Browsing Category

অসম

অসমৰ বাবে এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম উদ্বোধন

গুৱাহাটী, ৩১ আগষ্ট : বিশ্ব সম্পদ প্ৰতিষ্ঠান, ভাৰতবৰ্ষ অৰ্থাৎ ৱৰ্ল্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট, ইণ্ডিয়া (WRI India)-ই এ ই ডি এ (AEDA) অৰ্থাৎ অসম শক্তি উন্নয়ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আজি দিনৰ ১০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যখনৰ বাবে ‘এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম’ শীৰ্ষক এটি অনলাইন, মু্ক্ত উৎসৰ, আন্তঃক্ৰিয়াযুক্ত ভূ-আকাশী অভিকল্প (Geo-spatial platform) উদ্বোধন কৰে৷ আশা কৰা হৈছে এই ই এ ই অৰ্থাৎ এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰে অসমৰ স্বাস্থ্য, শিক্ষা, আৰু জীৱিকাৰ আন্তঃগাঁথনিত শক্তিৰ প্ৰৱেশাধিকাৰ তথা ব্যৱহাৰৰ পৰিসৰ বৃদ্ধিত…

আলফাৰ কৰ্প’ৰেল ৰিহন অসমক মৃত্যুদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ আগষ্টঃ আলফা স্বাধীনে আজি সংগঠনটোৰ  এজন সদস্যক মৃত্যুদণ্ড বিহে। একাধিক বাৰ পলায়ন কৰি ধৰা পৰা তথা সংগঠনৰ হৈ শত্ৰুৰ চোৰাংচোৱাৰে মিতিৰালি কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা সদস্যজন হল কৰ্প'ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছলাম। তেওঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ বাউৰাৰতল গাঁৱৰ কলিম উদ্দিন মণ্ডলৰ পুত্ৰ বুলি আলফাৰ তৰফৰ পৰা সদৰি কৰিছে। আলফা স্বাধীনৰ ব্ৰিগেডিয়াৰ এ জেদ শিৰোণাম অসম স্বাক্ষৰিত আৰু আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টইন ৰুমেল অসমে ই মেইল যোগে প্ৰেৰণ কৰা এক বাৰ্তাত কয় যে কৰ্প'ৰেল ৰিহন অসমে যোৱা ২৮…

তেজপুৰত মৃতদেহ উদ্ধাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৩০আগষ্টঃ তেজপুৰ চহৰৰ জাহাজঘাটত আজি এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ  সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, জাহাজঘাটৰ পুৰণা ৰেল ষ্টেচনৰ সমীপৰ পথত থকা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ পানীজুৱলীত উপঙি থকা মৃতদেহটো এজন নাৱৰীয়াই দেখা পাই আৰু আৰক্ষীক এই বিষয়ে জনোৱা হয়৷ এটা দীঘল পেন্ট আৰু ৰঙা বৰণৰ স্পৰ্টিং পৰিধান কৰা মৃত লোকজনৰ বয়স ৬০ৰ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷ নদী আৰক্ষীয়ে উদ্বাৰ  মৃত্যু দেহটো এই পৰ্যন্ত চিনাক্ত নোহোৱা লোকজনৰ মৃতদেটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

জীয়াভৰলীৰ বালি খননৰ উদ্বেগজনক ঘটনা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী ৰঙাপৰা বিধানসভা সমষ্টিৰ ডিকৰাইজানত আৰ এছ এম নামৰ কোম্পানীটোৱে জীয়াভৰলীৰ বুকুত জধেমধে খনন চলাই বালি সংগ্ৰহ কৰা ঘটনাই কাষৰীয়া অঞ্চললৈ অশনি সংকেট কঢ়িয়াই অনাৰ লগতে সম্প্ৰতি এই কোম্পানীটোৰ ছত্ৰছায়াতে একাংশ লোকে নৈৰ পাৰৰ উপৰি ম্যাদী ভূমিটো বলপূৰ্বক বালি খনন কৰি এক বৃহৎ অবৈধ বেহা চলাই গৈছে৷ কিন্তু সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিশেষ প্ৰকাশ পোৱাৰ পাছতো চৰকাৰী ভাবে এনে বিপদজনক কাৰ্য বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উল্লেখযোগ্য যে চকীঘাট দলং আৰু চাৰিশৰীয়া পথ নিৰ্মাণৰ বাবে…

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভূদান আৰু গ্ৰামদান আইন বিধানসভাত বাতিল কৰা হ'ব। আনহাতে চৰকাৰী পলিটেকনিক আৰু আই টি আই সমূহক চেণ্টাৰ অব এক্সিলেন্স হিচাপে গঢ় দিয়াৰ বাবে আজিৰ কেবিনেটে ৩০৭ কোটি ২২ লাখ টকা মঞ্জুৰ কৰে। ইয়াৰ দ্বাৰা ২০ হাজাৰ…

তেজপুৰৰ ডাইমেনচন একাডেমিত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা হিন্দী গীতৰ তালত ছাত্ৰ-ছাত্ৰীৰ উদ্দাম নৃত্যঃ প্ৰতিক্ৰিয়া

শতাব্দ  প্ৰতিনিধি তেজপুৰ,৩০আগষ্ট: তেজপুৰৰ ডাইমেনচন একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনত কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী গীতৰ তালত কৰা উদ্দাম নৃত্যৰ দৃশ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,বিগত সময়চোৱাত শৈক্ষিক ফলাফলৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা তেজপুৰৰ নিকটৱৰ্তী মাজগাঁৱত থকা শিক্ষানুষ্ঠানখনত কালি একাংশ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সংঘটিত এনে অমাৰ্জিত আচৰণকলৈ তেজপুৰতো বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ হিন্দী গীতৰ তালত একাংশ ছাত্ৰ-ছাত্ৰীৰ উদ্দাম…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰযোজ্য হ'ল অস্থি মজ্জা সংৰোপণৰ চিকিৎসা। চিকিৎসালয়খনে প্ৰথমটো অস্থি মজ্জা সংৰোপণ সফলতাৰে সম্পন্ন কৰে। মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে বিশেষকৈ ব্লাড কেন্সাৰ আৰু থেলাচেমিয়া…

তেজপুৰৰ মেধাবী ছাত্ৰ ৰাহুলৰ সাফল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্ট: তেজপুৰৰ এজন মেধাবী ছাত্ৰ ৰাহুল বৰাই ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুযোগ লাভ কৰিছে ৷ উল্লেখযোগ্য যে,তেজপুৰৰ বাৰহলীয়া নিৱাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীধৰ বৰা আৰু সহ শিক্ষয়ত্ৰী মানসী বৰাৰ পুত্ৰ ৰাহুলে ২০২২ - ২৩ বৰ্ষৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰিবৰ বাবে ইউনাইটেড ইউনিভাৰ্ছিটিৰ নৰ্থ ইষ্ট ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্ছিটিত নামভৰ্তিৰ বাবে এই সুবিধা লাভ কৰিছে। এই বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ বাবে বৃটিছ কাউন্সিলে অনুষ্ঠিত কৰা আই ই এল টি এছ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ…

লখিমপুৰত ২৭১গৰাকী সখীক স্কুটী প্ৰদান

লখিমপুৰ,৩০আগষ্টঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,লখিমপুৰ জিলাৰ অধীনৰ ৯টা উন্নয়ন খণ্ডৰ ২৭১গৰাকী সামূহিক সমল ব্যক্তিক (সখী)মঙলবাৰে স্কুটী প্ৰদান কৰা হয়।লখিমপুৰ জিলা পুথিভঁৰালত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰৰ বিধায়ক মানব ডেকাই সখীসকলক স্কুটী আনুষ্ঠানিকভাবে প্ৰদান কৰে। লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰে অনুষ্ঠানটো উদ্বোধন কৰি চৰকাৰৰ তৰফৰ পৰা স্কুটী লাভ কৰা সকলো সখীকে গ্ৰামাঞ্চলত বাস কৰা মহিলাসকলৰ উপাৰ্জন বৃদ্ধি কৰা হেতু কাম কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত লখিমপুৰ…

এশ গৰু মাৰিলে বাঘৰো মৰণ : ভাড়াঘৰ এৰি ৰঙাঘৰলৈ চতিয়াৰ প্ৰাঞ্জল 

শতাব্দ প্ৰতিনিধি, ধেমাজি ৩০ আগষ্ট : “এশ গৰু মাৰিলে বাঘৰো মৰণ” আপ্তবাক্যশাৰীৰ সঁচা প্ৰমাণিত কৰি অৱশেষত ভাড়াঘৰ এৰি ৰঙাঘৰলৈ যাবলগীয়া হ’ল চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ আৰু তেওঁৰ দুই সহযোগী ৷ এখন দুখন নহয় নখনকৈ বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা বিশ্বনাথ জিলাৰ চতিয়াৰ যুৱক প্ৰাঞ্জল বৰমুদৈৰ লগতে ধেমাজি নগৰৰ সমীপৱৰ্তী বটুৱা গাঁৱৰ ভৱেশ কাৰ্দং আৰু গোহাঁই গাঁৱৰ ৰূপান্তৰ বুঢ়াগোঁহাই আজি আৰক্ষীৰ জালত পৰে ৷ ধেমাজিত ভাড়াঘৰত থাকি বাইক চুৰিৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল প্ৰাঞ্জল বৰমুদৈ নামৰ এজন যুৱকে ৷ বিশ্বনাথ জিলাৰ চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ নামৰ যুৱকজনে…