Browsing Category

অসম

অসমত উগ্ৰপন্থী কাৰ্যকলাপ পূৰ্বতকৈ নিষ্ক্ৰিয়, জেহাদীক লৈ চিন্তিত এছ এছ বি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ আগষ্ট : অসমত বিগত ২০২০ চনৰ পৰা বি টি এ ডি এলেকাত উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ আছে আৰু এক শান্তিৰ বাতাবৰণ ঘূৰি আহিছে । কিন্ত জেহাদী সমস্যা অসমত নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে বিভিন্ন সুৰক্ষা বাহিনীৰ লগত এছ এছ বি গুৱাহাটী ফ্ৰণ্টিয়াৰে সমান্তৰাল ভাৱে কাম কৰি আছে । আজি তেজপুৰ দেৱেন্দ্ৰ নগৰ ৬৮ নং এছ এছ বি ৰ তৃতীয় দীক্ষান্ত সামাৰোহত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় গুৱাহাটী ফ্ৰণ্টিয়াৰ মহা পৰিদৰ্শক সঞ্জীৱ কুমাৰে।তেওঁ কয় সমগ্ৰ ভাৰততে বৰ্তমান জেহাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে সুৰক্ষা বাহিনী সৰৱ হৈ…

জানুৱাৰীত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ শক্তিঃ সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৯ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ গেৰুকামুখত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে ২০২৩ বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায়বোৰ কামেই সম্পূৰ্ণ হৈ উঠিছে ৷ ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কাম এতিয়া প্ৰায় ১০০ মিটাৰ সম্পূৰ্ণ হৈ উঠাৰ…

অভিনৱ থিয়েটাৰৰ “কড়োৱা চচ” ১৬ ছেপ্তেম্বৰত শান্তিনিকেতনত মঞ্চস্থ হব

লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ১৬ ছেপ্তেম্বৰ,২০২২ত শান্তিনিকেতনৰ সৃজনীত মঞ্চস্থ হব ৷ বোলপুৰ নৃত্য নিকেতন ড্যান্স গ্ৰুপ এণ্ড স্কুলৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয় নাট মহোৎসৱ “বঙ্গ নাট্য ৰং ফেষ্টিভেল”ত এই নাটকখন মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে৷ দয়াল কৃষ্ণ নাথৰ পৰিচালনা ও পৰিকল্পনাৰে কুশল ডেকাৰ ৰচিত নাটক “কড়োৱা চচ” নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটক খনিত অভিনৱ…

অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশনক লৈ তেজপুৰত বিশেষ সভা সম্পন্ন 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট : অসমৰ বৃহৎ জাতীয় অনুষ্ঠান 'অসম সাহিত্য সভা’ৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনখনিক কেন্দ্ৰ কৰি আজি তেজপুৰ সাহিত্য সভা ভৱনত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত আগন্তুক বৰ্ষৰ ৩১জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ আয়োজন কৰা হৈছে ৷ এই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সম্প্ৰতি বৃহত্তৰ তেজপুৰত বসবাস কৰা লখিমপুৰ, ধেমাজি, মাজুলী, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ একাংশ সাহিত্যপ্ৰেমী ৰাইজৰ…

তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাসঃ বহুকেইখন বাহনৰ ক্ষতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট: তেজপুৰ চহৰৰ মাজমজিয়াত যোৱা নিশাৰে পৰা বনৰীয়া হাতীৰ সন্ত্ৰাস চলিছিল । কালি সন্ধিয়া প্ৰায় ৮ মান বজাত তেজপুৰ জাহাজ ঘাট হৈ চিত্ৰলেখা উদ্যানত প্ৰৱেশ কৰে হাতীটোৱে। ইয়াৰ পিছতে জনসংযোগ বিষয়াৰ কাৰ্য্যালয় হৈ অসম ৰাজ্যিক পৰিবহনৰ বাছ আস্হানত প্ৰবেশ কৰে প্ৰকাণ্ড হাতীটোৱে। লগে লগে হুলস্থুলিয়া পৰিবেশ সৃষ্টি হয় চহৰখনত। তেজপুৰ এ এছটি চি বাছ আস্থানত এখন এলট' গাড়ী ক্ষতি সাধন কৰি কেবাখনো বাইকৰ ক্ষতি সাধন কৰে৷ ইয়াৰ পিছতে তেজপুৰৰ পদুমপুখুৰীত অৱস্থান কৰে । বন বিভাগৰ লোকে পদুম পুখুৰীত কেবা জাই গুলি ফুটাই হাটীটো…

তেজপুৰ চহৰত নিশা বন্যহস্তীৰ চফৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৭আগষ্ট: তেজপুৰ চহৰত আজি নিশা এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷তেজপুৰস্হিত বন কাৰ্যালয়ৰ সমীপৰ ফৰেষ্ট ঘাটৰে আহি হাতীটোৱে বন বিভাগৰ এখন বলেৰ’ বাহন ধ্বংস কৰে৷ ইয়াৰ পাছতে হাতীটোৱে ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্হানৰ সমীপৰে আহি পদুমপুখু্ৰী আৰু ত্ৰিমূৰ্তি উদ্যানৰ সমীপৰে কটন ৰ’ড হৈ জাহাজঘাটৰ দিশে গতি কৰে৷ এই সময়ত আন এখন বাহনৰো ক্ষতি সাধন কৰে হাতীটোৱে ৷ নিশা প্ৰায় ৮-৩০বজাত বনৰীয়া হাতীটোকলৈ চহৰখনত হুৱাদুৱা লাগে ৷ ইতিমধ্যে বনকৰ্মীয়ে হাতীটো খেদি নিয়ে যদিও বৰ্তমান প্ৰকাণ্ড হাতীটোৱে জাহাজঘাটৰ পুৰণা ৰে’ল ষ্টেচনৰ সমীপৰ…

অসম-অৰুণাচলৰ সীমা সমস্যাৰ বৈঠক আধৰুৱাঃ নোলাল কোনো সামাধান সূত্ৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নামচাই ঘোষণা পত্ৰৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক গেৰুকামুখৰ এন এইচ পি চিত অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে দুয়োখন ৰাজ্যৰ যুটীয়া সমিতিখনে সীমান্ত তথা দুলুং সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে ৷ বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজা পৰ্যন্ত অনুষ্ঠিত হোৱা এই সীমা সমস্যা সমাধানৰ বৈঠকখন আধৰুৱা হৈ ৰয় ৷ অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী¸ টাগে তাতিকে ধৰি কেবাজনো উচ্ছপদস্থ বিষয়াৰ লগতে অসমৰ শ্ৰম মন্ত্ৰী তথা…

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত উদ্যমিতা সজাগতা শিবিৰ

গুৱাহাটী,২৭ আগষ্ট : গুৱাহাটী আজাৰাস্থিত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উদ্যোগত আৰু অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজিৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহযোগত উদ্যমিতা বিষয়ক এক সজাগতা শিবিৰ ২৭ আগষ্ট তাৰিখে অনুষ্ঠিত হয় । অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকনলজীৰ ডাইৰেক্টৰ ড° মনোৰঞ্জন কলিতাই আদৰণী ভাষণ আগবঢ়োৱা শিবিৰটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ আৰু সুবীৰ কুমাৰ দেৱ , আৰ.বি.অ. । তেওঁলোকে খাদী আৰু গ্ৰাম…

সৰ্বসাধাৰণৰ ধৈৰ্যচ্যুতি ঘটিলেই উৎখাত হ’ব স্বেচ্ছাচাৰী শাসক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭আগষ্ট: " বৰ্তমান কাঠ, কয়লা, চুপাৰী, ড্ৰাগছ আনকি পাচলিটো চিণ্ডিকেট চলিছে অসমত ৷ ৰাজনৈতিক নেতা, আৰক্ষীৰ সহযোগ অবিহনে চিণ্ডিকেট চলোটো সম্ভৱ নহয়৷ এই ক্ষেত্ৰত বহু কৰিবলগীয়া আছে৷ আশা কৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত কাম কৰিব৷ অসমত চলা চৰকাৰী দুৰ্নীতি বিৰোধী অভিযানক আমি স্বাগতম জনাইছোঁ৷ কিন্তু সৰু সৰু সকলৰ লগতে ডাঙৰ ডাঙৰ সকলকো ধৰক৷ অসমত বহু বিয়াগোম দুৰ্নীতি হৈ আছে৷” আজি তেজপুৰত অনুষ্ঠিত এক সংবাদমেলত এই দৰে মন্তব্য কৰে আম আদমি পাৰ্টিৰ উত্তৰ পূৱৰ ৰাজ্য সমূহৰ প্ৰভাৰী ৰাজেশ শৰ্মাই ৷…

তিনিচুকীয়াত আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত মুখ্য ন্যায়াধীশ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ আগষ্ট : তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আইন সেৱা শিবিৰ আজি উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ আৰ এম চায়াই ৷ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত মুখ্য ন্যায়াধীশ আৰ এম চায়াই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা এই আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রশাসনিক বিভাগৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ…