Browsing Category

অসম

তেজপুৰত কংগ্ৰেছৰ ধৰ্ণা

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৫আগষ্টঃ তেজপুৰত আজি দিনৰ প্ৰায় ১২বজাত শোণিতপুৰ জিলা কংগ্ৰেছৰ লগতে জিলা মহিলা কংগ্ৰেছ, জিলা কংগ্ৰেছৰ সেৱা দল আৰু এন এছ ইউ আই ৰ একাংশ নেতা কৰ্মীয়ে সকলো পন্য সামগ্ৰীৰে অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি ৰোধ,খাদ্য সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা জি এছ টি প্ৰত্যাহাৰ,বান আৰু গৰাখহনীয়া ৰোধ,নিবনুৱা সমস্যাৰ সমাধান,অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৰাজ্যৰ ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ আজি তেজপুৰস্হিত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দল আৰু ভাতৃ ভগ্নী সংগঠনৰ স্হানীয়…

ৰাজ্যত পুনৰ ১১ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : ৩ আগষ্ট বুধবাৰে অসমত নতুনকৈ কমেও ১১ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ (JE) ধৰা পৰে। ইয়াকে লৈ শেহতীয়া খবৰ অনুসৰি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২৬ জন। মুঠ আক্ৰান্তৰ ভিতৰত কাৰ্বি আংলঙত ৩ জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে বিশ্বনাথ, চিৰাং আৰু কামৰূপ জিলাত দুজনকৈ আৰু পশ্চিম কাৰ্বি আংলং আৰু শোণিতপুৰত এজনকৈ আক্ৰান্ত হৈছে। অৱশ্যে এই ৰোগৰ ফলত ৰাজ্যত কোনো লোক মৃত্যু হোৱাৰ নতুন খবৰ পোৱা নাই। অৰ্থাৎ মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ জনতে সীমাবদ্ধ আছে। নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ…

নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ এইগৰাকী বিশাৰদে গুৱাহাটীৰ উলুবাৰীস্থিত বাসগৃহত নিশা ১ প্ৰায় বজাত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনত গুৱাহাটী মহানগৰৰ উজানবজাত জন্ম হোৱা গৰিমা হাজৰিকাৰ সৰুৰেপৰাই আছিল শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তীব্ৰ আকৰ্ষণ। সেয়ে সত্ৰীয়া নৃত্য আৰু ওডিছী শিকি দুয়োটা নৃত্যশৈলীতে পাকৈত হৈ উঠিছিল। অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া আৰু ওডিছী নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ…

চলিত নাট্যবৰ্ষৰ বাবে সাজু হিমাদ্ৰী থিয়েটাৰ 

মুক্তাৰ আলী বাৰেবৈষ্ণৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুত যুদ্ধংদেহী তৎপততাৰে চলিছে হিমাদ্ৰী থিয়েটাৰৰ আখৰা। নাৰায়ণপুৰ মাধৱপুৰৰ নিজা আখৰাগৃহত আৰম্ভ হোৱা আখৰাত তিনিখনকৈ নাটকৰ আখৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মুখ্য প্ৰযোজক নৱজ্যেতি বুল শইকীয়া আৰু সহ:প্ৰযোজক ভাস্কৰ শইকীয়াই জানিবলৈ দিয়া মতে চলিত নাট্যবৰ্ষত তিনিখন ভিন্ন ৰুচিৰ নাটক ক্ৰমে প্ৰতুল ভূঞাৰ দেউতা তুমি দেৱতা ,ৰমা বৰ্মনৰ ৰাজা বাবু আৰু সৰলা ভূঞাৰ কাঁচিজোন ইতিমধ্যে আখৰাৰ সামৰণিলৈ আগবাঢ়িছে। স্থানীয় প্ৰতিভাধৰৰ যুৱ অভিনেতা অভিনেত্ৰীৰ লগতে নবীন প্ৰবীণ আৰু খ্যাতিসম্পন্ন…

অস্থায়ী কৰ্ম্মীৰ চাকৰি নিয়মীাকৰণৰ দাবী পূৰণ নহ’লে আন্দোলনৰ সকীয়নি অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ৪ আগষ্ট: এপিডিচিএলত কৰ্মৰত তথা অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নে অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে তেওঁলোকৰ দাবী সমূহ মানি নল’লে আন্দোলন কৰিব বুলি সকীয়নি প্ৰদান কৰিছে।উল্লেখযোগ্য যে, বৰ্তমানে সমগ্ৰ ৰাজ্যত শক্তি বিভাগত সহায়ক, এমআৰবিচি কে ধৰি বিভিন্ন পদত প্ৰায় পাঁচ হেজাৰতকৈও অধিক অস্থায়ী…

স্বাধীনতাৰ ৭৫বছৰ পাছতো এম্বুলেন্স যাব নোৱাৰা পথটো আছে অসমতে

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪আগষ্ট:তেজপুৰৰে নিকটৱৰ্তী দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে ১০৮এম্বুলেঞ্চে।দেশে স্বাধীনতা লাভৰ ৭৫বছৰ সম্পূৰ্ণ কৰাৰ সময়ত এই অঞ্চলত আনকি প্ৰসূতীয়ে ডাংকোলাকৈ অনা অৱস্থাত বাটতে সন্তান জন্ম দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে।শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ বাঁহবাৰী গাঁওপঞ্চায়তৰ এই দুইনম্বৰ নতুন ঘগৰা গ্ৰান্ট এলেকাটোত চৰকাৰী উন্নয়নৰ নামত চলিছে কেৱল সীমাহীন দুৰ্নীতি।আৰ্থিক ভাবে দৰিদ্ৰ এই সকল লোকে যোৱা দীঘলীয়া সময়ত চৰকাৰী প্ৰতিনিধি নতুবা নিৰ্বাচিত প্ৰতিনিধিৰ পৰা লাভ…

দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্র প্ৰেৰণ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ মহাবীৰ লাচিত বৰফুকনৰ মহাপৰাক্ৰম তথা শৰাইঘাটৰ যুদ্ধত মোগলৰ আগ্ৰাসনৰ বিৰুদ্ধে লাচিত বৰফুকনৰ নেতৃত্বত ঐতিহাসিক বিজয়ে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়ৰ ধাৰা বহন কৰিছে। ২০২২ চনটো মহাবীৰ লাচিতৰ জন্মজয়ন্তীৰ ৪০০ সংখ্যক বৰ্ষ। ইতিহাসৰ এই স্বৰ্ণিল অধ্যায়ৰ বিষয়ে দেশবাসীক অধিক সজাগ আৰু সচেতন কৰাৰ আহ্বানেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মুখ্যমন্ত্ৰী ড° শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক মহাবীৰ লাচিতৰ শৌর্য-বীর্য, স্বদেশপ্রেম তথা অসমৰ…

এম এছ এম ই খণ্ডৰ বিকাশৰ বাবে আসাম স্কীল ডেভেলপমেণ্ট মিছনত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ এম এছ এম ই সমূহৰ বিকাশেৰে অসমক সমৃদ্ধিৰ এক নতুন পথত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে আজি গুৱাহাটীৰ গড়চুকস্থিত আসাম স্কীল ডেভেলপমেণ্ট মিছনত আয়োজন কৰা এক অনুষ্ঠানত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ হয়। প্ৰথমখন চুক্তি অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সৈতে ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজত হয়। এই ত্ৰিপাক্ষিক বুজাবুজি চুক্তিখনে সামগ্ৰীৰ প্ৰদৰ্শন, ৰপ্তানি আৰু  সামগ্ৰীৰ সফল বাণিজ্যকৰণৰ ক্ষেত্ৰত এম এছ এম ই সমূহক সহায় কৰিব। আনহাতে HCL Technologies…

অসমত মৌলবাদীৰ উত্থানকলৈ উদ্বিগ্ন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ অসমত সক্ৰিয় হৈ থকা তথা ভয়াৱহ ৰূপত খোপনি পোত‍া মৌলবাদী শক্তিসমূহক উৎখাত কৰাৰ ক্ষেত্রত ৰাজ্যৰ শান্তিপ্ৰিয় মুছলমানসকলৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মৌলবাদী শক্তিসমূহৰ তৎপৰতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কেতবোৰ ভয়াৱহ তথ্য সদৰি কৰে। তেওঁ কয় যে বিগত পাঁচ মাহত অসম আৰক্ষীয়ে ভাৰত উপ-মহাদেশত আল কাইদাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে। এবিটিৰ ৫…