Browsing Category
অসম
অৰুণাচলে প্ৰস্তুত কৰিছে নিজা মানচিত্ৰ : সীমা সমস্যা সমাধানৰ নামত অৰুণাচল চৰকাৰৰ কৌশলী স্থিতি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২ছেপ্টেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা অব্যাহত ৰখাৰ বিপৰীতে অৰুণাচলে ইতিমধ্যেই তেওঁলোকে দাবী কৰা ভূমিৰ এখন মানচিত্ৰ প্ৰস্তুত কৰিছে৷সেই অনুসৰি বিশ্বনাথ জিলাৰ ৰাজগড় আলি পৰ্যন্ত ৰাজ্যৰ প্ৰায় চাৰে তিনিকিলোমিটাৰ ভিতৰলৈ অৰুণাচলে দাবী কৰাৰ লগতে পূৰ্বৰ ১০খন গাঁও সহ আৰু নতুন দুখন গাঁও তেওঁলোকে দাবী কৰিছে যি দুখন গাঁৱৰ অস্তিত্ব কিছুদিনলৈকে নাছিল৷ উল্লেখযোগ্য যে, সীমাবিবাদৰ পৰিণতিত চাউলধোৱাত এক গণহত্যা সংঘটিত হোৱাৰ পাছত বৰ্তমান অৰুণাচল চৰকাৰে চাৰ্ভে অৱ…
বিয়াৰ বাবে সঞ্চিত টকাৰে পথ নিৰ্মাণ যুৱকৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰ : গাঁওখনত নাই পকী পথ। স্কুললৈ যোৱা কণকণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীলৈকে সকলো গাঁৱৰ বিধ্বস্ত পথটোৰে যাত্ৰা কৰিবলৈ চৰম অসুবিধাৰ সন্মুখীন হয়। বিষয়টো বহুবাৰ গাঁও পঞ্চায়তত আবেদন কৰা হৈছিল যদিও কোনো ধৰণৰ প্ৰতিকাৰ কৰা হোৱা নাই। সেয়ে গাঁৱৰ এজন যুৱক পি চন্দ্ৰশেখৰণে দায়িত্ব লৈ গাঁওবাসীৰ বাবে এটা পকী পথ নিৰ্মাণ কৰিলে। বিয়াৰ বাবে জমা কৰি থোৱা টকাৰে গাঁওবাসীক নতুন পকী ৰাস্তা উপহাৰ দিলে তেওঁ। তামিলনাডুৰ ভিলুপুৰম জিলাৰ বানুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত নল্লাভুৰ গাঁৱত চন্দ্ৰশেখৰন…
২২ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব ১২ হাজাৰ নিযুক্তি-পত্ৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ ছেপ্টেম্বৰঃ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব। খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া অনুষ্ঠানত এই নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখ্য যে বিগত মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছিল। ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক…
দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰফুল্ল শইকীয়া ৰোগাক্ৰান্তঃ শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ ছেপ্টেম্বৰ : এসময়ৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, তথা দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক প্ৰফুল্ল শইকীয়া আজি ৰোগত আক্ৰান্ত। ভ্ৰাম্যমাণ জগতত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সু অভিনেতা , পৰিচালক আৰু প্ৰযোজক প্ৰফুল্ল শইকীয়া ৰোগত আক্ৰান্ত হৈ ঘৰতে দিন পাৰ কৰিব লগা হৈছে ৷ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ ধলপুৰ মৌজাৰ অন্তৰ্গত তথা ধলপুৰ গাঁও পঞ্চায়তৰ ২ নং খলিহামাৰীৰ নিবাসী প্ৰফুল্ল শইকীয়াই আজিকোপতি লাভ নকৰিলে শিল্পী পেঞ্চন ৷ উল্লেখযোগ্য যে, তেওঁ শৈশৱৰ পৰাই নাটক, ভাওনাকে ধৰি…
অসমৰ মাটি অৰুণাচলক দিয়া নহবঃ আছুসহ একাধিক সংগঠনৰ হুংকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টম্বৰঃ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে এক বিবৃতি যোগে জনায় যে আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত জিলা ছাত্ৰ সন্থা, টি,এম, পি,কে লখিমপুৰ জিলা সমিতি,গোর্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি,ঠেঙাল কছাৰী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ মাজত অসম -অৰুণাচলৰ সীমা সমস্যাৰ ওপৰত এখনি সভা অনুষ্ঠিত হয়।অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন আৰু অসমৰ মাটি অৰুণাচলক দিয়া নহব বুলি সকলোৱে হুংকাৰ দিয়ে।সভাৰ শেষত সকলোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ…
জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম হাজৰিকাৰ
জামুগুৰিহাট: ১ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু এখন শিশু উদ্যান নিৰ্মাণৰ উদ্দেশ্যেৰে আজি আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই শিশু উদ্যান আৰু মুকলি বিহু ক্ষেত্ৰৰ উন্নয়নৰ আধাৰশিলা কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- অসমৰ মুকলি বিহুৰ বাটকটীয়া এই বৰপুখুৰী পাৰ মুকলি বিহুৰ ক্ষেত্ৰ উন্নয়নৰ বাবে তথা ইয়াৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে আমি কৰিবলগীয়া সকলোখিনি ৰাইজৰ সহযোগত সম্পূৰ্ণ কৰি তোলাৰ চেষ্টা চলাম ৷ বহু…
নাৰেংগীত অসম চিকিৎসা সেৱা নিগমৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
গুৱাহাটী,৩১ আগষ্ট: গুৱাহাটীৰ নাৰেংগীত অসম চিকিৎসা সেৱা নিগম লিমিটেড (এএমএছচিএল)ৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহলৈ সময় মতে আৰু নিয়মীয়াকৈ ঔষধ-পাতিৰ যোগান ধৰিবলৈ প্ৰতিষ্ঠা কৰা ৰাজহুৱা খণ্ডৰ কোম্পানীটোৰ এই নতুন কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব তথা এ এম এছ চি এলৰ অধ্যক্ষ অবিনাশ যোশী আৰু পৰিচালন সঞ্চালক ডাঃ ৰবীন কুমাৰ, ড্ৰাগ প্ৰশাসন আৰু খাদ্য সুৰক্ষা আয়ুক্ত অভিজিত বৰুৱা, চিকিৎসা শিক্ষা…
তেজপুৰ বিশ্ববিদ্যালয়ৰ মঞ্চত “তোমাৰ নিবিড় মায়াৰে” অসমীয়া নাট প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্বাধীন থিয়েটাৰৰ সহযোগত ২৯ আগষ্টত “তোমাৰ নিবিড় মায়াৰে” নামেৰে এখন অসমীয়া নাটক মঞ্চস্থ কৰে। নাটখনৰ মূল অভিনেত্ৰী, অভিনেতা আছিল অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈ। প্ৰতিষ্ঠিত নাট্যকাৰ ঋতুপৰ্ণ দাসে নাটকখনৰ ৰচনা আৰু পৰিচালনা কৰিছিল । তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (কেবিআৰ) প্ৰেক্ষাগৃহত নাটকখন মঞ্চস্থ কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰি দত্তই অনুষ্ঠানৰ আঁত ধৰে। অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা মুৰব্বী ড°…
তেজপুৰৰ বিশিষ্ট ফৰাচী ভাষাতত্ববিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল’ চাইফুদ্দিন আহমেদৰ…
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল' তথা তেজপুৰৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ চহৰৰ ঈদগাহ ময়দান (চিত্ৰবন বাকৰি)ৰ সন্মুখ নিবাসী চাইফুদ্দিন আহমেদৰ কালি গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে তেজপুৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, ফৰাচী ভাষাৰ প্ৰচুৰ ব্যুৎপত্তি থকা নিৰব সাধক গৰাকীৰ কিছুদিন ধৰি শাৰীৰিক ভাবে অসুস্থ হৈ থকাৰ পিছত পৰহি পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিছিল যদিও কালি চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বেই শেষ নিশ্বাস…
মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ অসম বাৰ্তাজীৱী সংঘ-কামৰূপ জিলা সাংবাদিক সন্থাৰ
গুৱাহাটী,৩১ আগষ্ট: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত সাংবাদিকসকলৰ সমস্যা সমুহ সমাধানৰ উদ্দেশ্য অসম বাৰ্তাজীৱী সংঘ আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দলে যৌথভাৱে কালি সন্ধিয়া তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাক অসম সচিবালয়ত সাক্ষাৎ কৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্যখনৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত হোৱা সৌহাৰ্দ্যমূলক আলোচনাত অসম বাৰ্তাজীৱী সংঘৰ তৰফৰ পৰা প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সমস্যা সমুহ সমাধান কৰাত বিশেষ পদক্ষেপ…
