Browsing Category
অসম
আৰ্থিক ভাবে পিছপৰা কৰ্কট ৰোগীৰ সেৱাৰ ক্ষেত্ৰত “দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন” ৰ আদৰণীয় পদক্ষেপ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ আগষ্টঃ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ ভৱনতে অচিৰেই গঢ়ি উঠিব "দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন" ৰ এটা কেন্দ্ৰ। আজি তেজপুৰত দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ প্ৰতিষ্ঠা লগ্নৰ সদস্য তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই কথা ঘোষণা কৰে "দ্বিপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেছন" ৰ এক বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত। উল্লেখ্য যে, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে পৰিষদৰ ভৱনত ফাউণ্ডেছন ৰ দ্বাৰা মহিলা কৰ্কট ৰোগীৰ…
তেজপুৰৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ অধিবেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ আগষ্টঃ “জীৱনত নিজে অৰ্জা জ্ঞান আনক বিলাই দিব লাগে, সেয়া শিক্ষিত বা অশিক্ষিত তেনে নহয় সকলোৱে এটা নিৰ্দিষ্ট বয়সত জ্ঞান আহৰণ কৰে।”তেজপুৰৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনত অংশ গ্ৰহণ কৰি প্ৰবীন নাট্যকাৰ পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে এইদৰে কয়। তেওঁ ভাষণত কয় যে, জ্যেষ্ঠসকলে নিজে দুখ কষ্ট সহ্য কৰিও আনক ৰক্ষা কৰা আৰু আনন্দ দিয়ে। বিশিষ্ট নাট্যকাৰ পৰিচালক তথা লিখক কাকতিয়ে জ্যেষ্ঠসকলে আত্ম মৰ্যাদা ৰক্ষা কৰি চলিব লাগে বুলি উল্লেখ কৰি সকলো পৰিবেশতে সকলো সম্ভৱ নহয় বুলি উল্লেখ কৰে। তেওঁ…
১৩ আগষ্টত শোণিতপুৰত লোক আদালত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ আগষ্টঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ আগষ্টত শোণিতপুৰ জিলা আদালত প্ৰাংগনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে বাকীজাই গোচৰ, ভূমি অধিগ্রহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক লোন গোচৰ, বি. এচ. এন. এল., বিদ্যুত বিলৰ গোচৰ, শ্রমিক সম্পৰ্কীয় গোচৰ ইত্যাদি গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ উদ্দেশ্যে লোক আদালত আয়োজন কৰা হ'ব। উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ…
বৰছলাত শীঘ্ৰেই উচ্ছেদ চলিব:বিধায়ক পদ্ম
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: “খিলঞ্জীয়াৰ বাবে কৃষিভূমি উদ্ধাৰৰ স্বাৰ্থত চৰ-চাপৰিত পুনৰাই উচ্ছেদ চলিব৷ সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা কৃষিভূমি কাঢ়ি আনি গতাই দিয়া হ'ব খিলঞ্জীয়াক৷”--বেদখলকাৰীক উচ্ছেদ প্ৰসংগত পুনৰ আজি তেজপুৰত এইদৰে মন্তব্য কৰে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই৷ উল্লেখ্য যে, তেজপুৰ কনভেনচন চেন্টাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপিৰ সহযোগী সংগঠন কৃষক মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি বিধায়ক হাজৰিকাই লগতে কয় যে,গৰুখুঁটিৰ দৰে বৰছলাত অচিৰেই উচ্ছেদ চলিব৷ তাৰ…
গণিত-বিজ্ঞান ইংৰাজীত :আদৰণি ভৱেশ কলিতাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭আগষ্ট: সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰয়োজনৰ বাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল দুটা বিষয় গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যম কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই৷ তেওঁ এই বিষয়ত মাত মতাসকলক ছাত্ৰ বুলি অভিহিত কৰি নিজকে ছাত্ৰ নহয় বুলি মন্তব্য কৰি লগতে আছু বা আন জাতীয় সংগঠনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা বাদ দি জাতিটোৰ কথাহে চিন্তা কৰিব লাগে বুলিও কয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ বটামাৰীস্হিত কনভেনচন কেন্দ্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে…
তেজপুৰত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়াৰূপী ধেমাজিৰ পংকজ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: নিজকে অসম আৰক্ষীৰ এজন আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি,আৰক্ষীৰ পোচাকত তেজপুৰৰ পথত যোৱা নিশা তালাচী চলোৱা পংকজ হাজৰিকা(২৮)নামৰ এক দাগী প্ৰৱঞ্চকক কৰায়ত্ত কৰিছে স্হানীয় মহাভৈৰৱ আৰক্ষীয়ে৷ এই ঘটনাৰ পাছতে অভিযুক্ত পংকজে বিগত সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত এনে দুস্কাৰ্য চলাই যোৱা বহু ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে,যোৱা নিশা প্ৰায় ৭-৩০বজাত সম্পূৰ্ণ আৰক্ষীৰ ভেশত পৰোৱা চাৰিআলিত উপস্থিত হয়হি এইজন প্ৰৱঞ্চক৷ বেফিকিৰ ভাবে ইয়াতে দায়িত্ব পালন কৰি থকা যানবাহন শাখাৰ আৰক্ষীক নিজকে মহাভৈৰৱ আৰক্ষী চকীত…
লখিমপুৰত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ৬আগষ্ট : অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া 'অৰুণোদয় মাহ' উপলক্ষে আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত তেওঁ কয় যে অসমৰ ২০ লাখ দৰিদ্ৰ মহিলাক উপকৃত কৰাৰ উদ্দেশ্যে ২০২০ চনৰ বাজেটত অৰুণোদয় আঁচনি গ্ৰহণ কৰা হৈছিল। মহিলাসকলৰ পৰিপুষ্টি সুনিশ্চিত কৰি আৰ্থিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে এই আঁচনিখনক ভেটি হিচাপে গ্ৰহণ কৰা হৈছিল। তেওঁ কয় যে দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা…
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাফাই কৰ্মীৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬আগষ্ট: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ইয়াৰ চাফাইকৰ্মীসকলে তেওঁলোকক নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ মাপোনা আৰু ডাষ্টাৰ নামৰ দুই নিয়োগকাৰী প্ৰতিষ্ঠানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্হায়ীভাৱে চাফাইকৰ্মী নিয়োগ কৰি আহিছে৷ কিন্তু ডাষ্টাৰ নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত কৰ্মৰত চাফাইকৰ্মী সকল৷ ডাষ্টাৰৰ বিৰুদ্ধে স্বজনতোষণ চলোৱাৰ অভিযোগ উত্থাপন কৰি চাফাইকৰ্মীসকলে প্ৰকাশ কৰে যে এই প্ৰতিষ্ঠানটোৱে…
নামনি মাজুলীত অঘটনঃ বুটমাহ, মাটি কঁঠাল খাই অসুস্থ আশীজন
প্ৰাক্তন বিধায়ক, সমাজকৰ্মী যোগেশ্বৰ দলেৰ স্মৃতি দিৱসত বুটমাহ, মাটিকঁঠাল খোৱা সকলো লোক বিষক্ৰিয়াত আক্ৰান্ত : ১৮ জন গুৰতৰ ভাৱে অসুস্থ : এজনক লখিমপুৰ আৰু তিনিজনক যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ
শতাব্দ প্ৰতিনিধি, মাজুলী, ৬ আগষ্ট : মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ মহৰিচুক গাঁৱত বুটমাহ আৰু মাটি কঁঠাল খাই প্ৰায় আশীজন লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে । ইয়াৰে ১৮ জন মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে আৰু ৬০ গৰাকী নিজৰ ঘৰতে চিকিৎসাধীন হৈ আছে । গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা মিনতি দলে (৪০)ক আজি বিয়লি…
