Browsing Category
অসম
বাংগালুৰুৰৰ নাৰায়না গ্ৰুপ অব হাস্পতালছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
বাংগালুৰু, ২২ আগষ্ট: অসম চৰকাৰৰ অভিলাষী শিশুস্বাস্থ্য আঁচনি 'স্নেহস্পৰ্শ'ৰ অধীনত বাংগালুৰুৰ নাৰায়না গ্ৰুপৰ চিকিৎসালয়ত চিকিৎসাধীন অসমৰ শিশুসকলৰ আজি খবৰ লয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী আৰু স্নেহস্পৰ্শ আঁচনিৰ ৰাজ্যিক ন'ডেল বিষয়া তথা জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ সৈতে স্বাস্থ্যমন্ত্ৰী মহন্তই সোমবাৰে বাংগালুৰুৰস্থিত 'নাৰায়না গ্ৰুপ অব্ হস্পিতালছ'ৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ স্নেহস্পৰ্শ আঁচনিখন ৰূপায়নৰ…
গাড়ী বিক্ৰীত প্ৰৱঞ্চনাৰ অভিযোগত তিনিচুকীয়াত ধৃত ১
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ মইনুল আবেদিন নামৰ এজন লোকক গাড়ী বিক্ৰীত প্ৰৱঞ্চনা কৰাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে ৷ অভিযোগ অনুসৰি ধৃত মইনুলে মিথ্যাৰ আশ্রয় লৈ একেখন গাড়ীকে দুজন লোকক বিক্ৰী কৰিছিল । প্ৰৱঞ্চনাৰ বলি হোৱা ফিৰোজ আলি আৰু য়াকুব আনছাৰি নামৰ দুই ব্যক্তিয়ে হিজুগুৰি আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মইনুলক আটক কৰা বুলি প্ৰকাশ ৷ অভিযোগ অনুসৰি মইনুল আবেদিনে এ এচ ২৩ টি ৩৮৭৭ নম্বৰৰ স্ক'ৰপিঅ' গাড়ীখন প্ৰথমে তিনি লাখ টকা নগদ ধনৰ বিনিময়ত আৰু অৱশিষ্ট বেংকৰ ঋণ পৰিশোধ…
তেজপুৰত সেনাৰ চতুৰ্থক’ৰৰ মুৰব্বী ৰাণাৰ স’তে সাংবাদিকৰ সৌহাৰ্দ্যপূৰ্ণ বৈঠক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: “আমাৰ দেশত সংবাদমাধ্যমৰ যথেষ্ট গুৰুত্ব আছে আৰু স্বাধীনতা দিয়া হৈছে৷ সংবাদমাধ্যমক সেয়ে দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদমাধ্যমৰ স’তে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে যাতে সেনা দেশৰ সৰ্বসাধাৰণৰ কাষ চাপিবলৈ সুবিধা হয়৷ ”আজি তেজপুৰ স্হিত সেনাৰ চতুৰ্থ ক’ৰৰ মুৰব্বী ডি এছ ৰাণাই এইদৰে কয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্য সকলৰে এক সৌহাৰ্দ্যপূৰ্ণ বৈঠকত মিলিত হোৱা সেনা বিষয়াগৰাকীয়ে লগতে কয় যে,দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো বিশেষ…
ৰাজ্যৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত আৰু অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী, কোচ-ৰাজবংশী, নেপালী, বিষ্ণুপ্ৰিয়া, মাৰ, কুকি, ডিমাছা, চাওতাল, সোনোৱাল কছাৰী, তাই-আহোম আৰু মনিপুৰী জনগোষ্ঠীৰ সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ আধাৰত ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় সমূহত বুনিয়াদী স্তৰত (প্ৰথম পাঁচ বছৰ) মাতৃভাষা মাধ্যমত শিক্ষাদান সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনা…
অভিনেত্রী জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা অসম’ৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ 'সাংস্কৃতিক সাংবাদিক সন্থা অসম'ৰ তৰফৰ পৰা আজি অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা, সাধাৰণ সম্পাদক শিবাণু বৰা, যুটীয়া সম্পাদক প্ৰবাল খাওন্দ, বিত্ত সম্পাদক অনুপম হাজৰিকা, কাৰ্যনিৰ্বাহক আজহাৰ আলম আৰু সদস্য বশিষ্ঠ দেৱ ফুকন শিল্পীগৰাকীৰৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এখনি ফুলাম গামোচা, এখনি শৰাই, এখনি শ্বল, এখনি সম্বৰ্ধনা পত্ৰৰে গুণী শিল্পীগৰাকীক শ্ৰদ্ধা আৰু মৰম নিবেদন…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন সংগ্ৰহ: দুই কৰ্মচাৰী নিলম্বিত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২২আগষ্টঃ বির্তকই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক। কেতিয়াবা ধন দাবী, কেতিয়া শিশু সলনি, কেতিয়াবা চিকিৎসক-নাৰ্চৰ দুব্যৱহাৰ আকৌ কেতিয়াবা দালালৰাজ! এনেবোৰ কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয় অব্যাহত থকা একাংশ দালালৰ প্ৰবঞ্চনা কথা পোহৰলৈ আহিছে। এইবাৰ চিটি স্কেনৰ নামত ধন দাবী কৰি নিলম্বন হ'ল দুগৰাকী কৰ্মচাৰী।লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। নিলম্বিত কৰ্মচাৰী দুজন হৈছে 'স্পন্দন' নামৰ চিটি স্কেনৰ কৰ্মচাৰী টুলটুল দাস…
প্ৰসংগ সীমা বিবাদ : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ বৈঠক
গুৱাহাটী,২১ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ যে অসম-মেঘালয়ৰ মাজত থকা মুঠ ১২টা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬টা অঞ্চলৰ বিবাদ নিষ্পত্তি কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ…
তেজপুৰত এ ডিভিজন ফুটবল লীগৰ খিতাপ অৰ্জন অসম ৰাইফলচৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২১আগষ্ট: তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী এ ডিভিজন ফুটবল লীগত সৰ্বোচ্চ পইন্টৰে লীগৰ খিতাপ দখল কৰিছে অসম ৰাইফলছে৷ আজি বিয়লি তিনিবজাত আৰম্ভ হোৱা লীগৰ অন্তিমখন মেছত অসম ৰাইফলছে লখৰাৰ ৰাইন এফ চিক পৰাভূত কৰি খিতাপ দখল কৰাৰ বিপৰীতে তেজপুৰৰ এন ই স্পৰ্টছ লীগৰ ৰাণাৰ্চআপ হয়৷ আজিৰ অন্তিমখন খেলত পৰাজিত হোৱাত লখৰাৰ ৰাইন’ এফ চি তৃতীয় স্হানতে সন্তুষ্ট থাকিবলগীয়া হয়৷ উল্লেখযোগ্য যে শোণিতপুৰৰ মুঠ আঠ টা দলে অংশ লোৱা এই লীগৰ অন্তিমখন খেলত আজি…
শোক বাৰ্তা
ঢকুৱাখনা, ২১ আগষ্টঃ আজি দিনৰ ১.১৫ বজাত ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক, বিশিষ্ট সমাজকৰ্মী ,প্ৰবীণ ৰাজনীতিবিদ,অসম বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ অন্তিম সৎকাৰ ঢকুৱাখনা কোঁৱৰ গাওঁস্থিত বাসভৱনত কালিলৈ সম্পন্ন কৰা হ'ব। ঢকুৱাখনাৰ সমাজ জীৱনৰ অতি পৰিচিত ব্যক্তি পৰমানন্দ দলেৰ মৃত্যুত চেম্বাৰ অৱ কমাৰ্চ ঢকুৱাখনাৰ সকলোৱে শোক প্ৰকাশ কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰিছে।
জামুগুৰিহাটৰ পাতলৰচুকত ২৬৭ বছৰীয়া গৌৰৱোজ্জ্বল বোকাখচা ভাওনা
জামুগুৰিহাট, ২১ আগষ্টঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে শুকুৰবাৰে নিশাৰ ভাগলৈকে হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ থাকিল জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ নামঘৰ চৌহদ । দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে শৰাই শলিতা নৈবেদ্য আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে ভাগৱানৰ আশিস লোৱাৰ পাছত নিশা শ্ৰীকৃষ্ণৰ জন্মযাত্ৰাৰ নাটভাগ মঞ্চস্থ হোৱাৰ পাছত শনিবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত হয় নন্দোৎসৱ তথা বোকাখচা ভাওনা । বুঢ়া নন্দই পুত্ৰ লাভ কৰাৰ আনন্দত গকুলত যি নন্দোৎসৱৰ সৃষ্টি হয় সেই পৰিবেশকে প্ৰতীকী অৰ্থত দেখুৱাবলৈ নামঘৰ চৌহদত…
