Browsing Category

অসম

বগীনদীত এখন ৰভাৰ তলত বহিল ২৭৬ জোৰা দৰা-কইনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ আজি লখিমপুৰৰ বগীনদীত একেখন ৰভাৰ তলত বিবাহত বহিল ২৭৬ জোৰা দৰা-কইনা৷ পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এইবাৰ সংস্কাৰ বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে৷ আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত হংস ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হয় এই সামূহিক বিবাহ৷ উল্লেখ্য যে এই সামূহিক বিবাহত পাঁচ প্ৰকাৰ নীতি-নিয়মেৰে পৃথকে পৃথকে সামাজিকভাৱে বিবাহ বন্ধনত আৱদ্ধ হয় এই সকল দম্পতি৷ সামূহিক বিবাহ উপলক্ষে আজি সম্পূৰ্ণ হিন্দু ধৰ্মীয় পৰম্পৰা বৈদিক প্ৰথা, বিধি পাঠ, আদিবাসী সকলৰ মাৰোৱা নীতি,…

কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৬ আগষ্ট : খেতিয়কৰ বাবে আমাক অধিক শক্তিশালী আইন লাগে । অধিক সুৰক্ষিত আইনৰ প্ৰয়োজন আছে ।কি ধৰণৰ আইন হব লাগে কমেন্ট নিদিও কিন্ত কৃষকৰ সুৰক্ষাৰ বাবে আইন লাগে আৰু কৃষকৰ সম্পদ বৃদ্ধিৰ বাবেও আইন হব লাগে । যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজি এই মত ব্যক্ত কৰে দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।বিশ্ববিদ্যালয়খনৰঅন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰসংগত লগতে কয় যে এবিঘা আধাবিঘা মাটিত যিমানেই বিজ্ঞানসন্মত কৃষি নহওক, যিমানেই উৎপাদন নাবাঢ়ক সেয়া মুঠেও যথেষ্ট নহয়।কৃষি…

ৰঙাপৰাত কটা মূৰ হাতত লৈ থানাত উপস্থিত হ’ল হত্যাকাৰীঃ তীব্ৰ চাঞ্চল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৬ আগষ্টঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে । গভীৰ নিশা এজন লোকৰ কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হ'ল এজন ২৫ বছৰীয়া যুৱক। যিটো দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে হতভম্ব হৈ পৰে ৰঙাপৰা থানাৰ আৰক্ষী। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰ গাঁৱৰ নিৱাসী টুনিৰাম মাদ্ৰীয়ে একেখন গাঁৱৰে নিৱাসী ব্ৰইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া বৃদ্ধ গৰাকীক শিৰশ্ছেদ কৰে আৰু তাৰ পিছত হত্যাকাৰীজনে প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়ি আহি কটা মূৰটো আৰু দাখন লগত লৈ একো…

এইবাৰ ঢকুৱাখনা আদালতৰ ল’ক আপৰ পৰা পলাল গেৰজাই

শতাব্দ প্ৰতিবেদক ঢকুৱাখনা, ১৬ আগষ্ট: আৰক্ষীৰ তথাকথিত কটকটীয়া পহৰাৰ ফোপোলা আৰু সোপাঢিলা অৱস্থাৰ স্বৰূপ উদঙাই আজি অৰ্থাৎ সোমবাৰে দিন-দুপৰতে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালত ভৱনৰ পৰা পলায়ন কৰে অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা কেইবাটাও গোচৰত অভিযুক্ত আচামী তথা দুৰ্ধৰ্ষ ডকাইত হিচাপে জনাজাত গেৰজাই ওৰফে ৰাজু বৰুৱাই। ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা আৰু ঘিলামৰা থানাত পঞ্জীভূত কেইবাটাও গোচৰত অভিযুক্ত আৰু সুদীৰ্ঘ দিন লখিমপুৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা গেৰজাইক আজি আন কেইবাজনো কাৰাবন্দীৰ সৈতে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা…

ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰোৰ দুচকীয়া বাহন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্ট: দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট'কৰ্প লিমিটেডে চি এছ আৰৰ অধীনত শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ মুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান কৰে। এই উপলক্ষ্যে আজি গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত আয়োজন কৰা অনুষ্ঠ‍ানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দুচকীয়া বাহন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভাষণৰ আৰম্ভনীতে মন্ত্ৰীগৰাকীয়ে শোক দিৱস উপলক্ষে ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ স্বাধীনতা দিৱস উপলক্ষে…

লখিমপুৰত সাংকেতিক ভাষাৰে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন দিব্যাঙ্গ শিশুৰ

উত্তৰ লখিমপুৰ, ১৫ আগষ্টঃ লখিমপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত শিক্ষা খণ্ডৰ বিভিন্ন সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শ্ৰৱণ সমস্যা থকা এঘাৰজন দিব্যাঙ্গ শিশুৰ এটি দলে আজি দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসত ভাৰতীয় সাংকেতিক ভাষা (Indian sign language)ত ৰাষ্ট্ৰীয় সঙ্গীতটি পৰিৱেশন কৰে। ৭০৬নং গোৱৰিশালী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী পুষ্পাঞ্জলী হলদাৰে প্ৰশিক্ষণ প্ৰদান কৰা দলটিয়ে আজি পুৱা ৭:৩০বজাত লখিমপুৰ শিক্ষাখণ্ডৰ পতাকা উত্তোলনস্থলীত, ৯বজাত আজাদস্হিত জিলা শিক্ষা…

যোৰহাট বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহত উদ্ভাৱন কেন্দ্ৰ উদ্বোধন বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

যোৰহাট, ১৫ আগষ্ট: দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত এটা "উদ্ভাৱন কেন্দ্ৰ" উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধিৎসাক উদগনিৰৈ উদ্ভাৱনী চিন্তাৰ বিকাশত সহায়ক হোৱাকৈ অসম বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)য়ে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সহযোগত এই উদ্ভাৱন কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছে। এই উপলক্ষে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰ তাৰকাগৃহৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি…

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক “পৰিৱেশ মিত্ৰ” সন্মান প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ, যোৰহাটত (ফটো সংবাদ)

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক আজি ৰাজ্য চৰকাৰৰ "পৰিৱেশ মিত্ৰ" সন্মান প্ৰদান কৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই, যোৰহাটত

লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ ২১প্ৰাক্তন সৈনিকক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ, যান-বাহন পৰিদৰ্শক সঞ্জীৱ কুমাৰ চুতীয়াৰ উপস্থিতিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সৈনিক সকলক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ আদিৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্গিল…

অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, যোৰহাট,১৫ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ।বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । যোৰহাটৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বক্তব্য ৰাখি উপাচাৰ্য গৰাকীয়ে কয় যে দেশৰ প্ৰতি উৎসৰ্গিত মনোভাবেৰে প্ৰত্যেক কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব ।নীতিৰ পৰা নীতিলৈ পৰিবৰ্তন কৰি মানসিকতাৰ পৰিবৰ্তন…