Browsing Category

অসম

 চি আৰ পি এফ মহাপৰিদৰ্শকৰ তেজপুৰ ভ্ৰমণ

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬আগষ্টঃ শোণিতপুৰস্থিত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নটো কালি পৰিদৰ্শন কৰে যোৰহাট সংমণ্ডলৰ মহাপৰিদৰ্শক সৰবজিত সিংহই। পৰিদৰ্শন কালচোৱাত সিংহই যোৰহাট সংমণ্ডল অধীনষ্ঠ শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয়। ইপিনে বেটেলিয়ন কেন্দ্ৰটোত চলি থকা স্বাস্থ্য সম্পৰ্কীয় বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীতো অংশ লয় মহাপৰিদৰ্শক সৰবজিত সিংহই। এই পৰিদৰ্শনৰ সময়তে বেটেলিয়নৰ অন্যান্য প্ৰশাসনিক কাম- কাজৰো বুজ লয় সিংহই। বেটেলিয়নটোৰ সুচাৰু পৰিচালনা তথা কাৰ্যদক্ষতাৰ বিশেষভাৱে শলাগ লয় মহাপৰিদৰ্শক সিংহই।…

চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: চৰকাৰী খণ্ডৰ বহু সংখ্যক বিদ্যালয় বন্ধ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বান মৰ্মে সংগঠনটোৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ আদালত চাৰি আলিত ৰাজ্যিক প্ৰতিবাদ দিৱস কাৰ্যসূচী পালন কৰা হয়। কোনো অজুহাতত চৰকাৰী বিদ্যালয় বন্ধ কৰা নচলিব, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা বন্ধ কৰক, মেট্ৰিক পৰীক্ষাৰ শূন্য় ফলাফলৰ অজুহাতত চৰকাৰী খণ্ডৰ স্কুল বন্ধ কৰা নচলিব, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ, অনুত্তীৰ্ণ প্ৰথা পুণৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত ছাত্ৰ বিক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই হঠাৎ মাচুল বৃদ্ধিৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অতি সোনকালে মাচুল হ্ৰাস কৰিবলৈ দাবী জনায় ৷ ছাত্ৰ সমাজৰ হকে আৰম্ভ কৰা ন্যায্য যুঁজত ডিব্ৰুগড় বিশ্ববিদ্যালয়…

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন ( আপ ডেটেড বাতৰি )

 পূৰ্বৰ একাধিক অভিযোগ পৰিচালনা সমিতিয়ে গাপ দিয়া অভিযোগ উত্থাপন শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত চলা যৌনগন্ধী বাৰ্তালাপ তথা অশ্লীল ফটো ভাইৰেল হোৱা সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে যথোচিত পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰিছে আছুৱে।আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰাই অধ্যক্ষজনৰ ক্ষেত্ৰত জিলা প্ৰশাসন, জিলা আৰক্ষী তথা চৰকাৰে কোনো…

ইয়াংখু অসম ওৰফে অচিন্ত মৰাণক শ্বহীদ ঘোষণা আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ আগষ্টঃ যোৱা ৯ আগষ্টত সেনা- আৰক্ষীৰ অভিযানত আহত হোৱা আলফা স্বাধীনৰ অনায়োগ বিষয়া চাৰ্জেণ্ট ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ আজি পুৱা ৫-২৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। এক ই মেইল বাৰ্তাৰে এই কথা সদৰী কৰে আলফা স্বাধীনৰ নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্ৰিগেদিয়াৰ অৰুণোদয় অসমে। আনহাতে আলফা স্বাধীনৰ উচ্চতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ অসমে মৃত ইয়াংখু অসমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেঁওক মৰণোত্তৰ ভাবে চাৰ্জেণ্ট মেজৰ পদবী প্ৰদান কৰাৰ লগতে অমৰ মৃতক (শ্বহীদ) ঘোষণা কৰে। উল্লেখ্য যে অচিন্ত মৰাণ তিনিচুকীয়া…

লখিমপুৰত সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে কঁপালে শিক্ষা বিষয়াৰ কাৰ্যালয়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰত আজি সহস্ৰাধিক ৰন্ধন কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীৰে শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত পুৱা ১০ বজাত ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা বৃহৎ সমদলে হাতে হাতে প্লে-কাৰ্ড লৈ লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত হয়৷ ৰন্ধন কৰ্মীসকলে পাবলৈ থকা পাৰিতোষিক প্ৰদানৰ দাবী জনোৱাৰ লগতে অসম চৰকাৰে অক্ষয় পাত্ৰ ফাউণ্ডেচনক মধ্যাহ্ন ভোজনৰ প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ বিছৰা কাৰ্যৰ তীব্ৰ…

তিনিচুকীয়াত আবকাৰী অভিযানত উচ্ছেদ ১২ টা অবৈধ চুলাই ভাটি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৫ আগষ্টঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অঞ্চলত আজি আবকাৰী বিভাগে চলোৱা এক অভিযানত গুইজানৰ নতুন গাঁৱত ১২ টা অবৈধ চুলাই ভাটি ধ্বংস কৰাৰ লগতে কেইবা হেজাৰ লিটাৰ চুলাই মদ আৰু গেলাপাছ নষ্ট কৰে। জানিব পৰা মতে তিনিচুকীয়াৰ আবকাৰী বিভাগৰ দলে গুইজান আৰক্ষী, চি আৰ পি এফ আৰু তিনিচুকীয়া আৰক্ষীৰ বীৰাংগনাৰ এটা দলৰ সহযোগত নতুন গাঁৱত চলোৱা উক্ত অভিযানত ১২টা চুলাই ভাটি ধ্বংস কৰাৰ লগতে প্ৰায় ১০,৬০০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা গেলাপাছ আৰু প্ৰায় ৫৫ লিটাৰ চুলাই মদ নষ্ট কৰে। তদুপৰি অভিযানকাৰী দলটোৱে চুলাই…

ৰাষ্ট্ৰপতিৰ পুৰস্কাৰলৈ  ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে মিনাক্ষী গোস্বামীৰ নাম ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্ট: ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে এইবাৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিব তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিনাক্ষী গোস্বামীয়ে৷ উল্লেখযোগ্য যে,নৰ্থ ইষ্ট ৰাইটাৰ্চ ফৰামৰ সদস্য গোস্বামী এগৰাকী ক্ৰীড়া সংগঠকো ৷ তেজপুৰৰ মাজগাঁও ৰত্নপুৰ নিবাসী তথা চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ড° লোহিত চন্দ্ৰ গোস্বামী আৰু গীতা গোস্বামীৰ কন্যা শিক্ষয়িত্ৰী গোস্বামীয়ে ২০০৭ত ভাৰতীয় চিকিৎসা সন্হাৰ দ্বাৰা আয়োজিত…

অৰুণাচল প্ৰদেশৰ বিভিন্ন বিভাগত কোটি টকাৰ কেলেংকাৰীৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পদ পথে দিল্লী যাত্ৰা 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ আগষ্টঃ অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যখনৰ দুৰ্নীতি বিৰোধী এটা সংগঠনে। আৰু সেইবাবেই অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা পদ পথৰে প্ৰতিবাদ কৰি নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে এই সংগঠনটোৱে ।মুঠ ১৬ জনীয়া দলটোৱে আজি চতুথ দিনা তেজপুৰ অতিক্রম কৰে। বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে এই সংগঠনটো। ৰাজ্যখনৰ বহুকেইটা বিভাগত কেবাশ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপিত কৰি এই সংগঠনটোৱে যোৱা জুলাই মাহৰ ২৩ৰ পৰা ২৯ তাৰিখত ইটানগত  ইন্দিৰা…

ঢেকিজুলিৰ দুৰ্ভগীয়া বনকৰা কিশোৰীৰ বাসগৃহত ফৰেনছিকৰ দলঃখান্দি উলিয়ালে মৃতদেহ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্টঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বনকৰা কিশোৰী মৃত্যু হোৱাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াইছে আৰক্ষীয়ে ৷বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দলে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাতে কতো ত্ৰুটি ৰৈ নাযায়। আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ আৰতি তুৰিৰ বাসগৃহত বিশেষ তদন্তকাৰী আৰু ফৰেনছিকৰ এটা ৭জনীয়া দল উপস্থিত হয় ৷ বিশেষ তদন্তকাৰী দল আৰ ফৰেনছিকৰ দলটোৰ তদন্তকাৰী কমিটিৰ অন্যতম সদস্য তথা চি আই ডিৰ অধীক্ষক কল্যান ফুকনৰ নেতৃত্বত উপস্থিত হোৱা…