Browsing Category
অসম
ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰোৰ দুচকীয়া বাহন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্ট: দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট'কৰ্প লিমিটেডে চি এছ আৰৰ অধীনত শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ মুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান কৰে। এই উপলক্ষ্যে আজি গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত আয়োজন কৰা অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দুচকীয়া বাহন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভাষণৰ আৰম্ভনীতে মন্ত্ৰীগৰাকীয়ে শোক দিৱস উপলক্ষে ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱা সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ স্বাধীনতা দিৱস উপলক্ষে…
লখিমপুৰত সাংকেতিক ভাষাৰে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন দিব্যাঙ্গ শিশুৰ
উত্তৰ লখিমপুৰ, ১৫ আগষ্টঃ লখিমপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত শিক্ষা খণ্ডৰ বিভিন্ন সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শ্ৰৱণ সমস্যা থকা এঘাৰজন দিব্যাঙ্গ শিশুৰ এটি দলে আজি দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসত ভাৰতীয় সাংকেতিক ভাষা (Indian sign language)ত ৰাষ্ট্ৰীয় সঙ্গীতটি পৰিৱেশন কৰে। ৭০৬নং গোৱৰিশালী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী পুষ্পাঞ্জলী হলদাৰে প্ৰশিক্ষণ প্ৰদান কৰা দলটিয়ে আজি পুৱা ৭:৩০বজাত লখিমপুৰ শিক্ষাখণ্ডৰ পতাকা উত্তোলনস্থলীত, ৯বজাত আজাদস্হিত জিলা শিক্ষা…
যোৰহাট বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহত উদ্ভাৱন কেন্দ্ৰ উদ্বোধন বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ
যোৰহাট, ১৫ আগষ্ট: দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত এটা "উদ্ভাৱন কেন্দ্ৰ" উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধিৎসাক উদগনিৰৈ উদ্ভাৱনী চিন্তাৰ বিকাশত সহায়ক হোৱাকৈ অসম বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)য়ে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সহযোগত এই উদ্ভাৱন কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছে। এই উপলক্ষে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰ তাৰকাগৃহৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি…
প্ৰকৃতিবিদ দেৱজিৎ ফুকনক “পৰিৱেশ মিত্ৰ” সন্মান প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ, যোৰহাটত (ফটো সংবাদ)
প্ৰকৃতিবিদ দেৱজিৎ ফুকনক আজি ৰাজ্য চৰকাৰৰ "পৰিৱেশ মিত্ৰ" সন্মান প্ৰদান কৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই, যোৰহাটত
লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ ২১প্ৰাক্তন সৈনিকক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ, যান-বাহন পৰিদৰ্শক সঞ্জীৱ কুমাৰ চুতীয়াৰ উপস্থিতিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সৈনিক সকলক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ আদিৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্গিল…
অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, যোৰহাট,১৫ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ।বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । যোৰহাটৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বক্তব্য ৰাখি উপাচাৰ্য গৰাকীয়ে কয় যে দেশৰ প্ৰতি উৎসৰ্গিত মনোভাবেৰে প্ৰত্যেক কৰ্মচাৰীয়ে নিজকে কৰ্মচাৰীৰ পৰা কৰ্মযোগীলৈ পৰিবৰ্তিত কৰিব লাগিব ।নীতিৰ পৰা নীতিলৈ পৰিবৰ্তন কৰি মানসিকতাৰ পৰিবৰ্তন…
ঢকুৱাখনা ব্যৱসায় সন্থাৰ নতুন সমিতি গঠন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ অসম চেম্বাৰ্চ অব কমাৰ্চৰ অধীনস্থ ঢকুৱাখনা ব্যবসায় সন্থাৰ এখন সাধাৰণ সভা ১৪ আগষ্টৰ বিয়লি ২.৩০ বজাত সন্থাৰ সভাপতি যোগেশ বৰুৱাৰ সভাপতিত্বত সন্থাৰ ধৰমশালা ভৱনত অনুষ্ঠিত হয়। সাধাৰণ পৰিষদৰ সভাত সন্থাৰ পুৰণি সমিতি ভংগ কৰি পুৰণা সমিতিৰ গতিশীলতাক মান্যতা প্ৰদান কৰি নতুনকৈ পুনৰ দুবছৰৰ বাবে সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে পুৰণা সন্থাৰ বিষয়ববীয়াকে আগন্তুক দুবছৰৰ বাবে দায়িত্ব অৰ্পণ কৰে। সভাত অসম চেম্বাৰ অৱ কমাৰ্চৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম চেম্বাৰ অৱ কমাৰ্চ উপ সভাপতি তথা ধেমাজি চেম্বাৰ অৱ…
বগীনদীত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জাতীয় পতাকা লৈ সমদল
উত্তৰ লখিমপুৰ,১৪আগষ্টঃ স্বাধীনতাৰ ৭৫ বৰ্ষৰ উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত আজি প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লালপানী মহিলা সমিতিৰ সহযোগত লখিমপুৰ জিলাৰ বগীনদী লালপানীৰ পৰা এটা সমদল বাহিৰ কৰে। উক্ত সমদলৰ জড়িয়তে অৰ্ধশতাধিক লোকে হাতে হাতে জাতীয় পতাকা লৈ লৈ বন্দে মাতৰম,ভাৰত মাতা কি জয় আদি শ্লোগান প্ৰদান কৰি ৰাইজৰ মাজত দেশ প্ৰেম জাগ্ৰত কৰে ।ইপিনে একেদিনাই বগীনদী লালপানী তিনিআলিত স্বচ্ছতা পখৱাৰা…
পুনৰ অঘটনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী মোতায়েন
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৪ আগষ্টঃ দুৰ্ভাগ্যই যেন লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক ৷ যোৱা নিশাও চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী চিজাৰিয়ান কৰা প্ৰসূতিৰ মৃত্যুক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই পৰিস্থিতি পিছত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তিনিদিন পূৰ্বে শিমলুগুৰি ৰনং নিমুৰিৰ বাসিন্দা বাবা বৰুৱাৰ পত্নী জানমণি গোহাই বৰুৱাক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰা হৈছিল৷ সেই মৰ্মে ১২ আগষ্টৰ নিশা প্ৰসূতিগৰাকীক চিজাৰিয়ান কৰি এটি সন্তান প্ৰসৱ কৰোৱা হয় যদিও দুৰ্ভাগ্যজনক…
তিনিচুকীয়াত মাজনিশা সন্দেহজনক গাড়ীলৈ গুলীচালনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ সময়ত আলফাই কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ ৰূপে চিহ্নিত তিনিচুকীয়া জিলাত কঠোৰ নিৰাপত্তা বেহু গঢ়ি তোলাৰ সময়তে যোৱা নিশা এখন কলা ৰঙৰ এছ ইউ ভি বাহনক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে মাজনিশা আৰক্ষীৰ নাকা চেকিঙত এখন কলা ৰঙৰ এছ ইউ ভি গাড়ীক ৰবলৈ ইংগিত দিয়া হৈছিল যদিও গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত তিনিচুকীয়া নগৰৰ পৰা বৰগুৰি অভিমুখে পলায়ন কৰে ৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে ২ জাঁই গুলীচালনা কৰি…
