Browsing Category
অসম
লখিমপুৰত একেদিনাই তিনিখন গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৪ আগষ্ট : উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ২০২২-২৩ বৰ্ষৰ ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা 'নৱাগত আদৰণী' সভাখনত তিনিখনকৈ মূল্যবান গ্রন্থ উন্মোচন কৰা হয়। তদুপলক্ষে বিদ্যালয় প্রাঙ্গনত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ নবকৃষ্ণ ৰাজখোৱাই। ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই। পানীগাঁও অ. পি. ডি. মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰেশ দত্ত, প্রাক্তন অধ্যক্ষ…
লখিমপুৰত ‘মানৱ শৃংখল’ৰে উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৩ আগষ্টঃ লখিমপুৰত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ বিৰুদ্ধে মানৱ শৃংখলৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ নগৰখনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা, নলা-নৰ্দমা নিৰ্মাণ কৰা, সঠিক ভাৱে জাবৰ নিষ্কাষণ কৰা, নলা-নৰ্দমা নিৰ্মাণত দুৰ্নীতি হোৱা আদিৰ প্ৰতিবাদত এনেদৰে আছুৱে দুপৰীয়া উত্তৰ লখিমপুৰ পৌৰসভাৰ সন্মুখত বৃহৎ মানৱ শৃংখলৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পিংকু বৰদলৈ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লিটু গগৈয়ে উত্তৰ লখিমপুৰ পৌৰসভাৰ চূড়ান্ত…
জলজীৱন আঁচনিৰ নামত ৰঙাপৰাত প্ৰৱঞ্চনা দৰিদ্ৰ পৰিয়ালক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অভিলাষী জলজীৱন আঁচনি ৰূপায়ণৰ নামত আৰ্থিকভাবে দৰিদ্ৰ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা এক গুৰুতৰ অভিযোগ অনুসৰি,এক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি প্ৰলোভনৰে ৰঙাপৰাৰ এটা পৰিয়ালৰ পৰা অধিগ্ৰহণ কৰি পাছত সেই পৰিয়ালটোক চূড়ান্ত প্ৰতাৰণা কৰাৰ বিপৰীতে বৰ্তমান এই আঁচনিৰ ৰূপায়ণৰ কামো বন্ধ আছে৷ অভিযোগ অনুসৰি,ৰঙাপৰা বিধান সভা সমষ্টিৰ নামনি গাঁও পঞ্চায়ত অন্তৰ্গত নগাপথাৰৰ জৰ্জ খেৰীয়া ইন্দুৱাৰ আৰু তেওঁৰ পৰিয়ালৰ ডেৰ-দুইকথা ম্যাদী…
৩৭সংখ্যক ৰাজ্যিক টাইকোৱানড’ত শোণিতপুৰৰ সাফল্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: ৰাজ্যত টাইকোৱানড’ খেলৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকা শোণিতপুৰৰ বহুসংখ্যক টাইকোৱানড’ খেলুৱৈয়ে ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় তথা ৰাজ্যিক আদি কৰি বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ১৭-২০ আগষ্টলৈকে দুলীয়াজানত অনুষ্ঠিত হোৱা ৩৭সংখ্যক সদৌ অসম টাইকোৱানড’ প্ৰতিযোগিতাত শোণিতপুৰ দলে বিভিন্ন শাখাত মুঠ ২০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ খেলুৱৈয়ে ফাইট শাখাত এটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু নটা ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে পুমচে শাখাত লাভ কৰে দুটা ৰূপ , ছয়টা ব্ৰঞ্জৰ…
তেজপুৰ বিশ্ববিদ্যালয়ত ‘অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী’ শীর্ষক আলোচনা-সত্ৰ সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩আগষ্ট: ভাৰতবৰ্ষৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে, বছৰজুৰি উদযাপিত 'মহাৰজত জয়ন্তী'ৰ বিশেষ পদক্ষেপ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী' বিষয়ক এখন আলোচনা-সত্ৰ অনুষ্ঠিত হয়৷ পুৱা দহ বজাৰপৰা আৰম্ভ হোৱা আলোচনা-সত্ৰখনৰ উদ্বোধনী অধিৱেশন আয়োজক সমিতিৰ সভাপতি ড° সুব্রত জ্যোতি নেওগৰ আদৰণী ভাষণেৰে আৰম্ভ হয়। আলোচনা-সত্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে, সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মন্দাকিনী বৰুৱাই। উদ্বোধনী ভাষণ প্ৰদান কৰে, বিশ্ববিদ্যালয়ৰ…
পেভিলিয়ন নিৰ্মাণৰ নামত তিনিচুকীয়াৰ একমাত্ৰ টেনিছ কৰ্ট বন্ধৰ চক্ৰান্ত
ক্ৰীড়াপ্ৰেমীৰ আজৱ কাণ্ড :
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : সুদীৰ্ঘ প্ৰায় ৩৫ টা বছৰ অতিক্ৰম কৰা তিনিচুকীয়া চহৰৰ কচুজান খেলপথাৰস্থিত একমাত্ৰ টেনিছ কৰ্টখন বন্ধ কৰাৰ বাবে এটা ফৈদে চক্ৰান্ত ৰচনা কৰা কাৰ্য্যই ক্ষোভিত কৰি তুলিছে তিনিচুকীয়া টেনিছ ক্লাবৰ সদস্যসকলক ৷ উল্লেখ্য যে ১৯৮৭ চনতে প্ৰতিষ্ঠা লাভ কৰা তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কচুজান খেলপথাৰস্থিত টেনিছ কৰ্টখন বিগত ২০০৯ চনত বিভিন্ন পক্ষ আৰু ব্যক্তিৰ সহযোগত ক্লে কৰ্টৰ পৰা ছিন্থেটিক কৰ্টলৈ উন্নীত কৰাৰ লগতে ফ্লাড লাইট, ক্লাবহাউচ আদি সুবিধাৰ সংযোজন কৰা হয় ৷ ইয়াৰ…
যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত নগাঁও শ্ৰেষ্ঠ: শোণিতপুৰ দ্বিতীয়
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: যোৱা ১৯-২১আগষ্টলৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা ২৫সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ অসম ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২২ৰ যোৱানিশা সফল সমাপ্তি ঘটিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰ জিলা যোগ সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু ৰাজ্যৰ প্ৰায় ৩৫০জন প্ৰতিযোগীয়ে অংশ লোৱা প্ৰতিযোগিতাখনত নগাঁও দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ আনহাতে শোণিতপুৰে দ্বিতীয় আৰু দৰঙে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ আনহাতে,শ্ৰেষ্ঠ শৃংখলাৱদ্ধ দলৰ সন্মান লাভ কৰে কামৰূপ মেট্ৰ’ দলে৷ প্ৰতিযোগিতাখনত ছোৱালীৰ ছাৱ জুনিয়ৰ…
পানীপৰা-উৱলি যোৱা গৃহত অব্যাহত লখিমপুৰ ভূমি সংমণ্ডল কাৰ্যালয়
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ লখিমপুৰৰ জাপিসজীয়াত থকা জিলা ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নতুনকৈ নিৰ্মাণৰ বাবে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰে গৃহ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰে যদিও বিগত প্ৰায় এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণ নকৰাৰ ফলত আজিও এই কাৰ্যালয়টো উৱলি যোৱা তথা বৰষুণ পৰা গৃহতে জিলা ভূমি সংৰক্ষণ বিভাগৰ কাম কাজ অব্যাহত ৰাখিবলগা হৈছে৷ বিগত এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো সদিচ্চা প্ৰকাশ নকৰা স্বত্বেও বিভাগীয় ভাৱে ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাতো ৰহস্যজনক৷ উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ এছ…
এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তেজপুৰত সৰ্বাত্মক কৰ্মবিৰতি আৰু প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত তেজপুৰতো আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয়৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু শিক্ষক-কৰ্মচাৰী সংস্থাৰ সমৰ্থনত অসমৰ চৰকাৰী কৰ্মচাৰী সমাজে আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। সোমবাৰে অসমৰ কৰ্মচাৰী সমাজে নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকি কামৰ পৰা আঁতৰি ৰাজ্যৰ সকলো কৰ্মচাৰী সমাজৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি চমুকৈ এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনায়। এই কাৰ্যসূচী পালনত অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষা আদিত জড়িত…
জ্যোতি চিত্ৰবনত মুখ্যমন্ত্রীয়ে মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাব
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসমৰ মৃতপ্ৰায় চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে চৰকাৰৰ এক বিশেষ পদক্ষেপে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা এটা অডিঅ’-ভিজুৱেল হাব উদ্বোধন কৰে। ইয়াৰ লগে লগে অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ লগতে সামগ্ৰিক ভাৱে চলচ্চিত্ৰ জগতখনৰ এক বহুদিনীয়া অভাৱ দূৰ হ'ল। এই অডিঅ’-ভিজুৱেল হাব মুকলিৰ লগে লগে চলচ্চিত্ৰ নিৰ্মাতাসকলে পোষ্ট প্ৰডাকশ্যনৰ বাবে মুম্বাই অথবা চেন্নাইলৈ যোৱাৰ প্ৰয়োজন নহ’ব। ডাবিঙকে ধৰি সকলোবোৰ কাম জ্যোতি চিত্ৰবনতে…
