Browsing Category

অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰযোজ্য হ'ল অস্থি মজ্জা সংৰোপণৰ চিকিৎসা। চিকিৎসালয়খনে প্ৰথমটো অস্থি মজ্জা সংৰোপণ সফলতাৰে সম্পন্ন কৰে। মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে বিশেষকৈ ব্লাড কেন্সাৰ আৰু থেলাচেমিয়া…

তেজপুৰৰ মেধাবী ছাত্ৰ ৰাহুলৰ সাফল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্ট: তেজপুৰৰ এজন মেধাবী ছাত্ৰ ৰাহুল বৰাই ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুযোগ লাভ কৰিছে ৷ উল্লেখযোগ্য যে,তেজপুৰৰ বাৰহলীয়া নিৱাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীধৰ বৰা আৰু সহ শিক্ষয়ত্ৰী মানসী বৰাৰ পুত্ৰ ৰাহুলে ২০২২ - ২৩ বৰ্ষৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰিবৰ বাবে ইউনাইটেড ইউনিভাৰ্ছিটিৰ নৰ্থ ইষ্ট ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্ছিটিত নামভৰ্তিৰ বাবে এই সুবিধা লাভ কৰিছে। এই বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ বাবে বৃটিছ কাউন্সিলে অনুষ্ঠিত কৰা আই ই এল টি এছ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ…

লখিমপুৰত ২৭১গৰাকী সখীক স্কুটী প্ৰদান

লখিমপুৰ,৩০আগষ্টঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,লখিমপুৰ জিলাৰ অধীনৰ ৯টা উন্নয়ন খণ্ডৰ ২৭১গৰাকী সামূহিক সমল ব্যক্তিক (সখী)মঙলবাৰে স্কুটী প্ৰদান কৰা হয়।লখিমপুৰ জিলা পুথিভঁৰালত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰৰ বিধায়ক মানব ডেকাই সখীসকলক স্কুটী আনুষ্ঠানিকভাবে প্ৰদান কৰে। লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া টিপুৰেন্দ্ৰ পাটৰে অনুষ্ঠানটো উদ্বোধন কৰি চৰকাৰৰ তৰফৰ পৰা স্কুটী লাভ কৰা সকলো সখীকে গ্ৰামাঞ্চলত বাস কৰা মহিলাসকলৰ উপাৰ্জন বৃদ্ধি কৰা হেতু কাম কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত লখিমপুৰ…

এশ গৰু মাৰিলে বাঘৰো মৰণ : ভাড়াঘৰ এৰি ৰঙাঘৰলৈ চতিয়াৰ প্ৰাঞ্জল 

শতাব্দ প্ৰতিনিধি, ধেমাজি ৩০ আগষ্ট : “এশ গৰু মাৰিলে বাঘৰো মৰণ” আপ্তবাক্যশাৰীৰ সঁচা প্ৰমাণিত কৰি অৱশেষত ভাড়াঘৰ এৰি ৰঙাঘৰলৈ যাবলগীয়া হ’ল চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ আৰু তেওঁৰ দুই সহযোগী ৷ এখন দুখন নহয় নখনকৈ বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা বিশ্বনাথ জিলাৰ চতিয়াৰ যুৱক প্ৰাঞ্জল বৰমুদৈৰ লগতে ধেমাজি নগৰৰ সমীপৱৰ্তী বটুৱা গাঁৱৰ ভৱেশ কাৰ্দং আৰু গোহাঁই গাঁৱৰ ৰূপান্তৰ বুঢ়াগোঁহাই আজি আৰক্ষীৰ জালত পৰে ৷ ধেমাজিত ভাড়াঘৰত থাকি বাইক চুৰিৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল প্ৰাঞ্জল বৰমুদৈ নামৰ এজন যুৱকে ৷ বিশ্বনাথ জিলাৰ চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ নামৰ যুৱকজনে…

আই আই টি গুৱাহাটীৰ বিজ্ঞানীৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু চেণ্টাৰ ফৰ এক্সেলেন্স ইন ছাষ্টেনেবল পলিমাৰ (CoE-SusPol)ৰ অধ্যাপক বিমল কাটিয়াৰৰ নেতৃত্বত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ গুৱাহাটীৰ গৱেষকসকলে ফল-মূল আৰু শাক-পাচলিৰ নিজৰ জীৱনকাল (Self life) বৃদ্ধি কৰিবলৈ খাদ্যযোগ্য আৱৰণ প্ৰস্তুত কৰিছে। গৱেষণা দলটোত আছিল অধ্যাপক বিমল কাটিয়াৰ আৰু অধ্যাপক বৈভৱ ভি গৌড়, আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু আই আই টি গুৱাহাটীৰ CoE-SusPoৰ লগতে তেওঁলোকৰ গৱেষণা পণ্ডিত কোনা মণ্ডল, তবলী ঘোষ, মণ্ডৱী গোস্বামী, শিখা…

অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাই প্ৰতিষ্ঠা কৰা তেজপুৰৰ তৰুণ অসম সংঘৰ স্থিতি

গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯ আগষ্টঃ অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হয় তেনেহ’লে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষাদান কৰাৰ যি নিৰ্দেশনা তাক উলংঘা কৰা হ’ব৷ সেয়েহে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ শিক্ষা প্ৰদান বিষয়টোৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ তেজপুৰৰ অন্যতম সামাজিক অনুষ্ঠান তৰুণ অসম…

লখিমপুৰত নিৰ্মাণৰ তিনিমাহতে বখলা-বখলে এৰাইছে পকী পথ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বৰ্তমানৰ লোকনিৰ্মাণ বিভাগ আৰু পূৰ্বৰ গড়কাপ্তানি পথ সংমণ্ডলৰ অন্তৰ্গত মৈদমীয়া চুতীয়াকাড়ীত এটি পকী পথ নিৰ্মাণৰ পিছতে বখলা বখলে এৰাই যোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰায় ৩ কোটি টকীয়া এই পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবেই এনেদৰে পথটো বিধবস্ত হৈ পৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, বিষয়া-কৰ্মচাৰীসকলৰ হেমাহী আৰু দুৰ্বলতাৰ বাবেই নতুনকৈ নিৰ্মাণ কৰা পথটো এনেদৰে একপ্ৰকাৰে বিধবস্ত হৈ পৰিছে৷ প্ৰাপ্ত তথ্য…

ৰঙাপৰাৰ নেকলাই নৈৰ পাৰত বিঘাই বিঘাই চৰকাৰী ভূমিত অবৈধ খনন

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯আগষ্ট: চৰকাৰী ভূমিত অবৈধ ভাবে খনন চলাই একাংশ দুস্কৃতিকাৰীয়ে ৰঙাপৰাত চলাই অহা দৌৰাত্ম্য কোনো নতুন কথা নহয়৷চৰকাৰ সলনি হ’লেও তথা ৰঙাপৰা সমষ্টিত বিধায়ক সলনি হ’লেও সেই একে লোকেই বৰ্তমানেও যধে মধে চৰকাৰী,পথাৰ তথা চাহবাগিচাৰ শ্ৰমিকে কৃষি কাৰ্য কৰা মাটি খনন কৰি আহিছে আজিপৰ্যন্ত৷আনকি পূৰ্বে স্হানীয় লোকে এনে অবৈধ খননত বাধা দিয়াৰ পাছত খননৰে জড়িত ধূৰ্ত লোকে সেইসকল লোকৰ ওপৰতে বিভিন্ন ধৰণে আতিশয্য চলোৱাৰ নজিৰ আছে৷যোৱা প্ৰায় ১২বছৰে ৰঙাপৰৰ নামগাঁও অঞ্চলত চলা এনে অবৈধ খননৰ ফলত অঞ্চলটোত নেকলাই নৈয়ে বিপৰ্যয়ৰ সৃষ্টি…

তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ ২০২২

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু হকী কিংবদন্তী মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ২০২২ আয়োজন কৰে । অনুষ্ঠানটোৰ উদ্বোধনী ২০২২ চনৰ আজি পুৱা ৬:৩০ বজাত তেজপুৰ বিশ্ববিদ্যালয়ৰ কমিউনিটি হলত অনুষ্ঠিত হয় । উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভি কে জৈনে হকী কিংবদন্তী গৰাকীক পুষ্পাঞ্জলি জ্ঞাপন কৰে। ব্যৱস্থাপনা বিজ্ঞানৰ বিদ্যালয়ৰ ডিন আৰু ছাত্ৰ কল্যাণ (ভাৰপ্ৰাপ্ত)ৰ ডিন অধ্যাপক পাপৰি বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী ভাষণ প্ৰদান…

শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিত বন্ধ হ’ল ২৩ খনকৈ মাধ্যমিক শিক্ষানুষ্ঠানঃ লখিমপুৰত বন্ধ হ’ল ১১খন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ ৰাজ্যত নতুনকৈ প্ৰাদেশীকীকৰণ হোৱা ১৯৭খন শিক্ষানুষ্ঠান বন্ধ কৰি চৰকাৰে নিকটৱৰ্তী বিদ্যালয়ত সংলগ্ন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিয়ে৷ এছ এফ আই আৰু ডি ৱাই এফ আই য়ে। শীঘ্ৰে চৰকাৰক এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে টিউটৰ শিক্ষকসকলক পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী জনাইছে৷ চৰকাৰে এই হাইস্কুল, জুনিয়ৰ কলেজ সমূহক মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল দেখুওৱা আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবে ওচৰৰ ‘বেচ স্কুল’ৰ…