Browsing Category
অসম
তেজপুৰৰ সত্ৰ-নামঘৰত ভাদমাহৰ ভক্তিৰসৰ অনন্য পৰিৱেশ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট: ৰাজ্যৰ জাতীয় জীৱনৰে সংপৃক্ত সত্ৰ-নামঘৰ সমূহত ভাদ মাহ উপলক্ষে আৰম্ভ হোৱা নাম প্ৰসংগ, হৰিনাম, কীৰ্ত্তনৰ অনন্য পৰিৱেশত ডুব গৈছে তেজপুৰৰো সকলো সত্ৰ নামঘৰ৷ আয়তী - নামতি আৰু ভকত - বৈষ্ণৱৰ এবুকু আবেগ জড়িত থকা এই পবিত্ৰ ভাদমাহৰ ঐতিহ্য আৰু পৰম্পৰা অনুসৰি এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে হৰিনাম কীৰ্ত্তনৰ অমিয়া পৰিৱেশ। তেজপুৰৰ ডিপোতা, বেছেৰীয়া, মিলনপুৰ, পৰ্বতীয়া, মাজগাঁও, ডেকাৰগাঁও, মৰাভৰলীপাৰ, শইকীয়া চুবুৰী, ঘৰপৰা চুবুৰী, কলিবাৰী, দেউৰীগাঁও আদি সকলোতে হৰিনাম আৰু কীৰ্তনৰ মধুৰ সুৰে সৃষ্টি কৰিছে এক…
ঢকুৱাখনাত গণ প্ৰহাৰত নিহত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই
শতাব্দ প্ৰতিবেদক, ঢকুৱাখনা ১৮ আগষ্ট : ঢকুৱাখনা আৰু সমীপৱৰ্তী এলেকাত বহু বছৰধৰি নানা প্ৰকাৰৰ আইনবিৰোধী কাম-কাজ আৰু অপৰাধ সংঘটিত কৰি সাধাৰণ জন-জীৱন আতংকময় কৰি আৰক্ষীৰ মূৰ কামোৰণিলৈ পৰিণত হোৱা তথা মংগলবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ আচামী গেৰজাই ওৰফে ৰাজু বৰুৱাৰ বৃহস্পতি বাৰে পুৱা ৭ বজাত গণপ্ৰহাৰত মৃত্যু ঘটে । ঘটনাৰ বিৱৰণী মতে ঢকুৱাখনা - বাসুদেৱ থান - মৰনৈ বেবেজীয়া সংযোগী গড়কাপ্তানি পথৰ কিলাকেলী জানৰ উজনি ফালে স্থানীয় এজন লোকে আত্মগোপন কৰি থকা অৱস্থাত গেৰজাইক দেখা পাই গাঁওৰক্ষী বাহিনীক খবৰ…
তিনিচুকীয়াত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক দুষ্কৃতিকাৰীৰ আক্ৰমণ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলত আজি পুৱা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন শিক্ষাগুৰু ৷ নপুখুৰীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ সিঙক আজি পুৱা দুৰ্বৃত্তই গজাল থকা কাঠেৰে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে অধ্যক্ষগৰাকীয়ে পুৱা প্ৰাতঃভ্ৰমণ কৰি থাকোতেই কোনো দুৰ্বৃত্তই গজাল থকা কাঠেৰে তেওঁক আকস্মিকভাৱে আক্ৰমণ কৰে ৷ ফলত অধ্যক্ষগৰাকীৰ গাত গজাল সোমাই ৰক্তক্ষৰণ হয় । ঘটনা সন্দৰ্ভত অধ্যক্ষ সিঙে দিয়া এজাহাৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ভাৰতীয়…
আন্দোলনৰ নামত চাকৰি প্ৰাৰ্থী সকলক পণবন্দী নকৰিব : মন্ত্ৰী হাজৰিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ অনাগত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত সদৰি কৰা অনুসৰি ২১, ২৮ আগষ্ট আৰু ১১ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা নিযুক্তি পৰীক্ষাত ১৪,৩০,৩৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব লগা এই পৰীক্ষা সুপৰিচালনাৰ বাবে মুখ্যমন্ত্ৰীয়ে…
চৰকাৰৰ শিক্ষাবিৰোধী নীতি:তেজপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭আগষ্ট: ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহত নৱম আৰু দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ টিউচন মাছুল ৭০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি কৰা , ৰাজহুৱা আদৰ্শ বিদ্যালয়ত ছাত্র ছাত্রীৰ মাহিলী মাছুল তিনিশ টকা কৰা আৰু পুজিঁৰ অভাৱৰ দোহাই দি ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী পৰা দান বৰঙনি সংগ্ৰহ কৰি বিদ্যালয় পৰিচলনা কৰাৰ শিক্ষা বিৰোধী তিনিটা সিদ্ধান্তক তীব্র বিৰোধিতা কৰি ছাত্র সংগঠন এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে আজি ,শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰত এক প্ৰতিবাদী কৰ্যসূচী ৰূপায়ন কৰা হয়। সংগঠনটোৱে…
হিতাধিকাৰীক প্ৰৱঞ্চনাঃএটিএম কাৰ্ড নিলে ঠিকদাৰ ৰূপী সদস্যই
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৭আগষ্ট: ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শোণিতপুৰ যথেষ্ট পিছপৰি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে জিলাখনৰ বিহগুৰি উন্নয়ন খণ্ডৰ কেতবোৰ অঞ্চলত হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগলৈ একাংশই এনে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে ২০১৯-২০ত আবন্টিত গৃহ এই পৰ্যন্ত সম্পূৰ্ণ নহোৱাৰ লগতে হিতাধিকাৰীয়েহে উপায়হীন হৈ ধাৰ-ঋণৰে ঘৰৰ কাম আগবঢ়াব লগীয়া ঘটনা সংঘটিত হৈছে বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত অঞ্চলত৷ এই উন্নয়ন খণ্ড অধীনষ্ঠ আৰু বাঁহবাৰী গাঁও পঞ্চায়ত এলেকাৰ নিজ…
ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৭ আগষ্ট : ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি যোৱা ৭ আগষ্ট তাৰিখে বিখ্যাত দীপশিখা ফাউণ্ডেচনৰ সহযোগত এটি মহিলাৰ কৰ্কট ৰোগ চিনাক্তকৰণ আৰু সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ এদিনীয়া শিৱিৰ অনুষ্ঠিত হৈ যোৱাৰ লগতে যোৱা ৯ আগষ্ট তাৰিখে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আবৃত্তি সম্ৰাট প্ৰণৱ বৰা সোঁৱৰণি আবৃত্তি প্ৰতিযোগিতা বহু সংখ্যক শিক্ষাৰ্থীৰ অনুষ্ঠিত হৈ যায়। ইয়াৰ মাজতেই যোৱা ১৪ আগষ্টত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ…
গুৱাহাটীত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল বৰাই জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই বিক্ৰী কেন্দ্ৰটো উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ অভিযান (MOVCD-NER)ৰ অধীনত স্থাপন কৰা হ’ব। এই কেন্দ্ৰত নিৰ্বাচিত কৃষক উৎপাদক গোটসমূহৰ দ্বাৰা উৎপাদিত…
