Browsing Category

অসম

 আটকধুনীয়া ৰূপ পালে তেজপুৰৰ “ডেকাৰগাঁও আঞ্চলিক শান্তিধামে”

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ আগষ্ট : যিকোনো লোকৰ পৰলোকপ্ৰাপ্তিৰ পিছত পূণ্যস্হান হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ বৰ্তমান সময়ত ৰাজহুৱা ভাবে আটকধুনীয়াকৈ গঢ়ি তোলা হয়। বৰ্তমানে এই পূণ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰ - প্ৰশাসনেও তৎপৰতা গ্ৰহণ কৰিছে যদিও এতিয়াও অধিকাংশ গ্ৰামাঞ্চলত আটকধুনীয়া শ্মশানৰ অভাৱৰ মাজেৰেই ৰাইজে শেষকৃত্য সম্পন্ন কৰিব লগা হৈ আহিছে। কিন্তু ইয়াৰ মাজতেই আজি তেজপুৰৰ নিকটৱৰ্তী ডেকাৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ দূৰ কৰি কেৱল ৰাইজৰ উদ্যোগতে ৰাজহুৱা এখন শ্মশানে…

সপ্তম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

গুৱাহাটী, ২০ আগষ্টঃ ‘‘শব্দৰ আত্মা সন্ধানৰ আনন্দ লেখক আৰু পঢ়ুৱৈ দুয়ো উপভোগ কৰে৷ কিন্তু সঠিক শব্দ বিচাৰি পোৱা কাৰবাৰটো অত্যন্ত জটিল৷’’ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ ৯৬সংখ্যক জন্মদিৱসৰে সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত আয়োজিত সপ্তম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় বিশিষ্ট সমালোচক, সাহিত্য অকাডেমি বঁটা বিজেতা অনুবাদক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° পৰী হিলৈদাৰীয়ে৷ ‘অজিৎ বৰুৱাৰ কবিতাঃ প্ৰেম, পেৰ’ডী আৰু…

তিনিচুকীয়াত গা ধুবলৈ গৈ ২ যুৱকৰ সলিল সমাধি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ আগষ্ট : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈ আজি গভীৰ পানীত ডুব গৈ তিনিচুকীয়াৰ দুই যুৱকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা হোৱাৰ ঘটনাই ইয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আজি দিনৰ ভাগত পাঁচ বন্ধুৱে গুইজানৰ সমীপৱৰ্তী মাগুৰি বিলৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈছিল । বিলখনৰ এটা দ সুঁতি অতিক্ৰম কৰিবলৈ কেওজনে এডাল ৰছী ব্যৱহাৰ কৰিছিল যদিও ৰছীডাল চিঙি পৰাত গভীৰ পানীত ডুব যায় তিনিচুকীয়াৰ দহোতীয়াচুকৰ ৰূপক কলিতাৰ পুত্ৰ মাধুৰ্য কলিতা (২০) আৰু বৰগুৰিৰ বাসিন্দা পূৰ্ণানন্দ গোঁহাইৰ পুত্ৰ…

ডুবাইত জিলিকিল তেজপুৰৰ নৃত্য শিল্পী ৰুবি বৰা বৰদলৈ দলে

শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইণ্টাৰনেশ্বনেল কালচাৰেল কনক্লেভ নামৰ অনুষ্ঠানটিয়ে সুদূৰ ডুবাইত আয়োজন কৰা এক সাংস্কৃতিক সমাৰোহত তেজপুৰৰ দলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ডুবাইৰ ম’ল অব এমেৰিটাছত যোৱা ১৩ ৰ পৰা ১৬ আগষ্টলৈ আয়োজিত এই সাংস্কৃতিক সমাৰোহত তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ৰুবি বৰা বৰদলৈ আৰু কন্যা ভায়লিনা বৰদলৈয়ে নিমন্ত্ৰণ মৰ্মে নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ উপৰিও ৰুবি বৰদলৈৰ তত্ত্বাৱধানত অসমভেলী স্কুল আৰু নুপুৰ নৃত্যাংগনাৰ ছাত্ৰ-ছাত্ৰীয়ে…

তেজপুৰত অসম ক্ৰিকেট সন্হাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০আগষ্ট: তেজপুৰৰ বটামাৰীস্হিত কনভেনচন চেন্টাৰত অসম ক্ৰিকেট সন্হাৰ এখন বিশেষ সাধাৰণ সভা আজি অনুষ্ঠিত হয়৷ তেজপুৰ ক্ৰিকেট সন্হাৰ ব্যৱস্থাপনাত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত অসম ক্ৰিকেট সন্হাৰ সভাপতি ৰমেন দত্ত উপস্থিত আছিল৷ উল্লেখযোগ্য যে, বৰ্তমানৰ অসম ক্ৰিকেট সন্হাৰ কাৰ্যকাল ছেপ্তেম্বৰত অন্ত পৰিব আৰু আজিৰ সভাত এই কাৰ্যকাল পুনৰ ছয়মাহ বৃদ্ধিৰ বাবে ক্ৰিকেট সন্হাৰ সদস্য সকলৰ অনুমতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি এই গুৰুত্বপূৰ্ণ সভাখনতে আগন্তুক বৰ্ষত ৰাজ্যিক ক্ৰিকেট দল সমূহৰ প্ৰশিক্ষক নিয়োগ আৰু…

গুৱাহাটীৰ ভঙাগড়ত ভয়াৱহ অগ্নিকাণ্ড

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মহানগৰীত শনিবাৰে পুৱাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান। মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। জানিব পৰা মতে এখন হোটলত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়। পিছত হোটেলখনৰ পৰা আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হয়। অগ্নিকাণ্ডটোৰ পিছতে সমগ্ৰ অঞ্চলজুৰি ধোঁৱাৰে আৱৰি ধৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। বৰ্তমানলৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই। ইফালে এই ঘটনাৰ বাবে…

তৃতীয়-চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদত অৱতীৰ্ণ হ’ব ১৪ লাখৰো অধিক প্ৰাৰ্থী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশ স্বৰূপে প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। দেওবাৰে অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ২১ আগষ্ট আৰু ২৮ আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। এই…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া এছ আই পি অধিবেশন

উত্তৰ লখিমপুৰ, ২০ আগষ্টঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত নৱাগত স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিদিনীয়া ছাত্ৰ প্ৰবেশ কাৰ্যসূচী (এছ. আই. পি.) অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ আয়োজন কৰা এই এছ আই পি অধিবেশনত যোৱা ১৮ আগষ্টত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত ড° হাজৰিকাই আদৰণি জনায় বি.কম আৰু বি.এ. প্ৰথম ষাণ্মাসিকৰ নতুনকৈ নামভৰ্তি কৰা সকলো ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শিক্ষক, পুথিভঁৰালৰ কৰ্মচাৰী আৰু কাৰ্যালয়ৰ…

“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন

গুৱাহাটী, ২০ আগষ্টঃ  গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত ফটোগ্ৰাফী ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ দ্বাৰা কালি উদযাপন কৰা হয় বিশ্ব ফটোগ্ৰাফী দিৱস৷ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ক্লাৱৰ সদস্যসকলে দুপৰীয়া দুই বজাৰ পৰা চাৰি বজালৈ এটা ফটো আড্ডা অনুষ্ঠিত কৰি, আবেলি চাৰি বজাৰ পৰা বেলি ডুবালৈকে এটা ফটো ৱাক অনুষ্ঠত কৰে৷

সম্পাদকলৈ চিঠি

মাননীয় সম্পাদক মহোদয়,অসমত টিভি চেনেলৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে । ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ বাবে এটা ভাল খবৰ । কিন্তু টিভি চেনেলৰ অনুষ্ঠানবোৰ দর্শন কৰিবলৈ সকলোৰে সময় তথা সুবিধা নিমিলে । তাৰ ফলত দৰ্শকসকলে ভাল ভাল অনুষ্ঠানবোৰৰ দর্শন কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় । এই পত্রৰ দ্বাৰা আমি সংশ্লিষ্ট কর্তৃপক্ষ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে টিভি চেনেলসমূহে যাতে তেওঁলোকৰ সামাজিক মাধ্যমৰ পৃষ্ঠাবোৰৰ যোগেদি অনুষ্ঠানসমূহৰ কাৰ্যসূচী প্রচাৰ কৰে । ইয়াৰ ফলত দৰ্শকসকল উপকৃতৰ হ’ব।ড° বুলজিৎ বুঢ়াগোহাঁই,অসম ডনব’স্ক’ বিশ্ববিদ্যালয়,…