Browsing Category

অসম

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ স্কুল উদ্বোধন

গুৱাহাটী, ৯ আগষ্ট: বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান 'এমট্ৰন ড্ৰোণ স্কুল' আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ অধীনৰ প্ৰতিষ্ঠান এমট্ৰনৰ দ্বাৰা পৰিচালিত গুৱাহাটী টেক চিটি প্ৰকল্পৰ অংশ হিচাপে এই ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠানটি স্থাপন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মহানিৰ্দেশালয় (ডিজিচিএ)-এ ইতিমধ্যে এমট্ৰন ড্ৰোণ স্কুলক ৰিমোট পাইলট অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ…

তিনিচুকীয়াৰ বাৰেকুৰিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুষ্প্ৰাপ্য হলৌৰ মৃত্যু : সংখ্যা ১৮ টালৈ হ্ৰাস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গড় লৈ উঠা তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত কালি পুনৰ মৃত্যু ঘটিল এটা প্ৰায় ১৪ বছৰীয়া হলৌ বান্দৰৰ ৷ ইয়াৰ লগে লগে বৃহত্তৰ বাৰেকুৰি অঞ্চলত কেইবাটাও পৰিয়ালত বিভক্ত হৈ থকা ১৯ টা হলৌ বান্দৰ ১৮ টালৈ হ্ৰাস পোৱাৰ বাবে শোক প্ৰকাশ কৰিছে বাৰেকুৰিবাসীয়ে ৷ জানিব পৰা মতে কালি পুৱাৰ ভাগত বাৰেকুৰিৰ যজ্ঞোখোৱা গাঁৱত উদ্ধাৰ হয় মতা হলৌ বান্দৰটোৰ মৃতদেহ ৷ শৰীৰত প্ৰত্যক্ষ কৰা আঘাতৰ দাগ দেখি অন্য পৰিয়ালৰ হলৌ বান্দৰৰ লগত সংঘাত হোৱাৰ সময়ত…

১৫ আগষ্টত আলফাৰ অসম বন্ধক কেন্দ্ৰ কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

উত্তৰ লখিমপুৰ,৯ আগষ্ট : মালিক চীনক সন্তুষ্ট কৰিবৰ বাবে গোলামৰূপী আলফাই এইবাৰ অসমত স্বাধীনতা দিৱস বৰ্জন তথা অসম বন্ধৰ আহ্বান দিছে।-- এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। আজি এক বিবৃতিত এই মন্তব্য কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে সম্প্ৰতি নচলা পইচাত পৰিণত হোৱা আলফা(স্বা) এ চীনৰ আশ্ৰিত হৈ চীনৰ কূটনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে অসমত অশান্তি বিয়পাবলৈ এসোপামান অন্তসাৰশূন্য মন্তব্যৰে অসম বন্ধ ঘোষণা কৰাটো হাস্যকৰ। চীনে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কূটনৈতিক কৌশল হিচাপে টাইৱানক বিপদৰ সময়ত…

লায়ন্স ক্লাৱ লখিমপুৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ কাৰ্যকৰী সমিতি গঠন

উত্তৰ লখিমপুৰ, ৮ আগষ্ট: উত্তৰ লখিমপুৰ লীলাবাৰী মৈত্ৰী আশ্ৰমত ৭ আগষ্টত লায়ন্স ডাঃ উপেন্দ্ৰ নাথ দত্তৰ দ্বাৰা লায়ন্স ক্লাব লখিমপুৰৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ বাবে নৱনিৰ্বাচিত সমিতিৰ সদস্যসকলক শপত গ্ৰহণ কৰাই তেওঁলোকৰ কৰণীয় দায়িত্বসমূহ সুন্দৰকৈ বুজাই দিয়ে৷ প্ৰেৰণাৰ নৱনিৰ্বাচিত সভানেত্ৰী লায়ন জ্যোৎস্না বৰবৰুৱা, উপসভানেত্ৰী লায়ন মন্দিৰা হাজৰিকা, সম্পাদিকা লায়ন উৰ্মিলা দিনোডিয়া, কোষাধ্যক্ষা লায়ন সংগীতা পাটোৱাৰী আৰু বৰ্ড অৱ ডাইৰেক্টৰছ দায়িত্ব অৰ্পণ কৰা হয় লায়ন ডাঃ অৰ্পনা দত্ত, লায়ন জুবিন জেৰিণ আখতাৰ বৰুৱা, লায়ন জ্যেৎস্না মেদক, লায়ন ভাৰতী…

তেজপুৰত চৰকাৰী চাউলৰ চোৰাং বজাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯আগষ্টঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী  ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া তথা কটকীচুবুৰী নিবাসী ৰঞ্জিত কটকীয়ে তেওঁৰ পত্নী পলি ডেকাৰ  নামত থকা সুলভ মূল্যৰ দোকানৰ  সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই অহা চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ বিৰুদ্ধে আজি আৰক্ষীয়ে এক অভিযান চলাই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় দুই বজাত মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এই অভিযানত মুঠ ২০বস্তা চাউল জব্দ কৰাৰ লগতে গাঁওবুঢ়া কটকী আৰু তেওঁৰ সহযোগী বিপুল দাসক কৰায়ত্ত কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,প্ৰতিটো বস্তাতে থকা চাউলৰ পৰিমাণ আছিল ৫০কিলোগ্ৰাম আৰু সেই অনুসৰি মুঠ…

লখিমপুৰত প্ৰচণ্ড ধুমুহা বতাহত তচ নচ ঘৰ-দুৱাৰ : নিহত ১ : বিদ্যুৎ ব্যাহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ আগষ্ট : আজি পুৱা প্রায় ৩ বজাত অহা এজাক প্রচণ্ড ধুমুহা বতাহ বৰষুণে লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰে। ধুমুহা বতাহৰ ফলত প্ৰকাণ্ড প্রকাণ্ড গছ উভালি পৰাত আজি সন্ধিয়া পর্যন্ত নগৰখনৰ লগতে উক্ত অঞ্চলসমূহত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। ধুমুহা বতাহৰ ফলত বিদ্যুৎ পৰিবাহী খুটা উভালি পৰাৰ লগতে তাঁৰত গছ-গছনি পৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ইফালে লখিমপুৰৰ সমীপৱৰ্তী ডিজু গ্রান্টত বাসগৃহত গছ উভালি পৰাৰ ফলত তনচিলা নাগ নামৰ এজন লোকৰ থিতাতে মৃত্যু হয়। সৌভাগ্যক্রমে একেটা গৃহতে থকা তেওঁৰ…

গহপুৰৰ জ্যেষ্ঠ সাংবাদিক মমিন কুমাৰ দাসৰ অকাল বিয়োগ, শোক

শতাব্দ প্ৰতিবেদক, গহপুৰ, ৮ আগষ্টঃ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুৰ নগৰৰ হলনা গাঁৱৰ নিবাসী মমিন কুমাৰ দাসৰ (৪৮) আজি বিয়লি দুই বজাত নিজ বাসগৃহত অকাল বিয়োগ ঘটাত গহপুৰত শোকৰ ছাঁ পৰিছে। সাংবাদিক গৰাকী যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। উল্লেখ্য যে ১৯৯৯ চনতে " আজিৰ অসম " কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা দাসে পৰৱৰ্তী সময়ত "আমাৰ অসম " কাকতৰ গহপুৰৰ বিশেষ সংবাদদাতা হিচাপে দুটা দশকৰো অধিক কাল সংবাদ সেৱা আগবঢ়াইছিল। কিছুদিনৰ বাবে মমিন কুমাৰ দাসে "ফ্ৰন্টিয়াৰ টিভি"ৰ স্থানীয় সংবাদদাতা হিচাপেও সেৱা…

বালিয়ে পোতা এখন গাঁৱৰ কথা

বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈখনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে ।কিন্তু বাৰিষাৰ কালছোৱাত নৈখন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈখনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই…

নৰ্থ লখিমপুৰ কলেজ আৰু সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত আলোচনা-সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ  ভাৰতীয় সাহিত্য অকাডেমী আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আজি  ‘অসমীয়া গদ্য লিখন কৌশলৰ বিৱৰ্তন’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ সম্পন্ন হৈ যায়৷ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে প্ৰিয়ংকা হাজৰিকা আৰু প্ৰেৰণা চমুৱাই৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই সভাপতিত্ব কৰা আৰু দৰ্শন বিভাগৰ মুৰব্বী ড॰ বৰ্ণালী বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশীয়ে৷ এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাহিত্য অকাদেমিৰ কলকাতাস্থিত আঞ্চলিক কাৰ্যালয়ৰ অনুষ্ঠান প্ৰাধিকাৰী…

অসম্পূৰ্ণ নামঘৰঃ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৭আগষ্টঃ বিহগুৰি উন্নয়ন খণ্ড আৰু পঞ্চম একাংশত উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ অঞ্চলত এটা ৰাজহুৱা নামঘৰ নিৰ্মাণকলৈ সংঘটিত অনিয়মে ক্ষোভিত কৰিছে স্হানীয় ৰাইজক৷ কাঠৰ কেঞ্চিৰ মাজত বাঁহৰ কেঞ্চি লগোৱা তথা পাতল টিনপাত লগোৱা এই নামঘৰটোৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই টি‍নপাতত বিন্ধা ওলোৱাৰ লগতে এই পৰ্যন্ত নামঘৰৰ চালিখনৰ কামো সম্পূৰ্ণ হৈ উঠা নাই৷ উল্লেখযোগ্য যে,দুৰ্নীতি আৰু বঞ্চনাৰ ঘাটিত পৰিণত হোৱা দুই নম্বৰ গাভৰু…