Browsing Category

অসম

২০২২ চনৰ বাবে সাংবাদিক পেঞ্চনাৰৰ নাম ঘোষণা

দিছপুৰ, ১৩ আগষ্ট: অসম পেঞ্চন আঁচনিৰ অধীনত ২০২২ চনৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ নাম অসম চৰকাৰে ঘোষণা কৰিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালৰ জৰিয়তে প্ৰদান কৰিবলগীয়া পেঞ্চন ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। পেঞ্চন লাভ কৰা সাংবাদিকসকল হৈছে উৎপল বৰদলৈ (কামৰূপ-ম), প্ৰদীপ ঘোষ (দৰং), মুছলমান উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ-ম), ইমৰাণ হুছেইন (ওদালগুৰি) ৷ বাচা বৰা (চৰাইদেউ), পদ্ম সিংহ (কামৰূপ-ম), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ-ম), মণিশংকৰ পুৰকায়স্থ ( কাৰবি আংলং), মদন  মোহন…

লখিমপুৰত ৰাজসাহায্যযুক্ত ২০২৪ মেট্ৰিক টন ইউৰিয়া সাৰৰ কেলেংকাৰিৰ অভিযোগঃ দোষীক শাস্তি প্ৰদানৰ দাবী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১২ আগষ্ট: সাৰৰ নাটনিৰ বাবে কৃষকে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন মাধ্যমত ক্ষোভ প্রকাশ কৰাৰ সময়তে লখিমপুৰত ইউৰীয়া সাৰৰ এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সদৌ অসম হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে শেহতীয়াকৈ লখিমপুৰ জিলাত সংঘটিত হোৱা ২০২৪ মেট্ৰিকটন ইউৰীয়া সাৰৰ কেলেংকাৰি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে উপযুক্ত তদন্তৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জিলা উপায়ুক্তৰ জৰিয়তে। পৰিষদৰ অভিযোগ যি সময়ত দেশৰ প্রধানমন্ত্রীয়ে ২০১৪…

‘এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত কালি অসমীয়া বিভাগত তথ্যচিত্ৰ প্ৰদৰ্শনীৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত 'এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম' শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰযোজনাত ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি উলিয়াইছে বিভাগৰ সদ্যপ্ৰাক্তন শিক্ষাৰ্থী…

ডিমৌত বিশ্ব হস্তী দিৱস উদযাপন

ডিমৌ, ১২ আগষ্ট : বিশ্বৰ অন্যন্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে শিৱসাগৰ জিলা বন সংমণ্ডলৰ সৌজন্যত ডিমৌ চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত সমাজকৰ্মী ঘনশ্যাম বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাত শিৱসাগৰ জিলা বন প্ৰাধিকাৰী বিষয়া দেবেন কলিতা, ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) মেৰি ভি ৰাংচাল,নেৰ্চাচ বেকনৰ হৈ জেহেৰুদ্দিন খান, চৰগুৱা গাঁও প্ৰধান পংকজ কলিতা, সাংবাদিক গৌতম হীৰা, চৰগুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী তথা স্হানীয় ৰাইজ উপস্থিত থাকে৷ ইফালে…

অৱশেষত দিছপুৰ কলেজে ঘূৰাই পালে হৰলুকী হোৱা ধন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ আগষ্টঃ দিছপুৰ মহাবিদ্যালয়ে অৱশেষত ঘূৰাই পালে একাউণ্টৰ পৰা হৰলুকী হোৱা ধন। ২১ এপ্ৰিলত দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা হেৰাইছিল ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই বেংক কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই ধনখিনি হৰলুকী হোৱাটো নিশ্চিত কৰিছিল। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই দিছপুৰ মহাবিদ্যালয়ক তেওঁলোকৰ ধনখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই অনুসৰিয়েই বৃহস্পতিবাৰে দিছপুৰ মহাবিদ্যালয়ে লাভ কৰিলে তেওঁলোকৰ হেৰুওৱা ধন। এই সমগ্ৰ ধনখিনি তিনিটা কিস্তিত ঘূৰাই দিছে। বেংক কৰ্তৃপক্ষই…

আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ আগষ্ট: লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া ৭ বজাত আৰু ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ , আগষ্টৰ সন্ধিয়া ৭ বজাত “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হৈছে৷ এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত তৰুণ কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান” আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত প্ৰণৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা “মঞ্চস্থ কৰা হব৷ এই দুয়োখন নাটকৰ নৃত্য…

অস্থিৰ হ’ব নেকি স্বাধীনতা দিৱসঃ তিনিচুকীয়াত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে প্ৰথমে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ কালি নিশাটো ডিগবৈত পাৰ কৰা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানজনে সেনাবাহিনীৰ সৈতেও আলোচনাত বহে ৷ উল্লেখ্য যে শেহতীয়াকৈ নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আলফা (স্বা) তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰ…

বিজ্ঞান লেখক মানস প্ৰতিম দত্তক অনিৰ্বাণ যুৱ বঁটা প্ৰদান

গোগামুখৰ পৰা বিনয় কৃষ্ণ তামুলী ফুকন, ১২ আগষ্টঃ এইবাৰৰ "অনিৰ্বাণ যুৱ সফলতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যুৱ পৰিৱেশ সুৰক্ষাকৰ্মী, বিজ্ঞান আৰু পৰিৱেশ বিষয়ৰ লেখক মানস প্ৰতিম দত্তই। ধেমাজি জিলাৰ মাছখোৱাৰ বৰপাক জিয়ামৰীয়া গাঁৱৰ নিবাসী গোবিন দত্ত আৰু প্ৰয়াত লক্ষীমাই দত্তৰ সুযোগ্য সন্তান মানস প্ৰতিম দত্ত এজন সচেতন পৰিৱেশ কৰ্মী, শিশু সকলৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলা, বন সংৰক্ষণ আদি বিষয়ত বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখি আছে। তদুপৰি বিভিন্ন ই-মাধ্যম ফেচবুক, ইউটিউব আদিৰ জৰিয়তে সজাগতা…

 সন্মিলিত গণশক্তিক বৰ্জনৰ সিদ্ধান্ত জোনাই প্ৰেছ ক্লাৱৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ জোনাই প্ৰেছ ক্লাৱৰ গুৰুত্বপূৰ্ণ সভা এখন আজি ঙাচাৰচুক উকোমত অনুষ্ঠিত হয়। সভাত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদকে এক ৰাজহুৱা সভাত সাংবাদিকক অশুভনীয় মন্তব্য কৰা সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। উল্লেখ্য যে যোৱা ৮ আগষ্টত জোনাইৰ বেৰাচাপৰিত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক কমিটিৰ উদ্যোগত এখন ৰাজহুৱা সভাত সভাপতিৰ আসনৰ পৰা সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লকৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে সাংবাদিকক অশুভনীয় মন্তব্য কৰে। উল্লেখ্য যে…

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব : মুখ্যমন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব আৰু জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক প্ৰমাণ পত্ৰ দিব লাগিব। অনহাতে ৰাজ্যখনত অক্টোবৰৰ পৰা মাৰ্চলৈকে তিনিটা বৃহৎ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হ’ব। যাতে বাদ পৰি যোৱা লোকসকলক নিয়মীয়া…