Browsing Category
অসম
প্ৰসংগ সীমা বিবাদ : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ বৈঠক
গুৱাহাটী,২১ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ যে অসম-মেঘালয়ৰ মাজত থকা মুঠ ১২টা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬টা অঞ্চলৰ বিবাদ নিষ্পত্তি কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ…
তেজপুৰত এ ডিভিজন ফুটবল লীগৰ খিতাপ অৰ্জন অসম ৰাইফলচৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২১আগষ্ট: তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী এ ডিভিজন ফুটবল লীগত সৰ্বোচ্চ পইন্টৰে লীগৰ খিতাপ দখল কৰিছে অসম ৰাইফলছে৷ আজি বিয়লি তিনিবজাত আৰম্ভ হোৱা লীগৰ অন্তিমখন মেছত অসম ৰাইফলছে লখৰাৰ ৰাইন এফ চিক পৰাভূত কৰি খিতাপ দখল কৰাৰ বিপৰীতে তেজপুৰৰ এন ই স্পৰ্টছ লীগৰ ৰাণাৰ্চআপ হয়৷ আজিৰ অন্তিমখন খেলত পৰাজিত হোৱাত লখৰাৰ ৰাইন’ এফ চি তৃতীয় স্হানতে সন্তুষ্ট থাকিবলগীয়া হয়৷ উল্লেখযোগ্য যে শোণিতপুৰৰ মুঠ আঠ টা দলে অংশ লোৱা এই লীগৰ অন্তিমখন খেলত আজি…
শোক বাৰ্তা
ঢকুৱাখনা, ২১ আগষ্টঃ আজি দিনৰ ১.১৫ বজাত ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক, বিশিষ্ট সমাজকৰ্মী ,প্ৰবীণ ৰাজনীতিবিদ,অসম বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ অন্তিম সৎকাৰ ঢকুৱাখনা কোঁৱৰ গাওঁস্থিত বাসভৱনত কালিলৈ সম্পন্ন কৰা হ'ব। ঢকুৱাখনাৰ সমাজ জীৱনৰ অতি পৰিচিত ব্যক্তি পৰমানন্দ দলেৰ মৃত্যুত চেম্বাৰ অৱ কমাৰ্চ ঢকুৱাখনাৰ সকলোৱে শোক প্ৰকাশ কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰিছে।
জামুগুৰিহাটৰ পাতলৰচুকত ২৬৭ বছৰীয়া গৌৰৱোজ্জ্বল বোকাখচা ভাওনা
জামুগুৰিহাট, ২১ আগষ্টঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে শুকুৰবাৰে নিশাৰ ভাগলৈকে হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ থাকিল জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ নামঘৰ চৌহদ । দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে শৰাই শলিতা নৈবেদ্য আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণাৰ্থে ভাগৱানৰ আশিস লোৱাৰ পাছত নিশা শ্ৰীকৃষ্ণৰ জন্মযাত্ৰাৰ নাটভাগ মঞ্চস্থ হোৱাৰ পাছত শনিবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত হয় নন্দোৎসৱ তথা বোকাখচা ভাওনা । বুঢ়া নন্দই পুত্ৰ লাভ কৰাৰ আনন্দত গকুলত যি নন্দোৎসৱৰ সৃষ্টি হয় সেই পৰিবেশকে প্ৰতীকী অৰ্থত দেখুৱাবলৈ নামঘৰ চৌহদত…
আটকধুনীয়া ৰূপ পালে তেজপুৰৰ “ডেকাৰগাঁও আঞ্চলিক শান্তিধামে”
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ আগষ্ট : যিকোনো লোকৰ পৰলোকপ্ৰাপ্তিৰ পিছত পূণ্যস্হান হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ বৰ্তমান সময়ত ৰাজহুৱা ভাবে আটকধুনীয়াকৈ গঢ়ি তোলা হয়। বৰ্তমানে এই পূণ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰ - প্ৰশাসনেও তৎপৰতা গ্ৰহণ কৰিছে যদিও এতিয়াও অধিকাংশ গ্ৰামাঞ্চলত আটকধুনীয়া শ্মশানৰ অভাৱৰ মাজেৰেই ৰাইজে শেষকৃত্য সম্পন্ন কৰিব লগা হৈ আহিছে। কিন্তু ইয়াৰ মাজতেই আজি তেজপুৰৰ নিকটৱৰ্তী ডেকাৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ দূৰ কৰি কেৱল ৰাইজৰ উদ্যোগতে ৰাজহুৱা এখন শ্মশানে…
সপ্তম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন
গুৱাহাটী, ২০ আগষ্টঃ ‘‘শব্দৰ আত্মা সন্ধানৰ আনন্দ লেখক আৰু পঢ়ুৱৈ দুয়ো উপভোগ কৰে৷ কিন্তু সঠিক শব্দ বিচাৰি পোৱা কাৰবাৰটো অত্যন্ত জটিল৷’’ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ ৯৬সংখ্যক জন্মদিৱসৰে সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত আয়োজিত সপ্তম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় বিশিষ্ট সমালোচক, সাহিত্য অকাডেমি বঁটা বিজেতা অনুবাদক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° পৰী হিলৈদাৰীয়ে৷ ‘অজিৎ বৰুৱাৰ কবিতাঃ প্ৰেম, পেৰ’ডী আৰু…
তিনিচুকীয়াত গা ধুবলৈ গৈ ২ যুৱকৰ সলিল সমাধি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ আগষ্ট : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈ আজি গভীৰ পানীত ডুব গৈ তিনিচুকীয়াৰ দুই যুৱকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা হোৱাৰ ঘটনাই ইয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আজি দিনৰ ভাগত পাঁচ বন্ধুৱে গুইজানৰ সমীপৱৰ্তী মাগুৰি বিলৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈছিল । বিলখনৰ এটা দ সুঁতি অতিক্ৰম কৰিবলৈ কেওজনে এডাল ৰছী ব্যৱহাৰ কৰিছিল যদিও ৰছীডাল চিঙি পৰাত গভীৰ পানীত ডুব যায় তিনিচুকীয়াৰ দহোতীয়াচুকৰ ৰূপক কলিতাৰ পুত্ৰ মাধুৰ্য কলিতা (২০) আৰু বৰগুৰিৰ বাসিন্দা পূৰ্ণানন্দ গোঁহাইৰ পুত্ৰ…
ডুবাইত জিলিকিল তেজপুৰৰ নৃত্য শিল্পী ৰুবি বৰা বৰদলৈ দলে
শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইণ্টাৰনেশ্বনেল কালচাৰেল কনক্লেভ নামৰ অনুষ্ঠানটিয়ে সুদূৰ ডুবাইত আয়োজন কৰা এক সাংস্কৃতিক সমাৰোহত তেজপুৰৰ দলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ডুবাইৰ ম’ল অব এমেৰিটাছত যোৱা ১৩ ৰ পৰা ১৬ আগষ্টলৈ আয়োজিত এই সাংস্কৃতিক সমাৰোহত তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ৰুবি বৰা বৰদলৈ আৰু কন্যা ভায়লিনা বৰদলৈয়ে নিমন্ত্ৰণ মৰ্মে নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ উপৰিও ৰুবি বৰদলৈৰ তত্ত্বাৱধানত অসমভেলী স্কুল আৰু নুপুৰ নৃত্যাংগনাৰ ছাত্ৰ-ছাত্ৰীয়ে…
তেজপুৰত অসম ক্ৰিকেট সন্হাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০আগষ্ট: তেজপুৰৰ বটামাৰীস্হিত কনভেনচন চেন্টাৰত অসম ক্ৰিকেট সন্হাৰ এখন বিশেষ সাধাৰণ সভা আজি অনুষ্ঠিত হয়৷ তেজপুৰ ক্ৰিকেট সন্হাৰ ব্যৱস্থাপনাত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত অসম ক্ৰিকেট সন্হাৰ সভাপতি ৰমেন দত্ত উপস্থিত আছিল৷ উল্লেখযোগ্য যে, বৰ্তমানৰ অসম ক্ৰিকেট সন্হাৰ কাৰ্যকাল ছেপ্তেম্বৰত অন্ত পৰিব আৰু আজিৰ সভাত এই কাৰ্যকাল পুনৰ ছয়মাহ বৃদ্ধিৰ বাবে ক্ৰিকেট সন্হাৰ সদস্য সকলৰ অনুমতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি এই গুৰুত্বপূৰ্ণ সভাখনতে আগন্তুক বৰ্ষত ৰাজ্যিক ক্ৰিকেট দল সমূহৰ প্ৰশিক্ষক নিয়োগ আৰু…
গুৱাহাটীৰ ভঙাগড়ত ভয়াৱহ অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মহানগৰীত শনিবাৰে পুৱাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান। মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। জানিব পৰা মতে এখন হোটলত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়। পিছত হোটেলখনৰ পৰা আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হয়। অগ্নিকাণ্ডটোৰ পিছতে সমগ্ৰ অঞ্চলজুৰি ধোঁৱাৰে আৱৰি ধৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। বৰ্তমানলৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই। ইফালে এই ঘটনাৰ বাবে…
