Browsing Category

অসম

অৱশেষত দিছপুৰ কলেজে ঘূৰাই পালে হৰলুকী হোৱা ধন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ আগষ্টঃ দিছপুৰ মহাবিদ্যালয়ে অৱশেষত ঘূৰাই পালে একাউণ্টৰ পৰা হৰলুকী হোৱা ধন। ২১ এপ্ৰিলত দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা হেৰাইছিল ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই বেংক কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই ধনখিনি হৰলুকী হোৱাটো নিশ্চিত কৰিছিল। ইয়াৰ পিছতে বেংক কৰ্তৃপক্ষই দিছপুৰ মহাবিদ্যালয়ক তেওঁলোকৰ ধনখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই অনুসৰিয়েই বৃহস্পতিবাৰে দিছপুৰ মহাবিদ্যালয়ে লাভ কৰিলে তেওঁলোকৰ হেৰুওৱা ধন। এই সমগ্ৰ ধনখিনি তিনিটা কিস্তিত ঘূৰাই দিছে। বেংক কৰ্তৃপক্ষই…

আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ আগষ্ট: লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া ৭ বজাত আৰু ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ , আগষ্টৰ সন্ধিয়া ৭ বজাত “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হৈছে৷ এই নাট সমাৰোহৰ প্ৰথম দিনা সন্ধিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত তৰুণ কৃষ্ণ নাথৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “সৰৱজান” আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ আলমত প্ৰণৱ মহন্তৰ নাট্যৰূপ আৰু পৰিচালনাত শিশু নাট “মূর্খ ৰজা “মঞ্চস্থ কৰা হব৷ এই দুয়োখন নাটকৰ নৃত্য…

অস্থিৰ হ’ব নেকি স্বাধীনতা দিৱসঃ তিনিচুকীয়াত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে প্ৰথমে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ কালি নিশাটো ডিগবৈত পাৰ কৰা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানজনে সেনাবাহিনীৰ সৈতেও আলোচনাত বহে ৷ উল্লেখ্য যে শেহতীয়াকৈ নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আলফা (স্বা) তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰ…

বিজ্ঞান লেখক মানস প্ৰতিম দত্তক অনিৰ্বাণ যুৱ বঁটা প্ৰদান

গোগামুখৰ পৰা বিনয় কৃষ্ণ তামুলী ফুকন, ১২ আগষ্টঃ এইবাৰৰ "অনিৰ্বাণ যুৱ সফলতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যুৱ পৰিৱেশ সুৰক্ষাকৰ্মী, বিজ্ঞান আৰু পৰিৱেশ বিষয়ৰ লেখক মানস প্ৰতিম দত্তই। ধেমাজি জিলাৰ মাছখোৱাৰ বৰপাক জিয়ামৰীয়া গাঁৱৰ নিবাসী গোবিন দত্ত আৰু প্ৰয়াত লক্ষীমাই দত্তৰ সুযোগ্য সন্তান মানস প্ৰতিম দত্ত এজন সচেতন পৰিৱেশ কৰ্মী, শিশু সকলৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলা, বন সংৰক্ষণ আদি বিষয়ত বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ লগতে বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখি আছে। তদুপৰি বিভিন্ন ই-মাধ্যম ফেচবুক, ইউটিউব আদিৰ জৰিয়তে সজাগতা…

 সন্মিলিত গণশক্তিক বৰ্জনৰ সিদ্ধান্ত জোনাই প্ৰেছ ক্লাৱৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ জোনাই প্ৰেছ ক্লাৱৰ গুৰুত্বপূৰ্ণ সভা এখন আজি ঙাচাৰচুক উকোমত অনুষ্ঠিত হয়। সভাত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদকে এক ৰাজহুৱা সভাত সাংবাদিকক অশুভনীয় মন্তব্য কৰা সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। উল্লেখ্য যে যোৱা ৮ আগষ্টত জোনাইৰ বেৰাচাপৰিত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক কমিটিৰ উদ্যোগত এখন ৰাজহুৱা সভাত সভাপতিৰ আসনৰ পৰা সন্মিলিত গণশক্তি অসম দলৰ জোনাই ব্লকৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে সাংবাদিকক অশুভনীয় মন্তব্য কৰে। উল্লেখ্য যে…

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব : মুখ্যমন্ত্রী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব আৰু জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক প্ৰমাণ পত্ৰ দিব লাগিব। অনহাতে ৰাজ্যখনত অক্টোবৰৰ পৰা মাৰ্চলৈকে তিনিটা বৃহৎ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হ’ব। যাতে বাদ পৰি যোৱা লোকসকলক নিয়মীয়া…

ইক’ ক্লাৱৰ সৌজন্যত লাইফ স্কীল এডুকেশ্বন প্ৰশিক্ষণ

নাৰায়ণপুৰ,১১ আগষ্ট : গুৰুৰ প্ৰতি থকা ভক্তিয়ে ছাত্ৰ- ছাত্ৰীক জীৱন বাটত আগবঢ়ি যোৱাত সহায় কৰে।জ্যেষ্ঠক সন্মান আৰু গুৰু ভক্তিত কেতিয়াও জাত পাত বিচাৰৰ প্ৰয়োজন নাই। পৰস্পৰৰ কথা চিন্তা কৰিলেহে সুন্দৰ সুগঠিত আৰু এটা পৰিমাৰ্জিত জীৱনৰ কল্পনা কৰিব পাৰি। এই বক্তব্য শিক্ষাবিদ, সাহিত্যিক ভৰত ৰাজখোৱাৰ।আজি তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ইক' ক্লাৱৰ সৌজন্যত লাইফ স্কীল এডুকেশ্বনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি তেখেতে আত্মসচেতনতা, সহানুভূতি ফলপ্ৰসূ যোগাযোগ, আন্তঃব্যক্তিগত সম্পৰ্ক, সিদ্ধান্ত গ্ৰহণ, জটিল চিন্তা, সমস্যা সমাধান,…

তিনিচুকীয়াত ডেম্পৰ পৰা ওলাল বস্তাই বস্তাই গুলীৰ খালী কাৰ্টিজ : সজীৱ গুলীও জব্দ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আলফাই (স্বা) সংঘটিত কৰিব পৰা যিকোনো কূটাঘাতমূলক কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে আজি চহৰখনৰ নপুখুৰীৰ এটা ডেম্পৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৯ বস্তা খালী গুলীৰ কাৰ্টিজ ৷ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে বীৰেন্দ্ৰ শ্বাহ ওৰফে টি আই নামৰ লোকজনৰ ডেম্পটোৰ পৰা উক্ত বৃহৎ পৰিমাণৰ গুলীৰ কাৰ্টিজসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৎপৰ্যপূৰ্ণ কথা যে খালী কাৰ্টিজৰ মাজতে ওলাইছে…

ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰে তিনিজন নিহত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: আজি দিনৰ প্ৰায় এক বজাত তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোক নিহত হৈছে৷ ৰক্ষা বন্ধন উপলক্ষে তেজপুৰৰ পক্ষীয়াঝাৰৰ পৰা ঢেকিয়াজুলিলৈ যোৱা এটা পৰিয়ালৰে তিনিজন আৰু এটি শিশুসহ পৰিয়ালটোৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ঘটনা সন্দৰ্ভত স্হানীয় বেবেজীয়া আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,আজি দিনত এএছ১২ইআৰ০৬৮০নম্বৰ ইৰিক্সাখনত বিন্দুকুৰিৰ দিশৰ পৰা বালিপুখুৰী তিনিআলি অভিমুখে আহি আছিল চালকসহ মুঠ সাতজন লোক৷ মিলনপুৰৰ ন আলিত…

অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী ৰ’দত ঢলি পৰিল

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১ আগষ্টঃ বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱত অঘটন ৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি অনুষ্ঠিত হোৱা আজাদী কা অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ তিনিখন বিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আজি প্ৰখৰ ৰ’দত ঢলি পৰাৰ ফলত চিকিৎসাধীন হ’ব লগা এক পৰিস্থিতিৰ সৃষ্টি হয় ৷উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱৰ ১ নং বচাশিমলু মধ্য ইংৰাজী বিদ্যালয়,১ নং বচাশিমলু প্ৰাথমিক বিদ্যালয়ৰ লগতে ৭৪৮ নং বচাশিমলু প্ৰাথমিক…