Browsing Category
অসম
পৰিকল্পিত ষড়যন্ত্ৰৰ বলি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষঃ লখিমপুৰত ৬ আহোম সংগঠনৰ সংবাদমেলত দাবী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয় ৰ সদ্য নিলম্বিত অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অশ্লীল বাৰ্তালাপ, ফটোৰ প্ৰসংগক লৈ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ৬টাকৈ আহোম সংগঠনে সংবাদমেলৰ জৰিয়তে অধ্যক্ষজন ষড়যন্ত্ৰৰ বলি হোৱা বুলি সদৰি কৰে৷ আহোম সভা, টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ফুৰালুং সংঘ আৰু টাই আহোম মহিলা পৰিষদে আজি প্ৰেছ ক্লাবত দুপৰীয়া এক সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া প্ৰকৃততে পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হোৱা বুলিহে কয় ৷…
প্ৰাক্তন অধ্যক্ষ,বিহগুৰি নিবাসী প্ৰভাত চন্দ্ৰ নাথৰ বিয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬আগষ্ট: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিহগুৰি ভালুকে খোৱা নিবাসী প্ৰভাত চন্দ্ৰ নাথ(৬৯)ৰ কালি সন্ধিয়া ৬-১৫বজাত নিজা বাসগৃহত বিয়োগ ঘটাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে,যোৱা কিছুদিন ধৰি মধুমেহ আৰু স্নায়ু জনিত ৰোগত আক্ৰান্ত আছিল প্ৰয়াত শিক্ষক গৰাকী৷ বিজ্ঞানৰ লগতে গণিতৰ শিক্ষক হিচাপে কৰ্মজীৱনত সুখ্যাতি থকা নাথে ১৯৬২ ত অঞ্চলটোৰ ভিতৰত প্ৰথম জন ছাত্ৰ হিচাপে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।তেওঁ প্ৰথমে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
তেজপুৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এবিভিপিৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: ৰাজ্য চৰকাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ আজি তেজপুৰৰ আদালত চাৰিআলিত ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এ বি ভি পি ৰ সদস্য সকলে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰিয়েই মাতৃভাষাত পাঠ দান কৰাৰ দাবী জনায় গণ স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰে৷উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা…
আন্তঃগাঁথনি জৰীপৰ বাবে হ’ব এইবাৰ হ’ব “স্বাস্থ্য উৎসৱ”
গুৱাহাটী, ২৬ আগষ্ট: চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা উদ্বোধন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই আজি এইকথা ঘোষণা কৰে। স্বাস্থ্যসেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ)-এ ৰাজ্যত নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ অধিক জোৰদাৰ আৰু ফলপ্ৰসূ ৰূপায়ন সন্দৰ্ভত দুদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালা শুক্ৰবাৰে আগবেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি…
চি আৰ পি এফ মহাপৰিদৰ্শকৰ তেজপুৰ ভ্ৰমণ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬আগষ্টঃ শোণিতপুৰস্থিত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নটো কালি পৰিদৰ্শন কৰে যোৰহাট সংমণ্ডলৰ মহাপৰিদৰ্শক সৰবজিত সিংহই। পৰিদৰ্শন কালচোৱাত সিংহই যোৰহাট সংমণ্ডল অধীনষ্ঠ শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয়। ইপিনে বেটেলিয়ন কেন্দ্ৰটোত চলি থকা স্বাস্থ্য সম্পৰ্কীয় বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীতো অংশ লয় মহাপৰিদৰ্শক সৰবজিত সিংহই। এই পৰিদৰ্শনৰ সময়তে বেটেলিয়নৰ অন্যান্য প্ৰশাসনিক কাম- কাজৰো বুজ লয় সিংহই। বেটেলিয়নটোৰ সুচাৰু পৰিচালনা তথা কাৰ্যদক্ষতাৰ বিশেষভাৱে শলাগ লয় মহাপৰিদৰ্শক সিংহই।…
চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: চৰকাৰী খণ্ডৰ বহু সংখ্যক বিদ্যালয় বন্ধ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বান মৰ্মে সংগঠনটোৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ আদালত চাৰি আলিত ৰাজ্যিক প্ৰতিবাদ দিৱস কাৰ্যসূচী পালন কৰা হয়। কোনো অজুহাতত চৰকাৰী বিদ্যালয় বন্ধ কৰা নচলিব, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা বন্ধ কৰক, মেট্ৰিক পৰীক্ষাৰ শূন্য় ফলাফলৰ অজুহাতত চৰকাৰী খণ্ডৰ স্কুল বন্ধ কৰা নচলিব, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ, অনুত্তীৰ্ণ প্ৰথা পুণৰ…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত ছাত্ৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই হঠাৎ মাচুল বৃদ্ধিৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অতি সোনকালে মাচুল হ্ৰাস কৰিবলৈ দাবী জনায় ৷ ছাত্ৰ সমাজৰ হকে আৰম্ভ কৰা ন্যায্য যুঁজত ডিব্ৰুগড় বিশ্ববিদ্যালয়…
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন ( আপ ডেটেড বাতৰি )
পূৰ্বৰ একাধিক অভিযোগ পৰিচালনা সমিতিয়ে গাপ দিয়া অভিযোগ উত্থাপন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত চলা যৌনগন্ধী বাৰ্তালাপ তথা অশ্লীল ফটো ভাইৰেল হোৱা সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে যথোচিত পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰিছে আছুৱে।আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰাই অধ্যক্ষজনৰ ক্ষেত্ৰত জিলা প্ৰশাসন, জিলা আৰক্ষী তথা চৰকাৰে কোনো…
ইয়াংখু অসম ওৰফে অচিন্ত মৰাণক শ্বহীদ ঘোষণা আলফা স্বাধীনৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ আগষ্টঃ যোৱা ৯ আগষ্টত সেনা- আৰক্ষীৰ অভিযানত আহত হোৱা আলফা স্বাধীনৰ অনায়োগ বিষয়া চাৰ্জেণ্ট ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ আজি পুৱা ৫-২৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। এক ই মেইল বাৰ্তাৰে এই কথা সদৰী কৰে আলফা স্বাধীনৰ নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেদিয়াৰ অৰুণোদয় অসমে। আনহাতে আলফা স্বাধীনৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসমে মৃত ইয়াংখু অসমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেঁওক মৰণোত্তৰ ভাবে চাৰ্জেণ্ট মেজৰ পদবী প্ৰদান কৰাৰ লগতে অমৰ মৃতক (শ্বহীদ) ঘোষণা কৰে। উল্লেখ্য যে অচিন্ত মৰাণ তিনিচুকীয়া…
লখিমপুৰত সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে কঁপালে শিক্ষা বিষয়াৰ কাৰ্যালয়
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰত আজি সহস্ৰাধিক ৰন্ধন কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীৰে শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত পুৱা ১০ বজাত ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা বৃহৎ সমদলে হাতে হাতে প্লে-কাৰ্ড লৈ লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত হয়৷ ৰন্ধন কৰ্মীসকলে পাবলৈ থকা পাৰিতোষিক প্ৰদানৰ দাবী জনোৱাৰ লগতে অসম চৰকাৰে অক্ষয় পাত্ৰ ফাউণ্ডেচনক মধ্যাহ্ন ভোজনৰ প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ বিছৰা কাৰ্যৰ তীব্ৰ…
