Browsing Category
অসম
ৰাজ্যত ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে স্থাপন কৰা হ’ব ৫০টা ধান মিল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ অসম চৰকাৰে ৰাজ্যত ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী শৰ্মাই জনতা ভৱনত কৃষক উৎপাদক কোম্পানীৰ মাজত বিতৰণ হ’বলগীয়া ৰাইচ মিল, কম্বাইণ্ড হাৰ্ভেষ্টাৰ আৰু মিনি ট্ৰাকৰ বাবে প্ৰস্তাৱিত আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ…
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক বাধ্যতামূলক ছুটীঃ তদন্তৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ অগ্ৰণী অনুষ্ঠান নৰ্থ লখিমপুৰ (স্বায়ত্ত শাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত ফেচবুকৰ মেচেঞ্জাৰ আৰু ৱাটচএপত যৌনগন্ধি বাৰ্তালাপ কৰাৰ কেতবোৰ স্কীন শ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ফলত আজি মহাবিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰত একাংশ ছাত্ৰ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনায় ৷ সামাজিক মাধ্যমত ভাইৰেল হোৱা উক্ত ঘটনাই…
কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধা লাভ কৰিব ৰাজ্যিক বিষয়া-কৰ্মচাৰীয়ে
সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক। মাষ্টাৰ ৰোলৰ ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত এক বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়া-কৰ্মচাৰীৰ বাবে থকা চিকিৎসা ব্যয় পৰিশোধ ব্যৱস্থাৱলী অধিক সৰলীকৰণ কৰা সন্দৰ্ভত আলোচনা কৰে৷ নতুন ব্যৱস্থাৰ অধীনত বিষয়া-কৰ্মচাৰীসকলৰ বাবে…
চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ বধাকৰাত সোৱণশিৰি নদীয়ে এতিয়া চপৰা চপৰে গৰা খহোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ লাইলেঙিয়াত নদীখনে ধেনুভিৰিয়াকৈ তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত সমগ্ৰ বধাকৰা অঞ্চলত নদীখনে এফালৰ পৰা গৰা খহনীয়াৰ সৃষ্টি…
তেজপুৰত চাউলৰ ক’লা বজাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪আগষ্টঃ দৰিদ্ৰ জনসাধাৰণৰ বাবে আৱন্টিত চৰকাৰী চাউলৰ ক’লা ব্যৱসায় তেজপুৰৰ বিভিন্ন স্হানত চলি থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কালি তেজপুৰৰ বেছেৰীয়া কটকী চুবুৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগে চলোৱা এক অভিযানত ১৬৭বস্তা চাউল জব্দ কৰে৷ বিভাগীয় তথ্য অনুসৰি,কালি দিনৰ প্ৰায় তিনি বজাত বেছেকীয়া কটকী চুবুৰীত বিভাগীয় পৰিদৰ্শক নেকিবুৰ খানৰ নেতৃত্বত তোলেন্দ্ৰ বৰা নামৰ লোকজনৰ ঘৰত এই অভিযান চলে৷ অভিযানৰ কালত লোকজনৰ ঘৰৰ পৰা ২৫কিলোগ্ৰামৰ ১১টা, ১০কিলোগ্ৰামৰ ৪২টা চাউল ভৰ্তি বস্তা সহ মুঠ ৬৫কুইন্টল চাউল জব্দ কৰা হয়৷…
১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন
পাঁচদিনীয়া কাৰ্যসূচীৰে হ'ব অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন। দাখিল হ'ব বিধেয়ক। ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত হ'ব ভোটদান। উপস্থাপন হ'ব ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰ সোমবাৰৰ চৰকাৰী কাৰ্যসূচীত থাকিব মৃত্যু প্রসঙ্গ, প্রশ্ন শিতান, অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন…
এমজিএনৰেগা আঁচনিৰ পথ নিৰ্মানত ধন লুণ্ঠনৰ অভিযোগ তুলি ৰাইজৰ উত্তাল প্ৰতিবাদঃ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪আগষ্টঃ শোণিতপুৰ জিলাৰ ৭২নং বৰছলা সমষ্টিত স্বয়ং দলীয় নেতাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে।সমষ্টিটোৰ অন্তৰ্গত প্ৰায় সমুহ পঞ্চায়ততে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে যদি এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহণ কৰিবলৈ যেন কাৰো আহৰি নাই ।আনকি বিধায়ক গণেশ লিম্বুৰ ভূমিকাও ৰহস্যজনক আখ্যা দিছে প্ৰতিবাদ কৰি ৰাইজে । বৰছলাৰ বিধান সভা সমষ্টিৰ চিৰাজুলি গাওঁ পঞ্চায়তত বিজেপিৰ শোণিতপুৰ জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ…
গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণ জব্দ। এজন সৰবৰাহকাৰীসহ পুৱা ৰাজধানী এক্মপ্ৰেছত জব্দ দুটা সোণৰ বিস্কুট। বিস্কুট দুটাৰ ওজন ৩২৩ গ্ৰাম। ডিমাপুৰৰ পৰা চেন্নাইলৈ নি আছিল সোণৰ বিস্কুট দুটা। পেন্টৰ পকেটত ভৰাই সৰবৰাহ কৰিছিল ২টা সোণৰ বিস্কুট। সোণৰ বিস্কুট দুটাৰ মূল্য প্ৰায় ১৫ লাখ টকা। মহম্মদ মহিউদ্দিন নামৰ তামিলনাডুৰ যুৱকজনে সৰবৰাহ কৰিছিল সোণৰ বিস্কুট দুটা। জি আৰ পি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।
অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যানশস্য সঞ্চালক -পৰিসংখ্যা সঞ্চালকসকলৰ উচ্চস্তৰীয় কৰ্মশালা
থোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হব পৰাকৈ সঠিক আঁচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পাৰি --- ড° প্ৰভাত কুমাৰশতাব্দ প্ৰতিনিধি, যোৰহাট ,২৪ আগষ্ট : ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য সঞ্চালক আৰু পৰিসংখ্যা সঞ্চালক সকল আজি যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ত মিলিত হৈ অসম তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্যৰ সম্পদ, সম্ভাৱনা আৰু পৰিসংখ্যাৰ ওপৰত বিশেষভাবে পৰ্যালোচনা কৰে । উদ্যান শস্যৰ দিশত সঠিক তথ্য আহৰণৰ জৰিয়তে সঠিক নীতি নিৰ্ধাৰণৰ দিশত কেনেদৰে আগবাঢ়িব সেই আলোচনাৰ বাবে উত্তৰ পূৱ…
কৰ্মচাৰীক প্ৰহাৰ কৰিলে বিধায়কে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ জনতা ভৱনত উত্তপ্ত পৰিস্থিতি। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহণ বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈয়ে জনতা ভৱনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰে সচিবালয়ৰ এজন কৰ্মচাৰীক। পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰাত পৰিস্থিতি উত্তাল হৈ পৰে। উল্লেখ্য যে বিধায়ক জয়ন্ত…
