Browsing Category

অসম

তেজপুৰত চৰকাৰী চাউলৰ চোৰাং বজাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯আগষ্টঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী  ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া তথা কটকীচুবুৰী নিবাসী ৰঞ্জিত কটকীয়ে তেওঁৰ পত্নী পলি ডেকাৰ  নামত থকা সুলভ মূল্যৰ দোকানৰ  সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই অহা চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ বিৰুদ্ধে আজি আৰক্ষীয়ে এক অভিযান চলাই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় দুই বজাত মহাভৈৰৱ আৰক্ষীয়ে চলোৱা এই অভিযানত মুঠ ২০বস্তা চাউল জব্দ কৰাৰ লগতে গাঁওবুঢ়া কটকী আৰু তেওঁৰ সহযোগী বিপুল দাসক কৰায়ত্ত কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,প্ৰতিটো বস্তাতে থকা চাউলৰ পৰিমাণ আছিল ৫০কিলোগ্ৰাম আৰু সেই অনুসৰি মুঠ…

লখিমপুৰত প্ৰচণ্ড ধুমুহা বতাহত তচ নচ ঘৰ-দুৱাৰ : নিহত ১ : বিদ্যুৎ ব্যাহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ আগষ্ট : আজি পুৱা প্রায় ৩ বজাত অহা এজাক প্রচণ্ড ধুমুহা বতাহ বৰষুণে লখিমপুৰ নগৰৰ লগতে ইয়াৰ আশে-পাশে বিভিন্ন অঞ্চলত ক্ষতিসাধন কৰে। ধুমুহা বতাহৰ ফলত প্ৰকাণ্ড প্রকাণ্ড গছ উভালি পৰাত আজি সন্ধিয়া পর্যন্ত নগৰখনৰ লগতে উক্ত অঞ্চলসমূহত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। ধুমুহা বতাহৰ ফলত বিদ্যুৎ পৰিবাহী খুটা উভালি পৰাৰ লগতে তাঁৰত গছ-গছনি পৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ইফালে লখিমপুৰৰ সমীপৱৰ্তী ডিজু গ্রান্টত বাসগৃহত গছ উভালি পৰাৰ ফলত তনচিলা নাগ নামৰ এজন লোকৰ থিতাতে মৃত্যু হয়। সৌভাগ্যক্রমে একেটা গৃহতে থকা তেওঁৰ…

গহপুৰৰ জ্যেষ্ঠ সাংবাদিক মমিন কুমাৰ দাসৰ অকাল বিয়োগ, শোক

শতাব্দ প্ৰতিবেদক, গহপুৰ, ৮ আগষ্টঃ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা গহপুৰ নগৰৰ হলনা গাঁৱৰ নিবাসী মমিন কুমাৰ দাসৰ (৪৮) আজি বিয়লি দুই বজাত নিজ বাসগৃহত অকাল বিয়োগ ঘটাত গহপুৰত শোকৰ ছাঁ পৰিছে। সাংবাদিক গৰাকী যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। উল্লেখ্য যে ১৯৯৯ চনতে " আজিৰ অসম " কাকতৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰা দাসে পৰৱৰ্তী সময়ত "আমাৰ অসম " কাকতৰ গহপুৰৰ বিশেষ সংবাদদাতা হিচাপে দুটা দশকৰো অধিক কাল সংবাদ সেৱা আগবঢ়াইছিল। কিছুদিনৰ বাবে মমিন কুমাৰ দাসে "ফ্ৰন্টিয়াৰ টিভি"ৰ স্থানীয় সংবাদদাতা হিচাপেও সেৱা…

বালিয়ে পোতা এখন গাঁৱৰ কথা

বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈখনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে ।কিন্তু বাৰিষাৰ কালছোৱাত নৈখন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈখনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই…

নৰ্থ লখিমপুৰ কলেজ আৰু সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত আলোচনা-সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ  ভাৰতীয় সাহিত্য অকাডেমী আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আজি  ‘অসমীয়া গদ্য লিখন কৌশলৰ বিৱৰ্তন’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ সম্পন্ন হৈ যায়৷ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে প্ৰিয়ংকা হাজৰিকা আৰু প্ৰেৰণা চমুৱাই৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই সভাপতিত্ব কৰা আৰু দৰ্শন বিভাগৰ মুৰব্বী ড॰ বৰ্ণালী বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশীয়ে৷ এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সাহিত্য অকাদেমিৰ কলকাতাস্থিত আঞ্চলিক কাৰ্যালয়ৰ অনুষ্ঠান প্ৰাধিকাৰী…

অসম্পূৰ্ণ নামঘৰঃ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৭আগষ্টঃ বিহগুৰি উন্নয়ন খণ্ড আৰু পঞ্চম একাংশত উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ অঞ্চলত এটা ৰাজহুৱা নামঘৰ নিৰ্মাণকলৈ সংঘটিত অনিয়মে ক্ষোভিত কৰিছে স্হানীয় ৰাইজক৷ কাঠৰ কেঞ্চিৰ মাজত বাঁহৰ কেঞ্চি লগোৱা তথা পাতল টিনপাত লগোৱা এই নামঘৰটোৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই টি‍নপাতত বিন্ধা ওলোৱাৰ লগতে এই পৰ্যন্ত নামঘৰৰ চালিখনৰ কামো সম্পূৰ্ণ হৈ উঠা নাই৷ উল্লেখযোগ্য যে,দুৰ্নীতি আৰু বঞ্চনাৰ ঘাটিত পৰিণত হোৱা দুই নম্বৰ গাভৰু…

আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীৰ সেৱাৰ ক্ষেত্ৰত “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন” ৰ আদৰণীয় পদক্ষেপ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ আগষ্টঃ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ ভৱনতে অচিৰেই গঢ়ি উঠিব "দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন" ৰ এটা কেন্দ্ৰ। আজি তেজপুৰত দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ প্ৰতিষ্ঠা লগ্নৰ সদস্য তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই কথা ঘোষণা কৰে "দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন" ৰ এক বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত। উল্লেখ্য যে, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে পৰিষদৰ ভৱনত ফাউণ্ডেছন ৰ দ্বাৰা মহিলা কৰ্কট ৰোগীৰ…

তেজপুৰৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ অধিবেশন সম্পন্ন

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ আগষ্টঃ “জীৱনত নিজে অৰ্জা জ্ঞান আনক বিলাই দিব লাগে, সেয়া শিক্ষিত বা অশিক্ষিত তেনে নহয় সকলোৱে এটা নিৰ্দিষ্ট বয়সত জ্ঞান আহৰণ কৰে।”তেজপুৰৰ  মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনত অংশ গ্ৰহণ কৰি প্ৰবীন নাট্যকাৰ পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে এইদৰে কয়। তেওঁ ভাষণত কয় যে, জ্যেষ্ঠসকলে নিজে দুখ কষ্ট সহ্য কৰিও আনক ৰক্ষা কৰা আৰু আনন্দ দিয়ে। বিশিষ্ট নাট্যকাৰ পৰিচালক তথা লিখক  কাকতিয়ে জ্যেষ্ঠসকলে আত্ম মৰ্যাদা ৰক্ষা কৰি চলিব লাগে বুলি উল্লেখ কৰি সকলো পৰিবেশতে সকলো সম্ভৱ নহয় বুলি উল্লেখ কৰে। তেওঁ…

১৩ আগষ্টত শোণিতপুৰত লোক আদালত

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ আগষ্টঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ আগষ্টত শোণিতপুৰ জিলা আদালত প্ৰাংগনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে বাকীজাই গোচৰ, ভূমি অধিগ্রহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক লোন গোচৰ, বি. এচ. এন. এল., বিদ্যুত বিলৰ গোচৰ, শ্রমিক সম্পৰ্কীয় গোচৰ ইত্যাদি গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ উদ্দেশ্যে লোক আদালত আয়োজন কৰা হ'ব। উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ…

বৰছলাত শীঘ্ৰেই উচ্ছেদ চলিব:বিধায়ক পদ্ম

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: “খিলঞ্জীয়াৰ বাবে কৃষিভূমি উদ্ধাৰৰ স্বাৰ্থত চৰ-চাপৰিত পুনৰাই উচ্ছেদ চলিব৷ সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা কৃষিভূমি কাঢ়ি আনি গতাই দিয়া হ'ব খিলঞ্জীয়াক৷”--বেদখলকাৰীক উচ্ছেদ প্ৰসংগত পুনৰ আজি তেজপুৰত এইদৰে মন্তব্য কৰে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷ উল্লেখ্য যে, তেজপুৰ কনভেনচন চেন্টাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপিৰ সহযোগী সংগঠন কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি বিধায়ক হাজৰিকাই লগতে কয় যে,গৰুখুঁটিৰ দৰে বৰছলাত অচিৰেই উচ্ছেদ চলিব৷ তাৰ…