Browsing Category
অসম
তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাসঃ বহুকেইখন বাহনৰ ক্ষতি
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট: তেজপুৰ চহৰৰ মাজমজিয়াত যোৱা নিশাৰে পৰা বনৰীয়া হাতীৰ সন্ত্ৰাস চলিছিল । কালি সন্ধিয়া প্ৰায় ৮ মান বজাত তেজপুৰ জাহাজ ঘাট হৈ চিত্ৰলেখা উদ্যানত প্ৰৱেশ কৰে হাতীটোৱে। ইয়াৰ পিছতে জনসংযোগ বিষয়াৰ কাৰ্য্যালয় হৈ অসম ৰাজ্যিক পৰিবহনৰ বাছ আস্হানত প্ৰবেশ কৰে প্ৰকাণ্ড হাতীটোৱে। লগে লগে হুলস্থুলিয়া পৰিবেশ সৃষ্টি হয় চহৰখনত। তেজপুৰ এ এছটি চি বাছ আস্থানত এখন এলট' গাড়ী ক্ষতি সাধন কৰি কেবাখনো বাইকৰ ক্ষতি সাধন কৰে৷ ইয়াৰ পিছতে তেজপুৰৰ পদুমপুখুৰীত অৱস্থান কৰে । বন বিভাগৰ লোকে পদুম পুখুৰীত কেবা জাই গুলি ফুটাই হাটীটো…
তেজপুৰ চহৰত নিশা বন্যহস্তীৰ চফৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৭আগষ্ট: তেজপুৰ চহৰত আজি নিশা এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷তেজপুৰস্হিত বন কাৰ্যালয়ৰ সমীপৰ ফৰেষ্ট ঘাটৰে আহি হাতীটোৱে বন বিভাগৰ এখন বলেৰ’ বাহন ধ্বংস কৰে৷ ইয়াৰ পাছতে হাতীটোৱে ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্হানৰ সমীপৰে আহি পদুমপুখু্ৰী আৰু ত্ৰিমূৰ্তি উদ্যানৰ সমীপৰে কটন ৰ’ড হৈ জাহাজঘাটৰ দিশে গতি কৰে৷ এই সময়ত আন এখন বাহনৰো ক্ষতি সাধন কৰে হাতীটোৱে ৷ নিশা প্ৰায় ৮-৩০বজাত বনৰীয়া হাতীটোকলৈ চহৰখনত হুৱাদুৱা লাগে ৷ ইতিমধ্যে বনকৰ্মীয়ে হাতীটো খেদি নিয়ে যদিও বৰ্তমান প্ৰকাণ্ড হাতীটোৱে জাহাজঘাটৰ পুৰণা ৰে’ল ষ্টেচনৰ সমীপৰ…
অসম-অৰুণাচলৰ সীমা সমস্যাৰ বৈঠক আধৰুৱাঃ নোলাল কোনো সামাধান সূত্ৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নামচাই ঘোষণা পত্ৰৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক গেৰুকামুখৰ এন এইচ পি চিত অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে দুয়োখন ৰাজ্যৰ যুটীয়া সমিতিখনে সীমান্ত তথা দুলুং সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে ৷ বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজা পৰ্যন্ত অনুষ্ঠিত হোৱা এই সীমা সমস্যা সমাধানৰ বৈঠকখন আধৰুৱা হৈ ৰয় ৷ অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী¸ টাগে তাতিকে ধৰি কেবাজনো উচ্ছপদস্থ বিষয়াৰ লগতে অসমৰ শ্ৰম মন্ত্ৰী তথা…
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত উদ্যমিতা সজাগতা শিবিৰ
গুৱাহাটী,২৭ আগষ্ট : গুৱাহাটী আজাৰাস্থিত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উদ্যোগত আৰু অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজিৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহযোগত উদ্যমিতা বিষয়ক এক সজাগতা শিবিৰ ২৭ আগষ্ট তাৰিখে অনুষ্ঠিত হয় । অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকনলজীৰ ডাইৰেক্টৰ ড° মনোৰঞ্জন কলিতাই আদৰণী ভাষণ আগবঢ়োৱা শিবিৰটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খাদী আৰু গ্ৰাম উদ্যোগ আয়োগ, অসমৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ আৰু সুবীৰ কুমাৰ দেৱ , আৰ.বি.অ. । তেওঁলোকে খাদী আৰু গ্ৰাম…
সৰ্বসাধাৰণৰ ধৈৰ্যচ্যুতি ঘটিলেই উৎখাত হ’ব স্বেচ্ছাচাৰী শাসক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭আগষ্ট: " বৰ্তমান কাঠ, কয়লা, চুপাৰী, ড্ৰাগছ আনকি পাচলিটো চিণ্ডিকেট চলিছে অসমত ৷ ৰাজনৈতিক নেতা, আৰক্ষীৰ সহযোগ অবিহনে চিণ্ডিকেট চলোটো সম্ভৱ নহয়৷ এই ক্ষেত্ৰত বহু কৰিবলগীয়া আছে৷ আশা কৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত কাম কৰিব৷ অসমত চলা চৰকাৰী দুৰ্নীতি বিৰোধী অভিযানক আমি স্বাগতম জনাইছোঁ৷ কিন্তু সৰু সৰু সকলৰ লগতে ডাঙৰ ডাঙৰ সকলকো ধৰক৷ অসমত বহু বিয়াগোম দুৰ্নীতি হৈ আছে৷” আজি তেজপুৰত অনুষ্ঠিত এক সংবাদমেলত এই দৰে মন্তব্য কৰে আম আদমি পাৰ্টিৰ উত্তৰ পূৱৰ ৰাজ্য সমূহৰ প্ৰভাৰী ৰাজেশ শৰ্মাই ৷…
তিনিচুকীয়াত আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত মুখ্য ন্যায়াধীশ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ আগষ্ট : তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আইন সেৱা শিবিৰ আজি উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ আৰ এম চায়াই ৷ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত মুখ্য ন্যায়াধীশ আৰ এম চায়াই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা এই আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রশাসনিক বিভাগৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ…
পৰিকল্পিত ষড়যন্ত্ৰৰ বলি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষঃ লখিমপুৰত ৬ আহোম সংগঠনৰ সংবাদমেলত দাবী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয় ৰ সদ্য নিলম্বিত অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অশ্লীল বাৰ্তালাপ, ফটোৰ প্ৰসংগক লৈ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ৬টাকৈ আহোম সংগঠনে সংবাদমেলৰ জৰিয়তে অধ্যক্ষজন ষড়যন্ত্ৰৰ বলি হোৱা বুলি সদৰি কৰে৷ আহোম সভা, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ফুৰালুং সংঘ আৰু টাই আহোম মহিলা পৰিষদে আজি প্ৰেছ ক্লাবত দুপৰীয়া এক সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া প্ৰকৃততে পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হোৱা বুলিহে কয় ৷…
প্ৰাক্তন অধ্যক্ষ,বিহগুৰি নিবাসী প্ৰভাত চন্দ্ৰ নাথৰ বিয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬আগষ্ট: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিহগুৰি ভালুকে খোৱা নিবাসী প্ৰভাত চন্দ্ৰ নাথ(৬৯)ৰ কালি সন্ধিয়া ৬-১৫বজাত নিজা বাসগৃহত বিয়োগ ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে,যোৱা কিছুদিন ধৰি মধুমেহ আৰু স্নায়ু জনিত ৰোগত আক্ৰান্ত আছিল প্ৰয়াত শিক্ষক গৰাকী৷ বিজ্ঞানৰ লগতে গণিতৰ শিক্ষক হিচাপে কৰ্মজীৱনত সুখ্যাতি থকা নাথে ১৯৬২ ত অঞ্চলটোৰ ভিতৰত প্ৰথম জন ছাত্ৰ হিচাপে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।তেওঁ প্ৰথমে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
তেজপুৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এবিভিপিৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: ৰাজ্য চৰকাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ আজি তেজপুৰৰ আদালত চাৰিআলিত ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এ বি ভি পি ৰ সদস্য সকলে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰিয়েই মাতৃভাষাত পাঠ দান কৰাৰ দাবী জনায় গণ স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰে৷উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা…
আন্তঃগাঁথনি জৰীপৰ বাবে হ’ব এইবাৰ হ’ব “স্বাস্থ্য উৎসৱ”
গুৱাহাটী, ২৬ আগষ্ট: চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা উদ্বোধন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই আজি এইকথা ঘোষণা কৰে। স্বাস্থ্যসেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ)-এ ৰাজ্যত নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ অধিক জোৰদাৰ আৰু ফলপ্ৰসূ ৰূপায়ন সন্দৰ্ভত দুদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালা শুক্ৰবাৰে আগবেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি…
