Browsing Category

অসম

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উত্তৰণৰ বাবে ন্যূনতম দহকোটি টকা অনুমোদনৰ দাবী ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

শতাব্দ প্ৰতিনিধি, মাজুলী,১০ আগষ্টঃ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাজুলী মিলন সংঘ কমলাবাৰীত কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠিত হয়। অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে ৷ ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সংপৃক্তহৈ মাজুলীখন উজ্জ্বলাই তুলিবলৈ আহ্বান জনাইছে উপাচাৰ্য গৰাকীয়ে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য…

অৱশেষত মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনা নায়কে। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ আগষ্টঃ অৱশষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক।…

চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

চাহ খণ্ডৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। প্রতি কেজি অর্থডক্স চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। চাহ বাগিচাতে শ্রমিকসকলক ৰেচন প্ৰদানৰ সুবিধার্থে সুলভ মূল্যৰ দোকানৰঅনুজ্ঞাপত্ৰ ল’বৰ বাবে বাগিচা কৰ্তৃপক্ষক মুখ্যমন্ত্ৰীৰ আহ্বান। শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১০ আগষ্টঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ…

সত্তৰোৰ্ধৰ ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগত অগপৰ তিনিচুকীয়া জিলাৰ সভাপতিক আটক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : এজন সত্তৰোৰ্ধৰ ব্যক্তিক পথত মাৰপিট কৰাৰ গুৰুতৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰিছে অসম গণ পৰিষদ (অগপ) দলৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণক ৷ তিনিচুকীয়া আৰক্ষীৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে ৷ উল্লেখ্য যে অগপৰ তিনিচুকীয়া জিলাৰ সভাপতি জ্যোতিমণি মৰাণৰ বিৰুদ্ধে পিতৃক মাৰপিটৰ অভিযোগ তুলি মঙ্গলবাৰে প্ৰয়াগ দৰ্শন কাশ্যপ নামৰ যুৱকজনে সদৰ থানাত অভিযোগ দাখিল কৰিছিল ৷ সেই অনুসৰি কালি দিনৰ প্ৰায় ১.৩০ বজাত চহৰখনৰ গেলাপুখুৰী অঞ্চল নিবাসী উদীপ শৰ্মা নামৰ প্ৰায় ৭৩ বছৰ বয়সীয়া ব্যক্তিজনে অগপ কাৰ্য্যালয়ৰ…

তিনিচুকীয়াৰ বৌদ্ধ বিহাৰৰ পৰা আটক ভিক্ষুবেশী সন্দেহজনক নাগৰিক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : বৌদ্ধ ভিক্ষুৰ বেশেৰে সমাজৰ চকুত ধূলি মাৰি তিনিচুকীয়া চহৰৰ কলেজ ৰ’ডস্থিত বৌদ্ধ বিহাৰত প্ৰায় দুবছৰ দিন বাস কৰি অহা এজন সন্দেহজনক নাগৰিকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে নিজৰ পৰিচয় ৪২ বছৰ বয়সীয়া ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱা বুলি প্ৰদান কৰি অহা ধৃত সন্দেহজনক নাগৰিকজনৰ নথিপত্ৰত তেওঁৰ ঠিকনা ত্ৰিপুৰাৰ ধলাই জিলাৰ চাইলেংটা আৰক্ষী থানাৰ অধীনৰ মাইনামা অঞ্চল নিবাসী প্ৰয়াত বংগ মিত্ৰ বৰুৱাৰ পুত্ৰ বুলি উল্লেখ আছিল ৷ কিন্তু কিছুকাল পূৰ্বে এই ব্যক্তিজনৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ…

জনতা ভৱনত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ আগষ্টঃ সেউজ শক্তিৰ উৎস ব্যৱহাৰ কৰি পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক প্ৰয়োজনীয় শক্তিৰে সৱলীকৃত কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। উল্লেখ যে অসমত মুঠ ১০০০ মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা হ'ব। এন এল চি…

গুৱাহাটীত বিদ্যালয়সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ

গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ ১০ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। এতিয়াৰে পৰা বিদ্যালয় সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত আজি নিৰ্দেশনা জাৰি কৰা হয়। উল্লেখ্য যে গুৱাহাটীত বিগত কিছুদিনৰ পৰা প্ৰচণ্ড গৰম পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈয়ে শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে। গুৱাহাটীত চৰকাৰী বিদ্যালয়ৰ লগতে প্ৰতিখন বেচৰকাৰী বিদ্যালয়ে এই নিৰ্দেশনা মানি চলিব লাগিব। কামৰূপ মেট্ৰ’…

তেজপুৰত আবৃত্তি সম্ৰাট, অসম আন্দোলনৰ অগ্ৰদূত প্ৰণৱ বৰাক স্মৰণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ আগষ্ট : অসমৰ আবৃত্তি সম্ৰাট হিচাপে পৰিচিত, ঐতিহাসিক অস্তিত্ত্বৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম অগ্ৰদূত প্ৰণৱ বৰাৰ স্মৃতিত আজি  বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কবিতা আবৃত্তিৰে জীপাল কৰিলে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয় প্ৰাংগণ। উল্লেখ্য যে, আবৃত্তি কলাক নিজৰ সুললিত কন্ঠেৰে জনমুখী কৰি তোলাৰ ক্ষেত্ৰত এসময়ত তেজপুৰৰ পৰা ৰাজ্যজুৰি "বিজয় ডংকা" ৰে সাংস্কৃতিক অভিযান আৰম্ভ কৰি ৰাজ্যবাসীৰ অন্তৰ জিনা, প্ৰণৱ বৰাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাই…

ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ ওপৰত আলফা, এনএছচিএনৰ আক্ৰমণ : জেচিঅ’ আহত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : শান্তি প্ৰক্ৰিয়া ব্যৰ্থ হোৱাৰ ইংগিত দি সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই (স্বা) সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ পাছত ১৫ আগষ্টলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি ধলপুৱাতে ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় আলফা আৰু নগা বিদ্ৰোহী সংগঠন এনএছচিএনৰ সৈতে নিৰাপত্তা বাহিনীৰ তুমুল সংঘৰ্ষ ৷ জানিব পৰা মতে আজি পুৱা প্ৰায় ৪.৪৪ বজাত ভাৰত-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্ত্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু-পাছত ১৯ আছাম ৰাইফলছৰ শিবিৰৰ পৰা মাত্ৰ কেইশমিটাৰমান নিলগত আছাম…

লখিমপুৰত সঘনাই বিদ্যুৎ কৰ্তনঃ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহেৰে আছুৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ আগষ্টঃ বিগত কিছুদিন ধৰি উত্তৰ লখিমপুৰ সংমণ্ডলে লখিমপুৰত নিয়মীয়া ভাৱে বিদ্যুৎ সংযোগ দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে লখিমপুৰত সঘনাই বিদ্যুৎ কৰ্তন কৰি অহাৰ ফলত গ্ৰাহক সকলে দুৰ্ভোগ ভুগি অহাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিশেষ অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ জিলাখনত বিদ্যুৎ সেৱা নিয়মীয়াকৰণৰ দাবীত আজি এনেদৰে আছুৱে বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজিৰ এই কাৰ্যসূচীত…