Browsing Category
অসম
লখিমপুৰত ১৫০জন কণমানি লেখকক কিতাপৰ টোপোলা, ৰাষ্ট্ৰীয় পতাকাৰে সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৩ আগষ্টঃ শৈক্ষিক আলোচনী ‘ন’ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত আজি লখিমপুৰ জিলা পুথিভঁৰালত ১৫০জন কণমানি লেখকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিভিন্ন সময়ত এই কণমানি তথা শিশু-কিশোৰ লেখকসকলে কবিতা, গল্প আদিৰ লগতে প্ৰাচীৰ পত্ৰিকাত নিজৰ লেখা প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই আহিছে৷ অসমীয়া ভাষাৰ সাধক এই নতুন প্ৰজন্মসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা সভাখনত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তাৱন, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক…
লখিমপুৰত ৬৫ ফুট উচ্চতাত উৰিল বৃহৎ ৰাষ্ট্ৰীয় পতাকা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তথা কেন্দ্ৰীয় চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাপে আজি লখিমপুৰত উত্তোলন হয় ১০ ফুট দৈঘ্য, ১৫ ফুট প্ৰস্থৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা ৷ লখিমপুৰ নগৰৰ ৰহঢলা পুখুৰীৰ পাৰত ৬৫ ফুট উচ্চতাত এই বিশাল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ প্ৰতিকূল বতৰকো নেওচি ভালেসংখ্যক লোকৰ উপস্থিতিত তেওঁ এই পতাকা উত্তোলন কৰাৰ লগতে নতুনকৈ সজাই পৰাই তোলা ৰহঢলা পুখুৰীক অমৃত সৰোবৰ নামেৰে নামাংকৃত কৰে৷ ইফালে আজি লখিমপুৰত বিজেপিয়ে ‘ত্ৰিৰংগা যাত্ৰা’ কাৰ্যসূচী…
অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্ৰাৰ ধেমাজিত প্ৰৱেশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী য়েছে দৰজে ঠংচিৰ সমৰ্থনত আৰু অসম-অৰুণাচলৰ ভ্ৰাতৃত্ববোধ শক্তিশালী কৰাৰ স্বাৰ্থত আবিদ আজাদ নামৰ যুৱকজনে আৰু এজন সতীৰ্থ চফিউজ জামানৰ সৈতে আজি পুৱা পাছিঘাটৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা আৰম্ভ কৰে। আজি নিশা ধেমাজিত কটাব লগা দুঃসাহসিক অভিযানকাৰী তথা "লুইতপৰীয়া ট্ৰেভলাৰ" বুলি পৰিচিত আবিদ আজাদে নিশা ৭.৪০ বজাত টেলিফোনযোগে "শতাব্দ"ক জনোৱা মতে সেইসময়ত তেঁওলোকৰ যাত্ৰাই চিলাপথাৰ অতিক্ৰম কৰি আহিছে আৰু ধেমাজিৰ দিশে চাইকেল যাত্ৰা অব্যাহত আছে। কাইলৈ পুৱা ৫ বজাতে…
অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী আৰু ভূগোল : মুখ্যমন্ত্রী
শতাব্দ গুৱাহাটী,১৩ আগষ্টঃ আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রত সংযোজিত হ'ব বুৰঞ্জী আৰু ভূগোল। অষ্টম শ্ৰেণীৰ পৰা ভাৰত বুৰঞ্জীৰ লগতে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব। লগতে বাধ্যতামূলক হ'ব ভূগোল। এইক্ষেত্রত পাঠ্যক্ৰম প্ৰস্তুত কৰি থকা হৈছে। এই কথা সদৰি কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে ৰাজ্যৰ অন্যতম ভূমিপুত্র মৰাণ জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা 'মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী' শীৰ্ষক গ্ৰন্থখন আজি জনতা ভৱনত উন্মোচন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত…
পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰ নিৰ্লজ্জৰ উৎকৃষ্ট উদাহৰণ: হিন্দু যুৱ-ছাত্ৰ
উত্তৰ লখিমপুৰ, ১৩আগষ্ট: কেইজনমান নেতাই পুনৰ 'কা' বিৰোধী আন্দোলন কৰাৰ হুংকাৰ দিয়া কাৰ্য্য নিৰ্লজ্জৰ এক উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে । আজি এক বিবৃতিযোগে এনে মন্তব্য প্ৰকাশ কৰি পৰিষদৰ নেতা দুগৰাকীয়ে কয় যে পূৰ্ব্বতে এইকেইজন নেতায়ে 'কা' সম্পৰ্কত কিছুমান গোকোট মিছা কথাৰে অসমৰ একাংশ ৰাইজক বিপথে পৰিচালিত কৰি ৰাজপথলৈ উলিয়াই আনিছিল । পৰৱৰ্ত্তী পৰ্য্যায়ত মিছা কথাৰে গণমত গঠন কৰি সেই গণমতেৰে মন্ত্ৰী, বিধায়ক হোৱাৰ সপোন দেখি ৰাজনৈতিক পথাৰত…
তিনিচুকীয়াৰ হোটেলত মাজনিশা আৰক্ষীৰ অভিযান : ড্ৰাগছ, ছিৰিঞ্জ, নগদ ধনসহ ধৃত ২
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ আগষ্ট : যোৱা মাজনিশা তিনিচুকীয়া আৰক্ষীয়ে চহৰখনৰ মাজমজিয়াৰ এখন হোটেলত অভিযান চলাই ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিদ্বয় ক্ৰমে জয়পুৰ থানাৰ অন্তৰ্গত ২ নং বাঘমৰাৰ কেশৱ গগৈ (৪২) আৰু নামৰূপ থানাৰ অন্তৰ্গত নামৰূপ নিউ কলনিৰ পলাশ বৰা ওৰফে নিনজা (৩২) বুলি প্ৰকাশ ৷ বিশেষ সূত্ৰে প্ৰাপ্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ এ টি ৰ’ডস্থিত মেট্ৰ’ নামৰ হোটেলখনত মাজনিশা প্ৰায় ১২.৩০ ৰ পৰা ১.৩০ বজাৰ ভিতৰত চলোৱা অভিযানত ১০৬ নং কোঠাৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ব্যক্তিদ্বয়ৰ জিম্মাৰ…
২০২২ চনৰ বাবে সাংবাদিক পেঞ্চনাৰৰ নাম ঘোষণা
দিছপুৰ, ১৩ আগষ্ট: অসম পেঞ্চন আঁচনিৰ অধীনত ২০২২ চনৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ নাম অসম চৰকাৰে ঘোষণা কৰিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালৰ জৰিয়তে প্ৰদান কৰিবলগীয়া পেঞ্চন ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। পেঞ্চন লাভ কৰা সাংবাদিকসকল হৈছে উৎপল বৰদলৈ (কামৰূপ-ম), প্ৰদীপ ঘোষ (দৰং), মুছলমান উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ-ম), ইমৰাণ হুছেইন (ওদালগুৰি) ৷ বাচা বৰা (চৰাইদেউ), পদ্ম সিংহ (কামৰূপ-ম), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ-ম), মণিশংকৰ পুৰকায়স্থ ( কাৰবি আংলং), মদন মোহন…
লখিমপুৰত ৰাজসাহায্যযুক্ত ২০২৪ মেট্ৰিক টন ইউৰিয়া সাৰৰ কেলেংকাৰিৰ অভিযোগঃ দোষীক শাস্তি প্ৰদানৰ দাবী
শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১২ আগষ্ট: সাৰৰ নাটনিৰ বাবে কৃষকে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন মাধ্যমত ক্ষোভ প্রকাশ কৰাৰ সময়তে লখিমপুৰত ইউৰীয়া সাৰৰ এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সদৌ অসম হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে শেহতীয়াকৈ লখিমপুৰ জিলাত সংঘটিত হোৱা ২০২৪ মেট্ৰিকটন ইউৰীয়া সাৰৰ কেলেংকাৰি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে উপযুক্ত তদন্তৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জিলা উপায়ুক্তৰ জৰিয়তে। পৰিষদৰ অভিযোগ যি সময়ত দেশৰ প্রধানমন্ত্রীয়ে ২০১৪…
‘এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত কালি অসমীয়া বিভাগত তথ্যচিত্ৰ প্ৰদৰ্শনীৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত 'এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম' শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰযোজনাত ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি উলিয়াইছে বিভাগৰ সদ্যপ্ৰাক্তন শিক্ষাৰ্থী…
ডিমৌত বিশ্ব হস্তী দিৱস উদযাপন
ডিমৌ, ১২ আগষ্ট : বিশ্বৰ অন্যন্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে শিৱসাগৰ জিলা বন সংমণ্ডলৰ সৌজন্যত ডিমৌ চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত সমাজকৰ্মী ঘনশ্যাম বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাত শিৱসাগৰ জিলা বন প্ৰাধিকাৰী বিষয়া দেবেন কলিতা, ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) মেৰি ভি ৰাংচাল,নেৰ্চাচ বেকনৰ হৈ জেহেৰুদ্দিন খান, চৰগুৱা গাঁও প্ৰধান পংকজ কলিতা, সাংবাদিক গৌতম হীৰা, চৰগুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী তথা স্হানীয় ৰাইজ উপস্থিত থাকে৷ ইফালে…
