Browsing Category

অসম

শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত শৈক্ষিক অঘটনৰ আশংকা : শিক্ষক দিৱসত ঘূৰাই দিব টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৭ আগষ্টঃ “ শিক্ষা বিভাগৰ বিশেষ টেট আছিল এক ক’লা অধ্যায় । আমি বিশেষ টেট উত্তীৰ্ণসকলে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত আমাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ঘূৰাই দিম ৷ শিক্ষা মন্ত্ৰীয়ে মানৱতাৰ দৃষ্টিৰে আমাৰ বিষয়টো অধ্যয়ন কৰা নাই ৷ ” সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সমাজে বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিপৰীত স্থানত অৱস্থান কৰি বিশেষ টেট উত্তীৰ্ণসকলক বাৰে বাৰে উপলুঙা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি নিযুক্তি দিব নোৱাৰে যদি বিশেষ টেট পৰীক্ষা পতাৰ কাৰণ…

নতুন পাঠ্যক্ৰমেৰে আৰম্ভ হ’ব আছাম স্কুল অৱ জাৰ্নেলিজম

গুৱাহাটী, ১৭ আগষ্ট : ২০১১ বৰ্ষৰ পৰা ব্যৱহাৰিক সাংবাদিকতা পাঠ্যক্ৰমেৰে সহস্ৰাধিক শিক্ষার্থীক ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱাত সহায় কৰা আছাম স্কুল অৱ জাৰ্নেলিজম নতুন কাৰ্যসূচীৰে পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰত্যাশা ফাউণ্ডেচনৰ উদ্যোগত আছাম স্কুল অৱ জাৰ্নেলিজমত পুনৰবাৰ ব্যৱহাৰিক পাঠ্যক্ৰমেৰে ২০২২ চনৰ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শ্ৰেণীসমূহ আছাম স্কুল অৱ জাৰ্নেলিজমৰ শিলপুখুৰীস্থিত নতুন কেন্দ্ৰত আৰম্ভ হ'ব। গুৱাহাটী মহানগৰীৰ উজান বজাৰস্থিত থলুৱা সম্ভাৰৰ উদ্যোক্তা…

উদ্বোধনৰ পূৰ্বেই নাওবৈছা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত ভৱনত চিৰাল ফাট

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাওবৈছাত সাতাইশ লাখ টকা ব্যয় সাপেক্ষে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত নাওবৈচা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত কাৰ্য্যালয় ভবনটোত উদ্বোধনৰ পূৰ্বেই ছিৰাল ফাট মেলা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ দহখন গাঁও পঞ্চায়তৰ ভিতৰত নখন গাঁও পঞ্চায়তে চতুদর্শ বিতীয় আয়োগৰ পুঁজিৰ তিনি লাখকৈ মুঠ সাতাইশ লাখ টকা উন্নয়ন খণ্ড কার্যালয় নিৰ্মাণৰ বাবে আদায় দিছিল। সেই অনুসৰি লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব আৰু নাওবৈচা…

আজাদী কী অমৃত মহোৎসৱৰ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ

উত্তৰ লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া আৰু ১নং মাজ গাওঁৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫  আগষ্টৰ সন্ধিয়া “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হয়৷ এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত তৰুন কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান” আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত প্ৰনৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা “মঞ্চস্থ কৰা হয়৷ এই দুয়োখন নাটকৰ মঞ্চ সজ্জা ভাস্কৰ দত্তৰ নৃত্য…

সমাজকল্যাণ বিভাগত কৃপাত এখন চামুচৰ মূল্য ১৬৫টকা

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৬আগষ্ট: মুকলি বজাৰত যিবিধ চামুচৰ একডজনৰ মূল্য ৫০টকা সেই একেই চামুচ মাত্ৰ এখনৰে মূল্য ১৬৫টকা৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যোগানিয়াৰৰ বজাৰত ষ্টিলৰ এনে চামুচৰ মূল্য ইমান৷ চকুমুদি এই আচৰিত মূল্যত সামগ্ৰী যোগানৰ অনুমোদন জনাইছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে৷ শেহতীয়াকৈ আৰ টি আই কৰ্মীয়ে লাভ কৰা সমাজকল্যাণ বিভাগৰ তথ্যত প্ৰকাশ পাইছে এনে তথ্য ৷বিগত দুটা বছৰে একাংশ ঠিকাদাৰ যোগনিয়াৰে সমাজকল্যাণ বিভাগৰ কৃপাত এনে আজৱ মূল্যৰ বিনিময়তে ৰাজ্যখনৰ অংগনবাড়ী কেন্দ্ৰসমূহত যোগান ধৰিছে কোটি কোটি টকাৰ বিনিময়ত বিভিন্ন…

তিনিচুকীয়াত শোক দিৱস পালন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ আগষ্ট : বিগত ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত শোক দিৱস পালন কৰা হয় ৷ উপায়ুক্ত নৰসিং পৱাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম…

লখিমপুৰৰ দুলুংত অসমৰ যুৱকক অৰুণাচলী দুবৃৰ্ত্তৰ দলবদ্ধ আক্ৰমণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰূপহী ৰাজগড়ত ১৪ আগষ্টৰ নিশা ৪০ জনীয়া আৰুণাচলী দুষ্কৃতিকাৰীয়ে অসমৰ গাঁও আৰক্ষী বাহিনীৰ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে ১৪ আগষ্ট নিশা ৰূপহী ৰাজগড়ত এটা গাঁওৰক্ষী বাহিনী দলে অৰুণাচলৰ এখন স্ক’ৰপিঅ বাহনক ৰখোৱাক কেন্দ্ৰ কৰিয়েই দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হয়৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰুণাচলৰ এটি ৪০ জনীয়া দলে ৰূপহী ৰাজগড়ত খাপপিটি সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দা-চোকা অস্ত্ৰৰে…

বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্টঃ অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন বুধবাৰে অনুষ্ঠিত হ’ব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ'ব। স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনোৱা মতে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনৰ বাবে ৪ ঘণ্টীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। সন্ধিয়া ৭ বজাত অন্ত…

লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভণী অনুষ্ঠান আজিৰে পৰা অনুষ্ঠিত হয়৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতিয়ে৷ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পিছতে সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ সুৰজিৎ ভূঞাই৷ ছাত্ৰী শিল্পীশিখা শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে অধ্যাপক ৰবিন কাকতিয়ে ৷ সভাত কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতি আৰু কবি জয়ন্ত কুমাৰ হাজৰিকাক…

স্বাধীনতা দিৱসত লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ উদিত সূৰ্য প্ৰতীক চিহ্নৰ এই পতাকাখন পুৱা বগীনদী ৰেলৱে ষ্টেচনৰ ফুট ব্ৰীজত উৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷ পৰৱৰ্তী সময়ত বগীনদী থানাৰ আৰক্ষীয়ে পতাকাখন জব্দ কৰি থানালৈ লৈ আহে৷ স্বাধীনতা দিৱসৰ দিনাই বগীনদীত আলফা পতাকা উৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে উক্ত পতাকাখনত আলফাৰ সাত দণ্ড অংকন কৰা নাই ৷ ইতিপূৰ্বে বগীনদীত উৰুৱা আলফাৰ এই পতাকাখনৰ ভিডিঅ অৰণ্য অসম নামৰ ফেচবুক…