Browsing Category

অসম

শোণিতপুৰত লোক কল্যাণ দিৱস পালন

শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লোক কল্যাণ দিৱস উদযাপন কৰা হয়। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আবকাৰী, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী, ডলী চুৰিন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৰবী শইকীয়া, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী বাতাশ ওৰাং, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, উপায়ুক্ত কাৰ্যালয়ৰ…

“হাতী আৰু ফান্দি” ৰে সামৰণি পৰিল তেজপুৰৰ বাণ থিয়েটাৰৰ নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ 

শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫ আগষ্টঃ তেজপুৰলৈ নাটক কৰিবলৈ আহিব লাগিব বুলি ভাবিয়েই যথেষ্ট ভয় লাগিছিল। তাতে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত নাটক কৰিবলৈ আহি ভয়ে ভয়ে মঞ্চত উঠিছিলোঁ। কিন্তু নাটক চলি থকা সময়ত অভূতপূৰ্ব ৰুচিশীল দৰ্শকৰ সঁহাৰিত সেই ভয় নোহোৱা হ'ল বুলি কালি নিশা বাণ থিয়েটাৰৰ মঞ্চত সাংবাদিকৰ সন্মুখত মন্তব্য কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। উল্লেখ্য যে, যোৱা ৩১ জুলাইৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট…

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলত মুখ্যমন্ত্রীৰ শ্ৰদ্ধাঞ্জলি নিবেদন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৫ আগষ্টঃ অসমক গ্ৰুপিঙৰ জৰিয়তে পূৱ পাকিস্তানৰ অন্তৰ্ভুক্তিৰ পৰা ৰক্ষা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি মৃত্যু তিথি। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসক অসম চৰকাৰৰ কেবিনেটত লোক কল্যাণ দিৱস হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰিয়েই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা লোক কল্যাণ দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰদলৈৰ নৱগ্ৰহস্থিত সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁ চৰকাৰী কাৰ্যসূচীত…

মূল্যবৃদ্ধিৰ প্ৰতিবাদত গুৱাহাটীত কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন

শতাব্দ, প্ৰতিনিধি গুৱাহাটী,৫ আগষ্টঃ সমগ্ৰ দেশত কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যা, নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীৰ ওপৰত জি এছ টি জাপি দিয়াৰ বিৰুদ্ধে গুৱাহাটীতো অসম প্ৰদেশ কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ডঃ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জি এচ টি প্ৰত্যাহাৰ কৰক, নিবনুবা সমস্যা সমাধান কৰক আদি শ্ল'গান দি প্ৰতিকী ৰূপত হাতে হাতে গেছৰ ছিলিণ্ডাৰ লৈ ৰাজভৱন দিশে আগবাঢ়িবলৈ লওঁতে…

শোণিতপুৰ জিলা মহিলা ফুটবল লীগ

শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫আগষ্টঃ শোণিতপুৰ আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল লীগৰ আজি সামৰি পৰিছে। লখৰা স্হিত অসম ৰাইফলছৰ খেলপথাৰত যোৱা ২৫ জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই লগীখনত মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰিছিল। অসম ৰাইফলচ, ৰঙাপাৰা কলেজ, সোনাবিল চাহবাগিচা ফুটবল দল, জে এন ফুটবল একাদশ আৰু ঢেকিয়াজুলী ফুটবল বল একাদশে অংশ গ্ৰহণ কৰা এই মহিলা ফুটবল লীগৰ অদমনীয় প্ৰদৰ্শনৰে আটাইকেইখন খেলতে জয়লাভ কৰি আসাম ৰাইফলছ দলে লীগৰ পইন্ট তালিকাৰ শীৰ্ষ দল হিচাপে খিতাপ অৰ্জন কৰে৷ শীৰ্ষ দলটোৱে ঘোনোচা দেবী সোঁৱৰণী বঁটা আৰু তালিকাৰ দ্বিতীয় দল সোনাবিল চাহ…

কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি তেজপুৰত

শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫আগষ্টঃ সমগ্ৰ দেশৰ লগতে তেজপুৰতো আজি মহান এই যুগৰ অন্যতম মাৰ্ক্সবাদী চিন্তানায়ক, এছ ইউ চি আই(কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি কৰা হয়। এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি পুৱা দহ বজাত নিকামূল চাৰিআলিৰ পৰা গোটলংস্থিত দলৰ কাৰ্যালয়লৈকে সুসজ্জিত টেবলো আৰু কমচোমল বাহিনীৰ পেৰেড সহ দলৰ শতাধিক কৰ্মী-সমৰ্থকৰ এক শোভাযাত্ৰা উলিওৱা হয়।দলৰ কাৰ্যালয় প্ৰাংগনত ৰক্ত পতাকা উত্তোলন আৰু শিৱদাস ঘোষৰ প্ৰতিকৃতিত মাল্যদান কৰে দলৰ জিলা সম্পাদক…

তেজপুৰত কংগ্ৰেছৰ ধৰ্ণা

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৫আগষ্টঃ তেজপুৰত আজি দিনৰ প্ৰায় ১২বজাত শোণিতপুৰ জিলা কংগ্ৰেছৰ লগতে জিলা মহিলা কংগ্ৰেছ, জিলা কংগ্ৰেছৰ সেৱা দল আৰু এন এছ ইউ আই ৰ একাংশ নেতা কৰ্মীয়ে সকলো পন্য সামগ্ৰীৰে অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি ৰোধ,খাদ্য সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা জি এছ টি প্ৰত্যাহাৰ,বান আৰু গৰাখহনীয়া ৰোধ,নিবনুৱা সমস্যাৰ সমাধান,অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ আজি তেজপুৰস্হিত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দল আৰু ভাতৃ ভগ্নী সংগঠনৰ স্হানীয়…

ৰাজ্যত পুনৰ ১১ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : ৩ আগষ্ট বুধবাৰে অসমত নতুনকৈ কমেও ১১ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ (JE) ধৰা পৰে। ইয়াকে লৈ শেহতীয়া খবৰ অনুসৰি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২৬ জন। মুঠ আক্ৰান্তৰ ভিতৰত কাৰ্বি আংলঙত ৩ জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে বিশ্বনাথ, চিৰাং আৰু কামৰূপ জিলাত দুজনকৈ আৰু পশ্চিম কাৰ্বি আংলং আৰু শোণিতপুৰত এজনকৈ আক্ৰান্ত হৈছে। অৱশ্যে এই ৰোগৰ ফলত ৰাজ্যত কোনো লোক মৃত্যু হোৱাৰ নতুন খবৰ পোৱা নাই। অৰ্থাৎ মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ জনতে সীমাবদ্ধ আছে। নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ…

নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ এইগৰাকী বিশাৰদে গুৱাহাটীৰ উলুবাৰীস্থিত বাসগৃহত নিশা ১ প্ৰায় বজাত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনত গুৱাহাটী মহানগৰৰ উজানবজাত জন্ম হোৱা গৰিমা হাজৰিকাৰ সৰুৰেপৰাই আছিল শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তীব্ৰ আকৰ্ষণ। সেয়ে সত্ৰীয়া নৃত্য আৰু ওডিছী শিকি দুয়োটা নৃত্যশৈলীতে পাকৈত হৈ উঠিছিল। অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া আৰু ওডিছী নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ…

চলিত নাট্যবৰ্ষৰ বাবে সাজু হিমাদ্ৰী থিয়েটাৰ 

মুক্তাৰ আলী বাৰেবৈষ্ণৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুত যুদ্ধংদেহী তৎপততাৰে চলিছে হিমাদ্ৰী থিয়েটাৰৰ আখৰা। নাৰায়ণপুৰ মাধৱপুৰৰ নিজা আখৰাগৃহত আৰম্ভ হোৱা আখৰাত তিনিখনকৈ নাটকৰ আখৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মুখ্য প্ৰযোজক নৱজ্যেতি বুল শইকীয়া আৰু সহ:প্ৰযোজক ভাস্কৰ শইকীয়াই জানিবলৈ দিয়া মতে চলিত নাট্যবৰ্ষত তিনিখন ভিন্ন ৰুচিৰ নাটক ক্ৰমে প্ৰতুল ভূঞাৰ দেউতা তুমি দেৱতা ,ৰমা বৰ্মনৰ ৰাজা বাবু আৰু সৰলা ভূঞাৰ কাঁচিজোন ইতিমধ্যে আখৰাৰ সামৰণিলৈ আগবাঢ়িছে। স্থানীয় প্ৰতিভাধৰৰ যুৱ অভিনেতা অভিনেত্ৰীৰ লগতে নবীন প্ৰবীণ আৰু খ্যাতিসম্পন্ন…