Browsing Category

অসম

গণিত-বিজ্ঞান ইংৰাজীত :আদৰণি ভৱেশ কলিতাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭আগষ্ট: সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰয়োজনৰ বাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল দুটা বিষয় গণিত আৰু বিজ্ঞানক ইংৰাজী মাধ্যম কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই৷ তেওঁ এই বিষয়ত মাত মতাসকলক ছাত্ৰ বুলি অভিহিত কৰি নিজকে ছাত্ৰ নহয় বুলি মন্তব্য কৰি লগতে আছু বা আন জাতীয় সংগঠনে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা বাদ দি জাতিটোৰ কথাহে চিন্তা কৰিব লাগে বুলিও কয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ বটামাৰীস্হিত কনভেনচন কেন্দ্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে…

তেজপুৰত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়াৰূপী ধেমাজিৰ পংকজ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: নিজকে অসম আৰক্ষীৰ এজন আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি,আৰক্ষীৰ পোচাকত তেজপুৰৰ পথত যোৱা নিশা তালাচী চলোৱা পংকজ হাজৰিকা(২৮)নামৰ এক দাগী প্ৰৱঞ্চকক কৰায়ত্ত কৰিছে স্হানীয় মহাভৈৰৱ আৰক্ষীয়ে৷ এই ঘটনাৰ পাছতে অভিযুক্ত পংকজে বিগত সময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত এনে দুস্কাৰ্য চলাই যোৱা বহু ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে,যোৱা নিশা প্ৰায় ৭-৩০বজাত সম্পূৰ্ণ আৰক্ষীৰ ভেশত পৰোৱা চাৰিআলিত উপস্থিত হয়হি এইজন প্ৰৱঞ্চক৷ বেফিকিৰ ভাবে ইয়াতে দায়িত্ব পালন কৰি থকা যানবাহন শাখাৰ আৰক্ষীক নিজকে মহাভৈৰৱ আৰক্ষী চকীত…

লখিমপুৰত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৬আগষ্ট : অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া 'অৰুণোদয় মাহ' উপলক্ষে আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত তেওঁ কয় যে অসমৰ ২০ লাখ দৰিদ্ৰ মহিলাক উপকৃত কৰাৰ উদ্দেশ্যে ২০২০ চনৰ বাজেটত অৰুণোদয় আঁচনি গ্ৰহণ কৰা হৈছিল। মহিলাসকলৰ পৰিপুষ্টি সুনিশ্চিত কৰি আৰ্থিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে এই আঁচনিখনক ভেটি হিচাপে গ্ৰহণ কৰা হৈছিল। তেওঁ কয় যে দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা…

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাফাই কৰ্মীৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬আগষ্ট: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ইয়াৰ চাফাইকৰ্মীসকলে তেওঁলোকক নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বহিঃৰাজ্যৰ মাপোনা আৰু ডাষ্টাৰ নামৰ দুই নিয়োগকাৰী প্ৰতিষ্ঠানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্হায়ীভাৱে চাফাইকৰ্মী নিয়োগ কৰি আহিছে৷ কিন্তু ডাষ্টাৰ নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত কৰ্মৰত চাফাইকৰ্মী সকল৷ ডাষ্টাৰৰ বিৰুদ্ধে স্বজনতোষণ চলোৱাৰ অভিযোগ উত্থাপন কৰি চাফাইকৰ্মীসকলে প্ৰকাশ কৰে যে এই প্ৰতিষ্ঠানটোৱে…

নামনি মাজুলীত অঘটনঃ বুটমাহ, মাটি কঁঠাল খাই অসুস্থ আশীজন

প্ৰাক্তন বিধায়ক, সমাজকৰ্মী যোগেশ্বৰ দলেৰ স্মৃতি দিৱসত বুটমাহ, মাটিকঁঠাল খোৱা সকলো লোক বিষক্ৰিয়াত আক্ৰান্ত : ১৮ জন গুৰতৰ ভাৱে অসুস্থ : এজনক লখিমপুৰ আৰু তিনিজনক যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ শতাব্দ প্ৰতিনিধি, মাজুলী, ৬ আগষ্ট : মাজুলী জিলাৰ নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ মহৰিচুক গাঁৱত বুটমাহ আৰু মাটি কঁঠাল খাই প্ৰায় আশীজন লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে । ইয়াৰে ১৮ জন মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে আৰু ৬০ গৰাকী নিজৰ ঘৰতে চিকিৎসাধীন হৈ আছে । গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা মিনতি দলে (৪০)ক আজি বিয়লি…

টাৱাঙত জব্দকৃত ইন্ধনৰ টেংকাৰকলৈ ৰহস্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ৬আগষ্ট: ৰাজ্যৰ পৰা অৰুণাচল প্ৰদেশলৈ গুৰুত্বপূৰ্ণ কাৰণত সৰবৰাহ হোৱা মূল্যৱান ইন্ধন এটা চক্ৰই গোপনে ক’লা বজাৰত বিক্ৰী কৰাৰ এক আশংকা বৃদ্ধি পাইছে৷ বিষয়টোকলৈ সেনাৰ আৰক্ষী তথা টাৱাং আৰক্ষীয়ে শেহতীয়া এক অনুসন্ধান আৰম্ভ কৰা বিষয়েও জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে,এনে এক ঘটনাৰ বাবেই শেহতীয়াকৈ এন এল ০১ এএ৭৬৪৪ নম্বৰৰ টেংকাৰখনত প্ৰায় ১২হেজাৰ লিটাৰ ইন্ধন লৈ টাৱাঙলৈ গৈছিল চাৰিদিন পূৰ্বে৷ এক সূত্ৰই প্ৰকাশ কৰা মতে ইয়াত সেনাৰ বাবে প্ৰয়োজনীয় ইন্ধন কঢ়িয়াই নিয়া হৈছিল৷ কিন্তু সেই ইন্ধন নিৰ্দিষ্ট স্হানলৈ নিয়াৰ পৰিৱৰ্তে…

ৰঙাপৰাত ভাৰতীয় সেনা ব্লিজিং স্কোৱাৰ্ড ডিভিজনৰ উদ্যোগত ক্ষুদ্র মাৰাথন

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৬ আগষ্ট: স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মিছামাৰী ব্লিজিং স্কোৱাৰ্ড ডিভিজনে ৰঙাপৰাৰ ঠাকুৰবাৰী মিলিটেৰী ষ্টেচনত আজি পুৱা ৬ বজাত ১০ কি:মি:ৰ ক্ষুদ্র মাৰাথনৰ আয়োজন কৰে। য'ত বৰজুলী উচ্চ মাধ্যমিক বিদ্যালয়, গ্ৰীনডেল বিদ্যালয়, চেভেন চিচটাৰ, চন্দ্ৰপ্ৰভা হিন্দী হাইস্কুল, কদমতল উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্র সকলে অংশগ্রহণ কৰে। মুখ্য অতিথি ষোল্ল জাট ৰেজিমেন্টৰ কমান অধিকাৰী কৰ্নেল আশীষ সিং মেহতাই মাৰাথনৰ পতাকা দেখাই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। ৭৫ তম স্বাধীনতা দিৱসৰ অমৃত…

“স্বাধীনতা দিৱস”ত সৰ্বাত্মক বন্ধৰ আহ্বান আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্টঃ পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰৰ ১৫ আগষ্টৰ "স্বাধীনতা দিৱস"ত সৰ্বাত্মক বন্ধৰ আহ্বান দিছে আলফাই। সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ লগতে এন এছ চি এন/জি পি আৰ এনে এক যৌথ বিবৃতিত অসম, নাগাভূমি, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ত ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ই মেইলযোগে প্ৰেৰণ কৰা বিবৃতিত কৈছে যে "কভিড ১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে আমাৰ পশ্চিম-দক্ষিণ পূব এচিয়া অঞ্চলৰ আৰ্থ সামাজিক দিশত কোঙা কৰাৰ উপৰি এনে সময়তে হাজাৰ হাজাৰ থলগিৰি কৃষিজীৱী…

ভোট বৰ্জনেই অন্তিম বিকল্প শোণিতপুৰৰ বৰছলা সমষ্টিৰ দুইনম্বৰ নতুন ঘগৰাৰ ৰইজৰ বাবে

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত এটা অঞ্চল দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট৷বেছেৰীয়া পাম, তেজপুৰ পাম আদিকৰি এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰে এশ শতাংশই থলুৱা লোকে৷ বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত এই অঞ্চলৰ ৰাইজৰ মনত ক্ষোভৰ অগ্নি জলিছে চৰকাৰী বঞ্চনাৰ বাবে৷ দেশৰ স্বাধীনতাৰ পাছৰ পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এই অঞ্চলৰ সহস্ৰাধিক লোকৰ ভিতৰত শতাধিক এনে পৰিয়াল আছে যাৰ থাকিবলৈ ঘৰৰ নামত জৰাজীৰ্ণ চাৰিখন বেৰৰ বিপৰীতে বাঁহৰে কোনোমতে পৰি নোযোৱাকৈ ধৰি থকা আধা টিনপাতৰ…