Browsing Category

অসম

এমজিএনৰেগা আঁচনিৰ পথ নিৰ্মানত ধন লুণ্ঠনৰ অভিযোগ তুলি ৰাইজৰ উত্তাল প্ৰতিবাদঃ

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪আগষ্টঃ শোণিতপুৰ জিলাৰ ৭২নং বৰছলা সমষ্টিত স্বয়ং দলীয় নেতাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে।সমষ্টিটোৰ অন্তৰ্গত প্ৰায় সমুহ পঞ্চায়ততে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে যদি এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহণ কৰিবলৈ যেন কাৰো আহৰি নাই ।আনকি বিধায়ক গণেশ লিম্বুৰ ভূমিকাও ৰহস্যজনক আখ্যা দিছে প্ৰতিবাদ কৰি ৰাইজে । বৰছলাৰ বিধান সভা সমষ্টিৰ চিৰাজুলি গাওঁ পঞ্চায়তত বিজেপিৰ শোণিতপুৰ জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ…

গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণ জব্দ। এজন সৰবৰাহকাৰীসহ পুৱা ৰাজধানী এক্মপ্ৰেছত জব্দ দুটা সোণৰ বিস্কুট। বিস্কুট দুটাৰ ওজন ৩২৩ গ্ৰাম। ডিমাপুৰৰ পৰা চেন্নাইলৈ নি আছিল সোণৰ বিস্কুট দুটা। পেন্টৰ পকেটত ভৰাই সৰবৰাহ কৰিছিল ২টা সোণৰ বিস্কুট। সোণৰ বিস্কুট দুটাৰ মূল্য প্ৰায় ১৫ লাখ টকা। মহম্মদ মহিউদ্দিন নামৰ তামিলনাডুৰ যুৱকজনে সৰবৰাহ কৰিছিল সোণৰ বিস্কুট দুটা। জি আৰ পি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যানশস্য সঞ্চালক -পৰিসংখ্যা সঞ্চালকসকলৰ উচ্চস্তৰীয় কৰ্মশালা 

থোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হব পৰাকৈ সঠিক আঁচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পাৰি --- ড° প্ৰভাত কুমাৰশতাব্দ প্ৰতিনিধি, যোৰহাট ,২৪ আগষ্ট : ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য সঞ্চালক আৰু পৰিসংখ্যা সঞ্চালক সকল আজি যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ত মিলিত হৈ অসম তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্যৰ সম্পদ, সম্ভাৱনা আৰু পৰিসংখ্যাৰ ওপৰত বিশেষভাবে পৰ্যালোচনা কৰে । উদ্যান শস্যৰ দিশত সঠিক তথ্য আহৰণৰ জৰিয়তে সঠিক নীতি নিৰ্ধাৰণৰ দিশত কেনেদৰে আগবাঢ়িব সেই আলোচনাৰ বাবে উত্তৰ পূৱ…

কৰ্মচাৰীক প্ৰহাৰ কৰিলে বিধায়কে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ জনতা ভৱনত উত্তপ্ত পৰিস্থিতি। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহণ বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈয়ে জনতা ভৱনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰে সচিবালয়ৰ এজন কৰ্মচাৰীক। পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰাত পৰিস্থিতি উত্তাল হৈ পৰে। উল্লেখ্য যে বিধায়ক জয়ন্ত…

লখিমপুৰত একেদিনাই তিনিখন গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৪ আগষ্ট : উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ২০২২-২৩ বৰ্ষৰ ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা 'নৱাগত আদৰণী' সভাখনত তিনিখনকৈ মূল্যবান গ্রন্থ উন্মোচন কৰা হয়। তদুপলক্ষে বিদ্যালয় প্রাঙ্গনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ নবকৃষ্ণ ৰাজখোৱাই। ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই। পানীগাঁও অ. পি. ডি. মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰেশ দত্ত, প্রাক্তন অধ্যক্ষ…

লখিমপুৰত ‘মানৱ শৃংখল’ৰে উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৩ আগষ্টঃ লখিমপুৰত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ বিৰুদ্ধে মানৱ শৃংখলৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ নগৰখনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা, নলা-নৰ্দমা নিৰ্মাণ কৰা, সঠিক ভাৱে জাবৰ নিষ্কাষণ কৰা, নলা-নৰ্দমা নিৰ্মাণত দুৰ্নীতি হোৱা আদিৰ প্ৰতিবাদত এনেদৰে আছুৱে দুপৰীয়া উত্তৰ লখিমপুৰ পৌৰসভাৰ সন্মুখত বৃহৎ মানৱ শৃংখলৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পিংকু বৰদলৈ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লিটু গগৈয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ চূড়ান্ত…

জলজীৱন আঁচনিৰ নামত ৰঙাপৰাত প্ৰৱঞ্চনা দৰিদ্ৰ পৰিয়ালক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অভিলাষী জলজীৱন আঁচনি ৰূপায়ণৰ নামত আৰ্থিকভাবে দৰিদ্ৰ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা এক গুৰুতৰ অভিযোগ অনুসৰি,এক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি প্ৰলোভনৰে ৰঙাপৰাৰ এটা পৰিয়ালৰ পৰা অধিগ্ৰহণ কৰি পাছত সেই পৰিয়ালটোক চূড়ান্ত প্ৰতাৰণা কৰাৰ বিপৰীতে বৰ্তমান এই আঁচনিৰ ৰূপায়ণৰ কামো বন্ধ আছে৷ অভিযোগ অনুসৰি,ৰঙাপৰা বিধান সভা সমষ্টিৰ নামনি গাঁও পঞ্চায়ত অন্তৰ্গত নগাপথাৰৰ জৰ্জ খেৰীয়া ইন্দুৱাৰ আৰু তেওঁৰ পৰিয়ালৰ ডেৰ-দুইকথা ম্যাদী…

৩৭সংখ্যক ৰাজ্যিক টাইকোৱানড’ত শোণিতপুৰৰ সাফল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: ৰাজ্যত টাইকোৱানড’ খেলৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকা শোণিতপুৰৰ বহুসংখ্যক টাইকোৱানড’ খেলুৱৈয়ে ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় তথা ৰাজ্যিক আদি কৰি বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ১৭-২০ আগষ্টলৈকে দুলীয়াজানত অনুষ্ঠিত হোৱা ৩৭সংখ্যক সদৌ অসম টাইকোৱানড’ প্ৰতিযোগিতাত শোণিতপুৰ দলে বিভিন্ন শাখাত মুঠ ২০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ খেলুৱৈয়ে ফাইট শাখাত এটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু নটা ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে পুমচে শাখাত লাভ কৰে দুটা ৰূপ , ছয়টা ব্ৰঞ্জৰ…

তেজপুৰ বিশ্ববিদ্যালয়ত ‘অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী’ শীর্ষক আলোচনা-সত্ৰ সম্পন্ন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩আগষ্ট: ভাৰতবৰ্ষৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে, বছৰজুৰি উদযাপিত 'মহাৰজত জয়ন্তী'ৰ বিশেষ পদক্ষেপ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী' বিষয়ক এখন আলোচনা-সত্ৰ অনুষ্ঠিত হয়৷ পুৱা দহ বজাৰপৰা আৰম্ভ হোৱা আলোচনা-সত্ৰখনৰ উদ্বোধনী অধিৱেশন আয়োজক সমিতিৰ সভাপতি ড° সুব্রত জ্যোতি নেওগৰ আদৰণী ভাষণেৰে আৰম্ভ হয়। আলোচনা-সত্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে, সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মন্দাকিনী বৰুৱাই। উদ্বোধনী ভাষণ প্ৰদান কৰে, বিশ্ববিদ্যালয়ৰ…

পেভিলিয়ন নিৰ্মাণৰ নামত তিনিচুকীয়াৰ একমাত্ৰ টেনিছ কৰ্ট বন্ধৰ চক্ৰান্ত

 ক্ৰীড়াপ্ৰেমীৰ আজৱ কাণ্ড : শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : সুদীৰ্ঘ প্ৰায় ৩৫ টা বছৰ অতিক্ৰম কৰা তিনিচুকীয়া চহৰৰ কচুজান খেলপথাৰস্থিত একমাত্ৰ টেনিছ কৰ্টখন বন্ধ কৰাৰ বাবে এটা ফৈদে চক্ৰান্ত ৰচনা কৰা কাৰ্য্যই ক্ষোভিত কৰি তুলিছে তিনিচুকীয়া টেনিছ ক্লাবৰ সদস্যসকলক ৷ উল্লেখ্য যে ১৯৮৭ চনতে প্ৰতিষ্ঠা লাভ কৰা তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কচুজান খেলপথাৰস্থিত টেনিছ কৰ্টখন বিগত ২০০৯ চনত বিভিন্ন পক্ষ আৰু ব্যক্তিৰ সহযোগত ক্লে কৰ্টৰ পৰা ছিন্থেটিক কৰ্টলৈ উন্নীত কৰাৰ লগতে ফ্লাড লাইট, ক্লাবহাউচ আদি সুবিধাৰ সংযোজন কৰা হয় ৷ ইয়াৰ…