Browsing Category
অসম
তৃতীয়-চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদত অৱতীৰ্ণ হ’ব ১৪ লাখৰো অধিক প্ৰাৰ্থী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশ স্বৰূপে প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। দেওবাৰে অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ২১ আগষ্ট আৰু ২৮ আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। এই…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া এছ আই পি অধিবেশন
উত্তৰ লখিমপুৰ, ২০ আগষ্টঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত নৱাগত স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিদিনীয়া ছাত্ৰ প্ৰবেশ কাৰ্যসূচী (এছ. আই. পি.) অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ আয়োজন কৰা এই এছ আই পি অধিবেশনত যোৱা ১৮ আগষ্টত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত ড° হাজৰিকাই আদৰণি জনায় বি.কম আৰু বি.এ. প্ৰথম ষাণ্মাসিকৰ নতুনকৈ নামভৰ্তি কৰা সকলো ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শিক্ষক, পুথিভঁৰালৰ কৰ্মচাৰী আৰু কাৰ্যালয়ৰ…
“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন
গুৱাহাটী, ২০ আগষ্টঃ গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত ফটোগ্ৰাফী ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ দ্বাৰা কালি উদযাপন কৰা হয় বিশ্ব ফটোগ্ৰাফী দিৱস৷ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ক্লাৱৰ সদস্যসকলে দুপৰীয়া দুই বজাৰ পৰা চাৰি বজালৈ এটা ফটো আড্ডা অনুষ্ঠিত কৰি, আবেলি চাৰি বজাৰ পৰা বেলি ডুবালৈকে এটা ফটো ৱাক অনুষ্ঠত কৰে৷
সম্পাদকলৈ চিঠি
মাননীয় সম্পাদক মহোদয়,অসমত টিভি চেনেলৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে । ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ বাবে এটা ভাল খবৰ । কিন্তু টিভি চেনেলৰ অনুষ্ঠানবোৰ দর্শন কৰিবলৈ সকলোৰে সময় তথা সুবিধা নিমিলে । তাৰ ফলত দৰ্শকসকলে ভাল ভাল অনুষ্ঠানবোৰৰ দর্শন কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় । এই পত্রৰ দ্বাৰা আমি সংশ্লিষ্ট কর্তৃপক্ষ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে টিভি চেনেলসমূহে যাতে তেওঁলোকৰ সামাজিক মাধ্যমৰ পৃষ্ঠাবোৰৰ যোগেদি অনুষ্ঠানসমূহৰ কাৰ্যসূচী প্রচাৰ কৰে । ইয়াৰ ফলত দৰ্শকসকল উপকৃতৰ হ’ব।ড° বুলজিৎ বুঢ়াগোহাঁই,অসম ডনব’স্ক’ বিশ্ববিদ্যালয়,…
তিনি শতাধিক প্ৰতিযোগীৰ উপস্থিতিত তেজপুৰত ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট :"এই পৃথিৱী এক ক্ৰীড়াংগন /ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন" - শীৰ্ষক ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেজপুৰতে ৰচনা কৰা এই গীতৰ মাজত আজি ৰাজ্যখনৰ তিনি শতাধিক যোগ ক্ৰীড়াৰ প্ৰতিযোগীয়ে মুখৰিত কৰি তোলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগন । উল্লেখ্য যে, অসম ৰাজ্যিক যোগ সন্থাৰ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলা যোগ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা আজি পুৱা আৰম্ভ হয় ৰাজ্যিক সন্হা আৰু জিলা সন্হাৰ…
তিনিচুকীয়াৰ যুৱক সন্ধানহীন : ডিব্ৰু নদীত এছ ডি আৰ এফ, আৰক্ষীৰ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট : তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ বাসিন্দা প্ৰদীপ বৰ্মনৰ পুত্ৰ দৰ্পণ বৰ্মন (২৩) কালিৰ পৰা সন্ধানহীন হৈ থকাৰ সময়তে তেওঁৰ চাইকেলখন তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ডিব্ৰু নদীৰ গুইজান ঘাটৰ সমীপত উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ ঘটনা অধিক জটিল হৈ পৰিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যুৱকজনৰ সন্ধানত আৰক্ষীয়ে গুইজানৰ আশে-পাশে সন্ধান চলাই যদিও তেওঁৰ কোনো সম্ভেদ লাভ কৰাবলৈ সক্ষম নহ’ল । ইফালে যুৱকজন ডিব্ৰু নদীত পৰি সন্ধানহীন হোৱাৰ আশংকাত আজি এছডিআৰএফ আৰু গুইজান আৰক্ষীয়ে ডিব্ৰু…
শোণিতপুৰ জিলা আন্তঃ বিদ্যালয় বক্সিং প্ৰতিযোগিতা সমাপ্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ আগষ্ট : শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বক্সিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় ১১০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। স্থানীয় হজৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতেন বৰা আৰু…
তেজপুৰত আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগণত ১৯-২১ আগষ্টলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব "২৫ সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাজ্যিক যোগ ক্ৰীড়া - ২০২২" প্ৰতিযোগিতা । উল্লেখ্য যে, অসম অলিম্পিক সন্থা আৰু যোগ ফেডাৰেছন অব ইণ্ডিয়াৰ অধীনস্থ অসম যোগ সন্হাৰ এই বিশেষ প্ৰতিযোগিতা এইবাৰ শোণিতপুৰ যোগ সন্থাৰ উদ্যোগত তেজপুৰত অনুষ্ঠিত হ'ব৷ কাইলৈ পুৱা বাণ থিয়েটাৰ প্ৰাংগণত ৰাজ্যিক সন্হা আৰু জিলা সন্হাৰ পতাকা আনুষ্ঠানিকভাৱে ভাবে ৰাজ্যিক সন্হাৰ সভাপতি তপন কুমাৰ দাস আৰু শোণিতপুৰ জিলা সন্হাৰ সভাপতি নীলকান্ত…
ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। পূৰ্বেও এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। এ পি এছ চিৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চৌধুৰীয়ে। বৰ্তমান তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পূৰ্বতে নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী। এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত…
