Browsing Category

অসম

তেজপুৰত স্বাধীনতা অমৃত মহোৎসৱৰ বৰ্ণিল পৰিৱেশ

৭৫ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ ইন্সপায়াৰ একাডেমীৰ শিক্ষাৰ্থী-শিক্ষকৰ শোভাযাত্ৰা-আছামভেলী ছিনিয়ৰ ছেকেণ্ডেৰীৰ স্বাধীনতা শীৰ্ষক মুকলি কুইজঃৰঙাপৰা মহাবিদ্যালয়ৰ পৰা ৭৫খন বাইকেৰে ৭৫ কিলোমিটাৰ শোভাযাত্ৰা শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপিত হোৱা ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চৰকাৰ - প্ৰশাসনৰ সমান্তৰাল ভাবে শিক্ষানুষ্ঠান সমূহে গ্ৰহণ কৰা বাৰেৰহনীয়া কাৰ্যসূচীয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে৷ চৰকাৰী বিদ্যালয়সমূহে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া তিনিদিনীয়া কাৰ্যসূচীৰ…

লখিমপুৰত একেদিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৪ আগষ্টঃ পূৰ্বৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰ সমূহৰ স্থানত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ১৬টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি লখিমপুৰ জিলাত শুভ উদ্বোধন কৰা হয়৷ ইয়াৰে লখিমপুৰ বিধানসভা সমষ্টিৰ ১১টা অংগনবাড়ী কেন্দ্ৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মহনে কেন্দ্ৰীয় ভাৱে ন-পমুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ পৰা শুভ উদ্বোধন কৰে৷ শুভ উদ্বোধন কৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ সমূহ হৈছে নপমুৱা অংগনবাড়ী, আলি চিগা অংগনবাড়ী, ভৰ্তি সোণোৱাল অংগনবাড়ী, আব্দুল মজিদ পথ অংগনবাড়ী, বামুণদলনী অংগনবাড়ী, চৌখাম…

গুৱাহাটী ৰে’লৱে ষ্টেচনত নগদ ২২ লাখ টকা উদ্ধাৰ, গ্ৰেপ্তাৰ এজনক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্ট: গুৱাহাটী ৰে'লৱে ষ্টেচনত দেওবাৰে উদ্ধাৰ হয় নগদ ২২ লাখ টকা। আৰক্ষীয়ে টকাসহ আটক কৰে বিহাৰৰ চঞ্জেশ কুমাৰ সিং( ৪০) নামৰ লোকজনক। ৰে'লৱে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত দেওবাৰে ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে ধনখিনি। ধৃত লোকজনে এটা বেগৰ ভিতৰত দুটা টোপলাত ১১ টা ৫০০ টকীয়া নোটৰ বাণ্ডিল আনিছিল। জব্দ হোৱা ধনখিন ডিমাপুৰৰ পৰা বাৰাউনি ষ্টেচনলৈ নিয়াৰ পৰিকল্পনা কৰিছিল লোকজনে। টকাখিনি ক'ৰ পৰা কি উদ্দেশ্যে আনিছিল সেই তথ্য এতিয়ালৈ লাভ কৰা নাই।

তেজপুৰত স-পত্নীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ সূচীৰে আজি শিলে কথা কোৱা, পুৰাতন স্থাপত্য - ভাস্কৰ্য্যৰ স্থলী তথা সাস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাছমিন মানহাৰভাই ছায়া ৷ তেজপুৰত উপস্থিত হৈয়েই মুখ্য ন্যায়াধীশ গৰাকীয়ে সপত্নীক এছিয়া মহাদেশৰ সৰ্ববৃহৎ শিৱ লিংগ থকা মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ শ্ৰীশ্ৰীমহাদেৱৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়াই আৰু পূজাৰীৰ পৰা আশিস নিৰ্মালী গ্ৰহণ কৰে ৷ মুখ্য ন্যায়াধীশ গৰাকীয়ে শ্ৰীশ্ৰীমহাভৈৰব মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ…

১৬ আগষ্টত বিধান সভাৰ ১৯৬৮ চনৰ অধ্যক্ষ মহীকান্ত দাসৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সোঁৱৰণ

 শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪ আগষ্টঃ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পিছতেই যোৰহাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ মহীকান্ত দাসৰ অহা ১৬ আগষ্টত ৩৪ সংখ্যক মৃত্যুবাৰ্ষিকী ৷ যোৰহাট কাৰাগাৰত থকাৰ সময়ছোৱাত ৰাজনৈতিক বন্দীসকলৰ সভা-সমিতি আহ্বান কৰা আৰু খেলধেমালি অনুষ্ঠিত কৰাৰ দায়িত্ব মহীকান্ত দাসৰ ওপৰতে ন্য়স্ত হৈছিল৷ তেতিয়াই সান্নিধ্য লাভ কৰিছিল বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, গোপীনাথ বৰদলৈৰ দৰে…

আলফাত সদস্যভৰ্তিৰ প্ৰচেষ্টা : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফাৰে যোগাযোগ ৰখাৰ অভিযোগত তিনিচুকীয়াত বোৱাৰীসহ ধৃত ২

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো এইবাৰ সৰ্বাত্মক বন্ধ ঘোষণা কৰা আলফাই ১৫ আগষ্টৰ সময়ছোৱাত কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তিনিচুকীয়া জিলাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে জিলাখনৰ পানীতোলা অঞ্চলৰ পৰা আটক কৰিছে এগৰাকী মহিলাসহ ২ ব্যক্তিক ৷ ধৃত ২ ব্যক্তি ক্ৰমে পানীতোলা নগাঁৱৰ বোৱাৰী মৃনালী গগৈ আৰু সৌৰভ…

অসমৰ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্টঃ সোমবাৰে দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক। এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসলৈ। অসমৰ মাত্ৰ এজনে লাভ কৰিছে এই সন্মান। হিমাংশু প্ৰসাদ দাসে দুধনৈত ১৯৮৮ চনত চাকৰিত সোমাইছিল। প্ৰথমে দুধনৈ তাৰ পিছত গোৱালপাৰা আৰু এতিয়া দিছপুৰৰ এ চি পি হিচাপে দায়িত্বত আছে হিমাংশু…

তেজপুৰৰ চিপী ভেংৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈয়ো সন্দেহ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰ নপামৰ চিপী ভেংৰা নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ তদন্তই গতি লাভ কৰিব বুলি আশা কৰা হৈছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলিৰ এগৰাকী কিশোৰীৰ হত্যাৰ অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ পাছতে দৰং জিলাত ঢেকিয়াজুলিৰ বনকৰা কিশোৰী গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত আৰক্ষীয়ে যি সন্দেহজনক ভূমিকা গ্ৰহণ কৰিছিল,একেদৰে তেজপুৰৰ বনকৰা কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছিল স্বয়ং আৰক্ষী বিভাগতে কৰ্মৰত দুই পতি-পত্নীৰ বিৰুদ্ধে৷ যোৱা পাঁচ ছেপ্টেম্বৰতেই এইগৰাকী আদিবাসী কিশোৰী চিপী…

তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্তৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ আগষ্ট : পঞ্চাশৰ পৰা ৭০ দশকলৈ তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ এগৰাকী প্ৰসিদ্ধ কথক আৰু শাস্ত্ৰীয় নৃত্যৰ শিল্পী হিচাপে সকলো প্ৰান্ততে সমাদৃত হোৱা অসমৰ "গোপী কিষণ" হিচাপে পৰিচিত তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্ত আৰু নাই। আজি পুৱা প্ৰায় ৮ বজাত নগাঁৱৰ বিবাহিত কন্যাৰ বাসগৃহত এইগৰাকী জনপ্ৰিয় নৃত্যশিল্পীৰ পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, অসমৰ প্ৰথমখন সংগীত বিদ্যালয় তথা বৰ্তমানৰ জ্যোতি…

ছহিদ কনকলতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি তেজপুৰতঃ ১৮ টকীয়া পতাকা ব্লেকত বিক্ৰী তিনিশ টকাত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰৰ ঔগুৰি পাহাৰ স্হিত কনকলতা উদ্যানত আজি শোণিতপুৰ প্ৰশাসনে দেশৰ স্বাধীনতা আন্দোলনৰ ছহিদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উদ্যানখনত থকা স্বাধীনতা সংগ্ৰামী তথা ছহিদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পণৰ লগতে ইয়াত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়৷ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জাতীয় পতাকা উত্তোলনৰে আৰম্ভ কৰা এই কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা ডলী চোৰেণ তথা জিলা প্ৰশাসনৰ বিষয়া সকলেও অংশ লয়৷ কাৰ্যসূচীত অসম ৰাইফলছৰ পাইপ বেণ্ড…