Browsing Category

অসম

নাৰেংগীত অসম চিকিৎসা সেৱা নিগমৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটী,৩১ আগষ্ট: গুৱাহাটীৰ নাৰেংগীত অসম চিকিৎসা সেৱা নিগম লিমিটেড (এএমএছচিএল)ৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহলৈ সময় মতে আৰু নিয়মীয়াকৈ ঔষধ-পাতিৰ যোগান ধৰিবলৈ প্ৰতিষ্ঠা কৰা ৰাজহুৱা খণ্ডৰ কোম্পানীটোৰ এই নতুন কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব তথা এ এম এছ চি এলৰ অধ্যক্ষ অবিনাশ যোশী আৰু পৰিচালন সঞ্চালক ডাঃ ৰবীন কুমাৰ, ড্ৰাগ প্ৰশাসন আৰু খাদ্য সুৰক্ষা আয়ুক্ত অভিজিত বৰুৱা, চিকিৎসা শিক্ষা…

তেজপুৰ বিশ্ববিদ্যালয়ৰ মঞ্চত “তোমাৰ নিবিড় মায়াৰে” অসমীয়া নাট প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্বাধীন থিয়েটাৰৰ সহযোগত ২৯ আগষ্টত “তোমাৰ নিবিড় মায়াৰে” নামেৰে এখন অসমীয়া নাটক মঞ্চস্থ কৰে। নাটখনৰ মূল অভিনেত্ৰী, অভিনেতা আছিল অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈ। প্ৰতিষ্ঠিত নাট্যকাৰ ঋতুপৰ্ণ দাসে নাটকখনৰ ৰচনা আৰু পৰিচালনা কৰিছিল । তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (কেবিআৰ) প্ৰেক্ষাগৃহত নাটকখন মঞ্চস্থ কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জুৰি দত্তই অনুষ্ঠানৰ আঁত ধৰে। অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা মুৰব্বী ড°…

তেজপুৰৰ বিশিষ্ট ফৰাচী ভাষাতত্ববিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল’ চাইফুদ্দিন আহমেদৰ…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩১ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা শিক্ষা বিভাগৰ ফৰাচী ভাষাৰ ভিজিটিং ফেল' তথা তেজপুৰৰ লগতে ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, তেজপুৰ চহৰৰ ঈদগাহ ময়দান (চিত্ৰবন বাকৰি)ৰ সন্মুখ নিবাসী চাইফুদ্দিন আহমেদৰ কালি গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে তেজপুৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, ফৰাচী ভাষাৰ প্ৰচুৰ ব্যুৎপত্তি থকা নিৰব সাধক গৰাকীৰ কিছুদিন ধৰি শাৰীৰিক ভাবে অসুস্থ হৈ থকাৰ পিছত পৰহি পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিছিল যদিও কালি চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বেই শেষ নিশ্বাস…

মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ অসম বাৰ্তাজীৱী সংঘ-কামৰূপ জিলা সাংবাদিক সন্থাৰ

গুৱাহাটী,৩১ আগষ্ট: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত সাংবাদিকসকলৰ সমস্যা সমুহ সমাধানৰ উদ্দেশ্য অসম বাৰ্তাজীৱী সংঘ আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দলে যৌথভাৱে কালি সন্ধিয়া তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাক অসম সচিবালয়ত সাক্ষাৎ কৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্যখনৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত হোৱা সৌহাৰ্দ্যমূলক আলোচনাত অসম বাৰ্তাজীৱী সংঘৰ তৰফৰ পৰা প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সমস্যা সমুহ সমাধান কৰাত বিশেষ পদক্ষেপ…

অসমৰ বাবে এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম উদ্বোধন

গুৱাহাটী, ৩১ আগষ্ট : বিশ্ব সম্পদ প্ৰতিষ্ঠান, ভাৰতবৰ্ষ অৰ্থাৎ ৱৰ্ল্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট, ইণ্ডিয়া (WRI India)-ই এ ই ডি এ (AEDA) অৰ্থাৎ অসম শক্তি উন্নয়ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আজি দিনৰ ১০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যখনৰ বাবে ‘এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম’ শীৰ্ষক এটি অনলাইন, মু্ক্ত উৎসৰ, আন্তঃক্ৰিয়াযুক্ত ভূ-আকাশী অভিকল্প (Geo-spatial platform) উদ্বোধন কৰে৷ আশা কৰা হৈছে এই ই এ ই অৰ্থাৎ এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰে অসমৰ স্বাস্থ্য, শিক্ষা, আৰু জীৱিকাৰ আন্তঃগাঁথনিত শক্তিৰ প্ৰৱেশাধিকাৰ তথা ব্যৱহাৰৰ পৰিসৰ বৃদ্ধিত…

আলফাৰ কৰ্প’ৰেল ৰিহন অসমক মৃত্যুদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ আগষ্টঃ আলফা স্বাধীনে আজি সংগঠনটোৰ  এজন সদস্যক মৃত্যুদণ্ড বিহে। একাধিক বাৰ পলায়ন কৰি ধৰা পৰা তথা সংগঠনৰ হৈ শত্ৰুৰ চোৰাংচোৱাৰে মিতিৰালি কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা সদস্যজন হল কৰ্প'ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছলাম। তেওঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ বাউৰাৰতল গাঁৱৰ কলিম উদ্দিন মণ্ডলৰ পুত্ৰ বুলি আলফাৰ তৰফৰ পৰা সদৰি কৰিছে। আলফা স্বাধীনৰ ব্ৰিগেডিয়াৰ এ জেদ শিৰোণাম অসম স্বাক্ষৰিত আৰু আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টইন ৰুমেল অসমে ই মেইল যোগে প্ৰেৰণ কৰা এক বাৰ্তাত কয় যে কৰ্প'ৰেল ৰিহন অসমে যোৱা ২৮…

তেজপুৰত মৃতদেহ উদ্ধাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৩০আগষ্টঃ তেজপুৰ চহৰৰ জাহাজঘাটত আজি এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ  সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, জাহাজঘাটৰ পুৰণা ৰেল ষ্টেচনৰ সমীপৰ পথত থকা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ পানীজুৱলীত উপঙি থকা মৃতদেহটো এজন নাৱৰীয়াই দেখা পাই আৰু আৰক্ষীক এই বিষয়ে জনোৱা হয়৷ এটা দীঘল পেন্ট আৰু ৰঙা বৰণৰ স্পৰ্টিং পৰিধান কৰা মৃত লোকজনৰ বয়স ৬০ৰ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷ নদী আৰক্ষীয়ে উদ্বাৰ  মৃত্যু দেহটো এই পৰ্যন্ত চিনাক্ত নোহোৱা লোকজনৰ মৃতদেটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

জীয়াভৰলীৰ বালি খননৰ উদ্বেগজনক ঘটনা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী ৰঙাপৰা বিধানসভা সমষ্টিৰ ডিকৰাইজানত আৰ এছ এম নামৰ কোম্পানীটোৱে জীয়াভৰলীৰ বুকুত জধেমধে খনন চলাই বালি সংগ্ৰহ কৰা ঘটনাই কাষৰীয়া অঞ্চললৈ অশনি সংকেট কঢ়িয়াই অনাৰ লগতে সম্প্ৰতি এই কোম্পানীটোৰ ছত্ৰছায়াতে একাংশ লোকে নৈৰ পাৰৰ উপৰি ম্যাদী ভূমিটো বলপূৰ্বক বালি খনন কৰি এক বৃহৎ অবৈধ বেহা চলাই গৈছে৷ কিন্তু সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিশেষ প্ৰকাশ পোৱাৰ পাছতো চৰকাৰী ভাবে এনে বিপদজনক কাৰ্য বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উল্লেখযোগ্য যে চকীঘাট দলং আৰু চাৰিশৰীয়া পথ নিৰ্মাণৰ বাবে…

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভূদান আৰু গ্ৰামদান আইন বিধানসভাত বাতিল কৰা হ'ব। আনহাতে চৰকাৰী পলিটেকনিক আৰু আই টি আই সমূহক চেণ্টাৰ অব এক্সিলেন্স হিচাপে গঢ় দিয়াৰ বাবে আজিৰ কেবিনেটে ৩০৭ কোটি ২২ লাখ টকা মঞ্জুৰ কৰে। ইয়াৰ দ্বাৰা ২০ হাজাৰ…

তেজপুৰৰ ডাইমেনচন একাডেমিত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা হিন্দী গীতৰ তালত ছাত্ৰ-ছাত্ৰীৰ উদ্দাম নৃত্যঃ প্ৰতিক্ৰিয়া

শতাব্দ  প্ৰতিনিধি তেজপুৰ,৩০আগষ্ট: তেজপুৰৰ ডাইমেনচন একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনত কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী গীতৰ তালত কৰা উদ্দাম নৃত্যৰ দৃশ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,বিগত সময়চোৱাত শৈক্ষিক ফলাফলৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা তেজপুৰৰ নিকটৱৰ্তী মাজগাঁৱত থকা শিক্ষানুষ্ঠানখনত কালি একাংশ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সংঘটিত এনে অমাৰ্জিত আচৰণকলৈ তেজপুৰতো বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ হিন্দী গীতৰ তালত একাংশ ছাত্ৰ-ছাত্ৰীৰ উদ্দাম…