Browsing Category
অসম
তিনিচুকীয়াত আবকাৰী অভিযানত উচ্ছেদ ১২ টা অবৈধ চুলাই ভাটি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ আগষ্টঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অঞ্চলত আজি আবকাৰী বিভাগে চলোৱা এক অভিযানত গুইজানৰ নতুন গাঁৱত ১২ টা অবৈধ চুলাই ভাটি ধ্বংস কৰাৰ লগতে কেইবা হেজাৰ লিটাৰ চুলাই মদ আৰু গেলাপাছ নষ্ট কৰে। জানিব পৰা মতে তিনিচুকীয়াৰ আবকাৰী বিভাগৰ দলে গুইজান আৰক্ষী, চি আৰ পি এফ আৰু তিনিচুকীয়া আৰক্ষীৰ বীৰাংগনাৰ এটা দলৰ সহযোগত নতুন গাঁৱত চলোৱা উক্ত অভিযানত ১২টা চুলাই ভাটি ধ্বংস কৰাৰ লগতে প্ৰায় ১০,৬০০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা গেলাপাছ আৰু প্ৰায় ৫৫ লিটাৰ চুলাই মদ নষ্ট কৰে। তদুপৰি অভিযানকাৰী দলটোৱে চুলাই…
ৰাষ্ট্ৰপতিৰ পুৰস্কাৰলৈ ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে মিনাক্ষী গোস্বামীৰ নাম ঘোষণা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্ট: ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে এইবাৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিব তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিনাক্ষী গোস্বামীয়ে৷ উল্লেখযোগ্য যে,নৰ্থ ইষ্ট ৰাইটাৰ্চ ফৰামৰ সদস্য গোস্বামী এগৰাকী ক্ৰীড়া সংগঠকো ৷ তেজপুৰৰ মাজগাঁও ৰত্নপুৰ নিবাসী তথা চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ড° লোহিত চন্দ্ৰ গোস্বামী আৰু গীতা গোস্বামীৰ কন্যা শিক্ষয়িত্ৰী গোস্বামীয়ে ২০০৭ত ভাৰতীয় চিকিৎসা সন্হাৰ দ্বাৰা আয়োজিত…
অৰুণাচল প্ৰদেশৰ বিভিন্ন বিভাগত কোটি টকাৰ কেলেংকাৰীৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পদ পথে দিল্লী যাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ আগষ্টঃ অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যখনৰ দুৰ্নীতি বিৰোধী এটা সংগঠনে। আৰু সেইবাবেই অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা পদ পথৰে প্ৰতিবাদ কৰি নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে এই সংগঠনটোৱে ।মুঠ ১৬ জনীয়া দলটোৱে আজি চতুথ দিনা তেজপুৰ অতিক্রম কৰে। বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে এই সংগঠনটো। ৰাজ্যখনৰ বহুকেইটা বিভাগত কেবাশ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপিত কৰি এই সংগঠনটোৱে যোৱা জুলাই মাহৰ ২৩ৰ পৰা ২৯ তাৰিখত ইটানগত ইন্দিৰা…
ঢেকিজুলিৰ দুৰ্ভগীয়া বনকৰা কিশোৰীৰ বাসগৃহত ফৰেনছিকৰ দলঃখান্দি উলিয়ালে মৃতদেহ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্টঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বনকৰা কিশোৰী মৃত্যু হোৱাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াইছে আৰক্ষীয়ে ৷বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দলে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাতে কতো ত্ৰুটি ৰৈ নাযায়। আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ আৰতি তুৰিৰ বাসগৃহত বিশেষ তদন্তকাৰী আৰু ফৰেনছিকৰ এটা ৭জনীয়া দল উপস্থিত হয় ৷ বিশেষ তদন্তকাৰী দল আৰ ফৰেনছিকৰ দলটোৰ তদন্তকাৰী কমিটিৰ অন্যতম সদস্য তথা চি আই ডিৰ অধীক্ষক কল্যান ফুকনৰ নেতৃত্বত উপস্থিত হোৱা…
ৰাজ্যত ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে স্থাপন কৰা হ’ব ৫০টা ধান মিল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ অসম চৰকাৰে ৰাজ্যত ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী শৰ্মাই জনতা ভৱনত কৃষক উৎপাদক কোম্পানীৰ মাজত বিতৰণ হ’বলগীয়া ৰাইচ মিল, কম্বাইণ্ড হাৰ্ভেষ্টাৰ আৰু মিনি ট্ৰাকৰ বাবে প্ৰস্তাৱিত আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ…
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক বাধ্যতামূলক ছুটীঃ তদন্তৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ অগ্ৰণী অনুষ্ঠান নৰ্থ লখিমপুৰ (স্বায়ত্ত শাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত ফেচবুকৰ মেচেঞ্জাৰ আৰু ৱাটচএপত যৌনগন্ধি বাৰ্তালাপ কৰাৰ কেতবোৰ স্কীন শ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ফলত আজি মহাবিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰত একাংশ ছাত্ৰ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনায় ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা উক্ত ঘটনাই…
কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধা লাভ কৰিব ৰাজ্যিক বিষয়া-কৰ্মচাৰীয়ে
সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক। মাষ্টাৰ ৰোলৰ ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত এক বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীৰ বাবে থকা চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী অধিক সৰলীকৰণ কৰা সন্দৰ্ভত আলোচনা কৰে৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া-কৰ্মচাৰীসকলৰ বাবে…
চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ বধাকৰাত সোৱণশিৰি নদীয়ে এতিয়া চপৰা চপৰে গৰা খহোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ লাইলেঙিয়াত নদীখনে ধেনুভিৰিয়াকৈ তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত সমগ্ৰ বধাকৰা অঞ্চলত নদীখনে এফালৰ পৰা গৰা খহনীয়াৰ সৃষ্টি…
তেজপুৰত চাউলৰ ক’লা বজাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪আগষ্টঃ দৰিদ্ৰ জনসাধাৰণৰ বাবে আৱন্টিত চৰকাৰী চাউলৰ ক’লা ব্যৱসায় তেজপুৰৰ বিভিন্ন স্হানত চলি থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কালি তেজপুৰৰ বেছেৰীয়া কটকী চুবুৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগে চলোৱা এক অভিযানত ১৬৭বস্তা চাউল জব্দ কৰে৷ বিভাগীয় তথ্য অনুসৰি,কালি দিনৰ প্ৰায় তিনি বজাত বেছেকীয়া কটকী চুবুৰীত বিভাগীয় পৰিদৰ্শক নেকিবুৰ খানৰ নেতৃত্বত তোলেন্দ্ৰ বৰা নামৰ লোকজনৰ ঘৰত এই অভিযান চলে৷ অভিযানৰ কালত লোকজনৰ ঘৰৰ পৰা ২৫কিলোগ্ৰামৰ ১১টা, ১০কিলোগ্ৰামৰ ৪২টা চাউল ভৰ্তি বস্তা সহ মুঠ ৬৫কুইন্টল চাউল জব্দ কৰা হয়৷…
১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন
পাঁচদিনীয়া কাৰ্যসূচীৰে হ'ব অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন। দাখিল হ'ব বিধেয়ক। ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত হ'ব ভোটদান। উপস্থাপন হ'ব ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰ সোমবাৰৰ চৰকাৰী কাৰ্যসূচীত থাকিব মৃত্যু প্রসঙ্গ, প্রশ্ন শিতান, অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন…
