Browsing Category
অসম
আই আই টি গুৱাহাটীৰ বিজ্ঞানীৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু চেণ্টাৰ ফৰ এক্সেলেন্স ইন ছাষ্টেনেবল পলিমাৰ (CoE-SusPol)ৰ অধ্যাপক বিমল কাটিয়াৰৰ নেতৃত্বত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ গুৱাহাটীৰ গৱেষকসকলে ফল-মূল আৰু শাক-পাচলিৰ নিজৰ জীৱনকাল (Self life) বৃদ্ধি কৰিবলৈ খাদ্যযোগ্য আৱৰণ প্ৰস্তুত কৰিছে। গৱেষণা দলটোত আছিল অধ্যাপক বিমল কাটিয়াৰ আৰু অধ্যাপক বৈভৱ ভি গৌড়, আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু আই আই টি গুৱাহাটীৰ CoE-SusPoৰ লগতে তেওঁলোকৰ গৱেষণা পণ্ডিত কোনা মণ্ডল, তবলী ঘোষ, মণ্ডৱী গোস্বামী, শিখা…
অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাই প্ৰতিষ্ঠা কৰা তেজপুৰৰ তৰুণ অসম সংঘৰ স্থিতি
গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯ আগষ্টঃ অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ পাঠদান ইংৰাজী মাধ্যমত কৰা হয় তেনেহ’লে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যসমূহত শিশুক মাতৃভাষাত শিক্ষাদান কৰাৰ যি নিৰ্দেশনা তাক উলংঘা কৰা হ’ব৷ সেয়েহে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ শিক্ষা প্ৰদান বিষয়টোৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ তেজপুৰৰ অন্যতম সামাজিক অনুষ্ঠান তৰুণ অসম…
লখিমপুৰত নিৰ্মাণৰ তিনিমাহতে বখলা-বখলে এৰাইছে পকী পথ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বৰ্তমানৰ লোকনিৰ্মাণ বিভাগ আৰু পূৰ্বৰ গড়কাপ্তানি পথ সংমণ্ডলৰ অন্তৰ্গত মৈদমীয়া চুতীয়াকাড়ীত এটি পকী পথ নিৰ্মাণৰ পিছতে বখলা বখলে এৰাই যোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰায় ৩ কোটি টকীয়া এই পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবেই এনেদৰে পথটো বিধবস্ত হৈ পৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, বিষয়া-কৰ্মচাৰীসকলৰ হেমাহী আৰু দুৰ্বলতাৰ বাবেই নতুনকৈ নিৰ্মাণ কৰা পথটো এনেদৰে একপ্ৰকাৰে বিধবস্ত হৈ পৰিছে৷ প্ৰাপ্ত তথ্য…
ৰঙাপৰাৰ নেকলাই নৈৰ পাৰত বিঘাই বিঘাই চৰকাৰী ভূমিত অবৈধ খনন
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯আগষ্ট: চৰকাৰী ভূমিত অবৈধ ভাবে খনন চলাই একাংশ দুস্কৃতিকাৰীয়ে ৰঙাপৰাত চলাই অহা দৌৰাত্ম্য কোনো নতুন কথা নহয়৷চৰকাৰ সলনি হ’লেও তথা ৰঙাপৰা সমষ্টিত বিধায়ক সলনি হ’লেও সেই একে লোকেই বৰ্তমানেও যধে মধে চৰকাৰী,পথাৰ তথা চাহবাগিচাৰ শ্ৰমিকে কৃষি কাৰ্য কৰা মাটি খনন কৰি আহিছে আজিপৰ্যন্ত৷আনকি পূৰ্বে স্হানীয় লোকে এনে অবৈধ খননত বাধা দিয়াৰ পাছত খননৰে জড়িত ধূৰ্ত লোকে সেইসকল লোকৰ ওপৰতে বিভিন্ন ধৰণে আতিশয্য চলোৱাৰ নজিৰ আছে৷যোৱা প্ৰায় ১২বছৰে ৰঙাপৰৰ নামগাঁও অঞ্চলত চলা এনে অবৈধ খননৰ ফলত অঞ্চলটোত নেকলাই নৈয়ে বিপৰ্যয়ৰ সৃষ্টি…
তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ ২০২২
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু হকী কিংবদন্তী মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ২০২২ আয়োজন কৰে । অনুষ্ঠানটোৰ উদ্বোধনী ২০২২ চনৰ আজি পুৱা ৬:৩০ বজাত তেজপুৰ বিশ্ববিদ্যালয়ৰ কমিউনিটি হলত অনুষ্ঠিত হয় । উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভি কে জৈনে হকী কিংবদন্তী গৰাকীক পুষ্পাঞ্জলি জ্ঞাপন কৰে।
ব্যৱস্থাপনা বিজ্ঞানৰ বিদ্যালয়ৰ ডিন আৰু ছাত্ৰ কল্যাণ (ভাৰপ্ৰাপ্ত)ৰ ডিন অধ্যাপক পাপৰি বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী ভাষণ প্ৰদান…
শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিত বন্ধ হ’ল ২৩ খনকৈ মাধ্যমিক শিক্ষানুষ্ঠানঃ লখিমপুৰত বন্ধ হ’ল ১১খন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ ৰাজ্যত নতুনকৈ প্ৰাদেশীকীকৰণ হোৱা ১৯৭খন শিক্ষানুষ্ঠান বন্ধ কৰি চৰকাৰে নিকটৱৰ্তী বিদ্যালয়ত সংলগ্ন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিয়ে৷ এছ এফ আই আৰু ডি ৱাই এফ আই য়ে। শীঘ্ৰে চৰকাৰক এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে টিউটৰ শিক্ষকসকলক পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী জনাইছে৷ চৰকাৰে এই হাইস্কুল, জুনিয়ৰ কলেজ সমূহক মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল দেখুওৱা আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবে ওচৰৰ ‘বেচ স্কুল’ৰ…
অসমত উগ্ৰপন্থী কাৰ্যকলাপ পূৰ্বতকৈ নিষ্ক্ৰিয়, জেহাদীক লৈ চিন্তিত এছ এছ বি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ আগষ্ট : অসমত বিগত ২০২০ চনৰ পৰা বি টি এ ডি এলেকাত উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ আছে আৰু এক শান্তিৰ বাতাবৰণ ঘূৰি আহিছে । কিন্ত জেহাদী সমস্যা অসমত নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে বিভিন্ন সুৰক্ষা বাহিনীৰ লগত এছ এছ বি গুৱাহাটী ফ্ৰণ্টিয়াৰে সমান্তৰাল ভাৱে কাম কৰি আছে । আজি তেজপুৰ দেৱেন্দ্ৰ নগৰ ৬৮ নং এছ এছ বি ৰ তৃতীয় দীক্ষান্ত সামাৰোহত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় গুৱাহাটী ফ্ৰণ্টিয়াৰ মহা পৰিদৰ্শক সঞ্জীৱ কুমাৰে।তেওঁ কয় সমগ্ৰ ভাৰততে বৰ্তমান জেহাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে সুৰক্ষা বাহিনী সৰৱ হৈ…
জানুৱাৰীত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ শক্তিঃ সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৯ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ গেৰুকামুখত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে ২০২৩ বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায়বোৰ কামেই সম্পূৰ্ণ হৈ উঠিছে ৷ ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কাম এতিয়া প্ৰায় ১০০ মিটাৰ সম্পূৰ্ণ হৈ উঠাৰ…
অভিনৱ থিয়েটাৰৰ “কড়োৱা চচ” ১৬ ছেপ্তেম্বৰত শান্তিনিকেতনত মঞ্চস্থ হব
লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ১৬ ছেপ্তেম্বৰ,২০২২ত শান্তিনিকেতনৰ সৃজনীত মঞ্চস্থ হব ৷ বোলপুৰ নৃত্য নিকেতন ড্যান্স গ্ৰুপ এণ্ড স্কুলৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয় নাট মহোৎসৱ “বঙ্গ নাট্য ৰং ফেষ্টিভেল”ত এই নাটকখন মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে৷ দয়াল কৃষ্ণ নাথৰ পৰিচালনা ও পৰিকল্পনাৰে কুশল ডেকাৰ ৰচিত নাটক “কড়োৱা চচ” নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ…
অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশনক লৈ তেজপুৰত বিশেষ সভা সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট : অসমৰ বৃহৎ জাতীয় অনুষ্ঠান 'অসম সাহিত্য সভা’ৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনখনিক কেন্দ্ৰ কৰি আজি তেজপুৰ সাহিত্য সভা ভৱনত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত আগন্তুক বৰ্ষৰ ৩১জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ আয়োজন কৰা হৈছে ৷ এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সম্প্ৰতি বৃহত্তৰ তেজপুৰত বসবাস কৰা লখিমপুৰ, ধেমাজি, মাজুলী, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ একাংশ সাহিত্যপ্ৰেমী ৰাইজৰ…
