Browsing Category
অসম
ইক’ ক্লাৱৰ সৌজন্যত লাইফ স্কীল এডুকেশ্বন প্ৰশিক্ষণ
নাৰায়ণপুৰ,১১ আগষ্ট : গুৰুৰ প্ৰতি থকা ভক্তিয়ে ছাত্ৰ- ছাত্ৰীক জীৱন বাটত আগবঢ়ি যোৱাত সহায় কৰে।জ্যেষ্ঠক সন্মান আৰু গুৰু ভক্তিত কেতিয়াও জাত পাত বিচাৰৰ প্ৰয়োজন নাই। পৰস্পৰৰ কথা চিন্তা কৰিলেহে সুন্দৰ সুগঠিত আৰু এটা পৰিমাৰ্জিত জীৱনৰ কল্পনা কৰিব পাৰি। এই বক্তব্য শিক্ষাবিদ, সাহিত্যিক ভৰত ৰাজখোৱাৰ।আজি তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ইক' ক্লাৱৰ সৌজন্যত লাইফ স্কীল এডুকেশ্বনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি তেখেতে আত্মসচেতনতা, সহানুভূতি ফলপ্ৰসূ যোগাযোগ, আন্তঃব্যক্তিগত সম্পৰ্ক, সিদ্ধান্ত গ্ৰহণ, জটিল চিন্তা, সমস্যা সমাধান,…
তিনিচুকীয়াত ডেম্পৰ পৰা ওলাল বস্তাই বস্তাই গুলীৰ খালী কাৰ্টিজ : সজীৱ গুলীও জব্দ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আলফাই (স্বা) সংঘটিত কৰিব পৰা যিকোনো কূটাঘাতমূলক কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে আজি চহৰখনৰ নপুখুৰীৰ এটা ডেম্পৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৯ বস্তা খালী গুলীৰ কাৰ্টিজ ৷ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে বীৰেন্দ্ৰ শ্বাহ ওৰফে টি আই নামৰ লোকজনৰ ডেম্পটোৰ পৰা উক্ত বৃহৎ পৰিমাণৰ গুলীৰ কাৰ্টিজসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৎপৰ্যপূৰ্ণ কথা যে খালী কাৰ্টিজৰ মাজতে ওলাইছে…
ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰে তিনিজন নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: আজি দিনৰ প্ৰায় এক বজাত তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোক নিহত হৈছে৷ ৰক্ষা বন্ধন উপলক্ষে তেজপুৰৰ পক্ষীয়াঝাৰৰ পৰা ঢেকিয়াজুলিলৈ যোৱা এটা পৰিয়ালৰে তিনিজন আৰু এটি শিশুসহ পৰিয়ালটোৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ঘটনা সন্দৰ্ভত স্হানীয় বেবেজীয়া আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,আজি দিনত এএছ১২ইআৰ০৬৮০নম্বৰ ইৰিক্সাখনত বিন্দুকুৰিৰ দিশৰ পৰা বালিপুখুৰী তিনিআলি অভিমুখে আহি আছিল চালকসহ মুঠ সাতজন লোক৷ মিলনপুৰৰ ন আলিত…
অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী ৰ’দত ঢলি পৰিল
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১ আগষ্টঃ বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱত অঘটন ৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি অনুষ্ঠিত হোৱা আজাদী কা অমৃত মহোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ তিনিখন বিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আজি প্ৰখৰ ৰ’দত ঢলি পৰাৰ ফলত চিকিৎসাধীন হ’ব লগা এক পৰিস্থিতিৰ সৃষ্টি হয় ৷উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বৰছলা বিধান সভা সমষ্টিৰ ১নং বচাশিমলু গাঁৱৰ ১ নং বচাশিমলু মধ্য ইংৰাজী বিদ্যালয়,১ নং বচাশিমলু প্ৰাথমিক বিদ্যালয়ৰ লগতে ৭৪৮ নং বচাশিমলু প্ৰাথমিক…
পৰৱৰ্তী মুখ্য সচিব হ’ব পৱন বৰঠাকুৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উত্তৰাধিকাৰী হ'ব বৰ্তমান অতিৰিক্ত মুখ্য সচিব ৰূপে কৰ্মৰত পৱন বৰঠাকুৰ। ৩১ আগষ্টত মুখ্য সচিবৰ কাৰ্যকাল অন্ত পৰিলেও বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অতিৰিক্তভাৱে দায়িত্ব পালন কৰি থকা এপিডিচিএলৰ অধ্যক্ষ হিচাপে অহা দুটা বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি যাব। বৃহস্পতিবাৰে ৰাজভৱনে জাৰি কৰা জাননী যোগে এই কথা সদৰি কৰা হৈছে। উল্লেখ যে ট্ৰান্সফৰমেছন, ডেভেলপমেন্ট আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা পৱন বৰঠাকুৰক এতিয়াৰ পৰাই…
তেজপুৰৰ পৰা অৰুণাচললৈ ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ ৭৫ জনীয়া চাইকেল ৰেলী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ আগষ্ট : ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ কৰ্পছে আজি শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া এটা দলে চাইকেল ৰেলি আৰম্ভ কৰে। আজাদি কা অমৃত মহোৎসৱ পালনৰ উদ্দেশ্যে সেনাৰ এই চাইকেল আৰোহীৰ দলটোত অংশগ্ৰহণ কৰে সেনাৰ উপৰি ইন্দু তিব্বতীয়ান পুলিচ, সশস্ত্ৰ সীমা বল আৰু স্থানীয় লোকৰ দলটো ১৩ আগষ্টত অৰুণাচল প্ৰদেশৰ বালিমূহত ৰাজ্যপাল আৰু গজৰাজ কৰ্পছ জি অ চি য়ে আদৰণি জনাব বুলি জানিবলৈ দিয়ে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে.কৰ্ণেল এ এছ ৱালিয়াই । দলটো শোণিতপুৰ জিলাৰ সেনাৰ মিছমাৰী ঘাটিৰ…
অসম-অৰুণাচল সীমা বিবাদ অন্ত পৰাৰ দিশে : মন্ত্রী অতুল বৰাৰ সংবাদমেল
দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱকলৈ বিবাদ আছে। ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে মন্ত্রী অতুল বৰাৰ পৰ্যালোচনা বৈঠক।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ অসম আৰু অৰুণাচল…
মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি মুকলি কৰিলে ৮৩ খন বেচিক লাইফ চাপ’ৰ্ট এম্বুলেঞ্চ
অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ। আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ অসমৰ স্বাস্থ্য খণ্ডত আজি নতুনকৈ সংযোজিত হ'ল ৮৩ খন বেচিক লাইফ চাপ'ৰ্ট (বি এল এছ) এম্বুলেঞ্চ। উল্লেখ্য যে অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে ইয়াৰে ৮৩ খন বি এল…
তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে,এইবাৰ মূল্যায়নত তেজপুৰ বিশ্ববিদ্যালয়ে চাৰি পইন্টৰ মাত্ৰাৰ ভিতৰত ৩.৪১পইন্ট অৰ্জন কৰে, যিটো বিশ্ববিদ্যালয়খনে পূৰ্বে লাভ কৰা পইন্টতকৈ অধিক৷ স্মৰ্ত্তব্য যে যোৱা পহিলা আগষ্টৰ পৰা তিনি আগষ্টত নাকৰ ছয়জনীয়া দলে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ সকলো দিশ পৰ্যবেক্ষণ…
তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষ তথা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক ব্যক্তি সমবেত হোৱা, ৰাজহুৱা স্থানত সভা-সমিতি, প্ৰতিবাদী সমদল, ধৰ্ণা তথা জনসমাৱেশ অনুষ্ঠিত কৰা, মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত চলা-ফুৰা কৰা, চৰকাৰী, অৰ্ধচৰকাৰী, ব্যক্তিগত আৱাসৰ দেৱাল তথা চৌহদত বেনাৰ-পষ্টাৰ আদি লগোৱা, কোনো অভব্য-অভিযোগাত্মক শব্দ তথা বাণী লিখাৰ ক্ষেত্ৰত বাধা…
