Browsing Category

অসম

পৰৱৰ্তী মুখ্য সচিব হ’ব পৱন বৰঠাকুৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উত্তৰাধিকাৰী হ'ব বৰ্তমান অতিৰিক্ত মুখ্য সচিব ৰূপে কৰ্মৰত পৱন বৰঠাকুৰ। ৩১ আগষ্টত মুখ্য সচিবৰ কাৰ্যকাল অন্ত পৰিলেও বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অতিৰিক্তভাৱে দায়িত্ব পালন কৰি থকা এপিডিচিএলৰ অধ্যক্ষ হিচাপে অহা দুটা বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰি যাব। বৃহস্পতিবাৰে ৰাজভৱনে জাৰি কৰা জাননী যোগে এই কথা সদৰি কৰা হৈছে। উল্লেখ যে ট্ৰান্সফৰমেছন, ডেভেলপমেন্ট আৰু সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি থকা পৱন বৰঠাকুৰক এতিয়াৰ পৰাই…

তেজপুৰৰ পৰা অৰুণাচললৈ ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ ৭৫ জনীয়া চাইকেল ৰেলী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ আগষ্ট : ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ কৰ্পছে আজি শোণিতপুৰ জিলাৰ ঠাকুৰবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ বালিমূহলৈ সেনাৰ ৭৫ জনীয়া এটা দলে চাইকেল ৰেলি আৰম্ভ কৰে।  আজাদি কা অমৃত মহোৎসৱ পালনৰ উদ্দেশ্যে সেনাৰ এই চাইকেল আৰোহীৰ দলটোত অংশগ্ৰহণ কৰে সেনাৰ উপৰি ইন্দু তিব্বতীয়ান পুলিচ, সশস্ত্ৰ সীমা বল আৰু স্থানীয় লোকৰ দলটো ১৩ আগষ্টত অৰুণাচল প্ৰদেশৰ বালিমূহত ৰাজ্যপাল আৰু গজৰাজ কৰ্পছ জি অ চি য়ে আদৰণি জনাব বুলি জানিবলৈ দিয়ে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে.কৰ্ণেল এ এছ ৱালিয়াই । দলটো শোণিতপুৰ জিলাৰ সেনাৰ মিছমাৰী ঘাটিৰ…

অসম-অৰুণাচল সীমা বিবাদ অন্ত পৰাৰ দিশে : মন্ত্রী অতুল বৰাৰ সংবাদমেল

দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱকলৈ বিবাদ আছে। ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে মন্ত্রী অতুল বৰাৰ পৰ্যালোচনা বৈঠক। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ অসম আৰু অৰুণাচল…

মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি মুকলি কৰিলে ৮৩ খন বেচিক লাইফ চাপ’ৰ্ট এম্বুলেঞ্চ

অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ। আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ অসমৰ স্বাস্থ্য খণ্ডত আজি নতুনকৈ সংযোজিত হ'ল ৮৩ খন বেচিক লাইফ চাপ'ৰ্ট (বি এল এছ) এম্বুলেঞ্চ। উল্লেখ্য যে অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে ইয়াৰে ৮৩ খন বি এল…

তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে,এইবাৰ মূল্যায়নত তেজপুৰ বিশ্ববিদ্যালয়ে চাৰি পইন্টৰ মাত্ৰাৰ ভিতৰত ৩.৪১পইন্ট অৰ্জন কৰে, যিটো বিশ্ববিদ্যালয়খনে পূৰ্বে লাভ কৰা পইন্টতকৈ অধিক৷ স্মৰ্ত্তব্য যে যোৱা পহিলা আগষ্টৰ পৰা তিনি আগষ্টত নাকৰ ছয়জনীয়া দলে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ সকলো দিশ পৰ্যবেক্ষণ…

তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষ তথা প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক ব্যক্তি সমবেত হোৱা, ৰাজহুৱা স্থানত সভা-সমিতি, প্ৰতিবাদী সমদল, ধৰ্ণা তথা জনসমাৱেশ অনুষ্ঠিত কৰা, মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত চলা-ফুৰা কৰা, চৰকাৰী, অৰ্ধচৰকাৰী, ব্যক্তিগত আৱাসৰ দেৱাল তথা চৌহদত বেনাৰ-পষ্টাৰ আদি লগোৱা, কোনো অভব্য-অভিযোগাত্মক শব্দ তথা বাণী লিখাৰ ক্ষেত্ৰত বাধা…

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উত্তৰণৰ বাবে ন্যূনতম দহকোটি টকা অনুমোদনৰ দাবী ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

শতাব্দ প্ৰতিনিধি, মাজুলী,১০ আগষ্টঃ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাজুলী মিলন সংঘ কমলাবাৰীত কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠিত হয়। অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে ৷ ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সংপৃক্তহৈ মাজুলীখন উজ্জ্বলাই তুলিবলৈ আহ্বান জনাইছে উপাচাৰ্য গৰাকীয়ে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য…

অৱশেষত মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনা নায়কে। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ আগষ্টঃ অৱশষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক।…

চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। প্রতি কেজি অর্থডক্স চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। চাহ বাগিচাতে শ্রমিকসকলক ৰেচন প্ৰদানৰ সুবিধার্থে সুলভ মূল্যৰ দোকানৰঅনুজ্ঞাপত্ৰ ল’বৰ বাবে বাগিচা কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ আহ্বান। শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১০ আগষ্টঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ…

সত্তৰোৰ্ধৰ ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগত অগপৰ তিনিচুকীয়া জিলাৰ সভাপতিক আটক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : এজন সত্তৰোৰ্ধৰ ব্যক্তিক পথত মাৰপিট কৰাৰ গুৰুতৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰিছে অসম গণ পৰিষদ (অগপ) দলৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণক ৷ তিনিচুকীয়া আৰক্ষীৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে ৷ উল্লেখ্য যে অগপৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণৰ বিৰুদ্ধে পিতৃক মাৰপিটৰ অভিযোগ তুলি মঙ্গলবাৰে প্ৰয়াগ দৰ্শন কাশ্যপ নামৰ যুৱকজনে সদৰ থানাত অভিযোগ দাখিল কৰিছিল ৷ সেই অনুসৰি কালি দিনৰ প্ৰায় ১.৩০ বজাত চহৰখনৰ গেলাপুখুৰী অঞ্চল নিবাসী উদীপ শৰ্মা নামৰ প্ৰায় ৭৩ বছৰ বয়সীয়া ব্যক্তিজনে অগপ কাৰ্য্যালয়ৰ…