Browsing Category

অসম

অসমৰ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্টঃ সোমবাৰে দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ পদক। এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসলৈ। অসমৰ মাত্ৰ এজনে লাভ কৰিছে এই সন্মান। হিমাংশু প্ৰসাদ দাসে দুধনৈত ১৯৮৮ চনত চাকৰিত সোমাইছিল। প্ৰথমে দুধনৈ তাৰ পিছত গোৱালপাৰা আৰু এতিয়া দিছপুৰৰ এ চি পি হিচাপে দায়িত্বত আছে হিমাংশু…

তেজপুৰৰ চিপী ভেংৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈয়ো সন্দেহ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰ নপামৰ চিপী ভেংৰা নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ তদন্তই গতি লাভ কৰিব বুলি আশা কৰা হৈছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলিৰ এগৰাকী কিশোৰীৰ হত্যাৰ অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ পাছতে দৰং জিলাত ঢেকিয়াজুলিৰ বনকৰা কিশোৰী গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত আৰক্ষীয়ে যি সন্দেহজনক ভূমিকা গ্ৰহণ কৰিছিল,একেদৰে তেজপুৰৰ বনকৰা কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছিল স্বয়ং আৰক্ষী বিভাগতে কৰ্মৰত দুই পতি-পত্নীৰ বিৰুদ্ধে৷ যোৱা পাঁচ ছেপ্টেম্বৰতেই এইগৰাকী আদিবাসী কিশোৰী চিপী…

তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্তৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ আগষ্ট : পঞ্চাশৰ পৰা ৭০ দশকলৈ তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ এগৰাকী প্ৰসিদ্ধ কথক আৰু শাস্ত্ৰীয় নৃত্যৰ শিল্পী হিচাপে সকলো প্ৰান্ততে সমাদৃত হোৱা অসমৰ "গোপী কিষণ" হিচাপে পৰিচিত তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্ত আৰু নাই। আজি পুৱা প্ৰায় ৮ বজাত নগাঁৱৰ বিবাহিত কন্যাৰ বাসগৃহত এইগৰাকী জনপ্ৰিয় নৃত্যশিল্পীৰ পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, অসমৰ প্ৰথমখন সংগীত বিদ্যালয় তথা বৰ্তমানৰ জ্যোতি…

ছহিদ কনকলতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি তেজপুৰতঃ ১৮ টকীয়া পতাকা ব্লেকত বিক্ৰী তিনিশ টকাত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰৰ ঔগুৰি পাহাৰ স্হিত কনকলতা উদ্যানত আজি শোণিতপুৰ প্ৰশাসনে দেশৰ স্বাধীনতা আন্দোলনৰ ছহিদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উদ্যানখনত থকা স্বাধীনতা সংগ্ৰামী তথা ছহিদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পণৰ লগতে ইয়াত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়৷ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জাতীয় পতাকা উত্তোলনৰে আৰম্ভ কৰা এই কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা ডলী চোৰেণ তথা জিলা প্ৰশাসনৰ বিষয়া সকলেও অংশ লয়৷ কাৰ্যসূচীত অসম ৰাইফলছৰ পাইপ বেণ্ড…

লখিমপুৰত ১৫০জন কণমানি লেখকক কিতাপৰ টোপোলা, ৰাষ্ট্ৰীয় পতাকাৰে সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৩ আগষ্টঃ শৈক্ষিক আলোচনী ‘ন’ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত আজি লখিমপুৰ জিলা পুথিভঁৰালত ১৫০জন কণমানি লেখকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিভিন্ন সময়ত এই কণমানি তথা শিশু-কিশোৰ লেখকসকলে কবিতা, গল্প আদিৰ লগতে প্ৰাচীৰ পত্ৰিকাত নিজৰ লেখা প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই আহিছে৷ অসমীয়া ভাষাৰ সাধক এই নতুন প্ৰজন্মসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা সভাখনত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক…

লখিমপুৰত ৬৫ ফুট উচ্চতাত উৰিল বৃহৎ ৰাষ্ট্ৰীয় পতাকা

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তথা কেন্দ্ৰীয় চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাপে আজি লখিমপুৰত উত্তোলন হয় ১০ ফুট দৈঘ্য, ১৫ ফুট প্ৰস্থৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা ৷ লখিমপুৰ নগৰৰ ৰহঢলা পুখুৰীৰ পাৰত ৬৫ ফুট উচ্চতাত এই বিশাল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ প্ৰতিকূল বতৰকো নেওচি ভালেসংখ্যক লোকৰ উপস্থিতিত তেওঁ এই পতাকা উত্তোলন কৰাৰ লগতে নতুনকৈ সজাই পৰাই তোলা ৰহঢলা পুখুৰীক অমৃত সৰোবৰ নামেৰে নামাংকৃত কৰে৷ ইফালে আজি লখিমপুৰত বিজেপিয়ে ‘ত্ৰিৰংগা যাত্ৰা’ কাৰ্যসূচী…

অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্ৰাৰ ধেমাজিত প্ৰৱেশ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী য়েছে দৰজে ঠংচিৰ সমৰ্থনত আৰু অসম-অৰুণাচলৰ ভ্ৰাতৃত্ববোধ শক্তিশালী কৰাৰ স্বাৰ্থত আবিদ আজাদ নামৰ যুৱকজনে আৰু এজন সতীৰ্থ চফিউজ জামানৰ সৈতে আজি পুৱা পাছিঘাটৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা আৰম্ভ কৰে। আজি নিশা ধেমাজিত কটাব লগা দুঃসাহসিক অভিযানকাৰী তথা "লুইতপৰীয়া ট্ৰেভলাৰ" বুলি পৰিচিত আবিদ আজাদে নিশা ৭.৪০ বজাত টেলিফোনযোগে "শতাব্দ"ক জনোৱা মতে সেইসময়ত তেঁওলোকৰ যাত্ৰাই চিলাপথাৰ অতিক্ৰম কৰি আহিছে আৰু ধেমাজিৰ দিশে চাইকেল যাত্ৰা অব্যাহত আছে। কাইলৈ পুৱা ৫ বজাতে…

অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী আৰু ভূগোল : মুখ্যমন্ত্রী

শতাব্দ গুৱাহাটী,১৩ আগষ্টঃ আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রত সংযোজিত হ'ব বুৰঞ্জী আৰু ভূগোল। অষ্টম শ্ৰেণীৰ পৰা ভাৰত বুৰঞ্জীৰ লগতে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব। লগতে বাধ্যতামূলক হ'ব ভূগোল। এইক্ষেত্রত পাঠ্যক্ৰম প্ৰস্তুত কৰি থকা হৈছে। এই কথা সদৰি কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে ৰাজ্যৰ অন্যতম ভূমিপুত্র মৰাণ জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা 'মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী' শীৰ্ষক গ্ৰন্থখন আজি জনতা ভৱনত উন্মোচন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত…

পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰ নিৰ্লজ্জৰ উৎকৃষ্ট উদাহৰণ: হিন্দু যুৱ-ছাত্ৰ

উত্তৰ লখিমপুৰ, ১৩আগষ্ট: কেইজনমান নেতাই পুনৰ 'কা' বিৰোধী আন্দোলন কৰাৰ হুংকাৰ দিয়া কাৰ্য্য নিৰ্লজ্জৰ এক উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে । আজি এক বিবৃতিযোগে এনে মন্তব্য প্ৰকাশ কৰি পৰিষদৰ নেতা দুগৰাকীয়ে কয় যে পূৰ্ব্বতে এইকেইজন নেতায়ে 'কা' সম্পৰ্কত কিছুমান গোকোট মিছা কথাৰে অসমৰ একাংশ ৰাইজক বিপথে পৰিচালিত কৰি ৰাজপথলৈ উলিয়াই আনিছিল । পৰৱৰ্ত্তী পৰ্য্যায়ত মিছা কথাৰে গণমত গঠন কৰি সেই গণমতেৰে মন্ত্ৰী, বিধায়ক হোৱাৰ সপোন দেখি ৰাজনৈতিক পথাৰত…

তিনিচুকীয়াৰ হোটেলত মাজনিশা আৰক্ষীৰ অভিযান : ড্ৰাগছ, ছিৰিঞ্জ, নগদ ধনসহ ধৃত ২

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ আগষ্ট : যোৱা মাজনিশা তিনিচুকীয়া আৰক্ষীয়ে চহৰখনৰ মাজমজিয়াৰ এখন হোটেলত অভিযান চলাই ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিদ্বয় ক্ৰমে জয়পুৰ থানাৰ অন্তৰ্গত ২ নং বাঘমৰাৰ কেশৱ গগৈ (৪২) আৰু নামৰূপ থানাৰ অন্তৰ্গত নামৰূপ নিউ কলনিৰ পলাশ বৰা ওৰফে নিনজা (৩২) বুলি প্ৰকাশ ৷ বিশেষ সূত্ৰে প্ৰাপ্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ এ টি ৰ’ডস্থিত মেট্ৰ’ নামৰ হোটেলখনত মাজনিশা প্ৰায় ১২.৩০ ৰ পৰা ১.৩০ বজাৰ ভিতৰত চলোৱা অভিযানত ১০৬ নং কোঠাৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ব্যক্তিদ্বয়ৰ জিম্মাৰ…