Browsing Category

অসম

যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত নগাঁও শ্ৰেষ্ঠ: শোণিতপুৰ দ্বিতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: যোৱা ১৯-২১আগষ্টলৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা ২৫সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ অসম ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২২ৰ যোৱানিশা সফল সমাপ্তি ঘটিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰ জিলা যোগ সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু ৰাজ্যৰ প্ৰায় ৩৫০জন প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাখনত নগাঁও দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ আনহাতে শোণিতপুৰে দ্বিতীয় আৰু দৰঙে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ আনহাতে,শ্ৰেষ্ঠ শৃংখলাৱদ্ধ দলৰ সন্মান লাভ কৰে কামৰূপ মেট্ৰ’ দলে৷ প্ৰতিযোগিতাখনত ছোৱালীৰ ছাৱ জুনিয়ৰ…

পানীপৰা-উৱলি যোৱা গৃহত অব্যাহত লখিমপুৰ ভূমি সংমণ্ডল কাৰ্যালয়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ লখিমপুৰৰ জাপিসজীয়াত থকা জিলা ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নতুনকৈ নিৰ্মাণৰ বাবে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰে গৃহ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰে যদিও বিগত প্ৰায় এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণ নকৰাৰ ফলত আজিও এই কাৰ্যালয়টো উৱলি যোৱা তথা বৰষুণ পৰা গৃহতে জিলা ভূমি সংৰক্ষণ বিভাগৰ কাম কাজ অব্যাহত ৰাখিবলগা হৈছে৷ বিগত এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো সদিচ্চা প্ৰকাশ নকৰা স্বত্বেও বিভাগীয় ভাৱে ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাতো ৰহস্যজনক৷ উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ এছ…

এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তেজপুৰত সৰ্বাত্মক কৰ্মবিৰতি আৰু প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত তেজপুৰতো আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয়৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু শিক্ষক-কৰ্মচাৰী সংস্থাৰ সমৰ্থনত অসমৰ চৰকাৰী কৰ্মচাৰী সমাজে আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। সোমবাৰে অসমৰ কৰ্মচাৰী সমাজে নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকি কামৰ পৰা আঁতৰি ৰাজ্যৰ সকলো কৰ্মচাৰী সমাজৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি চমুকৈ এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনায়। এই কাৰ্যসূচী পালনত অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষা আদিত জড়িত…

জ্যোতি চিত্ৰবনত মুখ্যমন্ত্রীয়ে মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাব

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসমৰ মৃতপ্ৰায় চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে চৰকাৰৰ এক বিশেষ পদক্ষেপে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা এটা অডিঅ’-ভিজুৱেল হাব উদ্বোধন কৰে। ইয়াৰ লগে লগে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ লগতে সামগ্ৰিক ভাৱে চলচ্চিত্ৰ জগতখনৰ এক বহুদিনীয়া অভাৱ দূৰ হ'ল। এই অডিঅ’-ভিজুৱেল হাব মুকলিৰ লগে লগে চলচ্চিত্ৰ নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ বাবে মুম্বাই অথবা চেন্নাইলৈ যোৱাৰ প্ৰয়োজন নহ’ব। ডাবিঙকে ধৰি সকলোবোৰ কাম জ্যোতি চিত্ৰবনতে…

বাংগালুৰুৰৰ নাৰায়না গ্ৰুপ অব হাস্পতালছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

বাংগালুৰু, ২২ আগষ্ট: অসম চৰকাৰৰ অভিলাষী শিশুস্বাস্থ্য আঁচনি 'স্নেহস্পৰ্শ'ৰ অধীনত বাংগালুৰুৰ নাৰায়না গ্ৰুপৰ চিকিৎসালয়ত চিকিৎসাধীন অসমৰ শিশুসকলৰ আজি খবৰ লয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী আৰু স্নেহস্পৰ্শ আঁচনিৰ ৰাজ্যিক ন'ডেল বিষয়া তথা জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ সৈতে স্বাস্থ্যমন্ত্ৰী মহন্তই সোমবাৰে বাংগালুৰুৰস্থিত 'নাৰায়না গ্ৰুপ অব্ হস্পিতালছ'ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ স্নেহস্পৰ্শ আঁচনিখন ৰূপায়নৰ…

গাড়ী বিক্ৰীত প্ৰৱঞ্চনাৰ অভিযোগত তিনিচুকীয়াত ধৃত ১

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ ম‌ইনুল আবেদিন নামৰ এজন লোকক গাড়ী বিক্ৰীত প্ৰৱঞ্চনা কৰাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে ৷ অভিযোগ অনুসৰি ধৃত ম‌ইনুলে মিথ্যাৰ আশ্রয় লৈ একেখন গাড়ীকে দুজন লোকক বিক্ৰী কৰিছিল । প্ৰৱঞ্চনাৰ বলি হোৱা ফিৰোজ আলি আৰু য়াকুব আনছাৰি নামৰ দুই ব্যক্তিয়ে হিজুগুৰি আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মইনুলক আটক কৰা বুলি প্ৰকাশ ৷ অভিযোগ অনুসৰি ম‌ইনুল আবেদিনে এ এচ ২৩ টি ৩৮৭৭ নম্বৰৰ স্ক'ৰপিঅ' গাড়ীখন প্ৰথমে তিনি লাখ টকা নগদ ধনৰ বিনিময়ত আৰু অৱশিষ্ট বেংকৰ ঋণ পৰিশোধ…

তেজপুৰত সেনাৰ চতুৰ্থক’ৰৰ মুৰব্বী ৰাণাৰ স’তে সাংবাদিকৰ সৌহাৰ্দ্যপূৰ্ণ বৈঠক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: “আমাৰ দেশত সংবাদমাধ্যমৰ যথেষ্ট গুৰুত্ব আছে আৰু স্বাধীনতা দিয়া হৈছে৷ সংবাদমাধ্যমক সেয়ে দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদমাধ্যমৰ স’তে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে যাতে সেনা দেশৰ সৰ্বসাধাৰণৰ কাষ চাপিবলৈ সুবিধা হয়৷ ”আজি তেজপুৰ স্হিত সেনাৰ চতুৰ্থ ক’ৰৰ মুৰব্বী ডি এছ ৰাণাই এইদৰে কয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্য সকলৰে এক সৌহাৰ্দ্যপূৰ্ণ বৈঠকত মিলিত হোৱা সেনা বিষয়াগৰাকীয়ে লগতে কয় যে,দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো বিশেষ…

ৰাজ্যৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত আৰু অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী, কোচ-ৰাজবংশী, নেপালী, বিষ্ণুপ্ৰিয়া, মাৰ, কুকি, ডিমাছা, চাওতাল, সোনোৱাল কছাৰী, তাই-আহোম আৰু মনিপুৰী জনগোষ্ঠীৰ সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ আধাৰত ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় সমূহত বুনিয়াদী স্তৰত (প্ৰথম পাঁচ বছৰ) মাতৃভাষা মাধ্যমত শিক্ষাদান সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনা…

অভিনেত্রী জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা অসম’ৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ 'সাংস্কৃতিক সাংবাদিক সন্থা অসম'ৰ তৰফৰ পৰা আজি অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়‌। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা, সাধাৰণ সম্পাদক শিবাণু বৰা, যুটীয়া সম্পাদক প্ৰবাল খাওন্দ, বিত্ত সম্পাদক অনুপম হাজৰিকা, কাৰ্যনিৰ্বাহক আজহাৰ আলম আৰু সদস্য বশিষ্ঠ দেৱ ফুকন শিল্পীগৰাকীৰৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এখনি ফুলাম গামোচা, এখনি শৰাই, এখনি শ্বল, এখনি সম্বৰ্ধনা পত্ৰৰে গুণী শিল্পীগৰাকীক শ্ৰদ্ধা আৰু মৰম নিবেদন…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন সংগ্ৰহ: দুই কৰ্মচাৰী নিলম্বিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২২আগষ্টঃ বির্তকই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক। কেতিয়াবা ধন দাবী, কেতিয়া শিশু সলনি, কেতিয়াবা চিকিৎসক-নাৰ্চৰ দুব্যৱহাৰ আকৌ কেতিয়াবা দালালৰাজ! এনেবোৰ কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয় অব্যাহত থকা একাংশ দালালৰ প্ৰবঞ্চনা কথা পোহৰলৈ আহিছে। এইবাৰ চিটি স্কেনৰ নামত ধন দাবী কৰি নিলম্বন হ'ল দুগৰাকী কৰ্মচাৰী।লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। নিলম্বিত কৰ্মচাৰী দুজন হৈছে 'স্পন্দন' নামৰ চিটি স্কেনৰ কৰ্মচাৰী টুলটুল দাস…