Browsing Category

অসম

সমাজকল্যাণ বিভাগত কৃপাত এখন চামুচৰ মূল্য ১৬৫টকা

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৬আগষ্ট: মুকলি বজাৰত যিবিধ চামুচৰ একডজনৰ মূল্য ৫০টকা সেই একেই চামুচ মাত্ৰ এখনৰে মূল্য ১৬৫টকা৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যোগানিয়াৰৰ বজাৰত ষ্টিলৰ এনে চামুচৰ মূল্য ইমান৷ চকুমুদি এই আচৰিত মূল্যত সামগ্ৰী যোগানৰ অনুমোদন জনাইছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে৷ শেহতীয়াকৈ আৰ টি আই কৰ্মীয়ে লাভ কৰা সমাজকল্যাণ বিভাগৰ তথ্যত প্ৰকাশ পাইছে এনে তথ্য ৷বিগত দুটা বছৰে একাংশ ঠিকাদাৰ যোগনিয়াৰে সমাজকল্যাণ বিভাগৰ কৃপাত এনে আজৱ মূল্যৰ বিনিময়তে ৰাজ্যখনৰ অংগনবাড়ী কেন্দ্ৰসমূহত যোগান ধৰিছে কোটি কোটি টকাৰ বিনিময়ত বিভিন্ন…

তিনিচুকীয়াত শোক দিৱস পালন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ আগষ্ট : বিগত ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত শোক দিৱস পালন কৰা হয় ৷ উপায়ুক্ত নৰসিং পৱাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম…

লখিমপুৰৰ দুলুংত অসমৰ যুৱকক অৰুণাচলী দুবৃৰ্ত্তৰ দলবদ্ধ আক্ৰমণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰূপহী ৰাজগড়ত ১৪ আগষ্টৰ নিশা ৪০ জনীয়া আৰুণাচলী দুষ্কৃতিকাৰীয়ে অসমৰ গাঁও আৰক্ষী বাহিনীৰ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে ১৪ আগষ্ট নিশা ৰূপহী ৰাজগড়ত এটা গাঁওৰক্ষী বাহিনী দলে অৰুণাচলৰ এখন স্ক’ৰপিঅ বাহনক ৰখোৱাক কেন্দ্ৰ কৰিয়েই দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হয়৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৰুণাচলৰ এটি ৪০ জনীয়া দলে ৰূপহী ৰাজগড়ত খাপপিটি সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দা-চোকা অস্ত্ৰৰে…

বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্টঃ অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন বুধবাৰে অনুষ্ঠিত হ’ব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ'ব। স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনোৱা মতে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনৰ বাবে ৪ ঘণ্টীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। সন্ধিয়া ৭ বজাত অন্ত…

লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভণী অনুষ্ঠান আজিৰে পৰা অনুষ্ঠিত হয়৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতিয়ে৷ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পিছতে সোণালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ সুৰজিৎ ভূঞাই৷ ছাত্ৰী শিল্পীশিখা শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে অধ্যাপক ৰবিন কাকতিয়ে ৷ সভাত কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতি আৰু কবি জয়ন্ত কুমাৰ হাজৰিকাক…

স্বাধীনতা দিৱসত লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ উদিত সূৰ্য প্ৰতীক চিহ্নৰ এই পতাকাখন পুৱা বগীনদী ৰেলৱে ষ্টেচনৰ ফুট ব্ৰীজত উৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷ পৰৱৰ্তী সময়ত বগীনদী থানাৰ আৰক্ষীয়ে পতাকাখন জব্দ কৰি থানালৈ লৈ আহে৷ স্বাধীনতা দিৱসৰ দিনাই বগীনদীত আলফা পতাকা উৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে উক্ত পতাকাখনত আলফাৰ সাত দণ্ড অংকন কৰা নাই ৷ ইতিপূৰ্বে বগীনদীত উৰুৱা আলফাৰ এই পতাকাখনৰ ভিডিঅ অৰণ্য অসম নামৰ ফেচবুক…

বগীনদীত এখন ৰভাৰ তলত বহিল ২৭৬ জোৰা দৰা-কইনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ আজি লখিমপুৰৰ বগীনদীত একেখন ৰভাৰ তলত বিবাহত বহিল ২৭৬ জোৰা দৰা-কইনা৷ পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এইবাৰ সংস্কাৰ বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে৷ আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত হংস ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হয় এই সামূহিক বিবাহ৷ উল্লেখ্য যে এই সামূহিক বিবাহত পাঁচ প্ৰকাৰ নীতি-নিয়মেৰে পৃথকে পৃথকে সামাজিকভাৱে বিবাহ বন্ধনত আৱদ্ধ হয় এই সকল দম্পতি৷ সামূহিক বিবাহ উপলক্ষে আজি সম্পূৰ্ণ হিন্দু ধৰ্মীয় পৰম্পৰা বৈদিক প্ৰথা, বিধি পাঠ, আদিবাসী সকলৰ মাৰোৱা নীতি,…

কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৬ আগষ্ট : খেতিয়কৰ বাবে আমাক অধিক শক্তিশালী আইন লাগে । অধিক সুৰক্ষিত আইনৰ প্ৰয়োজন আছে ।কি ধৰণৰ আইন হব লাগে কমেন্ট নিদিও কিন্ত কৃষকৰ সুৰক্ষাৰ বাবে আইন লাগে আৰু কৃষকৰ সম্পদ বৃদ্ধিৰ বাবেও আইন হব লাগে । যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজি এই মত ব্যক্ত কৰে দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।বিশ্ববিদ্যালয়খনৰঅন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰসংগত লগতে কয় যে এবিঘা আধাবিঘা মাটিত যিমানেই বিজ্ঞানসন্মত কৃষি নহওক, যিমানেই উৎপাদন নাবাঢ়ক সেয়া মুঠেও যথেষ্ট নহয়।কৃষি…

ৰঙাপৰাত কটা মূৰ হাতত লৈ থানাত উপস্থিত হ’ল হত্যাকাৰীঃ তীব্ৰ চাঞ্চল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৬ আগষ্টঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে । গভীৰ নিশা এজন লোকৰ কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হ'ল এজন ২৫ বছৰীয়া যুৱক। যিটো দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে হতভম্ব হৈ পৰে ৰঙাপৰা থানাৰ আৰক্ষী। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰ গাঁৱৰ নিৱাসী টুনিৰাম মাদ্ৰীয়ে একেখন গাঁৱৰে নিৱাসী ব্ৰইলৰ হেমৰম নামৰ ৫৫ বছৰীয়া বৃদ্ধ গৰাকীক শিৰশ্ছেদ কৰে আৰু তাৰ পিছত হত্যাকাৰীজনে প্ৰায় ১০ কিলোমিটাৰ পথ খোজ কাঢ়ি আহি কটা মূৰটো আৰু দাখন লগত লৈ একো…

এইবাৰ ঢকুৱাখনা আদালতৰ ল’ক আপৰ পৰা পলাল গেৰজাই

শতাব্দ প্ৰতিবেদক ঢকুৱাখনা, ১৬ আগষ্ট: আৰক্ষীৰ তথাকথিত কটকটীয়া পহৰাৰ ফোপোলা আৰু সোপাঢিলা অৱস্থাৰ স্বৰূপ উদঙাই আজি অৰ্থাৎ সোমবাৰে দিন-দুপৰতে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালত ভৱনৰ পৰা পলায়ন কৰে অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা কেইবাটাও গোচৰত অভিযুক্ত আচামী তথা দুৰ্ধৰ্ষ ডকাইত হিচাপে জনাজাত গেৰজাই ওৰফে ৰাজু বৰুৱাই। ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা আৰু ঘিলামৰা থানাত পঞ্জীভূত কেইবাটাও গোচৰত অভিযুক্ত আৰু সুদীৰ্ঘ দিন লখিমপুৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা গেৰজাইক আজি আন কেইবাজনো কাৰাবন্দীৰ সৈতে লখিমপুৰ জিলা কাৰাগাৰৰ পৰা…