Browsing Category
অসম
তিনিচুকীয়াৰ বৌদ্ধ বিহাৰৰ পৰা আটক ভিক্ষুবেশী সন্দেহজনক নাগৰিক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ আগষ্ট : বৌদ্ধ ভিক্ষুৰ বেশেৰে সমাজৰ চকুত ধূলি মাৰি তিনিচুকীয়া চহৰৰ কলেজ ৰ’ডস্থিত বৌদ্ধ বিহাৰত প্ৰায় দুবছৰ দিন বাস কৰি অহা এজন সন্দেহজনক নাগৰিকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে নিজৰ পৰিচয় ৪২ বছৰ বয়সীয়া ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱা বুলি প্ৰদান কৰি অহা ধৃত সন্দেহজনক নাগৰিকজনৰ নথিপত্ৰত তেওঁৰ ঠিকনা ত্ৰিপুৰাৰ ধলাই জিলাৰ চাইলেংটা আৰক্ষী থানাৰ অধীনৰ মাইনামা অঞ্চল নিবাসী প্ৰয়াত বংগ মিত্ৰ বৰুৱাৰ পুত্ৰ বুলি উল্লেখ আছিল ৷ কিন্তু কিছুকাল পূৰ্বে এই ব্যক্তিজনৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ…
জনতা ভৱনত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ আগষ্টঃ সেউজ শক্তিৰ উৎস ব্যৱহাৰ কৰি পৰিস্থিতিতন্ত্ৰ বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক প্ৰয়োজনীয় শক্তিৰে সৱলীকৃত কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীত এন এল চি ইণ্ডিয়া লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। উল্লেখ যে অসমত মুঠ ১০০০ মেগাৱাট সৌৰ শক্তি উৎপাদন কৰা হ'ব। এন এল চি…
গুৱাহাটীত বিদ্যালয়সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ
গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ ১০ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। এতিয়াৰে পৰা বিদ্যালয় সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত আজি নিৰ্দেশনা জাৰি কৰা হয়। উল্লেখ্য যে গুৱাহাটীত বিগত কিছুদিনৰ পৰা প্ৰচণ্ড গৰম পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈয়ে শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে। গুৱাহাটীত চৰকাৰী বিদ্যালয়ৰ লগতে প্ৰতিখন বেচৰকাৰী বিদ্যালয়ে এই নিৰ্দেশনা মানি চলিব লাগিব। কামৰূপ মেট্ৰ’…
তেজপুৰত আবৃত্তি সম্ৰাট, অসম আন্দোলনৰ অগ্ৰদূত প্ৰণৱ বৰাক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ আগষ্ট : অসমৰ আবৃত্তি সম্ৰাট হিচাপে পৰিচিত, ঐতিহাসিক অস্তিত্ত্বৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম অগ্ৰদূত প্ৰণৱ বৰাৰ স্মৃতিত আজি বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কবিতা আবৃত্তিৰে জীপাল কৰিলে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয় প্ৰাংগণ। উল্লেখ্য যে, আবৃত্তি কলাক নিজৰ সুললিত কন্ঠেৰে জনমুখী কৰি তোলাৰ ক্ষেত্ৰত এসময়ত তেজপুৰৰ পৰা ৰাজ্যজুৰি "বিজয় ডংকা" ৰে সাংস্কৃতিক অভিযান আৰম্ভ কৰি ৰাজ্যবাসীৰ অন্তৰ জিনা, প্ৰণৱ বৰাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাই…
ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ ওপৰত আলফা, এনএছচিএনৰ আক্ৰমণ : জেচিঅ’ আহত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : শান্তি প্ৰক্ৰিয়া ব্যৰ্থ হোৱাৰ ইংগিত দি সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো আলফাই (স্বা) সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ পাছত ১৫ আগষ্টলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি ধলপুৱাতে ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হয় আলফা আৰু নগা বিদ্ৰোহী সংগঠন এনএছচিএনৰ সৈতে নিৰাপত্তা বাহিনীৰ তুমুল সংঘৰ্ষ ৷ জানিব পৰা মতে আজি পুৱা প্ৰায় ৪.৪৪ বজাত ভাৰত-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্ত্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু-পাছত ১৯ আছাম ৰাইফলছৰ শিবিৰৰ পৰা মাত্ৰ কেইশমিটাৰমান নিলগত আছাম…
লখিমপুৰত সঘনাই বিদ্যুৎ কৰ্তনঃ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহেৰে আছুৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ আগষ্টঃ বিগত কিছুদিন ধৰি উত্তৰ লখিমপুৰ সংমণ্ডলে লখিমপুৰত নিয়মীয়া ভাৱে বিদ্যুৎ সংযোগ দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে লখিমপুৰত সঘনাই বিদ্যুৎ কৰ্তন কৰি অহাৰ ফলত গ্ৰাহক সকলে দুৰ্ভোগ ভুগি অহাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিশেষ অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ জিলাখনত বিদ্যুৎ সেৱা নিয়মীয়াকৰণৰ দাবীত আজি এনেদৰে আছুৱে বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজিৰ এই কাৰ্যসূচীত…
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ স্কুল উদ্বোধন
গুৱাহাটী, ৯ আগষ্ট: বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান 'এমট্ৰন ড্ৰোণ স্কুল' আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ অধীনৰ প্ৰতিষ্ঠান এমট্ৰনৰ দ্বাৰা পৰিচালিত গুৱাহাটী টেক চিটি প্ৰকল্পৰ অংশ হিচাপে এই ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠানটি স্থাপন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মহানিৰ্দেশালয় (ডিজিচিএ)-এ ইতিমধ্যে এমট্ৰন ড্ৰোণ স্কুলক ৰিমোট পাইলট অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ…
তিনিচুকীয়াৰ বাৰেকুৰিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দুষ্প্ৰাপ্য হলৌৰ মৃত্যু : সংখ্যা ১৮ টালৈ হ্ৰাস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ আগষ্ট : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গড় লৈ উঠা তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত কালি পুনৰ মৃত্যু ঘটিল এটা প্ৰায় ১৪ বছৰীয়া হলৌ বান্দৰৰ ৷ ইয়াৰ লগে লগে বৃহত্তৰ বাৰেকুৰি অঞ্চলত কেইবাটাও পৰিয়ালত বিভক্ত হৈ থকা ১৯ টা হলৌ বান্দৰ ১৮ টালৈ হ্ৰাস পোৱাৰ বাবে শোক প্ৰকাশ কৰিছে বাৰেকুৰিবাসীয়ে ৷ জানিব পৰা মতে কালি পুৱাৰ ভাগত বাৰেকুৰিৰ যজ্ঞোখোৱা গাঁৱত উদ্ধাৰ হয় মতা হলৌ বান্দৰটোৰ মৃতদেহ ৷ শৰীৰত প্ৰত্যক্ষ কৰা আঘাতৰ দাগ দেখি অন্য পৰিয়ালৰ হলৌ বান্দৰৰ লগত সংঘাত হোৱাৰ সময়ত…
১৫ আগষ্টত আলফাৰ অসম বন্ধক কেন্দ্ৰ কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া
উত্তৰ লখিমপুৰ,৯ আগষ্ট : মালিক চীনক সন্তুষ্ট কৰিবৰ বাবে গোলামৰূপী আলফাই এইবাৰ অসমত স্বাধীনতা দিৱস বৰ্জন তথা অসম বন্ধৰ আহ্বান দিছে।-- এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। আজি এক বিবৃতিত এই মন্তব্য কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে সম্প্ৰতি নচলা পইচাত পৰিণত হোৱা আলফা(স্বা) এ চীনৰ আশ্ৰিত হৈ চীনৰ কূটনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে অসমত অশান্তি বিয়পাবলৈ এসোপামান অন্তসাৰশূন্য মন্তব্যৰে অসম বন্ধ ঘোষণা কৰাটো হাস্যকৰ। চীনে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কূটনৈতিক কৌশল হিচাপে টাইৱানক বিপদৰ সময়ত…
লায়ন্স ক্লাৱ লখিমপুৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ কাৰ্যকৰী সমিতি গঠন
উত্তৰ লখিমপুৰ, ৮ আগষ্ট: উত্তৰ লখিমপুৰ লীলাবাৰী মৈত্ৰী আশ্ৰমত ৭ আগষ্টত লায়ন্স ডাঃ উপেন্দ্ৰ নাথ দত্তৰ দ্বাৰা লায়ন্স ক্লাব লখিমপুৰৰ প্ৰেৰণাৰ ২০২২-২৩ চনৰ বাবে নৱনিৰ্বাচিত সমিতিৰ সদস্যসকলক শপত গ্ৰহণ কৰাই তেওঁলোকৰ কৰণীয় দায়িত্বসমূহ সুন্দৰকৈ বুজাই দিয়ে৷ প্ৰেৰণাৰ নৱনিৰ্বাচিত সভানেত্ৰী লায়ন জ্যোৎস্না বৰবৰুৱা, উপসভানেত্ৰী লায়ন মন্দিৰা হাজৰিকা, সম্পাদিকা লায়ন উৰ্মিলা দিনোডিয়া, কোষাধ্যক্ষা লায়ন সংগীতা পাটোৱাৰী আৰু বৰ্ড অৱ ডাইৰেক্টৰছ দায়িত্ব অৰ্পণ কৰা হয় লায়ন ডাঃ অৰ্পনা দত্ত, লায়ন জুবিন জেৰিণ আখতাৰ বৰুৱা, লায়ন জ্যেৎস্না মেদক, লায়ন ভাৰতী…
