Browsing Category
অসম
টাৱাঙত জব্দকৃত ইন্ধনৰ টেংকাৰকলৈ ৰহস্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ৬আগষ্ট: ৰাজ্যৰ পৰা অৰুণাচল প্ৰদেশলৈ গুৰুত্বপূৰ্ণ কাৰণত সৰবৰাহ হোৱা মূল্যৱান ইন্ধন এটা চক্ৰই গোপনে ক’লা বজাৰত বিক্ৰী কৰাৰ এক আশংকা বৃদ্ধি পাইছে৷ বিষয়টোকলৈ সেনাৰ আৰক্ষী তথা টাৱাং আৰক্ষীয়ে শেহতীয়া এক অনুসন্ধান আৰম্ভ কৰা বিষয়েও জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে,এনে এক ঘটনাৰ বাবেই শেহতীয়াকৈ এন এল ০১ এএ৭৬৪৪ নম্বৰৰ টেংকাৰখনত প্ৰায় ১২হেজাৰ লিটাৰ ইন্ধন লৈ টাৱাঙলৈ গৈছিল চাৰিদিন পূৰ্বে৷ এক সূত্ৰই প্ৰকাশ কৰা মতে ইয়াত সেনাৰ বাবে প্ৰয়োজনীয় ইন্ধন কঢ়িয়াই নিয়া হৈছিল৷ কিন্তু সেই ইন্ধন নিৰ্দিষ্ট স্হানলৈ নিয়াৰ পৰিৱৰ্তে…
ৰঙাপৰাত ভাৰতীয় সেনা ব্লিজিং স্কোৱাৰ্ড ডিভিজনৰ উদ্যোগত ক্ষুদ্র মাৰাথন
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৬ আগষ্ট: স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মিছামাৰী ব্লিজিং স্কোৱাৰ্ড ডিভিজনে ৰঙাপৰাৰ ঠাকুৰবাৰী মিলিটেৰী ষ্টেচনত আজি পুৱা ৬ বজাত ১০ কি:মি:ৰ ক্ষুদ্র মাৰাথনৰ আয়োজন কৰে। য'ত বৰজুলী উচ্চ মাধ্যমিক বিদ্যালয়, গ্ৰীনডেল বিদ্যালয়, চেভেন চিচটাৰ, চন্দ্ৰপ্ৰভা হিন্দী হাইস্কুল, কদমতল উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্র সকলে অংশগ্রহণ কৰে। মুখ্য অতিথি ষোল্ল জাট ৰেজিমেন্টৰ কমান অধিকাৰী কৰ্নেল আশীষ সিং মেহতাই মাৰাথনৰ পতাকা দেখাই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। ৭৫ তম স্বাধীনতা দিৱসৰ অমৃত…
“স্বাধীনতা দিৱস”ত সৰ্বাত্মক বন্ধৰ আহ্বান আলফা স্বাধীনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্টঃ পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰৰ ১৫ আগষ্টৰ "স্বাধীনতা দিৱস"ত সৰ্বাত্মক বন্ধৰ আহ্বান দিছে আলফাই। সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ লগতে এন এছ চি এন/জি পি আৰ এনে এক যৌথ বিবৃতিত অসম, নাগাভূমি, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ত ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ই মেইলযোগে প্ৰেৰণ কৰা বিবৃতিত কৈছে যে "কভিড ১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে আমাৰ পশ্চিম-দক্ষিণ পূব এচিয়া অঞ্চলৰ আৰ্থ সামাজিক দিশত কোঙা কৰাৰ উপৰি এনে সময়তে হাজাৰ হাজাৰ থলগিৰি কৃষিজীৱী…
ভোট বৰ্জনেই অন্তিম বিকল্প শোণিতপুৰৰ বৰছলা সমষ্টিৰ দুইনম্বৰ নতুন ঘগৰাৰ ৰইজৰ বাবে
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৫আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত এটা অঞ্চল দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট৷বেছেৰীয়া পাম, তেজপুৰ পাম আদিকৰি এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰে এশ শতাংশই থলুৱা লোকে৷ বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত এই অঞ্চলৰ ৰাইজৰ মনত ক্ষোভৰ অগ্নি জলিছে চৰকাৰী বঞ্চনাৰ বাবে৷ দেশৰ স্বাধীনতাৰ পাছৰ পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এই অঞ্চলৰ সহস্ৰাধিক লোকৰ ভিতৰত শতাধিক এনে পৰিয়াল আছে যাৰ থাকিবলৈ ঘৰৰ নামত জৰাজীৰ্ণ চাৰিখন বেৰৰ বিপৰীতে বাঁহৰে কোনোমতে পৰি নোযোৱাকৈ ধৰি থকা আধা টিনপাতৰ…
শোণিতপুৰত লোক কল্যাণ দিৱস পালন
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লোক কল্যাণ দিৱস উদযাপন কৰা হয়। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আবকাৰী, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী, ডলী চুৰিন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৰবী শইকীয়া, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী বাতাশ ওৰাং, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, উপায়ুক্ত কাৰ্যালয়ৰ…
“হাতী আৰু ফান্দি” ৰে সামৰণি পৰিল তেজপুৰৰ বাণ থিয়েটাৰৰ নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫ আগষ্টঃ তেজপুৰলৈ নাটক কৰিবলৈ আহিব লাগিব বুলি ভাবিয়েই যথেষ্ট ভয় লাগিছিল। তাতে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত নাটক কৰিবলৈ আহি ভয়ে ভয়ে মঞ্চত উঠিছিলোঁ। কিন্তু নাটক চলি থকা সময়ত অভূতপূৰ্ব ৰুচিশীল দৰ্শকৰ সঁহাৰিত সেই ভয় নোহোৱা হ'ল বুলি কালি নিশা বাণ থিয়েটাৰৰ মঞ্চত সাংবাদিকৰ সন্মুখত মন্তব্য কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। উল্লেখ্য যে, যোৱা ৩১ জুলাইৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট…
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলত মুখ্যমন্ত্রীৰ শ্ৰদ্ধাঞ্জলি নিবেদন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৫ আগষ্টঃ অসমক গ্ৰুপিঙৰ জৰিয়তে পূৱ পাকিস্তানৰ অন্তৰ্ভুক্তিৰ পৰা ৰক্ষা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি মৃত্যু তিথি। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসক অসম চৰকাৰৰ কেবিনেটত লোক কল্যাণ দিৱস হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰিয়েই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা লোক কল্যাণ দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰদলৈৰ নৱগ্ৰহস্থিত সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁ চৰকাৰী কাৰ্যসূচীত…
মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটীত কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন
শতাব্দ, প্ৰতিনিধি গুৱাহাটী,৫ আগষ্টঃ সমগ্ৰ দেশত কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যা, নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীৰ ওপৰত জি এছ টি জাপি দিয়াৰ বিৰুদ্ধে গুৱাহাটীতো অসম প্ৰদেশ কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ডঃ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জি এচ টি প্ৰত্যাহাৰ কৰক, নিবনুবা সমস্যা সমাধান কৰক আদি শ্ল'গান দি প্ৰতিকী ৰূপত হাতে হাতে গেছৰ ছিলিণ্ডাৰ লৈ ৰাজভৱন দিশে আগবাঢ়িবলৈ লওঁতে…
শোণিতপুৰ জিলা মহিলা ফুটবল লীগ
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫আগষ্টঃ শোণিতপুৰ আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল লীগৰ আজি সামৰি পৰিছে। লখৰা স্হিত অসম ৰাইফলছৰ খেলপথাৰত যোৱা ২৫ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই লগীখনত মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰিছিল। অসম ৰাইফলচ, ৰঙাপাৰা কলেজ, সোনাবিল চাহবাগিচা ফুটবল দল, জে এন ফুটবল একাদশ আৰু ঢেকিয়াজুলী ফুটবল বল একাদশে অংশ গ্ৰহণ কৰা এই মহিলা ফুটবল লীগৰ অদমনীয় প্ৰদৰ্শনৰে আটাইকেইখন খেলতে জয়লাভ কৰি আসাম ৰাইফলছ দলে লীগৰ পইন্ট তালিকাৰ শীৰ্ষ দল হিচাপে খিতাপ অৰ্জন কৰে৷ শীৰ্ষ দলটোৱে ঘোনোচা দেবী সোঁৱৰণী বঁটা আৰু তালিকাৰ দ্বিতীয় দল সোনাবিল চাহ…
কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি তেজপুৰত
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫আগষ্টঃ সমগ্ৰ দেশৰ লগতে তেজপুৰতো আজি মহান এই যুগৰ অন্যতম মাৰ্ক্সবাদী চিন্তানায়ক, এছ ইউ চি আই(কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি কৰা হয়। এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি পুৱা দহ বজাত নিকামূল চাৰিআলিৰ পৰা গোটলংস্থিত দলৰ কাৰ্যালয়লৈকে সুসজ্জিত টেবলো আৰু কমচোমল বাহিনীৰ পেৰেড সহ দলৰ শতাধিক কৰ্মী-সমৰ্থকৰ এক শোভাযাত্ৰা উলিওৱা হয়।দলৰ কাৰ্যালয় প্ৰাংগনত ৰক্ত পতাকা উত্তোলন আৰু শিৱদাস ঘোষৰ প্ৰতিকৃতিত মাল্যদান কৰে দলৰ জিলা সম্পাদক…
