী সীমান্ত পৰ্যবেক্ষণ সমিতিৰ সদস্যসকলে শণিবাৰে অসম-অৰুণাচল সীমান্তৰ ১নং গুমটো, ২নং গুমটো, ৰঙাদি, বগলী,…
ম্যাদ উকলা বিস্কুট ভক্ষণ কৰি তেজপুৰত বিষক্ৰিয়াত আক্ৰান্ত শিশুসহ পাঁচজন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰত ম্যাদ উকলা বিস্কুট খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছে এটা পৰিয়ালৰ শিশুসহ পাঁচজন সদস্য৷ উল্লেখযোগ্য যে, পাঁচমাইল চামধৰাৰ পৰিয়ালটোৰ সদস্যসকলে সমীপৰ দোকানৰ পৰা কালি সন্ধিয়া অনা বিস্কুটৰ স’তে আজি পুৱা চাহ পান কৰাৰ পাছতে আহমদ আলি, নুৰজাহান বেগম, ৰূপজান বিবি,সাতবছৰীয়া মুকচিদুল ইছলাম আৰু নবছৰীয়া অনিচা বেগম অত্যাধিক বমি, মূৰৰ বিষত আক্ৰান্ত হয়৷ এনে অৱস্থাত ততাতৈয়াকৈ আক্ৰান্ত আটাইকে প্ৰথমতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ইয়াৰ পৰা মিছনচাৰিআলিস্হিত…
অভিভাৱক মন্ত্রীৰ নতুন তালিকাত কোনে কোন জিলাৰ দায়িত্ব পালে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ ছেপ্টেম্বৰঃ অৱশেষত সলনি হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী। একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যি উদ্দেশ্যৰে মন্ত্রীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল সেই উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছিল একাংশ মন্ত্রী। যাৰ বাবে মুখ্যমন্ত্রীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশেষত অভিভাৱক মন্ত্রীৰ নতুন তালিকা প্ৰকাশ কৰা হ'ল। সেই অনুসৰি মন্ত্রী অতুল বৰাক কামৰূপ মহানগৰ আৰু লখিমপুৰৰ দায়িত্ব দিয়া হয়। ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু…
তেজপুৰত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তল কলিবাৰি অঞ্চলত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, জিনছ, টি চাৰ্ট আৰু জোতা পৰিধান কৰা যুৱতীগৰাকীৰ বয়স আনুমানিক ২২বছৰ বুলি প্ৰকাশ কৰি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে আজি বিয়লি প্ৰায় ৪-৩০বজাত স্হানীয় লোকে মৃতদেহটো ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে। পিছত নদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ…
অৰুণাচলে প্ৰস্তুত কৰিছে নিজা মানচিত্ৰ : সীমা সমস্যা সমাধানৰ নামত অৰুণাচল চৰকাৰৰ কৌশলী স্থিতি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২ছেপ্টেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা অব্যাহত ৰখাৰ বিপৰীতে অৰুণাচলে ইতিমধ্যেই তেওঁলোকে দাবী কৰা ভূমিৰ এখন মানচিত্ৰ প্ৰস্তুত কৰিছে৷সেই অনুসৰি বিশ্বনাথ জিলাৰ ৰাজগড় আলি পৰ্যন্ত ৰাজ্যৰ প্ৰায় চাৰে তিনিকিলোমিটাৰ ভিতৰলৈ অৰুণাচলে দাবী কৰাৰ লগতে পূৰ্বৰ ১০খন গাঁও সহ আৰু নতুন দুখন গাঁও তেওঁলোকে দাবী কৰিছে যি দুখন গাঁৱৰ অস্তিত্ব কিছুদিনলৈকে নাছিল৷ উল্লেখযোগ্য যে, সীমাবিবাদৰ পৰিণতিত চাউলধোৱাত এক গণহত্যা সংঘটিত হোৱাৰ পাছত বৰ্তমান অৰুণাচল চৰকাৰে চাৰ্ভে অৱ…
বিয়াৰ বাবে সঞ্চিত টকাৰে পথ নিৰ্মাণ যুৱকৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰ : গাঁওখনত নাই পকী পথ। স্কুললৈ যোৱা কণকণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীলৈকে সকলো গাঁৱৰ বিধ্বস্ত পথটোৰে যাত্ৰা কৰিবলৈ চৰম অসুবিধাৰ সন্মুখীন হয়। বিষয়টো বহুবাৰ গাঁও পঞ্চায়তত আবেদন কৰা হৈছিল যদিও কোনো ধৰণৰ প্ৰতিকাৰ কৰা হোৱা নাই। সেয়ে গাঁৱৰ এজন যুৱক পি চন্দ্ৰশেখৰণে দায়িত্ব লৈ গাঁওবাসীৰ বাবে এটা পকী পথ নিৰ্মাণ কৰিলে। বিয়াৰ বাবে জমা কৰি থোৱা টকাৰে গাঁওবাসীক নতুন পকী ৰাস্তা উপহাৰ দিলে তেওঁ। তামিলনাডুৰ ভিলুপুৰম জিলাৰ বানুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত নল্লাভুৰ গাঁৱত চন্দ্ৰশেখৰন…
২২ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব ১২ হাজাৰ নিযুক্তি-পত্ৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ ছেপ্টেম্বৰঃ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব। খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া অনুষ্ঠানত এই নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখ্য যে বিগত মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছিল। ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক…
দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰফুল্ল শইকীয়া ৰোগাক্ৰান্তঃ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ ছেপ্টেম্বৰ : এসময়ৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, তথা দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক প্ৰফুল্ল শইকীয়া আজি ৰোগত আক্ৰান্ত। ভ্ৰাম্যমাণ জগতত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সু অভিনেতা , পৰিচালক আৰু প্ৰযোজক প্ৰফুল্ল শইকীয়া ৰোগত আক্ৰান্ত হৈ ঘৰতে দিন পাৰ কৰিব লগা হৈছে ৷ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ ধলপুৰ মৌজাৰ অন্তৰ্গত তথা ধলপুৰ গাঁও পঞ্চায়তৰ ২ নং খলিহামাৰীৰ নিবাসী প্ৰফুল্ল শইকীয়াই আজিকোপতি লাভ নকৰিলে শিল্পী পেঞ্চন ৷ উল্লেখযোগ্য যে, তেওঁ শৈশৱৰ পৰাই নাটক, ভাওনাকে ধৰি…
অসমৰ মাটি অৰুণাচলক দিয়া নহবঃ আছুসহ একাধিক সংগঠনৰ হুংকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টম্বৰঃ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে এক বিবৃতি যোগে জনায় যে আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত জিলা ছাত্ৰ সন্থা, টি,এম, পি,কে লখিমপুৰ জিলা সমিতি,গোর্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি,ঠেঙাল কছাৰী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ মাজত অসম -অৰুণাচলৰ সীমা সমস্যাৰ ওপৰত এখনি সভা অনুষ্ঠিত হয়।অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন আৰু অসমৰ মাটি অৰুণাচলক দিয়া নহব বুলি সকলোৱে হুংকাৰ দিয়ে।সভাৰ শেষত সকলোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ…
জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম হাজৰিকাৰ
জামুগুৰিহাট: ১ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু এখন শিশু উদ্যান নিৰ্মাণৰ উদ্দেশ্যেৰে আজি আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই শিশু উদ্যান আৰু মুকলি বিহু ক্ষেত্ৰৰ উন্নয়নৰ আধাৰশিলা কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- অসমৰ মুকলি বিহুৰ বাটকটীয়া এই বৰপুখুৰী পাৰ মুকলি বিহুৰ ক্ষেত্ৰ উন্নয়নৰ বাবে তথা ইয়াৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে আমি কৰিবলগীয়া সকলোখিনি ৰাইজৰ সহযোগত সম্পূৰ্ণ কৰি তোলাৰ চেষ্টা চলাম ৷ বহু…
