Browsing Category
অসম
তিনি শতাধিক প্ৰতিযোগীৰ উপস্থিতিত তেজপুৰত ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট :"এই পৃথিৱী এক ক্ৰীড়াংগন /ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন" - শীৰ্ষক ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেজপুৰতে ৰচনা কৰা এই গীতৰ মাজত আজি ৰাজ্যখনৰ তিনি শতাধিক যোগ ক্ৰীড়াৰ প্ৰতিযোগীয়ে মুখৰিত কৰি তোলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগন । উল্লেখ্য যে, অসম ৰাজ্যিক যোগ সন্থাৰ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আজিৰে পৰা তিনিদিনীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলা যোগ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা আজি পুৱা আৰম্ভ হয় ৰাজ্যিক সন্হা আৰু জিলা সন্হাৰ…
তিনিচুকীয়াৰ যুৱক সন্ধানহীন : ডিব্ৰু নদীত এছ ডি আৰ এফ, আৰক্ষীৰ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট : তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ বাসিন্দা প্ৰদীপ বৰ্মনৰ পুত্ৰ দৰ্পণ বৰ্মন (২৩) কালিৰ পৰা সন্ধানহীন হৈ থকাৰ সময়তে তেওঁৰ চাইকেলখন তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ডিব্ৰু নদীৰ গুইজান ঘাটৰ সমীপত উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ ঘটনা অধিক জটিল হৈ পৰিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যুৱকজনৰ সন্ধানত আৰক্ষীয়ে গুইজানৰ আশে-পাশে সন্ধান চলাই যদিও তেওঁৰ কোনো সম্ভেদ লাভ কৰাবলৈ সক্ষম নহ’ল । ইফালে যুৱকজন ডিব্ৰু নদীত পৰি সন্ধানহীন হোৱাৰ আশংকাত আজি এছডিআৰএফ আৰু গুইজান আৰক্ষীয়ে ডিব্ৰু…
শোণিতপুৰ জিলা আন্তঃ বিদ্যালয় বক্সিং প্ৰতিযোগিতা সমাপ্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ আগষ্ট : শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বক্সিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় ১১০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। স্থানীয় হজৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতেন বৰা আৰু…
তেজপুৰত আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগণত ১৯-২১ আগষ্টলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব "২৫ সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাজ্যিক যোগ ক্ৰীড়া - ২০২২" প্ৰতিযোগিতা । উল্লেখ্য যে, অসম অলিম্পিক সন্থা আৰু যোগ ফেডাৰেছন অব ইণ্ডিয়াৰ অধীনস্থ অসম যোগ সন্হাৰ এই বিশেষ প্ৰতিযোগিতা এইবাৰ শোণিতপুৰ যোগ সন্থাৰ উদ্যোগত তেজপুৰত অনুষ্ঠিত হ'ব৷ কাইলৈ পুৱা বাণ থিয়েটাৰ প্ৰাংগণত ৰাজ্যিক সন্হা আৰু জিলা সন্হাৰ পতাকা আনুষ্ঠানিকভাৱে ভাবে ৰাজ্যিক সন্হাৰ সভাপতি তপন কুমাৰ দাস আৰু শোণিতপুৰ জিলা সন্হাৰ সভাপতি নীলকান্ত…
ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। পূৰ্বেও এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। এ পি এছ চিৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চৌধুৰীয়ে। বৰ্তমান তেওঁ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। পূৰ্বতে নলবাৰীকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী। এগৰাকী সৎ বিষয়া হিচাপে পৰিচিত ভাৰত…
তেজপুৰৰ সত্ৰ-নামঘৰত ভাদমাহৰ ভক্তিৰসৰ অনন্য পৰিৱেশ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট: ৰাজ্যৰ জাতীয় জীৱনৰে সংপৃক্ত সত্ৰ-নামঘৰ সমূহত ভাদ মাহ উপলক্ষে আৰম্ভ হোৱা নাম প্ৰসংগ, হৰিনাম, কীৰ্ত্তনৰ অনন্য পৰিৱেশত ডুব গৈছে তেজপুৰৰো সকলো সত্ৰ নামঘৰ৷ আয়তী - নামতি আৰু ভকত - বৈষ্ণৱৰ এবুকু আবেগ জড়িত থকা এই পবিত্ৰ ভাদমাহৰ ঐতিহ্য আৰু পৰম্পৰা অনুসৰি এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে হৰিনাম কীৰ্ত্তনৰ অমিয়া পৰিৱেশ। তেজপুৰৰ ডিপোতা, বেছেৰীয়া, মিলনপুৰ, পৰ্বতীয়া, মাজগাঁও, ডেকাৰগাঁও, মৰাভৰলীপাৰ, শইকীয়া চুবুৰী, ঘৰপৰা চুবুৰী, কলিবাৰী, দেউৰীগাঁও আদি সকলোতে হৰিনাম আৰু কীৰ্তনৰ মধুৰ সুৰে সৃষ্টি কৰিছে এক…
ঢকুৱাখনাত গণ প্ৰহাৰত নিহত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই
শতাব্দ প্ৰতিবেদক, ঢকুৱাখনা ১৮ আগষ্ট : ঢকুৱাখনা আৰু সমীপৱৰ্তী এলেকাত বহু বছৰধৰি নানা প্ৰকাৰৰ আইনবিৰোধী কাম-কাজ আৰু অপৰাধ সংঘটিত কৰি সাধাৰণ জন-জীৱন আতংকময় কৰি আৰক্ষীৰ মূৰ কামোৰণিলৈ পৰিণত হোৱা তথা মংগলবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ আচামী গেৰজাই ওৰফে ৰাজু বৰুৱাৰ বৃহস্পতি বাৰে পুৱা ৭ বজাত গণপ্ৰহাৰত মৃত্যু ঘটে । ঘটনাৰ বিৱৰণী মতে ঢকুৱাখনা - বাসুদেৱ থান - মৰনৈ বেবেজীয়া সংযোগী গড়কাপ্তানি পথৰ কিলাকেলী জানৰ উজনি ফালে স্থানীয় এজন লোকে আত্মগোপন কৰি থকা অৱস্থাত গেৰজাইক দেখা পাই গাঁওৰক্ষী বাহিনীক খবৰ…
তিনিচুকীয়াত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক দুষ্কৃতিকাৰীৰ আক্ৰমণ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলত আজি পুৱা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন শিক্ষাগুৰু ৷ নপুখুৰীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ সিঙক আজি পুৱা দুৰ্বৃত্তই গজাল থকা কাঠেৰে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে অধ্যক্ষগৰাকীয়ে পুৱা প্ৰাতঃভ্ৰমণ কৰি থাকোতেই কোনো দুৰ্বৃত্তই গজাল থকা কাঠেৰে তেওঁক আকস্মিকভাৱে আক্ৰমণ কৰে ৷ ফলত অধ্যক্ষগৰাকীৰ গাত গজাল সোমাই ৰক্তক্ষৰণ হয় । ঘটনা সন্দৰ্ভত অধ্যক্ষ সিঙে দিয়া এজাহাৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ভাৰতীয়…
আন্দোলনৰ নামত চাকৰি প্ৰাৰ্থী সকলক পণবন্দী নকৰিব : মন্ত্ৰী হাজৰিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ অনাগত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত সদৰি কৰা অনুসৰি ২১, ২৮ আগষ্ট আৰু ১১ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা নিযুক্তি পৰীক্ষাত ১৪,৩০,৩৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব লগা এই পৰীক্ষা সুপৰিচালনাৰ বাবে মুখ্যমন্ত্ৰীয়ে…
