Browsing Category
অসম
চৰকাৰৰ শিক্ষাবিৰোধী নীতি:তেজপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭আগষ্ট: ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহত নৱম আৰু দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ টিউচন মাছুল ৭০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি কৰা , ৰাজহুৱা আদৰ্শ বিদ্যালয়ত ছাত্র ছাত্রীৰ মাহিলী মাছুল তিনিশ টকা কৰা আৰু পুজিঁৰ অভাৱৰ দোহাই দি ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী পৰা দান বৰঙনি সংগ্ৰহ কৰি বিদ্যালয় পৰিচলনা কৰাৰ শিক্ষা বিৰোধী তিনিটা সিদ্ধান্তক তীব্র বিৰোধিতা কৰি ছাত্র সংগঠন এ আই ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে আজি ,শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰত এক প্ৰতিবাদী কৰ্যসূচী ৰূপায়ন কৰা হয়। সংগঠনটোৱে…
হিতাধিকাৰীক প্ৰৱঞ্চনাঃএটিএম কাৰ্ড নিলে ঠিকদাৰ ৰূপী সদস্যই
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৭আগষ্ট: ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শোণিতপুৰ যথেষ্ট পিছপৰি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে জিলাখনৰ বিহগুৰি উন্নয়ন খণ্ডৰ কেতবোৰ অঞ্চলত হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগলৈ একাংশই এনে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে ২০১৯-২০ত আবন্টিত গৃহ এই পৰ্যন্ত সম্পূৰ্ণ নহোৱাৰ লগতে হিতাধিকাৰীয়েহে উপায়হীন হৈ ধাৰ-ঋণৰে ঘৰৰ কাম আগবঢ়াব লগীয়া ঘটনা সংঘটিত হৈছে বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত অঞ্চলত৷ এই উন্নয়ন খণ্ড অধীনষ্ঠ আৰু বাঁহবাৰী গাঁও পঞ্চায়ত এলেকাৰ নিজ…
ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৭ আগষ্ট : ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি যোৱা ৭ আগষ্ট তাৰিখে বিখ্যাত দীপশিখা ফাউণ্ডেচনৰ সহযোগত এটি মহিলাৰ কৰ্কট ৰোগ চিনাক্তকৰণ আৰু সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ এদিনীয়া শিৱিৰ অনুষ্ঠিত হৈ যোৱাৰ লগতে যোৱা ৯ আগষ্ট তাৰিখে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আবৃত্তি সম্ৰাট প্ৰণৱ বৰা সোঁৱৰণি আবৃত্তি প্ৰতিযোগিতা বহু সংখ্যক শিক্ষাৰ্থীৰ অনুষ্ঠিত হৈ যায়। ইয়াৰ মাজতেই যোৱা ১৪ আগষ্টত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ…
গুৱাহাটীত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল বৰাই জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই বিক্ৰী কেন্দ্ৰটো উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ অভিযান (MOVCD-NER)ৰ অধীনত স্থাপন কৰা হ’ব। এই কেন্দ্ৰত নিৰ্বাচিত কৃষক উৎপাদক গোটসমূহৰ দ্বাৰা উৎপাদিত…
শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত শৈক্ষিক অঘটনৰ আশংকা : শিক্ষক দিৱসত ঘূৰাই দিব টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৭ আগষ্টঃ “ শিক্ষা বিভাগৰ বিশেষ টেট আছিল এক ক’লা অধ্যায় । আমি বিশেষ টেট উত্তীৰ্ণসকলে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত আমাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ঘূৰাই দিম ৷ শিক্ষা মন্ত্ৰীয়ে মানৱতাৰ দৃষ্টিৰে আমাৰ বিষয়টো অধ্যয়ন কৰা নাই ৷ ” সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সমাজে বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিপৰীত স্থানত অৱস্থান কৰি বিশেষ টেট উত্তীৰ্ণসকলক বাৰে বাৰে উপলুঙা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি নিযুক্তি দিব নোৱাৰে যদি বিশেষ টেট পৰীক্ষা পতাৰ কাৰণ…
নতুন পাঠ্যক্ৰমেৰে আৰম্ভ হ’ব আছাম স্কুল অৱ জাৰ্নেলিজম
গুৱাহাটী, ১৭ আগষ্ট : ২০১১ বৰ্ষৰ পৰা ব্যৱহাৰিক সাংবাদিকতা পাঠ্যক্ৰমেৰে সহস্ৰাধিক শিক্ষার্থীক ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱাত সহায় কৰা আছাম স্কুল অৱ জাৰ্নেলিজম নতুন কাৰ্যসূচীৰে পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰত্যাশা ফাউণ্ডেচনৰ উদ্যোগত আছাম স্কুল অৱ জাৰ্নেলিজমত পুনৰবাৰ ব্যৱহাৰিক পাঠ্যক্ৰমেৰে ২০২২ চনৰ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শ্ৰেণীসমূহ আছাম স্কুল অৱ জাৰ্নেলিজমৰ শিলপুখুৰীস্থিত নতুন কেন্দ্ৰত আৰম্ভ হ'ব। গুৱাহাটী মহানগৰীৰ উজান বজাৰস্থিত থলুৱা সম্ভাৰৰ উদ্যোক্তা…
উদ্বোধনৰ পূৰ্বেই নাওবৈছা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত ভৱনত চিৰাল ফাট
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাওবৈছাত সাতাইশ লাখ টকা ব্যয় সাপেক্ষে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত নাওবৈচা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত কাৰ্য্যালয় ভবনটোত উদ্বোধনৰ পূৰ্বেই ছিৰাল ফাট মেলা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ দহখন গাঁও পঞ্চায়তৰ ভিতৰত নখন গাঁও পঞ্চায়তে চতুদর্শ বিতীয় আয়োগৰ পুঁজিৰ তিনি লাখকৈ মুঠ সাতাইশ লাখ টকা উন্নয়ন খণ্ড কার্যালয় নিৰ্মাণৰ বাবে আদায় দিছিল। সেই অনুসৰি লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব আৰু নাওবৈচা…
আজাদী কী অমৃত মহোৎসৱৰ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ
উত্তৰ লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া আৰু ১নং মাজ গাওঁৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ আগষ্টৰ সন্ধিয়া “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হয়৷ এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত তৰুন কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান” আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত প্ৰনৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা “মঞ্চস্থ কৰা হয়৷ এই দুয়োখন নাটকৰ মঞ্চ সজ্জা ভাস্কৰ দত্তৰ নৃত্য…
