Browsing Category
অসম
ঢকুৱাখনা ব্যৱসায় সন্থাৰ নতুন সমিতি গঠন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ অসম চেম্বাৰ্চ অব কমাৰ্চৰ অধীনস্থ ঢকুৱাখনা ব্যবসায় সন্থাৰ এখন সাধাৰণ সভা ১৪ আগষ্টৰ বিয়লি ২.৩০ বজাত সন্থাৰ সভাপতি যোগেশ বৰুৱাৰ সভাপতিত্বত সন্থাৰ ধৰমশালা ভৱনত অনুষ্ঠিত হয়। সাধাৰণ পৰিষদৰ সভাত সন্থাৰ পুৰণি সমিতি ভংগ কৰি পুৰণা সমিতিৰ গতিশীলতাক মান্যতা প্ৰদান কৰি নতুনকৈ পুনৰ দুবছৰৰ বাবে সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে পুৰণা সন্থাৰ বিষয়ববীয়াকে আগন্তুক দুবছৰৰ বাবে দায়িত্ব অৰ্পণ কৰে। সভাত অসম চেম্বাৰ অৱ কমাৰ্চৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম চেম্বাৰ অৱ কমাৰ্চ উপ সভাপতি তথা ধেমাজি চেম্বাৰ অৱ…
বগীনদীত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জাতীয় পতাকা লৈ সমদল
উত্তৰ লখিমপুৰ,১৪আগষ্টঃ স্বাধীনতাৰ ৭৫ বৰ্ষৰ উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত আজি প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লালপানী মহিলা সমিতিৰ সহযোগত লখিমপুৰ জিলাৰ বগীনদী লালপানীৰ পৰা এটা সমদল বাহিৰ কৰে। উক্ত সমদলৰ জড়িয়তে অৰ্ধশতাধিক লোকে হাতে হাতে জাতীয় পতাকা লৈ লৈ বন্দে মাতৰম,ভাৰত মাতা কি জয় আদি শ্লোগান প্ৰদান কৰি ৰাইজৰ মাজত দেশ প্ৰেম জাগ্ৰত কৰে ।ইপিনে একেদিনাই বগীনদী লালপানী তিনিআলিত স্বচ্ছতা পখৱাৰা…
পুনৰ অঘটনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী মোতায়েন
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৪ আগষ্টঃ দুৰ্ভাগ্যই যেন লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক ৷ যোৱা নিশাও চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী চিজাৰিয়ান কৰা প্ৰসূতিৰ মৃত্যুক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই পৰিস্থিতি পিছত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তিনিদিন পূৰ্বে শিমলুগুৰি ৰনং নিমুৰিৰ বাসিন্দা বাবা বৰুৱাৰ পত্নী জানমণি গোহাই বৰুৱাক সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰা হৈছিল৷ সেই মৰ্মে ১২ আগষ্টৰ নিশা প্ৰসূতিগৰাকীক চিজাৰিয়ান কৰি এটি সন্তান প্ৰসৱ কৰোৱা হয় যদিও দুৰ্ভাগ্যজনক…
তিনিচুকীয়াত মাজনিশা সন্দেহজনক গাড়ীলৈ গুলীচালনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ সময়ত আলফাই কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ ৰূপে চিহ্নিত তিনিচুকীয়া জিলাত কঠোৰ নিৰাপত্তা বেহু গঢ়ি তোলাৰ সময়তে যোৱা নিশা এখন কলা ৰঙৰ এছ ইউ ভি বাহনক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে মাজনিশা আৰক্ষীৰ নাকা চেকিঙত এখন কলা ৰঙৰ এছ ইউ ভি গাড়ীক ৰবলৈ ইংগিত দিয়া হৈছিল যদিও গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত তিনিচুকীয়া নগৰৰ পৰা বৰগুৰি অভিমুখে পলায়ন কৰে ৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে ২ জাঁই গুলীচালনা কৰি…
তেজপুৰত স্বাধীনতা অমৃত মহোৎসৱৰ বৰ্ণিল পৰিৱেশ
৭৫ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ ইন্সপায়াৰ একাডেমীৰ শিক্ষাৰ্থী-শিক্ষকৰ শোভাযাত্ৰা-আছামভেলী ছিনিয়ৰ ছেকেণ্ডেৰীৰ স্বাধীনতা শীৰ্ষক মুকলি কুইজঃৰঙাপৰা মহাবিদ্যালয়ৰ পৰা ৭৫খন বাইকেৰে ৭৫ কিলোমিটাৰ শোভাযাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপিত হোৱা ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চৰকাৰ - প্ৰশাসনৰ সমান্তৰাল ভাবে শিক্ষানুষ্ঠান সমূহে গ্ৰহণ কৰা বাৰেৰহনীয়া কাৰ্যসূচীয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে৷ চৰকাৰী বিদ্যালয়সমূহে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া তিনিদিনীয়া কাৰ্যসূচীৰ…
লখিমপুৰত একেদিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৪ আগষ্টঃ পূৰ্বৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰ সমূহৰ স্থানত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ১৬টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি লখিমপুৰ জিলাত শুভ উদ্বোধন কৰা হয়৷ ইয়াৰে লখিমপুৰ বিধানসভা সমষ্টিৰ ১১টা অংগনবাড়ী কেন্দ্ৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মহনে কেন্দ্ৰীয় ভাৱে ন-পমুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ পৰা শুভ উদ্বোধন কৰে৷ শুভ উদ্বোধন কৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সমূহ হৈছে নপমুৱা অংগনবাড়ী, আলি চিগা অংগনবাড়ী, ভৰ্তি সোণোৱাল অংগনবাড়ী, আব্দুল মজিদ পথ অংগনবাড়ী, বামুণদলনী অংগনবাড়ী, চৌখাম…
গুৱাহাটী ৰে’লৱে ষ্টেচনত নগদ ২২ লাখ টকা উদ্ধাৰ, গ্ৰেপ্তাৰ এজনক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্ট: গুৱাহাটী ৰে'লৱে ষ্টেচনত দেওবাৰে উদ্ধাৰ হয় নগদ ২২ লাখ টকা। আৰক্ষীয়ে টকাসহ আটক কৰে বিহাৰৰ চঞ্জেশ কুমাৰ সিং( ৪০) নামৰ লোকজনক। ৰে'লৱে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত দেওবাৰে ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে ধনখিনি। ধৃত লোকজনে এটা বেগৰ ভিতৰত দুটা টোপলাত ১১ টা ৫০০ টকীয়া নোটৰ বাণ্ডিল আনিছিল। জব্দ হোৱা ধনখিন ডিমাপুৰৰ পৰা বাৰাউনি ষ্টেচনলৈ নিয়াৰ পৰিকল্পনা কৰিছিল লোকজনে। টকাখিনি ক'ৰ পৰা কি উদ্দেশ্যে আনিছিল সেই তথ্য এতিয়ালৈ লাভ কৰা নাই।
তেজপুৰত স-পত্নীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ সূচীৰে আজি শিলে কথা কোৱা, পুৰাতন স্থাপত্য - ভাস্কৰ্য্যৰ স্থলী তথা সাস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাছমিন মানহাৰভাই ছায়া ৷ তেজপুৰত উপস্থিত হৈয়েই মুখ্য ন্যায়াধীশ গৰাকীয়ে সপত্নীক এছিয়া মহাদেশৰ সৰ্ববৃহৎ শিৱ লিংগ থকা মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ শ্ৰীশ্ৰীমহাদেৱৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়াই আৰু পূজাৰীৰ পৰা আশিস নিৰ্মালী গ্ৰহণ কৰে ৷ মুখ্য ন্যায়াধীশ গৰাকীয়ে শ্ৰীশ্ৰীমহাভৈৰব মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ…
১৬ আগষ্টত বিধান সভাৰ ১৯৬৮ চনৰ অধ্যক্ষ মহীকান্ত দাসৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সোঁৱৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪ আগষ্টঃ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পিছতেই যোৰহাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ মহীকান্ত দাসৰ অহা ১৬ আগষ্টত ৩৪ সংখ্যক মৃত্যুবাৰ্ষিকী ৷ যোৰহাট কাৰাগাৰত থকাৰ সময়ছোৱাত ৰাজনৈতিক বন্দীসকলৰ সভা-সমিতি আহ্বান কৰা আৰু খেলধেমালি অনুষ্ঠিত কৰাৰ দায়িত্ব মহীকান্ত দাসৰ ওপৰতে ন্য়স্ত হৈছিল৷ তেতিয়াই সান্নিধ্য লাভ কৰিছিল বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, গোপীনাথ বৰদলৈৰ দৰে…
আলফাত সদস্যভৰ্তিৰ প্ৰচেষ্টা : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফাৰে যোগাযোগ ৰখাৰ অভিযোগত তিনিচুকীয়াত বোৱাৰীসহ ধৃত ২
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো এইবাৰ সৰ্বাত্মক বন্ধ ঘোষণা কৰা আলফাই ১৫ আগষ্টৰ সময়ছোৱাত কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তিনিচুকীয়া জিলাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে জিলাখনৰ পানীতোলা অঞ্চলৰ পৰা আটক কৰিছে এগৰাকী মহিলাসহ ২ ব্যক্তিক ৷ ধৃত ২ ব্যক্তি ক্ৰমে পানীতোলা নগাঁৱৰ বোৱাৰী মৃনালী গগৈ আৰু সৌৰভ…
